অন্যযুগ/


অসমীয়া ‘ৱিকিমিডিয়া’ প্ৰকল্পসমূহৰ জয়যাত্ৰা আৰু অসমীয়া ‘ৱিকিপিডিয়া’ৰ গতি-প্ৰকৃতি: এটি অৱলোকন

 ভাস্কৰ ভূঞা

 

ৱিকিপিডিয়া (Wikipedia)

ৱিকিপিডিয়া হ’ল অব্যৱসায়িক, মুক্ত, ৱেব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ বা তথ্যকোষ৷ ৱিকিপিডিয়াৰ প্ৰতিষ্ঠাপক আছিল লেৰী ছোংগাৰ আৰু জিমী ৱেল্‌ছ৷ জিমী ৱেলছৰ মতে ৱিকিপিডিয়া হৈছে– “পৃথিৱীৰ প্ৰত্যেক ব্যক্তিৰ মাতৃভাষাতে এখন উৎকৃষ্ট মানৰ বহুভাষিক মুক্ত বিশ্বকোষ ৰচনাৰ প্ৰয়াস৷ ৱিকিপিডিয়াৰ লক্ষ্য হ’ল সকলোৱে বিনামূলীয়াকৈ পাবপৰাকৈ জ্ঞান আৰু তথ্যৰ বিতৰণ৷” ২০০১ চনৰ ১৫ জানুৱাৰিত জিম্মী ৱেলছ আৰু লেৰী ছেংগাৰে এই বৃহত্তৰ ৱিকিপিডিয়া ৱেবছাইটটি মুকলি কৰে৷ বিশ্বৰ যিকোনো ভাষাৰ সাহিত্য-সমাজ-সংস্কৃতিৰ প্ৰতিটো বিষয়েই তথ্যসহ আৰু তথ্যৰ উৎসসহ এই বৃহত্তৰ ৱেবচাইটোত সংকলিত ৰূপত সংৰক্ষণ কৰা হয়৷ বৰ্তমান বিশ্বৰ ৩২১ টা ভাষাত ৱিকিপিডিয়াৰ সেৱা উপলব্ধ৷ ৱিকিপিডিয়াৰ মুখ্য কাৰ্যালয় আছে আমেৰিকা যুক্তৰাষ্ট্ৰত৷ ৱিকিপিডিয়াৰ পৃষ্ঠাত প্ৰকাশ কৰা তথ্য আৰু প্ৰকাশযোগ্য প্ৰবন্ধৰ কোনো সীমাৱদ্ধতা নাই৷ প্ৰবন্ধৰ সৈতে তথ্য উৎস দিয়াটো ৱিকিপিডিয়াৰ প্ৰধান বিশেষত্ব৷ উল্লেখযোগ্য যে আমেৰিকাত ২০০১ চনত ৱিকিপিডিয়া জন্ম হোৱাৰ ঠিক এবছৰ পাছতেই অৰ্থাৎ ২০০২ চনৰ জুন মাহত অসমীয়া ৱিকিপিডিয়াৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হয়৷

ইণ্টাৰনেটত ‘ৱিকিপিডিয়া’ বিশ্বকোষধর্মী সুলভ তথ্যভাণ্ডাৰ হোৱাৰ উপৰি এতিয়া এই ৱেবছাইটত যিকোনো বিশ্বকোষধর্মী তথ্য, খবৰ, বা-বাতৰি আদি সন্নিৱিষ্ট কৰা হয়৷ যিকোনো ভাষাৰ সাহিত্য-সমাজ-সংস্কৃতিৰপৰা আৰম্ভ কৰি বিশ্বকোষ এখনত থাকিবৰ উপযুক্ত প্ৰতিটো বিষয়েই তথ্যসহ আৰু তথ্যৰ উৎসসহ ইয়াত লিখা হয়। ইয়াৰ পৃষ্ঠাত প্ৰকাশ কৰা তথ্য আৰু প্ৰকাশযোগ্য প্ৰবন্ধৰ কোনো সীমাৱদ্ধতা নাই। প্ৰবন্ধৰ সৈতে তথ্যৰ উৎস দিয়াটো ৱিকিপিডিয়াৰ প্ৰধান বিশেষত্ব। ইয়াৰ প্ৰবন্ধসমূহ ৱিকিপিডিয়াৰ পাঁচটা স্তম্ভ বা ৱিকিপিডিয়াৰ পঞ্চশীল নীতিৰ আধাৰত প্ৰতিষ্ঠিত। এটা প্ৰবন্ধৰ যুক্তিসংগত আকাৰ থকাটো ৱিকিপিডিয়াৰ অধিগম্যতাৰ বাবে প্ৰয়োজনীয়। কোনো এটা তথ্য ইণ্টাৰনেটত বিচাৰিলে মাতৃভাষাত সেই তথ্য উপলব্ধ হোৱাটো সকলোৱে আশা কৰে। ৱিকিপিডিয়া হ’ল তেনে এক প্ৰকাৰৰ তথ্যকোষ।

