অন্যযুগ/


য়েল্ল'ষ্ট'ন্ ৰাষ্ট্ৰীয় উদ্যান : পৰ্যটন, পৰিস্থিতিতন্ত্ৰ, আৰু ভূতত্ত্ব

 ভাৰত বৰুৱা



য়েল্ল'ষ্ট'ন্ কেৱল উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰেই নহয় সমগ্ৰ পৃথিৱীৰো প্ৰথম ৰাষ্ট্ৰীয় উদ্যান বা নেশ্যনেল পাৰ্ক। এই পাৰ্কখন প্ৰতিষ্ঠা কৰা হৈছিল ১৮৭২ চনত। উদ্যানখন শেষ নোহোৱা উলূৱনি, লানি নিছিগা পৰ্বতমালা, আৰু দেধাৰ বন্যপ্ৰাণীৰে ভৰা। ৱায়'মিং প্ৰদেশৰ উত্তৰ-পশ্চিম কোণৰপৰা ই ম'ণ্টানা আৰু আইদাহ' প্ৰদেশ পৰ্যন্ত বিয়পি আছে।সেইফালৰ পৰা য়েল্ল'ষ্ট'ন্ নিঃসন্দেহে উত্তৰ আমেৰিকাৰ সৰ্বশ্ৰেষ্ঠ বন্যভূমি। প্ৰতিষ্ঠাৰ দিন ধৰি আমেৰিকান ৰাষ্ট্ৰীয় উদ্যান সেৱা বিভাগে অতি গৌৰৱেৰে য়েল্ল'ষ্ট'নৰ পৰিচালনাৰ দায়িত্ব পালন কৰি আহিছে। ইয়াত অৱস্থিত প্ৰত্যেকতো আকৰ্ষণ সুচল স্থলপথৰে পৰ্যটকে সহজে চাব পৰাকৈ সংযুক্ত কৰা হৈছে। গোটেই উদ্যানখনকেই এক কথাত মেৰিয়াই ৰখা জৰীৰ দৰে এই পথছোৱাক লুপ ৰ'ড বুলিও জনা যায়। এই লুপ ৰ'ডটো পাৰ্কৰ পাঁচোখন মুখ্য দ্বাৰৰ লগত সংযুক্ত হৈ আছে। য়েল্ল'ষ্ট'ন্ বিশ্বৰ অতি চমকপদ ভূ-তাপীয় প্ৰদৰ্শনীৰ ভিতৰত অন্যতম। এই সম্পূৰ্ণ পাৰ্কখন এটা লঘূ নিদ্ৰাগ্ৰস্ত অতি-জ্বালামুখীৰ ওপৰত উপৱেশিত হৈ আছে। ভূতত্ত্ববিদসকলৰ গণনা অনুযায়ী প্ৰায় ৬৪০ হাজাৰ বছৰমান আগতে এই অতি-জ্বালামুখীৰ এক দুৰ্বাদল উদ্গীৰণ হৈছিল। 

তথাপি যিকোনো সময়তে উদ্গীৰণ কোৱাৰ আশঙ্কাই পৰ্যটকক য়েল্ল'ষ্ট'নলৈ যোৱাৰ পৰা বিৰত ৰাখিব পৰা নাই। তাৰ মুখ্য কাৰণ হৈছে য়েল্ল'ষ্ট'নৰ ভূকাম্পিক প্ৰক্ৰিয়াৰ গতিবিধি বিজ্ঞানীসকলে অহৰহ লক্ষ্য ৰাখে আৰু পৰ্যটকৰ সুৰক্ষাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ে পাৰ্কসেৱা আৰু বিজ্ঞানী মহলে। পিছে য়েল্ল'ষ্ট'নৰ ভূভাগ কেৱল অতুলনীয় ভূ-তাপীয় মায়াজালৰ প্ৰদৰ্শনেই নহয়, এই এলেকা ভৰি আছে বহু স্বচ্ছল বনাঞ্চল, নদী তথা হ্ৰদেৰে। য়েল্ল'ষ্ট'ন্ পাৰ্কৰ মাজ মজিয়াত অৱস্থিত য়েল্ল'ষ্ট'ন হ্ৰদটোৱে পৰ্যটকৰ মন জুৰায়। মুকলি আকাশ ভালপোৱাসকলে সাধাৰণত হ্ৰদৰ পাৰত গোট খাই বিভিন্ন প্ৰকাৰৰ অৱসৰ-বিনোদনৰ যেনে যন্ত্ৰচালিত নৌকা বিহাৰ, গুটিয়া নাও বিহাৰ, আন নহ'লেও পাৰে পাৰে খোজ কাঢ়ি হ্ৰদৰ সৌন্দৰ্য উপভোগ কৰা ইত্যাদিত ব্যস্ত হয়। এই উদ্যানখন কেৱল টনকিয়াল কিংবদন্তি আৰু চকু জুৰোৱা দৃশ্যৰেই যে ভৰি আছে তেনেও নহয়, লগতে চাৰিও ফালে নানা তৰহৰ বন্যপ্ৰাণীৰেও ভৰি আছে। এই উদ্যানৰ আটাইতকৈ ডাঙৰ কৃতকাৰ্যতা হ'ল বাইছন বা মেঠোনৰ পুনৰুদ্ধাৰ আৰু পুনৰসংস্থাপন। পাৰ্কসেৱাৰ দশকজোৰা অহোপুৰুষাৰ্থৰ ফলস্বৰূপেই এই ধৰাত বাকী থকা মেঠোনৰ আটাইটকৈ ডাঙৰ জাকটো য়েল্ল'ষ্ট'নতে বিৰাজমান। পাৰ্কত অৱস্থিত হেইডেন্ ভেলীত পৰিভ্ৰমণ কৰিলে এইবিধ পশুৰ লগত দেখা-সাক্ষা হোৱাটো ধুৰূপ। পাৰ্কৰ আন এক ভাৱৰীয়া হৈছে য়েল্ল'ষ্ট'ন নদীখন। এই নদীৰ পত্তি হৈছে য়েল্ল'ষ্ট'ন হ্ৰদৰ পৰা আৰু উত্তৰৰ ফালে তীৰ বেগে বৈ গৈছে। ক্ৰমে আপাৰ জলপ্ৰপাত আৰু তাৰ পাছত ল'ৱাৰ জলপ্ৰপাতত প্ৰায় ৩০০ ফুট তললৈ নামি উত্তৰ-পূবৰ ফাললৈ পথ লৈছে। এই লৱাৰ জলপ্ৰপাতৰপৰাই গ্ৰাণ্ড কেনিয়ন অফ্ য়েল্ল'ষ্ট'নৰ আৰম্ভণি হৈছে। য়েল্ল'ষ্ট'নৰ এই প্ৰান্ততেই অৱস্থিত ইয়াৰ আটাইতকৈ আকৰ্ষণীয় আৰ্টিষ্ট পইণ্ট, য'ত বহি পৰ্যটকে বিস্ময়াভিভুত হৈ পৰে নৈসৰ্গিক প্ৰকৃতিৰ অনিৰ্বচনীয় দৃশ্য উপভোগ কৰি। 

মানুহৰ মানসিক সাহ-উদ্দীপনা জগোৱাত প্ৰকৃতিক সৌন্দৰ্য যথেষ্ঠ সহায়ক হয়। সেয়ে কৰ্মব্যস্ত মানুহৰ বাবে এনে ধৰণৰ অৱসৰ বিনোদন অতি উপযোগী। এনে লাগে যেন য়েল্ল'ষ্ট'নক প্ৰকৃতিক সৌন্দৰ্যৰ ভাণ্ডাৰ হিচাপে পৰ্যটকৰ বাবে সজাই-পৰাই ৰখা হৈছে, পৰ্যটকে মথোঁ তাত গৈ উপভোগ কৰাৰহে কথা। পেবল ক্ৰিকৰ পাৰত বহিলে নিজৰাৰ পানীৰ কুলু কুলু সুৰে মন প্ৰাণ জুৰাই নিয়াৰ লগতে যেন আত্মাকো সমাহিত কৰিব। আনহাতে পাৰ্কৰ উত্তৰৰ ফালে ঘন পাইনৰ পৰ্বতমালাৰ শেষত পোৱা যায় উলুৱনিৰে ভৰা লামাৰ ভেলী বা উপত্যকা। এই উপত্যকাও ভৰি থাকে য়েল্ল'ষ্ট'নৰ অন্যান্য থলুৱা বন্যপ্ৰণীৰ লগতে প্ৰকাণ্ড মেঠোনৰ জাকে। কবিৰ ভাষাত ক'বলৈ গ'লে এই উদ্যানত যি দিশতেই খোজ দিয়া হয় সেই দিশতেই যেন এক অন্য মহাদেশ অথবা এক নতুন জগত। 


