অন্যযুগ/


বচা বকুল

 ৰমানন্দন বৰা


(যোৱা সংখ্যাৰ পিছৰ পৰা)

বাইছ

 

এদিন দুদিনকৈ এসপ্তাহ বাগৰিল৷ নতুন চাপৰিৰ পৰা মানুহবোৰে আঁতৰি যোৱাৰ কোনো লক্ষণ নেদেখুৱালে৷ প্ৰথম দুদিন সিহঁতে কাম কৰা নাছিল৷ তাৰ পাছৰ পৰা কাম কৰিবলৈও আৰম্ভ কৰিলে৷

বকুল চাপৰিত দিনে দিনে উত্তেজনা বাঢ়িবলৈ ধৰিলে৷ মোলোকা, ভোগাইহঁত খঙত টিঙিৰি তুলা হৈ উঠিছে৷ নতুন মানুহখিনিয়ে সিহঁতক বুঢ়া আঙুলি দেখুৱালে৷ সিহঁতক বাটৰ ভতুৱা কুকুৰ হেন ভাবিলে৷ বকুল চাপৰিৰ মানুহৰ মান-সন্মান সিহঁতে মাটিৰ লগত মিলাইছে৷ সিহঁতে গম পোৱা নাই কাৰ লগত খেলিছে৷ জুইৰ লগত খেলিছে, জুইৰ লগত৷

জুইকুৰা সহজে নুনুমায় বুলি বেণুৱে অনুভৱ কৰিলে৷ এইকুৰা জুই নুমুৱাবলৈ তাৰ শক্তি নাই৷ কেতিয়াবা জুই নুমুৱাবলৈ যোৱাজনো দগ্ধ হব লগা হয়৷ কিন্তু বাকী লৰাবোৰে আলচ কৰাৰ দৰে সি সেই মানুহখিনিক মৰা-কটা কৰিবলৈ এৰি দিব নোৱাৰে৷ লৰাহঁতেও নেৰে৷ সিহঁতৰ কাৰণে ধৰ্ম-চৰ্ম ডাঙৰ কথা নহয়, মাটিহে ডাঙৰ কথা৷ মাটি থাকিলেহে ধৰ্ম থাকিব, জাতি থাকিব৷ কোনো কাৰণতে সিহঁতে আনক মাটি এৰি নিদিয়ে৷ আজি বকুল চাপৰিত ঠাই আছে৷ কাইলৈ মানুহ বাঢ়িব, ঠাইৰ নাটনি হতেতিয়া? বকুল চাপৰিৰ মানুহকে নতুন চাপৰিটো লাগিব৷

তহঁতে চা, এই মানুহকেইটাক মাৰ-পিট কৰি খেদোৱাটো ডাঙৰ কথা নহয়৷ সিহঁতক খেদাম৷ তাৰ পাছত?” - বেণুৱে বুজাবলৈ যত্ন কৰে৷

তাৰ পাছত মানে? আমাৰ মাটি আমাৰ হৈ থাকিব৷

নাথাকে৷ আমাৰ মাটি বুলি কৰবাত মাটি আছে নেকি? আজি আমি বকুল চাপৰিত আছোঁ৷ আমাৰ আগতে ইয়াত কোন আছিল? এই চাপৰিটো আগতে আছিল নে? সদায় থাকিবনে? নাথাকে৷ আমিও সদায় নাথাকোঁ৷ খেতি কৰিব পৰা মাটি এনেয়ে পৰি নাথাকে৷ কোনোবা নহয় কোনোবা খেতিয়কে আহি মাটি চহাবহি৷ তাত বাধা দিব নোৱাৰ৷ এবাৰ পাৰিবি, দুবাৰ পাৰিবি। সেইবুলি সদায় নোৱাৰ৷

তেনেহলে সিহঁতক নতুন চাপৰিটো এৰি দিম নেকি?”

