অন্যযুগ/


সেউজী, সেউজী, সেউজী অ'

 ড॰ প্ৰাণজিৎ বৰা


৭ 

সৰ্পিলৰ গল্পটোৰ থুপিতৰাই কৰা সামৰণিটোৰ সকলোৱে শুনাকৈ নতুন ছাৰে বৰকৈ প্ৰশংসা কৰিলে। থুপিতৰাই সেই সামৰণি যে গোপাল খুড়াৰ সেই কথাও ক'লে। খুড়া মানুহজন আৰু তেওঁৰ পদ্যবোৰৰ কথাও তাই ছাৰক ক'লে। ছাৰে ক'লে, "মই তেওঁক লগ পাম ৰ'বা। তেওঁৰ দৰে পৰিৱেশ-সচেতন মানুহৰেই এই সময়ত আমাক আটাইতকৈ প্ৰয়োজন। আমি আটায়ে একেলগে কাম কৰিব লাগিব। আমাৰ এই অঞ্চলটোৰ কথায়েই প্ৰথমে ভাবিব লাগিব। খুব চমুতে মই তেওঁক লগ পাম।"

"বৰ ভাল কথা হ'ব, ছাৰ।" থুপিহঁ‌তে শলাগিলে।

ছাৰে পুনৰ ক'বলৈ ধৰিলে "বাৰু, এতিয়া আহোঁ সৰ্পিলৰ গল্পটোৰ সামৰণিলৈ। সৰ্পিলৰ গল্পটোৰ আমাৰ থুপিয়ে কৰা সামৰণিটোত মই অলপ কথা যোগ কৰিব খুজিছোঁ। শুনিবলৈ মন আছেনে তোমালোকৰ?"

ল'ৰা-ছোৱালীহঁতে একেলগে চিঞৰি উঠিল লগে লগে, "ছাৰ। কওঁক আকৌ!"

ছাৰে ক'বলৈ ধৰিলে, "তিলতিল আৰু মিতিল দুয়োকে বুঢ়ীগৰাকীয়ে থুপিয়ে কোৱামতেই মাক-দেউতাকৰ সৈতে লগ কৰি দিলে, ঠিকেই। কিন্তু আহিবৰ পৰত এটা বিশেষ বস্তু উপহাৰ হিচাপে দি পঠালে।"

ল'ৰা-ছোৱালীহঁ‌তৰ চকু-মুখ উদগ্ৰীৱ হৈ উঠিছে।

ছাৰে কৈ গ'ল, "বুঢ়ীয়ে তিলতিল আৰু মিতিল দুয়োকো হাতত ধৰি যে পুখুৰীত জাঁপ দিছিল, সেই পুখুৰী ভৰি আছিল প্ৰকাণ্ড প্ৰকাণ্ড থালি যেন ডাঙৰ ভেটফুলৰ পাতেৰে। সেই পাতবোৰ ইমানেই ডাঙৰ আৰু মজবুত আছিল যে যে অনায়াসে তাত মানুহ ওপঙা দিব পাৰে।"

"তেনেকুৱা থালি যেন ভেটফুলৰ পাত মই দেখিছোঁ, ছাৰ।" সৰ্পিলে মাত দিলে।

ছাৰে হাঁহি এটা মাৰি সৰ্পিলৰ ওচৰত থিয় দিলেগৈ, "বাঃ, বৰ বঢ়িয়া কথা। ক'ত দেখিছা, কোৱাচোন।"

