ড॰ অসীম চুতীয়া
অসমীয়া
আধুনিক গল্পসাহিত্যত যিসকল গল্পকাৰে বিষয়বস্তু, কথনভংগী আৰু
জীৱনবোধৰ ক্ষেত্ৰত নতুন দিশ মুকলি কৰিছিল৷ সেই গল্পকাৰসকলৰ ভিতৰত অন্যতম মননশীল
গল্পকাৰজন হৈছে দেৱব্ৰত দাস৷ তেওঁৰ গল্পসমূহে অসমীয়া সাহিত্যত এক নতুন চিন্তাধাৰা
আৰু আধুনিক সংবেদনশীলতাৰ সূচনা কৰে৷ সমাজৰ জটিল বাস্তৱতা, মধ্যবিত্ত জীৱনৰ
অন্তদ্বৰ্ন্দ্ব, ব্যক্তিমানসৰ অস্থিৰতা আৰু আধুনিক সময়ৰ
অস্তিত্ব সংকট – এই সকলো বিষয় তেওঁৰ গল্পৰ কেন্দ্ৰীয় উপাদান হিচাপে পৰিগণিত হৈছে৷
দেৱব্ৰত দাসে গল্পৰ মাধ্যমেৰে এক নতুন অভিজ্ঞতাৰ জগত উন্মোচিত কৰিছিল, য’ত
দৈনন্দিন জীৱনৰ আপাতদৃষ্টিত সাধাৰণ ঘটনাৰ অন্তৰালত লুকাই থকা গভীৰ মানসিকতা আৰু
সামাজিক সত্যৰ অনুসন্ধান লক্ষ্য কৰা যায়৷ তেওঁৰ গল্পত বাহ্যিক ঘটনাৰ চমক, অপেক্ষা,
মানুহৰ
অন্তৰজগতৰ আলোড়ন আৰু বিৰোধাভাসে অধিক প্ৰাধান্য লাভ কৰিছে৷
দেৱব্ৰত
দাসৰ গল্পৰ জগতখন মূলতঃ নাগৰিক জীৱনৰ অভিজ্ঞতাৰ ভিত্তি গঢ় লৈ উঠিছে৷ অসমীয়া
গল্পসাহিত্যৰ পূৰ্বৱৰ্তী সময়ত গ্ৰাম্য জীৱন, প্ৰকৃতি আৰু
গাঁওসমাজৰ জীৱনধাৰাই অধিক স্থান দখল কৰি আছিল৷ কিন্তু দেৱব্ৰত দাসে সেই ধাৰাৰ পৰা
আঁতৰি আহি নগৰীয়া জীৱনৰ জটিলতা আৰু মানসিক বাস্তৱতাক গল্পৰ কেন্দ্ৰত স্থান দিছিল৷
আধুনিক নগৰজীৱনৰ মাজত মানুহৰ জীৱন যিদৰে ব্যস্ততা, নিঃসঙ্গতা আৰু
বিচ্ছিন্নতাৰ অভিজ্ঞতাৰে পৰিপূৰ্ণ হৈ উঠিছে, সেই বাস্তৱতাক
তেওঁ গভীৰ সংবেদনশীলতাৰে উপলব্ধি কৰিছিল৷ তেওঁৰ গল্পত নগৰীয়া জীৱন কেৱল বাহ্যিক
ঘটনাৰ সমষ্টি নহয়; ই মানুহৰ অন্তৰজগতৰ দ্বন্দ্ব, সংশয়,
হতাশা
আৰু আকাংক্ষাৰ সৈতে গভীৰভাৱে জড়িত৷ বহু সময়ত তেওঁৰ গল্পৰ চৰিত্ৰসমূহে নিজৰ জীৱনৰ
অৰ্থ আৰু উদ্দেশ্য বিচাৰি ফুৰে৷ কিন্তু সামাজিক পৰিস্থিতি, সময়ৰ নিষ্ঠুৰতা
