অন্যযুগ/


সেউজী সেউজী সেউজী অ'

 

  প্ৰাণজি বৰা

                                                                          ১

অলপ আগেয়ে বৰষুণজাক এৰিছে।

গছৰ পাতবোৰত বৰষুণৰ পানী লাগিয়েই আছে।

ঘাঁ‌হবোৰত।

ফুলবোৰত।

থুপিতৰাই চুই চালে। ডাঙৰ বৰষুণ হৈ যোৱাৰ পাছত এনেকৈ বাহিৰলৈ ওলাই আহি তিতি থকা গছ-বনবোৰ চাই বৰ ভাল লাগে।

তাই লাহেকৈ চুই দিওতেই তগৰপাহত লাগি থকা পানীৰ টোপালটো ভাগি গ'ল।

বগা ফুলেৰে গোটেই তগৰজোপা একেবাৰে জাতিস্কাৰ হৈ আছে।

কি ধুনীয়া গোন্ধ!!

এই গোন্ধটোৰ সৈতে আন কিবা এটা গোন্ধৰ যেন আচৰিত এটা মিল আছে। তাই মনত পেলাবলৈ যত্ন কৰিলে।

কিহৰ গোন্ধ বাৰু? মনলৈ আহিব খুজিও যেন অহা নাই!

তাই আৰু দুপাহমান ফুলৰ পাহিবোৰত লাগি থকা পানীৰ টোপালকেইটা চুই দিলে।

ঠিক, মনত পৰিছে, বাসৱী বাইদেউৰ বিয়াৰ দিনা বাইদেউৰ কইনাৰ কাপোৰসাজৰ পৰা ভাহি অহা সেই গোন্ধটো!

বতাহছাটি চেঁচা।

বতাহছাটিও বৰষুণজাকত তিতিছিল নেকি বাৰু? নহ'লে এনেকৈ ইমান ভাল লগাকৈ চেঁচা কেনেকৈ হ'?

বতাহ তিতেনে বাৰু?

গোন্ধ তিতেনে?

তগৰৰ গোন্ধটো?

থুপিতৰাই শুনিবলৈ পালে, আমজোপাৰ ডাল এটাত পৰি সেয়া কুলি চৰাইটোৱে মাতিব লাগিছে।

চৰাইটো তিতিছিলনে বাৰু বৰষুণত?

তাই মনত পেলালে, ঠিকেই, বৰষুণ আহি থাকিবৰ পৰতো তাই মাজে মাজে ঠিক শুনিছিল চৰাইটোৰ মাতটো।

মাতটো তিতিছিলনে বাৰু ?

আকাশখন তিতেনে বাৰু বৰষুণত?

সন্ধিয়া লাগিবৰ হৈছে।

থুপিতৰাই দেখিলে, পেহীয়েকে সন্ধিয়াৰ ধূনা ফুৰাইছে।

থুপিতৰাই মাকক দেখা নাই। তাই শুনিছে, তাই তেনেই কণমানি হৈ থাকোতেই হেনো মাক ঢুকাইছিল। সেই তেতিয়াৰে পৰা পেহীয়েকেই তাইক মাকৰ দৰে লালন-পালন কৰি আহিছে। পেহীয়েকৰ বয়স কিছু হৈছে। তাই একেবাৰে সৰু হৈ থাকোঁতে পেহীয়েকৰ দৰা ওলাইছিল কেইবাবাৰো, কিন্তু পেহীয়েকে তাইক এৰি থৈ বিয়াত নোসোমাল যি নোসোমালেই। তাইৰ দেউতাকৰ নিজাকৈ এখন চাহৰ দোকান আছে। পুৱাতে ঘৰৰ পৰা ওলাই যায় তেওঁ, দোকান সামৰি-মেলি ঘৰ পায়হি মানে সন্ধিয়া লাগি ভাগিবৰে হয়।

পেহীয়েকৰ হাতৰ মলাটোৰ পৰা উৰা ধূনাৰ পাতল বগা ধোঁ‌ৱাখিনি সেমেকা বতাহজাকৰ লগত লগ হৈ তগৰৰ গোন্ধটোৰ সৈতে মিলি গৈছে।

