দাদুল দেৱকৃষ্ণ
: ‘‘দেতা, অ’ দেতা...
এই বাতৰিটো চাওকচোন।’’— বাৰীৰ পৰা আহি ভিতৰলৈ সোমোৱাৰ সময়তে বনানিয়ে দেউতাকক
দৈনিক বাতৰি কাকতখনৰ বাতৰি এটাত চকু ফুৰাবলৈ ক’লে।
ওচৰতে থকা বেতৰ চকীখনত বহি, বনানিৰ হাতৰ পৰা
বাতৰি কাকতখন লৈ নিৰ্দিষ্ট বাতৰিটো পঢ়িবলৈ ধৰিলে দেউতাকে। বাতৰিটো আছিল এনে ধৰণৰ—
‘‘প্ৰাণীৰ দৰে উদ্ভিদৰ দেহতো প্ৰাণ থাকে বুলি কোৱা হয় যদিও প্ৰাণীৰ দৰে উদ্ভিদৰ
প্ৰাণ থকা কথাটো প্ৰত্যক্ষভাৱে দেখা পোৱা নাযায়। প্ৰাণী দেহৰ দৰে উদ্ভিদৰ দেহত
ৰক্ত বা তেজ নাথাকে। কিন্তু এনে এবিধ উদ্ভিদ আছে যিবিধ উদ্ভিদ কাটিলে তেজৰ দৰে
পদাৰ্থ ওলায়। দক্ষিণ আফ্ৰিকাত পোৱা এই গছবিধৰ নাম হৈছে ‘ব্লাড উড ট্ৰী’। এই গছবিধ
মোজাম্বিক, নামিবিয়া, টাঞ্জানিয়া আদি দেশসমূহত পোৱা। এই গছবিধ কেৱল কাটিলেই
নহয়; ইয়াৰ ডাল বা অন্য অংশ ভাঙিলেও তেজৰ দৰে তৰল পদাৰ্থ ওলায়। এই বিৰল গছবিধৰ
উচ্চতা ১২-১৮ মিটাৰ পৰ্যন্ত হয়। ইয়াৰ পাতবোৰ ঘন। গছবিধৰ হালধীয়া ৰঙৰ ফুল ফুলে।
এই গছৰ কাঠো বিভিন্ন ধৰণৰ আচবাব নিৰ্মাণত ব্যৱহাৰ কৰা হয়। কিছু লোকে এই গছক
যাদুকৰী বুলি মানে। কাৰণ বহু ৰোগত ইয়াক ঔষধৰূপে ব্যৱহাৰ কৰা হয়। বিভিন্ন তেজ
সম্বন্ধীয় ৰোগৰ চিকিৎসাত ইয়াক ব্যৱহাৰ কৰা হয়। উল্লেখ্য যে, দাঁতৰ পৰা আৰম্ভ
কৰি পেটৰ নানা সমস্যা, মেলেৰিয়া আৰু গুৰুতৰ আঘাতৰ বাবে ই এবিধ মহৌষধ।’’
: ‘‘এনে ধৰণৰ আৰু ৰহস্যময় গছ বা উদ্ভিদ আছে
আমাৰ প্ৰকৃতি জগতত।’’— বাতৰিটো পঢ়ি উঠি বনানিৰ দেউতাকে ক’লে।
: ‘‘কেনে ধৰণৰ?’’— বনানি কৌতূহলী হৈ উঠিল।
: ‘‘গান শুনা গছ, নাচ নচা গছ আদি।’’
: ‘‘মোক ক’ব লাগিব কিন্তু এইবোৰৰ বিষয়ে।’’
: ‘‘ক’মতো। ... উদ্ভিদৰ যে প্ৰাণ আছে, উদ্ভিদেও যে অনুভৱ কৰিব পাৰে
সেই কথাও ক’ম। কিন্তু আজি নহয়।’’
