অন্যযুগ/


দেৱব্ৰত দাসৰ গল্প

 

অসীম চুতীয়া

 

অসমীয়া আধুনিক গল্পসাহিত্যত যিসকল গল্পকাৰে বিষয়বস্তু, কথনভংগী আৰু জীৱনবোধৰ ক্ষেত্ৰত নতুন দিশ মুকলি কৰিছিল৷ সেই গল্পকাৰসকলৰ ভিতৰত অন্যতম মননশীল গল্পকাৰজন হৈছে দেৱব্ৰত দাস৷ তেওঁৰ গল্পসমূহে অসমীয়া সাহিত্যত এক নতুন চিন্তাধাৰা আৰু আধুনিক সংবেদনশীলতাৰ সূচনা কৰে৷ সমাজৰ জটিল বাস্তৱতা, মধ্যবিত্ত জীৱনৰ অন্তদ্বৰ্ন্দ্ব, ব্যক্তিমানসৰ অস্থিৰতা আৰু আধুনিক সময়ৰ অস্তিত্ব সংকট – এই সকলো বিষয় তেওঁৰ গল্পৰ কেন্দ্ৰীয় উপাদান হিচাপে পৰিগণিত হৈছে৷ দেৱব্ৰত দাসে গল্পৰ মাধ্যমেৰে এক নতুন অভিজ্ঞতাৰ জগত উন্মোচিত কৰিছিল, য’ত দৈনন্দিন জীৱনৰ আপাতদৃষ্টিত সাধাৰণ ঘটনাৰ অন্তৰালত লুকাই থকা গভীৰ মানসিকতা আৰু সামাজিক সত্যৰ অনুসন্ধান লক্ষ্য কৰা যায়৷ তেওঁৰ গল্পত বাহ্যিক ঘটনাৰ চমক, অপেক্ষা, মানুহৰ অন্তৰজগতৰ আলোড়ন আৰু বিৰোধাভাসে অধিক প্ৰাধান্য লাভ কৰিছে৷

দেৱব্ৰত দাসৰ গল্পৰ জগতখন মূলতঃ নাগৰিক জীৱনৰ অভিজ্ঞতাৰ ভিত্তি গঢ় লৈ উঠিছে৷ অসমীয়া গল্পসাহিত্যৰ পূৰ্বৱৰ্তী সময়ত গ্ৰাম্য জীৱন, প্ৰকৃতি আৰু গাঁওসমাজৰ জীৱনধাৰাই অধিক স্থান দখল কৰি আছিল৷ কিন্তু দেৱব্ৰত দাসে সেই ধাৰাৰ পৰা আঁতৰি আহি নগৰীয়া জীৱনৰ জটিলতা আৰু মানসিক বাস্তৱতাক গল্পৰ কেন্দ্ৰত স্থান দিছিল৷ আধুনিক নগৰজীৱনৰ মাজত মানুহৰ জীৱন যিদৰে ব্যস্ততা, নিঃসঙ্গতা আৰু বিচ্ছিন্নতাৰ অভিজ্ঞতাৰে পৰিপূৰ্ণ হৈ উঠিছে, সেই বাস্তৱতাক তেওঁ গভীৰ সংবেদনশীলতাৰে উপলব্ধি কৰিছিল৷ তেওঁৰ গল্পত নগৰীয়া জীৱন কেৱল বাহ্যিক ঘটনাৰ সমষ্টি নহয়; ই মানুহৰ অন্তৰজগতৰ দ্বন্দ্ব, সংশয়, হতাশা আৰু আকাংক্ষাৰ সৈতে গভীৰভাৱে জড়িত৷ বহু সময়ত তেওঁৰ গল্পৰ চৰিত্ৰসমূহে নিজৰ জীৱনৰ অৰ্থ আৰু উদ্দেশ্য বিচাৰি ফুৰে৷ কিন্তু সামাজিক পৰিস্থিতি, সময়ৰ নিষ্ঠুৰতা আৰু ব্যক্তিগত সীমাবদ্ধতাই সেই অনুসন্ধানক অধিক জটিল কৰি তোলে৷ এই অনুসন্ধানেই তেওঁৰ গল্পসমূহক এক বিশেষ মনস্তাত্ত্বিক গভীৰতা প্ৰদান কৰিছে৷