বৰ্তমান অসমীয়া ৱিকিপিডিয়াত প্ৰায় ১২৪৮৭ টা (ডিচেম্বৰ ২৭, ২০২৩ চন পৰ্যন্ত) প্ৰবন্ধ আছে৷ আৰু প্ৰতিদিনে ইয়াৰ সংখ্যা বৃদ্ধি হৈ গৈয়ে আছে। এই প্ৰবন্ধবোৰত অসমৰ ভাষা-সাহিত্য-সংস্কৃতি, ৰাজনীতি, অর্থনীতি, শিক্ষা, বাণিজ্য, জাতি-জনগোষ্ঠীৰপৰা আৰম্ভ কৰি অসম আৰু বিশ্বৰ বহুখিনি গুৰুত্বপূৰ্ণ সমল সম্পর্কে অসমীয়া ভাষাত উপলব্ধ ৷ ডিজিটেল মাধ্যমত অসমীয়া ভাষাক সমৃদ্ধিশালী কৰাত ৱিকিপিডিয়াৰ অৱদানেই সর্বাধিক।

 ৱিকিউৎস (Wikisource)

ৱিকিউৎস হ’ল ৱিকিমিডিয়া ফাউণ্ডেছনৰ দ্বাৰা পৰিচালিত মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল৷ ইয়াৰ উদ্দেশ্যসমূহ হ’ল লেখাৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয়, গ্ৰন্থ, আলােচনী আদি ইয়াত ইউনিক’ড ৰূপত সন্নিবিষ্ট কৰিব পাৰি৷ পূৰ্বতে কেৱল গুৰুত্বপূৰ্ণ ঐতিহাসিক পাঠ্যৰ আৰ্কাইভ সৃষ্টিত মনোনিৱেশ কৰা এই প্ৰকল্প বিস্তাৰ হৈ বৰ্তমান সাধাৰণ সমলৰ পুথিভঁৰালৰ ৰূপ লৈছে৷ “Project Sourceberg’’ নামেৰে ২০০৩ চনৰ ২৪ নৱেম্বৰত আৰম্ভ হোৱা প্ৰকল্পটোক সেই বছৰৰে শেষৰ ফালে “Wikisource’’ নাম দিয়া হয়৷ অসমীয়া ভাষাত ৱিকিচৰ্ছ প্ৰকল্পক “ৱিকিউৎস’’ নাম দিয়া হৈছে৷ ২০১৩ চনৰ জানুৱাৰিত অসমীয়া ৱিকিউৎসই নিজা উপ-ড’মেইন লাভ কৰে৷ ৱিকিউৎসৰ আৰম্ভ হৈছিল ২০০৩ চনৰ ২৪ নৱেম্বৰত৷ তেতিয়া ইয়াৰ নাম ৰাখিছিল– “Project Sourceberg (a play on words for Project Gutenberg)” আৰু ইয়াৰ ইউ. আৰ. এল. (URL) আছিল https://sources.wikipedia. ২০০৩ চনৰ ৬ ডিচেম্বৰত ইয়াৰ সদস্যসকলে ইয়াৰ নাম “Wikisource’’-অলৈ ৰূপান্তৰিত কৰিলে; কিন্তু  ইউ. আৰ. এল. (URL)-টো ২০০৪ চনৰ ২৩ জুলাইলৈকে https://wikisource.org-লৈ নিয়া হোৱা নাছিল৷ বৰ্তমান অসমৰ বহুতো পুৰণি আপুৰুগীয়া গ্ৰন্থ ৱিকিউৎসত ইউনিক’ড ৰূপত সংৰক্ষিত হৈ আছে৷ ৱিকিউৎস ৱেবছাইটতত পূৰ্বে প্ৰকাশিত যিকোনো গুৰুত্বপূৰ্ণ লিখনি সংগ্ৰহ কৰি ডিজিটেল ৰূপ দিয়া হয়৷ ইয়াৰ মাজৰ কিছুমান হৈছে– গল্প-উপন্যাস, চিঠি, ভাষণ, ধৰ্মীয় সংকলন, সাংবিধানিক আৰু ঐতিহাসিক দলিল আদি, আইন আৰু অনান্য দলিল আদি৷ সমস্ত সংগৃহীত লিখনি কপিৰাইটমুক্ত অথবা জি. এফ. ডি. এল. (GFDL-GNU Free Documentation License) লাইচেন্সৰ আওতাত থাকে৷ সকলো ভাষাৰ অনুবাদ লেখা ইয়াত থাকিব পাৰে৷ ৱিকিউৎসত অৱদানকাৰীসকলৰ নিজস্ব কোনো বস্তু বা নিজৰ লিখনি প্ৰকাশ কৰা স্থান নহয়৷ বৰ্তমান অসমীয়া ৱিকিউৎসত প্ৰায় ৩১০৬ টা কপিৰাইটমুক্ত লেখা আৰু ৫৯০ খনতকৈ অধিক কপিৰাইটমুক্ত গ্ৰন্থ সংগৃহীত হৈ আছে৷ (এই তথ্য ২৭ ডিচেম্বৰ, ২০২৩ তাৰিখ পৰ্যন্ত)। ৱিকিউৎসত অসমৰ নতুনচাম লেখকেও নিজৰ গ্ৰন্থ কপিৰাইটমুক্ত কৰি ৱিকিউৎসত সংৰক্ষণৰ বাবে জমা দিব পাৰে৷ ইয়াৰ বাবে নিৰ্দিষ্ট প্ৰক্ৰিয়া (OTRS পদ্ধতি) আছে৷

 


