অন্যযুগ/


এখন পানীৰ কম্বল

কবি : থমাছ বাৰ্ণহাৰ্ড (Thomas Bernhard , অষ্ট্ৰিয়া)

অনুবাদ :  ড° ৰঞ্জিত দত্ত


এখন 

পানীৰ কম্বলত

মই সী লৈছোঁ

মোৰ দিনবোৰক,

মোৰ ভগৱানক

আৰু মোৰ

অসুখবোৰক।


এখন 

সেউজীয়াৰ কম্বলত

সী লৈছোঁ মই

মোৰ ৰক্তিম বেদনাবোৰক,

নীলাভ পুৱাবোৰক,

মোৰ হালধীয়া গাঁওখন

আৰু মোৰ প্ৰিয়

সুমিষ্ট কেকবোৰক।


মাটিৰ কম্বল এখনত

মই সী লৈছোঁ

মোৰ অনিত্যতাক,

মই চিলাই লৈছোঁ

মোৰ  নিশাবোৰক,

মোৰ বুভুক্ষাক,

মোৰ দুখ আৰু মোৰ

হতাশাৰ যুদ্ধ জাহাজখনক

যি আগুৱাইছে পানীৰ হেজাৰ 

শৰীৰৰ ওপৰেদি ,

উথলি উঠা পানীৰ মাজেদিয়ে

অমৰত্বৰ জলৰাশিৰ মাজলৈ।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