অন্যযুগ/


আনিছ উজ্‌ জামানৰ কবিতা : আত্মমগ্নতাৰ পৰা সমাজমুখী চিন্তালৈ


 ৰাজীৱ বৰা

 

প্ৰায় ছটা দশকজোৰা কাব্য-পৰিক্ৰমা সামৰি যোৱা ২০ ছেপ্তেম্বৰ, ২০২৬ তাৰিখে আনিছ উজ্‌ জামানৰ কায়িক প্ৰস্থান ঘটিল৷ কবিতাৰ মৃত্যু নাথাকে; অমৰ কবিতা লিখা কবিৰো মৃত্যু নহয়৷ অনেক সৃষ্টিৰ মাজত মানুহৰ ওঁঠ বাগৰিব পৰাকৈ যদি কেইফাকিমান কবিতা লিখিবলৈ কবি সমৰ্থ হ’ল, তেন্তে সেই কবি পাহৰণি নামৰ কালৰ মাৰৰ পৰা বাচি গ’ল৷ কালৰ কবিতা লিখি যদি কবি ঐতিহ্য সংবাহী হ’ল, জাতীয় জীৱন আৰু জাতীয় সংস্কৃতিৰ উদ্ভাসক হ’ল, সময়ৰ প্ৰতিনিধি হ’ল, সেই কবিৰ সৃষ্টিকৰ্মত কেতিয়াবা সাময়িকভাৱে চামনি পৰিলেও অনাগত পুৰুষে ঐতিহ্য আৰু জাতীয় সমৃদ্ধিৰ সন্ধানতে খান্দি-কুৰুকি বিচাৰি উলিয়াব৷ আনিছ উজ্‌ জামান তেনে এজন কবি বুলিব পাৰি যি অসমীয়া জাতীয় জীৱনৰ সাংস্কৃতিক ৰহঘৰা কবিতাত বাকি এটা আকৰ্ষণীয় কাব্যশৈলীৰে অসমীয়া আধুনিক কবিতাৰ দ্বিতীয় পৰ্বটো সমৃদ্ধ কৰি গ’ল৷

জীৱনৰ সৰহভাগ সময় মহানগৰৰ যান্ত্ৰিক জীৱনৰ মাজত কটালেও তেওঁৰ কাব্য-চেতনাৰ ঘাই শিপাডাল আছিল গ্ৰাম্য লোকজীৱনৰ মাজত৷ সংবেদনশীলতাই পাৰিপাৰ্শ্বতকৈও তেওঁক নিৰ্বিশেষ মানুহমুখী কৰিছে যদিও অতিবাহিত জীৱনৰ নষ্টালজিক উপলব্ধিৰ মাজেৰে গ্ৰাম্যজীৱন উদ্ভাসনত তেওঁ অধিক মনোনিৱেশ কৰিছে৷ জটিল জীৱন চৰ্যা প্ৰকাশৰ ক্ষেত্ৰতো কবিতাৰ জটিল আংগিকৰ সলনি লোক-কবিতাৰ ৰূপ-ৰীতি ব্যৱহাৰৰ ফলত তেওঁৰ কাব্য প্ৰকাশত সৰলতা পৰিলক্ষিত হয়৷ অৱশ্যেই এই সাৰল্য বিষয়গত নহয়, ৰূপগতহে৷ লোক জীৱনৰ পৰা আহৰিত সমল ব্যৱহাৰৰ মাধ্যমত কবিতাক পাঠকসংবেদী কৰাৰ  ক্ষেত্ৰত তেওঁৰ স্বাচ্চন্দ্য লক্ষ্য কৰা যায়৷ আধুনিক অসমীয়া কবিসকলে কবিতাত অভিনৱত্বৰ সঞ্চাৰ, জটিল জীৱনৰ বিচিত্ৰতা তুলি ধৰোঁতে কাব্যভাষাকো আচহুৱাকৰণৰ দোহাই দি অত্যাধিক গদ্যমুখী হোৱাৰ প্ৰৱণতা দেখুৱাইছে যদিও জামানৰ কাব্যভাষা সৰল আৰু লোকধম¹৷ তেওঁ যে এগৰাকী ভাষা সচেতন কবি তাৰ উমান দি লিখিছে – ‘‘অসমীয়া প্ৰতিগৰাকী কবিৰ দৰে মোৰ এটা নিজস্ব আৰু আপোনসুৰীয়া ভাষা আছে৷ তাতেই অতদিনে বৰ্তি আছোঁ বুলি ভাবোঁ৷’’ (মোৰ ক’বলগীয়া, নৈখন ক’লৈ গৈছে তুমিও নেজানা ময়ো নেজানো)৷ এই আপোনসুৰীয়া ভাষাটোৰ প্ৰধান উহ হৈছে তেওঁৰ ওপজা ঠাই একালৰ শিৱসাগৰ জিলাৰ বামুনবাৰী অঞ্চলৰ জনসাধাৰণৰ মুখৰ ভাষা৷ ভিন্ন ঠাই, ভিন্ন লোকৰ সংসৰ্গ আৰু অধ্যয়নৰ মাজেৰে অসমীয়া ভাষাৰ আঞ্চলিক বৈবিধ্যৰে সমৃদ্ধ হ’লেও আনুভতিক প্ৰকাশৰ ক্ষেত্ৰত এই লোকভাষাটোৱে তেওঁক স্বাচ্চন্দ্য অনুভৱ কৰায়৷ ভাষা-সচেতন কবি হিচাপে বুৰ¸ঞ্জীমূলক লোকগীত, লোককবিতাই সমৃদ্ধ কৰি থোৱা এই ভাষাটোৰ কালিকা তেওঁ বুজি পাইছিল আৰু তাক অৰ্থপূৰ্ণভাৱে নিজা কাব্যশৈলীত সাৰ্থক ব্যৱহাৰত যত্নশীল হৈছিল–

ইয়াৰ পৰাই ৰিং মাৰি শুনো

কাষলৈ যোৱাৰ কেতে পৰ

 

পানীয়ে বান্ধে পাৰ

 

উজাই আহে দেও ডঁৰিকণা

বুকুত লৈছে কিমান ভাৰ (আজান ফকিৰৰ স্মৃতিত)

অসমীয়া কবিতাৰ শ্ৰীবৃদ্ধিত আপোন সৃষ্টিৰ মাধ্যমত আগবঢ়োৱা অৱদানৰ উপৰি বহুতৰ বাবে আনিছ উজ্‌ জামান আছিল অনুপ্ৰেণাৰ উৎস৷ ৰবীন্দ্ৰনাথ ঠাকুৰে ভবাৰ দৰে পুৰণি কবি এজন যে নতুন কবিৰ মাজেৰে বৰ্তি থাকে সেই কথা জামানেও বিশ্বাস কৰিছিল আৰু অসমৰ তৰুণ কবিকুলৰ সৈতে সম্পৰ্কিত হৈ নিৰন্তৰ কবিতা লিখাত তেওঁলোকক উৎসাহিত কৰিছিল৷ এনে কৰোঁতে কেতিয়াবা উদ্‌গনি দিয়াৰ নামত কাৰোবাক অনাহক প্ৰসংশা কৰিছিল যদিও তাত শুভবোধ আৰু সততাৰ অভাৱ ঘটা নাছিল৷   

সন্দেহ নাই ‘উত্তৰ-ৰামধেনু’ কালত তৰুণ প্ৰজন্মৰ প্ৰতিশ্ৰুতিসম্পন্ন কবি হিচাপে আত্মপ্ৰকাশ ঘটা জামানে একবিংশ শতিকাৰ আগচালিত প্ৰতিশ্ৰুতিক বাস্তৱ প্ৰত্যয়লৈ ৰূপান্তৰ ঘটাবলৈ সমৰ্থ হৈছিল৷ উল্লেখনীয় যে বিংশ শতিকাৰ সত্তৰৰ দশকৰ পৰা কাকত-আলোচনীত কবিতা লিখি থাকিলেও তেওঁৰ প্ৰথমখন সংকলন ‘অজ্ঞাতে’ প্ৰকাশিত হৈছিল ১৯৮৯ চনত৷ পৰৱৰ্তী পৰ্যায়ত ‘গধূলি’ (১৯৯৪), ‘সেউজীয়া জোন’ (১৯৯৯), ‘দোকমোকালি’ (২০১৪), ‘নৈখন ক’লৈ গৈছে তুমিও নাজানা ময়ো নাজানো’ (২০২১), ‘আত্মজ’ (২০২২) এইকেইখন মৌলিক কবিতাৰ সংকলন প্ৰকাশ পায়৷ তাৰ মাজতে ‘এই বাটেদিয়েই’ (প্ৰথমৰ তিনিখন সংকলন একত্ৰে, ২০১৩), আনিছ উজ্‌ জামানৰ নিৰ্বাচিত কবিতা (২০১৬), আনিছ উজ্‌ জামানৰ প্ৰেমৰ কবিতা (২০২২) প্ৰকাশ পায়৷ তেওঁৰ কবিতা বাংলা, হিন্দী আৰু ইংৰাজীলৈকো অনুদিত হৈ সংকলন আকাৰে প্ৰকাশ লাভ কৰিছে৷ জীৱনৰ শেষৰ ফালে মৌলিক কবিতা লেখাতকৈ তেওঁ অনুবাদ কৰ্মত জৰিত হৈ জাপানী আৰু চীনা কবিতা অনুবাদত মনোনিৱেশ কৰিছিল৷ এনে প্ৰচেষ্টাত ‘সেউজীয়া ধুমুহাৰ পাছত’ (২০২০) আৰু ‘এজাক ফুলৰ ধুমুহা [২০২২] প্ৰকাশ কৰাৰ উপৰি য়চা বুচানৰ কবিতাৰ অনূদিত সংকলন ‘লেমৰ পোহৰত হালধীয়া ইন্দ্ৰমালতী’ প্ৰকাশৰ প্ৰস্তুতি চলাই আছিল; কিন্তু তাৰ আগেয়ে নিয়তিয়ে তেওঁক (২০-০৯-২০২৬ তাৰিখে) আমাৰ মাজৰ পৰা লৈ গ’ল৷ অম্লান কবিতাৰ সৌৰভ আমালৈ থৈ এই বাটেদিয়েই গুচি গ’ল কবি৷

