অন্যযুগ/


বচা বকুল

 ৰমানন্দন বৰা


দ্বিতীয় খণ্ড

এক

 

পশ্চিমফালে আকাশখন সেন্দুৰীয়া হৈ ব্ৰহ্মপুত্ৰৰ পানীখিনিও ৰাঙলী হৈ উঠিছে৷ মাছমৰীয়া নাওবোৰ কলা ছায়াৰ দৰে নাচি থকা ৰঙাবিলাকৰ মাজেৰে চলি গৈছে, ইপাৰ-সিপাৰ হৈছে৷ গোনা মহৰ ডিঙিৰ টিলিঙাৰ শব্দবোৰ ক্ৰমে ক্ৰমে স্পষ্ট হৈ আহিছে৷ মহৰ ডিঙিত আঁৰি দিয়া টিলিঙাৰ সৈতে একে টিলিঙা এটা খুঁটিত বন্ধা থাকে৷ মহেনে সেইটো এটা বিশেষ সুৰত বজাই বজাই মহজাক খুঁটিলৈ মাতিছে৷ মহৰ বাবে দানা-পানীৰ সুকীয়াকৈ  দৰকাৰ নাই৷ শিমলু কাঠৰ সৰু কৈ কাটি লোৱা নাওখনত সি মহৰ বাবে নিমখ যোগাইছে৷ ব্ৰহ্মপুত্ৰৰ চাপৰিত গৰু-মহ পঘাৰে বন্ধাৰ নিয়ম নাই৷ ঝাউবন চিকুণাই এডোখৰ ঠাই মুকলি কৰা হয়৷ ঠাইডোখৰ ভলুকা বাঁহৰ গুৰি জোঙালি সৰু সৰু গোজ সাজি মেৰ এটা দিয়া হয়৷কোনো গুৱালে সেইটোও নকৰে৷ লোণৰ সোৱাদে মহবোৰক গধূলি খুঁটিলৈ ঘূৰি আহিবলৈ ব্যাকুল কৰে৷ ওখ ওখ ঝাউ, নল, বিৰিণাৰ মাজত সোমাই ঘাঁহ খাই থকা মহজাকটোৰ প্ৰতিটো মহে ঘাই মহৰ ডিঙিত ওলমি থকা টিলিঙাৰ টিং টং ঘটং ঘটং শব্দত নিজৰ বাট চিনি লয়৷

আজিও মহৰ জাকটো আহি মহেনৰ খুঁটি পালেহি৷ মাইকী, ঘাই, গোনা, গেঁৰা মিলাই সংখ্যাত দুকুৰিৰ বেছি হব৷ আটাইকেইটা শাৰী পাতি সেুন্দৰীয়া ৰদ গাত লগাই গহীন-গম্ভীৰ কৈ আহি মেৰত সোমাই পোনেই লোণৰ সোৱাদ ললে৷

হ খুঁটিটোৰ কাষতে গৰু খুঁটি, তাৰ কাষতে মহেনৰ বহা৷ গৰুও দুকুৰিৰ কম নহব৷ একেই মুকলি মেৰত তিনি কুৰি মান গৰু-গাই, দামুৰি, চেউৰী৷ মহ পোৱালি আৰু গৰু পোৱালিৰ বাবে মহেনে মজৰাৰে ছালি এখন দি খাগৰিৰে চৌপাশে বেৰা দি ৰাখিছে৷