নেৰোঁ, এই কাৰণেই নেৰোঁ যে এই মানুহখিনিয়ে নিজৰ কাৰণে খেতি কৰিবলৈ অহা নাই৷ কোনোবা মহাজনৰ ভঁৰাল ভৰাবলৈ আহিছে৷ এই খেতি কৰা মানুহবোৰৰ নিজৰ ভঁৰাল এটা কোনো দিনেই নাথাকে৷ আজি ইহঁতক খেদাম, কাইলৈ আন এদল মানুহ আহিব৷ নিজে আহিব৷ নহলে মহাজন এটাই আনিব, নহলে চৰকাৰে আনিব৷ মাটি ছন পৰি নাথাকে৷

বেণুৱে নতুন চিন্তাৰ খোৰাক এটা সিহঁতক দিলে৷ দখল কৰ, নিজৰ নামত মাটি লগাই ল৷ মণ্ডলৰ ওচৰলৈ যা৷ বছৰি খাজনা দে, খেতি কৰ৷ তেতিয়াহে মাটি ৰব৷

ৰাখিনিয়ে গম পাইছে যে নতুন চাপৰিত মাটি ৰখা মানে বাঁহৰ খুঁটা কেইটামানেৰে ঢাপ মাৰি থোৱা নহয়৷ খেতি কৰিব লাগিব৷ দখল তেতিয়াহে হব৷ খাজনা দিব লাগিব৷ কিন্তু খেতি কৰিবৰ বাবে বকুল চাপৰিৰ মাটিয়েই যথেষ্ট৷ এতিয়া থকা মাটিত খেতি কৰিবলৈকে মানুহৰ নাটনি, ধনৰ নাটনি৷ নতুন চাপৰিত নতুন মাটিত কি কৰিব? কেনেকৈ কৰিব?

এতিয়া আটাইৰে কাম হল মহাজনৰ শুংসূত্ৰ উলিওৱা আৰু মানুহখিনিক ভয় খুৱাই খেদা৷ মাটি দখলৰ কথা পাছত হব৷ এতিয়া অন্ততঃ মাটিখিনি মুকলি হৈ থাকক৷

বেণুৱে সঁকিয়ালে, পানী তলত কাঁইট আছে৷ সাৱধানে খোজ দিব লাগিব৷ কি সাহসত মানুহখিনিয়ে আকৌ কামত ধৰিছেহি? কোনোবাই ৰখি নাথাকিলে সিহঁতে কামত ধৰিব বুলি মোৰ মনে নকয়৷ আকৌ যদি তালৈ যাব লাগে, অতি সাৱধান৷ বিপদ কত লুকাই থাকে কব নোৱাৰি৷ কাৰণ ইন্দ্ৰজিতৰ নিচিনা মেঘৰ আঁৰৰ পৰা যুঁজ কৰি আছে মহাজনে৷

মহাজন কোন?

*      *      *

তেইছ

সম্ভেদ পাবলৈ বৰ বেছি দিন ৰব লগা নহল৷ 

সপ্তাহ চাৰেকৰ পাছৰ এদিন দুপৰীয়া, টিখাং খাং ৰদ৷ মানুহেই নহয়, গছ-লতা, পশু-পক্ষীয়েও নিঃপালি দি জিৰাইছে৷ শিমলুডৰাৰ সিপাৰে এৰালৰ গৰুকেইজনীক পানী খুৱাই, ছাঁত বান্ধি বেণুৱেও বননিতে বহি আকাশ-পাতাল ভাবি আছে৷ তাৰ সাংসাৰিক জীৱন পূৰ্ণ৷ পাহিতা আৰু কেঁচুৱাটোৱে ঘৰত থকা সময়খিনি তাক মোহাৱিষ্ট কৰি ৰাখে৷ সি সম্পূৰ্ণ সুখী মানুহ বুলি অনুভৱ কৰা এনেকুৱা দিনবোৰতে কিন্তু নতুন চাপৰিৰ ঘটনাবোৰে তাক ভিতৰি ভিতৰি বৰ অশান্ত কৰি ৰাখিছে৷ এই মানুহখিনি তাত থকা মানে বকুল চাপৰিৰ নিৰাপত্তা নোহোৱাৰ দৰে৷ ইহঁতৰ লগ লৈ দলে বলে আৰু মানুহ আহিব৷ হয়তো মহাজনেই আনিব৷ গোটেই চাপৰিটো ভৰাই তুলিব৷ কোনো দিন হৈ-হুলস্থুল নোহোৱা, চোৰ-ডকাইতি নোহোৱা বকুল চাপৰিৰ মানুহবোৰে হয়তো সুখৰ দিনবোৰ চিৰকাললৈহেৰুৱাব৷

মোহনো কৰবাৰ পৰা আহি বেণুৰ কাষতে বহিলহি৷ দুয়োটাৰে কথাৰ বিষয় একেটাই৷ হঠাতে এটা শব্দ ভাহি আহিল৷ দূৰণিৰ পৰা আহিছে৷ নতুন চাপৰিৰ ফালৰ পৰা৷

