অন্যযুগ/


হোমেন বৰগোহাঞিৰ গল্প

 

অসীম চুতীয়া

 

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদিত ‘ৰামধেনু’ পাতত যিসকলে অসমীয়া গল্প সাহিত্যক সমৃদ্ধ কৰিছিল সেইসকলৰ ভিতৰত হোমেন বৰগোহাঞি অন্যতম৷ ‘কটনিয়ান’ৰ পাতত বৰগোহাঞিৰ ‘আবেলিৰ আলিবাটৰ গল্প’ শীৰ্ষক প্ৰথমটো গল্প প্ৰকাশিত হৈছিল৷ ইয়াৰোপৰি প্ৰকাশ পাইছিল ‘এপিটাফ’ আৰু ‘ছেনাটোৰিয়াম’ শীৰ্ষ দুটা গল্প৷ ভৱানন্দ দত্তৰ দৰে লেখক-সাহিত্যিকৰ দৃষ্টি আকৰ্ষণ কৰাটো গল্পকাৰ হিচাপে বৰগোহাঞিৰ জীৱনৰ এটা তাৎপৰ্যপূৰ্ণ ঘটনা৷ এই কথা ‘ধুমুহা আৰু ৰামধেনু’ৰ দ্বিতীয় খণ্ডত বৰগোহাঞিয়ে নিজে স্বীকাৰ কৰি লিখিছে৷ যথা–

‘‘এজন বন্ধুৱে মোক খবৰ দিলে যে সেই সময়ৰ অসমৰ শীৰ্ষস্থানীয় বুদ্ধিজীৱী আৰু সমালোচক ভবানন্দ দত্ত গল্পটো পঢ়ি মুগ্ধ হৈছে আৰু তেওঁ মোক লগ পাবলৈ ইচ্ছা কৰিছে৷ ভবানন্দ দত্ত তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰ্শনৰ অধ্যাপক৷ অসমৰ চিন্তাশীল তৰুণ সম্প্ৰদায়ৰ ওপৰত তেওঁৰ প্ৰভাৱ আছিল অসামান্য৷ এনেকুৱা এজন মানুহে মোৰ জীৱনৰ প্ৰথম গল্পটো পঢ়ি মুগ্ধ হৈ মোক লগ পাবলৈ ইচ্ছা কৰিছে বুলি শুনি বিস্ময় আৰু আনন্দত মই অভিভূত হ’লো; লগতে গল্প লিখিবলৈ প্ৰেৰণা পালো৷ সেই মুহূৰ্তৰ পৰাই কবিতাক স্থানচু্যত কৰি মোৰ হৃদয়-মন অধিকাৰ কৰি ল’লে গল্পৰ সাধনাই৷’’ (ধুমুহা আৰু ৰামধেনু৷ ২য় খণ্ড৷ ২০১৩৷ পৃ.১৪২)

