অন্যযুগ/


মলেঁয়া

 

দাদুল দেৱকৃষ্ণ বৰুৱা

(৩০)

 

মিষ্টাৰ ইগৰ লৰালৰিকৈ টেলিফোনটোৰ ওচৰলৈ গ'ল। ঘৰৰ নম্বৰ ডায়েল কৰি খবৰ পঠালে— তেওঁৰ চিকিৎসাৰ বেগটো সোনকালে ষ্টেপানৰ ঘৰত দি যাবহি লাগে। ইগৰৰ নিৰ্দেশনা অপৰিসীম দায়িত্ববোধৰ বহিৰ্প্ৰকাশ। ফোনটো থৈ তেওঁ ষ্টেপানৰ ফালে চালে; চাৱনিত এগৰাকী চিকিৎসকৰ লগতে এগৰাকী অকৃত্রিম বন্ধুৰ আস্থা। 

টেলিফোনটোৰ ওচৰৰ পৰা আহি মিষ্টাৰ ইগৰে ষ্টেপানৰ কান্ধত হাত এখন থৈ গম্ভীৰ আশ্বাসেৰে ক'লে—

: ষ্টেপান, ইউভান অলপ পাছতেই মোৰ চিকিৎসাৰ বেগটো লৈ আহি পাবহি। তুমি চিন্তা নকৰিবা, মই যিমান পাৰোঁ চেষ্টা কৰিম। তাইক তুমি উদ্ধাৰ কৰাৰ দিনা যিদৰে ৰক্ষা কৰিবলৈ পৰামৰ্শ দিছিলোঁ, এতিয়াও মই তোমাৰ লগত আছোঁ।

ষ্টেপানে ইগৰৰ চকুলৈ চালে। কোঠাটোত কেৱল মলেঁয়াৰ ডিঙিৰ পৰা ওলোৱা এটা বিশেষ শব্দৰ বাহিৰে আন শব্দ নাই। ক্লেপেটাঁ মলেঁয়াৰ কাষত অচল হৈ ৰৈ আছে। ষ্টেপান চকীখনত বহি পৰিল। তেওঁৰ মনলৈ আহিল মলেঁয়াক উদ্ধাৰ কৰি অনা দিনটোৰ কথা।

সেই দিনটোৰ কথা মনত পৰিলে ষ্টেপানৰ বুকুখনত আজিও এক চেঁচা সোঁত বয়। ১৯৯৩ চনৰ সেই বৰষুণসিক্ত আবেলিটো! তেওঁ যেতিয়া দৌৰি গৈ দেখিছিল— তেজত লুতুৰি-পুতুৰি, ডেউকাখন দুফাল হৈ যোৱা এটা কণমানি বগা চৰাই।

ইগৰ তেতিয়া অঞ্চলটোৰ সৰ্বশ্ৰেষ্ঠ পশু চিকিৎসক। ষ্টেপানে যেতিয়া মলেঁয়াৰ কথা কৈ ইগৰলৈ ফোন কৰিছিল তেতিয়া ইগৰৰ পৰামৰ্শ মতেই মলেঁয়াৰ যতন লৈছিল। তেওঁ কোঠাৰ একোণত মলেঁয়াক যতনাই থৈছিল, দিনে-ৰাতিয়ে ইগৰৰ নিৰ্দেশমতে ঔষধ খুৱাইছিল, তাইৰ শুশ্ৰূষা কৰিছিল। সেইদিনা মৃত্যুৰ মুখৰ পৰা মলেঁয়াক তেওঁ ইগৰৰ সহায়তে ঘূৰাই আনিছিল। আজি ১৯ বছৰৰ মূৰত পুনৰ সেই একেজন ইগৰ, সেই একেজন ষ্টেপান আৰু মলেঁয়া... মাত্ৰ পৰিৱেশটো সলনি হৈছে। 

হঠাৎ কলিং বেলৰ শব্দ। দুৱাৰ খুলি দিলে মিষ্টাৰ ইগৰে। ইউভানে ইগৰৰ পুৰণি চামৰাৰ চিকিৎসাৰ বেগটো লৈ সোমাই আহিল। সি অলপ ভাগৰুৱা যদিও চকুত আছিল এক গভীৰ উদ্বেগ।