"মাহঁ‌তৰ লগত ফুৰিবলৈ যাওঁতে কলিকতাত, ছাৰ।", সৰ্পিলে থিয় দি উত্তৰ দিলে।

"ঠিক কৈছা।", ছাৰে সৰ্পিলৰ পিঠিত মৰমেৰে থপৰিয়াই তাক বহিবলৈ দি কৈ গ'ল "কলিকতাৰ ভাৰতীয় উদ্ভিদ উদ্যানত এইবিধ ভেটফুল আছে। সেইখন ভাৰতৰ সবাতোকৈ ডাঙৰ উদ্ভিদ উদ্যান আৰু তাতে থকা পুখুৰীত ডাঙৰ ডাঙৰ থালি যেন পাতৰ দেখাত বৰ মনোমোহা এই ভেটবিধ পোৱা যায়। এইবিধ ভেটক ৰয়েল লিলি বুলিয়েই মানুহে কোৱাকুই কৰে। বহুতে ইয়াৰ নাম ভিক্টোৰিয়া লিলি বুলিও জানে। এই ভেটবোৰ দেখিবলৈ বৰ ধুনীয়া আৰু বগা ৰঙৰ ফুলবোৰ সদায় আবেলিৰ ভাগত ফুলে। ফুলবোৰ প্ৰায় ৪৮ ঘণ্টালৈকে থাকে। ফুলবোৰৰ মিহি বৰ কোমল জান-নেজান সুৰভি আছে।"

"সেউজীয়া বৰকাঁহী একোখনৰ দৰে পাতবোৰ দেখি উঠিবলৈ বৰ মন গৈছিল, ছাৰ।" সৰ্পিলে পুনৰায় ক'লে।

"মন নাযাবনে কিবা!" ছাৰে হাঁহিলে, "মোৰো বৰকৈ মন গৈছিল। পিছে তিলতিল-মিতিলৰ বুঢ়ীজনীয়ে তাকেই কৰিছিল। তিলতিল আৰু মিতিলক মাক-দেউতাকৰ লগত লগ কৰাই দিবলৈ ভেটৰ সেই প্ৰকাণ্ড কাঁহীখনতে নিজে উঠি তেওঁ আন এখন কাঁহী হাতেৰে নিজৰ ওচৰলৈ টানি আনি দুয়োকো তাত উঠাই লৈছিল। দুয়ো ককায়েক-ভনীয়েকে পোনতে অকণমান থেৰোগেঁৰো কৰিছিল যদিও শেষত জানিবা উঠিল। আৰু উঠিয়েই দুয়োৰে কি আনন্দ! অলপ সময় বুঢ়ীয়ে নিজে সিঁ‌হঁত দুয়োকে কাষে কাষে লৈ গোটেই পুখুৰীটো ইমূৰৰ পৰা সিমূৰলৈ ফুৰালে। তেতিয়াই তিলতিলহঁ‌তে অবাক হৈ দেখিলে যে বুঢ়ীয়ে পুখুৰীৰ পানীত ওপঙি থকা পুণিৰে পৰা আৰম্ভ কৰি পানীত সাঁতুৰি-নাদুৰি থকা সৰু-বৰ মাছ-কেঁকোৰা আটাইৰে সৈতে কিবা অদ্ভুত অদ্ভুত ভাষাত কথা পাতিব লাগিছে। পুণিবোৰৰ লগত এটা ভাষাত, লালুকীবোৰৰ লগত বেলেগ এটা ভাষাত। কাছকেইটাৰ লগত আকৌ আন এটা ভাষাত!"

"তাৰ পাছত?" শুভমিতাই অবাক দুচকুৰে সুধিলে।

"কৈছোঁ, ৰ'বা।" ছাৰে মেজৰ ওপৰত প্লেটেৰে ঢাকি থোৱা পানীগিলাছ পি লৈ আকৌ ক'বলৈ ধৰিলে, "মিতিলে আৰু ৰ'ব নোৱাৰিলে। তাই বুঢ়ীক সুধিয়েই পেলালে, "আইতা, তুমি ইমানবোৰ ভাষা কেনেকৈ জানা? " বুঢ়ীয়ে হাঁহি মাৰি ক'লে বোলে মই আজি কতকাল এই হাবিতে আছোঁ। ইহঁতবোৰৰ লগতেতো আছোঁ। ইহঁত আটাইৰে নিজা ভাষাবোৰ সেয়ে মই বুজি-বাজি ল’ব পাৰিছোঁ। মোৰ লগত তোমালোকক দেখি তাহাঁতে বৰ ৰং পাইছে। সেই কথাই আটাইবোৰে নিজৰ নিজৰ ভাষাত মোক কৈছে।"

