অন্যযুগ/


ধৃতৰাষ্ট্ৰৰ সঞ্জয় আৰু অক্ষমৰ জালুক কিংবা বৃদ্ধাৱস্থাৰ যন্ত্ৰমানৱ

 ০  ভাৰত বৰুৱা



মহৰ্ষি বেদব্যাস দেৱৰ ৰচিত মহাকাব্য মহাভাৰতৰ এক অনৱদ্য চৰিত্ৰ হৈছে সঞ্জয়। সঞ্জয় হস্তিনাপুৰৰ কুৰুবংশী অন্ধ ৰজা ধৃতৰাষ্ট্ৰৰ সাৰথি হোৱাৰ লগতে অতি বিশ্বাসী অনুচৰো আছিল। তদুপৰি মহৰ্ষি বেদব্যাসে কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত সঞ্জয়ক এক অলৌকিক শক্তি প্ৰদান কৰিছিলসেয়া হৈছে দিব্যদৃষ্টি। এই  দিব্যদৃষ্টিৰ দ্বাৰা সঞ্জয়ে হস্তিনাপুৰৰ ৰাজপ্ৰসাদতে বহি কুৰুক্ষেত্ৰৰ যুদ্ধৰ বিষদ বিৱৰণ তেওঁ প্ৰভু ধৃতৰাষ্ট্ৰৰ আগত দাঙি ধৰিবলৈ সক্ষম হৈছিল। আনহে নালাগে শ্ৰীকৃষ্ণৰ অৰ্জূনক দিয়া গীতাৰ উপদেশো ধৃতৰাষ্ট্ৰক তত মুহূৰ্ততেই জনাবলৈ সক্ষম হৈছিল। সঞ্জয়ৰ এই গুণৰ কথা অলপ গভীৰতালৈ ভাবিলে এনে লাগিব যেন বৰ্তমানৰ দৰে তেতিয়াও টেলিভিশ্যনৰ দৰে কিবা ব্যৱস্থাৰ জৰিয়তে দূৰণিত ঘটি থকা যুদ্ধৰ ঘটনাৱলীৰ লাইভ টেলিকাষ্ট চাইছিল। 

সেই যুগত এয়া কেনেকৈ সম্ভৱ হৈছিল সেই বিষয়ে আলোচনাৰ পাতনি মেলিব বিচৰা নাই। বৰং আলোচনা যি দিশলৈ নিব বিচাৰিছোঁ সেয়া হৈছে মানুহৰ বৃদ্ধাৱস্থাৰ শাৰীৰিক অক্ষমতা আৰু সেই বৃদ্ধ তথা শাৰীৰিকভাৱে অক্ষম শ্ৰেণীটোক যত্ন লোৱাৰ ক্ষেত্ৰত আজিলৈকে আধুনিক বিজ্ঞানৰ অৱদান কিআৰু ভৱিষ্যতে কি ধৰণৰ অৱদান বিজ্ঞানে আগ বঢ়াবলৈ সক্ষম হ'ব পাৰে তাৰেই এক ৰূপৰেখা দাঙি ধৰাৰ প্ৰয়াস। বেদব্যাসৰ সঞ্জয়ে নেত্ৰহীন বৃদ্ধ ধৃতৰাষ্ট্ৰৰ এক প্ৰকাৰ আলপৈচানেই ধৰিছিল - অকল অন্ধৰ লাখুটি হিচাপেই নহয় তেওঁৰ মনোৰঞ্জনৰ ব্যৱস্থাও কৰিছিল। সঞ্জয়ৰ আন এটা ভাল গুণ আছিল যে তেওঁ অতিকৈ প্ৰভুভক্ত আছিল। ৰজা ধৃতৰাষ্ট্ৰই যিমানেই কটু কথা শুনালেও তেওঁ অতি ধৈৰ্য সহকাৰে প্ৰভুৰ বাবে সেৱা আগ বঢ়াইছিল। কোনোদিনে কোনো আপত্তি অথবা প্ৰতিবাদী সুৰ তেওঁৰ বাক্যত নানিছিল। সঞ্জয়ৰ মহাত্ম্য আছিল প্ৰভুৰ প্ৰতি নিৰ্লিপ্ত সেৱা। 

 

