অন্যযুগ/


বিফ'ৰ স্প্ৰীং : অথঃ পূৰ্ব বসন্ত-সংবাদ

ৰিমলি বৰকটকী

 

 

মনৰ সংবাদ বসন্তৰেই হওকেই বা শীতৰেই হওক, ইটো মনৰেই কথা। বিফ'ৰ স্প্ৰীং এনে এখন চলচ্চিত্ৰ-য'ত প্ৰাক্ বসন্তৰ সময়ছোৱাত কেইজনমান ব্যক্তি বা চৰিত্ৰৰ জীৱনৰ কিছু সময় আৰু ঘটনা প্ৰবাহক তুলি ধৰা হৈছে। আটাইকেইটা চৰিত্ৰই আন্তঃসংযুক্ত। গত ২০২৩ চনৰ অক্টোবৰ মাহত জিঅ' মামি ফিল্ম ফেষ্টিভেল(মুম্বাই)ত আনুষ্ঠানিকভাৱে প্ৰিমিয়াৰ হোৱা এই ছবিখনৰ কাহিনী,চিত্ৰনাট্য আৰু পৰিচালনা শ্ৰুতিস্মৃতি চাংকাকতিৰ। অন্যান্য চলচ্চিত্ৰ মহোৎসৱত প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ লগতেই গত জানুৱাৰী মাহত অনুষ্ঠিত হৈ যোৱা শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁ‌টা প্ৰদান অনুষ্ঠানত বিফ'ৰ স্প্ৰীঙে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ চিত্ৰনাট্য, শ্ৰেষ্ঠ চিনেমে'ট'গ্ৰাফী, শ্ৰেষ্ঠ সম্পাদনা আৰু শ্ৰেষ্ঠ অভিনেতাৰ মুঠা পাঁ‌চটিকৈ বঁ‌টা লাভ কৰিবলৈ সক্ষম হয়। লগতে প্ৰাগ্ চিনে এৱাৰ্ডতো কেইবাটাও বঁ‌টা লাভ কৰে।