গৰু-মহৰ কামখিনি কৰি মহেনে হাত-মুখ ধুই জুহালৰ জুইকুৰা জ্বলালে৷ ইতিমধ্যে ডাঠ আন্ধাৰে চাপৰিটো ঢাকি ধৰিছিল৷ শিমলু, চটিয়না, ৰঘূ গছবোৰ আন্ধাৰত আৰু বেছি বিশাল যেন দেখা গল৷ এটা পাৰাপাৰহীন নীৰৱতাই চাপৰিটো আবৰি ধৰিলে৷ পৃথিৱীৰ পৰা আঁতৰত মহাকাশৰ অন্য কোনোবা এটা শব্দহীন গ্ৰহ যেন লাগিল৷ মূল ভূমিৰ পৰা বিচ্ছিন্ন বৈ ব্ৰহ্মপুত্ৰ বুকুৰ এই চাপৰিত আন্ধাৰখিনি এতিয়াও নিৰ্বিঘ্নে আছে, নিৰাপদে আছে৷ পোহৰ কতো নাই৷ মাটিৰ ওপৰত আকাশখন অলপ পাতলীয়া কলা৷ কৃষ্ণপক্ষ তৰাবোৰে জিকমিকাই আছে৷ দিগন্তত মাটি আৰু আকাশৰ সীমনাত পাতলীয়া পোহৰৰ আভাই আন্ধাৰৰ সিপাৰে পোহৰ থকাৰ সম্ভেদ দিছে৷ বাদুলিবিলাকে মুনিচুনি পৰতে বাহৰ পৰা জাকে জাকে উৰা মাৰিছে খাদ্যৰ সন্ধানত৷ ফেঁচাকেইটামানে ৰঙতে উৰুলি দিছে৷ আকাশেদি ডাঙৰ ডাঙৰকৈ কথা পাতি শৰালিৰ জাকটো পাৰ হৈ গল৷ লাহে লাহে পানী যুঁৱলিৰ পৰা অচিনাকি অলেখ চৰাইৰ কলৰৱে ঠাইখন উপচাই পেলালে৷ অচিনাকি দেশৰ অতিথি আদৰাত মুখৰ হৈ উঠিল ব্ৰহ্মপুত্ৰৰ শীতল বুকু৷

পৰশু বিভোৰ হল প্ৰকৃতিৰ নিজা অমলিন অখণ্ডিত ৰূপটো দেখি৷ খুব ভাল কথা যে মবাইলৰ নেটৱৰ্ক ইয়াত নাই৷ মনটো অনবৰতে অশান্ত আৰু হকে বিহকে ব্যস্ত ৰখা মবাইল নামৰ এই ভুটুকা অসুৰটোৰ পৰা ৰক্ষা পোৱা টান৷ কিন্তু ব্ৰহ্মপুত্ৰৰ মাজৰ নতুন চাপৰিৰ জীৱন তাৰ পৰা মুক্ত৷ চকু চাৎ মৰা বিজুলীবাটিয়ে ইয়াত আন্ধাৰক খণ্ড-বিখণ্ড নকৰে, কাণতাল মৰা বিকট চিঞৰৰ ট্ৰাক বা বাইকবোৰে ইয়াত নীৰৱতা চূৰ্ণ কৰিব নোৱাৰে৷ ইয়াত সময়খিনি নিজাকৈ পাব পাৰি৷ ইয়াকে বিচাৰি পৰশু মহেন মোমায়েকৰ মহ খঁুটিৰ বহালৈ মাজে মাজে আহে৷ কেতিয়াবা এৰাতি দুৰাতি থাকে৷ মাছ-মাংসৰে দকচি খায়৷ বাঁহৰ চাঙত ৰাতি শোৱে৷

ঝি-ঝি কৰি ঝিলি এটাই মাতি গধূলিটো গহীন কৰি তুলিছে৷ এখন উৰাজাহাজ এটা বহল বৃত্তত আকাশত উৰিছে৷ ১১ৈয়া বিমান বন্দৰ ইয়াৰ মানুহে দেখা নাই, কিন্তু উৰাজাহাজ দেখিছে৷ দুপৰীয়া উকা নীলা আকাশৰ বুকুত গহীনকৈ উৰি ফুৰা উৰাজাহাজ দেখি সেইখনত উঠিবলৈ পৰশুৰ হেঁপাহ এটা লৰালি কালৰ পৰাই আছে৷ আজিও চকু টিপিয়াই উৰি থকা উৰাজাহাজখনে তাৰ মন হৰিছে৷ এটা ধীৰ ছন্দৰ গহীন মাত উপঙি ফুৰিছে৷ চাপৰিৰ নীৰৱতা ভঙ্গ কৰিব পৰা নাই৷

