দাদুল দেৱকৃষ্ণ বৰুৱা
(৮)
উজ্জ্বল নীলা আকাশ, সজীৱ সেউজীয়াৰে সুগন্ধিত অৰণ্য, শীতনিদ্ৰাৰ পৰা সাৰ পোৱা মনোমোহা চৌপাশেৰে বৰ্ণিল হৈ পৰা বসন্তই কিছুদিন পিছতেই মেলানি মাগিব। বহুতৰ দৰে বসন্ত ষ্টেপানৰো প্ৰিয় ঋতু। বসন্ত মানেই জাগৰণ আৰু প্ৰেৰণাৰ সময়। বসন্ত মানেই অন্তহীন সেউজীয়া আৰু ৰ’দঘাই দিন; হাস্যময়ী ফুল আৰু গান গোৱা চৰাইৰ ঋতু। এড্ৰিয়াটিক উপকূলৰ এই দেশখনক বসন্তই যেন নতুনকৈ সজায়। শীৰ্ণ শীতৰ বৰফাভৰণ আঁতৰাই বসন্তই হাঁহে। ৰ'দ কাঁচলিত ওমলে। বসন্তই প্ৰকৃতিক ন সাজ পিন্ধায়। বসন্তই মানুহক নতুন দিনৰ সপোন দেখুৱায়।
প্ৰতি বছৰে বসন্ত ঋতুতে ষ্টেপানে কাম কৰা স্কুলখনত ৰং কৰোৱা হয়। ষ্টেপানৰ কাম বাঢ়ে। স্কুলৰ জেনিটৰ হিচাপে ষ্টেপানে নিজৰ দায়িত্ব পালনত কেতিয়াও কৃপনালি কৰা নাই। কিন্তু এইবাৰ স্কুলঘৰ ৰং কৰাৰ দিনকেইটা ষ্টেপানৰ বাবে বেছ কষ্টকৰ হ'ল। কাৰণ পুৱাৰ পৰা আবেলিলৈকে স্কুলতেই ব্যস্ত থাকিবলগীয়া হোৱাত মলেঁয়াক দিনত সময় দিব নোৱৰা আৰু বৰশী বাই মলেঁয়ালৈ মাছ ধৰিব নোৱৰাটো ষ্টেপানৰ বাবে বৰ যাতনাদায়ক। মাছমৰীয়াৰ পৰা জীয়া মাছ কিনি মলেঁয়াক খুৱাবলগীয়া হৈছিল। কিন্তু স্কুলঘৰ ৰং কৰা শেষ হোৱাত এতিয়া ষ্টেপানে আগৰ দৰে সময় পাইছে। স্কুললৈ নিৰ্ধাৰিত সময়ত যাব আৰু উভতিব পাৰিছে। মলেঁয়াক সময় দিব পাৰিছে আগেয়ে দিয়াৰ দৰেই। মলেঁয়া সুখী। সুখী ষ্টেপানো। আচলতে এতিয়া সমগ্ৰ ক্ৰ'য়েছিয়া সুখী! সুখী হ'বৰ কথাই। কাৰণ বসন্ত বিদায়ৰ এই সময়তে পেৰুনিকা ফুলিছে।
পেৰুনিকা ক্ৰ'য়েছিয়াৰ দেশীয় শব্দ। ক্ৰ'য়েছিয়াৰ প্ৰতিজনৰে প্ৰিয় পুষ্প পেৰুনিকাৰ আচল নাম আইৰিছ (Iris croatica)। পেৰুনিকা ওৰফে আইৰিছ ফুলৰ সূক্ষ্ম সৌন্দৰ্যই প্ৰাচীন কালৰে পৰা মানুহক মোহিত কৰি আহিছে। প্ৰাচীন মিচৰত ইয়াক ঐশ্বৰিক আৰু ৰাজকীয় প্ৰতীক হিচাপে পূজা কৰা হৈছিল। আনহাতে গ্ৰীক পৌৰাণিক কাহিনীত আইৰিছ দেৱীৰ কাহিনী কোৱা হৈছে যিয়ে আকাশত বহুৰঙী ৰামধেনুৰে ৰং কৰিছিল, দেৱতাসকলৰ পৰা পোৱা বাৰ্তা পৃথিৱীলৈ প্ৰেৰণ কৰিছিল। কোৱা হয়— ৰামধেনুৱে য’তেই মাটি স্পৰ্শ কৰিছিল তাতেই এটা ফুল গজি উঠিছিল, প্ৰতিবাৰেই বেলেগ বেলেগ ৰঙৰ।
ষ্টেপানৰ ঘৰৰ পদূলিতো এইবাৰ পেৰুনিকা ফুলিছে। এই অস্বাভাৱিক সুন্দৰ ফুলবিধ প্ৰাচীন কালৰে পৰাই পৰিচিত। ষ্টেপানৰ পদূলিত ফুলা পেৰুনিকা চাবলৈ স্কুলৰ ল'ৰা-ছোৱালী এদল আহিছে। পেৰুনিকা ফুলৰ লগতে সিহঁতে মলেঁয়াকো চাই যাব। ল'ৰা-ছোৱালীবোৰ আহিলে ভাল পায় ষ্টেপানে। সিহঁতৰ কিচিৰ মিচিৰ গান আৰু মনৰ কৌতূহল দমাবৰ বাবে কৰা প্ৰশ্নবোৰে আমোদ দিয়ে ষ্টেপানক। গাঢ় বেঙুনীয়া বৰণৰ পেৰুনিকা ফুলবোৰ চাই থকাৰ মাজতে মাৰ্ক' নামৰ ল'ৰাটোৱে ষ্টেপানক সুধিলে—
: পেৰুনিকা নামটো ক'ৰপৰা আহিল?
: স্লাভিক পৌৰাণিক কাহিনীৰ পৰা আহিছে। পেৰুন দেৱতা আৰু তেওঁৰ পত্নী পেৰুনিকা দেৱীৰ নামৰ পৰা আহিছে বুলি কোৱা হয়। ইয়াৰ আচল নাম আইৰিছ ফুল।— ষ্টেপানে উত্তৰ দিলে।
: মানে পেৰুণ দেৱতাৰ ফুল!