আনিছ উজ জামানৰ কবিতাৰ আলোচনাৰ প্ৰসংগত প্ৰায়ে পূৰ্বসুৰীৰ অনুকৰণ, বিশেষকৈ নীলমণি ফুকন আৰু ভবেন বৰুৱাৰ দৰে প্ৰতীক আৰু চিত্ৰকল্প অনুৰাগী কবিৰ প্ৰতি অনুৰক্ত হোৱাৰ কথা উল্লেখ কৰা হয়৷ তেওঁৰ মাজত জ্যোতিপ্ৰসাদ আগৰৱালা, নীলমণি ফুকন, নৱকান্ত বৰুৱা জীণ গৈ আছে যদিও হেৰল্ড ব্লুম কথিত প্ৰভাৱৰ উদ্বেগ (Anxiety of influence) কাটি কৰিবলৈ যাওঁতেই পাছলৈ আপোন শৈলী এটাৰো উদ্ভাৱক হৈ উঠিছেগৈ৷ কাব্য-চৰ্চাৰ প্ৰাৰম্ভত, পথসন্ধানৰ কালত অগ্ৰজ তথা প্ৰভাৱশালী কবিৰ কাব্যসৃষ্টিৰ প্ৰতি তৰুণ কবি আকৰ্ষিত হোৱা অথবা তেওঁলোকৰ পদাংক অনুকৰণ কৰাত আশ্চৰ্য নাই; কিন্তু নিৰন্তৰ কবিতা লিখোঁতে আনক দীৰ্ঘদিন অনুকৰণ কৰা বা নিজৰ শৈলীকে বাৰম্বাৰ অনুকৰণ কৰি থাকাটো একোজন কবিৰ উত্তৰণৰ অন্তৰায়৷ সন্দেহ নাই যে জামানৰ কাব্য-চৰ্চাৰ প্ৰাৰম্ভিক কালত নীলমণি ফুকন অথবা ভবেন বৰুৱাৰ দৰে প্ৰতিষ্ঠিত কবিৰ কবিতাৰ অধ্যয়ন আৰু সান্নিধ্যই তেওঁৰ কাব্য-প্ৰকৰণক কিছুদূৰ নিয়ন্ত্ৰণ কৰিছিল৷ লৰ্কা আৰু নেৰুদাৰ কবিতায়ো তেওঁক প্ৰভাৱিত কৰিছিল৷ লাহে লাহে জামানে এই কথাৰ তৎ ধৰিব পাৰিছিল আৰু একধৰণৰ চেষ্টাসাধ্য দূৰত্বৰে আপোন শৈলী এটাৰ বিস্তৃতি ঘটাবলৈ যত্নশীল হৈছিল৷ প্ৰতীক আৰু চিত্ৰকল্পবাদী প্ৰবাহটোৰ অনুগত অসমীয়া কবিসকলৰ প্ৰতি থকা আকৰ্ষণৰ বাবেই আনিছ উজ্‌ জামানৰ প্ৰথম ফালৰ কবিতাসমূহত চিত্ৰধম¹তাও অধিকভাবে পৰিলক্ষিত হৈছিল; কিন্তু লাহে লাহে তেওঁ লোক-জীৱন বিষয়ত লাভ কৰা জ্ঞান-অভিজ্ঞতাসঞ্জাত অনুষংগ ব্যৱহাৰেৰে নিজা শৈলীটোৰ বিকাশ ঘটোৱাত সফলতা লাভ কৰিছিল৷

কাব্য-কৌশল আৰু ফৰ্ম হিচাপে প্ৰতীক আৰু চিত্ৰকল্পবাদী কবিতাৰ প্ৰতি মনোযোগ থাকিলেও একান্ত বুদ্ধিমাগ¹ প্ৰৱাহৰ প্ৰতি আনিছ উজ্‌ জামানে সঁহাৰি জনোৱা নাছিল৷ তেওঁ প্ৰেমৰ কবি৷ ৰোমাণ্টিক উপলব্ধিক নিজৰ সাজোনত সজাই প্ৰকাশ কৰাৰ ফলত তেওঁৰ ৰোমাণ্টিকতায়ো স্বকীয়া লভিছিল৷ গ্ৰাম্য জীৱনৰ দেধাৰ অনুষংগৰ ব্যৱহাৰ, লোকসংগীতৰ গীতিময়তাৰ বাবেই তেওঁৰ কবিতাত লীৰিকেল প্ৰৱাহৰ লহৰ সততে বিৰাজমান৷ তেওঁৰ কবিতাই তুলি ধৰা চিত্ৰত উদ্ভাসি উঠে অসমৰ  গাঁওবোৰ– পথাৰ, ধাননি, বাঁহনি, কুঁৱলীত বুৰ যোৱা বিল-নৈ, গঞা-জ্ঞাতিৰ মৰম-স্নেহ, মানুহৰ পাৰস্পৰিক নিৰ্ভৰশীলতা, বিহুগীত, বনগীত, বিয়ানাম, আইনাম, ধাইনাম, সাধুকথাৰ গীত৷ এইবোৰৰ মাজেৰে তেওঁ জীৱনৰ প্ৰতি থকা আস্থা আৰু বিশ্বাস তুলি ধৰিছে৷ এনে কৰাৰ আন এক কাৰণ হয়তো যান্ত্ৰিক জীৱনৰ নিজ¹ৱ উপলব্ধিৰ পৰা পৰিত্ৰাণ-চিন্তা৷

জামানৰ প্ৰথমখন কাব্য গ্ৰন্থ ‘অজ্ঞাতে’ৰ আগকথাত হীৰেন গোহাঁয়ে নীলমণি ফুকন আৰু হীৰেন ভট্টাচাৰ্যৰ পাছৰ প্ৰজন্মৰ কবিসকলৰ অন্যতম হিচাপে আনিছ উজ্‌ জামানৰ কবিতাৰ সম্ভাৱনাক স্বীকাৰ কৰিও তেওঁৰ কবিতাৰ সমস্যাবোৰ আঙুলিয়াই দিছিল৷ সুকুমাৰ অনুভূতি, গীতিময় ভাষা, গঞা সমাজৰ কৃষ্টি-সংস্কৃতি, প্ৰেম, দয়া-মৰম, মানৱ সম্পৰ্ক, আধুনিক মনৰ দ্বন্দ্বৰ মাজতো সহজ প্ৰত্যয় আদিক জামানৰ কবিতাৰ বৈভৱ বুলি প্ৰকাৰন্তৰে স্বীকাৰ কৰিয়ো হীৰেন গোহাঁয়ে লিখিছিল– ‘‘... বৰ্তমান জীৱন আৰু সমাজৰ মৰ্ম-ভেদী সংকটৰ কিমান ভিতৰলৈ সোমাব পাৰিছে সেই প্ৰশ্নও আমি এতিয়া তেওঁক সোধা ভাল হ’ব৷ কাৰণ তাৰ অবিহনে তেওঁ আত্মতুষ্টি, মতান্ধতা আৰু অগভীৰ মানসিকতাৰ কবলত পৰা বুলি সংশয়ৰ হোৱাৰ থল ওলায়৷ সেই সংশয় ৰাজহুৱাভাৱে প্ৰকাশ কৰিবলৈ আমি বাধ্য হৈছোঁ৷’’ সমালোচকৰ এনে অভিমতক তেওঁ সদৰ্থকভাৱেই গ্ৰহণ কৰিছিল, যাৰ ফলত তেওঁৰ পৰৱত¹ কবিতা কিছুমানত আত্মসন্তুষ্টি আৰু ৰোমণ্টিক বিলাসৰ সলনি সমাজ-সংকট নিৰীক্ষণৰ পৰা আহৰিত উপলব্ধি কিছুমানে ঠাই উলিয়াই লৈছিল৷ আত্মমগ্নতাৰ পৰিধিৰ বাজ ওলাই পাছলৈ তেওঁৰ কাব্য-চেতনা সমষ্টিমুখী হৈছে৷ বিংশ শতিকাৰ শেষ আৰু একবিংশ শতিকাৰ প্ৰাৰম্ভৰ জটিল সন্ধিক্ষণৰ ৰক্তাক্ত বাস্তৱো তেওঁৰ কবিতাৰ মাজলৈ আহিছে৷ ‘গধূলি’ সংকলনৰ সৰহভাগ কবিতাতে অসমৰ প্ৰেক্ষাপটত ৰক্তাক্ত কাল-ক্ষণৰ প্ৰসংগই ভুমুকি মাৰিছে৷ একাষাৰে ক’বলৈ গ’লে জামানৰ ‘গধূলিত’ যুগ-চেতনাৰ পূৰ্ণ প্ৰতিফলন লক্ষ্য কৰিব পাৰি৷