: ‘‘আজি আপুনি ‘গ্ৰীন হাউছ গেছ’-ৰ বিষয়ে কোৱা কথা আছিল।’’— বনানিয়ে দেউতাকক
জব্দ কৰিব খোজে।
: ‘‘ক’ম। কিন্তু তাৰ আগতে গ্ৰীন হাউছ কি জানি ল’ব লাগিব।
গ্রীন হাউছ হ’ল এক প্ৰকাৰৰ কাচ নাইবা পলিথিনৰ
ঘৰ। শীতপ্রধান দেশবোৰত এই ঘৰতে শাক-পাচলি, ফলমূল আৰু বিভিন্ন উদ্ভিদৰ খেতি কৰা
হয়। গ্রীন হাউছৰ আকাৰ সৰু বাৰান্দাৰ পৰা আৰম্ভ কৰি বৃহৎ কলকাৰখানাৰ সমান হ’ব
পাৰে। সাধাৰণতে এই ঘৰৰ চালখন আৰু চাৰিওফালৰ বেৰ কাচ বা স্বচ্ছ প্লাষ্টিকৰ দ্বাৰা
নির্মাণ কৰা হ’লেও আজিকালি প্লাষ্টিক আৰু অন্যান্য স্বচ্ছ পলিমাৰ দি গ্রীন হাউছ
তৈয়াৰ কৰা হয়৷’’
বনানিক দেউতাকে গ্ৰীন হাউছৰ এক থূলমূল দিবলৈ
চেষ্টা কৰিলে। দেউতাকৰ কথাখিনি শুনাৰ পাছত বনানিয়ে সুধিলে— ‘‘গ্রীন হাউছ নির্মাণত
কেনে ধৰণৰ কাচ বা স্বচ্ছ প্লাষ্টিক ব্যৱহাৰ কৰা হয়নো?’’
বনানিৰ প্ৰশ্নটোৰ উত্তৰ কিছু দীঘলীয়াকৈ দিবলৈ
চেষ্টা কৰিলে দেউতাকে— ‘‘কাচ বা স্বচ্ছ প্লাষ্টিকৰ মাজেৰে সূর্যৰশ্মিৰ তাপ সহজতে
প্রৱেশ কৰিব পাৰে; কিন্তু সহজে বা কম সময়ত বাহিৰলৈ ওলাই আহিব নোৱাৰে। প্ৰৱেশ কৰা
তাপ গ্রীন হাউছৰ বেৰাত বাধাপ্রাপ্ত আৰু প্রতিফলিত হয়। ফলত বাহিৰৰ পৰিৱেশৰ তুলনাত
ঘৰৰ ভিতৰৰ তাপমাত্রা অনেক বেছি হৈ থাকে; যি শীতপ্রধান দেশত উদ্ভিদৰ বাবে
প্ৰয়োজনীয়। শীতপ্রধান দেশৰ জলবায়ু গ্রীষ্মমণ্ডলীয় অঞ্চলৰ গছ-গছনি আৰু
শাক-পাচলি ওপজোৱাৰ বাবে উপযোগী নহয়। সেয়ে সেইসমূহ দেশত শীতকালতো গ্রীন হাউছৰ
কৃত্রিম উষ্ণ পৰিৱেশত শাক-পাচলি আৰু বিভিন্ন ফুল-ফলৰ খেতি কৰা হয়। ভিতৰৰ সেউজীয়া
গছ-গছনি বা উদ্ভিদৰ বাবেই এই ঘৰৰ নাম গ্রীন হাউছ। এই গ্ৰীন হাউছৰ পৰাই ‘গ্ৰীন হাউছ
প্ৰভাৱ’ বা ‘গ্ৰীন হাউছ এফেক্ট’ বাক্যাংশ সৃষ্টি হৈছে।’’
: ‘‘গ্ৰীন হাউছ প্ৰভাৱ বা গ্ৰীন হাউছ এফেক্টনো কেনেকৈ পৰে দেতা?’’—
বনানিৰ জানিবলৈ মন গ’ল।