তাই মূৰ তুলি চালে।

আকাশৰ একোণত এটা তৰা জিলিকিছে।

এখোজ দুখোজকৈ তাই লাহে লাহে আগবাঢ়িল।

অলপ পাছতে পেহীয়েকো আহি তাইৰ লগ লাগিবহি।

সন্ধিয়া পঢ়াৰ মেজত বহিবৰ আগেয়ে তাই আৰু পেহীয়েকে সদায় এনেকৈ এপাক ফুৰে।

অলপ আগৰ বৰষুণে তিয়াই থোৱা বাট। অ'ত-ত'ত পানীয়ে ডোঙা বান্ধিছে।

তাই দেখিলে, হাইস্কুলৰ সমুখৰ মুকলি পথাৰখনত অসংখ্য জোনাকী পৰুৱা। আন ঠাইত নাই। পথাৰখন কিন্তু ভৰি আছে।

এন্ধাৰত তৰাৰ দৰে জিলিকিব লাগিছে। এবাৰ জ্বলিছে, এবাৰ নুমাইছে, আকৌ জ্বলিছে।

তাইৰ বৰ ভাল লাগিল। বহুদিনৰ আগতে অসমীয়াৰ পাঠ এটা পঢ়াবৰ পৰত বৰবাইদেৱে তাহাঁতক জোনাকী পৰুৱাৰ প্ৰসংগ এটা টানি আনি কোৱা কথাকেইটালৈ তাইৰ এতিয়াও মনত পৰে। বৰবাইদেৱে সৰু সৰু কথা একোটাও বৰ ধুনীয়াকৈ বুজাই ক'ব পাৰে। তেনেই জুৰ পৰি যোৱা মাতটোৰে ইমান ধুনীয়াকৈ আৰু ইমান ৰসলগাকৈ বাইদেৱে কয় যে এবাৰ শুনাৰ পাছত সেয়া মনৰ মাজত যেন নিগাজী হৈ বহি লয়, পাহৰাৰ কথাই নাহে।

থুপিতৰাৰ মনত আছে, বৰবাইদেৱে তাহাঁতক সিদিনা মানুহ কেনেকৈ ডাঙৰ মানুহ হ'ব পাৰি সেই বিষয়ে কিবা এটা পাঠ পঢ়ুৱাইছিল। সেই পাঠটোতে জোনাকী পৰুৱাৰ কথাৰে বাইদেৱে কৈছিল যে জোনাকীবোৰ ইমান অকণমানি হ'ল কি হ', সিহঁতৰ পোহৰতে কিন্তু ঘোপমৰা নিশা বাটৰুৱাই পথ বিচাৰি পায়। নিজৰ পোহৰেৰে জোনাকীবোৰে এন্ধাৰ ৰাতি বাট হেৰুওৱা মানুহৰ বাবে কণাৰ লাখুটি হৈ কাম কৰে। কণ কণ জোনাকীহঁ‌ত এইবাবেই এধানমান হৈও অসাধাৰণ। বাইদেৱে কৈছিল যে মানুহেও নিজৰ সাধ্যানুসৰি কাষতে থকাজনৰ বাবে পোহৰ হ'বলৈ যত্ন কৰিব লাগে। প্ৰত্যেক মানুহৰে মাজতে জোনাকীৰ পোহৰ আছে, সেই পোহৰ কামত খটুৱালেই আমাৰ পৃথিৱীখন বহুত ধুনীয়া হ'ব।

বৰবাইদেউৰ ধুনীয়া মাতটোৰে সেই ধুনীয়া কথাকেইটা থুপিতৰাৰ কাণত এতিয়াও যেন বাজি থাকে।

বাইদেউ দেখিবলৈ বৰ ধুনীয়া, আৰু তেওঁৰ এনেকুৱা কথাকেইটাই সেই ধুনীয়াখিনিত যেন ফুলহে বাচে।

থুপিতৰা আচৰিত হয়, এনেকুৱা ইমান ধুনীয়া কথাও আছেনে!

(অহা সংখ্যালৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