আৰু ব্যক্তিগত সীমাবদ্ধতাই সেই অনুসন্ধানক অধিক জটিল কৰি তোলে৷ এই অনুসন্ধানেই
তেওঁৰ গল্পসমূহক এক বিশেষ মনস্তাত্ত্বিক গভীৰতা প্ৰদান কৰিছে৷
এই
দিশটো বিশেষভাবে প্ৰকাশ পাইছে তেওঁৰ বিখ্যাত গল্প ‘‘অৰ্পিতাৰ এৰাতি’’ত৷ এই গল্পত
এটা বিশেষ ৰাতিৰ অভিজ্ঞতাৰ মাজেৰে নায়কজনৰ অন্তৰ্জগত আৰু আত্মবিশ্লেষণৰ জটিলতা
প্ৰকাশ পাইছে৷ গল্পটো পঢ়োঁতে পাঠকৰ মনত কেতিয়াবা সন্দেহ জাগে– ঘটনাটো সঁচাকৈয়ে
ঘটিছিল নে নায়কৰ কল্পনাৰ সৃষ্টি? কথক নিজেও যেন এই সন্দেহৰ পৰা মুক্ত
নহয়৷ এই দ্বিধাই গল্পটোক মননশীল কৰি তুলিছে৷ গল্পকাৰ মূলতঃ এই দ্বিধা আৰু সংশয়ৰ
মাধ্যমেৰে মানুহৰ অন্তৰজগতৰ জটিলতা আৰু আত্মসমালোচনাৰ প্ৰতিক্ৰিয়াক প্ৰকাশ কৰিছে৷
গল্পটোৰ
নায়কজনৰ অতীত জীৱনৰ কিছু প্ৰসংগও ইয়াত উন্মোচিত হয়৷ এসময়ত তেওঁ সমাজ পৰিবৰ্তনৰ
স্বপ্ন দেখা এজন আদৰ্শবাদী মানুহ আছিল৷ দুখ-দাৰিদ্ৰ্য আৰু সামাজিক বৈষম্যৰ
বিৰুদ্ধে কিছু কাম কৰাৰ আকাংক্ষাৰে তেওঁ বিভিন্ন ঠাই ঘূৰি ফুৰিছিল৷ কিন্তু সময়ৰ
সোঁতত সেই আদৰ্শবাদ যেন ম্লান হৈ পৰে৷ চৰকাৰী চাকৰিৰ নিশ্চিন্ত আৰু আৰামদায়ক জীৱনত
তেওঁ নিজকে সীমাবদ্ধ কৰি পেলায়৷ অৰ্পিতাৰ সৈতে সেই এৰাতিৰ অভিজ্ঞতাই যেন তেওঁৰ
ভিতৰত লুকাই থকা মানৱীয় সহানুভূতি, অনুশোচনা আৰু অপূৰ্ণ আকাংক্ষাক
উন্মোচিত কৰে৷ এই গল্পটো মূলতঃ মানুহৰ আত্মবিশ্লেষণ আৰু মানসিক দ্বন্দ্বৰ কাহিনী৷
এই গল্পত কাহিনীৰ নাটকীয়তা অপেক্ষা নায়কজনৰ মানসিক অনুভৱৰ বিশ্লেষণেই অধিক গুৰুত্ব
লাভ কৰিছে৷ নায়কজনৰ মনত চলি থকা চিন্তা, সংশয় আৰু আত্মসমালোচনাই গল্পটোৰ মূল
শক্তি৷ ইয়াৰ মাধ্যমেৰে গল্পকাৰে আধুনিক মধ্যবিত্ত মানুহৰ মানসিক সংকটক অত্যন্ত
সূক্ষ্মভাৱে উন্মোচিত কৰিছে৷
দেৱব্ৰত
দাসৰ গল্পৰ কথনভংগীতো বিশেষ উল্লেখযোগ্য অভিনৱত্ব লক্ষ্য কৰা যায়৷ তেওঁ সাধাৰণ
