অন্যযুগ/


কেৰিবিয়ান ক্ৰিকেটত নতুন 'ছামাৰ'

যুগললোচন দাস 


কেৰিবিয়ান দ্বীপপুঞ্জৰ এটা নিভৃত ক্ষুদ্ৰ দ্বীপ।

চাৰিওফালে বিস্তৃৰ্ণ জলৰাশি। মহাসাগৰৰ উত্তাল গৰ্জন। কেতিয়াবা শান্ত সমাহিত। দিগন্ত ব্যাপি কেৱল নীলা নীলা নীলা। বেলিটো সাগৰৰ দূৰ দিগন্তৰ পৰাই উঠি আহি আকৌ পশ্চিমৰ দিগন্তৰ ৰেখাত চুমা দি বুৰ যায়। যেন নিশাটোৰ বাবে মহাসাগৰৰ বক্ষতহে জিৰণি লয়। দ্বীপটোৰ বাসিন্দা ছামাৰ জোছেফহঁতে তেনেকৈয়ে ভাবে চাগে। মাত্ৰ ৩৫০ জন বাসিন্দাৰ এক বিচ্ছিন্ন ক্ষুদ্ৰ দ্বীপ। গায়েনাৰ ৰাজধানীৰ পৰা এই নি:সংগ ভূভাগলৈ জলপথেৰে যাবলৈ দুটা দিন লাগে। দূৰত্ব ২২০ কিলোমিটাৰ। আধুনিকতাই ভালদৰে পৰশিবই পোৱা নাই। বাসিন্দাসকল ঘাইকৈ কৃষিজীৱি আৰু বনাঞ্চলৰ কাঠৰ ব্যৱসায়ী। ইয়াতকৈ আৰু বেছি একো নাই। ম'বাইল-ইণ্টাৰনেট সেৱাৰ আৰম্ভ সৌ সিদিনাৰ পৰাহে হৈছে। ২০১৮ চনত ইণ্টাৰনেট সংযোগেৰে সামৰা দ্বীপটোৰ বাসিন্দা ছামাৰ জোছেফৰ বনাঞ্চলৰ কাঠ কটাই আছিল জীৱিকা। মনৰ দাপোণত সপোনটোৰ অগা-ডেৱা। কুঠাৰ খামুচি ধৰা হাতখন ঘূৰণীয়া বলটো স্পৰ্শ কৰাৰ হাবিয়াসত আতুৰ। অসম্ভৱ বুলি জানিও যেন স্বপ্নাৱিষ্ট। 

দ্বীপটোৰ জনজাতীয় লোকৰ আৱাস বাৰকাৰা নামৰ গাঁওখনৰ বাসিন্দা ২৪ বছৰীয়া ছামাৰ। জনবসতি পূৰ্ণ দ্বীপবোৰৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈও সপোন দেখিছে ছামাৰে। সপোনত সম্ভৱ হৈ উঠে অসম্ভৱো। ক্ৰিকেটৰ তেজ প্ৰৱাহিত প্ৰতিজন কেৰিবিয়ানৰ সিৰাই সিৰাই। ব্ৰাজিলত যেনেকৈ উপজিয়েই ফুটবলাৰ হোৱাৰ সপোন দেখে, ইয়াতো উপজিয়েই সপোন দেখিবলৈ লয় ক্ৰিকেটাৰ হোৱাৰ। অস্বাভাৱিক নহয়। জামাইকাৰ দ্ৰুততম মানৱ উছেইন ব'ল্টেও প্ৰথমে দেখিছিল এই সপোন। ছামাৰৰ চকুৰ আগত দুজন নায়ক, কৰ্টনি ৱালছ আৰু কাৰ্টলি এমব্ৰ'ছ। কেৰিবিয়ান ক্ৰিকেটৰ দুজন মহান ফাষ্ট বলাৰ। সপোনত দুয়োজনেই হাত বাউলি মাতে। 

বাস্তৱত ছামাৰ অসহায়। ক্ৰিকেটৰ টিকটিকিয়া ৰঙা বলটো কিয়, টেনিছ বল এটাকে হাতত তুলি ল'বলৈ সামৰ্থ্য আহৰণ কৰিব পৰা নাই। নেমু, মধুৰীআম, খেজুৰকে দলিয়ায় বল ভাবি। তেনেকৈয়ে বিচ্ছিন্ন দ্বীপটোত এজন ভৱিষ্যত নায়কৰ সাধনা চলিছিল একাগ্ৰতাৰে।