বিংশ শতিকাৰ অষ্টম দশকৰপৰা বৰ্তমানলৈকে প্ৰায় অৰ্ধ শতিকাজোৰা সময়খিনি অসমৰ বাবে জটিল আৰু বিপৰ্যয়ৰ সময়৷ বিশেষকৈ অসম আন্দোলন আৰু তৎপৰৱত¹ ঘটনা প্ৰবাহে অসমৰ সমাজ জীৱনৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল৷ ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ অসমত বিদেশী বহিষ্কাৰৰ আন্দোলন চলিল৷ অসম আন্দোলনৰ ফলত স্বাক্ষৰিত চুক্তিৰ আওতাৰেই সুদিন আহিব বুলি দেখা স্ব›Ÿ আৰু আঞ্চলিক ৰাজনীতিৰ উত্থান–এই দুয়োটা কথাই তেতিয়াৰ অসমৰ মধ্যবৃত্তৰ মাজত যে এক উৎসাজনক পৰিৱেশৰ সৃষ্টি কৰিছিল সেই কথা সৰ্বজন বিদিত৷ এই উৎসাহো অসমীয়া কবিকূলৰ মাজত সঞ্চাৰিত হৈছিল৷ তাৰ সমান্তৰালভাৱে আলফাৰ দৰে সংগঠনৰ উত্থান আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ, অসমৰ বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীয়ে স্বাধিকাৰ আৰু আত্মনিয়ন্ত্ৰৰ বাবে মূৰ দাঙি উঠা অৱস্থাই কিন্তু অতি সোনকালেই শান্তিপ্ৰিয় মানুহৰ মোহভংগ ঘটালে৷ দৰাচলতে আশীৰ দশকত অসমীয়া মানুহে দীৰ্ঘদিনীয়া শোষণ-বঞ্চনাৰ অৱসান ঘটি এখন নতুন অসম গঢ়লৈ উঠাৰ যি স্ব›Ÿ দেখিছিল সি নব্বৈ দশকৰ ৰাজনৈতিক ঘটনাক্ৰম আৰু আৰু সন্ত্ৰাসজৰ্জৰ পৰিস্থিতিত পৰি ভংগ হ’ল৷ অসম চুক্তিৰ ব্যৰ্থতা, সাম্প্ৰদায়িক বিদ্বেষ, সংঘৰ্ষ, হত্যা-হিংসাৰে ভৰা পৰিস্থিতিয়ে মানুহৰ আস্থাক একেবাৰে কোঙা কৰি পেলালে৷ তদুপৰি বিশ্বায়নৰ আৰু ক্ৰমবদ্ধৰ্মান নগৰায়ণৰ ফলত গ্ৰাম্য সৰলতা মানুহৰ মাজৰ পৰা অপসৃয়মান হোৱাৰ অনুৰূপে ঐতিহ্যৰো অপসাৰণ ঘটিবলৈ ধৰিলে৷ এনে জটিল সন্ধিক্ষণত বাস কৰা মানৱতাবাদী আৰু সমাজ-সচেতন কবি এজনৰ বাবে এই পৰিস্থিতিবোৰৰ প্ৰতি উদাসীন হৈ থকাতো সম্ভৱ নহয়৷ আনিছ উজ্‌ জামানে এনে জটিল সময়ক কাব্যকথনেৰে উদ্ভাসি¸ত কৰাৰ যত্ন কৰিছে আৰু দূৰ্যোগ অতিক্ৰমি সুদিন প্ৰত্যাশী মনোভাবো গ্ৰহণ কৰিছে৷

‘গধূলি’ কাব্যসংকলনৰ পৰা পৰৱৰ্তী কবিতাখিনিৰ মাজেৰে জামানৰ কাব্য-চৰ্চাৰ পৰ্বান্তৰ ঘটা বুলিব পাৰি৷ এই দ্বিতীয় পৰ্বৰ কবিতাবোৰত দেশ, মাটি, মানুহ আৰু জাতীয় সংস্কৃতিৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাইছে৷ প্ৰথমৰ কবিতাবোৰত থকা প্ৰেম-প্ৰাধান্য, যৌনতা আৰু প্ৰকৃতিনিৰ্ভৰ আত্মমগ্নতাৰ ঠাইত ইবোৰত সমাজবীক্ষণ আৰু কাল নিৰীক্ষণৰ নব্যদৃষ্টি পৰিলক্ষিত হৈছে৷ অৱশ্যে কাব্য-প্ৰকৰণত পূৰ্বৰ লীৰিকেল প্ৰৱাহক তেওঁ উপেক্ষা কৰিব পৰা নাই৷ তেওঁ দেখিছে–

মাজনিশা জোনাকত জিলিকি উঠা

শুকান হাড়বোৰ গচকি

মানুহজাক যায় (৫৬ নং কবিতা, গধূলি)

সংশয়, সাম্প্ৰদায়িকতা, সামাজিক বিঘটনৰ অপশক্তিৰ গুপুত অভিসন্ধি দেখি তেওঁ ব্যথিত হৈ লিখিছে–

আজি তুমি যি শক্তিৰ কথা কৈছা

তাৰ কাষত

অসমীয়া আন নজন নবহে

তুমি তাৰ পৰা স্‌খলিত হৈছা (৭২ নং কবিতা, গধূলি)

‘গধূলি’ৰ ৭৭ নং কবিতাটোত ভিন্ন সম্প্ৰদায়ৰ কেইজনমান ব্যক্তিৰ পৰীক্ষাগাৰত ৰক্ত পৰীক্ষাৰ অচিলা লৈ সামাজে নিৰ্মাণ কৰা সাম্প্ৰদায়িকতাৰ নিৰৰ্থক সাজোনকো কবিয়ে কটাক্ষ কৰিছে৷ আন্দোলন, কাৰফিউ, পোৰা টায়াৰৰ গোন্ধ আদি প্ৰত্যক্ষ বাস্তৱ তেওঁৰ কবিতালৈ আহিছে৷ তেনে প্ৰেক্ষাপটত জামানৰ অভিপ্ৰায় আৰু আহ্বান আছিল সমন্বয় প্ৰত্যাশী আৰু দৰ্শন আছিল উদাৰ মানৱতাবাদী৷ মানৱতাৰ বিপৰ্যয়ত ক্ৰোধিত হ’লেও তেওঁৰ কবিতাত উপৰুৱা উষ্মা নাই; আছে সংহত উপলব্ধি আৰু অনুচ্চ সকীয়নি৷ ‘সেউজীয়া জোন’ (১৯৯৯)তো তেওঁৰ কাব্য-বিষয়ে সমকাল উপেক্ষা কৰা নাই৷ মৰণ আৰু মাৰকৰ ধামখুমীয়াত ‘কোনে কাক হত্যা কৰিছে’ তাৰ উৱাদিহ নেপায় বিতত হৈছে৷ সেয়ে প্ৰথাগত প্ৰতীক ৰূপত সেউজীয়া জোনৰ আহ্বানৰ মাজেৰে এই বিতত কাল-যাতনাৰ পৰা পৰিত্ৰাণৰ স্বপ্ন দেখিছে৷

আত্মমগ্নতাৰ পৰা সমাজমুখী যাত্ৰালৈ জামানৰ কাব্য-চেতনা পৰিব্যপ্ত হোৱাৰ উমান ল’বলৈ তেওঁৰ দুটামান কবিতাত আলোকপাত কৰিব পাৰি৷ এই ক্ষেত্ৰত ২০১৪ চনত প্ৰকাশিত ‘দোকমোকালি’ৰ ‘অৰণ্যত জুই’ শীৰ্ষক কবিতাটিকে উদাহৰণ হিচাপে ল’ব পাৰি৷ কবিতাটিৰ শীৰ্ষকৰ উপৰি প্ৰথম শাৰীত উল্লিখিত অৰণ্যৰ জুইকুৰা কবিয়ে প্ৰত্যক্ষ কৰা কোনোবা অতীত সময়ত অৰণ্যত জ্বলি উঠা একুৰা জুই, এটা অভিজ্ঞতাজাত অনুষংগ–কোনোবা পাহাৰত দাউ দাউকৈ জ্বলি উঠি বতাহৰ বা লাগি বগাই ফুৰা একুৰা জুইৰ চলমান চিত্ৰ; চলমান জীৱনৰ কোনোবা মুহূৰ্তত যিটো ঘটনাৰ আমিও প্ৰত্যক্ষদশী অথবা মানস-চিত্ৰৰ হাত ধৰি উপলব্ধি কৰিব পৰা কল্পনাজাত অনুষংগ৷ পিছে সেই কুৰা জুইৰ আগ্ৰাসনে অনা সৰ্বনাশী শিহৰণবোৰ অনুভৱ, কল্পনা আৰু চেতনাজাত অনুষংগ-প্ৰসংগ, যাৰ উত্থাপনে কবিতাটোৰ শেষলৈ প্ৰকৃতি আৰু মানুহৰ মাজত তুলনামূলক অৱস্থান এটাত মানুহৰ অমানৱীয় ৰূপটো প্ৰকট কৰি তুলিছে৷ এনে হোৱাৰ বাবেই অৰণ্যৰ জুইকুৰা বনজুই বা ঝুমখেতিৰ বাবে মাটি চিকুণোৱা জুই নহৈ ধ্বংসকামী মানুহৰ খাম-খেয়ালি, ধেমালি, অতপালিৰ ফলত প্ৰজ্বলিত প্ৰাণীবধী জুই হৈ উঠিছে৷ সৃষ্টিৰ বাবে ধ্বংসৰো প্ৰয়োজন; সেয়ে প্ৰকৃতিয়ে নিজেই নিজৰ বুকুত জুই জ্বলাই– সেয়া হৈছে বনজুই৷ কৃষকেও অৰণ্য জ্বলাই পুৰণি পুৰি নতুন ফচল গজায়৷ এই দুয়োটা প্ৰক্ৰিয়াত বনজ সম্পদৰ ক্ষতি হয়, বন্যপ্ৰাণীৰ মৃত্যু হয় যদিও তাৰ প্ৰয়োজন আৰু পৰিণতিও সদৰ্থক; কিন্তু কবিতাটিত কবিয়ে প্ৰত্যক্ষ কৰা জুইকুৰাৰ জ্বলি উঠাত এই দুয়োটা প্ৰসংগৰ সলনি মানুহৰ খাম-খেয়ালি আৰু ক্ষয়কাৰী মানসহে উদঙাই দেখুৱাব বিচৰা হৈছে৷ সেয়ে অৰণ্যৰ জুইকুৰা একে সময়তে জন অৰণ্যৰো জুইৰ ৰূপক হৈ উঠিছে, য’ত নিৰাপদ ক্ষমতাশালীৰ বিপৰীতে সাধাৰণৰ বিপত্তিৰ প্ৰসংগয়ো ভুমুকিয়াই গৈছে–