: হয় বুলিব পাৰি। পুৰণি কাহিনী অনুসৰি পেৰুণ দেৱতাৰ পৰা অহা বিজুলীয়ে য’তেই মাটিত আঘাত কৰিছিল, তাতেই বিভিন্ন ৰঙৰ আইৰিছ ফুলৰ সঁচ এৰি থৈ গৈছিল।
: বৰ ধুনীয়া ফুল। আমাৰ দেশৰ বিভিন্ন ঠাইত বোলে ইয়াৰ বেলেগ বেলেগ নামো আছে! হয়নে?
: হয়। আমাৰ দেশৰ উত্তৰৰ কাজকাভিয়ান ভাষী অঞ্চলসমূহত পেৰুনিকাক লজেলজা (Ljelja) বুলিহে জানিছিল। সেয়ে তেওঁলোকে ফুলবিধক লজেলজুজা (Ljeljuja) বুলি কয়। আনহাতে ডাব্ৰ'ভনিক অঞ্চলত ইয়াক বগিছা (bogiša) বা 'ঈশ্বৰীয় ফুল' বুলি কয়। যিহেতু ক্ৰ'ৱেছিয়ান ভাষাত বগ (bog) শব্দৰ অৰ্থ 'ঈশ্বৰ'।
: বাহ্! বৰ সুন্দৰ কথা।
: ফুলবিধৰ দৰেই সুন্দৰ।
: আমাৰ জাতীয় ফুলবিধ সঁচাকৈয়ে ধুনীয়া।
: ফুলবিধৰ কেইবাটাও প্ৰজাতি আছে আমাৰ দেশত।— ষ্টেপানে ক'লে।
: কেইটা?— মাৰ্ক'ই সুধিলে।
: বাৰটা।
: আমি তেন্তে কেৱল এটা প্ৰজাতিৰ পেৰুনিকাহে দেখিছোঁ!
: বাকীবোৰ প্ৰজাতি ঘাইকৈ ছামবোৰ পাহাৰ আৰু ক্ৰকা ৰাষ্ট্ৰীয় উদ্যানত ফুলা দেখা যায়। কোৱা হয় এই দুই স্থান পেৰুন দেৱতাৰ প্ৰিয় আছিল। সেয়ে ইয়াত অধিক পেৰুনিকা ফুলে। ইয়াত ঘাইকৈ সংৰক্ষিত স্থানীয় প্ৰজাতিসমূহ ক্ৰমে ক্ৰ'ৱেছিয়ান আইৰিছ (hrvatska perunika, Iris croatica), ইলিৰিয়ান আইৰিছ (ilirska perunika, Iris illyrica) আৰু য়েল্ল' ফ্লেগ (močvarna perunika, Iris pseudacorus) প্ৰজাতি পোৱা যায়।
: পেৰুনিকাৰ ৰং মন ৰঙাই তুলিব পৰাকৈ ধুনীয়া।
: ইয়াৰ ৰঙে এক বিশেষ অৰ্থও বহন কৰে।
: যেনে!
: বেঙুনীয়া ৰঙৰ পেৰুনিকা প্ৰজ্ঞা আৰু শুভেচ্ছাৰ প্ৰতীক। নীলা ৰঙৰ পেৰুনিকা আশা আৰু বিশ্বাসৰ প্ৰতীক, হালধীয়া ৰঙৰ পেৰুনিকা আৱেগৰ প্ৰতীক, আনহাতে বগা ৰঙৰ পেৰুনিকা বিশুদ্ধতা আৰু নিৰ্দোষতাৰ প্ৰতীক।
: পেৰুনিকা আমাৰ জাতীয় ফুল। জাপানত অনুষ্ঠিত ফুলৰ প্ৰদৰ্শনীত ক্ৰ'ৱেছিয়ান একাডেমী অৱ চাইন্স এণ্ড আৰ্টছে সিদ্ধান্ত লয় যে পেৰুনিকা বা আইৰিছ আমাৰ দেশৰ জাতীয় ফুল হ'ব লাগে। আৰু তেতিয়াৰ পৰাই পেৰুনিকা আমাৰ জাতীয় পুষ্প হয়।
: বৰ ভাল কথা হ'ল। ধুনীয়া ফুলবিধ আমাৰ ৰাষ্ট্ৰীয় ফুল হ'ল।— মাৰ্ক'ই হাঁহিলে।
: সঁচাকৈয়ে ভাল কথা। আমাৰ জাতীয় ফুলবিধৰ বিষয়ে এটা শ্ল'গানো প্ৰচাৰ কৰা হৈছিল।
: কি বুলি?
: পৃথিৱীৰ প্ৰতিটো কোণত এপাহ ফুল, দেশসমূহৰ মাজত শান্তিৰ প্ৰতীক হিচাপে এপাহ ফুল। (Cvijet u svakom kutku svijeta, cvijet shvaćen kao simbol mira među narodima. "A flower in every corner of the world, a flower as a symbol of peace among nations.")
ষ্টেপান, মাৰ্ক' আৰু স্কুলীয়া ল'ৰা-ছোৱালীৰ দলটোৰ কাষে কাষেই আছে মলেঁয়া। তায়ো যেন ষ্টেপানে কৈ থকা পেৰুনিকা ফুলৰ বিষয়ে নজনা কথাখিনি মন দি শুনিছে! তায়ো যেন পেৰুনিকাৰ ৰং দেখি উৎফুল্লিত হৈ উঠিছে! তাইক দেখি ল'ৰা-ছোৱালীবোৰে বৰ ৰং পাইছে। কোনোবা দুই এটাই তাইক চুই চাব বিচাৰিলে একেকোবে গৈ ষ্টেপানৰ ভৰিহালৰ মাজত ৰয়গৈ। তাইক চুবলৈ যোৱা দুই-একক ঠোঁটখন বজাই ভয় দেখুৱায়। এই খেলখন ভাল লাগিছে ষ্টেপানৰ। মলেঁয়াও যেন স্কুলীয়া ল'ৰা-ছোৱালীজাকৰ মাজৰে এজনী ছোৱালী!