এই দিশটো বিশেষভাবে প্ৰকাশ পাইছে তেওঁৰ বিখ্যাত গল্প ‘‘অৰ্পিতাৰ এৰাতি’’ত৷ এই গল্পত এটা বিশেষ ৰাতিৰ অভিজ্ঞতাৰ মাজেৰে নায়কজনৰ অন্তৰ্জগত আৰু আত্মবিশ্লেষণৰ জটিলতা প্ৰকাশ পাইছে৷ গল্পটো পঢ়োঁতে পাঠকৰ মনত কেতিয়াবা সন্দেহ জাগে– ঘটনাটো সঁচাকৈয়ে ঘটিছিল নে নায়কৰ কল্পনাৰ সৃষ্টি? কথক নিজেও যেন এই সন্দেহৰ পৰা মুক্ত নহয়৷ এই দ্বিধাই গল্পটোক মননশীল কৰি তুলিছে৷ গল্পকাৰ মূলতঃ এই দ্বিধা আৰু সংশয়ৰ মাধ্যমেৰে মানুহৰ অন্তৰজগতৰ জটিলতা আৰু আত্মসমালোচনাৰ প্ৰতিক্ৰিয়াক প্ৰকাশ কৰিছে৷

গল্পটোৰ নায়কজনৰ অতীত জীৱনৰ কিছু প্ৰসংগও ইয়াত উন্মোচিত হয়৷ এসময়ত তেওঁ সমাজ পৰিবৰ্তনৰ স্বপ্ন দেখা এজন আদৰ্শবাদী মানুহ আছিল৷ দুখ-দাৰিদ্ৰ্য আৰু সামাজিক বৈষম্যৰ বিৰুদ্ধে কিছু কাম কৰাৰ আকাংক্ষাৰে তেওঁ বিভিন্ন ঠাই ঘূৰি ফুৰিছিল৷ কিন্তু সময়ৰ সোঁতত সেই আদৰ্শবাদ যেন ম্লান হৈ পৰে৷ চৰকাৰী চাকৰিৰ নিশ্চিন্ত আৰু আৰামদায়ক জীৱনত তেওঁ নিজকে সীমাবদ্ধ কৰি পেলায়৷ অৰ্পিতাৰ সৈতে সেই এৰাতিৰ অভিজ্ঞতাই যেন তেওঁৰ ভিতৰত লুকাই থকা মানৱীয় সহানুভূতি, অনুশোচনা আৰু অপূৰ্ণ আকাংক্ষাক উন্মোচিত কৰে৷ এই গল্পটো মূলতঃ মানুহৰ আত্মবিশ্লেষণ আৰু মানসিক দ্বন্দ্বৰ কাহিনী৷ এই গল্পত কাহিনীৰ নাটকীয়তা অপেক্ষা নায়কজনৰ মানসিক অনুভৱৰ বিশ্লেষণেই অধিক গুৰুত্ব লাভ কৰিছে৷ নায়কজনৰ মনত চলি থকা চিন্তা, সংশয় আৰু আত্মসমালোচনাই গল্পটোৰ মূল শক্তি৷ ইয়াৰ মাধ্যমেৰে গল্পকাৰে আধুনিক মধ্যবিত্ত মানুহৰ মানসিক সংকটক অত্যন্ত সূক্ষ্মভাৱে উন্মোচিত কৰিছে৷