: দেউতা, এইটো আপোনাৰ বেগ।— ইউভানে বেগটো টেবুলত থ’লে।

ইগৰে একো নকৈ বেগটো খুলিলে। পৰিচিত আয়'ডিন, কপাহ, বেণ্ডেজ আৰু কিছুমান বিশেষ ঔষধৰ গোন্ধ কোঠাটোত বিয়পি পৰিল। ষ্টেপানে দেখিলে— ইগৰৰ হাতৰ আঙুলিত অকণো কঁপনি নাই; কিন্তু চকুৰ কোণত বিষাদৰ গভীৰ ছাঁ।

: ষ্টেপান, মলেঁয়াক অলপ পোহৰৰ ফালে লাহেকৈ ঘূৰাই দিয়া।— ইগৰ কামত ব্যস্ত হৈ ক’লে।

ষ্টেপানে অতি সাৱধানে মলেঁয়াক তুলি ল’লে। তাইৰ ওজন আগতকৈ বহুত কমিল। চকুহাল অৰ্ধ নীমিলিত। ষ্টেপানৰ স্পৰ্শ পাই তাই এটা মৃদু জোকাৰণি দিলে। ক্লেপেটাঁই মলেঁয়াৰ চাৰিওফালে একেৰাহে চক্কৰ কাটিছে। সি যেন ইগৰক বুজাবলৈ চেষ্টা কৰিছে— ''তাইক বচাওক, যিকোনো প্ৰকাৰে তাইক আকৌ ঘূৰি ফুৰাৰ শক্তি দিয়ক!''

ইগৰে মলেঁয়াৰ দুৰ্বল হৈ অহা হৃদ স্পন্দন পৰীক্ষা কৰিলে। ইগৰৰ মুখৰ পৰা কোনো কথা ওলোৱা নাই যদিও কপালত ভাঁজ পৰিল।

: ষ্টেপান, মই তাইৰ কষ্ট কমাবলৈ যি পাৰোঁ কৰিছোঁ। কিন্তু তাইৰ বয়স হৈছে। তাইৰ হৃদযন্ত্ৰ এতিয়া একেবাৰে দুৰ্বল। আমাৰ হাতত যি আছে, তাৰে আমি তাইক এটা যন্ত্ৰণামুক্ত বিদায়ৰ বাবে প্ৰস্তুত কৰিব লাগিব।

ষ্টেপানে ইগৰৰ মুখলৈ চালে। ইগৰৰ কথাখিনি আছিল সঁচা, কঠোৰ; কিন্তু গভীৰ মৰমেৰে ভৰা।

: সময় তাকৰীয়া...! —ষ্টেপানে অস্ফুট কণ্ঠেৰে ক’লে।

: তাইৰ শৰীৰত এতিয়া আৰু আগৰ দৰে স্বাভাৱিক প্ৰতিৰোধ ক্ষমতা নাই। আমি এতিয়া তাইক কেৱল মৰম আৰু অতি সূক্ষ্ম পৰিচৰ্যাত ৰাখিব লাগিব। 

ষ্টেপানে ইগৰৰ দুহাত খামোচ মাৰি ধৰিলে। তেওঁৰ চকুত কৃতজ্ঞতাৰ চকুলো।

: ইগৰ, তুমি যে মোৰ লগত আছা, সেয়াই যথেষ্ট। মই মোৰ জীৱনৰ শেষ সময়খিনিৰ দৰেই মলেঁয়াৰ কাষত কটাম।

ইউভানে তাৰ দেউতাকক কেতিয়াও ইমান আৱেগিক হোৱা দেখা নাছিল। সি ওচৰ চাপি আহি ষ্টেপানৰ কান্ধত হাত থ’লে। সি অনুভৱ কৰিলে— ঘৰখনত এতিয়া চলি থকা যুঁজখন কেৱল এটা চৰাইৰ প্ৰাণ বচাবলৈ নহয়, এয়া হ’ল ১৯ বছৰৰ এটা সম্পৰ্কক সন্মান জনোৱাৰ যুঁজ। সি বুজি পালে, দেউতাকৰ চিকিৎসাৰ বেগটোত কেৱল ঔষধ নাই, তাত আছে ষ্টেপানৰ দৰে এজন মানুহৰ প্ৰতি আৰু মলেঁয়াৰ দৰে এটা জীৱৰ প্ৰতি থকা অকৃত্রিম মৰমৰ পৰশ।

