অন্যযুগ/


ৰূপ-বৰ্ণৰ দৰ্শন আৰু বৰ্ণন

 মৃদুল শৰ্মা



সুমথিৰা ৰঙৰ কেনভাছ অৰ্চনা দেৱী

প্ৰকাশক : দেৱজিত শৰ্মা, উপাসা প্ৰকাশন, শিৱসাগৰ।

প্ৰথম প্ৰকাশ : ছেপ্তেম্বৰ, ২০২৪ চন

পৃষ্ঠাসংখ্যা : ১৭৬, মূল্য : ৩৫০ টকা

একোজন শিল্পীৰ অন্তৰ্জগতত কিহে কুটকুটাই থাকে? নৈসৰ্গিক প্ৰকৃতিজগতৰ অথবা তাৰো অতীত কোনো ৰূপ-অৰূপৰ কেনে ইঙ্গিতে শিল্পী একোজনক ভিতৰৰ পৰা গঢ়িও আনে, দহিও আনে? আনে নেদেখা কি অৰূপ-ৰূপৰ সন্ধান কৰে তেওঁ, তেনে সন্ধানৰ অনুপ্ৰেৰণা তেওঁক কিহে যোগায়? আনে নুশুনা কি সুৰ শুনে তেওঁ, আনে নেদেখা, বা নিজেও নেদেখা কি ৰঙৰ অন্বেষণত জীৱনক অৰ্থপূৰ্ণ কৰি তুলিবলৈ যত্ন কৰে তেওঁ?

সুমথিৰা ৰঙৰ কেনভাছশীৰ্ষক উপন্যাসখনত ড অৰ্চনা দেৱীয়ে এনে কিছুমান মৌলিক প্ৰশ্নৰ উত্তৰৰে সন্ধান কৰিছে। প্ৰসিদ্ধ চিত্ৰকৰ-ভাস্কৰ নীলপৱন বৰুৱাৰ জীৱনক কেন্দ্ৰ কৰি লিখা এই স্বল্প-অৱয়বৰ উপন্যাসখনত উজনি অসমৰ টীয়ক নামৰ সৰু ঠাইখনৰ পৰা গৈ পশ্চিম বঙ্গৰ শান্তিনিকেতনস্থিত বিশ্বভাৰতীৰ শিক্ষাৰ্থী হিচাপে নীলপৱনে লাভ কৰা শিক্ষা, অভিজ্ঞতা আৰু উদ্দীপনাজনিত আত্মবিশ্বাসৰ অন্তৰালত থকা নিজা কৃচ্ছ্ৰসাধনাৰ মনোভাবৰ লগতে নন্দলাল বসু, ৰামকিঙ্কৰ বেইজৰ দৰে ব্যক্তিত্বৰ পোহৰেৰে আলোকিত হোৱাৰ ইঙ্গিতো আছে। একেদৰেই গুৱাহাটীলৈ উভতি আহি তেওঁ শোভা ব্ৰহ্ম, অতুল বৰুৱা, সোণাৰাম নাথ আদিৰ সান্নিধ্যৰে কিদৰে অসমত দৃষ্টিবেদ্য শিল্পকলাৰ পৰিৱেশ এটা ৰচনা কৰিবলৈ যত্নপৰ হৈছিল তাৰ এক প্ৰকাৰ ঐতিহাসিক বিবৃতি উপন্যাসখনত দাঙি ধৰা হৈছে।

পিছে উপন্যাসৰ নায়ক নীলপৱন এজন সাধাৰণ ছবি অঁকা, মূৰ্তি নিৰ্মাণ কৰা লোক হৈয়ে ৰৈ গলহেঁতেন যদিহে তেওঁৰ জীৱনলৈ দীপালি বৰঠাকুৰৰ প্ৰৱেশ নঘটিলহেঁতেন। অসমৰ একালৰ নাইটিঙ্গেল খ্যাত কণ্ঠশিল্পী দীপালি বৰঠাকুৰ শাৰীৰিক অসুস্থতাৰ বাবে চিৰদিনলৈ কণ্ঠৰুদ্ধ হৈ পৰাৰ পাছত নীলপৱনে তেওঁক সাবটি ললে নিজৰ আন্তৰিকতাপূৰ্ণ সৰু ডেউকাযোৰেৰেই আৰু শিল্পচৰ্চাক এইবাৰ তেওঁ জীৱনৰ আন এক তাৎপৰ্যৰে মহিমাণ্ডিত কৰি তুলিলে।

