অন্যযুগ/


ব্ৰহ্মপুত্ৰ

মূল : সুধীৰ সক্সেনা (হিন্দী)
অনুবাদ : দীপজ্যোতি বৰা

(১)

পাৰৰ শুকান বালিত ভৰি থৈ

কবিয়ে চাই থাকে নদী,

নদীয়েও অপলক চাৱনিৰে চাই থাকে কবিক;

দুয়ো নির্বাক৷

      

কবিৰ হৃদয়ত উথলি উঠে প্ৰেম

নদীৰ বুকুতো উঠে প্ৰেমৰ লহৰ,

প্ৰতিপল, অহর্নিশ, অপাৰ৷

 

কবি মুগ্ধ,

আঃ, কিমান বিশাল এই নদীৰ পাৰ !

 

ব্ৰহ্মপুত্ৰত জিল্‌মিলাই কবিৰ প্ৰতিকৃতি

ব্ৰহ্মপুত্ৰৰ বুকুত গুঞ্জৰিত হয় কবিৰ হৃদকম্পন,

কবিৰ হৃদয়তো জাগি থাকে বোৱতী ব্ৰহ্মপুত্ৰ

 

নদীয়ে ভাবে

আঃ কিমান বহল কবিৰ হৃদয়-কূল

 

(২) 

ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এতিয়াও চ্যুকাফাৰ পদচালনা

ব্ৰহ্মপুত্ৰৰ স্মৃতিস্তম্ভত মজুত থাকে চ্যুকাফাৰ শৌর্যগাঁথা

চ্যুকাফাৰ আশিস দিয়ে ব্ৰহ্মপুত্ৰই

সেই যে ব্ৰহ্মপুত্ৰৰ পানী 

মাজে মাজে ৰঙা দেখি;

সেয়া আন একো নহয়, বিস্ময় কদাপি নহয়

মাথোঁ ব্ৰহ্মপুত্ৰৰ সোঁতত পখালিব আহে চ্যুকাফাই 

ৰক্তস্নাত নিজৰ হেংদাং 

 

(৩) 

গুগলত সন্ধান কৰিলে

অথবা বিচাৰি চালে মানচিত্ৰত

পোৱা নাযায় পলাশবাৰীৰ নাম৷

কোনো ডাকোৱালে পলাশবাৰীৰ ঠিকনা নাজানে

কোনেও লব নোৱাৰে কুৰিয়াৰৰ সুবিধা

কিয়নো

পলাশবাৰী এৰাৰ আগেয়েই ব্যর্থ কৰা হৈছিল

সংযোগৰ সকলো তাঁৰ

 

পলাশবাৰীত এতিয়া নমোৱা নহয় নিমখৰ বোজা

প্ৰেৰিত নহয় চুপাৰিৰ দ

নাও-জাহাজবোৰেও ক্ৰমাৎ পাহৰিছে পলাশবাৰীক

পলাশবাৰীয়ে হেৰুৱাইছে মুগা-পাটৰ খম্‌খমীয়া গোন্ধ

ব্যর্থ হল অর্ঘ্য, অপূর্ণ কত প্ৰার্থনা

 

পলাশবাৰীত নাবাজে এতিয়া বিৱাহ বাদ্য

ধ্বনিত নহয় উৰুলিৰ জোকা

আনকি, শুনা নাযায় নাৰীৰ বিলাপো !

 

(৪)

 

নহয়,

বিমূর্ত পৃথিৱীত তুমি গণিব নোৱাৰাঁ পলাশবাৰীক

কল্পলোকৰ সতে ইয়াৰ বহু যোজন দূৰত্ব

 

বাস্তৱ আছিল পলাশবাৰী, সঁচা আছিল ইয়াৰ বৈভৱ

বিকশিত নগৰৰ চাতুর্যৰ স্মৃতিত

এতিয়াও স্পন্দিত হয়

নিস্পন্দ হোৱা পলাশবাৰী৷

 

পলাশবাৰী দ্বাৰকা নাছিল,

নাছিল কোনো সম্পর্ক তাৰ অন্য কোনো কৃষ্ণৰ সতে

যে লিখা হব মহা-আখ্যান

 

যি ব্ৰহ্মপুত্ৰই গঢ়িছিল পলাশবাৰীৰ সৌভাগ্য

সেই ব্ৰহ্মপুত্ৰতে লীন গল পলাশবাৰী

 

তুমি তাক খনন নকৰিবা

নিবিচাৰিবা পলাশবাৰীক

ঢৌতে জন্মা, ঢৌতে সমাধিস্থ হোৱা পলাশবাৰী !

ব্ৰহ্মপুত্ৰৰ কোলাহলমুখৰ ঢৌৰ বাদে

তাৰ কথা এতিয়া কোনেও নাজানে৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