পিপাৰ বা জালুক কি

ইংৰাজী pepper শব্দৰ অসমীয়া ৰূপ যে জালুক সেয়া সকলোৰে জ্ঞাত। শেহতীয়াকৈ বিজ্ঞানীসকলে Pepper নামক পৃথিৱী প্ৰথম "সামাজিক যন্ত্ৰমানৱ"বিধ তৈয়াৰ কৰি উলিয়াইছে। এই Pepper-অৰ  আটাইতকৈ ডাঙৰ বিশেষত্ব হৈছে যে ই মুখ চিনাক্ত কৰিব পাৰে আৰু মৌলিক মানৱীয় অনুভূতিবোৰ যেনে দুখ লগাফুৰ্টি লগাখং উঠা ইত্যাদি চিনাক্ত কৰিব পাৰে। কিছু কিছু মানৱীয় ভাব-বিনিময়ৰ উদেশ্যেই এই  Pepper-অৰ ৰূপাঙ্কণ কৰা হৈছিল যাতে ই ৰোগী তথা অক্ষম বৃদ্ধ লোকক কথা-বতৰা তথা স্পৰ্শ-পৰ্দাৰ দ্বাৰা মনোৰঞ্জন কৰিব পাৰে। গোটেই বিশ্বতেই  Pepper আজি ব্যৱসায়িক ভিত্তিত শিক্ষানুষ্ঠান আৰু বাণিজ্য প্ৰতিষ্ঠানৰ বাবে উপলব্ধ হৈছে। সমগ্ৰ পৃথিৱীৰ প্ৰায় দুহাজাৰৰো অধিক প্ৰতিষ্ঠানে নেত্ৰহীন ধৃতৰাষ্ট্ৰই সঞ্জয়ক সহকাৰী অনুচৰ তথা সাৰথি হিচাপে ৰখাৰ দৰেই,  এক অভিনৱ পন্থাৰে গ্ৰাহকক বা অভ্যাগতক স্বাগতমপথ প্ৰদৰ্শন আদিৰ কৰাৰ বাবে  Pepper-অক আদৰি লৈছে। এই Pepper-অক তৈয়াৰ কৰি উলিয়াইছে ছফ্টবেংক ৰ''টিকচ (SoftBank Robotics) নামৰ কোম্পানী এটাই। Pepper-এ  বহুৰূপী ভাৱ-ভঙ্গী আৰু ধৰণ-কৰণৰ প্ৰদৰ্শন কৰে। ইয়াৰ উচ্চতা প্ৰায় ১.২ মিটাৰ মানদেখাত লিঙ্গ-নিৰপেক্ষ আৰু ইয়াৰ কণ্ঠস্বৰ এটি ৯-১০ বছৰীয়া কিশোৰৰ দৰেই। Pepper-অক মূলত: চিকিৎসা-সেৱাশিক্ষামনোৰঞ্জন আৰু বাণিজ্য ক্ষেত্ৰত বহুলভাৱে প্ৰচলিত হোৱা দেখা যায় যদিও বৃদ্ধাশ্ৰমত বৃদ্ধসকলৰ যত্ন লোৱাৰ দিশত ই এক অপূৰ্ব অৱদান যোগোৱাৰ সম্ভাৱনা আছে। 

 

বৃদ্ধ-পৰিচৰ্যা অথবা এলডাৰলি-কেয়াৰ :