পৰ্যটন আৰু পৰিস্থিতিতন্ত্ৰ :


কোৱা হয় যে য়েল্ল'ষ্ট'ন্ আজিও পৃথিৱীৰ এক বিপদজনক প্ৰান্তৰ ভিতৰত অন্যতম। তথাপি প্ৰত্যেক বছৰে প্ৰায় তিনিৰ পৰা চাৰি নিযুত পৰ্যটকে এই উদ্যানত ভৰি দিয়েহি। কিয়নো বিপদজনক হ'লেও য়েল্ল'ষ্ট'ন্ হৈছে পৃথিৱীৰ ভিতৰতেই এক অভাৱনীয় আৰু একমাত্ৰ তেনে স্থান। কিন্তু য়েল্ল'ষ্ট'ন্ কিয়নো এক অবিশ্বাস্য ঠাই? ভূতাত্ত্বিকভাৱে য়েল্ল'ষ্ট'ন্ এই গ্ৰহটোৰ আটাইতকৈ সক্ৰিয় অথবা জাগ্ৰত প্ৰান্তৰ। ইয়াত প্ৰতি বছৰে পাঁচ হাজাৰটা মান সৰু সুৰা ভূমিকম্প হয় আৰু ইয়াত যিমান সংখ্যক গিজাৰ (Geyser) আৰু গৰম পানীৰ উঁহ আছে বাদ বাকী সমগ্ৰ ভূভাগ মিলালেও সিমান পোৱা নাযায়। য়েল্ল'ষ্ট'ন্ কিয় ইমান জাগ্ৰত, কেনেকৈনো এই বিস্ময়কৰ ভূখণ্ডৰ সৃষ্টি হ'বলৈ পালে, আৰু কিয় বা এনে হ'ল কেৱল ৰ'কি পৰ্বতমালাৰ মাজ মজিয়াতেই? ৰ'কি মাউণ্টেইন অঞ্চল অথবা ৰ'কিজ কানাডাৰ দক্ষিণ ভাগৰ পৰা নিউ মেক্সিক'লৈকে বিয়পি আছে আৰু ইয়াৰ সৰলৰৈখিক দৈৰ্ঘ্য ৪৮০০ কিল'মিটাৰ। এই পৰ্বতৰাশিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰৰ ক্ৰমে ম'ন্টানা, আইডাহ', ৱায়'মিং, ইউথা, ক'ল'ৰাড', আৰু নিউ মেক্সিক' এই প্ৰদেশকেইখনত বিয়পি আছে। তাৰেই ৱায়'মিঙৰ উত্তৰ-পশ্চিম কোণত অৱস্থিত এই উদ্যানখনে প্ৰায় ৯০০০ বৰ্গকিল'মিটাৰ এলেকা আগুৰি আছে। এই পাৰ্কৰ উত্তৰ-পশ্চিম দিশৰ কিছু অংশ ম'ন্টানা আৰু আইডাহ' লৈকে বিয়পি আছে।


ব্যক্তিগত অভিজ্ঞতা :


মোৰ য়েল্ল’ষ্ট’ন্ ৰাষ্ট্ৰীয় উদ্যানত ভূমুকি মৰাৰ সৌভাগ্য হৈছিল ক'ল'ৰাড'ৰ ফৰ্ট ক’লিঞ্চত থকা সময়ত। ফৰ্ট ক’লিঞ্চ হৈছে ক'ল'ৰাড'ৰ উত্তৰৰ ৰকিজৰ পাদদেশৰ এখন আটোম-টোকাৰি চহৰ। এই চহৰৰ আমঠু হ’ল ক'ল'ৰাড' ষ্টেট ইউনিভাৰ্ছিটি আৰু ইয়াৰ প্ৰসাৰিত চৌহদ। ফৰ্ট ক’লিঞ্চৰ পূবে ইণ্টাৰষ্টেট হাইৱে'-২৫ আৰু পশ্চিমে বিশালকায় ৰ'কিজ, আৰু ৰ'কিজৰেই এটি আকৰ্ষণীয় গিৰিশিখৰ "হৰ্ছটুঠ"। অলপ ফৰকাল বতৰত সেই শিখৰটো চহৰৰ মাজমজিয়াৰপৰা ৰিণিকি-ৰিণিকি দেখা পোৱা যায়। চহৰৰ পৰা দক্ষিণে ৬৫ মাইল দূৰত ৰাজধানী ডেনভাৰ আৰু আনফালে উত্তৰে প্ৰায় ৪৫ মাইল দূৰত্বত ৱাইওমিঙৰ ৰাজধানী চহৰ চায়েন (Cheyenne)। এই ফৰ্ট ক’লিঞ্চৰ পৰা য়েল্ল’ষ্ট’নৰ দূৰত্ব প্ৰায় ৪৯০ মাইল আৰু নিজে গাড়ী চলালে সময় লাগে মুটামুটি আঠ ঘণ্টা। সেই সময়ত ক'ল'ৰাড' ষ্টেটত পঢ়ি থকা তিনিজন অসমীয়া ছাত্ৰ ক্ৰমে, লম্বোদৰ চাংমাই (মাষ্টাৰ্ছ, কম্পিউটাৰ ছায়েঞ্চ), অনুজ ডেকা (পি. এইচ. ডি., কম্পিউটাৰ ছায়েঞ্চ) আৰু ঈষা ঘৰফলীয়া (মাষ্টাৰ্ছ, কম্পিউটাৰ ছায়েঞ্চ), এজন কৰ্মৰত অসমীয়া যুৱক, মদন দত্ত (ছফটৱেৰ বিশেষজ্ঞ), মই আৰু মোৰ পৰিবাৰ এই ছজনীয়া দলটোৱে ড'জ ডুৰেঙ্গ নামৰ এখন বাহনত য়েল্ল’ষ্ট’নলৈ বুলি যাত্ৰা আৰাম্ভ কৰিলোঁ। সেইটো আছিল আমেৰিকান কথাত অতিকে স্মৰণীয় সপ্তাহান্ত (Weekend), দিনটো আছিল ২০০৫ চনৰ ২৭ মে’, শুক্ৰবাৰ। এই মেম’ৰিয়েল ডে আমাৰ শ্বহীদ দিৱসৰ দৰে, দেশৰ বাবে প্ৰাণ দিয়া বীৰ-বীৰাঙ্গনাসকলৰ সোঁৱৰণত প্ৰতি বছৰে পালন কৰা হয় মে’ মাহৰ শেষ সোমবাৰত। সেইটোকেই লঙ্গ-উইকেণ্ড বুলিও কোৱা হয়, মানে শনি, দেও আৰু সোমবাৰ তিনিদিন একেলেঠাৰিয়ে বন্ধ। উদ্যানৰ ভিতৰত থকাৰ ব্যৱস্থা সীমিত হোৱাৰ বাবে আমি উদ্যানৰ পৰা প্ৰায় এঘণ্টামানৰ আঁতৰৰ ক’ডী নামৰ চহৰৰ এখন ম’টেলত থকাৰ ব্যৱস্থা কৰিলোঁ। ম’টেলৰ অৰ্থ হ’ল “মটৰ হ’টেল”, মানে এনে এক প্ৰতিস্থান যি থকা আৰু বাহন পাৰ্কিঙৰ ব্যৱস্থা ৰাখে, মুটামুটি থকা কোঠালিৰ সন্মুখতেই মটৰ পাৰ্ক কৰিব পাৰি। আমি যাত্ৰা আৰাম্ভ কৰিছিলোঁ গধুলি ৫ মান বজাত। মই, মদন, আৰু লম্বোদৰে পাল পাতি গাড়ী চলোৱাৰ কথা। মই আন্ধাৰত গাড়ী চলাব নোৱাৰিম বুলি পৰিবাৰৰ ভয়, গতিকে মই দিনে-পোহৰে প্ৰথম কেইঘণ্টামান চলালোঁ। সেই সময়ত স্মাৰ্ট ফোনৰ বহুল প্ৰচলন আৰাম্ভ হোৱা নাছিল, গতিকে পথ-যাত্ৰাত গাড়ীত গান বজোৱাৰ উপায় আছিল চি. ডি.-ৰ পৰা গান বজোৱা। অলিখিত নিয়ম আছিল বাহন চালকৰ পচন্দমতে গান বাজিব। যি কি নহওক, ময়ো মোৰ পচন্দৰ কেইখনমান চি. ডি. সাজু কৰি থৈছিলোঁ মই বাহন চলোৱাৰ সময়ত বজাবৰ বাবে। মই চালক হৈ যাত্ৰা আৰম্ভ কৰিলোঁ, প্ৰায় তিনি ঘণ্টামান চলালোঁ। অৱশেষত কেছপাৰ চহৰত ৰৈ নৈশ ভোজনো কৰিলোঁ। মোৰ পাছত ক্ৰমে মদন আৰু লম্বোদৰ চালকৰ আসনত বঢ়িল, চালক সলনি হোৱাৰ লগে লগে গানো সলনি হল। মাজে মাজে চি. ডি.-ৰ গান পচন্দ নহ’লে বাকী যাত্ৰীসকলে নিজেই সুৰ টানি গান গাবলৈ ধৰিলে। ইফালে বাহিৰত আন্ধাৰ হোৱা বাবে বাহিৰৰ দৃশ্য উপভোগ কৰাৰো কোনো উপায় নাই। নিজৰ মাজতে ফূৰ্টি কৰি আমোদ ল’ব নোৱাৰিলে আমেৰিকাৰ এই ভূখণ্ডৰ পথ-যাত্ৰা অতি বিৰক্তিকৰ হ’ব পাৰে। ফৰ্ট ক’লিঞ্চৰ পৰা ক’ডীলৈকে গোটেই পথছোৱাতেই মাত্ৰ কেইখনমান সৰু চহৰ আৰু বাকী পথছোৱা শূন্য ৰাস্তা আৰু দুয়োকাষে মুকলি শুকান ঘাঁহৰ পথাৰ আৰু পথাৰ। এই এলেকাত পেট্ৰল পাম্পৰ সংখ্যাও আমেৰিকাৰ আন আন অঞ্চলৰ তুলনাত তেনেই সেৰেঙা। নৈশ ভোজনৰ সময়ত আমাৰ টেংকত কিমান পেট্ৰল আছিল মন নকৰিলোঁ। কেছপাৰ এৰাৰ সময়ত মই গাড়ী মদনক দিলোঁ। কেছপাৰ পাৰ হোৱাৰ পিছৰ অংশত কোনো পেট্ৰল পাম্প নথকাৰ কথা আমাৰ ধাৰণাত নাছিল। মদনে এঘণ্টামান গাড়ী চলোৱাৰ পাছতেই আমাৰ বাহনৰ টেংক খালি হোৱাৰ উপক্ৰম হ’ল। মদন চালকৰ ছিটত, ইণ্ডিকেটৰত দেখুৱাইছে যে পেট্ৰল কমি গৈ একেবাৰে শেষৰ ফালে। সকলোৰে মোৰ ওপৰতে খং, কিয়নো মই মদনক চলাবলৈ দিয়াৰ আগতে পেট্ৰল ভৰাই লোৱাহ'লে এই অৱস্থা নহ'লহেঁতেন। 