হৰ ডিঙিত টিলিঙাৰ টুং টাং৷ গোহালিৰ পৰা গৰুৰ উগাৰৰ আৰু খোৱাৰ শব্দ দুই-এটা ভাঁহি আহিছে৷ ফেউৰাকেটাই আজি ৰাও জুৰা নাই৷ ইয়াত নীৰৱতাই কথা কয়৷

পৰশুৱে মন কৰিলে মোমায়েকৰ জুহালত ভঙুৱাৰ আড্ডাটো আটোমটোকাৰীকৈ বহিছে৷ চাৰিটা ভঙুৱা মোমায়েকৰ বয়সৰে৷ ওচৰতে মহ খুঁটি আছে৷ সন্ধিয়া তেওঁলোকে মহেনৰ বহাত লগ হয়৷ সুখ-দুখৰ কথা পাতে, এচিলিম হোপে, ঘৰাঘৰি যায়৷ তথাপি কমেও দুঘণ্টা সময় চিলিম পৰ্ব চলে৷ বিশেষ আয়োজন থাকিলে মোমায়েকৰ বহাতে আটাইৰে ভোজন হয়৷

ভঙুৱাকেইজনৰ ভিতৰত পৰশুৰ বাবে আকৰ্ষণীয় হল নাৰায়ণ দাইটি৷ সি মোমাই বুলিবই পাৰিলেহেঁতেন৷ কিন্তু আটায়ে সেই সম্বোধনেৰে মাতে বাবে সেইটো পৰশুৱেও অবিকল ৰাখিলে৷

নাৰায়ণ দাইটিয়ে অতীতৰ কথা কয়৷ আনৰ বাবে পাহৰণিৰ আন্ধাৰত হেৰাই যোৱা কথাবোৰ দাইটিয়ে জীয়াই তোলে৷ চিলিমৰ আগৰ আঙঠাকেইটা জ্বলি উঠি তেওঁৰ  মুখখন ঈষৎ পোহৰাই তোলে৷ ঠিক যেন অতীতৰ এচকলহে পোহৰাই তোলে৷ আন্ধাৰ আৰু পোহৰ মিহলি হৈ থাকে নাৰায়ণ দাইটিৰ কথাত৷ এই বহাটোৰ ভিতৰত থকা আন্ধাৰখিনি মথি মথি তেওঁ কথা কৈ যায়৷

বাস্তৱ-অবাস্তৱ সীমাডাল ভাঙৰ ধোঁৱাই উৰুৱাই নিয়ে৷ কি কয় নাৰায়ণ দাইটিয়ে? চব কথা কয় - পুৰাণ, মহাভাৰতৰ পৰা ইয়াৰ প্ৰতিটো চাপৰিৰ কথা কয়৷ মাথোন কুহুলিয়াই থাকিব লাগে৷ মহাদেউৰ প্ৰসাদ ভাগিত হোপা এটা মাৰি পৰমানন্দত চকু দুটা মুদি নাৰায়ণ দাইটিয়ে কবলৈ লয়৷ মানুহটোৰ কপালত ৰেখা কেইডাল সামান্য কোঁচ খায়, মোচকোছাত অনামিকা আঙুলি বুলাই বুকুলৈকে পৰা ডাঢ়ি কোছাত পাঁচোটা আঙুলিৰে খেলি থাকে৷ দ্বিতীয় হোপাটোৰ সময়লৈকে এই প্ৰক্ৰিয়া চলে৷ জুইকুৰাৰ  পকা অঙঠাৰ পৰা মিঠা ৰঙচুৱা পোহৰ এচাটি ঢিমিক-ঢামামকৈ তেওঁৰ মুখমণ্ডল জিলিকাই তোলে৷

