অন্যযুগ/


বছা বকুল

ৰমানন্দন বৰা

(যোৱা সংখ্যাৰ পিছৰপৰা)

দুই

ভাদমহীয়া তিথিকেইটা বছা গাঁৱৰ নামঘৰত বৰ ভাব-ভক্তিৰে পতা হয়৷ মহিলাসকলে আবেলি বেলিকা লগ হৈ নাম লয়৷ এইটো বহু বছৰ ধৰি চলি আহি এটা পৰম্পৰাৰ ৰূপ ললেহি৷ পুৰুষসকলৰ সময়ৰ অভাৱ৷ লগতে নিষ্ঠাৰো অভাৱ চাগে৷ আয়তীসকলে মাহ জুৰি নাম লয় আৰু ভাদৰ শেষ দিনটোত নামৰ সামৰণি পাতে৷ গাঁওখনত খেল আছে চাৰিটা৷ মানুহ ছকুৰি৷ আটাইকেইটা খেলৰ মানুহে একেলগে খোৱা-লোৱা নকৰে৷ মহিলাসকলে সেইবোৰ নীতি নামানিলেও হয়৷ কাৰণ মহিলাৰ সৈতে হেনো ভগৱানৰ যোগাযোগ পোনপটীয়াকৈ নহয়৷ কাৰণ তেওঁবিলাক পুৰুষৰ তলত৷ সেয়ে তেওঁলোকৰ ত্ৰুটি‍ বহু সময়ত নধৰ্তব্য৷ পুৰুষসকলে সেই ভুল কৰিব নোৱাৰে৷ কাৰণ তেওঁলোকৰ নিকপ্‌কপীয়া ভকতিত কোনো ব্যভিচাৰ সোমাবলৈ দিব নোৱাৰে৷

আইসকলে নাম লয়৷ প্ৰথম অৱস্থাত আই নাম, গোসাঁই নাম যি যেনেকৈ জানে গায়৷ নাম গোৱাটো মূল কথা নহয়৷ আটাইবোৰ মাইকী মানুহ আবেলি নামঘৰত গোট খোৱাটোহে আচল কথা৷ কত কথা থাকে... কত বতৰা! শেষেই নহয়৷ নামঘৰলৈ আহি পাই ভকতৰ সঙ্গ (আচলতে আইসকলৰ সঙ্গহে) লৈ চাহ একোটোপা খাই নামত বহে৷ আধা ঘণ্টামান চলে৷ তাৰ পাছত প্ৰসাদ, বৰ প্ৰসাদ৷ আটাইৰে পাল পতা থাকে৷ তিনি-চাৰি ঘৰ মিলি এদিনৰ পাল৷ নিজৰ পালত চাহৰ সৈতে বজাৰৰ ৰসগোল্লা বা লালমোহন একোটা দিব পৰাটো পৰম গৌৰৱৰ কথা বুলি বিৱেচিত হয়৷ খাই-বৈ সেৱা-সৎকাৰ কৰি ঘৰ আহি পায়হি মানে গৰু-গাই বান্ধিবৰে হয়হি৷ আটাইবোৰ সুন্দৰকৈ চলি আছিল৷ পাছত কোনোবা সময়ত যিকোনো নামৰ সলনি কোনোবা কোনোবাই কীৰ্তন একাধ্যা পঢ়িবলৈ ললে৷ এইভাগি কামলৈ আগ বঢ়া বেছি দিন হোৱা নাই৷ তেওজ বেলিৰ আগৰ বেলি হবলা৷ গোসাঁই শিচ ফুৰিবলৈ আহোঁতে কীৰ্তনভাগি পঢ়াৰ আজ্ঞা ললে— আইধানী শইকীয়া, বিমলা বৰা আৰু কেতেকী শইকীয়াই৷ তেতিয়াৰ পৰা সমাজত তিনিওৰে স্থান ওপৰলৈ উঠিল৷