: মলেঁয়া হোৱাইট ষ্টৰ্ক নহয়নে?— ইমা নামৰ ছোৱালীজনীয়ে মলেঁয়ালৈ চাই থাকি সুধিলে।
: ঠিক কৈছা।— ষ্টেপানে ক'লে।
: তুমি কেনেকৈ চিনি পালা?— মাৰ্ক'ই এমাক সুধিলে।
: হোৱাইট ষ্টৰ্ক ডাঙৰ চৰাই। ডেউকাৰ ক’লা প্ৰাথমিক পাখিৰ বাহিৰে ইহঁত বগা পাখিৰে আবৃত। দীঘল, চোকা ঠোঁট আৰু চিকুণ ঠেং থাকে। ঠোঁট আৰু ঠেং ৰঙা।— এমাই উত্তৰ দিলে।
: মতা হোৱাইট ষ্টৰ্ক মাইকীতকৈ ডাঙৰ। পোৱালিৰ ঠোঁট ক’লা আৰু ঠেং হালধীয়া-ধূসৰ বৰণৰ হয়। ইহঁতৰ গড় দৈৰ্ঘ্য ১ৰ পৰা ১.১৫ মিটাৰ। গড় পাখিৰ দৈৰ্ঘ্য ১.৫৫ৰ পৰা ১.৬৫ মিটাৰ। গড় ওজন হয় ৫ৰ পৰা ১০ কিলোগ্ৰাম। ... ঠেঙৰ ৰঙৰ কথা যে ক'লা তুমি, ইহঁতে ঠেঙত কিন্তু এটা মজাৰ কাৰবাৰ কৰে।— এইবাৰ ষ্টেপানে মাত লগালে।
: কি কৰে?— বৰ আগ্ৰহেৰে সোধে মাৰ্ক'ই।
: সাধাৰণতে গৰম জলবায়ুত শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিবলৈ ঠেঙৰ ওপৰত মলত্যাগ কৰে।
: নিজক ঠাণ্ডা ৰখাৰ বুদ্ধি!
সকলোৱে হাঁহিলে। এজাক শিশুৰ হাঁহিত মুখৰ হ'ল ষ্টেপানৰ ঘৰৰ চৌহদ। বহু দিনৰ বিৰতিত যেন চৌহদটো প্ৰাণ চঞ্চল হৈ উঠিছে। সজীৱ হৈ উঠিছে। পেৰুনিকা ফুলবোৰৰ দৰেই গাঢ় ৰঙেৰে ৰঙীন হৈ উঠিছে ষ্টেপানৰ ঘৰৰ চৌহদ। যেন হাঁহি হাঁহি ধেমালি কৰা তেওঁৰ দুই পুত্ৰৰ শৈশৱ পুনৰ আবিৰ্ভাৱ হৈছে আজি! তাৰ মাজতে মাৰ্ক'ই প্ৰশ্ন কৰিলে—
: হোৱাইট ষ্টৰ্ক বা বগা ষ্টৰ্ক নামটো শুদ্ধ হয় জানো?
মাৰ্ক' সঁচাকৈয়ে তীখৰ ল'ৰা। স্কুলত নাম আছে তাৰ। পৰীক্ষাত সি সদায় ভাল ফল দেখুৱাই আহিছে। আগলৈ সি 'সফল' মানুহ হ'ব নিশ্চয়। কিন্তু এই মুহূৰ্তত মাৰ্ক'ৰ প্ৰশ্নটো শুনি ষ্টেপান থতমত খালে। মাৰ্ক'ৰ মনত উদয় হোৱা প্ৰশ্নটোৰ যুক্তিযুক্ততা আছে। কাৰণ যদিও হোৱাইট ষ্টৰ্ক বা ‘বগা ষ্টৰ্ক’ বুলি কোৱা হয়, এইটো আচলতে অলপ ভুল নাম; কিয়নো চৰাইবিধৰ ওপৰৰ অৰ্ধেক অংশহে বগা। ঠোঁট আৰু ঠেং ৰঙা আৰু ডেউকাৰ মূৰবোৰ ছাইৰ দৰে ক’লা। গতিকে হোৱাইট ষ্টৰ্ক বোলাটো সম্পূৰ্ণ নিৰ্ভুল নহয় নিশ্চয়! সেয়ে ষ্টেপানেও মাৰ্ক'ৰ প্ৰশ্নটোৰ উত্তৰ নিজে ভবাৰ দৰেই দিলে।
: হোৱাইট ষ্টৰ্ক কিমান বছৰ জীয়াই থাকে?— এইবাৰ এমাই সুধিলে।
: বন্য অৱস্থাত গড় আয়ুস ২২ বছৰ। আনহাতে আবদ্ধ অৱস্থাত গড় আয়ুস ৩৫ বছৰ হয় বুলি গম পোৱা গৈছে।— ষ্টেপানে ক'লে।
: হোৱাইট ষ্টৰ্ক কেৱল আমাৰ দেশতেই পোৱা যায়!— এইবাৰ মাৰ্ক'ই ক'লে।
: নহয়, নহয়। সমগ্ৰ ইউৰোপ, উত্তৰ আফ্ৰিকা, এছিয়া আৰু মধ্যপ্ৰাচ্যত ইহঁতে প্ৰজনন কৰে। গোটেই বিশ্বত এইবিধ চৰাইৰ সংখ্যা পাঁচ লাখৰ পৰা পাঁচ লাখ বিছ হাজাৰৰ ভিতৰত বুলি অনুমান কৰা হয়। শীতকালত ইহঁতে হাজাৰ হাজাৰ জাকত গ্রীষ্মমণ্ডলীয় আফ্রিকা, মধ্যপ্ৰাচ্যৰ কিছু অংশ আৰু ভাৰতীয় উপমহাদেশলৈ প্ৰব্ৰজন কৰে। কোৱা হয় যে প্ৰতি চাৰিটা হোৱাইট ষ্টৰ্কৰ ভিতৰত এটা ‘পলিছ’; মানে পোলেণ্ডৰ।— ষ্টেপানে ক'লে।
: কিয় 'পলিছ' বুলি কোৱা হয়?
: কাৰণ ইউৰোপত প্ৰজনন কৰা প্ৰায় তিনি লাখ পঁচিছ হাজাৰ হোৱাইট ষ্টৰ্কৰ প্ৰায় পঁচিছ শতাংশ পোলেণ্ডত জন্মগ্ৰহণ কৰে।
: পোলেণ্ড তাৰমানে হোৱাইট ষ্টৰ্কত চহকী দেশ!