‘আবেলিৰ আলিবাটৰ গল্প’টোত বৰগোহাঞিয়ে স্বাভাৱিকতাৰ মাজত অস্বাভাৱিকতা আৱিষ্কাৰ কৰিছে৷ মানুহৰ জীৱন জিজ্ঞাসাৰ এখন নিটোল ছবি গল্পটোৱে প্ৰতিফলন ঘটাইছে৷ চহৰৰ এখন সাধাৰণ দোকান৷ নাম ‘কাফে ইণ্টাৰনেশ্যনাল’৷ এই দোকানখনৰ মুকলি বাৰাণ্ডাত বহি থাকিয়েই ঘণ্টাৰ পিছত ঘণ্টা গল্পকাৰে সময় পাৰ কৰিছে৷ প্ৰত্যক্ষ কৰিছে সাধাৰণ মানুহৰ দৈনন্দিন জীৱনৰ বাস্তৱতাৰ নিৰ্মম ছবি৷ য’ত গল্পকাৰৰ সমাজ বাস্তৱতাৰ প্ৰতিনিধি হৈ থিয় দিছে ধনী জীয়ৰী মেঘালী ৰাজখোৱা, দিপালী ৰাজখোৱা, সিহঁতৰ বিধৱা মাতৃ, চীনা মিস্ত্ৰী, মিস্ত্ৰীজনৰ পত্নী-ল’ৰা, ভিক্ষাৰীজনী, ৰাতিৰ নিস্তব্ধতা ভেদি কেঁচুৱা নিচুকোৱা বৰুৱাৰ পত্নীগৰাকী৷ গল্পটোত গল্পকাৰ নিজস্ব দৃষ্টিভংগী প্ৰকট হৈ উঠিছে৷ লেখকৰ বাস্তৱ অভিজ্ঞতা আৰু বুদ্ধিদ্বীপ্ত চিন্তাই গল্পটোক এক বিশেষ আয়তন দিছে৷ সমালোচক উপেন্দ্ৰনাথ শৰ্মা ভাষাত–‘‘আবেলিৰ আলিবাট গল্প’’ত হোমেন বৰগোহাঞিয়ে সমসাময়িক অন্যান্য গল্পকাৰৰ তুলনাত বিস্তৃততৰ আৰু গভীৰতৰ অভিজ্ঞতাৰ পৰিচয় দিছে৷ গল্পটিৰ এক্যসূত্ৰ হ’ল লেখকৰ অন্তৰঙ্গ জীৱনত প্ৰতিভাত হোৱা চহৰৰ ৰাস্তাৰ এটা অংশ য’ত উন্মুক্ত হৈ আছে সমস্ত পৃথিৱীৰ বিচিত্ৰ অভিজ্ঞতা৷ অসমীয়া গল্প সাহিত্যত দুৰ্লভ বৌদ্ধিকতা বৰগোহাঞিৰ গল্পতেই প্ৰথম দেখা যায়— ফ্ৰয়েড আৰু লৰেন্স প্ৰভৃতি পাশ্চাত্য চিন্তাবিদ আৰু লেখকৰ সান্নিধ্য লাভ কৰা হোমেন বৰগোহাঞিৰ পক্ষে এনে এটা নতুন আৱিষ্কাৰৰ উন্মাদনা আয়ত্তাধীন আছিল৷ এই পৰ্যায়ত বৰগোহাঞি এজন বৌদ্ধিক বোহেমিয়ান৷’’

বৰগোহাঞিৰ অন্য এটা বিখ্যাত গল্প ‘অক্টোপাচ’৷ গল্পটোত অস্তিত্ববাদৰ প্ৰবক্তা জাঁ প’ল ছাত্ৰেৰ্ৰ প্ৰভাৱ পৰিলক্ষিত হৈছে৷ ‘ব’ব’ নামৰ এটা ৰুগ্ন মানসিকতাৰ চৰিত্ৰৰ মাজেৰে সংঘটিত অপৰাধ জগতৰ এখন ছবি ‘অক্টোপাচ’ গল্পটোত দেখা যায়৷ গল্পটোত বৰ্ণনা কৰা মতে ‘ব’ব’ পূৰ্বতে সৈনিক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ যুদ্ধবিধবস্ত সময়ত ‘ব’ব’ অসমলৈ আহিছিল৷ এক বিশেষ অপৰাধত লিপ্ত হোৱাৰ বাবে শাস্তিমূলকভাৱে সি চাকৰি হেৰুৱাই কাৰাবাস খাটিবলগীয়া হয়৷ জেলৰ পৰা মুক্ত হৈ ডিব্ৰুগড়তে গাড়ী মটৰৰ মেৰামতি কাম কৰি জীৱনৰ পৰৱত¹ সময়ছোৱা কটোৱাৰ পৰিকল্পনা কৰে৷ সেইখিনি সময়ত সি চহৰখনৰ দাগী-অপৰাধী ব্যক্তিৰ সংস্পৰ্শলৈ আহে আৰু সেইবোৰৰ সৈতে তাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠে৷ ক্ৰমান্বয়ে তাৰ প্ৰেমিকা ৰূপত তাৰ সান্নিধ্যলৈ অহা নাৰীবোৰক নিষ্ঠুৰভাৱে হত্যা কৰিছে৷ ‘ব’ব’ৰ এই বীভৎসতা গল্পটোত প্ৰকাশ পাই গৌতম আৰু ‘ব’ব’ৰ কথোপকথনৰ মাজত৷ বাতৰি কাকতত জালুকপাৰাৰ এজনী আধা-বয়সীয়া খাটিয়ানী ছোৱালী হত্যাৰ  খবৰ প্ৰকাশ পাইছে৷ খবৰটো পঢ়ি থকা গৌতমক ব’বে নিৰ্বিকাৰভাৱে খুনী ধৰা পৰিছে নে নাই খবৰ সুধিছে৷ কেনেকৈ মানুহক হত্যা কৰিব লাগে তাৰো ব্যাখ্যা দিছে৷ ‘মানুহ মাৰিবলৈ হ’লে গলা টিপি মৰাই আটাইতকৈ উত্তম৷ তোৰ দেহযন্ত্ৰৰ ভিতৰৰ যিকণ লৈ বিচিত্ৰ খেলা কৰোৱায়, সেই স্পন্দন যেতিয়া তোৰ চকুৰ আগতে ক’ৰবালৈ উৰি যাবলৈ ধৰফৰণি লগায়, উস/ সেই দৃশ্য কি  ভীষণ সুন্দৰ তই যদি এবাৰো দেখিলিহেঁতেন/’’ (হোমেন বৰগোহাঞিৰ ৩৫ টা গল্প৷ পৃ.৩৫) কিমান নিৰ্বিকাৰ নিৰুদ্বেগ হ’লে ব’বৰ দৰে ৰুগ্ন মানসিকতাৰ গৰাকীয়ে এইদৰে ক’ব পাৰে৷ গৌতমৰ আগত বাতৰি কাকতত প্ৰকাশিত খবৰটোৰ হত্যাকাৰী যে ব’ব নিজে সেই কথাও স্বীকাৰ কৰিছে৷ হত্যা কৰাৰ কাৰণ সন্দৰ্ভত ব’বে কৈছে...‘‘মই তাইক ভাল পাইছিলো৷ তাই বুঢ়ী হৈ আহিছিল৷ বেশ্যাৰ যৌৱনৰ বাহিৰে আন কোনো ভৱিষ্যৎ নাই৷ মই তাইক মুক্তি দিলো৷ ৰক্ষা কৰিলো৷’’ (উল্লিখিত৷ পৃ.৩৫)