: ‘‘কৈছোঁ শুনা।’’— দেউতাকে আৰম্ভ কৰিলে।
‘‘বায়ুত থকা কার্বন ডাই অক্সাইড, মিথেন আৰু অন্যান্য কিছুমান গেছৰ
উপস্থিতিৰ কাৰণে ট্রপ’স্ফিয়েৰ (বায়ুমণ্ডলেৰ সর্বনিম্ন স্তৰ)-ৰ উষ্ণতা বৃদ্ধিয়েই
গ্রীন হাউছ প্ৰভাৱ বা গ্ৰীন হাউছ এফেক্ট নামে পৰিচিত। এই গেছসমূহ গ্রীন হাউছ গেছ
নামেৰে পৰিচিত, যাৰ মাজত জলীয় বাষ্পৰ সর্বাধিক প্রভাৱ আছে।’’
: ‘‘গ্ৰীন হাউছ প্ৰভাৱৰ কাৰণ আছে নিশ্চয়!’’— বনানি কৌতূহলী হৈ উঠিল।
: ‘‘আছে।’’
: ‘‘কওকচোন।’’
দেউতাকে পুনৰ ক’বলৈ আৰম্ভ কৰিলে— ‘‘পৃথিৱীত পৰাৰ পূৰ্বেই সূর্যৰ
ৰশ্মি পৃথিৱীৰ বায়ুমণ্ডল আৰু পৃষ্ঠৰ দ্বাৰা প্রতিফলিত হয়; তেতিয়া সেই ৰশ্মিৰ
বেছিভাগ পৃথিৱী পৃষ্ঠৰ দ্বাৰা শোষিত হয়, যি পৃথিৱীৰ উপৰিভাগ উষ্ণ বা গৰম কৰি
তোলে। বিকিৰিত ইনফ্রাৰেড বা অতি বেঙুনীয়া ৰশ্মিৰ কিছু বিকিৰণ মহাশূন্যলৈ উভতি যায়।
ফলত বায়ুমণ্ডলৰ গ্রিন হাউছ গেছসমূহ (বিশেষতঃ জলীয় বাষ্প, কার্বন ডাই অক্সাইড আৰু
মিথেন)-ৰ দ্বাৰা শোষিত হয় আৰু সমস্ত দিশতে পুনৰাই বিয়পি পৰে। কিছু পৰিমাণে
মহাকাশলৈ উভতি যায় যদিও কিছু পৰিমাণে ভূ-পৃষ্ঠৰ ফালে উভতি আহে। যাৰ ফলত নিম্ন
বায়ুমণ্ডল আৰু ভূ-পৃষ্ঠ অধিক উষ্ণ হৈ পৰে।
: ‘‘গ্ৰীন হাউছ প্ৰভাৱৰ বিষয়ে প্ৰথম কেনেকৈ
গম পোৱা গৈছিলনো?’’— বনানিয়ে আঁতিগুৰি মাৰি জানিব বিচাৰে।
: ‘‘আজিলৈ থাকক দিয়া। মোৰ বজাৰলৈ যাবলগীয়া আছে। কাইলৈ ক’ম; হ’বনে?’’—
দেউতাকে ক’লে।
: ‘‘হ’ব বাৰু। আপুনি যদি বজাৰলৈ যায়, মোলৈ কিন্তু চকলেট লৈ আহিব
লাগিব।’’
: ‘‘হ’ব বাৰু, লৈ আহিম কেডবেৰিৰ চকলেট। তুমি এতিয়া গৈ মাৰাক মোৰ
বাবে ভাত বাঢ়িবলৈ কোৱাগৈ যোৱা।’’
বনানি ‘‘মা, অ’ মা’’ বুলি মাতি মাতি ভিতৰলৈ সোমাই গ’ল। আনহাতে দেউতাক কুঁৱাপাৰ পালেগৈ। গাটো ধুই, ভাত খাই উঠি তেওঁ বজাৰলৈ যাব।