: আমাৰ দেশতকৈ চহকী।
পোলেণ্ডৰ দুটা প্ৰিয় চৰাই আছে— এটা প্ৰতীক, যাৰ খ্যাতি পৌৰাণিক কাহিনীৰ পৰাই লাভ কৰা। যিকোনো আধুনিক ৰাষ্ট্ৰৰ প্ৰাক-ইতিহাস ইয়াৰ পৌৰাণিক অতীতৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। স্লাভিক দেশসমূহৰ ক্ষেত্ৰত তিনিজন কিংবদন্তি ভাতৃ আছিল— লেচ (Lech), চেক (Czech) আৰু ৰাছ’ (Rus')। পোলেণ্ডক 'লেচিয়া' (Lechia) বুলিও কোৱা হৈছিল আৰু 'লেহিস্তান' (Lehistan) হৈছে তুৰ্কী নাম। ভাতৃসকলে তেওঁলোকে শাসন কৰা এলেকাক নিজৰ নাম দিছিল। এইদৰেই লেচৰ দেশ লেচিয়া হ’ল; ভাই চেকে আজিৰ চেক আৰু শ্লোভাক গণৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু ৰাছে ইউক্ৰেইন আৰু ৰাছিয়া প্ৰতিষ্ঠা কৰিছিল।
এদিন ৰাতি লেচে বগা ঈগলৰ সপোন দেখিলে আৰু তেওঁ চৰাইটোক নিজৰ দেশৰ প্ৰতীক হিচাপে অংকন কৰিবলৈ দিলে। যিটো প্ৰতীক আজিও তেনেকৈয়ে আছে। আৰু আনবিধ চৰাই— ই পোলেণ্ডক বাছি লৈছিল আৰু মানুহৰ মাজত নিজকে প্ৰিয় কৰি তুলিছিল। এই দ্বিতীয়বিধ চৰায়েই হৈছে হোৱাইট ষ্টৰ্ক। পোলিছ ভাষাত ইয়াক বচিয়ান (bocian) বুলি জনা যায়।
পোলিছ ভাষাৰ 'বচিয়ান' শব্দটো আহিছে অড্ৰা নদীৰ স্লাভিক ভাষাৰ লুচেটিয়ান শব্দ— 'বেচিয়া' আৰু পোলাবিয়ান শব্দ– 'বোটাট’ৰ পৰা; যাৰ অৰ্থ হৈছে গধুৰ খোজেৰে খোজ কঢ়া। দক্ষিণয স্লাভিক ভাষাসমূহত ষ্টৰ্কৰ নাম জাৰ্মান ভাষাৰ starkৰ পৰা লোৱা হৈছে। অৱশ্যে storkৰ প্ৰকৃত শব্দটো হ’ল Storch।
স্লাভিক দেশৰ লোকসকলৰ ধাৰণাত ষ্টৰ্কক সন্মানীয়, ঈশ্বৰভক্ত, সন্ত, ভাল চৰাই হিচাপে দেখা যায়। ই মানুহৰ প্ৰিয় বন্ধু, মাটিৰ ৰক্ষক। ই পথাৰখন কীট-পতংগ-সাপ, পোক-পৰুৱাৰ পৰা ৰক্ষা কৰে, যিবোৰক প্ৰাচীন কালত অপৰিষ্কাৰ শক্তি বুলি গণ্য কৰা হৈছিল। খ্ৰীষ্টান ধৰ্ম অহাৰ পিছত ষ্টৰ্ক চয়তানৰ বিৰোধী হৈ পৰিল, আনকি খ্ৰীষ্টৰ প্ৰতীক হৈ পৰিল। আদিম খ্ৰীষ্টানসকলৰ বাবে ষ্টৰ্ক এটা সতী বিবাহৰ প্ৰতীক হৈ পৰিছিল, হেনৰী পিচাম (Henry Peacham)ৰ মিনাৰ্ভা ব্ৰিটানা (Minerva Britanna) নামৰ কিতাপখনৰ দৰে ১৭ শতিকাৰ বহু আগলৈকে ইয়াৰ আবিৰ্ভাৱ ঘটিছিল। ৰোমানসকলে ইয়াক এভিছ পিয়া (avis pia), ধৰ্মপৰায়ণ চৰাই আৰু পিছলৈ ৰেনেছাঁৰ সময়ত এভিছ পিচিমা (avis piissima) বুলি কয়। অনুপ্ৰাণিত হৈ ১৬ শতিকাৰ নাট্যকাৰ ফ্ৰান্সিছ বিউমণ্টে (Francis Beaumont)
চৰাইবিধৰ বিষয়ে এই বিশেষ কবিতাটো লিখিছিল—
The stork’s an emblem of true piety;
Because, when age has seized and made his dame
Unfit for flight, the grateful young one takes
His mother on his back, provides her food,
Repaying thus her tender care of him,
Ere he was fit to fly.