বৃদ্ধ-পৰিচৰ্যা অথবা এলডাৰলি-কেয়াৰ এক বিশেষ ধৰণৰ পৰিচৰ্যা। এই সেৱাৰ প্ৰকাৰ বিভিন্ন পৰ্যায়ত থকা বয়োজ্যেষ্ঠ লোকসকলৰ দৰকাৰ তথা চাহিদা সাপেক্ষে নিৰ্ধাৰণ কৰা হয়। দেশবিশেষে বৃদ্ধ-পৰিচৰ্যা এটা বহল সংজ্ঞাৰ বিষয়। বৃদ্ধাৱস্থাৰ শাৰীৰিক অক্ষমতাৰ বাবে দৈনন্দিন ঘৰুৱা কাজ-কৰ্মৰ বাবে আনৰ সাহাৰ্য লোৱাবাৰ্ধক্যজনিত ৰোগৰ বাবে নাৰ্ছিং-সেৱা লোৱাপ্ৰাপ্তবয়স্কৰ ডে'কেয়াৰআৰু আনকি যি সকলক দুৰাৰোগ্য ৰোগৰ বাবে ডাক্তৰে আৰোগ্য কৰিব নোৱাৰি  অতি কম দিনৰ ভিতৰতে মৃত্যুৰ মুখত পৰিব বুলি আগজাননী দিছে সেইসকলৰ সময়খিনি আনন্দদায়ক কৰাটোও এই বিষয়টোৰ ভিতৰুৱা। পিছে এইটোও ঠিক যে এজন ব্যক্তি বৃদ্ধ হ'লেই যে তেওঁক পৰিচৰ্যাৰ প্ৰয়োজন হ'ব তেনেকুৱাও নহয়। এই পৃথিৱীত এনে বহু উদাহৰণ আছে যে আশী-নব্বৈ বছৰীয়া বৃদ্ধয়ো বহু ডেকা মানুহতকৈ তজবজীয়া হৈ নিজৰ কাম নিজে কৰি জীয়াই আছে বা থাকিব। কিন্তু যিমানেই পৃথিৱীত বৃদ্ধলোকৰ জনসংখ্যা বাঢ়িছে আৰু বিজ্ঞান-প্ৰযুক্তিৰ পয়োভৰ বাঢ়িছে এই সমস্যাটোও যেন বাঢ়িছে। গতিকে এই এলডাৰলি-কেয়াৰ বিয়ষটোৰ ওপৰত বিচাৰ-বিবেচনা কৰাৰ লগতে বিজ্ঞান-প্ৰযুক্তিৰ সাহাৰ্যৰে কেনেদৰে ইয়াক সুচাৰুৰূপে চলাই নিব পৰা যায় তাৰো বহু শেহতীয়া নিদৰ্শন ইয়াত দাঙি ধৰাৰ এক সৰল প্ৰয়াস কৰিলোঁ। প্ৰত্যেকজন নেত্ৰহীন ধৃতৰাষ্ট্ৰক এজনকৈ সঞ্জয়ৰ যোগন ধৰিব নোৱাৰিলেও বিজ্ঞানীসকলৰ প্ৰচেষ্টা অতুলনীয়। 

 

এলডাৰলি-কেয়াৰ কিয় ইমান প্ৰয়োজনীয়?

সমগ্ৰ বিশ্বতেই বৃদ্ধলোকৰ বা বয়োজ্যেষ্ঠ লোকৰ সংখা ক্ৰমশ: ব্যাপক হাৰত বাঢ়িছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে গোটেই বিশ্বৰ প্ৰায় ১ বিলিয়ন লোকৰ বয়স ষাঠিৰ উৰ্ধ্বত আৰু ২০৩০ চনৰ ভিতৰত সেই সংখ্যা হ'বগৈ ১.৪ বিলিয়ন। ইয়াৰ পোনপটীয়া অৰ্থ হৈছে যে পৃথিৱীৰ প্ৰতি ছজন মানুহৰ এজন বৃদ্ধ হ'বগৈ আৰু মুঠ ছয় মিলিয়নৰো অধিক নাৰ্ছৰ প্ৰয়োজন হ'ব। আকৌ আমি যদি উচ্চ-মধ্যবিত্ত দেশবোৰৰ কথা ধৰোঁ, তেন্তে ২০৫০ চন মানত চাৰিজনৰ ভিতৰত এজনৰ বয়স ৬৫ বা তাৰ উৰ্ধ্বৰ হোৱাৰ সম্ভাৱনা। আনহাতে আমি যদি ৮০-ৰ উৰ্ধ্বৰ জনতাৰ কথা ধৰোঁ, গণনা মতে নিৰ্ধাৰিত হৈছে যে ২০৫০ চনৰ ভিতৰত এই পৰ্যায়ৰ লোকসংখ্যা হ'বগৈ ৪০০ মিলিয়ন, মানে বৰ্তমানতকৈ তিনিগুণ বেছি। যিহেতু  বৰ্তমানৰ সমাজৰ উন্নতি আৰু শ্ৰীবৰ্দ্ধনত এই এলডাৰলি জনসংখ্যাৰ অপৰিহাৰ্য অৱদান আছে বুলি স্বীকৃত হৈছে, অহা কেইটামান দশকত বহুদেশৰ চৰকাৰৰ ওপৰত বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে উপযুক্ত জনস্বাস্থ্য, পেঞ্চন, আৰু ৰক্ষণাবেক্ষণৰ সামাজিক  তথা অৰ্থনৈতিক হেঁচা বাৰুকৈয়ে পৰিব। 


