অন্যযুগ/


বিষয় বিষধৰ

 ধন দাস


হতচকিত ঈশ্বৰ


আচৰিত 

কি তৈয়াৰ কৰিলে


দুখন হাত দুখন ভৰি দুটা চকু 

সকলোৰে ওপৰত 

এটা জৈৱিক কম্পিউটাৰ 

ইমান ভয়ংকৰ যে

মাত মাতিব জানে 

খোজ কাঢ়িব জানে 

জানে জন্ম দিব জানে আৱিষ্কাৰ কৰিব ঈশ্বৰেও সৃষ্টি নকৰা

যুদ্ধ কৰিব জানে 

চোকা দাঁতবোৰে চোবাব জানে লাজ

নাজানে কি ?


বিচলিত ঈশ্বৰ

চিন্তিত 

ক'তো দিব নোৱাৰে আত্মবিবৃতি

কি তৈয়াৰ কৰিলে


কি কৰিবলৈ বাকী থাকিল 

বাকী নাথাকিল বাবেই 

সুবিধাৰ সীমা চেৰাই 

কাপোৰ খুলি প্ৰবচন দিছে


ধৰ্মতকৈ ধুনীয়া বেপাৰ কি হ'ব পাৰে 

গাত চন্দনৰ প্ৰলেপ লগাই

কত যে আয়োজন 


নাট্যকাৰ সাংঘাটিক 

নাটকো চুপাৰ-ডুপাৰ হিট্‌


হায়ৰান ঈশ্বৰ 

এতিয়া নিজেই বচাব নোৱাৰা হ'ল নিজক 

সভ্যতাক ডিটাৰ্জেণ্টেৰে থুকুচি থুকুচি ধুই 

মেলি দিছে  শুকাবলৈ 


ঈশ্বৰ !

আপুনি টক্‌-শ্ব'ত অংশ ল'ব নেকি ?


চকু মুদা কুলিৰ মাজত 

চকু মেলা কাউৰী হলগৈ ঈশ্বৰ


প্ৰশ্ন : কি তৈয়াৰ কৰিলে

বিষয় : কাপোৰ হেৰুওৱা ধৰ্ম

বিপদত ঈশ্বৰ পলাতক 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