কাহিনীকেন্দ্ৰিক গাঁথনি অনুসৰণ কৰা নাই৷ তেওঁৰ গল্পত কথকজন বহু সময়ত ঘটনাৰ সৈতে
জড়িত এক অংশীদাৰৰ দৰে উপস্থিত থাকে৷ কথকজন কেৱল বাহ্যিক ঘটনাৰ বৰ্ণনাকাৰী নহয়;
তেওঁ
সেই ঘটনাৰ মানসিক আৰু সামাজিক তাৎপৰ্যৰ অনুসন্ধানকাৰীও৷ এই কথনভংগীয়ে তেওঁৰ গল্পত
এক বিশেষ অন্তৰঙ্গতা সৃষ্টি কৰে৷ পাঠকো যেন সেই অভিজ্ঞতাৰ অংশীদাৰ হৈ পৰে আৰু
ঘটনাবোৰক নিজস্ব দৃষ্টিভংগীৰে অনুধাৱন কৰিবলৈ আৰম্ভ কৰে৷
গল্পৰ
সমাপ্তিতো দেবব্ৰত দাসে সাধাৰণতে কোনো চূড়ান্ত সিদ্ধান্ত আগবঢ়োৱা নাই৷ তেওঁ
গল্পৰ শেষত বহু সময়ত কিছুমান প্ৰশ্ন পাঠকৰ বাবে উন্মুক্ত কৰি ৰাখে৷ ফলত গল্পৰ
অন্তিম অৰ্থ পাঠকৰ নিজস্ব অভিজ্ঞতা, চিন্তা আৰু অনুভৱৰ ওপৰত নিৰ্ভৰশীল হৈ
পৰে৷ এই উন্মুক্ত সমাপ্তিয়ে তেওঁৰ গল্পক অধিক চিন্তনীয় আৰু গভীৰ কৰি তোলে৷
‘‘অৰ্পিতাৰ এৰাতি’’ৰ দৰে গল্পত এই বৈশিষ্ট্য বিশেষভাবে লক্ষ্য কৰা যায়, য’ত
ঘটনাৰ সত্যতা বা তাৎপৰ্য নিৰ্ধাৰণ কৰাৰ দায়িত্ব পাঠকৰ ওপৰতে ন্যস্ত কৰা হৈছে৷
পাঠকে নিজৰ অভিজ্ঞতা আৰু অনুভৱৰ আলোকেৰে গল্পটোৰ বিভিন্ন দিশ বিশ্লেষণ কৰিব পাৰে৷
দেৱব্ৰত
দাসৰ গল্পসমূহত সামাজিক বাস্তৱতাৰ সূক্ষ্ম আৰু গভীৰ বিশ্লেষণও গুৰুত্বপূৰ্ণ৷
আধুনিক সমাজৰ বিভিন্ন মানসিক, নৈতিক আৰু সামাজিক সংকট তেওঁ সূক্ষ্ম
পৰ্যবেক্ষণৰ মাধ্যমেৰে গল্পত উপস্থাপন কৰিছে৷ বিশেষকৈ মধ্যবিত্ত সমাজৰ মানসিকতা
তেওঁৰ গল্পৰ এক গুৰুত্বপূৰ্ণ বিষয়৷ মধ্যবিত্ত সমাজে এফালেদি নৈতিকতা, আদৰ্শ
আৰু সামাজিক দায়িত্বৰ কথা জোৰ দি কয়, কিন্তু বাস্তৱ জীৱনত তেওঁলোক বহু সময়ত
আপোচ, ভণ্ডামি আৰু স্বাৰ্থপৰ আচৰণৰ মাজেৰে জীৱন অতিবাহিত কৰে৷ এই দ্বৈত
মানসিকতা আধুনিক মধ্যবিত্ত সমাজৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য৷ দেৱব্ৰত দাসে তেওঁৰ