ষ্টৰ্কৰ আন এটা জনপ্ৰিয় কিংবদন্তি আছে— ঈশ্বৰে এজন মানুহক সৰীসৃপৰ বস্তা এটা দি সাগৰত, বা জুইত পেলাবলৈ, বা গভীৰ গাঁত খান্দি পুতি পেলাবলৈ বা সম্ভৱতঃ অতি ওখ পাহাৰত থ’বলৈ ক’লে। মানুহজনক বস্তাটোৰ ভিতৰলৈ চাবলৈ কঠোৰভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। কৌতূহলে মানুহজনৰ ওপৰত বিজয় সাব্যস্ত কৰিলে। ফলত তেওঁ বস্তাটোৰ ভিতৰলৈ জুমি চালে। পৰিণতিত মাটিত সকলো ধৰণৰ লেতেৰা বিয়পি পৰিল। তেওঁক শাস্তি দিবলৈ ঈশ্বৰে মানুহজনক ষ্টৰ্কলৈ ৰূপান্তৰিত কৰিলে যাতে তেওঁৰ দোষৰ ফলত পৃথিৱীত বিয়পি পৰা সাপবোৰ সংগ্ৰহ কৰি ধ্বংস কৰিব পাৰে। এনেকৈয়ে ষ্টৰ্কক পৃথিৱীৰ ৰক্ষক বুলি কোৱা হ’ল। এই কিংবদন্তিটোৰ পোলিছ সংস্কৰণত কোৱা হৈছে যে আদেশ ভংগ কৰাৰ বাবে লাজৰ বাবে মানুহলৈ পৰিণত হোৱা ষ্টৰ্কৰ ভৰি দুখন ৰঙা হৈ পৰিছিল।
: পোলেণ্ড হোৱাইট ষ্টৰ্কৰ ক্ষেত্ৰত চহকী দেশ। পিছে লিথুৱানিয়াত হোৱাইট ষ্টৰ্ক ৰাষ্ট্ৰীয় পক্ষী।— ষ্টেপানে হাঁহি হাঁহি ক'লে।
: হয় নেকি! এই বিষয়ে কওকচোন সবিশেষ।— এমাই অনুৰোধ কৰিলে।
১৯৭৩ চনৰ পৰাই লিথুৱেনিয়াই হোৱাইট ষ্টৰ্কক নিজৰ জাতীয় চৰাইৰ মৰ্যাদা দিয়াৰ কথা ষ্টেপানে জানে। লিথুৱানিয়াৰ জনগণৰ বাবে হোৱাইট ষ্টৰ্ক পৰিয়াল, ঘৰুৱা জীৱন, জন্ম আৰু সমৃদ্ধিৰ প্ৰতীক। ইউৰোপৰ বহু সংস্কৃতিৰ দৰেই লিথুৱানিয়াত পৰম্পৰাগতভাৱে বিশ্বাস কৰা হয় যে হোৱাইট ষ্টৰ্কে ঘৰলৈ কেঁচুৱা আনে। যিবোৰ পৰিয়ালৰ ঘৰ-বাৰীত হোৱাইট ষ্টৰ্কে বাহ সাজে, সেইবোৰ পৰিয়াললৈ সম্প্ৰীতি আনে বুলি কোৱা হয়। বহু গাঁৱৰ ঘৰত এতিয়াও পুৰণি ৱেগনৰ চকা বা খুঁটা ৰাখি থয়, এই আশাত যে এটা ষ্টৰ্ক পৰিয়াল আহি তাত নিজৰ বাহ সাজিবহি।
ইউৰোপত গৰ্ভধাৰণৰ কাহিনীৰ বাবে ষ্টৰ্কৰ উপকথাটো বহুদিনৰ পৰাই প্ৰচলিত হৈ আহিছে। ষ্টৰ্কে কেঁচুৱা কঢ়িয়াই লৈ ফুৰাৰ বিশ্বাস শতিকাজুৰি চলি আহিছে, সম্ভৱতঃ এয়া স্লাভিক পৰম্পৰা। প্ৰাথমিক স্লাভিক মিথ অনুসৰি ব্যাৰাজৰ (Vyraj) ভূমি আছিল এখন বাগিচা, যিখন ভেলেছ (Veles) দেৱতাই পহৰা দিয়া লোহাৰ দুৱাৰৰ ঠিক সিপাৰে মহাজাগতিক গছৰ শীৰ্ষত থিয় হৈ আছিল। চৰাইবোৰ শীতকালত এই ব্যাৰাজলৈ উৰি গৈছিল আৰু বসন্ত কালত মানুহৰ আত্মা কঢ়িয়াই পৃথিৱীলৈ উভতি আহিছিল। বিশেষকৈ ষ্টৰ্কে এই আত্মাবোৰক গৰ্ভৱতী মহিলাৰ গৰ্ভলৈ লৈ। ইষ্টোনিয়ান ভাষাত ষ্টৰ্কক টুনেকুৰ্গ (toonekurg) বুলি কোৱা হয়, যিটো টুনেলা (Toonela) শব্দটোৰ পৰা উদ্ভৱ হৈছে। যাৰ অৰ্থ পাতাল। কিন্তু আত্মাৰ সৈতে ষ্টৰ্কৰ সংযোগ হয়তো আৰু পুৰণি হ’ব পাৰে বুলি প্ৰমাণ পোৱা গৈছে। প্ৰাচীন ইজিপ্তত ষ্টৰ্কে বা (ba), অৰ্থাৎ মানুহৰ আত্মাক প্ৰতিনিধিত্ব কৰে বুলি বিশ্বাস কৰা হৈছিল। আনকি ইজিপ্তৰ লোকসকলে 'দেৱকথা' বুলি বিশ্বাস কৰি অহা শিলত খোদিত নক্সাত বাক ষ্টৰ্কৰ ৰূপত দেখা পোৱা যায়। য'ত দেখা যায় যে ইয়াৰ ডালৰ দৰে ভৰি দুখন মাটিত সুদৃঢ়ভাৱে ৰোপণ কৰা হৈছে। তিনিটা ষ্টৰ্কে একেলগে ‘শক্তি’ক প্ৰতিনিধিত্ব কৰে বুলি কোৱা হয়। ৰাতি টোপনিৰ সময়ত আত্মা উৰি যোৱা বুলি জনা গৈছিল যদিও পুৱতিৰ আগতেই ঘৰলৈ উভতি আহিছিল।