গছ কাটি থকাৰ সময়তো ক্ৰিকেট মোহতে আচ্ছন্ন। জীৱনত চাউল আছে বাবে ভয়ংকৰ দুৰ্ঘটনাটোৰ পৰা কথমপি বাচি গৈছিল। এডাল কটা গছ কাষতে বাগৰি পৰিছিল ছামাৰৰ। ভাগ্য সদয় থকা বাবেই একো ক্ষতি নহ'ল। কিন্তু প্ৰচণ্ড ভয়ত শিঁয়ৰি উঠিছিল। সেইদিনাই কাঠ কটা কামটো ত্যাগ ছামাৰৰ। জীৱিকাৰ তাড়নাত সন্ধান নতুন কৰ্মৰ। এইবাৰ ছিকিউৰিটি গাৰ্ডৰ ৰূপত ছামাৰ। কিন্তু তেতিয়াও সপোনে পিছ এৰা দিয়া নাছিল। সময়-সুযোগ পালেই হাতত তুলি লৈছিল ক্ৰিকেট বলটো, যাৰ লগত লুকাভাকু খেলিছিল সপোনটোৱে।

ফাষ্ট বলিঙৰ এটা শিৱিৰত সুযোগ পালে নিজৰ বলিং প্ৰদৰ্শনৰ। চকুত পৰি গ'ল কাৰ্টলি এমব্ৰ'ছৰ। মিলন ঘটিল স্বপ্নৰ নায়কৰ সৈতে।

ছামাৰৰ নিখুঁত লাইন-লেংথ আৰু ছন্দোময় গতি শক্তিত বিস্মিত স্বয়ং এমব্ৰ'ছ। দিশাহীন কেৰিবিয়ান ক্ৰিকেটৰ পুনৰুদ্ধাৰৰ বাবে যে ছামাৰৰ দৰে বলাৰৰেই প্ৰয়োজন।

প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ কোনো অভিজ্ঞতা বুটলাই নহ'ল ছামাৰৰ। ২০২৩ চনলৈ খেলাৰ নাই কোনো অভিজ্ঞতা।

একেকোবে জাতীয় দললৈ আগমন। এয়া যেন এক ৰূপকথা। এমব্ৰ'ছৰ আৱিষ্কাৰৰ ওপৰত আছিল সকলোৰে আস্থা। ছামাৰৰ যেন আৱিৰ্ভাব কেৰিবিয়ান দলক সংকটকালৰ পৰা উদ্ধাৰ কৰা। আও ভাও নোপোৱা ল'ৰাটোৰ ওপৰত দেশ উদ্ধাৰৰ গধুৰ দায়িত্ব ন্যস্ত। ক্ৰেইগ ব্ৰেথৱেইটৰ নেতৃত্বত এটা নতুন অনভিজ্ঞ যুৱ বাহিনী অষ্ট্ৰেলিয়া অভিমুখী। পেট কামিনছ বাহিনীৰ বিৰুদ্ধে দুখন টেষ্ট।

এডিলেইড টেষ্টত অৱতীৰ্ণ ছামাৰ।

প্ৰথমটো অভাৰৰ প্ৰথমটো বল।

প্ৰচণ্ড আত্মবিশ্বাসত টলবল যদিও মনত শিহৰণ।

সন্মুখত বিশ্বশ্ৰেষ্ঠ বেটছমেন ষ্টিভেন স্মিথ।

আ- উ- ট...! হতভম্ব স্মিথ। আনন্দত উত্তাল জোছেফ।

প্ৰথম অভাৰৰ প্ৰথমটো বলত উইকেট প্ৰাপ্তিৰ উল্লাস।

তেনেদৰেই ৰূপকথাৰ নায়কৰ দুৰ্দান্ত আৰম্ভণি।

এটা এটাকৈ ৫ টা চিকাৰ ছামাৰৰ। অনবদ্য বলিং।

উইকেটৰ ক্ষুধাত আতুৰ জোছেফ। ছামাৰ জোছেফ

এডিলেইডত ছামাৰ জিলিকিল, দলটো হাৰিল। একো নাই। হতাশ নহ'ল কোনো। সুযোগ আছে গাব্বাৰ দ্বিতীয় টেষ্টত। দলৰ বাবে ডাঙৰ সন্তুষ্টি ছামাৰ জোছেফৰ ক্ষুৰধাৰ বলিং।