অৰণ্যত জুই জ্বলিছিল

মৌ-মাখিৰ বাহটোৰ পৰা সৰি পৰিছিল

মৌ

সিহঁতে গুণ গুণাই কৈছিল

মানুহবোৰ এনেকুৱাই৷

‘মানুহবোৰ এনেকুৱাই’ এই বাক্যখণ্ডতেই আছে কবিয়ে নিৰ্দেশ কৰা অভিপ্সিত অৰ্থ৷ মানুহৰ আত্মম্ভৰিতা, স্বাৰ্থপৰতা প্ৰকাশক অভিব্যক্তিক অতি প্ৰভাৱশালী কৰিছে কবিতাটিৰ দ্বিতীয় স্তৱকটোৱে–

‘চৰাইবোৰৰ কোলাহলত

উঁইচিৰিঙাবোৰে সাৰ পাই দেখিছিল জুই

কেঁচা বাঁহবোৰ ফাটি যোৱা শব্দত

সাপ-বেংবোৰৰ ফাটি গৈছিল বুকু

সকলোৱে একেলগে আকৌ কৈছিল

মানুহবোৰ এনেকুৱাই৷’

জীৱ-জন্তুক আধাৰ কৰিলেও এক অৰ্থবহ মানৱিক চেতনাই কবিতাটোৰ অন্তৰ্প্ৰবাহটো নিয়ন্ত্ৰিত কৰা যেন লাগে৷ মানুহৰ জান্তৱ অভিব্যক্তি প্ৰকাশৰ বাবে জীৱ-জন্তুক আধাৰ কৰি ল’লেও কবিতাটিৰ মূল উৎসত আছে মানুহৰ অমানৱীয় আচৰণৰ অন্তৰাল বিচাৰ৷ এই বিচাৰ প্ৰক্ৰিয়াটোও আৰম্ভ হৈছে কবিৰ মনুহৰ প্ৰতি থকা অমল বিশ্বাস বা আস্থাৰ ভেঁটিতহে৷ মানৱ দৰদী কবিয়ে মানুহক সকলো শুভ বোধেৰে মানুহ হিচাপেই চাব বিচাৰে৷ এই আকাংক্ষা আৰু বাস্তৱ সত্যৰ মাজৰ বিৰোধেই কবিক আশ্বৰ্য চকিত কৰিছে৷ তেওঁ দেখিছে যে মনুহে হেৰুৱাছে মানৱত্ব, প্ৰেম-প্ৰীতি আৰু বিশ্বাস৷ অৰণ্যত জুই দিওঁতে বিতত হোৱা জীৱকূলৰ আত্ৰাণি প্ৰকাশৰ মাজেদি কবিয়ে জীৱনৰো নিৰাপত্তাহীনতাকে বাংময় কৰিছে৷ কবিতাটিত চিত্ৰিত ধ্বংস আৰু নিৰ্মম মৃত্যুৰ ভয়াবহতা শিহৰণকাৰী–

‘জুইকুৰা বগাই যাওঁতে

ক’ৰবাত কোনোবাই চিঞৰ এটা মাৰিছিল’

এই চিৎকাৰটো সংবেদী পাঠক মাত্ৰৰে বুকুত বাহ বান্ধিব পৰাকৈ প্ৰভাৱশালী৷ যোৱা কেইবাটাও দশকজুৰি প্ৰতিনিয়ত জুই জ্বলা বাতাৱৰণত সোমাই থাকি মানুহবোৰে যেন বুকুত লৈ ফুৰিছে নিনাও চিঞৰ৷ আমাৰ কাম্য নহ’লেও আমাৰ মাজৰে কাৰোবাৰ খাম-খেয়ালি, সন্ধি-অভিসন্ধিৰ ফিৰিঙতিৰ পৰাই প্ৰজ্বলিত এইকুৰা জুয়ে আমাক খেদি ফুৰিছে৷ কাৰোবাক পুৰিছে৷ পুৰিছে ঘৰ, আস্থা, আশ্ৰয়, বিশ্বাস৷

মৰণমুখী এই অৱস্থাটোত মৌবাহৰ ৰাণীজনীয়ে সকলো জীৱ-জন্তুক সেই ঠাইলৈ যাবলৈ কৈছে, য’ত মানুহ নাই৷ নিজে গঢ়া মৌ-মাখিৰ সাম্ৰাজ্যখন এৰি যোৱাৰ দুখতকৈ মৰণকে গ্ৰহণ কৰাত ৰাণী আগ্ৰহী হৈছে; কিন্তু ৰাণীৰ সকিয়নী অৰ্থবহ–

তোমলোক যোৱা

ওখ পাহাৰটোৰ সিপাৰে জান এটা আছে

হাত-ভৰিবোৰ তাতে ধুই লোৱাগৈ

সাৱধানে যাবা

তাতো হয়তো মানুহ থাকিব পাৰে

মানৱীয় আৰু দানৱীয়– পৰস্পৰ বিপৰীতধম¹ প্ৰকাশ সম্বলিত কবিতাটোৰ শেষৰ স্তৱকটোৱে চন্দ্ৰকুমাৰৰ ‘তেজীমলা’ৰ মৰ্মকথালৈ মনত পেলাই দিয়ে৷ মানুহ কুটুমৰ অত্যাচাৰত জীৱন হেৰুওৱা তেজীমলাৰ আশ্ৰয় হৈ উঠিছিল প্ৰকৃতি৷ প্ৰকৃতিৰ সীমাহীন উদাৰতা আৰু মানুহৰ দানৱীয় আক্ৰোশৰ বৈপৰীত্যই মানুহক নি অমানুহৰ প্ৰান্তদেশত থৈছেগৈ; কিন্তু সেয়াই জানো শেষ কথা৷ অবিশ্বাস আৰু ধ্বংসৰ মৰুময় প্ৰান্তৰৰ সিফালে আস্থা আৰু বিশ্বাসৰ জলাশয় নাই জানো! সিয়েই অগ্নিদগ্ধ শৰীৰত সঞ্জিৱনী সুধা ছটিয়াব; কিন্তু সেই জলতৰঙ্গায়িত তীৰভূমিতো মানুহ থাকিব পাৰে, যি কেৱল মানুহ নামধাৰীহে, আচল ‘মানুহ’ নহয়৷ তাৰ মাজতো অৱশ্যে আশা আছে, ক’ৰবাত উদাৰতা নি(য় আছে– এই সকাহে কবিক স্বস্তি দিছে৷ মানুহৰ নৃশংসতাৰ মাজতো ক’ৰবাত থকা উদাৰতা ব্যঞ্জিত কৰিলেও সন্মুখত জ্বলা জুইকুৰই হৈছে নিগূঢ় বাস্তৱ৷

অসমীয়া কাব্য সাহিত্যত চন্দ্ৰকুমাৰ আগৰৱালাই আমদানি কৰা পাশ্চাত্য ৰোমান্তিকতাৰ মাজতে প্ৰকাশি¸ উঠা এটা প্ৰধান দৃষ্টিকোণ আছিল উদাৰনৈতিক মানৱতাবাদ (liberal humanism)৷  সকলোবোৰ বৈষম্যৰ উৰ্ধত থাকি মানুহক মানুহ হিচাপে চোৱা আৰু মানুহ হিচাপে গ্ৰহণ কৰাটোৱেই ইয়াৰ মূল কথা৷ সেয়ে জগত প্ৰপঞ্চৰ উৰ্ধত মানুহক তেওঁ ‘দেৱ’ বুলিও গ্ৰহণ কৰিছে আৰু দেৱত্বহীন অমানৱীয়তাৰ বিপক্ষে উষ্মাও প্ৰকাশ কৰিছে৷ মানৱতাবাদৰ এই সঁুতিটোৱেই পৰৱত¹ সময়ত ভিন্ন মেজাজেৰে ভিন্নৰূপত বহু অসমীয়া কবিৰ মাজেৰে সম্প্ৰসাৰিত হোৱা দেখা যায়৷ আনিছ উজ্‌ জামানৰ কবিতাৰ মাজত  এই ঐতিহ্যৰে সম্প্ৰসাৰণ ঘটিছে আৰু ‘অৰণ্যত জুই’ কবিতাটো তাৰে এটা উল্লেখনীয় উদাহৰণ হৈ উঠিছে৷