উপন্যাসখন অশেষ সম্ভাৱনাৰে পৰিপূৰ্ণ এজন শিল্পীয়ে মানৱতাৰ স্বাৰ্থত নিজৰ কলাসাধনাৰ যাত্ৰাক প্ৰায় ত্যাগ কৰাৰ বৰ্ণনাৰে সমৃদ্ধ। ঔপন্যাসিকে নীলপৱন বৰুৱাৰ ক্ষেত্ৰত দুই-এঠাইত বহেমিয়ান স্বভাৱৰ কথা লিখিও তেওঁ কিদৰে অতিশয় দায়িত্ববোধৰ পৰিচয় দিছে তাৰো প্ৰমাণ দাঙি ধৰিছে বাৰে বাৰে। আৰ্ভিং ষ্টনৰ লাষ্ট ফৰ লাইফত অনবৰতে মূৰৰ ভিতৰত নতুন সৃষ্টিৰ অতুলনীয় প্ৰেৰণাৰ উপলব্ধিৰে অস্থিৰ ভেন গঁঘৰ ব্যক্তিত্বৰ তুলনাত নীলপৱনৰ ব্যক্তিত্ব সৃষ্টিকাতৰতাৰে ক্ষত-বিক্ষত যদিও শান্ত, সৌম্য। এই ব্যক্তিত্বৰ সোণত আকৌ সুৱগা চৰাইছে দীপালি নামৰ পৱিত্ৰতম অস্তিত্বটোৱে।

উপন্যাসখনত কেইবাটাও আকৰ্ষণীয় চৰিত্ৰ আছে। কন্দৰ্প শৰ্মা, সোণাৰাম নাথ, নীলমণি ফুকন, নৱকান্ত বৰুৱা, ভূপেন হাজৰিকা, অতুল বৰদলৈ আদি অনেক প্ৰসিদ্ধ ব্যক্তিত্বক উপন্যাসখনত চৰিত্ৰৰূপে তুলি ধৰা হৈছে। সেইসমূহৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় চৰিত্ৰ হৈছে সন্তানৰ বোধ-উপলব্ধিৰ লগতে মৰ্যাদাৰ প্ৰতি সজাগ পিতৃ ধ্বনিকবি বিনন্দচন্দ্ৰ বৰুৱা, নীলপৱনৰ মাতৃ লাৱণ্যপ্ৰভা, ভাতৃ সুনীলপৱন, প্ৰসিদ্ধ চিত্ৰকৰ নন্দলাল বসু আৰু ভাস্কৰ ৰামকিঙ্কৰ বেইজ।

সময়ত অতিকে সৰল আৰু সময়ত চিত্ৰালঙ্কাৰেৰে সমৃদ্ধ গুৰুগম্ভীৰ ভাষা উপন্যাসখনৰ বিশেষভাৱে উল্লেখ কৰিবলগীয়া সম্পদ। মাজে মাজে নীলপৱন বৰুৱাৰ কেইবাখনো ড্ৰয়িং আৰু পেইণ্টিঙৰ সমাহাৰেৰে উপন্যাসখনৰ গাম্ভীৰ্য আৰু বিশ্বসনীয়তা বৃদ্ধি কৰা হৈছে। চিত্ৰসমূহ ৰঙীনকৈ ছপা কৰিব পৰাহলে উপন্যাখন পঢ়ুৱৈয়ে ৰং আৰু ৰূপৰ আন এক অভিজ্ঞতা আহৰণ কৰিব পাৰিলেহেঁতেন।

উপন্যাসখনৰ প্ৰকাশক শিৱসাগৰৰ উপাসা প্ৰকাশনৰ দেৱজিত শৰ্মা। ২০২৪ চনৰ ছেপ্তেম্বৰ মাহত প্ৰকাশ পোৱা গ্ৰন্থখনৰ মুঠ পৃষ্ঠাসংখ্যা ১৭৬। ব্যতিক্ৰমী বিষয়, ভাবনা আৰু দৰ্শনৰ এনে এখন অনুপম উপন্যাস আগ বঢ়োৱা বাবে ড অৰ্চনা দেৱীক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে তেওঁৰ পৰা ভৱিষ্যতে আৰু অৰ্থপূৰ্ণ ৰচনা লাভ কৰিম বুলি আশা কৰিলোঁ।


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