এই বৰ্ধিত এলডাৰলি লোকসংখ্যাৰ বাবে আটাইতকৈ বেছি চাপ পৰাৰ সম্ভাৱনা আছে জনস্বাস্থ্য ব্যৱস্থাপনাৰ ওপৰত। যদিও এলডাৰলি কেয়াৰৰ সংস্থাৰ সংখ্যা বঢ়োৱাটোৱেই পোনপটীয়া সমাধান বুলি ধৰা হয়, গৱেষণাৰ পৰা এইটো দেখা গৈছে যে এলডাৰলি কেয়াৰৰ প্ৰতি বৈচিত্ৰ্যপূৰ্ণ আৰু ব্যক্তিসাপেক্ষ পৰিপ্ৰেক্ষাহে বেছি লাভজনক আৰু এনে পদক্ষেপে বয়োজ্যেষ্ঠসকলক সামগ্ৰিক উন্নত মানৰ জীৱন ধাৰণৰ সুযোগ দিয়াৰ সম্ভাৱনা আছে। তদুপৰি, বয়োজ্যেষ্ঠসকলক তেনে কেয়াৰ সংস্থাত ভৰ্তি কৰাটো প্ৰায়েই এক প্ৰকাৰ পীড়াদায়ক কিয়নো ই জড়িত হৈ পৰে ৰোগীজনৰ দুৰ্দশা আৰু বিমৰ্ষতাৰ লগত। গতিকে এলডাৰলি কেয়াৰক এনে ধৰণেৰে প্ৰণয়ন কৰাৰ ব্যৱস্থা কৰা হৈছে যাতে চিকিসাধীন কৰাতকৈ "গোষ্ঠীগত কেয়াৰ" আৰু "এজিং ইন প্লেচ"ৰ ব্যৱস্থা কৰা হৈছে। বিশেষকৈ উন্নত দেশবোৰত বহু ধৰণৰ প্ৰযুক্তিযুক্ত সমাধানৰ ব্যৱস্থা কৰা হৈছে যাৰদ্বাৰা বয়োজ্যেষ্ঠসকলক ঘৰতে স্বাস্থ্যজনিত সাহায্য উপলব্ধ কৰাৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে। উদাহৰণ স্বৰূপে, যোগাযোগ প্ৰযুক্তিৰ ভৰপূৰ উন্নতিয়ে বয়োজ্যেষ্ঠ ৰোগী আৰু সেৱা প্ৰদানকাৰীৰ মাজৰ ভাব-বিনিময় একেবাৰে সহজলভ্য কৰি তোলা হৈছে। তথ্য-বিজ্ঞানৰ সহায়ত বয়োজ্যেষ্ঠ ৰোগীৰ দৈনন্দিন আচাৰ-নীতিৰ ভিত্তিক নিৰাময়ৰ ব্যৱস্থা কৰিছে আৰু ভাৰ্চুৱেল এছিষ্টেঞ্চৰ সহায়ত ঔষধৰ বিধি-বিধানৰ লগত বয়োজ্যেষ্ঠসকলক নিয়মীয়া যোগযোগৰ তাগিদা দিয়াৰ সুবিধা কৰা হৈছে। নবৈ্বৰ দশকৰ পৰাই এজিং ইন প্লেচৰ কথা আগত ৰাখি ৰ'ব'টিকচৰ ক্ষেত্ৰখনত বহু প্ৰকল্প হাতত লোৱা হৈছিল যাতে সাধাৰণ জনস্বাস্থ্যৰ পৰা লাহে লাহে বয়োজ্যেষ্ঠসকলৰ নিজা নিজা বাসগৃহলৈ কেনেদৰে সেই সুবিধাবোৰ সহজে প্ৰেৰণ কৰিব পৰা যায়। যি কি নহওক, তিনিদশক জোৰা প্ৰচেষ্টাৰ পাছতো বিজ্ঞানীসকলে এনে পৰিস্থিতিৰ অৱতাৰণা কৰিব পৰা নাই যে সম্পূৰ্ণ স্বাধীনভাৱে এটা ৰ'ব'টে এজন বয়োজ্যেষ্ঠ ৰোগী বা অক্ষম লোকক এজিং ইন প্লেচৰ আধাৰত আলপৈচান ধৰিব পাৰিব যিদৰে সঞ্জয়ে অন্ধ ধৃতৰাষ্ট্ৰৰ যত্ন ল'ব পাৰিছিল। তাৰ কাৰণেই হৈছে যে বয়োজ্যেষ্ঠৰ যত্ন লোৱা প্ৰক্ৰিয়াটো ভবাতকৈ বহু জটিল যিটো সুচাৰুৰূপে কৰিব পৰাকৈ বিজ্ঞান-প্ৰযুক্তিয়ে বাণিজ্যিক ভিত্তিত এটা যন্ত্ৰমানৱ সাজু কৰি তুলিব পৰা নাই। এজন অক্ষম তথা  ৰুগ্ন বয়সীয়া লোক থকা ঘৰুৱা পৰিৱেশৰ পূৰ্বানুমান কৰা তথা অসংৰচিত ভাব-বিনিময় কৰিব পৰা ক্ষমতাসম্পন্ন যন্ত্ৰমানৱ বিজ্ঞানে এতিয়াও দিব পৰা নাই। আজি পৰ্যন্ত যিকেইটা যন্ত্ৰমানৱ তৈয়াৰ হৈছে সেইকেইটাই এলডাৰলি কেয়াৰৰ দৰে এটা জটিল চক্ৰবেহু সম্পূৰ্ণৰূপে ভেদ কৰিব পৰা হোৱা নাই।