ল'ৰা-ছোৱালীহঁ‌তৰ চকুৱে-মুখে অবাক হোৱাৰ আভা ফুটি উঠিছে। ছাৰে কৈ গ’ল, “এটা সময়ত বুঢ়ীয়ে তিলতিল আৰু মিতিলক মাক-দেউতাকৰ সৈতে যেতিয়া লগ কৰাই দিলে, বিদায়ৰ পৰত সেই ভেটৰ কাঁহীখন, য’ত দুয়ো উঠি আহিছিল, সিহঁত দুয়োকো উপহাৰ হিচাপে দি ক’লে, “এইখন ভালদৰে ৰাখিবাহঁক আৰু যেতিয়াই আকৌ কেতিয়াবা এই হাবিলৈ আহা, লগত লৈ আহিবা। তোমালোক ডাঙৰ হৈ গ’লেও মই গম পাই যাম যে তোমালোকেই আহিছা।”

“ছাৰ, সেই কাঁহীদুখন আছে চাগে’ আজিও?”  ৰজনীৰ মাতটো আৰু চকুদুটা ডাঙৰ হৈ উঠিছে।

“সেই কথা মই কেনেকৈ জানিম অ’ ৰজনী?” ছাৰে হাঁহিলে, “কেতিয়াবা কৰবাত যদি তিলতিলহঁতক লগ পোৱা, সিহঁতেহে চাগে’ ক’ব পাৰিব।”

 সকলোৱে ছাৰৰ হাঁহিত যোগ দিলে।

“কিন্তু এটা কথা, ছাৰ”, সুৰভিয়ে থিয় দি সুধিলে, “বুঢ়ীগৰাকী যদি অৰণ্যৰ দেৱীয়েই হয়, তেওঁ নিজৰ ল’ৰা-ছোৱালীক বিচাৰি নাপালে কিয়? দেৱীৰতো শক্তি বহুত! ”

“বৰ ভাল প্ৰশ্ন কৰিছা তুমি, সুৰভি।” ছাৰে কৈ গ’ল, “গল্প এটাই কেনেকৈ আমাক চিন্তা কৰিবলৈ সুযোগ দিয়ে, ভাবিবলৈ সুযোগ দিয়ে, তোমালোকে এতিয়া বুজিছা নিশ্চয়। বুঢ়ীগৰাকী আচলতে কোন সেয়া আমাক গল্পটোৱে সঁচাকৈয়ে কৈছে জানো, এবাৰ ভাবাচোন। আমি আমাৰ ঘৰে-পৰে যিমান বুঢ়ীআইতাক দেখিছো বা জানো, তেনেকুৱা কোনোবা বুঢ়ীআইতা এগৰাকী হাবিৰ মাজত অকলে থাকিব পাৰিব জানো? নিশ্চয় নোৱাৰে, নহয়নে? আনহাতে যাদুৰ দৰে এই বুঢ়ীগৰাকীৰ যি ক্ষমতাৰ কথা তোমালোকক সাধুটোৱে ক’লে,  তেনেকুৱা ক্ষমতা জানো সাধাৰণ বুঢ়ী এগৰাকীৰ থাকিব পাৰে? গতিকেই আমি নিজৰ নিজৰ কল্পনাৰেহে আচলতে বুঢ়ীগৰাকীক চাইছোঁ। কোনোবাই তেওঁক দেৱী বুলি কল্পনা কৰিছে, কোনোবাই যাদুকৰী বিদ্যাধাৰী বুলি ভাবিছে, ইত্যাদি ইত্যাদি। এই সকলো কল্পনাই কিন্তু সঁচা। কোনোটো মিছা নহয়।”

ল’ৰা-ছোৱালীহঁতে একান্ত মনোযোগেৰে ছাৰৰ কথা শুনি গ’ল। তেওঁ কৈ গ’ল, “মই কিন্তু আন এটা কথাহে ভাবিছোঁ।”

“কি, ছাৰ?”  প্ৰায় আটায়ে মাত দিলে।

 “সাধুটোৱে তিলতিল আৰু মিতিলক মাক-দেউতাকৰ সৈতে আকৌ লগ কৰাই দিলে, তেওঁলোক আটায়ে গৈ নিজৰ ঘৰ পালেগৈ, সকলো ঠিকেই আছে।” ছাৰে ক’লে, “কিন্তু বুঢ়ীজনীৰ পুখুৰীটো ক’লৈ গ’ল? সেই যে ভেটফুল, পুণি, শেলাই আৰু মাছেৰে ভৰি থকা পুখুৰীটো? পুখুৰীটো সঁচাকৈয়ে আছিল নে নাই?”