  আমি প্ৰত্যেকেই জীৱনকালত বিভিন্ন ব্যক্তিৰ প্ৰতি আকৰ্ষিত হওঁ। কেতিয়াবা প্ৰেম যদি,কেতিয়াবাৰ মোহাচ্ছন্নতা ইয়াৰ নাম হ'ব পাৰে। অথবা সম্পৰ্ক আৰু সম্পৰ্কৰ আঁ‌ৰৰ তিতা-মিঠা বহু কথাই এইখিনিৰ সৈতে সংযুক্ত হৈ থাকে। মাজনী, জোনমণি বা মণিৰ জীৱনৰ কথাবোৰো অলপ তেনেকুৱাই। অৱশ্যে মণিৰ কিছু ভিন্ন, হ'লেও শেষান্তৰ যাত্ৰালৈকে তেওঁলোকৰ গতি একেধৰণেই। এনে ধৰণৰ সম্পৰ্কৰ আন্তঃ-সংযুক্তিৰে পূৰ্বে বহু ছবিয়েই নিৰ্মিত হৈছে। তেন্তে বিফ'ৰ স্প্ৰীং পৃথক কিদৰে?বিফ'ৰ স্প্ৰীঙৰ কাহিনী,চিত্ৰনাট্য, ইয়াৰ চিনেমেটিক ট্ৰিটমেণ্ট, নিৰ্দেশনাৰ বাবে বিফ'ৰ স্প্ৰীঙ পৃথক। বিশাল বৰলুইতৰ পাৰৰ এটি ৱাইড এংগল শ্বটেৰে বিফ'ৰ স্প্ৰীঙৰ আৰম্ভণি ঘটে। ক্ৰমশঃ কেমেৰা পাৰৰ দিশলৈ আগুৱাই। এই আৰম্ভণিৰ শ্বটটো সুন্দৰ হোৱাৰ লগতেই অৰ্থৱহও। ওপৰৰ পৰা লুইত আৰু লুইতৰ পাৰক দৰ্শোৱা হয়, যিদৰে ছবিৰ মুল চৰিত্ৰবোৰে এসময়ত পাৰ বা তট পায়, ঠিক সেইদৰেই। দুই যুটিৰ প্ৰথম যৌৱনৰ একপক্ষীয় প্ৰেম বা মোহাচ্ছন্নতা ,মোহভংগ বা হৃদয়ভঙাৰ প্ৰতিফলন চৰিত্ৰ তথা ঘটনাৱলীৰ মাজেৰে সুন্দৰকৈ চিত্ৰায়ণ কৰা হৈছে। কৈশোৰ পাৰ কৰি যৌৱনত ভৰি দিয়া সময়ৰ কালছোৱাৰ প্ৰেম বা মোহাচ্ছন্নতা অন্য এক ভিন্ন তথা শক্তিশালী আৱেগ,যাক আমি হয়তো কোনেও নুই কৰিব নোৱাৰোঁ। যদিওবা খুব ডাঙৰ বা অস্বাভাৱিক কোনো কথা ই নহয়,তথাপিও,এনে আৱেগৰ ধামখুমীয়ানিত মাজনী আৰু জোনে কিদৰে যুঁ‌জে,সেইখিনিৰ উপস্থাপন খুবেই সুন্দৰকৈ কৰা হৈছে। যিদৰে বয়স্ক, হতাশ, নিঃসংগ মণি(ৰেখাৰ পিতৃ\দীপজ্যোতি কাকতি)ৰ শেষ বিশ্বাসকণো ভঙাৰ দৃশ্যাংশক অকণো নাটকীয়তাবিহীন ভাৱে খুব তুলি ধৰিছে, সেয়া পৰিচালক আৰু চিত্ৰনাট্যকাৰৰ এক অতি প্ৰশংসনীয় দিশ। ঠিক যিদৰে জোনমণিৰ অস্থিৰ,উদ্বাউল তথা উত্তেজনাপূৰ্ণ সময়ছোৱাত যদিওবা কেমেৰাৰ মুল বিষয়বস্তু জোনমণি আছিল, পিছে বেকগ্ৰাউণ্ডত কেনিবা দূৰণিত দীঘলীয়াকৈ চাইৰেণ বজাৰ শব্দৰ প্ৰয়োগো একে সময়তে কৰিছে পৰিচালকে। একেদৰেই আকৌ টিউচন শিক্ষক প্ৰদীপৰ স্কুটীৰ পিছে পিছে চাইকেল লৈ গৈ থকা মাজনীৰ মনৰ হাহাকাৰ,অস্থিৰতাক বুজাবৰ বাবে আৱহ-সংগীতত নাগাৰা-নামৰ ব্যৱহাৰ আন এক যথোপযুক্ত দিশ। সংলাপৰ ব্যৱহাৰ খুব কম সমগ্ৰ ছবিখনতেই,পিছে ক'তো সংলাপৰ অভাৱ অনুভৱ হোৱা নাই। এনেধৰণৰ দৃশ্যাংশসমূহে ছবিখনক তুলি ধৰিছে। বিফ'ৰ স্প্ৰীঙৰ আন এটি অনবদ্য দিশ হৈছে ইয়াৰ চিনেমেট'গ্ৰাফী। জয়ন্ত চেথু মাধৱনৰ সুন্দৰ চিনেমেট'গ্ৰাফীৰ কামে ছবিখনক আন এক দিশৰ পৰা প্ৰাণ দিছে। ঠিক একেদৰেই অভিক্ষীতা কাইলাৰ সম্পাদনাৰ কামো উল্লেখনীয়। আন এটি দিশ হৈছে শব্দ গ্ৰহণ আৰু শব্দ সংমিশ্ৰণৰ কাম। এই দুয়োটা দিশতেই খুন সাৱলীল আৰু অৰ্থৱহ কাম কৰিছে কালেশ লক্ষ্মণন আৰু আৰ্চিস্মান মূখাৰ্জীয়ে। বসন্ত অহাৰ পূৰ্বে বেকগ্ৰাউণ্ডত সময়,পৰিস্থিতি সাপেক্ষে এই সময়ৰ ভিন্ন চৰাইৰ মাতৰ ব্যৱহাৰ,ফাগুন-চ'ত মাহৰ বতাহ আদিৰ ব্যৱহাৰ সমুচিত। মাজনীৰ বাবে কথাবোৰ পৰিষ্কাৰ হৈ পৰাৰ পিছত বৰষুণৰ ব্যৱহাৰ অৰ্থৱহ বা প্ৰতীকী। পিছে এই সকলোবোৰ নাটকীয়তাহীনভাৱে কৰা উপস্থাপন। তেনে আন এটি দৃশ্যাংশ হৈছে-মণি (দীপজ্যোতি কাকতি)য়ে নিজ পত্নীৰ অভিসাৰৰ বিষয়ে জানিব পৰাৰ পিছত তেওঁৰ চেহেৰা,কথা-বতৰাত তেনে কোনো ভাবগধুৰতা বা পৰিৱৰ্তন দেখিবলৈ পোৱা নেযায়। স্বাভাৱিকভাৱেই সকলো কৰি থাকি,নাইট ডিউটিত থকা অৱস্থাত (ছিকিউৰিটি গাৰ্ড) গাড়ীবোৰৰ মাজে মাজে ইফালে-সিফালে কি কৰো,নকৰোকৈ ধৰফৰাই ঘূৰি ফুৰাৰ দৃশ্যটোৱে "ড্ৰাইভ মাই কাৰ'' ছবিখনৰ প্ৰায় একে পৰিস্থিতিৰ এক দৃশ্যাংশলৈ মনত পেলা দিয়ে। ড্ৰাইভ মাই কাৰত পুৰুষজনৰ অভিব্যক্তিত কোনো পৰিৱৰ্তন দেখুওৱা হোৱা নাছিলে চিনেমাখনত,মাথোঁ আন পুৰুষৰ লগত সংগমৰত অৱস্থাত পত্নীক দেখি অহাৰ পিছত একেও শীতলতাৰে চিগাৰেটত অগ্নিসংযোগ কৰিবলৈ কৰা চেষ্টা বাৰম্বাৰ বিফল হৈছিল,লাইটাৰটো তেওঁ বাৰে বাৰে জ্বলাইছিলে-ইয়েই তেওঁৰ মনৰ হাহাকাৰখিনি বা অস্থিৰতাখিনিক খুব সুন্দৰকৈ প্ৰকট কৰিছিলে। বিফ'ৰ স্প্ৰীঙত পৰিচালকে দীপজ্যোতি কাকতিৰ চৰিত্ৰটিক দিয়া এই পৰিপক্ক ট্ৰিটমেন্টে ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ অকাডেমী বঁ‌টাপ্ৰাপ্ত ড্ৰাইভ মাই কাৰ ছবিখনৰ কথা সোঁ‌ৱৰালে। এই কথা উল্লেখ কৰাৰ কাৰণ এয়ে যে-এনেবোৰ দিশে পৰিচালক আৰু চিত্ৰনাট্যকাৰৰ ছবি অধ্যয়নৰ দিশটোৰ কিমান প্ৰগাঢ় তাক দৰ্শাই।