গল্পসমূহত এই মানসিকতাৰ অন্তৰালত লুকাই থকা অসামঞ্জস্য আৰু ভণ্ডামিক তীক্ষ্ণ
সংবেদনশীলতাৰে উন্মোচিত কৰিছে৷
এই
দিশটো বিশেষভাৱে প্ৰকাশ পাইছে ‘‘ডেওনাত এজন প্ৰতিভূ’’ নামৰ গল্পত৷ এই গল্পৰ কাহিনী
অত্যন্ত সাধাৰণ এক ঘটনাক কেন্দ্ৰ কৰি আগবাঢ়িছে, কিন্তু তাৰ
অন্তৰালত নিহিত সামাজিক তাৎপৰ্য গভীৰ৷ গল্পটোৰ কথকৰ ঘৰৰ সন্মুখত বাস কৰা এজন
ভিক্ষাৰীৰ উপস্থিতিৰে ঘটনাৰ সূচনা হয়৷ এদিন ৰাতি সেই ভিক্ষাৰীজন মৰি থকা বুলি শুনি
কথকজনৰ মনত সমাজৰ বিভিন্ন সমস্যা আৰু অৱক্ষয়ৰ বিষয়ে গভীৰ চিন্তা জাগি উঠে৷ তেওঁ
মধ্যবিত্ত সমাজৰ স্বাৰ্থপৰতা, সামাজিক অন্যায় আৰু আধুনিক সমাজৰ নৈতিক
অধঃপতনৰ বিষয়ে তীব্ৰভাৱে সমালোচনা আগবঢ়ায়৷ তেওঁৰ চিন্তাৰ মাজেৰে যেন সমাজৰ এক
বিস্তৃত চিত্ৰ উন্মোচিত হয়, য’ত দেখা যায় যে মানুহ ক্ৰমে অধিক
স্বাৰ্থপৰ আৰু উদাসীন হৈ পৰিছে৷
কিন্তু
গল্পটোৰ শেষত দেখা যায় যে ভিক্ষাৰীজন আচলতে মৰা নাই; তেওঁ জী আছে৷
এই ঘটনাই গল্পটোক এক তীব্ৰ ব্যঙ্গাত্মক ৰূপ প্ৰদান কৰিছে৷ কাৰণ এই পৰিস্থিতিত
স্পষ্ট হয় যে তত্ত্বগত আলোচনা কৰা সহজ, কিন্তু বাস্তৱিকতে দায়িত্ব গ্ৰহণ কৰাটো
বহুত কঠিন৷ কথকজেন সমাজৰ সমস্যাৰ ওপৰত দীৰ্ঘ আলোচনা কৰিলেও বাস্তৱ ক্ষেত্ৰত তেওঁ
নিজেও সেই সমস্যাৰ অংশ৷ এই দ্বন্দ্বই মধ্যবিত্ত মানসিকতাৰ অন্তৰালত লুকাই থকা
ভণ্ডামিক উন্মোচিত কৰে৷ মূলতঃ দেবব্ৰত দাসে আপাতদৃষ্টিত সৰু ঘটনাৰ মাধ্যমেৰে
আধুনিক সমাজৰ বৃহৎ বাস্তৱতাক প্ৰকাশ কৰিছে৷
দেৱব্ৰত
দাসৰ বহু গল্পৰ কেন্দ্ৰত একোটা নাৰী চৰিত্ৰ৷ তেওঁৰ গল্পত নাৰী কেৱল কাহিনীৰ অলংকাৰ
নহয়; বৰং সমাজৰ গভীৰ বাস্তৱতা আৰু মানসিক যন্ত্ৰণাৰ প্ৰতীক৷ আধুনিক সমাজত
নাৰীৰ জীৱনৰ যি জটিলতা, সংকট আৰু মানসিক দ্বন্দ্ব আছে, সেইবোৰক
