অন্যযুগ/


দাঁতৰ পোক

অলকা মহন্ত

এক


দাঁত এটাত পোক ধৰিছে

একত্ৰিছতাই নজনাকৈ বিষ বাঢ়িছে

এটা-দুটাকৈ পোকবোৰ কাষৰ দাঁতটোলৈ বগাইছে

বাকী ত্ৰিছটাই কথাটো আওকাণ কৰিছে 

বিষটো ক্ৰমশঃ উজাই গৈ আছে ।


দাঁতবোৰত এতিয়া দখল কৰিছে এটা অজান বিষ

আৰু কেতবোৰ প্ৰব্ৰজনকাৰী পোক ।


দুই


মুখৰোচক খবৰবোৰ জিভাখনে পাগুলি থাকোঁতে 

পোকবোৰেও শুনিবলৈ পায়

মূল্যবৃদ্ধি বেৰোজগাৰ

বেদখলকাৰী উচ্ছেদ আৰু হুমনিয়াহ কাঢ়ি

জোৰকৈ কুৰুকি দিয়ে আপোনাৰ দাঁত ‌।


তিনি


আপুনি কোষ্ঠকাঠিন্যত ভোগা কথাটো পোকবোৰে জানে

ডাক্তৰে আপোনাক খাদ্য ভালকৈ চোবাই খাবলৈ পৰামৰ্শ দি এনজাইম্ দিছে 

আৰু দাঁতবোৰ এবাৰ পৰীক্ষা কৰাবলৈ কৈছে ।


চাৰি


উচ্ছেদ অভিযানৰ খবৰে কাকতৰ পৃষ্ঠা দখল কৰিছে

জিভাখনৰ জৰিয়তে পোকবোৰেও খবৰটো পাইছে

বিষ বাঢ়ি গৈছে

খৰখেদাকৈ আপুনি ডেণ্টিষ্টৰ কাষ চাপিছে

পোক লগা দাঁতবোৰ উভালি পেলোৱাই ভাল ‌।


পাঁচ


পোক নামৰ এই নিমাখিত প্ৰাণীটোক 

আপুনি ভুলতো দোষ নিদিব

ইহঁত পৰজীৱী 

ঠিক আপোনাৰ-মোৰ দৰে


খবৰ কাগজত মুখৰোচক কথাবোৰ 

উচ্ছন্নক পুনৰ সংস্থাপন ‌।

… 

ঠিকনা :

বামুণীমৈদাম, গুৱাহাটী-২১

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