পিছে এতিয়া আৰু সেই কথা কৈ লাভ নাই, কেনেকৈ সোনকালে এটা পেট্ৰল পাম্প পোৱা যায় অতি শীঘ্ৰে। মদনে যিমান পাৰে বেগত বাহন চলাইছে, প্ৰতি ঘণ্টাত ৮০ মাইল মান বেগত, নিৰ্ধাৰিত বেগ প্ৰতি ঘণ্টাত ৭০ মাইলহে। পুলিচে ধৰাৰো ভয়, আনফালে পেট্ৰল নাপালে এই নিমাও-মাও ঠাইত বাহন ৰখাই ৰাতি কটোৱাৰো কোনো উপায় নাই। এই অন্ধকাৰ ৰাতি দুৰ-দুৰণিলৈ একো দেখা পোৱা নগ'ল। সকলোৰে মনত দুঃচিন্তা বাঢ়িবলৈ ধৰিলে। কেছপাৰ চহৰ পোৱাৰ পাছতেই আমি মূল ইণ্টাৰষ্টেট হাইৱে-২৫ এৰি ষ্টেট হাইৱে-২৬ লৈছিলোঁ। সেই সময়ত জি. পি. এছ.-অৰ উন্নত ব্য়ৱস্থা নথকা বাবে আমি মেপ কুৱেষ্টৰ এখন মেপ ছপা কৰি নিছিলোঁ। মেপৰ মতে কেছপাৰৰ পৰা পৰৱৰ্তী সৰু চহৰৰ ছছনীৰ দুৰত্ব প্ৰায় ১০০ মাইল। কেছপাৰৰ পৰা ঠিক কিমান দুৰ আহিলোঁ কৰো মনত নাই, বাহনৰ অ'ড'মিটাৰৰ সংখ্য়াটো টুকি লোৱা হ'লে ভাল ধাৰণা এটা কৰিব পৰা গ'লহেঁতেন। সকলোৱে গান শুনি গান গাই ফূৰ্টিতহে আহি আছিলোঁ, এনে বিপাঙত পৰিম বুলি কোনেও ভবা নাছিলোঁ। লম্বোদৰে জনালে যে আমি ৮.৩০ মান বজাত কেছপাৰ এৰিছিলোঁ, সেই হিচাপত ১০০ মাইল যাত্ৰত ১.৩০ মান লগাৰ কথা, মানে ১০ বজাৰ ভিতৰত পাব লাগে। ঘড়ীত ইতিমধ্য়ে ৯.৪৩ হে বাজিছে। আকৌ সকলোৰে দুঃচিন্তা যে আৰু ১৭ মিনিট যাব পৰাকৈ বাহনত পেট্ৰল আছেনে? মদনে যিমান পাৰে একেবাৰে ৰবটৰ দৰে বেছি লৰচৰ নকৰাকৈ বেগাই আগুৱাই গৈ থাকিল। অনুজ, ঈষা, লম্বোদৰ, মোৰ পৰিবাৰ, আৰু মই সকলোৱেই হাঁ কৰি ৰাস্তাৰ সন্মূখলৈ চাই ৰ'লোঁ, কিজানি ছছনী চহৰৰ লাইটবোৰ দুৰৰ পৰা চকুত পৰেই। প্ৰায় পাঁচ মিনিটমান কাৰো মুখত মাত নাই। হঠা অনুজ আৰু ঈষাই একেলগে চিঞৰি উঠিল, "লাইট, লাইট, ছছনী পালোঁহি।" আমি আটাইয়েই আনন্দত উকি মাৰিলোঁ। ১৭ মিনিট নালাগিল, ছছনী পাবলৈ, কিয়নো মদনে নিৰ্ধাৰিত বেগতকৈ বেগাই বাহন চলাইছিল। মদনে প্ৰথম যিটো পেট্ৰল পাম্প পালে তাতেই বাহন ৰখাই টেংকটো পূৰাই  ল'লে। সকলোৱে হাত-ভৰি পোনাই ল'লে, চাহ, ক'ফী যি পালোঁ নিজৰ মতে গোটাই ল'লোঁ। ক'ডী পাবলৈ এতিয়াও দুঘণ্টামান বাকী। মদনে লম্বোদৰৰ হাতত বাহনৰ চাবি দি ক'লে, "তুমি চলোৱাঁ, মই পিছৰ ছিটত শুমহে আৰু।" লম্বোদৰে পিছৰখিনি ক'ডীলৈকে গাড়ী চলাই ৰাতি ঠিক বাৰ বাজি যোৱাৰ পাছত ম'টেল পোৱালেগৈ। ম’টেলৰ নাম "বিগ বিয়্য়াৰ ম’টেল"। "বিগ বিয়্য়াৰ ম’টেল" বুলি লিখা ছইনবৰ্ডৰ খুঁটাটো প্ৰকৃততে খুঁটা নহয়, কাঠত কাটি থোৱা এটা প্ৰকাণ্ড ক'লা ভালুক। অনুজেই ফোন কৰি বুকিং কৰিছিল বাবে তেওঁৰ নামতেই সকলো থকাৰ কথা। আমি পাওঁতে ১২ বাজি পাৰ হোৱা বাবে ম'টেলৰ নৈশ মেনেজাৰজনে আমাৰ ৰূমৰ চাবি এটা সৰু খামত ভৰাই মেনেজাৰৰ সৰু অফিচটোৰ দুৱাৰৰ বাহিৰ ফালে চেল'টেপ লগাই থৈ গৈছে। খামৰ ওপৰত লিখা আছে "Key for Anose Dega" - মানে "অনুজ ডেকাৰ বাবে চাবি"। যিহেতু ফোনতহে বুকিং কৰিছিল আৰু মেনেজাৰজন এনে নামৰ লগত পৰিচিত নহয় গতিকে নামটো কোনোমতেহে লিখি থলে। মদনে প্ৰথমে খামটো দেখি ডাঙৰকৈ সকলোৰে উদ্দেশ্যে পঢ়ি দিলে, "কি ফ'ৰ এ-ন'জ দেগা।" আমি বাকীবোৰে প্ৰথমে থৰ লাগি, তাৰ পাছত বুজি পাই সেই ৰাতিখন গিৰগিৰাই হাঁহিলো।