তেওঁ সূক্ষ্ম সংবেদনশীলতাৰে গল্পত প্ৰকাশ কৰিছে৷ ‘‘চাৰিটা চিৰিৰ এন্ধাৰ’’ গল্পত এই
দিশটো অত্যন্ত শক্তিশালীভাৱে প্ৰতিফলিত হৈছে৷ এই গল্পত এগৰাকী নাৰীৰ জীৱনলৈ ধাপে
ধাপে নামি অহা অন্ধকাৰৰ চিত্ৰ অংকিত হৈছে৷ গল্পৰ আৰম্ভণিতে দেখা যায় যৌৱনৰ নিষ্পাপ,
প্ৰেমৰ
সুকোমল অনুভূতি আৰু জীৱনৰ আশা-আকাংক্ষাৰে ভৰা এক পৰিৱেশ৷ কিন্তু সময়ৰ লগে লগে সেই
স্বপ্ন ভাগি যায়৷ জীৱনৰ বিভিন্ন পৰিস্থিতি, সামাজিক
নিষ্ঠুৰতা আৰু ব্যক্তিগত বিপৰ্যয়ে নায়িকাক ক্ৰমে যন্ত্ৰণা, প্ৰতাৰণা আৰু
অৱনতিলৈ ঠেলি দিয়ে৷ গল্পটোৰ ‘‘চাৰিটা চিৰি’’ প্ৰতীকীভাবে জীৱনৰ চাৰিটা পৰ্যায়–আশা,
সন্দেহ,
যন্ত্ৰণা
আৰু অৱশেষত মৃত্যুক প্ৰতিনিধিত্ব কৰিছে৷ প্ৰতিটো চিৰিৰ সৈতে নায়িকাৰ জীৱনলৈ নামি
অহা অন্ধকাৰ অধিক গভীৰ হৈ উঠে৷
গল্পৰ
শেষত কথক নিজেই নায়িকাৰ ভয়ংকৰ বাস্তৱৰ বৰ্ণনা কৰিবলৈ অপাৰগতা প্ৰকাশ কৰে৷ এই
অপাৰগতা মূলতঃ আধুনিক সমাজৰ নিষ্ঠুৰ বাস্তৱতাৰ প্ৰতি এক গভীৰ মানসিক প্ৰতিক্ৰিয়া৷
যেন গল্পকাৰ নিজেই সেই বাস্তৱৰ সন্মুখীন হৈ স্তব্ধ হৈ পৰে৷ এই নীৰৱতাই গল্পটোৰ
শিল্পগুণ৷ ইয়াৰ মাধ্যমেৰে পাঠকে উপলব্ধি কৰে যে আধুনিক সমাজৰ কিছুমান সত্য এতিয়াও
ইমানেই নিষ্ঠুৰ যে সেয়া ভাষাৰে সম্পূৰ্ণভাবে প্ৰকাশ কৰাটো কঠিন৷
দেৱব্ৰত
দাসৰ গল্পৰ চৰিত্ৰসমূহৰ মাজত প্ৰত্যক্ষ কৰা যায় বিষণ্ণতা আৰু একাকিত্বৰ অনুভূতি৷
আধুনিক নগৰজীৱনৰ ব্যস্ততা, প্ৰতিযোগিতা আৰু বিচ্ছিন্নতাই মানুহক
ক্ৰমে নিঃসংগ কৰি তুলিছে৷ তেওঁৰ গল্পত দেখা যায় যে বহু চৰিত্ৰই মানুহৰ মাজত থাকিও
অন্তৰত একাকীত্বৰ বেদনা কঢ়িয়াই লৈ ফুৰে৷ এই বিষণ্ণতা কেৱল ব্যক্তিগত মানসিক
অৱস্থা নহয়; ই আধুনিক সমাজব্যৱস্থাৰ এক বৃহত্তৰ সংকটৰ
প্ৰতিফলন৷ মানুহে ক্ৰমে নিজকে আনৰ পৰা মানসিকভাৱে দূৰত্ব সৃষ্টি কৰিছে, ফলত
সহানুভূতি আৰু সম্পৰ্কৰ বান্ধোনও দুৰ্বল হৈ পৰিছে৷
