অন্যযুগ/


চহৰখনত তোমাক বিচাৰিছোঁ

মূল : ৰাডনা ফেবিয়াছ (কুৰাচাও/নেদাৰলেণ্ড)

অনুবাদ : ড° ৰঞ্জিত দত্ত


প্ৰথমে তোমাৰ শৰীৰটো

চহৰখনত বিচাৰিলোঁ

অৱশ্যে মই  বিচাৰি পোৱা নাই

কিন্তু মই খৰখেদাও কৰা নাই। 

ধৈৰ্য্যৰে মাথোঁ পথচাৰীৰ পৰা

খুলি লৈছোঁ শৰীৰৰ অংগবোৰ আৰু সেইবোৰ গোটাই  ব্যৱহাৰ কৰিছোঁ

কেৱল তোমাক নিৰ্মাণ কৰিবলৈ।


মই সেই সকলোবোৰ

ভালদৰেই পৰিচালনা কৰিব পাৰোঁ

কিন্তু  মোক লাগে  

মাথোঁ তোমাৰ গাৰ ৰংটোহে।

তোমাৰ  গাৰ  ৰংটো ল'লোঁ

এটি পুৰণি মৃত ৰাজপথৰ দেৱালৰ পৰা,

আগুৱাই যাঁওতে চিকমিকাই থকা  ৰে'লখনৰ পৰা ,

কাউৰীৰ দৰে ক'লা পোঁৰা কাঠৰ

কয়লাৰ পৰা আৰু পুৱা ৭ৰ পৰা ৮বজাৰ ভিতৰৰ  সকলোবিলাক ক'লা ৰঙৰ পৰা,

সমগ্ৰ চহৰখনৰ বিজুলীবাতিৰ তাঁৰৰ 

ছালখনত তোমাক বিচাৰি পালোঁ;

মই উঠি গ'লোঁ ওপৰলৈ

কিন্তু তথাপি ঢুকি নাপালোঁ তোমাক,

গীৰ্জাঘৰটোত কান্দি থকা মহিলাগৰাকীৰ চুলিখনিত তুমি আছিলা,

তুমি আছিলা

সেই ধাৰ্মিক মানুহজনৰ ৰুটিৰ টুকুৰাটোত,

ঘাঁহৰ ওপৰৰ সেই ছোৱালীজনীৰ জোতাযোৰত,

পুৰণি ঘৰটোৰ খিৰিকিখনত য'ত কইনাজনীয়ে এখন ফটোৰ বাবে থিয় দি ৰৈছে,

শিলৰ দৰে টান গছৰ সেই বাকলিবোৰত আৰু দেশৰখনৰ তিনিটা বেলেগ বেলেগ মোৰ জন্মস্থানৰ সেই বালিখিনিত,

কিন্তু লোকাচাৰে যে মোক 

তোমাৰ ৰংটো ঘূৰাই ল'বলৈ  নিদিলে।

মই তোমাক বিচাৰি পালোঁ 

সাগৰৰ পাৰৰ জাহাজঘাটৰ স্তূপবোৰত,

মই তোমাক বিচাৰি পালোঁ

সাগৰৰ তীৰৰ

কোনোবা ভোকাতুৰৰ গালৰ ডেউকাত,

তাৰ পাছত বিচাৰি পালোঁ

সাগৰৰ ওপৰত সেই নিশাটোত

যিটো আছিল তোমাৰ দৰে।


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