ৱিকিপিডিয়া কমন্স (Wikipedia Commons)

ৱিকিপিডিয়া কমন্স বা চমুকৈ ৱিকিকমন্স হ’ল এনে এটি অনলাইন মাধ্যম; যাৰ দ্বাৰা আলোকচিত্ৰ, অডিঅ’, ভিডিঅ’সমূহ নিৰ্দিষ্ট কিন্তু বিনামূলীয়া অনুজ্ঞাপত্ৰৰ দ্বাৰা সকলোৰে বাবে সকলো ভাষাতে মুক্তভাৱে ব্যৱহাৰ হোৱাকৈ ৰাখিব পাৰি৷ বিশ্বৰ যিকোনো প্ৰান্তৰ মানুহে এই ৱিকি কমন্সত থকা বিষয় এটা প্ৰয়োজন সাপেক্ষে সম্পাদনা কৰিব পাৰে, ব্যৱহাৰ কৰিব পাৰে৷ ৱিকিমিডিয়া, ৱিকিউৎস, ৱিকিকমন্স আটাইবোৰেই ‘ৱিকিমিডিয়া ফাউণ্ডেশ্যন’ৰে অন্তৰ্গত প্ৰকল্প৷ যিকোনো এটা প্ৰকল্পত নিজাকৈ এটা একাউণ্ট খুুলি ল’লেই আটাইকেইটা প্ৰকল্পতে সেই একেটা একাউণ্টৰ জৰিয়তেই প্ৰৱেশ কৰিব পাৰি৷ ৱিকি কমন্সত আপলোড কৰা ফটোৰ নিৰ্দিষ্ট অনুজ্ঞাপত্ৰ থকা বাঞ্চনীয়৷ কপিৰাইট উলংঘা কৰা যিকোনো তথ্য ৱিকি কমন্সত সংৰক্ষণ কৰা নহয়৷ অসমীয়া ভাষাৰো বহুবোৰ গুৰুত্বপূৰ্ণ ঐতিহাসিক আলোকচিত্ৰ, বক্তৃতা, বিভিন্ন জাতি-জনগোষ্ঠীবোৰৰ সংস্কৃতিসমূহ এই ৱেবচাইটত সংৰক্ষিত হৈ আছে৷

ৱিকিউদ্ধৃতি (wikiquote)

ৱিকিউদ্ধৃতি হ’ল অসমীয়া ভাষাৰ বিভিন্ন উদ্ধৃতিৰ এক অনলাইন সংকলন। ইয়াত যিকোনো ব্যৱহাৰকাৰীয়ে গুৰুত্বপূৰ্ণ ব্যক্তি আদিৰ নতুন উদ্ধৃতি সন্নিৱিষ্ট কৰিব পাৰে, অথবা আগৰে পৰা থকা উদ্ধৃতিত যদি ভুল থাকে সেয়া শুদ্ধ কৰিব পাৰে। অসমীয়া ৱিকিউদ্ধৃতিয়ে ২০২৩ চনৰ ৪ জানুৱাৰিত নিজাকৈ ড’মেইন লাভ কৰে

অসমীয়া ৱিকিপিডিয়াৰ গতি-প্ৰকৃতি:

অসমীয়া ৱিকিপিডিয়াৰ প্ৰাৰম্ভিক কাম-কাজৰ আৰম্ভ হয় ২০০২ চনৰ ২ জুন মাহৰপৰা৷ প্ৰথমটো ৱিকিপিডিয়া প্ৰবন্ধ অসম বিষয়ক আছিল৷ বৰ্তমান সময়লৈকে অসমীয়া ৱিকিপিডিয়াত ১২৪৮৭ (২৭ ডিচেম্বৰ, ২০২৩) টা প্ৰবন্ধ আছে৷ যদিও ২০০২ চনতে অসমীয়া ৱিকিপিডিয়াৰ আৰম্ভ কৰা হৈছিল; তথাপিও ক্ষিপ্ৰ গতিত ২০১১ চনৰপৰাহে এই প্ৰকল্পটোৰ বিকাশ আৰু প্ৰসাৰ হয়৷ আমি জনা-নজনা অসমৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া মানুহৰ প্ৰচেষ্টাত অসমীয়া ৱিকিপিডিয়াই জন্ম আৰু বিকাশ লাভ কৰিছিল৷ ২০০৭ চনত অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সংখ্যা ১০০ টা হৈছিলগৈ আৰু ২০১০ চনত প্ৰবন্ধৰ সংখ্যা ২৫০ টা হয়৷ ২০১২ চনত প্ৰবন্ধৰ সংখ্যা ১০০০টা হয় আৰু তাৰ পিছত ক্ৰমান্বয়ে প্ৰবন্ধৰ সংখ্যা আৰু প্ৰবন্ধ লিখা সদস্যৰ সংখ্যা বাঢ়িবলৈ ধৰে৷