: মই ইয়াতে আছোঁ। তুমি যোৱাগৈ।— মিষ্টাৰ ইগৰে পুতেকলৈ নোচোৱাকৈয়ে ক'লে।

দেউতাকৰ কথা শুনি ইউভানে শেষ বাৰলৈ মলেঁয়াৰ ফালে চাই কোঠাটোৰ পৰা ওলাই গ'ল। বাহিৰত গাড়ী ষ্টাৰ্ট কৰাৰ শব্দ হ'ল।

কোঠাটোত নিৰৱতাৰ ৰাজত্ব আৰম্ভ হ’ল। ইগৰৰ চিকিৎসা আৰু ষ্টেপানৰ প্ৰেমৰ মাজত মলেঁয়াও যেন জীৱনৰ শেষৰ সময়খিনি পাৰ কৰিবলৈ সাজু হৈছে। বাহিৰত আকাশখন লাহে লাহে ডাৱৰীয়া হৈ আহিছে, যেন প্রকৃতিও বিমৰ্ষ হৈ পৰিছে। তাৰ মাজতো এক অদম্য আশা— মলেঁয়াই অন্ততঃ তাইৰ আটাইতকৈ মৰমৰ মানুহবোৰৰ মাজতে শেষ উশাহ ল’ব পাৰিব!

মাৰ্ক' আৰু ডেনিকা ওলালহি। সিহঁতহাল এতিয়া কলেজ পঢ়ি থকা চফল ডেকা-গাভৰু। পঢ়াৰ মাজতে সময় উলিয়াই মলেঁয়াৰ ওচৰলৈ সদায় অহাটো সিহঁতৰ ৰুটিন। আজিও তাৰ ব্যতিক্ৰম নঘটিল।

চাইকেল দুখন চোতালৰ এমূৰত থৈ আপেলজোপাৰ তললৈ চালে। নাই— মলেঁয়া আৰু ক্লেপেটাঁ এটাও নাই তলত। সিহঁত চাগে পিছফালে আছে!— কথাটো সহজভাৱে তেনেকৈয়ে ভাবিলে মাৰ্ক'ই। কিন্তু যেতিয়া দুৱাৰমুখ পালেগৈ— গোটেই গোমা পৰিৱেশটোৱে যেন কৈ দিলে— কিবা এটা ভয়ানক ঘটি গৈছে!

মাৰ্ক' আৰু ডেনিকাৰ প্ৰৱেশে নিস্তব্ধ কোঠাটোত এক নতুন কম্পনৰ সৃষ্টি কৰিলে। মলেঁয়াৰ অৱস্থা আৰু ষ্টেপানৰ চকুৰ বিষাদ দেখি ডেনিকাৰ হাতৰ পৰা সৰু মাছৰ টোপোলাটো মজিয়াত সৰি পৰিল। তাই দৌৰি গৈ ষ্টেপানৰ কাষত থিয় হ’ল।

: মলেঁয়াৰ কি হৈছে? তাই... তাই কিয় এনেকৈ নিঠৰ হৈ আছে?— ডেনিকাৰ কান্দোন যেন ওলাই আহিব।

মাৰ্ক'ই শান্তভাৱে মিষ্টাৰ ইগৰৰ ফালে চালে। সি বুজি পালে ইগৰৰ চিকিৎসাৰ বেগটোৰ অৰ্থ কি। সি লাহেকৈ গৈ ক্লেপেটাঁৰ ওচৰত বহিল। ক্লেপেটাঁ আজি তাৰ চিনাকি গৰ্বী চৰাইটো হৈ থিয় দি থকা নাই; তাৰ অৱসন্ন শৰীৰটোত যেন এক প্ৰকাণ্ড বোজা। ইগৰে গম্ভীৰ কণ্ঠৰে ক’লে—

