অন্যযুগ/


নৈতিকতা

প্ৰাঞ্জল বেজবৰা


 

আজিকালি আমাৰ সমমাজত কিছুমান কথা  বা বাক্যাংশ সততে শুনিবলৈ পাওঁ আৰু আমি নিজেও বহু সময়ত সেইবিলাক দোহাৰোঁ। উদাহৰণ স্বৰূপে, ৱিলিয়াম ছেক্সপীয়েৰে কৈছিল, “ভাল বা বেয়া বুলি একো নাই। আমাৰ চিন্তাইহে কোনো এটা বস্তু বা কাৰ্যক ভাল বা বেয়া কৰে।”  কিন্তু এটা ধৰ্ষণ বা হত্যাৰ ঘটনা ভল নে বেয়া সেইটো নিৰ্ণয় কৰাত আমাৰ চিন্তাবৃত্তিৰ কি কৰণীয় আছে আমি ক্ষন্তেক গমি চালেই বুজিব পাৰিম। চিধা কথা, ধৰ্ষণ আৰু হত্যা নিঃসন্দেহে বেয়া, অনৈতিক কাৰ্য। আজিকালি বহু লোকে কয়, “সকলো কথাই আপেক্ষিক”। এইটোও এক প্ৰকাৰে উদ্ভট কথা। আমাৰ জীৱনত কিছুমান চূড়ান্ত  বা পৰম  থাকিবই লগিবাগিব; অন্যথা দেশৰ আইন মনি চলোঁতাও আপেক্ষিক হৈ পৰিব! আমি যদি দেশৰ হাজৰাৰ হাজাৰাৰৰ আইনৰ তালিলিলিকা এখন কৰি আমাৰ বাবে প্ৰয়োজন বুলি ভবা আইনসমূহ বাচি  উলিয়াই কেৱল সেইখিনিকে িনিহে মানি  চলিবলৈ  ঠিক কৰোঁ, নিশ্চিতভাৱে সমাজত এক বিশৃংখলাৰ সৃষ্টি হ’ব। 


এগৰাকী ৭৫ বছৰীয়া ব্যক্তিৰ বাবে ঘণ্টাত ৪০ কিলোলামিটাৰ বেগত চলা গাড়ীখনৰ গতিবেগ যথেষ্ট তীব্ৰ যেন অনুভৱ হ’ব পাৰে; আনহাতে ঘণ্টাত ৯০ কিলোমিটাৰ বেগত চলা গাড়ীৰ গতিবেগো  ২০/২৫ বছৰীয়া যুৱক এজনৰ বাবে অতি তীব্ৰ গতিবেগ নহ’ব পাৰে। আমি এই ধৰণৰ ঘটনাবোৰ ভালদৰে গমি চালে দেখিম যে যিমানেই আমি ঘটনাবোৰ বা পৰিস্থিতিবোৰ আপেক্ষিক বলি বিৱেচনা কৰি গৈ  থাকিম, সিমােনেই আমাৰ সমাজখনত বিশখলতা বাঢ়ি  গৈ থাকিব । আজিৰ সমাজত পতি-পত্নীসকলে ইজনে সিজনৰ প্ৰতি আপেক্ষিকভাৱে বিশ্বাসযোগ্য হৈ চলিবলৈ নিবিচাৰে; এই এই বুলি অতি সহজে কৈ দিব পাৰি।  কিন্তু আমি প্ৰায়বোৰেই ইজনে সিজনৰ প্ৰতি বিশ্বাসযোগ্য হৈ থাকিবলৈ সংকল্প গ্ৰহণ কৰোঁ; ইয়াত আপেক্ষিকতাৰ প্ৰশ্নই উঠিব নালাগে। আমি পতি-পত্নীসকলে ইজনে-সিজনক ভাল পাওঁ, সন্মান কৰোঁ আৰু উভয়ে উভয়ক বিশ্বাস কৰোঁ। পতি-পত্নীৰমাজৰ এই সংকল্পত আপেক্ষিকতা  আৰু  ভাল  বা  বেয়াৰ   প্ৰসঙ্গ    সোমালে  বৈৱাহিক   সম্বন্ধ    টিকি   থকাই    টান   হ’ব।   

 

এনে ধৰণৰ প্ৰসঙ্গবোৰ উল্লেখ কৰি শেষ কৰিব নোৱাৰি। আমাৰ অনুৰোধ, প্ৰায়বোৰ  আপেক্ষিক কথা আৰু ভাল বা বেয়া বুলি একো নাই, আমি আমাৰ চিন্তাইহে কোনো এটা বস্তু বা কাৰ্যক ভাল বা বেয়া কৰে” – জীৱনৰ পৰা এনে ধৰণৰ চিন্তা বাদ দিয়া হওক। আমি জীৱনত সুখী হ’বলৈ হ’লে পৰম নৈতিক মূল্যবোধক অনুসৰণ কৰা উচিত, যাৰ ওপৰত  হাজাৰ  হাজাৰ  বছৰ ধৰি মানৱ সভ্যতা বৰ্তি আছে।

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