ম'টেলৰ এটাই দীঘলীয়া কোঠা, তিনিখন ডাৱল বেড আৰু লগতে স্নানাগাৰ। সিমানেই। সকলোৱে যিমান পাৰোঁ সোনকালে আজৰি হৈ শুবলৈ যোৱাৰ কথা ভাবিলোঁ। পিছে এজন এজনকৈ আজৰি হওঁতে ১.৩০ মানেই হ'লগৈ। পাছ দিনা পূৱাই উঠি ব্ৰেকফাষ্ট্ খায়েই য়েল্ল’ষ্ট’নৰ ফালে পোনাই দিলোঁ। পিছে বাটত পোৱা চাবলগীয়া ঠাইবোৰত গাড়ী ৰখাই ছবি নোতোলাকৈ নাথাকিলোঁ।


পৰ্যটনৰ দিশৰপৰা কি কি চাবলগা বা উপভোগ কৰিব পৰা ব্য়ৱস্থা আছে এই য়েল্ল'ষ্ট'নত? ইয়াৰ প্ৰথম আকৰ্ষণ হ'ল হোৱাইট ৱাটাৰ ৰাফ্টিং, মানে এক কথাত য়েল্ল'ষ্ট'ন্ নদীত ভূৰ চলাই উত্তৰ দিশৰ ম'ন্টানাৰপৰা পাৰ্কত প্ৰৱেশ কৰা। এই ভূৰ পিছে এলাপেছা ভূৰ নহয়, ৰবৰৰ দৰে প্ৰশস্ত পদাৰ্থৰে তৈয়াৰী পাম্প দি ফুলাব পৰা উন্নত মানৰ ভূৰ। এই ধৰণৰ ভূৰ ভাড়ালৈ লৈ য়েল্ল'ষ্ট'ন্ নদীপথেৰে পাৰ্কৰ অভাৱনীয় সৌন্দৰ্য উপভোগ কৰিব পাৰি। নদীৰ পাৰে পাৰে চৰি ফুৰা বিভিন্ন ধৰণৰ পহু আৰু বন্য়প্ৰাণী দেখা যায়। এই চফৰত প্ৰঙ্গহৰ্ন (Pronghorn), এজাতি সোণালী ৰঙৰ হৰিণ আৰু সাইলাখ কুৰুৱাৰ নিচিনা এক ধৰণৰ মাছ ধৰি খোৱা পক্ষী দেখা যায়। এই প্ৰঙ্গহৰ্ন উত্তৰ আমেৰিকাৰ আটাইটকৈ বেগী স্থলচৰ প্ৰাণী। য়েল্ল'ষ্ট'নত জীৱ-জন্তুবোৰে নিৰন্তৰ ইফালৰ পৰা সিফালে ভ্ৰমি ফুৰে। গতিকে জলপথেৰেই হওক বা স্থল পথেৰেই হওক যিকোনো এফালে গ'লেই কোনেও জীৱজন্তু নেদেখাকৈ নাথাকে। নদীপথেৰে গ'লে কেতিয়াবা পাৰ্কৰ মুখ্য়দ্বাৰ পোৱাৰ আগতেই বন্য়প্ৰাণী দৃষ্টিগোচৰ হয়। 
য়েল্ল'ষ্ট'ন্ উপভোগ কৰাৰ অন্য় এটা উপায় হৈছে পদযাত্ৰা। পাৰ্কৰ ভিতৰত প্ৰায় ৯০০ মাইল দৈৰ্ঘ্য়ৰ পদপথ তৈয়াৰ কৰা আছে। প্ৰায় ১০,০০০ ফুট উচ্চতাত থকা মাউণ্ট ৱাছবাৰ্ন (Mount Washburn)-লৈকে যদি তিনি মাইল দৈৰ্ঘ্য়ৰ পদপথ ধৰি যাত্ৰা কৰা হয় তেন্তে বহু ধৰণৰ বন্য়জন্তুৰ লগত দেখা-সাক্ষা হোৱাৰ সম্ভাৱনা থাকে, যদিহে ভাগ্য় ভাল থাকে। পিছে এই পথ কিছু পৰিমাণে অসুৰক্ষিত, কিয়নো গ্ৰিজলী (Grizzlies) বা ধুসৰ ভালুক, ক'লা ভালুক, কুকুৰনেচীয়া ইত্য়াদি প্ৰায়েই পাৰ্কত মুক্তভাৱে ঘুৰা-ফিৰা কৰি থাকে। লগতে জাকে জাকে বাইছন বা মেঠোন দেখিবলৈ পোৱা যায়। মেঠোন আমাৰ অৰুণাচল বা চিকিমৰ মেথোনৰ নিচিনাই, মথোঁ দেখাত অলপ ডাঙৰ আৰু কিম্ভূত। এই মেঠোন দেখাত গৰুৰ দৰে নিৰীহ হ'লেও, একেবাৰে ওচৰৰ চপাটো বিপদজনক, কেতিয়া কোন পাকত চোঁচা মাৰি আহে কোৱা টান। গতিকে এই পদপথত ভ্ৰমণ কৰাৰ সময়ত বন্য়জন্তু আতঁৰৰপৰা চোৱা বা ছবি তোলাটোৱেই মংগলজনক। এই পাৰ্কত প্ৰায় ৩০০-ৰ পৰা ৫০০-ৰ ভিতৰত ধুসৰ ভালুকে পিট্পিটাই ফুৰে। গতিকে পদপথেদি অকলশৰে যোৱাটো সমীচীন নহয় আৰু লগে-ভাগে গ'লেও সদায় গান গাই, সুহুৰিয়াই, হৈ-হাল্লা কৰি গ'লে বন্য়প্ৰাণীয়েও সাধাৰণতে ফালৰি কাটি মানুহৰপৰা আঁতৰি থাকে। মাউণ্ট ৱাছবাৰ্নৰ পৰা য়েল্ল'ষ্ট'নৰ দৃশ্য় অতি মোহনীয়। চকুৰে মনিব পৰালৈকে খলা বমা উপত্য়কা আৰু শাৰী শাৰী পাইন গছ। শীতকালত পিছে এই দৃশ্য় সম্পূৰ্ণ বেলেগ হয়, কিয়নো সেই সময়ত পৰ্বতৰ শৃংগৰ পৰা উপত্য়কালৈকে কপাহৰ দৰে বৰফেৰে ঢাক খাই থাকে।