দেৱব্ৰত দাসৰ গল্পৰ কথনভংগীতো বিশেষ উল্লেখযোগ্য অভিনৱত্ব লক্ষ্য কৰা যায়৷ তেওঁ সাধাৰণ কাহিনীকেন্দ্ৰিক গাঁথনি অনুসৰণ কৰা নাই৷ তেওঁৰ গল্পত কথকজন বহু সময়ত ঘটনাৰ সৈতে জড়িত এক অংশীদাৰৰ দৰে উপস্থিত থাকে৷ কথকজন কেৱল বাহ্যিক ঘটনাৰ বৰ্ণনাকাৰী নহয়; তেওঁ সেই ঘটনাৰ মানসিক আৰু সামাজিক তাৎপৰ্যৰ অনুসন্ধানকাৰীও৷ এই কথনভংগীয়ে তেওঁৰ গল্পত এক বিশেষ অন্তৰঙ্গতা সৃষ্টি কৰে৷ পাঠকো যেন সেই অভিজ্ঞতাৰ অংশীদাৰ হৈ পৰে আৰু ঘটনাবোৰক নিজস্ব দৃষ্টিভংগীৰে অনুধাৱন কৰিবলৈ আৰম্ভ কৰে৷

গল্পৰ সমাপ্তিতো দেবব্ৰত দাসে সাধাৰণতে কোনো চূড়ান্ত সিদ্ধান্ত আগবঢ়োৱা নাই৷ তেওঁ গল্পৰ শেষত বহু সময়ত কিছুমান প্ৰশ্ন পাঠকৰ বাবে উন্মুক্ত কৰি ৰাখে৷ ফলত গল্পৰ অন্তিম অৰ্থ পাঠকৰ নিজস্ব অভিজ্ঞতা, চিন্তা আৰু অনুভৱৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে৷ এই উন্মুক্ত সমাপ্তিয়ে তেওঁৰ গল্পক অধিক চিন্তনীয় আৰু গভীৰ কৰি তোলে৷ ‘‘অৰ্পিতাৰ এৰাতি’’ৰ দৰে গল্পত এই বৈশিষ্ট্য বিশেষভাবে লক্ষ্য কৰা যায়, য’ত ঘটনাৰ সত্যতা বা তাৎপৰ্য নিৰ্ধাৰণ কৰাৰ দায়িত্ব পাঠকৰ ওপৰতে ন্যস্ত কৰা হৈছে৷ পাঠকে নিজৰ অভিজ্ঞতা আৰু অনুভৱৰ আলোকেৰে গল্পটোৰ বিভিন্ন দিশ বিশ্লেষণ কৰিব পাৰে৷

দেৱব্ৰত দাসৰ গল্পসমূহত সামাজিক বাস্তৱতাৰ সূক্ষ্ম আৰু গভীৰ বিশ্লেষণও গুৰুত্বপূৰ্ণ৷ আধুনিক সমাজৰ বিভিন্ন মানসিক, নৈতিক আৰু সামাজিক সংকট তেওঁ সূক্ষ্ম পৰ্যবেক্ষণৰ মাধ্যমেৰে গল্পত উপস্থাপন কৰিছে৷ বিশেষকৈ মধ্যবিত্ত সমাজৰ মানসিকতা তেওঁৰ গল্পৰ এক গুৰুত্বপূৰ্ণ বিষয়৷ মধ্যবিত্ত সমাজে এফালেদি নৈতিকতা, আদৰ্শ আৰু সামাজিক দায়িত্বৰ কথা জোৰ দি কয়, কিন্তু বাস্তৱ জীৱনত তেওঁলোক বহু সময়ত আপোচ, ভণ্ডামি আৰু স্বাৰ্থপৰ আচৰণৰ মাজেৰে জীৱন অতিবাহিত কৰে৷ এই দ্বৈত মানসিকতা আধুনিক মধ্যবিত্ত সমাজৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য৷ দেৱব্ৰত দাসে তেওঁৰ গল্পসমূহত এই মানসিকতাৰ অন্তৰালত লুকাই থকা অসামঞ্জস্য আৰু ভণ্ডামিক তীক্ষ্ণ সংবেদনশীলতাৰে উন্মোচিত কৰিছে৷