: মাৰ্ক', ডেনিকা— মলেঁয়াই যুঁজ দি আছে;কিন্তু প্ৰকৃতিৰ নিয়মক আমি কেৱল মৰমেৰে বাধা দিব পাৰোঁ, পৰাজিত কৰিব নোৱাৰোঁ।

ডেনিকাই তাইৰ আটাইতকৈ প্রিয় পুতলাটো মলেঁয়াৰ কাষত থৈ দিলে— ঠিক যেনেকৈ সৰুতে সিহঁতে খেলোতে মলেঁয়াক লগত লৈছিল। মাৰ্ক' ষ্টেপানৰ কাষত বহি পৰিল। সি জানিছিল, আজি ষ্টেপানক আটাইতকৈ বেছি সাহসৰ প্ৰয়োজন।

: তুমি নাভাবিবা অকলশৰীয়া বুলি।— মাৰ্ক'ই ষ্টেপানৰ হাতখন নিজৰ হাতৰ মাজত ল’লে।

ষ্টেপানে অলপ হাঁহিবলৈ চেষ্টা কৰিলে। এই ল’ৰা-ছোৱালীহালক দেখি তেওঁৰ বুকুখনৰ বিষ যেন কিছু পাতলিল। তেওঁ বুজি পালে, মলেঁয়া আৰু ক্লেপেটাঁৰ এই পৱিত্ৰ প্ৰেমৰ কাহিনীটো অকল তেওঁৰ ডায়েৰীৰ হালধীয়া পাতত নহয়, এই নতুন প্ৰজন্মৰ তেজৰ ধমনীত, সিহঁতৰ হৃদয়তো অমৰ হৈ ৰ’ব।

বাহিৰত বতাহজাক দ্ৰুত হৈ পৰিছে। আপেল গছজোপাৰ পাতবোৰৰ শব্দৰ মাজত যেন মলেঁয়াৰ বিগত ১৯ বছৰৰ স্মৃতিবোৰে নৃত্য কৰিছিল। ইগৰে পুনৰ মলেঁয়াৰ কপালত হাত বুলাই দিলে।

মলেঁয়াই যেন সকলোৰে উপস্থিতিক অনুভৱ কৰিব পাৰিছে। তাইৰ অৰ্ধনীমিলিত চকুহালৰ পৰা এটা স্নিগ্ধ পোহৰ বিৰিঙি উঠিল। তাইৰ ডিঙিটো এবাৰ সামান্য লৰচৰ কৰি ক্লেপেটাঁৰ পাখিৰ মাজত গুজি দিলে। ক্লেপেটাঁই এতিয়া মলেঁয়াৰ উশাহৰ লগত মিল ৰাখি তাৰ নিজৰ উশাহৰ ছন্দ সলনি কৰিছে— পৱিত্ৰ প্ৰেমৰ নীৰৱ লয়লাস!

লাহে লাহে সন্ধিয়া পাৰ হৈ ৰাতি হ'ল। ৰাতিটো গভীৰ হৈ আহিল। কোঠাটোৰ ম্লান পোহৰত সকলোৰে ছাঁবোৰ দেৱালত একোটা নিস্তব্ধ প্ৰতিচ্ছবি হৈ উঠিল। প্ৰতিটো মিনিট যেন এটা শতিকাৰ দৰে দীঘল হৈ পৰিল। ইগৰ, ষ্টেপান, মাৰ্ক' আৰু ডেনিকা— কোনেও একো কোৱা নাই; মাথোঁ মলেঁয়াৰ ক্ষীণ হৈ অহা উশাহৰ শব্দটোৱে কোঠাটোৰ নিৰৱতা ভাঙিছে।

ক্লেপেটাঁৰ অৱস্থা দেখিলে হিয়া কঁপি উঠিব। সি মলেঁয়াৰ মূৰৰ কাষত মূৰটো থৈ যিদৰে স্থিৰ হৈ আছে, সি যেন এক মূৰ্তিমান প্ৰাৰ্থনা। সি মাজে মাজে চকু মেলিবলৈ চেষ্টা কৰে। যন্ত্রণাতকৈ তাৰ চকুত গভীৰ প্রতীক্ষা।

ডেনিকাই অস্ফুট কণ্ঠৰে ক'লে—

: ককা, মলেঁয়াই কি আমাক চিনি পাইছে?