কবিতাটোৰ প্ৰকাশশৈলীও সৰল, প্ৰাঞ্জল আৰু স্বাচ্চন্দ্যময়৷ প্ৰত্যক্ষদৰ্শীৰ অভিজ্ঞতাজত বৰ্ণনাৰে কবিতাটি আৰম্ভ কৰিলেও নাটকীয় আংগিকত কবিতাটোৰ দ্বিতীয়াৰ্ধত ব্যৱহত সংলাপ নিৰ্ভৰ শৈলীটোৱেও কবিতাটোৰ মৰ্ম তুলি ধৰাত সহায়ক হৈছে৷

সমকালৰ ভিন্ন ঘটনা-পৰিঘটনাই বাস্তৱিক আৰু মনোগতভাৱে কৰা ক্ৰিয়া-প্ৰতিক্ৰিয়াক আনিছ উজ্‌ জামানে ভালেমান কবিতাৰ বিষয় কৰি লৈছে৷ তেনে কবিতাৰ মাজৰ এটি উল্লেখনীয় কবিতা হ’ল ‘সংস্কাৰ’৷ সংস্কাৰ শব্দটোৱে নিৰ্দেশ কৰা ভালেমান অৰ্থৰ ভিতৰত পৰিষ্কাৰ কৰা আৰু মেৰামতি কৰা (to clean আৰু repair) অৰ্থ দুটাও আছে৷ বিশ্বায়নৰ প্ৰভাৱত বিভিন্ন দেশত চলা নগৰায়ণৰ প্ৰক্ৰিয়াত পৰম্পৰাগত আৱাস আৰু জীৱন নিৰ্বাহ ব্যৱস্থাক আওপুৰণি বুলি ধৰা হৈছে৷ ফলত উচ্চেদৰ দ্বাৰা সেই পুৰণিক পৰিষ্কাৰ কৰি নব্য প্ৰযুক্তিৰ নগৰ-চহৰ গঢ়ি তোলাত গুৰুত্ব দিয়া হৈছে; সেই দৃষ্টিকোণৰ পৰাহে কবিতাটোৰ ‘সংস্কাৰ’ নামাকৰণ কৰা হৈছে আৰু এই অভিধা কবিতাটোৰ সামগ্ৰিক ভাবাদৰ্শ প্ৰকাশৰ বাটকটীয়া হৈ উঠিছে৷

আধুনিকতা, উন্নয়ন, সুযোগ-সুবিধা, আৰাম, স্বাচ্চন্দ্য আদি বহু পৰিকল্পনাৰ ৰং-চঙীয়া চমক লগা নগৰায়ণৰ সুফল-কুফল সম্পৰ্কে সচেতন কবিয়ে নগৰৰ অভিঘাতকে কবিতাটোৰ প্ৰধান উপজীব্য কৰি লৈছে৷ আওপকীয়াকৈ চৰকাৰী প্ৰশাসনিক আঁচনিৰ আওতাত সম্পাদিত কামৰ প্ৰতি কৰা কটাক্ষতে কবিতাটিয়ে ৰাজনৈতিক টিপ্পনীৰ প্ৰান্তদেশ চুইছেগৈ৷ নতুনকৈ নগৰ এখন নিৰ্মাণৰ বাবে লোৱা আঁচনিত সকলোবোৰ পুৰণি বস্তুকে আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা কোৱা হৈছে আৰু তাৰ পৰা বাদ দিয়া হৈছে শ্মশান, কবৰস্থান আৰু গ্ৰেইভয়াৰ্ড–

সভাত প্ৰস্তাৱ লোৱা হ’ল

কুৰি বছৰীয়া আঁচনি এখন লৈ

নগৰখন স্থানান্তৰ কৰিব লাগে

বহু হাজাৰ কোটিৰ অৰ্থসংস্কাৰ সাধিব লাগে

শ্মশান, কবৰস্থান আৰু গ্ৰেইভয়াৰ্ডৰ বাহিৰে

পুৰণা ঘৰবাৰী, মানুহ, জীৱ-জন্তু, গছ-গছনি, নৈ-নিজৰা

সকলোবোৰকে স্থানান্তৰ কৰিব লাগে

নগৰখন নিৰ্মাণৰ বাবে টকা-পইচা অপৰিহাৰ্য হ’লেও ‘বহু হাজাৰ কোটিৰ অৰ্থসংস্কাৰ’ সধাৰ ইংগিত অৰ্থৱহ৷ স্থানান্তৰ কৰিবলগীয়া বিষয়কেইটাৰ মাজত পুৰণি হৈ উঠা মানুহকো সামৰি লোৱাটো তাৎপৰ্যপূৰ্ণ৷ যিখিনি মানুহক স্থানান্তৰিত কৰা হ’ব তেওঁলোকক অস্থায়ী যোজনাৰ মাধ্যমত আঁতৰৰ ক’ৰবাত সৰু সৰু আৱাস সাজিদিয়াৰ পৰিকল্পনা কৰা হৈছে৷ সেয়ে স্বাভাৱিকতে প্ৰশ্ন হয় নতুন নগৰত থাকিব কোন? সেয়া হ’ব নতুন মানুহ৷ এই নতুন মানুহ কেনে হ’ব তাৰ স্পষ্ট উল্লেখ নাথাকিলেও তেওঁলোক যে ধনাঢ্য, উচ্ছবিত্ত হ’ব তাৰ ইংগিত আছে৷ আৰু আছে নশ্বৰতাৰ প্ৰসংগ৷ সেয়ে শ্মশান, কবৰ আৰু গ্ৰেইভয়াৰ্ড নব্য বা পুৰাতন সভ্যতাৰ একান্ত সহচৰ৷

আঁচনিত আছে ঘৰবোৰ ভাঙি পেলোৱা, মানুহক স্থানান্তৰকৰণ, গছ কটা, নৈ পোতা, ফুলবোৰ বেচি দিয়া, মাছবোৰ ধৰি পেলোৱা, গানগোৱা চৰাইজাক ধৰি সজাত ভৰাই থোৱা, পঢ়াশালি-বিদ্যালয়বোৰ বন্ধ কৰি দিয়া আদি৷ এইখিনি হৈছে মানুহৰ সমাজ আৰু সভ্যতাৰে প্ৰাণস্বৰূপ৷ কুৰিবছৰীয়া আঁচনিৰে এইসমূহ সলাই পেলোৱাৰ প্ৰচেষ্টাটো যে এটা আত্মঘাতী প্ৰৱণতা সেয়াও ইংগিতময়তাৰে বাঙ্ময় কৰা হৈছে৷ ধাতৱ পৃথিৱীখনকে জীৱনৰ পৰম আধাৰ বুলি ভবা মানুহৰ হাতত জীৱন-স্বপ্নও নিৰাপদ নহয়৷ পিছে তেওঁলোকেই মানুহৰ ভাগ্যনিৰ্ধাৰক, আঁচনিকাৰ; আধুনিক মানুহৰ বাবে এয়াই নিৰ্মম সত্য৷ মনকৰিবলগীয়া এয়ে যে দেশভেদে সন্মুখীন হোৱা এই নিৰ্বিশেষ সমস্যটো পাছলৈ অসমকেন্দ্ৰিক কৰি হৈ উঠিছে–

কুৰি বছৰ একোৱেই নহয়

কুৰিবছৰ অসমীয়া মানুহে অসমীয়া নপঢ়িলেও হ’ব

গুৰুৰ কাষলৈ নগ’লেও হ’ব

প্ৰায় দুকুৰি বছৰ ধৰি স্কুল- আদালতৰ পৰা বহিষ্কৃত হৈ, অসমীয়া ভাষাই প্ৰাপ্য মৰ্যাদা হেৰুৱাই¸, একালত সাহিত্য-সংস্কৃতিৰ কঁকাল ভঙা ইতিহাসৰ পৰা আমি শিক্ষা ল’ব নোৱৰাটো এক বিড়ম্বনা৷ সাম্প্ৰতিক সময়ত অসমৰ ৰাজনৈতিক আৰু আৰ্থ-সামাজিক ব্যৱস্থাত গ্ৰহণ কৰা কিছু আঁচনিৰেই যেন ই শ্লেষাত্মক প্ৰকাশ৷ জাতীয়তা বৰ্তি থাকিবৰ বাবে অপৰিহাৰ্য ভাষাটোৰ ক্ৰমান্বয়ে ক্ষীয়মাণ ৰূপটোৰে এয়া তীৰ্যক প্ৰকাশ; কিয়নো অসমীয়া মানুহে অসমীয়া নপঢ়িলেও তেওঁলোকৰ সন্মুখত আঁচনিকাৰসকলে প্ৰত্যক্ষ বা পৰোক্ষভাবে মেলি দিছে বিকল্প পথ৷ সেয়ে কবিতাটিৰ মৰ্মাৰ্থ আজিৰ তাৰিখতো অতি প্ৰাসংগিক৷

এই কথাত সন্দেহ নাই যে সৃজনৰ ভাঙিবও লাগে৷ ‘গঢ়িব লাগিলে ভাঙিব লাগিব ইটো জগতৰ ৰীতি’ এই আপ্তবাক্য গ্ৰহণীয় যদিও ভঙাটোৱে সমূলঞ্চে ধ্বংস কৰা নুসূচায়৷ সৃজনৰ বাবে ঐতিহ্য বিনাশী, মানৱতাবধী প্ৰকল্প শুভচিন্তাৰ পৰিচায়ক নিশ্চয় নহয়৷ তেনে সৃজনৰ বাটেৰে মুষ্টিমেয়ৰ বাবে আৰাম আৰু স্বাচ্চন্দ্য আহিলেও আঁচনিৰ তলত পিষ্ট হাজাৰৰ আৰ্তনাদক গ্ৰহণ কৰিবলৈ কবি অপাৰগ৷ প্ৰকৃতিক চেৰাই মানুহ বৰ্তি থাকিব পাৰিবনে, মানুহো প্ৰকৃতিৰে এটা অংগ৷