য়েল্ল'ষ্ট'নৰ মনোৰম দৃশ্য় উপভোগ কৰাৰ আৰু এটা সহজ উপায় হৈছে গাড়ীৰে। উদ্যানৰ ভিতৰৰ ৰাস্তা-ঘাট ইমানেই আটোম-টোকৰিকৈ ৰখা হয় যে পাৰ্কৰ মখ্য় দুৱাৰত প্ৰৱেশ মাচুল দি মুকলি মনেৰে নিজ ইচ্ছামতে গাড়ী চলাই পাৰ্কৰ সৌন্দৰ্য উপভোগ কৰিব পাৰি। আমিও সেই সহজ পথেৰেই পাৰ্কত প্ৰৱেশ কৰলোঁ। আটাইতকৈ মজাৰ কথাটো হ'ল যে আমি প্ৰৱেশ দ্বাৰৰ পৰা অলপ দুৰ গৈছোঁহে মাত্ৰ, ক'ৰবাৰ পৰা হঠা এটা মেঠোন আহি আমাৰ বাহনৰ আগে আগে পদযাত্ৰ কৰাত লাগিল। একো কৰিবও নোৱাৰি। পশু-পক্ষীক হৰ্ন বজাই ভয় খুওৱাটো নিয়মৰ বাহিৰত। গতিকে মেঠোন ককাইদেৱে যিমান সময় আমাৰ বাহনৰ আগত ধুন-পেচ প্ৰদৰ্শন কৰিলে সিমান সময় আমিও বাহন শমুকীয়া গতিৰেই চলাই থাকিলোঁ। এইছোৱা পথ একেবাৰে ঠেক। আমাৰ বিপৰীত দিশৰ পৰাও অহৰহ গাড়ী আহি আছে। তেওঁলোকেও লেহেমীয়া গতিত গাড়ী চলাই ফটো তোলাত মন দিলে। আমাৰ গাড়ীত লম্বোদৰ, অনুজ, আৰু মদনেও নিজৰ নিজৰ কেমেৰা উলিয়াই ল'লে। অনুজ আৰু লম্বোদৰৰ বিশেষকৈ অনুজৰ ফটো তোলাত বৰ চখ। ক'ৰবাত পখিলা এজনী দেখিলেও খেদি খেদি বিভিন্ন এংগ'লৰ পৰা ছবি লোৱাটো তাৰ নিচাৰ নিচিনা। লম্বোদৰে ভলেই ফটো তোলে, খালি এখন ফটো তোলোঁতে সি বহুত সময় লগায়। মই কওঁ, "হেৰা লম্বো, ইমান দেৰি লগাবলৈ কি আছে হে', খটাখট ক্লিক কৰাঁ, বেয়া কেইখন পিছত ডিলিট মাৰি দিবা। ৰীল খৰচৰ দিন গ'ল দেখোন।" লম্বোদৰে তাৰ স্বভাৱগত গহীনালিৰে কয়, "এহ, নুবুজিবা বুজিছা, যিমানেই ক্লিক কৰিবা সিমানেই আঙুলিকেইটা দুৰ্বল হ'ব, পাছত কী-ব'ৰ্ডত টাইপ কৰিবৰ সময়ত আঙুলিকেইটা টেটেৰা মাৰিব দেখোন।" মই অনুজৰ ফালে চিঞৰি ক'লোঁ, "বোলোঁ অনুজ শুনিছানে তোমাৰ সেই "কম্পোটাৰৰ" মানুহে কি কৈছে।" অনুজে কেমেৰাৰ পৰা মুৰ তুলি, "এহ দাদা, দীঘল মানুহবিলাকে দীঘল দীঘল কথা কয়, নুশুনিব নুশুনিব।" ইফালে মদনেও মাত লগালে, "আমিও দেখুন ক্লিকো কৰোঁ বেছিকে আৰু দিনৰ দিনটো অফিচত বহি টাইপকে কৰি থাকোঁ, আঙুলি টেটেৰা মৰাৰ কথা আজি প্ৰথম শুনিলো দেই।" ইফালৰ পৰা ঈষাই মাত লগালে, "লম্বো, আজি তোমাক গোটেইকেইটাই মিলি ভালকে বাৱন দিছে দেই।" "হলা গছত বাগী কুঠাৰ মাৰিছে বুজিছা, মোৰো দিন আহিব, এইখন দেশত এটা কথা আছে নহয়, এভ্ৰি ড'গ হেজ এ' ডে', " লম্বোদৰে গহীনাই ক'লে। মই ক'লোঁ, "হেৰা, কোনেও বাগী কুঠাৰ মৰা নাই দেই, তুমি সেই বাকীকেইটা "কম্পোটাৰৰ" ওস্তাদ থাকোঁতে টাইপ কৰোঁতে আঙুলি টেটেৰা মাৰে বুলিতো নিজেই নিজৰ ভৰিটোহে কুঠাৰত মাৰিছা।" ইফালে পিছফালৰ ছিটত বহি থকা মোৰ পৰিবাৰে বিৰক্ত হৈ ক'লে, "আও, দেখিছানে ঈষা, সেই কুন্ধচ মিথুন নে মেঠোনডালে, ৰাস্তা বন্ধ কৰি থৈছে, আৰু ইহঁত কেইটাৰ কথা হৈছে, আঙুলি টেটেৰা মৰা, কুঠাৰ, "কম্পোটাৰ" সেইবোৰ? কেনেকৈ সেইডালক ৰাস্তাৰপৰা আঁতৰাই আগবাঢ়িব লাগে তাৰ চিন্তা নাই। হৈছে আৰু য়েল্ল'ষ্ট'ন চোৱা।" মই লগে লগে দুটা কাম কৰিলোঁ। চালকৰ ছিটত বহি আছিলোঁ গতিকে, মিথুনদাৰ "ইয়াদ আ ৰাহা হে, তেৰা প্য়াৰ..." গানটো বজাই দিলোঁ আৰু খিৰিকিখন খুলি মেঠোনৰ ফালে চিঞৰি কলো, "হে'ৰা মিথুনদা, মানে মেঠোনকাই, আজি বাপ্পীদা লগত নাই দেই, গান এটা কে বজাই দিলোঁ, এতিয়া আমাক ৰাস্তা এৰি দিয়াঁ। নহ'লে বাইদেউৰ বোলে য়েল্ল'ষ্ট'ন্ চোৱাই নহ'ব।" পৰিবাৰক বাদ দি বাকীবোৰে গিজগিজাই হাঁহিলে। লম্বোদৰে লাহেকৈ, "আজি গীটাৰখন অনাহ'লে এইজন মেঠোনদাৰ লগত ৰাস্তাতে নাচিব পাৰিলোহেঁতেন।" মই ক'লোঁ, "কিন্তু তোমাৰ সেই দাদাই নিশ্চয় ঈষাৰ নিচিনা গান্ধীবাদী,নানাচে, দেখা নাই পদযাত্ৰা কৰিছে।" ঈষাই তপৰাই উত্তৰ দিলে, "ইচ, মই গান্ধীবাদী নহয় দেই। লম্বোৱে গীটাৰ বজালে ময়ো নাচিম।" লম্বোদৰৰে, ভোৰভোৰালে, "দেৰিয়ে হৈছে আৰু।" অৱশেষত মেঠোনে নিজৰ জাকটো বিচাৰি পাই আমাৰ বাট মুকলি কৰি দিলে। ইতিমধ্যে আমাৰ পিছত লানি নিছিগা গাড়ী। যি কি নহওক পাৰ্কত গাড়ী চলাই কম সময়তে বহু ঠাই দৰ্শন কৰিব পৰাৰ লগতে ই এক প্ৰকাৰৰ অভিযান। আমাৰ আটাইতকৈ ভাল লগা পথছোৱা আছিল য়েল্ল'ষ্ট'ন্ নদীৰ গায়ে গায়ে লাগি থকা হেইডেন উপত্যকাৰ পথছোোৱা। এইটো এই পাৰ্কৰ বিশষত্বই যে, গাড়ী চলাই গ'লে ৰাস্তাৰ দুয়ো কাষে ভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণী দৃষ্টিগোচৰ হ'বই। এই অঞ্চলত গাড়ী চলাই গ'লে সচৰাচৰ দেখিবলৈ পোৱা যায় জাকে জাকে ভ্ৰমি ফুৰা এল্ক (Elk) অথবা প্ৰকাণ্ড শিংযুক্ত শৰপহু। নদীৰ পাৰে পাৰে বিস্তাৰিত সেউজীয়া ঘাঁহনি আৰু উলুৱনি এইবিধ পহুৰ ৰম্যভূমি। আন এক সুবিধা হ'ল পাৰ্কৰ নিৰ্ধাৰিত ঠাইত ফ্ৰী পাৰ্কিঙৰ ব্যৱস্থা আছে আৰু নিৰ্ধাৰিত পদপথেৰে গৈ আকৰ্ষণীয় ঠাইবোৰ চাব পাৰি। 

পাৰ্কৰ ম'ণ্টানাত থকা উত্তৰ-পূব দ্বাৰৰ ওচৰৰ বিশাল উপত্যকাক কোৱা হয় লামাৰ ভেলী (Lamar Valley)। এই লামাৰ ভেলীক উত্তৰ আমেৰিকাৰ চেৰিংগেটি (টাঞ্জানিয়াৰ চেৰিংগেটি ৰাষ্ট্ৰীয় উদ্যান) বুলিও কোৱা হয়। উপত্যকাৰ মাজলৈ নগৈ মাথোঁ ৰাস্তাৰ কাষত গাড়ী ৰখাই লামাৰ ভেলীৰ ফালে চকু ফুৰালেই শ শ মেঠোনৰ লানি নিছিগা জাকবোৰ দেখিবলৈ পোৱা যায়। এই পাৰ্কত মেঠোনবোৰ মুক্ত বিহংগৰ দৰে, কোনো ধৰণে সিহঁতক নিয়ন্ত্ৰণ কৰা নহয়। সেইবাবেই য়েল্ল'ষ্ট'নক লেণ্ড অ'ফ বাইছন বুলিও জনা যায়। এই লামাৰ ভেলী হৈছে কুকুৰনেচীয়া বাঘৰো ৰম্যভূমি। এইবিধো এই অঞ্চলত মুক্তভাৱেই বিচৰণ কৰে যদিও সাধাৰণতে দিনৰ ভাগত ৰাস্তাৰ পৰা দেখা নাযায়। প্ৰথম কথা ইহঁতে ৰাতিৰ ভাগতহে বেছিকৈ চিকাৰ কৰে আৰু দ্বিতীয়তে হিংস্ৰ জন্তুৱে যিমান পাৰে মনুষ্যৰ সান্নিধ্য এৰাই চলে। যিকি নহওক কুকুৰনেচীয়া চোৱাৰ ইচ্ছা থকাসকলৰ বাবে সুকীয়াকৈ গাইডে'ড টূৰৰ ব্যৱস্থাও য়েল্ল'ষ্ট'নত আছে। এই গাইডে'ড টূৰত পাহাৰৰ এক শীৰ্ষৰ পৰা বিশাল টেলিস্কোপৰ সহায়ত ১০ মাইল দুৰৰ পৰাও চিকাৰ কৰি থকা কুকুৰনেচীয়া চাব পৰা যায়। পিছে তাৰ বাবে ভাগ্য লাগিব, লগতে অপেক্ষা কৰাৰ সময় আৰু ধৈৰ্য দুয়োটাই লাগিব।