ষ্টেপানে একো নক'লে, মাথোঁ মলেঁয়াৰ কোমল পাখিৰ ওপৰত হাতখন আলফুলে বুলাই দিলে। মলেঁয়াই যেন ডেনিকাৰ কণ্ঠস্বৰ চিনি পালে! তাই অতি কষ্টেৰে এবাৰ ডিঙিটো পোন কৰিলে, আৰু চকুহাল মেলি ডেনিকাৰ ফালে চালে। সেই চাৱনিত ধন্যবাদৰ ভাষা!

কোনেও একো খোৱা নাই। মাৰ্ক'ই সৰু সৰুকৈ কাটি দিয়া মাছৰ টুকুৰাকেইটা প্লেটত পৰি ৰ'ল— মলেঁয়া আৰু খাব পৰা অৱস্থাত নাই। ক্লেপেটাঁয়ো মাছৰ টুকুৰাকেইটালৈ অলপো আগ্ৰহ নেদেখুৱালে। ঠিক একেদৰে ডেনিকাই যতনাই দিয়া কফি দুঢোকমান আটাইকেইজনে গলাধকৰণ কৰিলে যদিও কেক-বিস্কুটলৈ কাৰো হাত নগ'ল।

ইগৰে হাতৰ ঘড়ীটোলৈ চালে— নিশা দুই বাজিছে। তেওঁ বুজি পালে, সময় সমাগত। তেওঁ  ষ্টেপানৰ হাতত ধৰি ক'লে—

: ষ্টেপান, তাইৰ এই যাত্ৰা এতিয়া শেষৰ পৰ্যায়ত। ইমান বছৰ তাই আকাশৰ প্ৰেমত নাছিল। তাই তোমাৰ আৰু এই পৰিয়ালটোৰ প্ৰেমত আছিল। তাইৰ কোনো আক্ষেপ নাই।

: কিন্তু তাই যে কষ্ট পাই আছে!— ষ্টেপানৰ দুচকুৰে দুধাৰি বৈ আহিল।

ইগৰে ষ্টেপানৰ হাতখন আলফুলে নিজৰ হাতৰ মাজত লৈ অলপ দৃঢ়তাৰে ক’লে—

: ষ্টেপান, জীৱন আৰু মৃত্যুৰ সন্ধিক্ষণত প্ৰতিটো উশাহ কষ্টদায়ক হ’বই। তুমি চোৱা, তাইৰ চকুৰ ফালে চোৱা। তাইৰ দৃষ্টিত এতিয়া যন্ত্ৰণাৰ চিন নাই, আছে কেৱল এক গভীৰ তৃপ্তি। তাই জানে যে তাই অকলশৰীয়া নহয়, তাইৰ কাষত তাইৰ আটাইতকৈ মৰমৰ মানুহখিনি আছে। তাইৰ বাবে এইখিনিয়েই সৰ্বোচ্চ শান্তি!

দূৰৈত কুকুৰাৰ ডাক শুনা গৈছে। ঠিক তেতিয়াই মলেঁয়াৰ দেহটোত এক অদ্ভুত স্পন্দন আৰম্ভ হ'ল! ইগৰে সাৱধানে তাইৰ নাড়ী পৰীক্ষা কৰি আছিল। হঠাৎ তেওঁৰ হাতখন অলপ লৰচৰ কৰি উঠিল।

: ষ্টেপান... চোৱাঁ!— ইগৰৰ কণ্ঠত বিস্ময় আৰু অবিশ্বাস।

মলেঁয়াৰ বুকুৰ ক্ষীণ ধপধপনিটো হঠাৎ এটা নতুন শক্তি লৈ জাগি উঠিল! যিজনী চৰাইৰ চকু আছিল অৰ্ধ-নীমিলিত, তাত হঠাৎ উজ্জ্বলতা দেখা গ’ল। তাই ডিঙিটো পোন কৰিলে, যেন বহু বছৰৰ পাছত তাই আকৌ এবাৰ পৃথিৱীখনক চাবলৈ চেষ্টা কৰিছে!