কেঁচুৱা কঢ়িয়াই নিয়া ষ্টৰ্কৰ বিশ্বাসটো আধুনিক যুগত জনপ্ৰিয় কৰি তুলিলে লোককথাবিদ হান্স খ্ৰীষ্টিয়ান এণ্ডাৰচনে সংগ্ৰহ কৰা ১৯ শতিকাৰ গল্প The Storksৰ দ্বাৰা। ষ্টৰ্কে গুহা বা জলাশয়ত কেঁচুৱা বিচাৰি পায় আৰু ঠোঁটত ওলোমাই লোৱা খৰাহীত ভৰাই ঘৰলৈ লৈ আহে বুলি এই কিতাপৰ কাহিনীত বৰ্ণনা কৰিছিল। ইউৰোপত পিতৃ-মাতৃয়ে নৱজাতক সন্তান ক'ৰপৰা আহে, সেই বিষয়ে তেওঁলোকৰ পূৰ্বৰ সন্তানক ব্যাখ্যা দিবৰ বাবে এই কাহিনীটো এক সাধাৰণ উপায় হৈ পৰিল।
লিথুৱেনিয়ানসকলে ষ্টৰ্কক গণ্ড্ৰাছ (Gandras) বুলি কয়, যিটো পুৰুষবাচক শব্দ। ই সম্ভৱতঃ পুৰণি ইংৰাজী গণ্ড্ৰা বা মতা হাঁহৰ দৰে একেটা মূলৰ পৰাই আহিছে, যিটো প্ৰট'-ইণ্ডো-ইউৰোপীয় শব্দৰ পৰা আহিছে। কিন্তু লিথুৱেনিয়াত অঞ্চল বিশেষে ষ্টৰ্কৰ নাম বেলেগ বেলেগ— বুচিলু, ষ্টাৰকুমি, গুজু, গুজুচিউ, বাচিঅ'নু আৰু পশ্চিমত চামোজিটিয়ান ভাষাত গ'জ'ছ।
কথাখিনি ষ্টেপানে বৰ ৰসালভাবে ক'লে ল'ৰা-ছোৱালীকেইটাক। সিহঁতে বৰ আগ্ৰহেৰে শুনিলে। সিহঁতৰ আগ্ৰহ দেখি ষ্টেপান বেছ সুখী হ'ল। সিহঁতক হোৱাইট ষ্টৰ্কৰ বিষয়ে আৰু অধিক কথা ক'বলৈ মন গ'ল তেওঁৰ। কিন্তু ইমান সময় থিয় হৈ থাকি কথা পাতি থাকিলে ল'ৰা-ছোৱালীহঁতে আমনি পাব বুলি ভাবি তেওঁ সকলোকে বননিত বহি লোৱাৰ প্ৰস্তাৱ আগবঢ়ালে।
সকলো বননিত বহিল। ধেনুভিৰীয়া নক্সাৰ দৰে দেখা গ'ল। এফালে ল'ৰা-ছোৱালীখিনি আৰু আনফালে ষ্টেপান। অৱশ্যে বহাৰ পূৰ্বে ষ্টেপানে নিজৰ সৰু বাগিচাৰ পৰা পকি থকা ষ্ট্ৰবেৰী অলপ চিঙি আনি সকলোৰে সমুখত ৰাখি ভগাই খাবলৈ ক'লে। ল'ৰা-ছোৱালীহঁতৰ কিযে ফূৰ্তি। ষ্টেপানৰ কাষত মলেঁয়া থিয় দি আছে 'সাৱধান' ভংগীমাত। যিদৰে থিয় দি আছে, দেখি এনে লাগিছে— তাই যেন ষ্টেপানৰ ব্যক্তিগত দেহৰক্ষীহে! মাৰ্ক'ই ষ্ট্ৰবেৰী এটা মলেঁয়ালৈ আগবঢ়াই দিলে। তাই ঠোঁটত লৈ সেইটো আছাৰ মাৰি দিলে। ষ্ট্ৰবেৰীটো ছিটিকি গৈ নিলগত পৰিলগৈ। মলেঁয়াৰ কাণ্ড দেখি সকলোৱে আমোদ পাই হাঁহিলে। তাই কিন্তু বেছ গহীন ভাব দেখুৱাই থিয় দি থাকিল— যেন হাঁহিবলৈ একো হোৱাই নাই!
: তোমালোকে অট্টোমাৰ আনশ্বুটজৰ নাম শুনিছা?— ষ্টেপানে সুধিলে।
: নাই শুনা। কোননো এওঁ? কোনোবা বিজ্ঞানী নেকি?— ষ্ট্ৰবেৰী এটাত কামোৰ দিবলৈ লৈ ৰৈ গ'ল মাৰ্ক'।
: এওঁ আছিল জাৰ্মান ফটোগ্ৰাফাৰ।
: এওঁৰ লগত ষ্টৰ্কৰ কি সম্পৰ্ক?
: সম্পৰ্ক আছেতো।
: আমাকো কওক।
: শুনা তেন্তে।— ষ্টেপানে ক'বলৈ আৰম্ভ কৰে।
১৮৮৪ চনত জাৰ্মান ফটোগ্ৰাফাৰ অট্টোমাৰ আনশ্বুটজে (Ottomar Anschütz) ষ্টৰ্কৰ ফটোৰ এটা সংকলন প্ৰকাশ কৰে। ফটোবোৰত দেখা গৈছিল ষ্টৰ্কৰ বহল ডেউকা আৰু চঞ্চল প্ৰবৃত্তি। টানি লোৱা ঠেং দুখনেৰে সৈতে ষ্টৰ্কবোৰক আখৰাৰ মাজতে বিৰতি লোৱা বেলেট নৃত্যশিল্পীৰ দৰে দেখা যায়। কোৱা হয় যে এই ফটো সংগ্ৰহেই 'ফ্লাইং মেন' অট’ লিলিয়েন্থালৰ পৰীক্ষামূলক এভিয়ান গ্লাইডাৰৰ ডিজাইনৰ বাবে অনুপ্ৰাণিত কৰিছিল।