আইধানী, বিমলা আৰু কেতেকীৰ ভিতৰত শেষৰগৰাকী এইবোৰত অলপ বেছি চোকা৷ আগৰে পৰাই তেওঁৰ মুখখন লাওপাত-কচুপাত৷ বিয়াই-পাৰ্বণে‍ নাম যুৰিবলৈ কেতেকী নহলেই নহয়৷ কেতেকীৰ উদ্যোগত বাকী দুজনীৰ সহযোগত নাৰী সমাজত সিদ্ধান্ত লোৱা হল যে সৰু-সুৰা কীৰ্তন পাঠ, ঘোষা পাঠ আদি সকামবোৰ মহিলাই নিজেই সমাপণ কৰিব৷ নহলে কিমান আৰু পাতৰ তলতীয়া হৈ থাকিব? তলে তলে কেতেকীয়ে নাম-প্ৰসঙ্গ কৰিবলৈও শিকিবলৈ ললে৷ কথাটো জানি নৰহৰি পৰমসিদ্ধ বায়নৰ গা চেবালে৷ ইহঁতক এনেকৈ উৰিবলৈ দিব নোৱাৰি৷ মহিলাই তাল কোবাই নাম গালে, তেওঁৰ নামাচাৰ্যৰ মৰ্যাদা কত থাকিব? পৰুৱাৰ পাখি গজিছে...

পৰমসিদ্ধৰ গাটো জলকীয়াই পোৰাদি পুৰিবলৈ ধৰিলে৷ ইয়াৰ ভিতৰৰ কাঁইটডাল তেওঁ অনায়াসে চিনি পালে৷ সেইজন আন কোনো নহয়— হৰেন নামাচাৰ্য৷ নৰেনহঁতৰ আৰু কাতিৰামহঁতৰ দুয়োটা খেলৰ উমৈহতীয়া নামতী৷ ঘৰ নপাম গাঁৱত৷ নামতী বিশেষণটো বৰ সন্মানজনক নহয় বুলি সকলো নামতীৰ মাজত এটা সামূহিক বিৰাগ আছে৷ সেয়ে কোনোদিন কোনেও কতো আলোচনা নকৰাকৈয়ে তেওঁলোকক নামাচাৰ্য বোলা হয়৷ এই ক্ষেত্ৰত পৰমসিদ্ধই বোলক, হৰেন নামাচাৰ্য কলিতাই বোলক বা তিকিৰাইকে বোলক সকলো একমত৷

কিন্তু সেই ঐক্য এইবাৰ নাখাটিব৷ হৰেনক গাঁও এৰুৱাবই লাগিব৷ তাৰ ছল-কৰ বেছিকৈ বাঢ়িছে৷ আৰু সুবিধা দিয়া নহব৷ পৰমসিদ্ধই এই সংকল্পৰ গুৰিত সাৰ-জাবৰ দি থাকোঁতেই এদিন দুয়োৰে মুখামুখি হল৷

হৰেন নামাচাৰ্যই নৰহৰি পৰমসিদ্ধ বায়নক দেখি চাইকেলৰ পৰা নামি নমস্কাৰ এটা কৰি মাত দিলে: প্ৰভু, কুশলে আছেনে?”

পৰমসিদ্ধই তেওঁৰ সম্ভাষণক পৰম উপেক্ষা কৰি কলেআজিকালি বাৰ মাহেই বহাগ হবলা?”

নাই প্ৰভু, কণৰ ঘৰৰ নামষাৰৰ পৰা আহিলোঁ৷

বৰ ভাল, পিছে বাহিয়াৰ ঘৰত ৰাগ টনা হল নে হবগৈ?”