পাৰ্কৰ একেবাৰে উত্তৰ দিশত ৱায়'মিং আৰু ম'ণ্টানাৰ সীমান্তৰ ওচৰত অৱস্থিত মেম'থ গৰম পানীৰ উহ। উঁহৰ পৰা ওলোৱা পানীৰ লগত মিশ্ৰিত খনিজ পদাৰ্থই চূণশিলৰ ওপৰত গোট মাৰি এক চিৰ সলনি হোৱা ৰঙৰ চাদৰৰ সৃষ্টি কৰিছে। প্ৰকৃতিৰ এই চিৰ পৰিবৰ্তিত ৰূপে হয়তো পৰ্যটকক ইয়াকেই কাণে কাণে ক'ব বিচাৰিছে যে ৰূপান্তৰ হৈছে জীৱনৰ এক ধ্ৰুৱক।


ইয়াৰ পাছত ইয়েল্ল'ষ্ট'নৰ চাবলগীয়া অঞ্চল হ'ল, য়েল্ল'ষ্ট'ন্ হ্ৰদৰ তটভূমিত থকা ৱেষ্ট্ থাম্ব্ গিজাৰ (গিজাৰ হৈছে পৃথিৱীৰ ভূগৰ্ভৰপৰা ফোৱাৰাৰ দৰে প্ৰাকৃতিকভাৱে গৰম পানী ওলাই অহা এটা প্ৰক্ৰিয়া। অসমৰ গৰম পানীৰ উহৰ লগত ই একে নহয়।) বেছিন। এই বেছিনৰ চাৰিও ফালে কাঠৰ ব'ৰ্ড দি পদপথ নিৰ্মাণ কৰা আছে, যাতে পৰ্যটকে কাঠৰ পদপথেৰে খোজ কাঢ়ি সৰু-ডাঙৰ গিজাৰবোৰ চাব পাৰে। গিজাৰবোৰৰ পৰা অহৰহ ওলাই থকা বাষ্পই এলেকাটো অনবৰতে ধুঁৱলি-কুঁৱলি কৰি ৰাখে। এই গিজাৰ বেছিনৰ মাজ-মজিয়াত ঠিয় হৈ এনে লাগিব যেন অন্য এখন পৃথিৱীত প্ৰৱেশ ঘটিছে। এই কাঠৰ পদপথবোৰে তলে তলে গুজৰি-গুমৰি থকা জ্বলন্ত ভূভাগৰ ওপৰৰেৰে খোজ কঢ়াৰ সুযোগ কৰি দিছে। গিজাৰৰ পৰা অহৰহ বাস্প ওলাই আছে, চাৰিওফালে পানীৰ অবিৰাম বুৰবুৰণি উঠিছে। ঠায়ে ঠায়ে কাছৰ চলঙৰ দৰে বৰণৰ একো একোটা মাটিৰ দ’ম। এই মাটিৰ দ’মবোৰৰ মাটিৰ ৰং ঠিক মাটিৰ দৰে নহৈ সদ্য জ্বলি শেষ হোৱা ছাইৰ দৰে। বাষ্পৰ লগতে ইয়াৰ পৰা নিৰ্গত গেছবোৰৰ পৰীক্ষণৰ পৰা গম পোৱা গৈছে যে গেছবোৰ কাৰ্বন ডায়'ক্সাইড, ছালফাৰ  ডায়'ক্সাইড, আৰু হাইড্ৰ'জেন ছালফাইডৰ মিশ্ৰণ। তেনে মিশ্ৰণ জ্বালামুখীৰপৰাহে নিৰ্গত হয়। এই গৰম পানীৰ উহবিলাকৰ পৰা পোৱা ইষৎ হালধীয়া বৰণৰ কোৱাৰ্টজ ক্ৰিষ্টেলবোৰেও বাৰে বাৰে ইয়াকে দোহাৰে যে এইবোৰ এটা জ্বালামুখীৰে সৃষ্টি। এনে ধৰণৰ কোৱাৰ্টজ কেৱল জ্বালামুখীৰপৰা নিৰ্গত উত্তপ্ত লাভা বৈ গৈ শীতল হোৱাৰ পাছতহে গঠিত হয়। এইটোৱেও ইয়াকেই দৰ্শায় যে উঁহৰ তলত এটা সুপ্ত জ্বলামুখী আছে। 

এই অঞ্চলৰ আন এক বিশেষত্ব হ’ল মাছ ধৰা শংকু। কাঠৰ পদপথৰ কিছু অংশ য়েল্ল'ষ্ট'ন্ হ্ৰদলৈ প্ৰসাৰিত। এই হ্ৰদৰ কিছু কিছু অংশত শংকুৰ দৰে শিলাখণ্ড পানীৰ ওপৰত ওলাই থাকে। এই শংকুবোৰৰ মাজভাগত একোটা গাঁত আৰু তাত উতলা পানী। আনহাতে চাৰিওফালে থকা হ্ৰদৰ পানী ঠাণ্ডা। এনে ধৰণৰ ভূ-তাপীয় পৰিঘটনা পৃথিৱীৰ অন্য কোনো ঠাইতেই দেখা পোৱা নাযায়। কিম্বদন্তি মতে এই অঞ্চলৰ পুৰণি বাসিন্দাসকলে হ্ৰদত মাছ ধৰি বৰশীসহ মাছ সেই শংকুৰ উতলা পানীত সিজাই খাইছিল। পিছে যিহেতু এইটো এটা জীৱন্ত গিজাৰ, আজিৰ দিনত মাছ ধৰা শংকুত মাছ ধৰা আৰু ৰন্ধা নিষেধ। এই গৰম পানীৰ শংকু যিকোনো মুহূৰ্ততেই উদ্গীৰণ হৈ হানিকাৰক হ’ব পাৰে। এই স্থানতেই এটি নীলাভ গৰম পানীৰ উঁহ আছে, যিটোৰ গভীৰতা প্ৰায় ৫৩ ফুট। এইটো য়েল্ল'ষ্ট'ন আটাইটকৈ ডাঙৰ গৰম পানীৰ ডোঙা বা পুল। এই পুলৰ আকৃতি এটা চুপিৰ দৰে, দেখা নোপোৱা আটাইটকৈ দ ভাগটো চুপিটোৰ মাজভাগত অৱস্থিত। ওপৰৰ পৰা চালে এনে লাগে যেন চুপিটোৰ কোনো শেষ নাই, ই যেন ভূভাগৰ মধ্য বিন্দুতহে মিলিছেগৈ। 

য়েল্ল'ষ্ট'নৰ আটাইটকৈ বিখ্যাত নহ’লেও আটাইটকৈ ওখ বা উচ্চতালৈ পানী বিস্ফোৰিত কৰা গিজাৰ হ’ল নৰিছ অৱবাহিকাত থকা ষ্টিমব'ট গিজাৰ। এই গিজাৰে প্ৰায় ৩০০ ফুট উচ্চতালৈকে গৰম পানী ছিটিকাব পাৰে। পিছে এই গিজাৰ সিমান বিশ্বস্ত নহয়, কেতিয়াবা কেইবা মাহলৈকে কোনো সাৰ সুৰ নোহোৱাকৈ শুই থাকে, তাৰ পাছত হঠাৎ এদিন উছাট মাৰি গৰম পানী  শূন্যলৈ ছিটিকায়। গতিকে ভাগ্য নাথাকিলে এই গিজাৰৰ লীলাখেলা সকলোৱে নেদেখে। 