২০০৪ চনৰ ১২ ছেপ্টেম্বৰত এগৰাকী অজ্ঞাত সদস্যই (আই. পি. ঠিকনাৰ পৰা) অসমীয়া ৱিকিপিডিয়াত প্ৰথমটো সম্পাদনা কৰিছিল। আৰম্ভণিৰ ইংৰাজী কথাখিনি অনুবাদ কৰি সেই সদস্যজনে লিখিছিল এনেদৰে— “আপোনাৰ মাতৃভাষা যদিহে অসমীয়া আৰু অসমীয়া ভাষাত এখন বিশ্বকোষ থকাটো অত্যন্ত জৰুৰী বুলি অনুভৱ কৰে, তেনেহ’লে আহক, এই মহৎ কার্যত আমাক সহায় কৰক।” ৱিকিপিডিয়াৰ প্ৰথমটো বেটুপাত সজা হৈছিল ২০০৬ চনৰ ২৩ ছেপ্টেম্বৰত। এই বেটুপাত সাজিছিল সমুজ্জ্বল চৌধুৰী (সদস্যঃ Samuzzal) নামৰ এজন ব্যক্তিয়ে। অসমীয়া ৱিকিপিডিয়াত প্রশাসক পদ (admin) লাভ কৰা তেখেত দ্বিতীয়জন ব্যক্তি। প্রথমজন ব্যক্তি আছিল ‘Chaipau’; তেখেতৰ সম্পূৰ্ণ নাম চাইপু বৰুৱা৷ সমুজ্জ্বল চৌধুৰীৰ সৈতে এই সময়ছোৱাত অনত্যম সক্ৰিয় সদস্য হিচাপে আছিল উত্তম সিংহ নামৰ এজন মণিপুৰী লোক। ইয়াৰ পৰৱৰ্তী সময়ত প্রিয়াংকু শৰ্মা, সংগীতা নামৰ দুটা একাউণ্টৰপৰা ৱিকিপিডিয়াৰ ছিষ্টেম মেছেজ (প্ৰণালী বার্তা) সম্পৰ্কীয় বিষয়বোৰ অনুবাদ কৰি অসমীয়াতো উপলব্ধ কৰাব পৰাৰ অৱস্থা হ’ল।’



অসমীয়া ৱিকিপিডিয়াত সৃষ্টি কৰা প্ৰথমটো প্ৰবন্ধ হ’ল ‘অসম’। ২০১১ চনৰপৰা এই প্ৰকল্পটো অধিক সক্ৰিয় হৈ পৰে। সেই সময়ত প্রভাকৰ শৰ্মা নেওগ, অম্লান বসুমতাৰী, বিষ্ণু শইকীয়া, গীতাৰ্থ বৰদলৈ, জলি বৰা, দীপাংকৰ চেতিয়া, সুস্মিতা বৰা, মনোৰঞ্জন মজুমদাৰ, অংশুমান দত্ত, প্ৰণৱজ্যোতি ভূঞা, অনামিকা বৰুৱা, দ্বিজেন মহন্ত, জ্যোতিপ্রকাশ নাথ, বাবুল বৈশ্য, উদ্দীপ তালুকদাৰ, পঙ্কজ জ্যোতি মহন্ত, মঞ্জিল কোঁৱৰ, অনিমেষ বৰা, ফাৰুক আজিজ, অঞ্জল বৰা, ছাইদুল ইছলাম আদিৰ দৰে অসংখ্য ব্যক্তিয়ে অসমীয়া ৱিকিপিডিয়াক বিশেষভাৱে সমৃদ্ধিশালী কৰে। ইয়াৰে প্ৰভাকৰ শৰ্মা নেওগ, অম্লান বসুমতাৰী, বিষ্ণু শইষকীয়া, গীতার্থ বৰদলৈ, ঈশানজ্যোতি বৰা আছিল ৱিকিপিডিয়াৰ প্রশাসক।

ইয়াৰ পাছৰ পৰ্যায়ত দিব্য দত্ত, চাণক্য কুমাৰ দাস, নয়নজ্যোতি শৰ্মা, ঈশানজ্যোতি বৰা, নয়নজ্যোতি নাথ, প্রাণজ্যোতি নাথ, ভাস্কৰ ভূঞা, চন্দন চিৰিং ফুকন, অজয় দাস, কুলধৰ ৰাভা, অনামিকা বড়া, মৃদুল কুমাৰ শৰ্মা, প্ৰিয়ংকুশ ডেকা, নিৰঞ্জন বৰা, দীপকজ্যোতি মহন্ত, ঈশান কাশ্যপ হাজৰিকা, ৰুমী বৰা, প্ৰণামিকা অধিকাৰী, জ্যোতি চিৰিং, জোনালী বৰুৱা, গীতাশ্ৰী গগৈ আপ্তে, হানিফ আলি, মৃদুল সিংহ ফুকন, পল্লৱী দত্ত, ৰাজদ্বীপ ৰাজবংশী, কন্দৰ্পজিৎ কল্লোল, যদুমণি গগৈ, ৰাজেন দাস আদিয়ে এই প্ৰকল্পলৈ বৰঙণি আগবঢ়াই আহিছে। ইয়াৰে জলি ৰুমী বৰা, অজয় দাস, ঈশানজ্যোতি বৰা আদিয়ে ৫০০ তকৈ অধিক প্রবন্ধ অকলেই লিখিছে। ২০২১ চনৰ আগষ্টৰপৰা ৱিকিপিডিয়াৰ মাহেকীয়া পৃষ্ঠা দৰ্শনৰ সংখ্যা ২০ লাখৰো অধিক ।