ডেনিকা আৰু মাৰ্ক'ই এটাও শব্দ নকৰাকৈ চাই থাকিল। ক্লেপেটাঁই শব্দ কৰি মলেঁয়াৰ ফালে আগবাঢ়ি আহিল। সি তাইৰ গাত ঠোঁটটো লগাই কিবা এটা ফুচফুচালে!

মলেঁয়াই যেন সেই ভাষা বুজি পালে। তাই অতি সাৱধানে, অতি ধীৰে ধীৰে নিজৰ ঠেং দুখনত ভৰ দি থিয় হ’বলৈ চেষ্টা কৰিলে। প্ৰথমবাৰ তাই পৰি গ’ল; কিন্তু দ্বিতীয়বাৰ? দ্বিতীয়বাৰ তাই থিয় হ’ল! সেই অচল হৈ পৰা অৱস্থাৰ পৰা তাই যেন পুনৰ জন্ম লাভ কৰিলে।

ষ্টেপানৰ চকুৰ পৰা চকুলোৰ ধাৰা বৈ আহিল। সেয়া দুখৰ নহয়— আনন্দৰ। তেওঁৰ হাতখন কঁপিবলৈ ধৰিলে। চশমাযোৰ খুলি টেবুলত থ’লে আৰু মলেঁয়াৰ ফালে হাতখন আগবঢ়াই দিলে। মলেঁয়াই তাইৰ ঠোঁটখনেৰে ষ্টেপানৰ আঙুলিত আলফুলকৈ খুটিলে।

ইগৰে একো ক’ব নোৱাৰিলে। তেওঁ বহু বছৰৰ চিকিৎসাৰ অভিজ্ঞতাৰে এটা কথা জানিছিল— চিকিৎসা বিজ্ঞানৰ ঊৰ্ধ্বত কিছুমান কথা থাকে, যিবোৰক কেৱল 'অলৌকিক' বুলি ক’ব পাৰি।

: এইটো কেনেকৈ সম্ভৱ হ’ল, ইগৰ?— ষ্টেপানে অস্ফুট কণ্ঠেৰে সুধিলে।

ইগৰে বিষাদৰ হাঁহি এটা মাৰি ক’লে—

: ষ্টেপান, প্ৰেমৰ শক্তি চিকিৎসা বিজ্ঞানৰ ঔষধতকৈও শক্তিশালী। মলেঁয়াই আজি মৃত্যুৰ দুৱাৰৰ পৰা ঘূৰি আহিছে, কেৱল তোমাৰ আৰু এই পৰিয়ালটোৰ মৰমৰ বাবে। তাইৰ হয়তো এতিয়াও বিদায় লোৱাৰ সময় হোৱা নাই।

ষ্টেপানে দেখা এই সপোন-জগতখনৰ বিপৰীতে কোঠাটোত নিস্তব্ধ পৰিৱেশ। তেওঁৰ চকুত যি মলেঁয়াই ভৰিৰ ওপৰত থিয় দিছিল, আচলতে তাইৰ নিথৰ দেহটো তেতিয়াও ইগৰৰ হাতৰ ওপৰত। ষ্টেপানৰ মগজুৱে যেন বাস্তৱৰ কঠোৰ আঘাতক অস্বীকাৰ কৰি এখন সমান্তৰাল জগত সাজি লৈছে। তেওঁৰ বাবে ক্লেপেটাঁৰ মৰ্মান্তিক আর্তনাদটো আনন্দৰ কিৰিলি হৈ উঠিছে। তেওঁৰ বাবে ইগৰৰ চকুৰ বিষাদৰ পানীখিনি আৱেগৰ চকুলো হৈ দেখা দিছে।

ষ্টেপানে নিজৰ হাতখন মলেঁয়াৰ ফালে আগবঢ়াই দিলে। তেওঁৰ আঙুলিত অদ্ভুত কম্পন। তেওঁ যেন মলেঁয়াৰ কোমল পাখিৰ উম পাইছে, যেন তাইৰ উশাহৰ মৃদু কম্পন তেওঁ অনুভৱ কৰিছে। তেওঁৰ মতে মলেঁয়া জীয়াই আছে! এই বিশ্বাসটো তেওঁৰ অস্থি-মজ্জাত এনেদৰে সোমাই পৰিল যে তেওঁৰ বাবে কোঠাটোৰ আন সকলো শব্দ যেন অস্পষ্ট হৈ পৰিল।