এটা যান্ত্ৰিক শব্দ - ধক্‌ ধপ্‌ ধক্‌ ধপ্‌ গুম গুম...৷ একেৰাহে আহিছে৷ এটা সুৰত বন্ধা৷ অলপ ডাঙৰ আকৌ অলপ সৰুকৈ, অলপ ডাঙৰকৈ অলপ সৰুকৈ... একেৰাহে৷

কিহৰ শব্দ?” মোহনৰ মুখৰ পৰা ওলাই আহিল৷

বেণুৱে লগে লগে উত্তৰ নিদিলে৷ সি কিবা এটা অনুমান কৰি কলে৷

লচোন চাওঁগৈ৷শিমলুডৰা পাৰ হৈ আটাইতকৈ ওখ চতিয়নাজাপাৰ গুৰিতে দুয়োটা ৰল৷

বগাব পাৰিবিনে?” বাঘে ধৰাৰ পাছৰ পৰা পিঠি আৰু বুকুত জোৰ পৰা কাম নকৰিবলৈ বেণুক পাহিতাই শপত দি থৈছে৷

পাৰিম৷

ওপৰলৈ উঠি চাচোন৷ এইছোৱা একেবাৰে মুকলি নহয় জানো৷

পিন্ধি থকা ধূতিখন কোঁচাই ভালদৰে তলপোন্ধ মাৰি, কমৰত গামোচাখনেৰে বান্ধ এটা দি মোহনে চতিয়না জোপাত বগাবলৈ ধৰিলে৷ এইজোপাই আটাইতকৈ ওখ গছ৷ ইয়াৰ পৰা নতুন চাপৰিৰ এফাল দেখি৷

গছজোপাৰ একেবাৰে ওপৰৰ ফেৰেঙনি এটাত বহি মোহনে ডিঙি মেলি শব্দটো অনুসৰণ কৰিবলৈ যত্ন কৰিলে৷

কিবা মনিছনে?”

ভালদৰে চাই মোহনে ওপৰৰ পৰা ৰিঙিয়ালে -

ঐ কিবা বগা ধোঁৱা-ধূলিৰ দৰে উৰিছে৷ কিবা এখন ঘূৰি আছে৷ মাটি চহাইছে নেকি?”

নামি আহ৷

মোহনে নামি আহি যি বৰ্ণনা কৰিলে তাৰ পৰা বেণুৰ অনুমানটো ফটফটীয়া হল - ট্ৰেক্টৰ৷ কলাই মহাজনৰ ঘৰত থকাখনৰ নিচিনা নহয়৷ তাতকৈ ডাঙৰ৷ মানুহটো উঠি লৈ হাল বাব লাগে৷ কলাই মহাজনৰখন হেনো ট্ৰেক্টাৰ নহয়, পাৱাৰ টিলাৰ নে কিবাহে৷ ট্ৰেক্টৰেৰে বহুত মাটি একেদিনে চহাব পাৰি৷ কম্পাউণ্ডাৰ বৰা ডাক্টৰৰ মুখেৰে শুনি বেণুৱে যন্ত্ৰটোৰ বিষয়ে এটা অনুমান কৰিছিল৷ কিন্তু আজি এনেকৈ নতুন চাপৰিত সেইটো যন্ত্ৰৰ অৱিৰ্ভাৱ ঘটিব বুলি সি সপোনতো ভবা নাছিল৷

চাই আহোঁগৈ বল৷নতুন বস্তুটো চাবলৈ বেণুৱে তাৰ হেঁপাহ দমাব নোৱাৰিলে৷

তালৈ জধে-মধে যোৱাটো ভাল নহয় বুলি তয়েই কৈছিলি৷

আমি চোৰ নে ডকাইত যে ভয় কৰি সোমাই থাকিম৷ ব, মোৰ মহ এজনী হেৰাইছে বিচাৰি আহিছোঁ বুলি কম৷ আন কাৰোবাক অনিষ্ট কৰিবলৈ অহা নাই নহয়৷

তাৰ কথাৰ ইংগিত মোহনে বুজিলে৷ দুয়োটা নতুন চাপৰিৰ সেই নিৰ্দিষ্ট ঠাইলৈ ৰাওনা হল৷ ঝাও, বিৰিণা, বৰতাই মানুহটো ঢাকি ধৰা হাবিবোৰৰ মাজে মাজে৷ খান্দা দুটা পাৰ হৈ সিহঁত ৰল৷