কবিতাটিৰ বৰ্ণনা অনুসৰি নিৰ্মাণ কৰিবলৈ লোৱা নগৰখনৰ বাবে স্থানান্তৰ কৰা বস্তুবিলাকৰ পৰা শ্মশান, কবৰ আৰু গ্ৰেইভয়াৰ্ডক বাদ দিয়া কথাটো এন্য এক দৃষ্টিকোণৰ পৰাও গুৰুত্বপূৰ্ণ৷ কবিতাটিৰ প্ৰথমটো স্তৱকত অৰ্থসংস্কাৰৰ অচিলাৰে স্থানান্তৰ ঘটাব বিচৰা বস্তুসমূহৰ ভিতৰত উল্লিখিত তিনিওখন ক্ষেত্ৰক বাদ দিলেও চতুৰ্থ স্তৱকত প্ৰসংগটোৰ পুনৰ উল্লেখ কৰা হৈছে–

মাজতে এজনে ক’লে

শ্মশান, কবৰস্থান, গ্ৰেইভয়াৰ্ডক কিয় বাদ দিয়া হ’ল

সেইবোৰো লৈ যাওক অস্থায়ী আৱাসৰ কাষলৈ

য’ত দিন নেযায় ৰাতি নুপুৱায়

এই স্তৱকত থকা উজাৰি লুকুৱা প্ৰসংগটো হ’ল নশ্বৰতা৷ মৃত্যু ক’ত নাই, মৰণেই জীৱনৰো শেষ ঠাই৷ কেৱল জীৱনৰেইনে, কালে সোঁৱৰাই নিৰ্মম সত্য–জন্মৰ বিপৰীতে মৃত্যু, উদ্ভৱৰ বিপৰীতে বিনাশ৷ সেয়ে আমি জগতত বাস কৰোঁ–গচ্চতি ইতিঃ জগত৷ গৈ থকাটোৱেই সত্য৷ জনমৰ পৰা মৰণলৈ, উদ্ভৱৰ পৰা বিনাশলৈ৷ পিছে জয়ৰ বাসনাত আমি মৃত্যু জয়ৰো সপোন দেখোঁ৷ য’তে নাথাকোঁ– শ্মশান, কবৰস্থান আৰু গ্ৰেইভয়াৰ্ডেই আমাৰ শেষ স্থান৷ কবিতাটিত শ্মশান, কবৰস্থান বা গ্ৰেইভয়াৰ্ডক অস্থায়ী বাসস্থানৰ কাষলৈ লৈ যোৱাৰ প্ৰস্তাৱটোৱে অৰ্থ সন্ধানৰ দুটা বাট মুকলি কৰে–এটা মৰণ চেতনাৰ পৰা পলায়নৰ বাবে আধুনিক মানুহৰ সমাধি থলৰ পৰা দূৰগত অৱস্থানৰ অনৰ্থক অভিসন্ধি আৰু আনটো সাধৰণ মানুহৰ প্ৰতিনিয়ত মৰণৰ সৈতে সহৱস্থান৷ ইয়াতে তৃতীয় বাট এটাও নথকা নহয়; যিটো খ্যাতিমন্ত মানুহৰ কৰ্ম-আদৰ্শ নতুন প্ৰজন্মৰ মাজত প্ৰেৰণাৰ উৎস কৰি গঢ়ি তুলিবৰ বাবে স্থানান্তৰিত হোৱা মানুহৰ সৈতে সেইসকল মানুহৰ কবৰো স্থানান্তৰ কৰা৷ পৃথিৱীত এনে উদাহৰণ দেধাৰ আছে ৷ পিছে কবিতাতটিত যিসকল লোকৰ কাষলৈ শ্মশান অথবা কবৰ লৈ যোৱাৰ কথা কোৱা হৈছে তেওঁলোকৰ বাবে ‘দিন নেযায়, ৰাতি নুপুৱায়’৷ জিকিৰ আৰু জাৰিত থকা ‘আজান ফকিৰেও কয়, দিন গ’লে ৰাতি হয়’ প্ৰসঙ্গটোকে কবিয়ে ইয়াত ব্যৱহাৰ কৰিছে৷ আন অৰ্থত এয়া যেন দিন গ’লে ৰাতি নুপুওৱা এখিনি নিঃস্ব মানুহৰ ভাগ্যলিপি৷

তাৰ পিছত আঁচনি মতে কাম৷ কামত ভাগ লোৱাসকল ‘উলংগ মানুহ’–চিন্তা-চেতনা, বুদ্ধি-বৃত্তি আৰু আঁচনিৰে উলংগ হোৱা মানুহ, ঐতিহ্যৰ সাজ সোলোকাই নৱ আভৰণৰ আচ্ছাদনত থাকিও উলংগ হোৱা মানুহ৷ ইয়াৰ পিছৰখিনি নগৰ-সভ্যতাৰ পত্তনৰ ফলত বিশ্বব্যাপি হোৱা পৰিৱৰ্তনৰ মৰ্মস্পশ¹ চিত্ৰায়ণ–

সেউজীয়া হাবিখন নাইকীয়া হ’ল

পুৰণা ঘৰবোৰ হেৰায় গ’ল

গানগোৱা চৰাইজাক উৰি গুচি গ’ল

ৰঙীন পখিলাবোৰ নাইকীয়া হ’ল

মন্দিৰ, মছজিদ, গীৰ্জা নামঘৰ

সকলোবোৰ ভাঙি চূড়মাৰ কৰা হ’ল

কেৱল ৰঙা মাটিৰ এখন অচিন উপত্যকা

এইখন উপত্যকাত গগনচুম্বী অনেক অট্টালিকা হ’ল, কোনোৱে কাৰো ভাষা নুবুজা হ’ল, পুতি পেলোৱা নৈখনত পকী নৰ্দমা হ’ল৷ বনানীকৰণৰ বাবেই অনেক গছ হ’ল–যিবোৰত ফুল আৰু ফল নধৰিল৷ অনেক চৰাই আনি সজাত ভৰাই চৰাইৰ অভাৱ পূৰ কৰা হ’ল৷ স্কুল-কলেজো অনেক হ’ল৷ পিছে মাত-কথাবোৰ সলনি হ’ল৷ অসমীয়া নপঢ়িলেও হ’ব বুলি ভবা– পূৰ্বতে উল্লেখ কৰা প্ৰসঙ্গটোৱে এই মাত-কথা সলনি হোৱা ইংগিটোত বিশেষ তাৎপৰ্য বহন কৰিছে৷ এই নতুন নগৰৰ বাসিন্দা হৈ মানুহে লাভ কৰিলে এক কৃত্ৰিম জীৱন৷ পালে যিমান, হেৰুৱালে তাতকৈ বেছি৷ প্ৰকৃতিৰ সৈতে থকা আত্মিক সম্বন্ধ ছিঙি, মানৱীয় আৱেগ-অনুভূতি বিসৰ্জি যন্ত্ৰৰ দাস হোৱা মানুহে হেৰুৱাই পেলাইছে জীৱনৰ সকলো সৌন্দৰ্য৷ পাৰস্পৰিক সৌহাদ্যৰ্ বা বুজাপৰা অবিহনে ঘৰৰ জীৱন জীৱন নে? জলধাৰা পুতি নিৰ্মাণ কৰা কৃত্ৰিম ফোঁৱাৰাত উপলা নৈৰ সৌন্দৰ্য আছেনে? ফুলহীন-ফলহীন বৃক্ষই দিবনে আহাৰ? বন্দী-কণ্ঠৰ গীতত বাজিবনে সুললিত ধ্বনি? এয়া কবিৰ প্ৰশ্ন নহয়, কাৰুণ্যৰ উপলব্ধি৷

এই যন্ত্ৰণাবোধেই কবিতাটোৰ প্ৰাণস্বৰূপ৷ নগৰায়ণৰ প্ৰভাৱে মানুহৰ মাজৰপৰা ক্ৰমান্বয়ে কাঢ়ি নিয়া আৱেগ-অনুভূতি, প্ৰেম-প্ৰীতি, বিশ্বাস, আস্থাৰ ছবিখন অংকন কৰি কবিয়ে সেই নৈৰাজ্যক গ্ৰহণ কৰিব পৰা নাই৷ সেয়ে তেওঁ কবিতাটিৰ শেষত যুটি দিছে এই তিনিশৰীয়া স্তৱকটি–