উল্লেখযোগ্য যে ৱিকিৰ আটাইকেইটা প্ৰকল্পক একেলগে ‘ৱিকিমিডিয়া’ শব্দটোৰে সামৰা হয় আৰু ৱিকিমিডিয়া প্ৰকল্পত কাম কৰা সদস্যসকলক ‘ৱিকিমিডিয়ান’ বুলি কোৱা হয়৷

ৰাইজৰ মাজলৈ ৱিকিমিডিয়াৰ প্ৰকল্পসমূহৰ প্ৰসাৰ-প্ৰচাৰ কৰিবলৈ ৱিকিমিডিয়ানসকলে ছ’চিয়েল মিডিয়া যেনে ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, টেলিগ্ৰাম আদিৰ সহায় লোৱাৰ সমান্তৰালভাৱে অসমৰ বিভিন্ন স্থানত বহুকেইখন কৰ্মশালা অনুষ্ঠিত কৰিছে৷ ইয়াৰে প্ৰথমখন কৰ্মশালা হৈছিল ২০১২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগত৷ এই কৰ্মশালাত প্ৰায় ২৫ জন সদস্যই অংশগ্ৰহণ কৰিছিল৷ ২০১২ চনতে কটন কলেজত অসমীয়া ৱিকিমিডিয়ানসকলে প্ৰথমবাৰৰ বাবে বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰে৷ তাৰ পাছত তেজপুৰ বিশ্ববিদ্যালয়, যোৰহাট চিকিৎসা মহাবিদ্যালয়, কটন কলেজ আদিত বহুকেইখন কৰ্মশালা অনুষ্ঠিত হয়৷ শেহতীয়াকৈ ২০১৮ চনত গুৱাহাটীত তিনি দিনীয়াকৈ ৱিকিপিডিয়া আৰু ৱিকিউৎসত লিখাৰ কৰ্মশালা অনুষ্ঠিত হৈছিল৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগেও মাজতে এদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছে৷ অন্যহাতে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ আৰু নৰ্থ লখিমপুৰ কলেজ (স্বতন্ত্ৰ, সম্প্ৰতি নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়) অসমীয়া বিভাগেও কিছু পৰিমাণে শিক্ষাৰ্থীসকলক ৱিকিপিডিয়াত প্ৰবন্ধ লিখিবলৈ অনুপ্ৰাণিত কৰিছে৷ কনা মহামাৰীজনিত চৰকাৰীভাৱে ঘোষিত লক্ডাউনৰ সময়ছোৱাত অনলাইন মাধ্যমেৰে বহুকেইখন কৰ্মশালাও অনুষ্ঠিত হৈ যায়৷ এই সময়তে অসম সাহিত্য সভাৰ উদ্যোগতো দুখনমান কৰ্মশালা অনলাইন-অফলাইন মাধ্যমেৰে সম্পন্ন হৈছে৷ ২০২২ চনত গুৱাহাটীৰ প্ৰাগজ্যোতিষ কলেজত ৱিকিৰ সদস্যসকলৰ প্ৰীতিমেল অনুষ্ঠিত হয় আৰু শেহতীয়াকৈ ২০২৩ চনৰ মে’ আহত ঢকুৱাখনাত ৱিকিউৎস কৰ্মশালা অনুষ্ঠিত হোৱাৰ লগতে নৱেম্বৰ মাহত মাজুলীত অসমীয়া ৱিকিপিডিয়াৰ এখন প্ৰীতিমেল অনুষ্ঠিত হৈ যায়৷ এই অনুষ্ঠানত অসমৰ ন-পুৰণি ১৮ জন সদস্যই অংশগ্ৰহণ কৰিছে৷

বাংলা ৱিকিপিডিয়াৰ সৈতে অসমীয়া ৱিকিপিডয়াই সহযোগিতামূলকভাৱে কাম কৰাৰ লগতে অনলাইন, অফলাইন কৰ্মশালাও অনুষ্ঠিত কৰিছে৷ উল্লেখ্য যে আগন্তুক নতুন বৰ্ষত অসমীয়া আৰু বাংলা ভাষাৰ সহযোগত ৪ জানুৱাৰিৰপৰা এসপ্তাহ ধৰি পুনৰ এখন সম্পাদনা মেলা অনুষ্ঠিত হ’ব৷

বৰ্তমান ২০২৩ চনৰপৰা প্ৰতি মাহে অনলাইন মীট যোগে ৱিকিপিডিয়ানসকলে মাহটোৰ সকলো কাম-কাজ সামৰিব পৰাকৈ এখন ই-মিটিং অনুষ্ঠিত কৰি আহিছে৷ এই ই-মিটিঙলৈ ৰাষ্ট্ৰীয় স্তৰত ভাল কৰা কৰি থকা ৱিকিমিডিয়ানক আমন্ত্ৰণ কৰি অনাৰ লগতে ৱিকিমিডিয়া ফাউণ্ডেশ্বনৰ সদস্যসকো আমন্ত্ৰণ জনোৱা হয়৷

 