ইগৰে বিভ্ৰমটো ধৰিব পাৰিলে। তেওঁৰ অন্তৰখন চিৰাচিৰ হৈ গ'ল। এজন চিকিৎসক হিচাপে নহয়, এজন বন্ধু হিচাপে তেওঁ বিচাৰিছে ষ্টেপানক এই মায়াজালৰ পৰা মুক্ত কৰিবলৈ; কিন্তু তেওঁৰ মুখৰ পৰা মাত নোলাল। তেওঁ দেখিলে— ষ্টেপানে কেনেকৈ মলেঁয়াৰ অচল হৈ পৰা চকুহালৰ ফালে চাই আছে আৰু ভাবিছে যে তাই তেওঁলৈ চাই মিচিকিয়াই হাঁহিছে।

: ইমান ধুনীয়া! ইমান সতেজ!— ষ্টেপানে অস্ফুট মাতেৰে ক’লে।

পুৱাৰ প্ৰথম কিৰণ খিৰিকিৰে সোমাই আহিল। সূৰ্যৰ পোহৰত ইগৰৰ হাতত থকা মলেঁয়াৰ নিথৰ দেহটোৰ ওপৰত পোহৰ পৰিল। সেই পোহৰত সকলো স্পষ্ট হৈ পৰিল— পাখিৰ লৰচৰ নাই, উশাহৰ ছন্দ নাই, কেৱল এক গভীৰ, অনন্ত নিস্তব্ধতা। পোহৰ ৰেখাই ষ্টেপানৰ সপোনৰ কাঁচঘৰটো ভাঙি পেলালে।

ষ্টেপানৰ হাঁহিটো ম্লান হৈ আহিল। তেওঁৰ হাতৰ আঙুলিবোৰ কঁপিবলৈ ধৰিলে। তেওঁৰ চকুৰ আগত জিলিকি থকা চঞ্চল মলেঁয়াৰ ছবিখন ধোঁৱাৰ দৰে মিলি যাবলৈ ধৰিলে। বুকুৰ ভিতৰত যিটো আশাৰ চৰাই উৰি আছিল, সি হঠাৎ সৰি পৰিল।

তেওঁৰ হাতখন লাহেকৈ মলেঁয়াৰ পাখিৰ ওপৰলৈ নামি আহিল। কোমল পাখিৰ পৰিৱৰ্তে তেওঁ অনুভৱ কৰিলে এক শীতল, কঠিন বাস্তৱ। তেওঁৰ ওঁঠযোৰ কঁপিবলৈ ধৰিলে; কিন্তু শব্দ নোলাল। চকুত যি আনন্দৰ পোহৰ আছিল, সেয়া মুহূৰ্ততে আন্ধাৰ বিষাদে গ্ৰাস কৰিলে।

ইগৰে অতি সাৱধানে ষ্টেপানৰ কান্ধত হাত থ’লে। সেই স্পর্শৰ লগে লগে ষ্টেপান বাস্তৱৰ ধৰালৈ উভতি আহিল। তেওঁ ইগৰৰ ফালে চালে। ইগৰৰ চকুহাল সেমেকি আছে। তাতে তেওঁ বিচাৰি পালে তেওঁৰ নিজৰ ভাঙি পৰা পৃথিৱীখনৰ প্ৰতিচ্ছবি।

: ইগৰ... তাই— তাই সঁচাকৈয়ে গ’ল?— ষ্টেপানৰ কণ্ঠ যেন নহয়!

এতিয়া তেওঁৰ কোনো সপোন নাই; আছে কেৱল এক অসীম, মৰ্মান্তিক শূন্যতা। সেই শূন্যতাৰ মাজত ক্লেপেটাঁই পুনৰ এবাৰ এটা তীক্ষ্ণ, কৰুণ চিঞৰ মাৰিলে। সি যেন ষ্টেপানক জনাই দিলে— "হয়, তাই গ’ল!"