: “সেইটো কথা৷ বাহিয়া কাইৰ মানুহজনী কথা-বাৰ্তা, কামে-কাজে আগবঢ়া৷ নামঘৰত কীৰ্তন পুথিও পঢ়ে বোলে৷ এদিন মোক ধৰিলে— কীৰ্তন এজনা শিকাই দিব লাগে৷ মই স্যমন্তক হৰণৰ এজনাকে অকণমান আওৰাবলৈ দিছোঁ৷

সেই কাৰণেই কৈছোঁ মিঠা মাত৷ দিনে-ৰাতিয়ে চাগে সেইটি অমিয়া মাততে বুৰ যোৱা হৈছে নহয়নে? আমি চব খবৰ পাওঁ৷ বগীবুঢ়ীৰ ওচৰলৈ যাবৰ হওঁ হওঁ এথোন৷ নে খহালেগৈবা?”

 হৰি হৰি শ্ৰীবিষ্টু এইবোৰ কি কথা কৈছে? কৃষ্ণ কৃষ্ণ... মনেৰে ভবাও পাপ৷

যি ঘটিছে তাকেই কৈছোঁ৷ ঘুনুক-ঘানাককৈ বিয়পিছে৷ ৰজন্‌জনোৱা নাই৷ সেইটো ভিঠা এৰিলেই মঙ্গল৷এই বুলি নৰহৰি পৰমসিদ্ধ বায়নে গোঁ-গোঁৱাই বাট বুলিলে৷ হৰেন নামাচাৰ্য কলিতা সেইখিনিতে তেনেই থৰ লাগিল৷ ফলাফল এয়ে হল যে কেতেকী শইকীয়াৰ নাম-প্ৰসঙ্গ শিকাৰ সিমানতে মুদা মৰিল৷ মহিলাসকলৰ ভাদমহীয়া নামৰ আৰম্ভণি আৰু সামৰণিত নৰহৰি পৰমসিদ্ধৰ নামষাৰ দহদহীয়া হৈ বহি ললে৷

এইবাৰো ব্যতিক্ৰম হোৱা নাই৷

ভাদ মাহৰ শেষৰ দিনটো দেওবাৰ৷ স্কুল বন্ধ৷ গতিকে গিৰীশ হাতীবৰুৱাও নাম সামৰণিলৈ গল৷ সাধাৰণতে তেওঁ নাযায়৷ প্ৰায়ে স্কুল খোলা থাকে৷ এইবাৰহে বন্ধ পাই ৰাইজৰ এজন হৈ যোগ দিলে৷ চাৰিও খেলৰ মানুহকে নিমন্ত্ৰণ কৰা হৈছে৷ ভাগে ভাগে সকলো বহিছে৷ হাতী মাচ্‌টৰেও শাৰী পূৰাই বহিছে৷

নাম-প্ৰসঙ্গ আৰম্ভ হল বৰগীতেৰে, শেষ হল উপদেশে‍ৰে৷ নৰহৰি বায়নৰ কণ্ঠ মধুৰ৷ নীতি-নিয়মবোৰ হাতীবৰুৱাই বৰ বিশেষ নাজানে৷ কিন্তু নাম গাই ভাল লাগিল৷ মনটো পাতল পাতল লাগিল৷ এটা কথাতহে তেওঁৰ মনত বৰ দোধোৰ-মোধোৰ লাগি থাকিল৷ নৰহৰি পৰমসিদ্ধ বায়ন আৰু সহযোগী দুগৰাকী ভকত নামঘৰৰ মাজত বহিল৷ আসনৰ ফালে সন্মুখ কৰি দুকাষে দুই দুই চাৰি শাৰী মানুহ বহিছে৷ তেওঁলোকতকৈ পিছৰ শাৰীত বহা ভকত-ভকতনীয়ে আসনত থকা ভগৱানক নেদেখে৷ নামৰ শেষত সেৱকী হিচাপে আইসকলে সেৱা কৰোঁতে পৰমসিদ্ধৰ পিঠিখনকে সেৱা কৰাৰ লেখিয়াহে হল৷ এইবোৰ হাতীবৰুৱাৰ মনৰ কথাহে৷ তেওঁ যিহেতু এইবোৰ সকাম-নিকামত বৰকৈ নাথাকে, গতিকে মাত মাতিবলৈও ভাল নাপালে৷