অসমৰ বহুকেইজন ৱিকিপিডিয়ানে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ৱিকি-সন্মিলনত অসমক প্ৰতিনিধিত্ব কৰি অংশ গ্ৰহণ কৰিছেগৈ৷ তাৰ ভিতৰত ২০১৮ চনত কলিকতাত অনুষ্ঠিত Wikisource (Indic Wikisource Community Consultation 2018) বিষয়ক ৰাষ্ট্ৰীয় ৱৰ্কশ্বপত গীতাৰ্থ বৰদলৈয়ে অংশগ্ৰহণ কৰিছে৷ ২০১৯ চনত অনিমেশ বৰাই পুনেত অনুষ্ঠিত ‘ৱিকি এডভাঞ্চ ট্ৰেইনিং’ অনুষ্ঠানত অংশ গ্ৰহণ কৰিছে৷ তদুপৰি ২০১৯ বৰ্ষতে বাবুল বৈশ্য, অজয় দাস আৰু নয়ন জ্যোতি দাসে মুম্বাইত অনুষ্ঠিত Train the Trainer Program (TTT) অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ ২০২৩ বৰ্ষত হায়দৰাবাদত অনুষ্ঠিত ৱিকি কনফাৰেঞ্চ ২০২৪ত অসমৰ ৮ জনকৈ সদস্যই অংশগ্ৰহণ কৰিছে৷ তেওঁলোক হ’ল- গীতাৰ্থ বৰদলৈ, বাবুল বৈশ্য, ঈশানজ্যোতি বৰা, প্ৰণামিকা অধিকাৰী, প্ৰাণজ্যোতি নাথ, ভাস্কৰ ভূঞা, ৰুমী বৰা আৰু নয়নজ্যোতি নাথ৷ তদুপৰি ২০২৩ বৰ্ষতে কেৰালাত অনুষ্ঠিত Train the Trainer Program (TTT) অনুষ্ঠানত অসমৰ চন্দন চিৰিং ফুকন আৰু ৰুমী বৰাই অংশগ্ৰহণ কৰিছে আৰু দিল্লীত অনুষ্ঠিত মহিলা ৱিকি কেম্পত অসমৰ হৈ প্ৰণামিকা অধিকাৰীয়ে অংশগ্ৰহণ কৰিছে৷

ৱিকিপিডিয়াই বিভিন্ন ভাষাসমূহৰ মাজত বা একোটা পৃথক ভাষাৰ মাজতেই প্ৰবন্ধ লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷ এই প্ৰতিয়োগিতাবোৰত অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় বহুতো পুৰস্কাৰ পাবলৈ সক্ষম হোৱাৰ লগতে অসমীয়া ভাষায়ো বহুতো সমৃদ্ধিশালী ভাষাৰ লগত ফেৰ মাৰি পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে৷ সেইদৰে ৱিকিউৎসতো সময়ে সময়ে ‘এডিটাথন’, মুদ্ৰণ সংশোধন বা সম্পাদনা মেলা (এডিটাথন (ইংৰাজী: Edit-a-thon) বা সম্পাদনা মেলা হৈছে এক অনুষ্ঠান য’ত আন্তঃজাল জগতৰ কোনো বিশেষ সমূদায় যেনে ৱিকিপিডিয়া, অপেন ষ্ট্ৰীট মেপ, লকেল ৱিকি আদিৰ সম্পাদকসকলে কোনো এক নিৰ্দিষ্ট বিষয়ৰ ওপৰত আধাৰিত বিষয়ৰ প্ৰবন্ধ লিখে, অনুবাদ কৰে বা উন্নীতকৰণ প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰে। ) অনুষ্ঠিত হয়৷ এই প্ৰতিযোগিতাতো অসমৰ সদস্যসকলে সম্পূৰ্ণৰূপে অংশগ্ৰহণ কৰি আহিছে আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰ লাভ কৰি আহিছে৷

বৰ্তমান অসমীয়া ৱিকিপিডিয়াত লিখা-মেলা কৰা সক্ৰিয় সদস্যৰ সংখ্যা প্ৰায় ৩০-৪০ জনমান হ’ব৷ বহুতো লোকে একাউণ্ট খোলে যদিও পৰৱৰ্তী সময়ত ধাৰাবাহিকতা ৰক্ষা কৰিবগৈ নোৱাৰে৷ সেয়েহে ৱিকিপিডিয়াত সদস্যৰ সংখ্যা দেখাত সৰহ হ’লেও কাম কৰা মানুহৰ সংখ্যাটো তেনেই তাকৰ৷

২০১২ চনৰ ছেপ্তেম্বৰ মাহৰপৰা প্ৰতিমাহে আজিৰ তাৰিখলৈকে ৱিকিপিডিয়াৰ সদস্যসকলৰ দ্বাৰা প্ৰতিটো মাহৰ খতিয়ানসহ এখন ‘পত্ৰিকা’ প্ৰকাশ কৰা হৈ আহিছে৷ পত্ৰিকাখনৰ নাম ‘ৱিকিপত্ৰিকা’৷ এই পত্ৰিকাখনক কেন্দ্ৰ কৰি ৱিকিপিডিয়াৰ সদস্যসকলৰ কাম-কাজৰ আধাৰত নিৰ্ভৰ কৰি বিভিন্ন ধৰণৰ উদ্‌গনিমূলক পদক দিয়াৰ ব্যৱস্থা আছে৷ এই পদক বা পুৰস্কাৰবোৰে সদস্যসকলক প্ৰবন্ধ লিখিবলৈ উৎসাহিত কৰে৷