 

                                 (২)

 

আকৌ নামি আহিল শিহৰণ...।

ব্ৰিছবেনৰ গাব্বাত টেষ্ট ক্ৰিকেটৰ উন্মাদনা...।

আৰু শ্বাসৰুদ্ধকৰ উৎকন্ঠা ...।

সুদীৰ্ঘ ২৭টা বছৰৰ প্ৰতীক্ষাৰ যেন মধুৰ অন্ত।

দ্বিতীয় টেষ্টৰ নাটকীয় পৰিসমাপ্তি...। 

 গাবাত মৃত্যুশীতল নীৰৱতা। হঠাতে কেৰিবিয়ান সাগৰৰ অশান্ত জোৱাৰ। দপদপাই উঠিছে কেৰিবিয়ান ছন্দোবদ্ধ বলিং শিল্প। থানবান হৈ গৈছে অ'ছিসকলৰ সুদৃঢ় দুৰ্গ। ছামাৰ জোছেফৰ হাতত অষ্ট্ৰেলিয়ান দুৰ্গ ধ্বংসৰ গোলাপী গোলা। হাতখন যেন এটা বৰটোপ। যেতিয়াই গোলাটো নিক্ষেপ কৰিছে, বিধ্বস্ত হৈছে এজন এজনকৈ দুৰ্গৰক্ষী।

দ্বিতীয় ইনিংছত লক্ষ্য ২১৬। সহজ আছিল। কিন্তু সেয়াই কঠিন হৈ গ'ল। কেৰিবিয়ান শিবিৰত নতুন যোদ্ধাৰ আবিৰ্ভাৱ- ছামাৰ জোছেফ। গুলপীয়া বলটোৰ সৈতে একাত্ম। বলটোক কৰি তুলিলে নিজৰসম্পূৰ্ণ আজ্ঞাৱহ। খেলখনো ক্ৰমে ক্ৰমে আকৰ্ষণীয়ৰ পৰা হৈ গ'ল শ্বাসৰুদ্ধকৰ।

ভয়ংকৰ জোছেফ। তেওঁৰ দেহত থিতাপি লৈছে মেলকম মাৰ্শ্বাল, মাইকেল হ'ল্ডিং, জোৱেল গাৰ্ণাৰ, কৰ্টনি ৱালছ, এমব্ৰছৰ সেই বিধ্বংসী শক্তি।

শক্তিহীন ৱেষ্ট ইণ্ডিজত এটা অভ্যুত্থানৰ অতি আৱশ্যক হৈ পৰিছিল। ক্ৰেইগ ব্ৰেথৱেইটৰ নেতৃত্বত এক নতুন যুৱ বাহিনী। হৃত গৌৰৱ ঘূৰাই লাগে। মৰণ পণ যুঁজ দিবলৈ সংকল্পবদ্ধ। সেইবাবেই বিধ্বংসী ছামাৰ। নিখুঁত লাইন-লেংথত গোলা নিক্ষেপ। বিদীৰ্ণ অষ্ট্ৰেলিয়ান দুৰ্গ। ৰণত পৰিল এজন এজনকৈ যোদ্ধা। বিদায় দিলে গ্ৰীন, ট্ৰেভিছ হেড, কামিনছ, মিছেল মাৰ্ছ আৰু ষ্টাৰ্কক। নিখুঁত য়ৰ্কাৰত চাৰিজনক ব'ল্ড। গোলাপী গোলাই ষ্টাম্পত  দিলে বিষাক্ত চুম্বন। অতন্দ্ৰ প্ৰহৰী হৈ ষ্টিভ স্মিথৰ দুৰ্গ ৰক্ষাৰ বৃথা চেষ্টা। চকুৰ আগত সতীৰ্থ ধৰাশায়ী। অন্তিম মুহূৰ্তলৈ যুঁজৰ বাবে দৃঢ় হৈ আগবাঢ়িছে লক্ষ্যলৈ। এক শ্বাসৰুদ্ধকৰ পৰিৱেশ। সতীৰ্থৰ সঘন পেভেলিয়নমুখী যাত্ৰাত অসহায় স্মিথ। সেনাপতি পেট কামিনছৰো থিতাপি লোৱাৰ কোনো সুযোগ নাছিল। জোছেফৰ বিষাক্ত গোলাত তেৱোঁ বিধ্বস্ত।