উল্লেখযোগ্য যে জাপানৰ মুঠ জনসংখ্যাৰ শতকৰা ২৮ শতাংশৰেই বয়স ৬৫-তকৈ বেছি আৰু এই পৰিসংথ্যা ২০৪০ৰ ভিতৰত ৩৫ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই দিশলৈ মন কৰি তাৰ চৰকাৰে ২০১৫ চনৰ পৰাই বয়োজ্যেষ্ঠ নাগৰিকসকলৰ পৰিচৰ্যাৰ বাবে যন্ত্ৰমানৱ ক্ৰয় কৰাৰ বাবে ৰাজসাহায্য দি আহিছে। আনহাতে, জনস্বাস্থ্য বিভাগত কাম কৰা লোকৰ সংখ্যা দিনে দিনে কমি আহিছে কিয়নো জন্মৰ হাৰ নিম্নগামী হৈছে। ইয়াৰ উপায় হিচাপে জাপানৰ চৰকাৰে এক পাঁচ বছৰীয়া "ৰ'ব'ট ৰণনীতি" হাতত লৈছিল ২০১৫ চনৰ পৰা ২০২০ চনলৈকে। এই ৰণনীতিৰ মূল উদ্দেশ্য আছিল নাৰ্ছিং আৰু জনস্বাস্থ্য বিভাগত ৰ'ব'টৰ প্ৰয়োগ যিমান পাৰে বৰ্ধিত কৰা। ইয়াৰ মূলত যিসকল অকলে থকা বয়োজ্যেষ্ঠ লোক সামাজিক জীৱনত ভাগ লোৱাৰ পৰা মুটামুটি বিৰত থাকে বা তেনে কামত ভাগ লোৱাৰ সুযোগ নাপায় তেনে বয়োজ্যেষ্ঠ লোকক ভাব-বিনিময় কৰা ৰ'ব'টৰ জৰিয়তে ব্যস্ত ৰখা যাতে মনোবিকাৰ বা ডিমেনছিয়া জাতীয় ৰোগ ৰোধ কৰিব পৰা যায়।  


এলডাৰলি কেয়াৰত ৰ'ব'ট বা যন্ত্ৰমানৱৰ ব্যৱহাৰ

এলডাৰলি কেয়াৰত ৰ'ব'ট ব্যৱহাৰৰ ক্ষেত্ৰত আগৰণুৱা হৈছে জাপান। ২০১৩ চনত PARO নামৰ ছীল আকৃতিৰ এক ৰ'ব'ট জাপানৰ অ'কায়ামা চহৰত এলডাৰলি কেয়াৰ দৰকাৰ হোৱাসকলক ডিমেনচিয়া ৰোধ কৰিবৰ বাবে ল'নত দিয়াৰ ব্যবস্থা কৰিছিল যাতে কেয়াৰ গিভাৰ নাৰ্ছসকলৰ ওপৰত চাপ কমে। আন এবিধ ভাব বিনিময়ৰ ৰ'ব'ট জাপানত ২০১২ চনৰ পৰা ব্যৱহাৰ কৰা হৈ আহিছে, নাম হৈছে Kabochan। আচলতে Kabochan এক প্ৰকাৰ ৰ'ব'ট যদিও দেখাত এটা পুতলাৰ দৰে। Pip কোম্পানীৰ দ্বাৰা নিৰ্মিত এই কথা কোৱা যন্ত্ৰমানৱক লৈ অ'ছাকা চিটি ইউনিভাৰ্ছিটিৰ গৱেষকসকলে ঠাৱৰ কৰাবলৈ সক্ষম হৈছে যে ইয়াৰ ব্যৱহাৰৰ পৰা মনোবিকাৰৰ পথত থকা এলডাৰলি মহিলাসকলৰ স্মৰণ আৰু বিচাৰ শক্তি জাতীয় সাৰস্বত গুণবিলাকৰ বহু পৰিমাণে উন্নতি ঘটিছে। নিজে বয়োজ্যেষ্ঠ আত্মীয়ৰ কাষলৈ যাবলৈ সুবিধা নোপোৱা বহু যুৱক-যুৱতীয়ে বয়োজ্যেষ্ঠ আত্মীয়সকলক Kobachan উপহাৰ হিচাপে দিছে, যাতে বয়োজ্যেষ্ঠসকলে একেবাৰে অকলশৰীয়া অনুভৱ নকৰে। আন এটা উদাহৰণ হৈছে Telenoid, এটি ৰিম'ট'ৰ দ্বাৰা কাৰ্যক্ষম কৰিব পৰা ৰ'ব'ট যিটোক এলঝাইমাৰত ভোগা বয়োজ্যেষ্ঠসকলৰ লগত কথোপকথন কৰিব পৰাকৈ তৈয়াৰ কৰা হৈছে। PARO আৰু  Kabochan প্ৰকৃততে ৰ'ব'ট যদিও দেখাত দুয়োটাকে পুতলা যেনেই লাগে যিহেতু দুয়োটাৰেই বহিঃআৱৰণত নোম আছে। আনহাতে, Telenoid-অৰ বাহিৰ ভাগ চিলিক'ন ৰাবাৰৰ দ্বাৰা নিৰ্মিত হোৱা বাবে আকাৰত সৰু যদিও পুতলা যেন নালাগে। যি কি নহওক, এই তিনিও ধৰণৰ ৰ'ব'ট আকাৰত সৰু আৰু পুতলা সদৃশ। 