শব্দটো অধিক স্পষ্ট হৈ অহাৰ লগতে বিৰিণা জোপাবোৰৰ আঁৰে আঁৰে দেখিবলৈ পোৱা গৈছে৷ হাল বোৱা ট্ৰেক্টৰ নামৰ এই যন্ত্ৰটোতকৈ সি বেছি আচৰিত হল টেপুক দেখি৷

টেপু কেনেকৈ ইয়াত আছেহি? সি তৎক্ষণাৎ বুজি পালে ইমান দিনে জানিবলৈ যত্ন কৰি থকা কথাটো৷ টেপু হল জন্মি মহাজনৰ সোঁহাত৷ নহলেই নোহোৱা মানুহ৷ তাৰ মানে জন্মি মহাজনৰ ফন্দি এইবোৰ৷ এটা এটাকৈ আটাইবোৰ কথা তাৰ চকুৰ আগত জলজল-পটপট হৈ উঠিল৷ জন্মেজয় শইকীয়াৰ গাত লাগিছে মাটিৰ ভূত৷ তেৱেঁই নগাঁৱৰ পৰা মানুহ আনিছে, ইয়াত বহুৱাইছে, ৰচদ-পাতি দি ৰাখিছে৷ মহাজনেই অভয় দি, বোধকৰোঁ পহৰা দিও ৰাখিছে৷ নতুন চাপৰিটো জন্মেজয় শইকীয়াই নিজৰ নামত লিখাই লব৷

ৱেল কাম ব্ৰাদাৰ, ৱেল কাম৷কেতিয়ানো বেণু গৈ সেই ঠাই পালেগৈ গমেই নাপালে৷ টেপুৱে কথাই কথাই কিখননো কয় বেণুৱে বুজিবই নোৱাৰে৷ লৰাটো তাতকৈ বয়সত সৰু৷ দুশ্ৰেণীমান নগৰৰ ফালেই পঢ়িছিল হবলা৷ কি স্বৰূপতনো আহি জন্মি মহাজনৰ ঘৰত সোমালহি সেইটো কোনেও নাজানে৷

কিটোনো কাম আৰু, হ এজনী হেৰাইছে৷ আমি দুটাই বিচাৰি ফুৰিছোঁ৷ পিছে তই?”

আৰে ব্ৰাদাৰ, মহাজনৰ নতুন প্ৰজেক্ট৷ মই নাচালে কোনে চাব?”

এইখন?” - ট্ৰেক্টৰখনলৈ আঙুলিয়াই বেণুৱে সুধিলে৷

ট্ৰেক্টৰ, ব্ৰেণ্ড নিউ৷ নতুন কিনিছে৷ নহলে কি এই ব্লাডি মিঞা কেইটাৰে চব কাম হব নেকি? লুক্‌! কি জবৰদস্ত কাম৷ মাটি ফাঁহ ফাঁহ কৰি দিছে৷ ইউ লাইক ইট? ভাল দেখিছানে?”

বেণুৰ মগজুটোৱে কথাবোৰ চিন্তা কৰিব নোৱাৰা হৈ আহিছে৷ সি মনোযোগেৰে ট্ৰেক্টৰখন চোৱা দেখি টেপুৱে নিজৰ মূৰত পিন্ধি থকা চাহাবী টুপিটো বাওঁহাতেৰে সামান্য ঠিক কৰি কলে -

ইউ ড্ৰাইভ পাৱাৰ টিলাৰ? ইয়ৰ ফাদাৰ ইন ল হাউছ৷ তুমি তোমাৰ ফাদাৰ ইন  ল মানে শহুৰৰ ঘৰত পাৱাৰ টিলাৰ চলাইছিলা৷ এইখন ড্ৰাইভ কৰা টান৷ অৱশ্যে পাৰিবা, শিকিলে পাৰিবা৷ ইউ কেন, ইউ কেন৷

টেপুৰ কেনকেননি তাৰ কাণত সোমোৱা নাই৷ কথা চহকী টেপুৰ পৰা সি যিমান পাৰে কথা উলিয়াই লব লাগিব৷ ইয়াতকৈ ভাল সুবিধা আৰু নাপাব৷ গামোচোত বান্ধি নিয়া টেমিটোৰ পৰা তামোল এখন উলিয়াই টেপুক যাঁচিলে৷