   বিফ'ৰ স্প্ৰীঙৰ মুল চৰিত্ৰ মাজনী (উপাসনা প্ৰিয়ম),জোনমণি (অভিজিত ৰয়)আৰু মণি (দীপজ্যোতি কাকতি)এওঁলোক তিনিওজনৰে অভিনয়ৰ কথা বিশেষভাৱে উল্লেখ কৰিব লাগিব। যিদৰে এখন চিনেমাত একেধৰণৰ অভিব্যক্তি সকলো সময়তে ধৰি ৰখা এক জটিল কাম,ঠিক তেনেদৰেই ভিন্ন সময়ত ভিন্নৰূপত ধৰা দিয়াও অভিনয়ৰ আন এক জটিল কামেই। এই দুয়োবিধ কামেই পিছে নিখুঁতকৈ কৰিছে এই তিনিওজন অভিনেতাই। উপাসনা প্ৰিয়মে আৰু দীপজ্যোতি কাকতিয়ে সমগ্ৰ ছবিখনতে একেধৰণৰ অভিব্যক্তি ধৰি ৰাখিবলৈ সক্ষম হৈছে,যি প্ৰশংসনীয় আৰু অভিজিত ৰয়ে সমগ্ৰ ছবিখনত পৰিস্থিতি অনুযায়ী ভিন্ন অভিব্যক্তিৰ প্ৰকাশ ঘটাইছে,একাত্ম হৈ পৰিছে নিজ চৰিত্ৰৰ সৈতে,যি অনবদ্য। আৱহ-সংগীত ছবিখনৰ পৰিস্থিতিৰ সৈতে খাপ খোৱা। সৰ্বশেষত তিনিও মুল চৰিত্ৰই একেখন নাৱতে একেলগে নিজ নিজ দিশ (মানসিক) অনুসৰি এক অনিৰ্দ্ধাৰিত যাত্ৰা কৰাৰ দৃশ্যটোও অৰ্থৱহ অন্তৰ এক দৃশ্য। পশ্চাতত পিয়ান'ৰ সংগীতৰ ব্যৱহাৰৰ লগত আকৌ বিশাল লুইতৰেই এই দৃশ্যটোক সম্পূৰ্ণ কৰি তোলা হৈছে। মুঠতে এক কথাত ক'বলৈ গ'লে এছাটি সজীৱ বতাহৰ দৰে অনুভৱ হ'ব বিফ'ৰ স্প্ৰীং চালে।

 

mail- rimli.borkotoky1985@gmail.com


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