তথাপি
এই বিষণ্ণতাৰ মাজতো দেবব্ৰত দাসে সম্পূৰ্ণ নৈৰাশ্য প্ৰকাশ কৰা নাই৷ তেওঁৰ গল্পত
বহু সময়ত মানৱীয় সহানুভূতি, অনুভূতি আৰু সম্ভাৱনাৰ সূক্ষ্ম সুৰ
সন্ধান কৰা হয়৷ জীৱনৰ কঠোৰ বাস্তৱতাৰ মাজতো মানুহৰ অন্তৰত এক মানৱীয় বোধ জীয়াই
থাকে– এই বিশ্বাস তেওঁৰ গল্পৰ অন্তৰ্নিহিত সৌন্দৰ্য৷
দেৱব্ৰত
দাসৰ গল্পত বাস্তৱতা আৰু সম্ভাৱ্যতাৰ মাজত এক সূক্ষ্ম দ্বন্দ্ব সদায় উপস্থিত থাকে৷
তেওঁৰ প্ৰথম পৰ্যায়ৰ গল্পসমূহৰ অধিকাংশ গল্পৰ ক্ষেত্ৰতে হতাশা, অনিশ্চয়তা
আৰু অস্তিত্ব সংকটৰ সুৰ লক্ষ্য কৰা যায়৷ সমাজৰ অৱক্ষয়, নৈতিক সংকট আৰু
ব্যক্তিমানসৰ বিভ্ৰান্তি এই গল্পসমূহত গভীৰভাৱে প্ৰতিফলিত হয়৷ কিন্তু পৰৱৰ্তী সময়ৰ
গল্পসমূহত এই হতাশাৰ মাজতো আশাৰ এক ৰেশ দেখা যায়৷ তেওঁৰ গল্পত বিশেষকৈ শিশু বা
কিশোৰ চৰিত্ৰসমূহৰ উপস্থিতিয়ে নতুন সম্ভাৱনাৰ ইংগিত দিয়ে৷ এই নৱপ্ৰজন্ম যেন সমাজৰ
ভৱিষ্যৎ সম্ভাৱনাৰ প্ৰতীক৷ ইয়াৰ জৰিয়তে গল্পকাৰ যেন বুজাব বিচাৰে যে সকলো অৱক্ষয়,
যন্ত্ৰণা
আৰু অন্ধকাৰৰ মাজতো মানৱীয় সম্ভাৱনা সম্পূৰ্ণভাবে লোপ নাপায়৷
সামগ্ৰিকভাৱে
দেখা যায় যে দেৱব্ৰত দাসৰ গল্পসমূহ আধুনিক সমাজৰ মানসিক আৰু সামাজিক বাস্তৱতাৰ এক
গভীৰ অনুসন্ধান৷ নগৰীয়া জীৱনৰ অস্থিৰতা, মধ্যবিত্ত দ্বৈত মানসিকতা, নাৰীৰ
জীৱনৰ যন্ত্ৰণা আৰু ব্যক্তিমানসৰ বিৰোধাভাস– এই সকলো উপাদান তেওঁৰ গল্পত এক বিশেষ
শিল্পভংগীৰে প্ৰকাশ পাইছে৷ অভিনৱ কথনভংগী, উন্মুক্ত সমাপ্তি আৰু সূক্ষ্ম সামাজিক
বিশ্লেষণৰ জৰিয়তে তেওঁ অসমীয়া গল্পসাহিত্যত এক নতুন দিশ উন্মোচন কৰিছে৷ সেই অৰ্থত
দেবব্ৰত দাসৰ গল্পসমূহ কেৱল সাহিত্যিক সৃষ্টি নহয়; ই আধুনিক জীৱনৰ
জটিল বাস্তৱতা বুজিবলৈ সহায় কৰা এক ধৰণৰ গভীৰ মানৱীয় দলিল৷
***
ফোন : ৭০০২৯-৬৬১৯৯