এই দিশটো বিশেষভাৱে প্ৰকাশ পাইছে ‘‘ডেওনাত এজন প্ৰতিভূ’’ নামৰ গল্পত৷ এই গল্পৰ কাহিনী অত্যন্ত সাধাৰণ এক ঘটনাক কেন্দ্ৰ কৰি আগবাঢ়িছে, কিন্তু তাৰ অন্তৰালত নিহিত সামাজিক তাৎপৰ্য গভীৰ৷ গল্পটোৰ কথকৰ ঘৰৰ সন্মুখত বাস কৰা এজন ভিক্ষাৰীৰ উপস্থিতিৰে ঘটনাৰ সূচনা হয়৷ এদিন ৰাতি সেই ভিক্ষাৰীজন মৰি থকা বুলি শুনি কথকজনৰ মনত সমাজৰ বিভিন্ন সমস্যা আৰু অৱক্ষয়ৰ বিষয়ে গভীৰ চিন্তা জাগি উঠে৷ তেওঁ মধ্যবিত্ত সমাজৰ স্বাৰ্থপৰতা, সামাজিক অন্যায় আৰু আধুনিক সমাজৰ নৈতিক অধঃপতনৰ বিষয়ে তীব্ৰভাৱে সমালোচনা আগবঢ়ায়৷ তেওঁৰ চিন্তাৰ মাজেৰে যেন সমাজৰ এক বিস্তৃত চিত্ৰ উন্মোচিত হয়, য’ত দেখা যায় যে মানুহ ক্ৰমে অধিক স্বাৰ্থপৰ আৰু উদাসীন হৈ পৰিছে৷

কিন্তু গল্পটোৰ শেষত দেখা যায় যে ভিক্ষাৰীজন আচলতে মৰা নাই; তেওঁ জী আছে৷ এই ঘটনাই গল্পটোক এক তীব্ৰ ব্যঙ্গাত্মক ৰূপ প্ৰদান কৰিছে৷ কাৰণ এই পৰিস্থিতিত স্পষ্ট হয় যে তত্ত্বগত আলোচনা কৰা সহজ, কিন্তু বাস্তৱিকতে দায়িত্ব গ্ৰহণ কৰাটো বহুত কঠিন৷ কথকজেন সমাজৰ সমস্যাৰ ওপৰত দীৰ্ঘ আলোচনা কৰিলেও বাস্তৱ ক্ষেত্ৰত তেওঁ নিজেও সেই সমস্যাৰ অংশ৷ এই দ্বন্দ্বই মধ্যবিত্ত মানসিকতাৰ অন্তৰালত লুকাই থকা ভণ্ডামিক উন্মোচিত কৰে৷ মূলতঃ দেবব্ৰত দাসে আপাতদৃষ্টিত সৰু ঘটনাৰ মাধ্যমেৰে আধুনিক সমাজৰ বৃহৎ বাস্তৱতাক প্ৰকাশ কৰিছে৷