ৱিকিমিডিয়া প্ৰকল্পবোৰৰ কাম-কাজবোৰ চাবলৈ বা প্ৰবন্ধ চোৱা-চিতা আৰু প্ৰবন্ধবোৰৰ মান চাবলৈ কেইজনমান প্ৰশাসক (সম্পাদক) আছে৷ যিকোনো ভুল বা প্ৰবন্ধ একোটা বা প্ৰবন্ধৰ অংশবিশেষ বিশেষ কাৰণত ডিলিট কৰিবলগীয়া হ’লে বা সেই প্ৰবন্ধটোত কিবা জাননী, আলোচনা কৰিবলগীয়া থাকিলে প্ৰশাসকসকলে সেই কামখিনি কৰে৷ মুঠতে অসমীয়া ৱিকিপিডিয়াৰ সামগ্ৰিক কাম-কাজবোৰ এই পাৰ্গত সম্পাদকসকলে পৰিচালনা কৰে৷

অসমীয়া ৱিকিপিডিয়া বুলি কোনো ধৰণৰ নিজা সংগঠন বা সভাপতি-সম্পাদকৰ ব্যৱস্থা নাই৷ ৱিকিপিডিয়াত একাউণ্ট থকা সকলো সদস্যৰেই সমান অধিকাৰ আছে৷ মাত্ৰ কাম-কাজখিনি সূচাৰুৰূপে পৰিচালনা কৰিবৰ বাবেহে অভিজ্ঞ কেইজনমান ব্যক্তিয়ে ‘প্ৰশাসক’ৰ দৰে কাম-কাজ আগবঢ়াই নিয়ে৷

ৱিকিপিডিয়াত লিখিবলৈ প্ৰাৰম্ভিক প্ৰস্তুতি

ৱিকিপিডিয়াত লিখিবলৈ কোনো ডিগ্ৰীৰ প্ৰয়োজন নাই৷ বয়সৰ কোনো ধৰাবন্ধা নাই৷ কোন জাতি বা কোন ধৰ্মৰ হ’ব লাগিব, তাৰো কোনো নিয়ম নাই৷ মুঠতে বিশ্বৰ যিকোনো প্ৰান্তৰপৰা যিকোনো এজন ব্যক্তিয়েই ৱিকিপিডিয়াত লিখিব পাৰে৷ মাত্ৰ ব্যক্তিজনৰ এটা মোবাইল ফোন বা লেপটপ্ থাকিব লাগে আৰু তাত নিজৰ (অসমীয়া) ভাষাটো লিখিব পৰা কীৰ্বড সংযুক্ত থাকিলেই হ’ব৷ অৱশ্যে ৱিকিপিডিয়াত লিখিব খোজা ব্যক্তিজনৰ গভীৰ জাতিপ্ৰেম আৰু ভাষা প্ৰেম থকা দৰকাৰ৷ নহ’লে এই কামটো তেওঁ দীৰ্ঘদীন বৰ্তাই থাকিব নোৱাৰিবগৈ৷ ৱিকিপিডিয়াত লিখাৰ সামগ্ৰিক কামটো প্ৰচাৰ অবিহনে আৰু নিৰলসভাৱে নিজৰ মনৰ তাগিদা অনসৰি কৰি থকা কাম এটাহে৷ ইয়াত লিখি কোনো গ্লেমাৰ বা সন্মান পোৱা নাযায়৷ টকা-পইচাও পোৱা নাযায়৷ সেইদৰে ৱিকিপিডিয়াত সৃষ্টিশীল লেখাও প্ৰকাশ নহয়৷ বহুতে নাজানি প্ৰথমেই ৱিকিত নিজে লিখা প্ৰবন্ধ, কবিতা, গল্প আদি আপলড কৰি দিয়ে৷ গতিকে ৱিকিপিডিয়াত একাউণ্ট এটা সৃষ্টি কৰাৰ আগতে ৱিকিপিডিয়াৰ ৱেবছাইটটো খুলি তাৰ নীতি-নিয়ম সম্পৰ্কে কথাবোৰ স্পষ্ট ৰূপত জানি ল’ব লাগে৷ এখন বিশ্বকোষত থাকিব পৰা মানসম্পন্ন যিকোনো লেখাই তথ্যসহ ৱিকিপিডিয়াত লিখিব পাৰি৷ এই কথাটো সকলোৱে মন কৰা দৰকাৰ৷