আনহাতে, আপেক্ষিকভাৱে নতুন Pepper সেইফালৰ পৰা চাবলৈ গ'লে এক প্ৰকৃত যন্ত্ৰমানৱ যাৰ উচ্চতা ১.২ মিটাৰ, দুখন প্ৰায় সম্পূৰ্ণৰূপে ঘূৰাব পৰা হাতো আছে। মাত্ৰ ইয়াৰ কোনো ভৰি নাই, তলৰ অংশ ঠেক স্কাৰ্টৰ দৰে আৰু একেবাৰে তলিত তিনিটা চকা আছে আৰু ইয়াৰ দ্বাৰা Pepper-এ চলাফুৰা কৰিব পাৰে। যিহেতু এই ৰ'ব'টে ৰোগী বা অক্ষম বয়োজ্যেষ্ঠ লোকৰ ওচৰত মুকলিকৈ চলাফুৰা কৰি থাকিব পাৰে, তেওঁলোকে Pepper-অৰ গাত খুন্দা খোৱা বা পৰি যোৱাৰ আশঙ্কা থাকে। যদিও এতিয়ালৈকে তেনে ধৰণৰ কোনো গুৰুতৰ ঘটনা ঘটা নাই যদিও ভৱিষ্যতে যে নঘটিব তাক নুই কৰিব নোৱাৰি। এই সংক্ৰান্তত বিশিষ্ঠ প্ৰযুক্তিবিদসকল সচেতন হোৱা দৰকাৰ যে বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন লওঁতে যাতে তেওঁলোকৰ নিৰাপত্তাৰ লগত আপোচ কৰিব লগা নহয়। 

এলডাৰলি কেয়াৰৰ বাবে যন্ত্ৰমানৱৰ বিকাশৰ কাম আজি কেইবা দশক ধৰি চলি আহিছে। কিন্তু মানৱ আৰু যন্ত্ৰমানৱৰ ভাব বিনিময়ৰ সময়ত কি ধৰণৰ নিৰাপত্তাৰ পদক্ষেপ লোৱা হৈছে সেই বিষয়ে প্ৰকাশিত গৱেষণাৰ তথ্য তেনেই নগণ্য, বিশেষকৈ যেতিয়া Pepper-অৰ দৰে যন্ত্ৰমানৱ এলডাৰলি কেয়াৰৰ বাবে ব্যৱহাৰ কৰা হয়। বয়োজ্যেষ্ঠ ৰোগীয়ে, বিশেষকৈ মনোবিকাৰগ্ৰস্তসকলে যন্ত্ৰমানৱৰ লগত ভাব-বিনিময়ৰ কৰাৰ সময়ৰ পৰিৱেশ সম্পূৰ্ণৰূপে পূৰ্বানুমান কৰিব নোৱৰা ধৰণৰ। গতিকে যিকোনো ক্ষণতেই দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা থাকে। গতিকে বয়োজ্যেষ্ঠ ৰোগীৰ সুৰক্ষাসাপেক্ষ সকলো তথ্য পদে পদে সংগ্ৰহ কৰাটো অতি প্ৰয়োজনীয়। 


Pepper ৰ'ব'ট বা যন্ত্ৰমানৱ নিৰাপদনে ? সুৰক্ষিত কেনেকৈ কৰিব পাৰি ?