কিন্তু এটা কথাত হাতীবৰুৱাই মাত নামাতি নোৱাৰিলে৷ নৰহৰি পৰমসিদ্ধ বায়নে নাম সামৰি লাইখুঁটাৰ কাষতে নিজৰ ঢৰাখনত বহিয়েই জক্‌জকাই উঠিল৷

এই বাঁৰীজনীক আগৰ শাৰীত কোনে বহুৱালে? অশুচি মানুহ আজি নামঘৰলৈ কিয় আহিল? কোনে মাতিলে?”

নামঘৰৰ উত্তৰ দিশে পূবা-পশ্চিমাকৈ শাৰী পাতি মহিলাসকল দুশাৰীকৈ বহিছে৷ আগৰ শাৰীত বয়সিয়াল আইসকল৷ তাৰ শেষৰ ফাললৈ বহিছে পদুমী৷ বয়স পঞ্চাছ-ষাঠীৰ মাজত৷ তেনেই সাধাৰণ চাদৰ-মেখেলাযোৰ এখন পাতল চেলেঙেৰে ঢাকি ৰাখিছে৷ নৰহৰিৰ কথাত হতভম্ব পদুমী৷ মানুহজনী ৰঙা-চিঙা পৰিছে৷ আটাইবোৰৰ চকু তাইৰ ফালে৷ নৰহৰিয়ে পেন্দোৱাকৈ চাই কৈ দিব বিচাৰিছে যে পদুমী ইয়াৰ পৰা উঠি যোৱা যুগুত৷ কি কৰিব বেচেৰী পদুমীয়ে? তাইৰ দোষ কি? তাইৰ জীয়েক ৰীতামণি অজাতি লৰালৈ বিয়া হল৷ দুবছৰৰ পাছত ছমহীয়া নাতিটোক লৈ গিৰীয়েকৰ সৈতে তাই এবাৰ পদুমীৰ ঘৰলৈ আহিছিল৷ সেইটোক ডাঙৰ জগৰ বুলি আজিলৈকে পদুমীক কোনেও কোৱা নাই৷ গাঁওখনৰ গৃহস্থালি ঘৰৰ নামগোৱা সকামবোৰলৈ তাই গৈয়ে আছে৷ কোনেও আপত্তি কৰা নাই৷ তেন্তে আজি কি হলনো?

একেলগে নাম গোৱা এগৰাকী ভকতৰ বা ভকতনীৰ এনে অৱস্থা হলে বাকীসকলৰ কি ভূমিকা হব লাগে সেইটো বুজিব পৰা, বুজি কিবা এটা কৰিব পৰা হাতীবৰুৱা মাষ্টৰৰ বাদে আন এজন নাই৷ গতিকে তেৱেঁই মুখ পাতি ধৰিলে—

এখন সমাজত এনেদৰে এজন লোকক অপদস্থ কৰাটো ভাল হোৱা নাই৷ সকলোৰে দেহত একেটাই আত্মা৷ গতিকে কথাটোৰ ইমানতে সামৰণি পেলাব লাগে৷ তেওঁ বহিল যদি বহিল৷ তাত আপত্তি কৰিব নালাগে৷

সেই কথা নহয় মাচ্‌টৰ৷ সমাজ, নিয়ম-নীতি বুলি কথা এটা আছে৷ বান্ধোন এটা আছে৷ এনেকৈ বেভিচাৰী কৰিবলৈ দিব নোৱাৰি৷ তাই অশুচি৷ তাই আহিব নোৱাৰে৷”— বায়নৰ উত্তৰ৷

: “যদি অশুচি তাই কি কৰিব লাগিছিল?”