বিটল নাট, ভেৰি গুদ৷ দিয়াঁ তামোল এখনকে দিয়াঁ৷

শিমলুজোপাৰ ছাঁত তিনিওটা বহিল৷ নগঞা মিঞা মানুহকেইটাই উলুৱনি কাটি মাটি মোকলাইছে৷ আগতে মুকলি কৰা মাটি ট্ৰেক্টৰখনে লুটিয়াই গৈছে৷ বগলী এজাকে গাড়ীখনৰ পিছে পিছে পোক-পৰুৱা বিচাৰি ফুৰিছে৷

জন্মি মহাজনে কি খেতি কৰিব?”

মেনি কাল্‌টিভেচন৷ বহুত খেতি৷ ভেৰাইটি৷ বেলেগ বেলেগ৷

কিমান মাটি চহোৱা হ?”

যিমান পাৰি৷ এজ মাচ এজ আই কেন৷ অল লেণ্ড হিয়েৰ৷ গভৰ্‌মেণ্ট পাৰমিন৷ গোটেই চাপৰিটো লব পাৰো৷ চৰকাৰে পাৰমিন দিছে৷

হয় নেকি?”

ফ্লাডত মহাজনৰ মাটি স্পইল৷ গটু গভৰমেন৷ গিভ পাৰমিন৷ মহাজনছ লেণ্ড অল ছেন্দ৷ ভোগদৈ ফ্লাড৷

আনবিলাকৰো মাটিত বালি পেলাইছে৷ চবকে মাটি দিছে নেকি?”

নট, নট অল৷ বাট ইউ থিংক অল৷ চবকে দিছেও না.ো দিয়া৷

মানে?”

ব্ৰাদাৰ তুমি কি বুজিবা৷ ইউ নট আন্দাৰষ্টেণ্ড৷ কমিটি৷ ফ্লাড ভিক্টিম ৰিহালিবেচন কমিটি৷ ইয়ৰ ফাদাৰ ইন ল কলাই শইকীয়া, চেয়াৰ৷ কমিটিক দিছে৷ তোমাৰ শহুৰ চেয়াৰ, মানে সভাপতি৷ চৰকাৰে চব দিব৷ ছীড, মেনিয়ৰ চব৷ ডেয়াৰ লেণ্ড স্পইল্ড৷ হিয়েৰ নিউ লেণ্ড কাল্টিভেটৰ জীয়াই থাকিব লাগিবতো৷ ইউ ন৷ তাত মাটি নাই, ইয়াত খেতি কৰাঁ৷ বচ৷

তাৰ মানে জন্মি মহাজন আৰু কলাই মহাজনে শঠামিতিৰালি কৰি এইখন কাণ্ড কৰিছে৷ সাপ-নেউল একেলগ হল৷ শেনৰ এজাত৷

ডিছ ট্ৰেক্টৰ, দুই মহাজন৷ ফিফ্‌টি ফিফ্‌টি কষ্টিং৷ ডিছ মিঞা কষ্টিং ফিফ্‌টি ফিফ্‌টি৷ চব খৰচ দুই মহাজনে সমানে কৰিছে৷ তুমিতো কলাই মহাজনৰ ছান ইন ল৷ ছান মানেই পুতেক৷ জোঁৱাই ভেৰি গুড৷ টেল হিম৷ ইউ গেট লেণ্ড৷ তুমি তেওঁক কোৱাঁ, মাটি তুমিও পাবা৷ ইউ ষ্টে হিয়েৰ৷ মেনি হেল্‌প টু আছ৷ আই ছেল টেল হিম৷

বাৰু বাৰু হব৷ তুমি কামত লাগাঁ৷ আমি মহ বিচৰা মানুহ৷ দেৰি হব৷

ৱেল ৱেল, কাম এগেইন৷

টেপুৰ পৰা উৰহী গছৰ ওৰটো জানি বেণু আৰু মোহনে খৰখেদাকৈ ঘৰলৈ ঘূৰিল৷ বাটত আন কথা-বাৰ্তা নাই৷ মাত্ৰ প্ৰচণ্ড ক্ৰোধত বেণুৰ মুখৰ পৰা ওলাল দেখিলিতো মোহন, খেলখন বেলেগকৈ খেলিব লাগিব৷

(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