প্ৰবন্ধ এটা লিখিবলৈ ৱিকিপিডিয়াৰ ৱেবচাইটত নিজৰ নামত এটা একাউণ্ট সৃষ্টি কৰি ল’ব লাগিব আৰু লেখকজনে সেই একাউণ্টটোৰ পৰিচয়েৰে ৱিকিপিডিয়াত তথ্যধৰ্মী প্ৰবন্ধ লিখিব পাৰিব৷ ৱিকিত যিমান পাৰি তথ্যবোৰ শুদ্ধকৈ দিয়া দৰকাৰ আৰু পাৰ্যমানে তথ্যবোৰৰ উৎস দিয়া দৰকাৰ৷ ৱিকিৰ যিকোনো প্ৰবন্ধ যিকোনো সময়তে যিকোনো এজন সদস্যই সালসলনি কৰিব পাৰে, তথ্য সংযোগ কৰিব পাৰে৷ ৱিকিপিডিয়াত  লেখা এটাৰ কিছু অংশ ভুল হ’লেও ভয় কৰিবলগীয়া একো নাই, কাৰণ কোনোবা নহয় কোনোবা এজন বিজ্ঞ সদস্যই সেই ভুলৰ শুধৰণি কৰি দিব৷ মাত্ৰ লিখিবলৈ আগ্ৰহ থকাটোহে ইয়াত গুৰুত্বপূৰ্ণ৷ অসমত বিভিন্ন সময়ত ৱিকিপিডিয়াৰ কৰ্মশালা অনুষ্ঠিত হয়৷ এই কৰ্মশালাবোৰত অংশগ্ৰহণ কৰি ল’লে ৱিকিপিডিয়াত লিখিবলৈ সহজ হয়৷ সেইদৰে ইউ টিউব বা ৱিকিপিডিয়াত ৱেছাইটতো প্ৰবন্ধ এটা কেনেদৰে লিখিব পাৰি, সেই কথা অডিঅ’, ভিডিঅ’ আৰু লিখিত ৰূপত সংৰক্ষণ হৈ আছে৷ তদুপৰি ফেচবুকত “অসমীয়া ৱিকিমিডিয়া সমাজ” নামৰ এটা গ্ৰুপ আছে৷ এই গ্ৰুপটোতো কোনোবা এজনে যিকোনো নজনা বা নুবুজা প্ৰশ্ন থাকিলে সুধিব পাৰে৷ সংশ্লিষ্ট অভিজ্ঞসকলে সেই কথা শুদ্ধৰূপত বুজাই দিব৷ ৱিকিপিডিয়ানসকলৰ লগত যোগাযোগ কৰিলেও এনে নজনা কথাবোৰ বুজাই দিব৷ সেইদৰে ৱিকিৰ সদস্যসকলৰ এটা হুৱাটছ-এপ গ্ৰুপ আছে আৰু ইনষ্টাগ্ৰাম, টেলিগ্ৰাম, টুইটাৰ আদিত অসমৰ ৱিকিমিডিয়া সমাজৰ নিজা একাউণ্ট আছে৷ আগ্ৰহী ব্যক্তিসকল তাতো সংযুক্ত হৈ ল’ব পাৰে৷

 


ৱিকিপিডিয়াত প্ৰবন্ধ লিখা মানুহৰ সংখ্যা বা ৱিকিৰ প্ৰকল্পসসমূহত কাম কৰিবলৈ আগবাঢ়ি অহা মানুহৰ সংখ্যা অতিকে কম৷ কাৰণ এই গোটেই কামটো একেবাৰেই স্বেচ্ছামূলক৷ ৱিকিপিডিয়াত প্ৰবন্ধ লিখাৰ বাবদ বা ৱিকিউৎস, ৱিকিকমন্সত বিভিন্ন কাম কৰাৰ বাবদ কোনো অৰ্থ-কড়ি বা সুবিধা পোৱা নাযায়৷ আনকি প্ৰবন্ধটোত লিখোতাৰ নাম পৰ্যন্তও স্পষ্টকৈ নাথাকে আৰু এই প্ৰবন্ধটোত যিকোনো এজন সদস্যই নতুন তথ্য সংযোগ কৰিব পাৰে বা ভুল দেখিলে সেয়া শুধৰাই দিবও পাৰে৷ 

গতিকে ব্যক্তিস্বাৰ্থ নথকা কামবোৰত এনেয়েও মানুহৰ সংখ্যাটো কমেই হয়৷ এই কামটো কৰি থকাসকলে নিজৰ আগ্ৰহ আৰু ইচ্ছাৰ বাবেহে কৰি আছে আৰু তেওঁলোকৰ জাতীয় দায়ৱদ্ধতা হয়তো কিছু পৰিমাণে আছে বাবেই এই কামটো কৰি আছে৷ গুগ’লত যিকোনো এটা বিষয় চাৰ্ছ কৰিলে প্ৰথম চাৰ্ছ অপচন হিচাপে ৱিকিপিডিয়াত থকা বিষয়টো আহে৷ সেয়েহে ৱিকিপিডিয়াত নিজৰ ভাষাটোত তথ্য সংৰক্ষণ কৰাটো ভাষাটো আৰু জাতিটোৰ বাবেই এটা গুৰুত্বপূৰ্ণ বিষয় হয়৷

শেহতীয়াকৈ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চত ভাষা এটাৰ বাবে প্ৰয়োজন হোৱা তথ্য (ডাটা)বোৰো ৱিকিপিডিয়াৰপৰাই বহু পৰিমাণে লোৱা দেখা গৈছে৷ গতিকে আমি যিমান পাৰোঁ সিমানকৈ সৰহ পৰিমাণে ৱিকিপিডিয়াত আমাৰ ভাষাটোৰ সমল সংৰক্ষণ কৰিবলৈ যত্ন কৰিব পাৰোঁ৷ এনে কৰিলে আমিও বিশ্বসম্প্ৰদায়ৰ সমান্তৰালভাৱে তথ্য-প্ৰযুক্তিৰ অগ্ৰগতিৰ সৈতে আগ বাঢ়ি যাব পাৰিম৷

 

 

ঠিকনা :

গৱেষক ছাত্ৰ

গুৱাহাটী বিশ্ববিদ্যালয়\

ফোন-৮৭৫১৯৪৩৩৮৭

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