ইগৰে বুজিছে— ষ্টেপান মানসিকভাৱে কিমানদূৰ ভাঙি পৰিছে। তেওঁৰ অকৃত্রিম বন্ধুজনক তেওঁ কিদৰে এই কঠোৰ বাস্তৱটোৰ সন্মুখীন কৰাব? ইগৰে অলপ আগবাঢ়ি আহি ষ্টেপানৰ কান্ধত হাত থ’লে।

: ষ্টেপান...!— ইগৰৰ মাতটো ধৰফৰাই ওলাল।

ষ্টেপানে যেন একো শুনা নাছিল। তেওঁ তেতিয়াও মলেঁয়াৰ নিথৰ দেহটোলৈ চাই মিচিকিয়াই হাঁহি আছিল। তেওঁৰ পৃথিৱীত মলেঁয়া তেতিয়াও জীয়াই আছিল, তাই যেন অলপ পিছতেই টোপনিৰ পৰা সাৰ পাই চোতালত বিচৰণ কৰিব!

ডেনিকাই মাৰ্ক'ৰ বুকুত মুখ লুকুৱালে। মাৰ্ক'ৰ চকুৰ পৰাও চকুলো সৰিল। ষ্টেপানে মলেঁয়াক বুকুত সাৱটি ধৰিলে। ১৯ বছৰৰ মৰমবোৰ, তাৰিখবোৰ, ৬৬টা সন্তানৰ ইতিহাস— সকলো যেন এটা বিন্দুত মিলি গ’ল।

: তাই গ’ল...! —ইগৰৰ মাতটো থুকাথুকিকৈ ওলাল।

ক্লেপেটাঁই তাৰ দীঘল ঠোঁটটোৰে মলেঁয়াৰ নিথৰ দেহটো খোঁচৰি এটা শব্দ কৰিলে। যেন সি তাইক কৈছে— ''উঠা, আকৌ এবাৰ আকাশলৈ চোৱা!'' কোনো সঁহাৰি নাপাই সি মূৰ তুলি গোটেই কোঠাটোলৈ চালে। সি বুজি পাইছে— তাৰ মলেঁয়াজনী আৰু নাই!

ষ্টেপানে দুৱাৰখন খুলি দিলে। তেওঁৰ মনত পৰিল ১৯ বছৰৰ আগৰ বৰষুণসিক্ত আবেলিটোৰ কথা। আজি আকাশত বৰষুণ নাই, আছে এক গভীৰ শান্তি।

মাৰ্ক'ই লাহেকৈ ক'লে—

: ককা, তাইক এতিয়া ক’ত শুৱাম?

ষ্টেপানে আপেল গছজোপাৰ ফালে চালে।

: সেইজোপাৰ তলতেই, য’ত তাই ক্লেপেটাঁক লগ পাইছিল। য’ত তাইৰ প্ৰেমৰ আৰম্ভণি হৈছিল, আজি তাতেই তাইৰ জিৰণি হ’ব।

ইগৰে মলেঁয়াক সাৱধানে দাঙি ল’লে। ক্লেপেটাঁ তেওঁলোকৰ পিছে পিছে কোনো শব্দ নকৰাকৈ খোজ ল’লে। প্ৰত্যেকৰ চকুতে একোটা অসম্পূৰ্ণ কাহিনী, যিটো কাহিনী কেৱল মলেঁয়া আৰু ক্লেপেটাঁৰ দৰে চৰাইৰ প্ৰেমৰ মাজেৰেই সম্ভৱ।

ষ্টেপানে ইগৰৰ হাতৰ পৰা মলেঁয়াক আলফুলে নিজৰ বুকুলৈ লৈ আহিল। ১৯ বছৰৰ সেই নিবিড় সম্পৰ্কৰ শেষ উমখিনি তেওঁ বুকুত সাবটি ল’লে। তেওঁৰ চকুৰ পৰা সৰি পৰা চকুলোবোৰ মলেঁয়াৰ নিথৰ পাখিত পৰি মুকুতাৰ দৰে জিলিকি উঠিল। এটা অসম্পূৰ্ণ কাহিনীৰ শেষ বিদায়!

(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