 

মৌমিতাই ক’লে, “সেইটো যাদুৰ পুখুৰী, ছাৰ। বুঢ়ীজনীয়ে বিচাৰিলেই আহে, বিচাৰিলেই নোহোৱা হয়।”

সৰ্পিলেও মাত লগালে, “মৌৱে ঠিকেই কৈছে, ছাৰ। যাদুৰ পুখুৰী সেইটো।”

“গল্পত তেনেকৈ হ’ব পাৰে, সৰ্পিল।“, ছাৰে কৈ গ’ল, “ কিন্তু তুমিয়েইতো কৈছিলা, তাত ৰং-বিৰঙী মাছ আছিল, পদুম ফুলিছিল। পুখুৰীটো নোহোৱা হোৱাৰ পৰত মাছবোৰ ক’লৈ যায়? পদুমবোৰৰ কি হয়?”

সকলোৱে এইবাৰ মুখ মেলি ছাৰৰ ফালে চালে।

“মাছবোৰো পানীৰ লগতে গুচি যায় নেকি?” কোনোবাই ক’লে।

“পানীখিনিয়েই বা ক’লৈ যায় তেন্তে?” ছাৰে সুধিলে।

চক এডাল হাতত লৈ ছাৰে এইবাৰ বোৰ্ডত এটা সৰু পুখুৰীৰ ছবি আঁকিলে আৰু ক’লে, “ধৰি লোৱাঁ, এইটো তোমালোকৰ পুখুৰী। জন্মৰে পৰা তোমালোকে ইয়াক দেখিছা, ইয়াৰ পানীত বৰশী বাইছা, ইয়াত নামি কলমৌ বুটলিছা, ইয়াৰ পাৰত থকা গছৰ ছাঁত দুপৰীয়া জিৰাইছা। মুঠতে এটা চিনাকি পুখুৰী। কাইলৈ হঠাতে যদি এই পুখুৰীটো নোহোৱা হৈ যায়, তেন্তে তোমালোকৰ কেনেকুৱা লাগিব ভাবাচোন।”

‘বহুত দুখ লাগিব, ছাৰ।” তপনে মাত লগালে, ”আমাৰ ঘৰৰ কাষৰ ৰজাদিনীয়া পুখুৰীটো আজি তিনিমাহমানৰ আগতে পুতি পেলাওঁতে আমাৰ ককাই দুদিন একো নোখোৱাকৈ আছিল।”

“সেইটোৱেই কথা, তপন।’’ ছাৰে কৈ গ’ল, “নদ-নদী, জান-জুৰি, খাল-বিল, পুখুৰী, গছ-গছনি, হাবি এই আটাইবোৰক লৈহে আমি মানুহ। যিবোৰ খাল-বিল নোহোৱা হৈ গ’ল, সেই আটাইবোৰ আমি পাতি থকা এই কথাবোৰৰ অংশ। আমাৰ যদি কথা আছে, গল্প আছে, এই খাল-বিল-পুখুৰীবোৰৰো আছে। সেই বুঢ়ীগৰাকীৰ পুখুৰীটোৰো ছাগে এটা গল্প আছে। মই অঁকা এই পুখুৰীটোৰো হয়তো আছে। এই পুখুৰীটোৱেও হয়তো গল্প এটা ক’ব পাৰিব।”

“হয়, ছাৰ।” প্ৰভাতে মাত দিলে।

“তোমালোকে ভাবিবাচোন এই পুখুৰীটোৱে নিজৰ কি গল্প বুকুত সাঁচি থৈছে বা কঢ়িয়াই ফুৰিছে।‘’ ছাৰে ক’লে, “তোমালোকে নিজে লেখি মোক দেখুৱাবাহঁক।”

এনেতে শ্ৰেণীৰ ঘণ্টা পৰাৰ শব্দ হ’ল। ছাৰে বোৰ্ডত অঁকা পুখুৰীটোৰ ছবিটো মচি নেপেলালে।

(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