এলডাৰলি কেয়াৰত Pepper-অৰ ক্ৰমবৰ্ধমান ব্যৱহাৰ কৰোঁতে বয়োজ্যেষ্ঠসকলৰ শাৰীৰিক সুৰক্ষা কেনেকৈ ৰক্ষিত হ'ব বা হৈছে তাৰেই কেইটামান দিশ আলোচনা কৰা হওক। Pepper-এ যিহেতু কথা ক'ব পাৰে আৰু হেণ্ডশ্বেক্ কৰিব পাৰে, সেয়ে ই বয়োজ্যেষ্ঠ ৰোগীসকলক স্পৰ্শানুভূতিৰ প্ৰতি উসাহী কৰি তোলে। যেতিয়া "ঔদ্যোগিক ৰ'ব'ট" ব্যৱহাৰ কৰা হয় তেতিয়া ৰ'ব'টক নিলগত ৰাখি মানৱৰ সুৰক্ষা সুনিশ্চিত কৰা হয়। পিছে Pepper-অৰ দৰে "সামাজিক ৰ'ব'ট"ৰ ক্ষেত্ৰত এই ধৰণে পৃথককৈ ৰখাৰ নিয়ম নাথাকিব। গতিকে অন্য ধৰণৰ প্ৰণালীৱদ্ধ সুৰক্ষা পদক্ষেপৰ প্ৰয়োজন। Pepper-অৰ তিনিটা মুল সুৰক্ষা গুণ আছে -

        ১) কোমল পদাৰ্থৰে তৈয়াৰ কৰা শৰীৰৰ ওপৰ ভাগ, 

        ২) কোমল পদাৰ্থৰ হাত, আৰু 

        ৩) আপাতকালীন বন্ধ বুটাম।


তদুপৰি, Pepper-অক এনেদৰে প্ৰস্তুত কৰা হৈছে যে ইয়াৰ মাত-কথা এক কিশোৰৰ মাত যেন অনুভৱ হয় আৰু বয়োজ্যেষ্ঠসকলে নাতি বা নাতিনীৰ লগত ভাব-বিনিময় কৰা বুলি ধৰি ল'ব বিচাৰে। Pepper-অৰ পৰা হ'ব পৰা সম্ভাৱ্য বিপদসমূহ হ'ল : 

    ১) বয়োজ্যেষ্ঠসকলে বেছি আৱেগিক হৈ Pepper-অৰ ফালে আগ বাঢ়িলে খুন্দা খোৱা বা পৰি যোৱা ধৰণৰ দুৰ্ঘটনা হোৱাৰ আশঙ্কা থাকে। 

     ২) বয়োজ্যেষ্ঠ লোকৰ পৰিহিত কাপোৰ ইত্যাদি Pepper-অৰ দুই বাহুৰ জ'ইন্টৰ মাজত সাঙোৰ খাই পৰিব পাৰে। 

     ৩) আকৌ কেতিয়াবা কম্পিউটাৰ বা ছেঞ্চৰৰ বিজুতিৰ বাবে ই যদি অনিয়ন্ত্ৰিত হৈ পৰে তেতিয়া বয়োজ্যেষ্ঠসকলে ইয়াৰ আপাতকালীন বন্ধ বুটাম টিপিব নাজানিবও পাৰে, লগতে এই বিজুতিৰ সময়ত কোমলকৈ তৈয়াৰ কৰা যদিও Pepper-অৰ আঙুলিয়ে বয়োজ্যেষ্ঠৰ চকুত আঘাত হানিব পাৰে।             ৪) Pepper-অৰ যিহেতু চকা আছে আৰু স্ব-পৰিচালনাৰ ক্ষমতা আছে, গতিকে ই সমতল তথা হেলনীয়া পৃষ্ঠতো গতি কৰিব পাৰে। কিন্তু হেলনীয়া পৃষ্ঠত গতি কৰা অৱস্থাত যদি ইয়াৰ বেটাৰী শেষ হয় তেন্তে মধ্যাকৰ্ষণৰ দ্বাৰা ইয়াৰ গতি দ্ৰুত হৈ অঘটন ঘটাব পাৰে।


