অন্যযুগ/


চুপ্ : এক প্ৰহসন

নীলোৎপল বৰুৱা



(যোৱা সংখ্যাৰ পৰা)




‘চুপ্ : এক প্ৰহসন’ৰ প্ৰথম এক পঞ্চমাংশৰ ফৰ্মেশ্বনটোৰ মূল নাটকৰ কাহিনীৰ সৈতে সংগতি নাই। যদিহে সাৰাৎসাৰৰ সৈতে মিহলাই লোৱা নহয়। এই সময়কণ আচলতে অসমীয়া সংস্কৃতিৰ এটা বিশুদ্ধ চিত্ৰায়ন। জোৰাই কৰা ধেমালী এটা পূৰ্ণৰূপে উপস্থাপন কৰা হৈছে। ৰেম্পৰ ওপৰত চৰিত্ৰৰ নান্দনিক অধিস্থাপন আৰু আৱহত থকা আঁৰিয়াই (অগ্নিগড়) এখন সুন্দৰ পেইণ্টিং তৈয়াৰ কৰিছে। গায়ন, বায়নৰ কামখিনিত ৰেম্প আৰু নিম্নমঞ্চত বৰ্তুলাকৃতিত অধিস্থিত চৰিত্ৰসমূহ স্থিৰ। প্ৰায় পোন্ধৰ মিনিটমান। এই স্থিৰতাৰ ৰিস্ক্ সন্মুখৰ গায়ন-বায়নৰ মাৰ্গীয় পৰিৱেশনাই নিশ্চিতভাৱে লৈ লৈছে। 

প্ৰথম অংশৰ মূল নাটৰ সৈতে সংগতি নাই বুলি কোৱাৰ কাৰণ হৈছে, ফৰ্ম ভাওনাৰ বুলি ধৰি ল’লেহে এই অংশটো সংলগ্ন হ’ব। কিয়নো প্ৰথম দৃশ্যৰ পাছতে হঠাৎ অহা বিহু নাচৰ জোৰাটোৱে প্ৰথম অংশৰ মাৰ্গীয় জড়তা ভাঙি নিছে। প্ৰহসনযুক্ত বিহু নাম এফাঁকিৰে দৃশ্যটোৱে ইতিমধ্যে গঢ়ি উঠা পূৰ্বানুমান এটা ভঙাৰ লগতে পৰিচালকৰ ট্ৰিটমেণ্টৰ দক্ষতা দেখুৱাইছে। সেয়ে সাৰাৎসাৰৰ সৈতেহে প্ৰথম অংশৰ সংলগ্নতা সামূহিক অৱয়ৱত হে গৈ ৰৈছে।



ৰজা ধৰ্মেশ্বৰৰ প্ৰৱেশৰ দৃশ্যটো অতি নান্দনিক। ভাওনাৰ পুৰাতন পদচালনাৰ সৈতে তাল ৰাখি প্ৰহৰী তথা সৈন্যৰ মিলিটেৰী মাৰ্চপাষ্টৰ দৃশ্যটো অতি আনন্দদায়ক। একেদৰে ৰাজসভালৈ চোৰাংচোৱাৰ প্ৰৱেশো দুৰ্দান্ত গতিময়। পেনপেনীয়া কবি, ভোকাতুৰ বৃদ্ধ, অৰণ্যৰ কাষৰ গাভৰু, প্ৰত্যেকৰে প্ৰৱেশৰ পদচালনা সুকীয়া আৰু দৃষ্টিনন্দন। 

হাস্যৰসৰ বাবে মিনিমেলিষ্টিক এপ্ৰোচ প্ৰশংসনীয়। সভাসদে বহিবলৈ চকী বিচৰা, কবিতা পাঠ, সেনাপতিৰ আদেশৰ সুৰ, পেনপেনীয়া  কবিৰ ফ্লায়িং কিছ্- সূক্ষ্ম অথচ শক্তিশালী নিৰ্মাণ। 

প্ৰপাৰ্টিজৰ ব্যৱহাৰ তেনেই কম। যিখিনি আছে সেইখিনি তৈয়াৰ কৰোঁতে ৰুচিশীলতা আছে। উদাহৰণস্বৰূপে সিংহাসনখনৰ কথা উনুকিয়াব পাৰি। একে সময়তে নিম্ন মধ্যত গছজোপা তৈয়াৰ কৰিবলৈ কেবাজনো নাট্যকৰ্মী ব্যৱহাৰ কৰাতো লক্ষণীয়। অৱশ্যে বৃক্ষৰ মেটাফ’ৰ হিচাপে সি কিমান সফল হৈছে সেয়া সন্দেহজনক। 

ৰাজকোঁৱৰে কৰা ধৰ্ষণৰ দৃশ্যটো গতানুগতিক। ধৰ্ষণৰ সেই চাৰ্পেণ্টাইন কনফিগাৰেশ্বনটো তাহানি কালৰ পৰা চলি আহিছে। কোনে প্ৰথমে কৰিছিল তাৰ তথ্য আমাৰ হাতত নাই। কিন্তু ধৰ্ষণ বা বলাৎকাৰৰ একেই কনফিগাৰেশ্বন আমি নিয়মিতভাৱে সকলোৱে প্ৰয়োগ কৰা দেখি আহিছো। মোৰ বোধেৰে এনেকুৱা এক দুইটা মেটাফ’ৰ চলতি বাবে প‌্ৰায়ে পৰিচালক সকলে অন্য বিনিৰ্মাণৰ চেষ্টা নচলায়। অথবা চলালেও ইয়াতকৈ উচ্চতম আৰু মোক্ষণক সজ্জা যে ওলাব তাৰ সন্দেহ আছে। 

পৰিচ্ছদ আৰু সাজসজ্জা চিনাকী আৰু নিয়মীয়া। বাহুল্য নাই। আলোকসম্পাত নিখুঁত। আধিক্য নাই। নাট্যকৰ্মীসকলে জ’নৰ ব্যৱহাৰ কুশলতাৰে কৰিছে। ফেড্ আউটৰ সময় নিখুঁত। 

সংগীতৰ ব্যৱহাৰ প্ৰয়োজন অনুযায়ী যদিও এক দুই ঠাইত খুৱেই উচ্চ। ছন্দোৱদ্ধ। 

মোটামুটিকৈ ‘চুপ্ : এক প্ৰহসন’ সেই অভিযোজনা, যি সকলো স্তৰ আৰু সময়তে প্ৰযোজ্য। 

 

ভ্ৰাম্যভাষ - ৯৮৫৪৫৬৬৪২৯

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