নাম এষাৰ গোৱাব লাগিব৷ তেহে শুচি হব৷

:  এতিয়ানো কি কৰিলে? নামেইতো গালে৷

:  এনেকৈ নহয়৷ তাইৰ ঘৰত, তাই সেৱকী হব লাগিব৷

:  এতিয়াও তাই সেৱকী৷ সকামৰ চান্দা তায়ো দিছে৷ দিছনে পদুমী?”

পদুমীয়ে মূৰ দুপিয়ালে৷ 

: “আৰু থাকিল তাইৰ নিজৰ ঘৰ? পদুমীৰ এটা ঘৰ আছেনে? ৰাইজেই মিলি-জুলি তাইৰ ঘৰখন সাজি দিয়ক প্ৰথমে৷ বায়েন দেউৰ বাৰীৰ পৰাই বাঁহকেইটা দিয়া হবনে?”

: “তোমাৰ নীতি শাস্ত্ৰ নচলিব, মাচ্‌টৰ৷ তুমি সমাজৰ কামত ঘুৰা মানুহ নহয়৷ তুমি নুবুজিবা৷

সমাজৰ কাম মানে? নাম গাই মাহ-প্ৰসাদ খাই ফুৰাই তোমালোকৰ সমাজৰ কাম? কি কৰিছা তোমালোকে নাম গাই গাই? তোমালোকে অশুচি বুলি ভবা দুখীয়া মানুহজনীক যদি শুচিয়েই কৰিব নোৱাৰিলা, কিহৰ নাম গালা ইমান দিনে?”

লাহে লাহে তৰ্ক বাঢ়ি গল৷ লাহে লাহে সমাজখন দুফালে ভাগ হল৷ এফাল হাতীবৰুৱাৰ সমৰ্থক, আনফাল বায়নৰ৷ বেলি লহিয়াবৰ হল৷ মাহ-প্ৰসাদ ভাগ নহল৷ হাতীবৰুৱাৰ বংশৰ মানুহখিনিয়ে তেওঁক সমৰ্থন কৰি পৰিৱেশটো বায়নৰ প্ৰতিকূল কৰি তুলিলে৷ ইফালে বায়েনৰ ফলীয়াখিনিয়ে পৰিৱেশটো বায়নৰ অনুকূল কৰি তুলিবলৈ যত্ন কৰিলে৷ তেওঁক উলাই কৰি হাতীবৰুৱাই নামঘৰৰ পৰা ওলাই আহিল৷

কাহিনীৰ সিমানতে অন্ত নপৰিল৷ গাঁওখনত আগৰে পৰা চাৰিটা খেল আছিলেই৷ লাহে লাহে সকলো মিলি একেটা খেলৰ দৰেই  হৈছিলহি৷ কিন্তু হঠাতে যি গণ্ডগোল লাগিল, তাৰ ফলত ওখোনা-ওখনি বাঢ়িল, নমতা-নমতি বাঢ়িল৷ এইবাৰ বহাগৰ বিহুত হুঁচৰি যোৰা নহল৷ ঘৰে ঘৰে খেলে খেলে সৰু সৰু সকাম-নিকামৰ ধুম চৰিল৷ এটা খেলত এঘৰত যদি ভাগৱত পাঠ হ, পাছদিনা আনটো খেলৰ এঘৰত কীৰ্তন পাঠ, আকৌ আনটো খেলৰ আন এঘৰত নাগাৰা নাম, কাৰোবাৰ ঘৰত আয়তীৰ নাম, কাৰোবাৰ ঘৰত পুৰুষৰ নাম, কাৰোবাৰ ঘৰত গৰখীয়া সবাহ, কাৰোবাৰ ঘৰত মৃতকৰ জলপান খুওৱা — মুঠৰ ওপৰত আটাইকেইটা খেলৰ মাজত সক্ৰিয়তা প্ৰদৰ্শনৰ প্ৰতিযোগিতা এখন আৰম্ভ হল৷

 (আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