এজাৰ নিজাৰ পৰিল

গছত পৰি গান গাই থকা

মাছোৰোকাটো ক’ৰবালৈ উৰি গুচি গ’ল

এজাৰ নিজাৰ পৰিল– কবি প্ৰসিদ্ধিযুক্ত এই কাব্যাংশৰ ব্যৱহাৰ কৰি কবিয়ে প্ৰকৃতিৰ বিপন্ন অৱস্থাটোলৈ আঙুলিয়াইছে৷ সুশোভন সৌন্দৰ্য সৰি লঠঙা প্ৰকৃতিক নিজাৰ পৰা বুলি কোৱা হয়৷ মাছোৰোকাৰ কণ্ঠধ্বনিও সুললিত নহয়৷ লোক-জীৱনৰ বিভিন্ন অনুষংগক কবিতাত ব্যৱহাৰ কৰা আৰু লোক-গীতৰ সুৰটোৰ প্ৰতি সততে আকৰ্ষিত হৈ থকা আনিছ উজ্‌ জামানে সৰু ল’ৰা-ছোৱালীয়ে খেলা খেলটোত থকা গীতাংশ ‘মাছোৰোকাই গান গাই’-ক আধাৰ কৰি প্ৰসংগটো ব্যৱহাৰ কৰিছে৷ ইয়াত দুয়োটা প্ৰসংগই ব্যঞ্জনাধম¹ গুণ আহৰণ কৰিছে৷ এজাৰ নিজাৰ পৰাটো একালৰ সমৃদ্ধিময় প্ৰকৃতিৰ বিনাশ ঘটি বৰ্তমানৰ ৰিক্ততা প্ৰকট হোৱা আৰু মাছোৰোকাটোৰ অনিশ্চিত যাত্ৰাই ধ্বংস আৰু ৰুক্ষতাত তিষ্ঠিব নোৱাৰি স্থানান্তৰিত হোৱা মানৱ প্ৰাণৰ কাৰুণ্য ধ্বনিত হৈছে৷

‘সংস্কাৰ’ কবিতাটিত থকা কাহিনীসদৃশ বচনভংগীয়ে কবিতাটিক বিশেষ আয়তন প্ৰদান কৰিছে৷ পুৰণি আঁতৰাই নতুন নগৰ প্ৰতিষ্ঠা কৰা আঁচনিৰ প্ৰস্তুতৰ পৰা তাক বাস্তৱায়িত কৰাৰ ফলত প্ৰকট হোৱা কুফললৈকে সুদীৰ্ঘ সময়ৰ একোখন খণ্ডিত ছবি অংকন কৰি চলচ্ছিত্ৰৰ মন্তাজ সদৃশ গতিময়তাৰে উপস্থাপন কৰা হৈছে৷ ইও এক ধৰণৰ সাৰ্থকতা৷

গীতিধম¹তাৰ প্ৰতি আকৰ্ষণ, প্ৰতীক আৰু চিত্ৰকল্পবাদী কাব্যৰীতিৰ প্ৰতি অনুগত, সমাজ-সচেতন দৃষ্টিভংগীটোৰ সৈতে অতি ক্ষীণ ভাবে হ’লেও আনিছ উজ্‌ জামানৰ কবিতাত প্ৰগতিশীল চিন্তাৰ উন্মেষ নথকা নহয়৷ অৱশ্যেই সি পোনপটীয়া উষ্মা জড়িত নহৈ শান্ত-সমাহিত আৰু তলসঁুতীয়া৷ এই চিন্তাও তেওঁৰ কবিতালৈ প্ৰধানকৈ আহিছিল অসমীয়া প্ৰগতিশীল কবিতাৰ হোতা কবি অমূল্য বৰুৱাৰ কবিতাৰ প্ৰচুৰ অধ্যয়নৰ ফলত; যিদৰে নীলমণি ফুকন আৰু ভৱেন বৰুৱাৰ অধ্যয়নে তেওঁক প্ৰতীক আৰু চিত্ৰকল্পধম¹ শৈলীটোৰ প্ৰতি আকৰ্ষণ কৰিছিল৷ পিছে উল্লেখনীয় এয়ে যে দুয়োটা ক্ষেত্ৰতে তেওঁ স্বকীয়তা সন্ধানী হৈ পৈণত সময়ত আপোন কাব্যশৈলী এটা গঢ়ি ল’লে৷

আনিছ উজ্‌ জামানৰ কাব্য-চৰ্চাৰ প্ৰথমৰ ফালে অৰ্থাৎ সত্তৰ দশকত লিখা কবিতাসমূহৰ ভিতৰত ‘অজ্ঞাতে’ (প্ৰকাশকাল ১৯৮৯) সংকলনত সন্নিৱিষ্ট ২ নং কবিতাটি এটি উল্লেখনীয় কবিতা৷ ‘আই তোৰ এন্ধাৰৰ হাতখন ভাঙি দিলোঁ’–  কবিতাটিৰ প্ৰথম শাৰীটোৱে দেশমাতৃক ইংগিত কৰা যেন লাগিলেও তাৰ অৰ্থব্যাপ্তি ব্যঞ্জনাধৰ্মী৷

এই কবিতাটো স্বল্পায়তনৰ, চাৰিটা স্তৱক সম্বলিত–চাৰিশৰীয়া এটা, দুশৰীয়া এটা, তিনিশৰীয়া এটা, আৰু এশৰীয়া এটাক লৈ মুঠ দহ শাৰীৰ এটি নাতিদীৰ্ঘ কবিতা৷ কবিতাটিৰ অৰ্থ ওপৰতে ওলাই থকা বিধৰ নহয়, আওপকীয়া৷ কবিতাটিৰ প্ৰথম স্তৱকটো– 

আই তোৰ আন্ধাৰৰ হাতখন ভাঙি দিলোঁ

কেঁচুৱা পৰুৱাবোৰে বগাই আহি এতিয়াহে পোহৰ দেখিব

ইমানপৰে সিঁহতে উমান নেপাইছিল

এক নতুন চেতনা জন্ম হোৱাৰ কথা

‘আই’ বুলি ক’লেই স্বাভাৱিকতে জন্মদাত্ৰী মাতৃৰ ছবিখন, শৰীৰী অৱয়ব এটা মনলৈ আহে, ‘আই’ৰ অংগ-প্ৰত্যংগবোৰো উদ্ভাসি¸ উঠে৷ একে সময়তে ‘আই’ শব্দৰ উচ্ছাৰণে ভালেমান ‘আই’ৰ ছবি মনলৈ আনে৷ তাৰে আন দুগৰাকী হ’ল বংকিম চন্দ্ৰই পৰিচিত কৰা ‘জননী জন্মভূমি’ বা দেশ মাতৃ আৰু মিত্ৰদেৱ মহন্তই বন্দনা কৰা ‘ভাষা জননী’৷ কবিতাটিত বিশেষকৈ ভাষা জননী সম্পক¹য় উপলব্ধিৰ সৈতেহে হাট-বাট কৰি আগবঢ়া যেন অনুমান হয়৷ দেশ মাতৃ বা ভাষা-মাতৃ যদিও ধাৰণা মূলক; কবিয়ে কবিতাটিত ভাষা-মাতৃৰ শৰীৰীৰূপ (personification) দিবলৈ যত্ন কৰিছে আৰু ইয়াত যেন মাতৃগৰাকীৰ অংগ-প্ৰত্যঙ্গ দৃশ্যমান হৈ উঠিছে৷ আপাততঃ কবিয়ে ‘আই’ৰ যি শৰীৰী অৱয়বৰ প্ৰতি নিৰ্দেশ কৰা যেন লাগে তাত প্ৰধান হৈ উঠিছে এখন হাত৷ পিছে হাতখন এক পৰিদৃশ্যমান প্ৰপঞ্চ নহয়; এন্ধাৰৰ হাত৷ সেয়ে এন্ধাৰৰ হাত আইৰ অৱয়বত সংযোজিত এক অনাকাংক্ষিত প্ৰপঞ্চ৷ ‘আই’ৰ শৰীৰী অৱয়বত দুখন দুখন হাতৰ এখন এন্ধাৰৰ হ’লে আনখন নি(য় পোহৰৰ হ’ব৷ এন্ধাৰ পোহৰৰ বিপৰীতাৰ্থক আৰু দুখ-যন্ত্ৰণা, বিষাদ-বেদনা, অজ্ঞানতা, কুসংস্কাৰ, অন্ধবিশ্বাস, অন্ধ পৰম্পৰা, স্থবিৰতা আদিৰ দ্যোতক৷ সেয়ে আইৰ এন্ধাৰৰ হাতখন অসম মাতৃৰ দূৰ্দিন প্ৰকাশক হোৱাৰ উপৰিও একে সময়তে ভাষাজননীক স্থবিৰ কৰি ৰখা নতুনত্ব ৰহিত, একঘেয়ামী চেতনা বা অভিব্যক্তিৰ দ্যোতক হ’ব পাৰে৷ পৰিৱৰ্তনৰ বাবে ভঙাৰ প্ৰয়োজনীয়তা শিল্প-সাহিত্য, সমাজনীতি-ৰাজনীতি সকলোতে প্ৰজোয্য হয়৷ পাহাৰ বা অৰণ্য জ্বলা পৰিঘটনা নতুন গজালিৰ বাবেই প্ৰয়োজনীয়৷ শিল্প-সাহিত্যত নতুন যুগ এটাৰ আমদানিৰ বাবে পৰম্পৰাগত শৈলী আৰু চিন্তা-চেতনাৰ পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়োজন৷ ধ্ৰুৱবাদৰ পৰা ৰমন্যাসবাদ আৰু ৰমন্যাসবাদৰ পৰা আধুনিকতাবাদ আৰু আধুনিকতাবাদৰ পৰা উত্তৰাধুনিকতাবাদৰ পৰিৱৰ্তনৰ পথত ভঙা-গঢ়াৰ খেলেই মানুহৰ চেতনালব্ধ সৃজন ক্ষমতাৰ মাজেদি সংঘটিত হৈ আহিছে৷ অসমীয়া কাব্য সাহিত্যৰ ইতিহাসতো ধম¹য় পৰিমণ্ডলৰ পৰা ব্যৱহাৰিক সাহিত্যলৈ; তাৰ পৰা ৰোমাণ্টিকতাক চেতনালৈ; ৰোমাণ্টিকতাৰ পৰা আধুনিকতালৈ পৰিক্ৰমাৰ পথত বাটকটীয়াই ভাঙিবলগীয়া হৈছে পৰম্পৰাৰ আন্ধাৰৰ হাত, তাত আন্ধাৰ স্থবিৰতাৰ নামান্তৰ৷ অসমীয়া কবিতাৰ ঐতিহ্য-পৰম্পৰাত স্থবিৰতা ভঙাত কবি হেম বৰুৱাৰ দৰে অগ্ৰণীৰ ভূমিকা অনস্বীকাৰ্য৷ ভাষা মাতৃৰ সেৱাত ৰত এইগৰাকী ছহীদে ভাঙি গৈছে এন্ধাৰৰ হাত; কাটি গৈছে নতুন প্ৰজন্মৰ বাবে এটা নতুন বাট৷ এই আন্ধাৰ নাশৰ সৈতে নতুনত্বৰ আগমন প্ৰয়াসী সাহিত্য-প্ৰয়াসৰ প্ৰসংগটো জড়িত হৈ থকা যেন লাগে৷