দেৱব্ৰত দাসৰ বহু গল্পৰ কেন্দ্ৰত একোটা নাৰী চৰিত্ৰ৷ তেওঁৰ গল্পত নাৰী কেৱল কাহিনীৰ অলংকাৰ নহয়; বৰং সমাজৰ গভীৰ বাস্তৱতা আৰু মানসিক যন্ত্ৰণাৰ প্ৰতীক৷ আধুনিক সমাজত নাৰীৰ জীৱনৰ যি জটিলতা, সংকট আৰু মানসিক দ্বন্দ্ব আছে, সেইবোৰক তেওঁ সূক্ষ্ম সংবেদনশীলতাৰে গল্পত প্ৰকাশ কৰিছে৷ ‘‘চাৰিটা চিৰিৰ এন্ধাৰ’’ গল্পত এই দিশটো অত্যন্ত শক্তিশালীভাৱে প্ৰতিফলিত হৈছে৷ এই গল্পত এগৰাকী নাৰীৰ জীৱনলৈ ধাপে ধাপে নামি অহা অন্ধকাৰৰ চিত্ৰ অংকিত হৈছে৷ গল্পৰ আৰম্ভণিতে দেখা যায় যৌৱনৰ নিষ্পাপ, প্ৰেমৰ সুকোমল অনুভূতি আৰু জীৱনৰ আশা-আকাংক্ষাৰে ভৰা এক পৰিৱেশ৷ কিন্তু সময়ৰ লগে লগে সেই স্বপ্ন ভাগি যায়৷ জীৱনৰ বিভিন্ন পৰিস্থিতি, সামাজিক নিষ্ঠুৰতা আৰু ব্যক্তিগত বিপৰ্যয়ে নায়িকাক ক্ৰমে যন্ত্ৰণা, প্ৰতাৰণা আৰু অৱনতিলৈ ঠেলি দিয়ে৷ গল্পটোৰ ‘‘চাৰিটা চিৰি’’ প্ৰতীকীভাবে জীৱনৰ চাৰিটা পৰ্যায়–আশা, সন্দেহ, যন্ত্ৰণা আৰু অৱশেষত মৃত্যুক প্ৰতিনিধিত্ব কৰিছে৷ প্ৰতিটো চিৰিৰ সৈতে নায়িকাৰ জীৱনলৈ নামি অহা অন্ধকাৰ অধিক গভীৰ হৈ উঠে৷

গল্পৰ শেষত কথক নিজেই নায়িকাৰ ভয়ংকৰ বাস্তৱৰ বৰ্ণনা কৰিবলৈ অপাৰগতা প্ৰকাশ কৰে৷ এই অপাৰগতা মূলতঃ আধুনিক সমাজৰ নিষ্ঠুৰ বাস্তৱতাৰ প্ৰতি এক গভীৰ মানসিক প্ৰতিক্ৰিয়া৷ যেন গল্পকাৰ নিজেই সেই বাস্তৱৰ সন্মুখীন হৈ স্তব্ধ হৈ পৰে৷ এই নীৰৱতাই গল্পটোৰ শিল্পগুণ৷ ইয়াৰ মাধ্যমেৰে পাঠকে উপলব্ধি কৰে যে আধুনিক সমাজৰ কিছুমান সত্য এতিয়াও ইমানেই নিষ্ঠুৰ যে সেয়া ভাষাৰে সম্পূৰ্ণভাবে প্ৰকাশ কৰাটো কঠিন৷

দেৱব্ৰত দাসৰ গল্পৰ চৰিত্ৰসমূহৰ মাজত প্ৰত্যক্ষ কৰা যায় বিষণ্ণতা আৰু একাকিত্বৰ অনুভূতি৷ আধুনিক নগৰজীৱনৰ ব্যস্ততা, প্ৰতিযোগিতা আৰু বিচ্ছিন্নতাই মানুহক ক্ৰমে নিঃসংগ কৰি তুলিছে৷ তেওঁৰ গল্পত দেখা যায় যে বহু চৰিত্ৰই মানুহৰ মাজত থাকিও অন্তৰত একাকীত্বৰ বেদনা কঢ়িয়াই লৈ ফুৰে৷ এই বিষণ্ণতা কেৱল ব্যক্তিগত মানসিক অৱস্থা নহয়; ই আধুনিক সমাজব্যৱস্থাৰ এক বৃহত্তৰ সংকটৰ প্ৰতিফলন৷ মানুহে ক্ৰমে নিজকে আনৰ পৰা মানসিকভাৱে দূৰত্ব সৃষ্টি কৰিছে, ফলত সহানুভূতি আৰু সম্পৰ্কৰ বান্ধোনও দুৰ্বল হৈ পৰিছে৷