আনকেইটা ভঙুৱা কলীয়া, মহেশ্বৰ, মাখন আৰু বাপুতা৷ সিহঁত কেইটা নাম থকা ভঙুৱা নহয়৷ দিনটোৰ পৰিশ্ৰমৰ অন্তত মহেনৰ বহাত এইকণ সময় সিহঁতৰ বাবে অলপ স্ফূৰ্তি কৰাৰ অৱকাশ৷ নাৰায়ণ দাইটি দেখাই-শুনাই, কথাই-বৰ্তাই ষোল্ল অনা ভঙুৱা৷

দাইটি, এইবাৰ মহেনৰ ভাইগ ভাল৷ একুৰি মহ একেলগে খীৰাইছে৷” - মহেশ্বৰৰ মাত৷

হেৰমইনো কত খীৰাইছোঁ৷ চাৰিজনীতে হাত সিৰামূই ধৰে৷ তহঁতে খীৰাই দিছ বুলিহে৷

পিছে ধনখিনি কোনে লয়৷ চতাই গুৱালে গাখীৰ টানি শেষ কৰিব নোৱাৰি ৰহমতকো লগাইছে৷

এ ৰহক্কচাফী কাপোৰখন চিলিমটোৰ মূৰত ঠিক কৰি হোপা মাৰোঁ বুলিও নমৰাকৈ ৰৈ নাৰায়ণ দাইটিয়ে মাত দিলে -

গাখীৰ যদি খিৰাইছিল, জমদগ্নি মুনিয়ে খিৰাইছিল, মাৰপোহা৷

হোপাটো টানি ধোঁৱাখিনি কিছু সময় ভিতৰত ৰাখি তাৰ পাছত নাকে-মুখে একেলগে বাহিৰ কৰি চিলিমটো বাপুতালৈ আগবঢ়াই দিলে৷

কেইজনী খিৰাইছিল দাইটি, গৰু নে ম?”

এজনী গৰু৷ কাৰতবিজঅ অৰজুনৰ সৈন-সামন্ত আটাইকে খুৱাইও শেষ নহল বাপেকে মাৰেপোহা৷

হয়নে দাইটি, কি কথা?”

শাচ্‌তত্‌ আছে৷ মই কোৱা কথা নহয় অলীয়া৷

নাৰায়ণ দাইটিৰ কথা নহয় বুলি কবলৈনো কোন আছে? “খেতি যদি কৰিছিল পৰশুৰামে কৰিছিল৷ জনক ৰজাইনো কি ডাল কৰিছিল নাজানো৷ ৰজা হলে ৰজা হ, খেতি কৰিলে খেতি কৰ৷ খেতি চোজা বস্তুনেকি? যেই সেই খেতি কৰিব পাৰিবনে? বলোৱে নাঙলটো লৈ কত হাল বালে নেজানো দেই৷ পৰশুৰামে খেতি কৰিছিল৷ শিল কাটি পানী বোৱাই আনিছিল’ - এইবাৰ হুপাটো দীঘলীয়াকৈ টানি দাড়ি কোছাত হাতখন বুলাই নিজৰ কথাখিনি এবাৰ জুকিয়াই ললে৷

এই নতুন চাপৰি আৰু বকুল চাপৰিত খেতি যদি কৰিছিল বেণুৱে কৰিছিল৷ পিছে মানুহটোহে ঘূণীয়া হল৷ মিছাতে মেল্‌টৰিৰ মাৰখন খালে৷

ভঙুৱা নাৰায়ণ দাইটিৰ মুখত দেউতাকৰ কথা ওলোৱাত পৰশুৰ চিন্তাৰ আঁটটোৱে সুকীয়া মোৰ ললে৷

দেউতাকৰ চেহেৰাটো পৰশুৰ মনলৈ আহিল৷ বৰষুণীয়া বতৰত, ঠাণ্ডা দিনত মিলিটাৰীৰ মাৰ আৰু বুট জোতাৰ গছকত পীড়িত দেহাটো বিষত কোঙা হৈ পৰে৷

অথচ কি কৰিছিল তাৰ দেউতাকে? কি কৰিছিল বেণুধৰ শইকীয়া ওৰফে বেণু  বাঘধৰাই?

                    

*      *      *

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