ডেকা অৱস্থাত অট্টো আৰু তেওঁৰ ভাতৃ গুস্তাভে নিজৰ গৃহ চহৰ অংকলামৰৰ বাহিৰৰ ঘাঁহনিবোৰত ট্ৰেকিং কৰিছিল। তেওঁলোকে চাইছিল যে ঘ্ৰাণশক্তি কম থকা ষ্টৰ্কবোৰৰ কিমান ওচৰ চাপিব পাৰিব। তেওঁলোকে ঘণ্টাৰ পিছত ঘণ্টা ধৰি বতাহত ষ্টৰ্কৰ উৰণ আৰু পথবোৰ চাই লক্ষ্য কৰিলে যে আচলতে উৰণৰ চাবিকাঠি আছিল ডেউকাৰ কোব নহয়, গ্লাইডহে। বতাহত গ্লাইড কৰি ষ্টৰ্ক একোটাই নূন্যতম কষ্টৰে বিপুল দূৰত্ব অতিক্ৰম কৰিব পাৰে।
ষ্টৰ্কৰ এই কাৰ্যৰ দ্বাৰা অট্টো ইমানেই অনুপ্ৰাণিত হৈছিল যে দশক দশক ধৰি তেওঁ পক্ষী বায়ুগতিবিদ্যাৰ বিষয়ে এখন কিতাপ প্ৰকাশ কৰিছিল। ভাতৃৰ সৈতে তেওঁ নতুন ধৰণৰ হেং গ্লাইডাৰ উদ্ভাৱন কৰিছিল যিয়ে ৰোল আৰু পিচ নিয়ন্ত্ৰণ কৰিবলৈ ওজন সলনি কৰাৰ পাইলটৰ নিপুণতাৰ ওপৰত নিৰ্ভৰ কৰিছিল। ৰাইট ভাতৃদ্বয়ৰ এদশকতকৈও অধিক পূৰ্বে লিলিয়েন্থাল পৰিয়ালে ডাৰউইট্জ গাঁৱৰ বাহিৰৰ পাহাৰত উৰণৰ পৰীক্ষা-নিৰীক্ষা কৰিছিল। অট্টোৱে লিখিছিল— “আমি ঘৰলৈ উভতি আহিলোঁ, এই পৰীক্ষাবোৰৰ পিছত, এই বিশ্বাসেৰে যে পালতোলা উৰণ চৰাইৰ একচেটিয়া বিশেষাধিকাৰ নহয়।” পাঁচ বছৰ ধৰি তেওঁ প্ৰায় ২০০০বাৰ গ্লাইডাৰৰ উৰণ পৰীক্ষণ কৰিছিল। কিন্তু এদিন ধুমুহাই উৰণৰ সময়ত তেওঁক ভাৰসাম্যহীন কৰি পেলালে আৰু তেওঁ ৫০ ফুট তলত পৰিলগৈ। ফলত বৰ কৰুণভাৱে তেওঁৰ মৃত্যু ঘটে।: বৰ দুখজনক। অৱশ্যে এইটো জানি ভাল লাগিল যে, আকাশীযানৰ উৰণৰ সতে ষ্টৰ্কৰ উৰণ জড়িত হৈ আছিল।— এমাই ক'লে।
: ইহঁতক পানীত ইফাল সিফাল কৰি থকা যে দেখোঁ, পানীত চৰি ভাল পায় ন?— মাৰ্ক'ই সোধে।
: হোৱাইট ষ্টৰ্কে অগভীৰ, নিশ্চল পানী থকা অঞ্চল ভাল পায় যিবোৰ বেছি ঠাণ্ডা বা বেছি গৰম নহয়। ওখ বা ঘন গছ-গছনিৰ বিশাল অঞ্চল থকা অঞ্চল ইহঁতে এৰাই চলে। সাধাৰণতে মানুহে কৃষিৰ বাবে পছন্দ কৰা অঞ্চলবোৰেই ইহঁতে ভাল পায়। প্ৰজননৰ সময়ত বাহ সাজিবৰ বাবে উপযুক্ত ঠাই, যেনে— ওখ গছ, ছাদ, চিমনি, টেলিফোনৰ খুঁটা বা টাৱাৰ আদি ইহঁতে পচন্দ কৰে। সাধাৰণতে মাটিৰ পৰা প্ৰায় ৩০ মিটাৰ ওপৰত বাহ নিৰ্মাণ কৰে। ২ মিটাৰপৰ্যন্ত ব্যাস আৰু ৩ মিটাৰ গভীৰতা থকা হোৱাইট ষ্টৰ্কৰ বাহ আটাইতকৈ ডাঙৰ চৰাইৰ বাহবোৰৰ ভিতৰত অন্যতম। বাহ সাজিবৰ বাবে গছৰ ঠাল, ডাল, টুকুৰা, কাগজ আৰু অন্যান্য উপলব্ধ সামগ্ৰী ব্যৱহাৰ কৰে।— ষ্টেপানে কিছু দীঘলীয়াকৈ ক'লে।
: মলেঁয়াক আপুনি মাছ আনি খুওৱা আমি দেখিছোঁ। আৰু কি কি খায় হোৱাইট ষ্টৰ্কে?— এইবাৰ মাৰ্ক'ই সোধে।
: হোৱাইট ষ্টৰ্কে দিনত খাদ্য খায়। ইহঁত মাংসভোজী। সৰু স্তন্যপায়ী প্ৰাণী, বৃহৎ পোক, উভচৰ, সাপ, কেঁচু, মাছ, কণী আৰু মাটিত বাহ সজা চৰাই আদিৰ পোৱালি ইহঁতৰ খাদ্য তালিকাৰ ভিতৰুৱা। খৰাঙৰ সময়ত হোৱাইট ষ্টৰ্কে প্ৰধানকৈ পোক-পৰুৱা আৰু এন্দুৰ খায়। অৱশ্যে ইহঁতৰ খাদ্য মূলতঃ জলজ প্ৰাণীৰে গঠিত।— ষ্টেপানৰ উত্তৰ।
: হোৱাইট ষ্টৰ্কে চিকাৰ কৰাৰ দৰে হোৱাইট ষ্টৰ্ককো চিকাৰীয়ে ধৰে নেকি?