তথাপি এই বিষণ্ণতাৰ মাজতো দেবব্ৰত দাসে সম্পূৰ্ণ নৈৰাশ্য প্ৰকাশ কৰা নাই৷ তেওঁৰ গল্পত বহু সময়ত মানৱীয় সহানুভূতি, অনুভূতি আৰু সম্ভাৱনাৰ সূক্ষ্ম সুৰ সন্ধান কৰা হয়৷ জীৱনৰ কঠোৰ বাস্তৱতাৰ মাজতো মানুহৰ অন্তৰত এক মানৱীয় বোধ জীয়াই থাকে– এই বিশ্বাস তেওঁৰ গল্পৰ অন্তৰ্নিহিত সৌন্দৰ্য৷

দেৱব্ৰত দাসৰ গল্পত বাস্তৱতা আৰু সম্ভাৱ্যতাৰ মাজত এক সূক্ষ্ম দ্বন্দ্ব সদায় উপস্থিত থাকে৷ তেওঁৰ প্ৰথম পৰ্যায়ৰ গল্পসমূহৰ অধিকাংশ গল্পৰ ক্ষেত্ৰতে হতাশা, অনিশ্চয়তা আৰু অস্তিত্ব সংকটৰ সুৰ লক্ষ্য কৰা যায়৷ সমাজৰ অৱক্ষয়, নৈতিক সংকট আৰু ব্যক্তিমানসৰ বিভ্ৰান্তি এই গল্পসমূহত গভীৰভাৱে প্ৰতিফলিত হয়৷ কিন্তু পৰৱৰ্তী সময়ৰ গল্পসমূহত এই হতাশাৰ মাজতো আশাৰ এক ৰেশ দেখা যায়৷ তেওঁৰ গল্পত বিশেষকৈ শিশু বা কিশোৰ চৰিত্ৰসমূহৰ উপস্থিতিয়ে নতুন সম্ভাৱনাৰ ইংগিত দিয়ে৷ এই নৱপ্ৰজন্ম যেন সমাজৰ ভৱিষ্যৎ সম্ভাৱনাৰ প্ৰতীক৷ ইয়াৰ জৰিয়তে গল্পকাৰ যেন বুজাব বিচাৰে যে সকলো অৱক্ষয়, যন্ত্ৰণা আৰু অন্ধকাৰৰ মাজতো মানৱীয় সম্ভাৱনা সম্পূৰ্ণভাবে লোপ নাপায়৷

সামগ্ৰিকভাৱে দেখা যায় যে দেৱব্ৰত দাসৰ গল্পসমূহ আধুনিক সমাজৰ মানসিক আৰু সামাজিক বাস্তৱতাৰ এক গভীৰ অনুসন্ধান৷ নগৰীয়া জীৱনৰ অস্থিৰতা, মধ্যবিত্ত দ্বৈত মানসিকতা, নাৰীৰ জীৱনৰ যন্ত্ৰণা আৰু ব্যক্তিমানসৰ বিৰোধাভাস– এই সকলো উপাদান তেওঁৰ গল্পত এক বিশেষ শিল্পভংগীৰে প্ৰকাশ পাইছে৷ অভিনৱ কথনভংগী, উন্মুক্ত সমাপ্তি আৰু সূক্ষ্ম সামাজিক বিশ্লেষণৰ জৰিয়তে তেওঁ অসমীয়া গল্পসাহিত্যত এক নতুন দিশ উন্মোচন কৰিছে৷ সেই অৰ্থত দেবব্ৰত দাসৰ গল্পসমূহ কেৱল সাহিত্যিক সৃষ্টি নহয়; ই আধুনিক জীৱনৰ জটিল বাস্তৱতা বুজিবলৈ সহায় কৰা এক ধৰণৰ গভীৰ মানৱীয় দলিল৷

***

 

ফোন : ৭০০২৯-৬৬১৯৯

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