(অৰ্থৱ বেদৰ দুটা মন্ত্ৰৰে এটা কবিতা...)
গায়ত্ৰী দেৱী বৰঠাকুৰ
(এক)
অ’ প্ৰিয়া
তোমাৰ-মোৰ
এই যে চকুকেইটা
সেইকেইটাই
কলহৰ কাণে
বৰষক মৌ
চাৰিচকুৰ কোণত
ওলমি থাকক
কজলা কাজল
তোমাৰ আটকীয়া হিয়াখনত
মেৰ খাই থাকিম মই
অকলেই
আৰু আমি হৈ পৰিম
আমাৰ দুয়োৰেই
(দুই)
এয়া চোৱাঁ
সমন্ত্ৰক *
কাপোৰডুখৰিৰে
বান্ধি পেলাইছোঁ
তোমাক
এতিয়া আন কোনো
পয়োধৰাৰ* নাম
মুখলৈ আনি চোৱাঁচোন
তুমি কেৱল মোৰহে
কথাটো উশাহৰো
শেষ উশাহলৈকে
গাঁঠি থ’বা তোমাৰ
অন্তৰৰ নিভৃত কোণত সোণ ....!!!
*কোনো বস্তুৰ স্বৰূপক লৈ বিৱাদ
*মন্ত্ৰপূত
*যুৱতী
ফোন : ৮৮২২৯৪৩০৬৪