য়েল্ল'ষ্ট'নৰ এক বৃহৎ আকৰ্ষণ হ’ল গ্ৰাণ্ড কেনিয়ন অ'ফ য়েল্ল’ষ্ট'ন্। এই কেনিয়ন বা কন্দৰ এৰিজ’নাৰ গ্ৰাণ্ড কেনিয়নৰ সমান বিশাল নহয় যদিও ই প্ৰায় ২০ মাইল দৈৰ্ঘ্যৰ আৰু ইয়াৰ আটাইটকৈ নিম্ন বিন্দুটো ১২০০ ফুট দ’। এই অঞ্চলত দুটা চাবলগীয়া জলপ্ৰপাত আছে, আপাৰ জলপ্ৰপাত  আৰু ল'ৱাৰ জলপ্ৰপাত। আৰ্টিষ্ট পইণ্ট,য়েল্ল’ষ্ট'নৰ এনে এটা আকৰ্ষণীয় দৰ্শন বিন্দু য'ৰ পৰা য়েল্ল’ষ্ট'ন্ নদীখনৰ ল'ৱাৰ জলপ্ৰপাতৰ মনোমোহা দৃশ্য দেখিবলৈ পোৱা যায়, লগতে দুয়োকাষৰ হলধীয়া শিলৰ মুক্ত গিৰিখাত। এনে লাগে যেন সেয়া এটি জলপ্ৰপাতৰ অংকিত ছবিহে, কোনোবা নিপুণ চিত্ৰকৰে অংকণ কৰিছে, নদীখনক নীল ৰং দি গিৰিখাতৰ শিলাখণ্ডবোৰত হালধীয়া ৰহন সানিছে। এই হলধীয়া ৰঙৰ শিলৰ বাবেই পাৰ্কখনৰ নাম য়েল্ল’ষ্ট'ন্ ৰখা হৈছিল। ল'ৱাৰ জলপ্ৰপাত ওচৰৰ পৰা চাবৰ বাবে ৩০০ খলপা থকা এটা স্টিলৰ খটখটী আছে। ল'ৱাৰ জলপ্ৰপাতৰ উচ্চতা নিউয়ৰ্কৰ নায়েগ্ৰা  জলপ্ৰপাতৰ দুগুণ। ইয়াৰ পৰা নদীৰ ধাৰেৰে কিছু উজাই গ’লেই দেখা পোৱা যায় আপাৰ জলপ্ৰপাত । 

ইয়াৰ পৰৱৰ্তী আকৰ্ষণ হ’ল অ'ল্ড ফেইথফুল গিজাৰ। নাম অনুযায়ী কাম। এই গিজাৰৰ তপত জল উদ্গীৰণ চাবৰ বাবে ভাগ্য নালাগে। সকলো পৰ্যটকেই অলপ অপেক্ষা কৰিলেই চাব পাৰে, কিয়নো ইয়াৰ উদ্গীৰণ প্ৰতি ৪৫ ৰ পৰা ৯০ মিনিটৰ অন্তৰালত হয়। আনকি পৰ্যটকৰ অপেক্ষাৰ বাবে মুল উদ্গীৰণ থলীৰ পৰা অলপ দূৰত বেঞ্চৰ ব্যৱস্থাও কৰা আছে। তদুপৰি অ'ল্ড ফেইথফুল শুই-বহি দিনে-ৰাতিয়ে চাব পৰাকৈ ইয়াত একেবাৰে নিকটতম দূৰত্বত ল’জ আছে। পিছে এই ল’জকেইটা বছৰৰ প্ৰায় ভাগ সময়তেই ব্যস্ত থাকে, কেইবা মাহ আগতে বুকিং নকৰিলে পোৱা অসম্ভৱ। পৃথিৱীৰ আটাইতকৈ বিখ্যাত আৰু বিশ্বাসযোগ্য গিজাৰৰ উদ্গীৰণ চাবলৈ প্ৰতি ৪৫ মিনিটত পৰ্যটকৰ ভিৰ লাগে। পিছে ওচৰতে থকা পাহাৰটো বগাই অলপ উচ্চতাৰ পৰাও এই দৃশ্য উপভোগ কৰিব পৰা যায়। পুৰণি কালৰ অভিযাত্ৰীসকলে অ'ল্ড ফেইথফুল গিজাৰটোক "ধোবীঘাট' হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁলোকে লেতেৰা পোছাক গিজাৰৰ সুৰুঙাবোৰত থৈ আহিছিল, আৰু গৰম পানীৰ উদ্গীৰণৰ সময়ত সেই পোছাক পৰিস্কৃত হৈ আকাশলৈ বিস্ফোৰিত হৈছিল। মুখে মুখে চলি অহা এই ধৰণৰ কাহিনী কিমান সঁচা কোনেও নাজানে।

য়েল্ল’ষ্ট'নৰ আটাইতকৈ আকৰ্ষণীয় দৰ্শন বিন্দু হৈছে ৰামধেনুৰ ৰঙৰ গ্ৰাণ্ড প্ৰিজম গৰম পানীৰ উহ। এই উহ গোটেই য়েল্ল’ষ্ট'ন্ পাৰ্কৰ ভিতৰত দৃষ্টিনন্দন আৰু বেছিকৈ ফটো লোৱা ঠাই। ইয়াৰ বিভিন্ন ধৰণৰ ৰংবোৰ না না ৰকমৰ বেক্টেৰিয়াৰ বাবে সৃষ্টি হোৱা। এই গৰম পানীৰ উহৰ উঞ্চতা প্ৰায় ৮৭ চেলচিয়াছ পৰ্যন্ত হয়। যিহেতু এই তাপমান পানীৰ উতলন উঞ্চতাতকৈ কম, গতিকে এই উঞ্চতাত কিছু বিশেষ ধৰণৰ বেক্টেৰীয়া জীৱিত থাকিব পাৰে। প্ৰত্যেকটো ৰঙেই একো একোটা উঞ্চতা বুজায়, তাৰ মানে প্ৰতি উঞ্চতাত বেলেগ বেলেগ প্ৰজাতিৰ বেক্টেৰীয়াই জীৱন ধাৰণ কৰে, গতিকে ৰঙৰ তাৰতম্য ঘটে। এই দৃশ্য কিছু সময় চাই থকিলে এনে ভাব হয় যেন আমি এই ধৰাতলত নাই, অন্য কোনোবা অচিন গ্ৰহতহে যেন ভৰি দিলোঁ।


ভূতত্ত্ব :