মাত্ৰ ৮ ৰানৰ দূৰত্ব।  ছামাৰ জোছেফ আঁকোৰগোজ। বিজয়ৰ দুৱাৰমুখত ভৰি। এতিয়া থমকি ৰোৱাৰ প্ৰশ্নই নুঠে।

অষ্ট্ৰেলিয়া ৯/ ২০৭। জয় অসম্ভৱ নহয়। ৯১ ৰানত অষ্ট্ৰেলিয়ান দুৰ্গত তেতিয়াও স্মিথ অক্ষত। শেষ ভৰসা হৈ দেশৰ আশা জীপাল কৰি ৰাখিছে। জোছেফেও নিজৰ দেশৰ আশা উজ্জীৱিত কৰি আগবাঢ়িছে বলটো লৈ নান্দনিক ভংগীৰে। সম্মুখত জ'ছ হেজলউড। দুৰ্গ ৰক্ষাৰ আপ্ৰাণ চেষ্টা। 

জোছেফক প্ৰতিহত কৰাৰ ৰক্ষাত্মক ভংগিমা। কিন্তু তাতেই সুৰুঙা উলিয়াই বলে স্টাম্প উৰুৱাই নিলে।

স্তব্ধ যুঁজাৰু স্মিথ, স্তব্ধ অষ্ট্ৰেলিয়া।

আনহাতে আনন্দত উত্তাল জোছেফ আৰু কেৰিবিয়ান বাহিনী। ৮ ৰানত শ্বাসৰুদ্ধকৰ জয়। উচ্চাংগ সুৰত প্ৰাণ পাই উঠিল কেলিপ্সো  সংগীত...।

এয়া এক স্বপ্নৰ জয়।

হৃত গৌৰৱ উদ্ধাৰৰ অবিস্মৰণীয় ক্ষণ...

কেৰিবিয়ান ক্ৰিকেটৰ পুনৰুত্থান ....

দুই নৱোদয় তাৰকা আলজাৰি জোছেফ আৰু ছামাৰ জোছেফৰ ক্ষুৰধাৰ বলিং ছন্দত চমৎকাৰী যাদু ...

৬৮ ৰান খৰচ কৰি ৭টা চিকাৰ ছামাৰ জোছেফৰ।

এক স্বপ্নিল অবিস্মৰণীয় স্পেল ...। 

১৯৯৭ চনত অষ্ট্ৰেলিয়াক নিজৰ মাটিত শেষ বাৰৰ বাবে বিধ্বস্ত কৰিছিল ৱেষ্ট ইণ্ডিজে। সুদীৰ্ঘ ২৭ বছৰৰ পাছত নিজৰ দেশত অষ্ট্ৰেলিয়াৰ দৰ্প চূৰ্ণ। নি:সন্দেহে জয়ৰ নায়ক ছামাৰ জোছেফ। মেচৰ শ্ৰেষ্ঠ আৰু শৃংখলাৰ শ্ৰেষ্ঠ। আগদিনা মিচেল ষ্ট্ৰাকৰ বলত ভৰিত পোৱা আঘাতকো তুচ্চ কৰি দুৰ্দান্ত বলিঙেৰে দিশহাৰা কৰিলে কেঙেৰু বাহিনীক। ছামাৰৰ হাতৰ পৰা গোলা নিক্ষেপ হৈছিল ঘণ্টাত ১৫০ কিলোমিটাৰ গতিবেগত।  এয়াই প্ৰকৃত বীৰ যুঁজাৰু। ৰূপকথাৰ নায়কৰ উত্থান ...। 

কেৰিবিয়ান ক্ৰিকেটৰ পুনৰুত্থান হওক। আকৌ ঘূৰি আহক ভিভ্ ৰিছাৰ্ডছ, ক্লাইভ লয়ড, লেৰী গোমছ, গৰ্ডন গ্ৰীনিজ , ডেছমণ্ড হেইনছজেফ ডুজন, ৰ্ব্ৰায়ান লাৰা, কাৰ্ল হুপাৰ, শিৱনাৰায়ণ চন্দৰপলমেলকম মাৰ্শ্বাল মাইকেল হ'ল্ডিংজোৱেল গাৰ্ণাৰ, কৰ্টনি ৱালছ, কাৰ্টলি এমব্ৰ'ছৰ সেই বিধ্বংসী শক্তি ...।

                                                ০০০


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