: প্ৰাপ্তবয়স্ক হোৱাইট ষ্টৰ্কৰ চিকৰী কম; কিন্তু বাহত থকা পোৱালি বাজ আৰু ঈগলৰ চিকাৰ হ'ব পাৰে। স্থলজ চিকাৰীৰ পৰা কণী আৰু পোৱালি ৰক্ষা কৰিবৰ বাবেই ইহঁতে বাহ ওখ ঠাইত সাজে।
ষ্টেপানৰ ভাল লাগিছে। ল'ৰা-ছোৱালীবোৰে হোৱাইট ষ্টৰ্কৰ বিষয়ে জানিবলৈ কৰা প্ৰতিটো প্ৰশ্নৰ উত্তৰ দি তেওঁ ভিতৰি এক আনন্দ অনুভৱ কৰিছে। তেওঁৰ দৰে এজন সাধাৰণ স্কুল জেনিটৰক এই প্ৰশ্নবোৰ ল'ৰা-ছোৱালীবোৰে সুধিছে কেৱল মলেঁয়া তেওঁৰ কাষত থকাৰ বাবেহে। মলেঁয়া যদি নাথাকিলহেঁতেন বা তেওঁৰ পদূলিত যদি পেৰুনিকা নুফুলিলহেঁতেন তেতিয়া হয়তো এনেদৰে স্কুলীয়া ল'ৰা-ছোৱালীহঁত আহি তেওঁৰ লগত সময় নকটালেহেঁতেন। ষ্টেপানে মনে মনে মলেঁয়াক ধন্যবাদ জনালে।: কিমান বয়স হ'লে ইহঁতে বাহ সাজে?— মাৰ্ক'ই পুনৰ প্ৰশ্ন আৰম্ভ কৰিলে।
: তিনি বা চাৰি বছৰ বয়সৰ পৰা হোৱাইট ষ্টৰ্কে যোৰ পাতে। ইহঁত আজীৱন একে যোৰতে থাকে। বসন্ত কালত মতা চৰাইবোৰ প্ৰজনন স্থানলৈ উভতি আহে। মাইকী চৰাইতকৈ কেইদিনমান আগতে আহি পায়হি আৰু লগে লগে আগৰ বছৰত ব্যৱহাৰ কৰা বাহটো ডাঙৰ কৰাত ব্যস্ত হৈ পৰে। মাইকী চৰাইবোৰো আহি পোৱাৰ লগে লগে বাহ সজাত অংশগ্ৰহণ কৰে। একে ঠাইতে ত্ৰিছ যোৰপৰ্যন্ত হোৱাইট ষ্টৰ্কে বাহ সাজি কলনি পাতে। মাইকী চৰায়ে তিনিৰ পৰা পাঁচটা কণী পাৰে, যিবোৰ প্ৰায় এমাহৰ পিছত ফুটি পোৱালি ওলায়। আঠ সপ্তাহৰ ভিতৰত পোৱালিবোৰ নিজৰ বাহ এৰি স্বাধীন হ’ব পাৰে।— ষ্টেপানৰ দীঘল উত্তৰ।
: পোৱালিবোৰক কি খুৱায়?
: পিতৃ-মাতৃয়ে পোৱালিক দহ দিন হোৱালৈকে প্ৰতি ঘণ্টাত নিজৰ পেটৰ পৰা উগাৰি উলিওৱা খাদ্য খুৱায়। বয়স যেতিয়া পোন্ধৰ দিন হয়, তেতিয়া প্ৰতি ২ ঘণ্টাৰ মূৰে মূৰে এনেদৰে খুৱায়।
: মানে বমি কৰি খুৱায়?— এমাই বৰ উৎসুকতাৰে সোধে।
: পোনপটীয়াকৈ এনেদৰেই ক'ব পাৰি।
: ৱাক...।— এমাই উকালি অহাৰ দৰে অভিনয় কৰি দেখুৱালে। তাইৰ লগৰ সকলোৱে হাঁহিলে।
: একেটা বাহেই তাৰমানে কেইবা বছৰ ব্যৱহাৰ কৰে?
: অঁ। প্ৰতি বছৰে মেৰামতি কৰি লয়।
: মলেঁয়াই বাহ সাজিবনে?— এমাই সুধিলে।
ৰৈ গ'ল ষ্টেপান। এমাৰ প্ৰশ্নটোৱে হঠাৎ মৌন কৰি তুলিলে তেওঁক। এৰা, মলেঁয়াই বাৰু বাহ সাজিবনে! ষ্টেপানৰ মনৰ ভিতৰত পাকঘূৰণি খাই থাকিল এমাই কৰা প্ৰশ্নটো। ভগা ডেউকাখনেৰে সৈতে মলেঁয়া কেতিয়াও উৰিব নোৱাৰে। তেনে ক্ষেত্ৰত তাই বাহ সাজিব কিদৰে! যোৰা পাতিব কিদৰে, কাৰ সতে! আজীৱন পঙ্গুত্বক সাবটি লৈ থাকিব মলেঁয়াই! ভিতৰি আহত হ'লেও ষ্টেপানে ওঁঠযোৰত হাঁহি এটা বুলাই লৈ ক'লে—
: হ'ব। মলেঁয়াৰো বাহ এটা হ'ব। ঘৰৰ মূধচত মলেঁয়াৰ এটা বাহ হ'ব। মলেঁয়া এদিন মাক হ'ব।
: মলেঁয়াচোন উৰিব নোৱাৰে; কেনেকৈ বাহ সাজিব তাই?— পুনৰ সোধে এমাই।
: তাইৰ 'মিষ্টাৰে' বাহ সাজিব। ময়ো সহযোগ কৰিম।
: তাইৰ মিষ্টাৰ!
: মলেঁয়াৰ ওচৰলৈ এদিন এটা মতা ষ্টৰ্ক আহিব। বাহ সাজিব। দুয়োটা একেলগে থাকিব!
: বৰ মজাৰ কথা হ'ব নহয়নে?— মাৰ্ক'ই সুধিলে এইবাৰ।
: হয়। বৰ ভাল হ'ব!
ল'ৰা-ছোৱালীবোৰ গ'লগৈ। গেটখন বন্ধ কৰি ষ্টেপান পদূলিৰ পৰা বাৰাণ্ডা পালেহি। নিজৰ চকীখনত বহিল তেওঁ। কাষতে ৰ'লহি মলেঁয়া। তাই ঠোঁটখনেৰে পাখি কটালিছে। তাইৰ হয়তো ক'বলৈ একো নাই! কিন্তু ষ্টেপানৰ ঢেৰ কথা আছে তাইক ক'বলৈ। এমাই 'মলেঁয়াই বাহ সাজিবনে' বুলি সোধা প্ৰশ্নটোৱে বাৰে বাৰে টুকুৰিয়াই আছে তেওঁৰ বুকুত; তেওঁৰ মগজুত। নিজক তেওঁ বাৰে বাৰে সুধিছে— সঁচাকৈয়ে বাৰু মলেঁয়াৰ বাহ এটা হ'বনে? মলেঁয়া মাক হ'বনে?
উত্তৰ বিচাৰি নাপালে ষ্টেপানে। কেৱল এটা দীৰ্ঘ হুমুনিয়াহ এৰিলে।