য়েল্ল'ষ্ট'ন্ ৰাষ্ট্ৰীয় উদ্যানখন এটা অতি-আগ্নেয়গিৰিৰ ওপৰত অৱস্থিত। এই মাৰাত্মক অথন্তৰ পাৰ্কৰ গভীৰ ভূভাগৰ তলত লুকাই আছে যদিও পাৰ্কখন প্ৰতিষ্ঠাৰ প্ৰায় এক শতিকা হোৱালৈকে কোনেও এই কথা উপলব্ধিয়েই কৰিব পৰা নাছিল। ১৯৬০ দশকৰ শেষৰ ফালে ভূ-পদাৰ্থ বিজ্ঞানী ৰবাৰ্ট ক্ৰিষ্টিয়ানে পোন প্ৰথম বাৰৰ বাবে এই আগ্নেয় কুণ্ডৰ উপস্থিতিৰ সুত্ৰ দাঙি ধৰিছিল। তেওঁ আৰু তেওঁৰ গৱেষণাৰ গোটটোৱে পাৰ্কৰ পৰিসীমাৰ চাৰিওফালৰ শিলা-বিন্যাসৰ বহুবছৰ ধৰি কৰা অধ্যয়নে দৰ্শায় যে এই শিলা-বিন্যাসে প্ৰকৃততে এটা বৃহৎ বলয়াকৃতি আঙঠিৰ সৃষ্টি কৰে। ভূভাগত আবিষ্কাৰ কৰা এই  শিলা-বিন্যাসৰ আঙঠিৰ গঠন আৰু নাছাৰ কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা ১৯৬৬ আৰু ১৯৭০ ভিতৰত সংগ্ৰহ কৰা কিছু ছবি তুলনা কৰি তেওঁ এই সিদ্ধান্তত উপনীত হ’ল যে সেই আঙঠিটো প্ৰকৃততে অতি-আগ্নেয়গিৰিৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা প্ৰকাণ্ড জ্বলামুখৰ মুঠ ৪৫ মাইল জোৰা পৰিসীমাহে। এই পৰিসীমাৰ কিছু অংশ আজিও দেখা যায় কিন্তু আন অংশ বৰ্তমান যুগৰ মাটিৰে একেবাৰে ঢাক খাইছে আৰু তাৰ ওপৰত পাইনৰ অৰণ্যৰ সৃষ্টি হৈছে। এই  পৰিসীমাৰ মাটিৰ বৈজ্ঞানিক দিনাংক গণনাৰ পৰা এইটো নিৰ্ধাৰণ কৰিব পৰা গৈছে যে সেই অতি-আগ্নেয়গিৰি বিস্ফোৰণ হৈছিল প্ৰায় ৬৪০ হাজাৰ বছৰ পূৰ্বে। সাধাৰণতে জ্বালামুখীৰ উদ্গীৰণৰ পাছত এক বিশাল জ্বালামুখ বা কুণ্ডৰ সৃষ্টি হয়, কিন্তু উদ্গীৰণ যদি অতি মাত্ৰাৰ হয়, যিটো নেকি য়েল্ল'ষ্ট'নৰ ক্ষেত্ৰত সঁচা বুলি তথ্য পোৱা গৈছে, তেন্তে সেই জ্বালামুখ উদ্গীৰণৰ পাছত খহি পৰে। এই খহি পৰা জ্বালামুখক কোৱা হয় "কেল্ডেৰা"। য়েল্ল'ষ্ট'নত দেখা পোৱা সম্ভাৱ্য কেল্ডেৰাক লৈ ভূতত্ত্ববিদসকলৰ মাজত বহু তৰ্ক-বিতৰ্ক চলি আহিছে। লগতে এই অতি-জ্বালামুখী আকৌ কেতিয়া উদ্গীৰণ হ'ব পাৰে তেনে সূত্ৰৰো অভাৱ নাই। এই অতি-বিস্ফোৰণৰ ছাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমগ্ৰ পশ্চিমাঞ্চলত পোৱা যায় আৰু ই নিশ্চয়কৈ সেই অতি-বিস্ফোৰণ কিমান বৃহৎ আছিল তাৰে প্ৰমাণ দাঙি ধৰে। ১৯৮০ চনত মাউণ্ট ছেইণ্ট হেলেনৰ বিস্ফোৰণতকৈ ২৫০০ গুণে ডাঙৰ আছিল য়েল্ল’ষ্ট'নৰ বিস্ফোৰণ। ৬৪০ বছৰৰ আগৰ বিস্ফোৰণত নিৰ্গত লাভা মাটিলৈ পৰিৱৰ্তিত হৈ বহু অংশ গছ-বনেৰে ভৰি পৰিল। কিন্তু পাৰ্কৰ আন এটা অংশত এনে কিছু শিলাখণ্ড দেখা যায় য'ত লাভাৰ উদ্গীৰণ আজিৰ পৰা প্ৰায় ১০০ হাজাৰ বছৰ মান আগলৈকে হৈ আছিল। এইবিধ লাভা কম বিস্ফোৰক, বেছি জুলীয়া আৰু লাহে লাহে শীতল হোৱা ধৰণৰ আছিল। এই লেহেম লাভা প্ৰৱাহৰ প্ৰক্ৰিয়াই য়েল্ল’ষ্ট'নৰ কিছু অংশৰ ওন্দোলা ভূমি নিমজ আৰু কোমল ঘাঁহনিলৈ পৰিৱৰ্তিত কৰে। 


আধুনিক কম্পিউটাৰৰ জৰিয়তে ভূকাম্পিক ঢৌবোৰৰ অধ্যয়নে পাৰ্কখনৰ ভূতলৰ এক ফটফটীয়া ইতিহাসৰ আভাস দিয়ে, যে পাৰ্কৰ তলত কি হৈছিল। ইয়াৰ পৰা এইটো প্ৰমাণিত হৈছে যে ভূতলত গলিত শিলৰ অতিকায় ভাণ্ডাৰ আছিল, য়েল্ল’ষ্ট'নৰ অতি-জ্বলামুখী যেতিয়া বিস্ফোৰিত হৈ লাভা ওলাই আহিল, লগে লগে ওপৰৰ মাটি খহি পৰি জ্বালামুখীৰ কুণ্ডটো মোটামুটি ঢাকি পেলাইছিল। এক্স ৰে'-ই যিদৰে আমাৰ শৰীৰৰ হাড়ৰ মাজেৰে পাৰ হৈ গলে হাড়ৰ বিন্যাসৰ ছবি তুলিব পাৰি ঠিক তেনেদৰেই কম্পিউটাৰৰ দ্বাৰা সৃষ্টি কৰা ভূকাম্পিক ঢৌ শীতল শিলাখণ্ডৰ মজেৰে তীব্ৰ গতিত প্ৰৱাহিত হয়। কিন্তু শিলাখণ্ড যদি উতপ্ত আৰু গলিত হয়, মানে যদি মেগমা থাকে তেন্তে সেই ঢৌ মন্থৰ হৈ পৰে। এই ঢৌৰ গতি কম্পিউটাৰে সংগ্ৰহ কৰি ৰঙীন থ্ৰী. ডি. ছবিৰ সৃষ্টি কৰে, তাৰ পৰা মাটিৰ তলত থকা উতপ্ত তথা গলিত শিলৰ (মেগমা) অৱস্থান জানিব পৰা যায়। এই প্ৰযুক্তিৰে বিজ্ঞানীসকলে গ'ম পাইছে যে আজিও য়েল্ল’ষ্ট'ন্ পাৰ্কৰ তলৰ ভূ-ভাগত এটা মেগমা কোঠালি আছে যিটো প্ৰায় ৩০ মাইল দীঘল, ২৫ মাইল বহল আৰু ১০ মাইল গভীৰ। প্ৰতি বছৰে ইয়াৰ এই গলিত মেগমা ভাগৰ আকাৰৰ সাল-সলনি হৈ থাকে, ইয়াৰ তাপমাত্ৰা প্ৰায় ৮১৫ ডিগ্ৰী চেলচিয়াছ আৰু এইটোৱেই হৈছে য়েল্ল’ষ্ট'নৰ চিৰকম্পিত হৃদযন্ত্ৰ। এই মেগমা লৰচৰ কৰি থকাৰ বাবেই ওপৰৰ ভূভাগ বিকৃত হয় আৰু আৱিৰাম সৰু সৰু ভূমিকম্প হৈ থাকে আৰু ইয়াৰ পৰা সৃষ্টি হোৱা প্ৰচণ্ড তাপে য়েল্ল’ষ্ট'নৰ গৰম পানীৰ উঁহ আৰু গিজাৰবোৰক ইন্ধন যোগায়। 


য়েল্ল'ষ্ট'ন ৰাষ্ট্ৰীয় উদ্যান চিৰকালেই ক্ষিতিজৰেখাৰ ভূমি, যাৰ আছে কিংবদন্তি আৰু নিৰৱধি নৱীকৰণ। বিশ্বৰ সকলো ৰাষ্ট্ৰীয় উদ্যানৰ পিতামহ হিচাপে ইয়াৰ জনশ্ৰুতিয়ে ভূভাগৰ আন আন উদ্যানসমুহকো বন্যপ্ৰাণীৰ সংৰক্ষণৰ প্ৰতি অনুপ্ৰাণিত কৰি আহিছে। শেষত, কেতিয়াবা যদি এই ভূখণ্ডত ভৰি দিয়াৰ সুযোগ হয়, কেতিয়াও নেৰিব। কিয়নো এই যাত্ৰা কেৱল য়েল্ল'ষ্ট'নৰ আমঠুলৈ নহয়, এই যাত্ৰা যেন টাইম মেচিনত সোমাই এনে এখন পটৰ আমেৰিকালৈ যিখন য়ুৰোপিয়ানে এই ভূভাগত ভৰি দিয়াৰ আগৰ আমেৰিকা। এই যাত্ৰা বিশ্বৰ্কমাৰ নিৰ্মাণ দৰ্শনৰ যাত্ৰা।

শনি আৰু দেও দুটা দিন য়েল্ল’ষ্ট’নত হেঁপাহ পলুৱাই উপভোগ কৰি সোমবাৰে ৰাতিপুৱাই ক'ল'ৰাড'ৰ ফালে গাড়ী ঘুৰালোঁ। সকলোৱেই ভাগৰুৱা, পাল পাতি গাড়ী চলাই একেদিনাই ফ'ৰ্ট ক'লিঞ্চ পালোঁহি। উভতনি যাত্ৰা সদায় নিৰসেই হয়, ইফালে বৰষুণজাকে মনটো আৰু সেমেকাই পেলালে।


ঠিকনা :
Bharat Baruah, Ph. D.
Associate Professor
Department of Chemistry and Biochemistry
Kennesaw State University
370 Paulding Avenue, MD#1203
Kennesaw, GA 30144

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