কেৱল তেৱেঁই নহয়, আধুনিক অসমীয়া কবিতাৰ জন্মলগ্নত প্ৰগতিশীল চেতনাৰ বাৰ্তাবাহী আন আন লেখকেও এই স্থবিৰতা ভঙাত কষ্ট কৰিব লাগিছিল৷ নবোন্মেষৰ বাবে, পোহৰৰ বাবে আন্ধাৰক বিষৰ্জন দিবলগীয়া হোৱাতো চিৰায়ত ৰীতি৷ কবিতাটিত কেঁচুৱা পৰুৱাজাক তাৰুণ্যৰ দীপ্তিৰে দীপ্তমান তৰুণ প্ৰজন্মৰ প্ৰতীকস্বৰূপ৷ তেওঁলোকৰ বাবে আন্ধাৰৰ হাতখন, যিখনে জননীৰ সৰ্বাঙ্গ অন্ধকাৰ কৰি ৰাখিছিল; তেওঁৰ সন্তানহঁতক অজ্ঞানতা অথবা নতুন চিন্তা-চেতনা, নতুন উদ্যম, নতুন সংকল্পৰ পৰা নিলগাই ৰাখিছিল সেই হাতখন ভঙাৰ পিছত সিহঁতে বুজি উঠিছে সেই নতুন শিহৰণৰ কথা৷ এনে বিচাৰত এই কথা প্ৰতীয়মান হয় যে আন্ধাৰৰ হাতখন আইৰ দেহজ অংগ নহয় appendices বা অতিৰিক্তভাৱে সংযোজিত অংগহে; কিন্তু অনাকাংক্ষিত সংযোজন হ’লেও আইৰ শৰীৰ সংলগ্ন হৈ থকাৰ বাবেই আই সেইখন হাতৰো গৰাকী আৰু সেয়ে ‘আই তোৰ হাতখন’ৰ উল্লিখন৷ আইৰ আন্ধাৰৰ হাতখন ভঙাৰ পাছত পৰুৱাবোৰৰ পোহৰ দেখা প্ৰক্ৰিয়াটো আৰম্ভ হৈছে যদিও একে সময়তে পখিলাবোৰৰো পাখি ভাগিছে–

স্নেহৰ গুঞ্জন লৈ বিচৰণ কৰা পখিলাবোৰৰ পাখি ভাগিল

ফুলৰ মৌ চুহিবৰ সিহঁতৰ শক্তি আৰু নাই

আইৰ ভঙা হাতখনৰ লগত পখিলাৰ পাখি ভঙা কথাটো গভীৰ ভাৱে সম্পৰ্কিত৷ অন্ধকাৰ হৈ থাকোঁতে পখিলাবোৰ কাৰোবাৰ স্নেহধন্য হৈ আছিল, মৌ চুহিছিল, সেই মৌ হয়তো কোনোবাই বিলাইছিল৷ বংগীয় কবি জীবনান্দ দাসেৰ তেওঁৰ এটি প্ৰসিদ্ধ কবিতা ‘দুইটি সত্যবাণী’ত ‘অন্ধকাৰ’ শব্দটোক বিশেষ তাৎপৰ্য বাহক কৰিছে–

অদ্ভুত আঁধাৰ এক এসেছে এ-পৃথিৱীতে আজ,

যাৰা অন্ধ সব চেয়ে বেশি আজ, চোখে দ্যাখে তাৰা৷

যাদেৰ হৃদয়ে কোনো প্ৰেম নেই–প্ৰীতি নেই–কৰুণাৰ আলোড়ন নেই

পৃথিৱী অচল আজ তাদেৰ সুপৰামৰ্শ ছাড়া৷’

অন্ধৰ আন্ধাৰ প্ৰিয় অৱস্থাটো মতলবী পৃথিৱীত মতলৱীৰ দপ্‌দপনি আৰু মানৱীয়-অৱক্ষয়গ্ৰস্ত সমাজত ধ্বংসযজ্ঞৰ হোতাবোৰৰ ক্ষমতা আৰু অধিকাৰ প্ৰকাশক৷ অনুৰূপে আইৰ আন্ধাৰ হাতৰ ছাঁত পালিত পখিলাবোৰো সেই আন্ধাৰৰ সাৰ-পানীৰে উজ্জীৱিত৷ কিন্তু নতুনৰ প্ৰতিনিধিস্বৰূপ তৰুণ প্ৰজন্মৰ দ্বাৰা যেতিয়া আন্ধাৰৰ হাতখন ভাঙি দিয়া হ’ল আন্ধাৰে বিভ্ৰান্ত কৰাসকলৰো [পখিলাবোৰৰো] পাখি ভাগিল৷ ইয়াত ‘ভাঙি দিলোঁ’ প্ৰথম পুৰষৰ ক্ৰিয়াত কবি সেই প্ৰজন্মৰে প্ৰতিনিধি, ব্যক্তি বিশেষ নহয়৷ সেয়ে আন্ধাৰ-পোষ্য পখিলা বা স্থবিৰতাকামী প্ৰজন্ম বা পৰম্পৰা অথবা প্ৰচলিত নীতি-নৈতিকতা ক্ৰমে অপসৃয়মান হোৱাত সিহঁতে সেই শক্তি হেৰুৱালে৷ ইয়াত পখিলাবোৰ স্থবিৰতাতে সন্তোষিত পৰম্পৰাৰ ধাৰক-বাহক ৰক্ষণশীল যুগমানসৰ প্ৰতিনিধি; নিজ সময়ত উদ্ভুত, নিৰ্ধাৰিত ধাৰণা, মানসিকতা আৰু সৃষ্টিকৰ্ম লৈ সন্তুষ্ট হোৱা এখিনি মানুহ৷ সন্তোষ বা আত্মসন্তুষ্টি নব্যসৃজন আৰু পৰিৱৰ্তনৰ বাটত অন্তৰায়৷ সেয়ে তৰুণৰ আগমনৰ বাবেই যেন বিৱৰ্তমান প্ৰক্ৰিয়াত পখিলাবোৰে শক্তি হেৰুৱাই লেটা কুন্দাবলৈ বাধ্য হৈছে৷ তাৰ ঠাইত আহিছে নব্য উন্মেষ, নব্য শিহৰণ–

সেয়েহে পৰুৱাবোৰ আহিব

পোহৰৰ মিঠা মাদকতা ল’ব

এতিয়া আৰু সিহঁতে নাপায় ৰুদ্ধ দুৱাৰৰ নিৰ্যাতন

‘আই’ৰ এন্ধাৰৰ হাত ভঙা কাৰ্য সম্পাদিত হোৱাৰ পিছত পোহৰৰ বাটটোত নতুন প্ৰজন্মৰ বাবে হেঙাৰ নাথাকিব৷ নৱোন্মেষৰ এই যাত্ৰা পথৰ বাটকটীয়া হৈ কবি কেৱল সুখীয়েই হোৱা নাই, গৌৰৱীও হৈছে৷ সেয়ে কবিতাটোৰ শেষৰ শাৰীটো আন্ধাৰ ব্যৱস্থাটোৰ প্ৰতি অৱজ্ঞাসূচক আৰু প্ৰথম শাৰীটোৰে পুনৰাবৃত্তি– ‘আই, তোৰ আন্ধাৰৰ হাতখন ভঙা’৷

অসম সাহিত্য সভাই নীলমণি ফুকনৰ পাছতে আনিছ উজ্‌ জামানক প্ৰদান কৰিছিল এক সন্মান– ‘জাতীয় কবি’৷ এই অভিধা লাভৰ বাবে এজন কবিৰ কৰণীয় সকলোখিনি তেওঁৰ জীৱন-কৰ্মত প্ৰতিফলিত হৈছে৷ অসমীয়া জাতীয়তাবাদৰ উহতো ভাষিক জাতীয়তাবাদেৰ স্থিতি৷ অসমীয়া ভাষাটোৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ উপৰি অসমৰ মাটি-পানী-বায়ুৰ আধাৰত গঢ়ি উঠা তেওঁৰ অস্তিত্ব কবিতাবোৰৰ মাজত দীঘ-বাণি হৈ আছে৷ তাৰ মাজেদিয়েই কোনো কোনো কবিতাত ফুটি উঠিছে সুগভীৰ দেশপ্ৰেম৷ ‘জাতীয় কবি’ৰ নিচিনা সন্মান প্ৰাপ্তিৰ পথটো যেন তেওঁ অজ্ঞাতেই কাব্য-চৰ্চাৰ প্ৰথমৰ ফালে এই কবিতাটোৰেই চিকুণাই থৈছিল৷


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