Pepper-অৰ দ্বাৰা হ'ব পৰা দুৰ্ঘটনা কম কৰা বা ৰোধ কৰাৰ বাবে কিছু সুৰক্ষা ব্যৱস্থা গৱেষকসকলে দাঙি ধৰিছে 

      ১) Pepper-অৰ গঠনত মাটিৰ লগত সংযোজিত অংশৰ পৰিধি বঢ়াই দিয়া আৰু লগতে তিনিটা চকাৰ মাজৰ দুৰত্ব বঢ়াই দিয়া, যাতে সহজে নপৰে। 

    ২) Pepper-অৰ বাহু আৰু শৰীৰ অংশত চাপ ছেঞ্চৰ লগোৱা যাতে বাহুৰ জ'ইন্টৰ মাজত কোনেবাকৈ কাপোৰ সাঙোৰ খালে তক্ষণাত ই অক্ষম হৈ পৰে। 

     ৩) আপাতকালীন সুৰক্ষাৰ বাবে Pepper-অৰ মুল শৰীৰ অংশত গতিভিত্তিক আৰু স্পৰ্শ-চাপভিত্তিক যান্ত্ৰিক সুৰক্ষা যতন উপল্বদ্ধ কৰা । 

    ৪) একে ধৰণেই Pepper-অৰ চকাতো গতিভিত্তিক আৰু স্পৰ্শ-চাপভিত্তিক যান্ত্ৰিক সুৰক্ষা যতন লগোৱা যাতে বেটাৰী নোহোৱাকৈও হেলন পৃষ্ঠত ইয়াৰ গতি ৰোধ কৰিব পাৰি। 

এইবোৰ ব্যৱস্থাৰ উপৰি বয়োজ্যেষ্ঠ সেৱাত নিয়োজিত নাৰ্ছসকলৰো উপযুক্ত প্ৰশিক্ষণ অতিকৈ প্ৰয়োজনীয়।


যিমানেই Pepper-অৰ দৰে সামাজিক ৰ'ব'টৰ ব্য়ৱহাৰ এলডাৰলি কেয়াৰ অথবা স্বাস্থ্যবিভাগত বাঢ়িব সিমানেই ৰ'ব'টৰ বিকাশত জড়িত থকা সকলৰ দায়িত্ব বাঢ়িব কিয়নো ৰ'ব'টৰ পৰা হোৱা লাভৰ লগতে সম্ভাৱ্য বিপদাশঙ্কাবোৰো চালি-জাৰি চাব লাগিব। আনহাতে এইটোও ঠিক যে Pepper-অৰ লগত ঘনিষ্ঠ হোৱা বা ভাব-বিনিময় কৰি পোৱা বয়োজ্যেষ্ঠসকলে ইতিমধ্যে ইয়াৰ সদগুণবোৰক বাৰুকৈয়ে আপোন কৰি লৈছে। গৱেষণাৰ পৰা ইতিমধ্যে প্ৰমাণিত হৈছে যে সাধু কোৱা, মুকলি কথোপকথনত ভাগ লোৱা, কৌতুক কোৱা আদিৰ জৰিয়তে  ই  বয়োজ্যেষ্ঠসকলক একেধাৰে সক্ৰিয় কৰা, সঁহাৰি দিওৱা, আৱেগৰ ভাব জগোৱা আদিত সহায় কৰি আহিছে। বিশেষকৈ সাধুকথাৰে বয়োজ্যেষ্ঠৰ স্মৰণ শক্তিৰ বঢ়োৱাৰ লগতে লাজকুৰীয়া ভাব নোহোৱা কৰাতো ই সহায়ক হৈছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে অদূৰ ভবিষ্যতে আমি আৰু বহু ধৰণৰ Pepper বা অন্য নামৰ সামাজিক ৰ'ব'ট দেখিবলৈ পাম। কিন্তু কথা হ'ল, এই ৰ'ব'ট বা যন্ত্ৰমানৱবোৰ ধৃতৰাষ্ট্ৰৰ সঞ্জয়ৰ দৰে হ'বগৈ নে, দিব্যদৃষ্টি থাকিবনে, নে কি মনুষ্যই দিব্যদৃষ্টি কেৱল ব্যাসদেৱৰ ৰচনাতহে পঢ়িবলৈ পাব ? 

 

তথ্যসূত্ৰ :

১) Intelligent Control and Automation
২) Nature.  ISSN 0028-0836  
৩) International Journal of Social Robotics

                                                                                                 ***
ঠিকনা :
Associate Professor
Department of Chemistry and Biochemistry
Kennesaw State University
370 Paulding Avenue, MD#1203
Kennesaw, GA 30144

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