নিজৰ পত্নী জুদিক হত্যা কৰি ব’বই নিজৰ ৰুগ্ন মানসিকতা অধিক প্ৰকট কৰি তুলিছে৷ বন্ধুবৰ্গক ৰেস্তোঁৰাত বিয়া উপলক্ষ্যে পাৰ্টি দিছে৷ বকুল বাগানৰ মেনেজাৰ প্ৰেগৰি চাহাবৰ জীয়েক জুদিৰ সৈতে ব’বৰ বিয়া আয়োজন চলিছে৷ ব’বৰ দৰে ‘জানোৱা’ৰ এটাৰ সৈতে জুদিৰ দৰে নাৰী এগৰাকীয়ে বিয়া কৰাবলৈ আগবাঢ়ি অহাটো আশ্বৰ্যজনক/ গল্পৰ কথকৰ ভাষাত–‘‘তাইৰ জন্ম হৈছিল অন্ধ উন্মত্ত কামনাৰ তৰঙ্গ-শীৰ্ষত; তাইৰ চকুৰ চাৱনি, মুখৰ গঠন, দেহৰ ভঙ্গিমা– সকলোৰে মাজেদি ফুটি উঠিছে দেহ-সৰ্বস্ব যৌৱনৰ উদ্ধত মহিমা৷’’ অথচ এইগৰাকী জুদিয়ে ব’বৰ বন্ধু ভিক্টৰৰ লগত কিছু অন্তৰংগ সম্পৰ্ক গঢ়ি তোলাৰ অপৰাধতেই হত্যা কৰিছে৷ গল্পকাৰে গল্পটোত ব’বৰ মানসিকতাৰ সন্দৰ্ভত ক’বলৈ গৈ এঠাইত লিখিছে ‘‘মাৰিবলৈ মন গ’ল কাৰণেই সি এজনী মানুহ মাৰি পেলালে৷’’ ব’বৰ এই মানসিকতাৰ গল্পটোৰ আদিৰে পৰা অন্তলৈকে বিৰাজমান হৈ আছে৷ গল্পকাৰ বৰগোহাঞিয়ে ব্যক্তি বিশেষৰ জটিল মানসিকতা গল্পটোত ব’ব অথবা গৌতমৰ যোগেদি বিশ্লেষণ কৰিছে৷

বৰগোহাঞিৰ এটি অতি হৃদয়স্পশ¹ গল্প হৈছে ‘ইস্মাইল ছেখৰৰ সন্ধানত’৷ দেশ বিভাজনৰ সময়ছোৱাক গল্পটোৰ পটভূমি হিচাপে লোৱা হৈছে৷ এইখিনি সময়ত ভঙনীয়া আৰু পমুৱাৰ মাজত বিশেষ কিছুমান সমস্যাই গা কৰি উঠিছিল৷ সেই সমস্যাৰ অন্তৰালত গল্পকাৰে প্ৰত্যক্ষ কৰা মানৱীয় দৃষ্টিভংগী গল্পটোত বিশ্লেষণ কৰা হৈছে৷ গল্পৰ কথক এজন মাটিৰ হাকিম৷ হাকিম হিচাপে চৰকাৰী নিদেৰ্শ পালন কৰিবলৈ গৈ বেআইনীভাৱে মাটি দখল কৰাসকলক সশস্ত্ৰ চিপাহী, পিয়াদা আৰু দহ-বাৰটা হাতীৰ সহযোগত উচ্ছেদ কৰে৷ ইয়াৰ মাজতে ইস্মাইল ছেখৰৰো বাদ পৰা নাছিল৷ পৰৱৰ্তী সময়ত হাকিমজনে ইস্মাইল ছেখৰৰ জীৱনৰ দুদৰ্শাৰ কথা জানিব পাৰি ক্ষমা বিচাৰিবলৈ ইস্মাইল ছেখৰৰ সন্ধানত নামি পৰিছে৷ এই সন্ধানৰ মাজতে এগৰাকী শিক্ষিত দেহোপজীৱিনীৰ সান্নিধ্যলৈ আহিছে গল্পৰ কথক৷ দেহোপজীৱিনীৰ কোঠাত আৱিষ্কাৰ কৰিছে মোৰাভিয়াৰ ‘Woman of Rome’ শীৰ্ষক কিতাপখন৷ দেহোপজীৱিনী মণিমালাৰ প্ৰতি গল্পৰ কথকৰ আকৰ্ষণ বাঢ়িছে৷ আৰু তেওঁৰ জীৱনৰ কথাবোৰ জানিবলৈ উৎসুক হৈ পৰিছে৷ মণিমালা আৰু গল্পৰ কথকৰ কথোপকথনৰ মাজেদি উন্মোচিত হৈছে জীৱন-যন্ত্ৰণাৰ অকথিত কাহিনী৷ দৰিদ্ৰ জীৱনৰ সকৰুণ ছবি৷ পৰিস্থিতি সাপেক্ষে মানুহৰ জীৱনলৈ অহা চৰম বিপৰ্যয়ৰ ছবি৷ গল্পটোত মণিমালাই গল্পৰ কথকক কৈছে ‘‘সমাজৰ নিম্নস্তৰৰ মানুহবোৰৰ প্ৰায় প্ৰতিদিনেই বৃত্তিৰ সাল-সলনি হ’বই লাগিছে৷ আজি যি আছিল গাঁৱৰ খেতিয়ক বা কাৰখানাৰ বনুৱা, কালিলৈ অৱস্থাৰ তাড়নাত সিয়েই হৈছে গৈ ৰিক্সাৱালা৷ নগৰৰ এহেজাৰ ৰিক্সাৱালাৰ অতীত ইতিহাস ভাবি আমি যেতিয়া মূৰ নঘমাওঁ, এটাৰ কথা ভাবি কিয় মূৰ ঘমাব লাগে? আজি যদি কোনোবা এজন ব্ৰাহ্মণে গম পাই যে তেওঁৰ সগোত্ৰ এজন ব্ৰাহ্মণ ৰিক্সাৱালা হৈছে, তেওঁ নিশ্চয় চিৎকাৰ কৰি উঠিব৷ কাৰণ তেওঁ মনে মনে এই কথা বুজি উঠিব যে এইটো তেওঁৰ শ্ৰেণী ভাঙনৰ চিন৷ মোৰ বন্ধুজনে আৰু কি কয় জানে? এজন ব্ৰাহ্মণো যদি ৰিক্সাৱালা হ’য়, সেইটো ব্যক্তি বিশেষৰ কাৰণে যিমানেই ট্ৰেজিক নহওক, সামাজিক গুৰুত্বৰ ফালৰ পৰা আনন্দৰহে কথা৷...এজন ব্ৰাহ্মণেও যদি পেটৰ কাৰণে আজি ৰিক্সা টানিবলগা হয়, সি ভালৰে কথা৷’’ (হোমেন বৰগোহাঞিৰ ৩৫ টা গল্প৷ পৃ.১৫৪)

সম্ভৱতঃ গল্পকাৰৰ এনে বৰ্ণনা প্ৰত্যক্ষ কৰি সমালোচক ত্ৰৈলোক্যনাথ গোস্বামীয়ে গল্পটোত মাক্সৰ্বাদী দৰ্শনৰ প্ৰভাৱ নুই কৰা নাই৷ একপ্ৰকাৰে চাবলৈ গ’লে প্ৰকৃতাৰ্থত মানৱীয়তাৰ এক দস্তাবেজ হৈ উঠিছে ‘ইস্মাইল ছেখৰ সন্ধানত’ গল্পটো৷ ‘ৰামধেনু’ পাতত প্ৰকাশিত এই গল্পটোৱে তদানীন্তন পঢ়ুৱৈ সমাজৰ পৰা বিশেষ সমাদৰ লাভ কৰিছিল৷ এই গল্পটো  ভাৰতীয় প্ৰান্তীয় ভাষালৈ অনুবাদও হৈছে৷ বৰগোহাঞিয়ে ‘মোৰ যৌৱনৰ ৰামধেনু’ গ্ৰন্থত উল্লেখ কৰা মতে কেৱল ইংৰাজী ভাষালৈকে ১২ টা অনুবাদ হৈছে৷

‘ইস্মাইল ছেখৰৰ সন্ধানত’ গল্পটোৰ সমধম¹ অন্য এটা গল্প হৈছে ‘নৰকত বসন্ত’৷ এই গল্পটোত পূৰ্ববংগৰ পৰা অসমলৈ অহা ভঙনীয়াৰ কাহিনী বৰ্ণিত হৈছে৷ দৰিদ্ৰতা আৰু পৰিস্থিতিয়ে মানুহক কেনে পৰ্যায়লৈ লৈ যাব পাৰে তাৰেই বাস্তৱিক বৰ্ণনা গল্পকাৰে গল্পটোত দাঙি ধৰিছে৷ পৰিস্থিতিয়ে বাধ্য কৰোৱাৰ বাবে বাপেক-ভায়েকৰ সহিতে মণিমালাই ভঙনীয়া দলৰ সৈতে অসমলৈ আহিছিল৷ মণিমালাৰ প্ৰেমিক শংকৰ৷ বিপদৰ সময়ত মণিমালা আৰু বাপেক-ভায়েকক শংকৰে কোনোধৰণৰ সহায় আগবঢ়াব নোৱাৰি অসহায় হৈ পৰিছে৷ তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে শংকৰৰ বন্ধু নিৰঞ্জনে৷ মণিমালাক দেহোপজীৱিনী ৰূপত নিৰঞ্জনে ব্যৱহাৰ কৰিছে৷ বাপেক-ভায়েক দায়িত্ব ল’বলৈ গৈ পেটৰ ভোকত নিজকে দেহোপজীৱিনী আৱিষ্কাৰ কৰিছে মণিমালাই৷ অথচ মণিমালাই পৰিস্থিতিত পৰি, নিজৰ মনৰ ইচ্ছাৰ বিৰুদ্ধে গৈ এইধৰণৰ অন্ধকাৰ গলিত ভৰি দিবলৈ বাধ্য হৈছে৷ গল্পটোত মণিমালাই কৈছে–‘‘মই সুৰুচি-সন্মত উপায়েৰে জীৱন-নিৰ্বাহ কৰিব পৰা নাই৷ দেহৰ ওপৰত এটুকুৰা কাপোৰৰ আৱৰণ ৰাখিবলৈ মই বহুতো পুৰুষৰ আগত অনাবৃতা হৈ থিয় হৈছোঁ, এমুঠি নিমখ-ভাত খাই দেহৰ ৰক্ত-প্ৰবাহ সচল ৰাখিবলৈ মই অজস্ৰ ঘাম আৰু ৰক্ত ব্যয় কৰিছোঁ৷’’ (হোমেন বৰগোহাঞিৰ ৩৫ টা গল্প৷ পৃ.১৮৫)

গল্পটোত মণিমালাৰ লগতে হিমাদ্ৰী, জুলেখাৰ দৰে নাৰীৰ অবৰ্ণনীয় জীৱনৰ এখন ছবিও সন্নিৱিষ্ট হৈ আছে৷ সংস্থাপনৰ বাবে যোৰহাটলৈ অহা মণিমালাৰ সন্ধানত শংকৰে এদিন যোৰহাটলৈ আহে৷ পুতিগন্ধময় পৰিৱেশত এদিন মণিমালাক শংকৰে আৱিষ্কাৰ কৰে৷ মণিমালাৰ প্ৰতি শংকৰে পোষণ কৰা ধাৰণাক মণিমালাই প্ৰতিবাদ কৰিছে গল্পটোত–‘‘মই হাৰ মানিছো শঙ্কৰা/ কিন্তু ঈশ্বৰৰ দোহাই, তুমি মোক পতিতা বুলি নক’বা৷ দাৰিদ্ৰ্যই আটাইতকৈ ডাঙৰ পাপ? সকলো দৰিদ্ৰই পতিত৷’’ (হোমেন বৰগোহাঞিৰ ৩৫ টা গল্প৷ পৃ.১৮৫) ইফালে হিমাদ্ৰীৰ সৈতে শংকৰৰ নৈশ যাপন আৰু স্বামীৰ দ্বাৰা প্ৰতাৰিত হৈ জুলেখাই দেহোপজীৱিনী বৃত্তি বাচি লৈ জীৱন নিৰ্বাহ কৰা উপকাহিনীও গল্পটোত বৰ্ণিত হৈছে৷ সমাজৰ ব্যাধি স্বৰূপ ‘বেশ্যাবৃত্তি’ৰ প্ৰসংগত গল্পকাৰে কিছুমান যুক্তিসংগত কাৰণ গল্পটোত গল্পকাৰে মণিমালা, হিমাদ্ৰী, জুলেখাৰ দৰে চৰিত্ৰৰ যোগেদি ব্যাখ্যা কৰিছে৷

‘মোৰ যৌৱনৰ ৰামধেনু’ সংকলনত বৰগোহাঞিয়ে তিনিটা গল্পক ‘গল্পৰ সামান্য মৰ্যদা দিওঁ’ বুলি উল্লেখ কৰিছে৷ সেইকেইটা হ’ল ‘ইস্মাইল ছেখৰৰ সন্ধানত’, ‘ভয়’ আৰু ‘গৰখীয়া’৷ ‘ভয়’ গল্পটোৰ বিষয়বস্তু নিৰ্মাণত গল্পকাৰ হিচাপে বৰগোহাঞিয়ে অভিনৱত্ব দেখুওৱা পৰিলক্ষিত হয়৷ বৰগোহাঞিৰ ‘ভয়’ গল্পটোৱে শীলভদ্ৰৰ ‘ভয়’ গল্পটোলৈ মন পেলাই দিয়ে৷ প্ৰত্যেক মানুহৰে দুটা ৰূপ থাকে৷ বাহিৰৰ ‘মই’টোৱে ভিতৰৰ ‘মই’টোক নিয়ন্ত্ৰণ কৰিব নোৱাৰে৷ অস্তিত্বহীনতাৰ মাজত অস্তিত্ব বিচাৰ অস্থিৰ হৈ পৰে মানুহ৷ গল্পটোৰ প্ৰধান চৰিত্ৰ অমল বৰুৱা প্ৰতিনিয়তত অস্থিৰতা ভূগি থকা মানুহ৷ সেইফালৰ পৰা সাহিত্য সমালোচকসকলে চেতনাপ্ৰৱাহৰ অস্তিত্ব গল্পটোৰ বিষয়বস্তুত অন্তনিৰ্হিত হৈ থকা বুলি ক’ব খোজে৷ ভয়ৰ কাৰণ অন্তহীন৷ মানুহে সমগ্ৰ জীৱনজুৰি অনাহক ভয়ৰ পৰা নিস্তাৰ নাপায়৷ বৰগোহাঞিয়ে অমল বৰুৱাক দুটা সত্তাৰ প্ৰতিনিধি ৰূপত গল্পটোত উপস্থাপন কৰিছে৷ গৃহস্থী অমল বৰুৱা আৰু আলহী অমল বৰুৱাৰ মাজত পাৰ্থক্য ৰাখিছে গল্পকাৰে৷ গৃহস্থ অমল বৰুৱাৰ নাৰীৰ প্ৰতি থকা দুৰ্বলতা গল্পটোত প্ৰকট হৈ আছে৷ কিয়নো গৃহস্থ অমল বৰুৱাই স্ত্ৰীৰ হাঁহিটোৰ মাজত চুম্বনৰ তীব্ৰ তাড়না অনুভৱ কৰিছে৷ আনহাতে আলহী অমল বৰুৱাই সেই হাঁহিটো সন্ধিয়াৰ আকাশত চিৰদিনৰ কাৰণে ওলোমাই ৰাখি সৌন্দৰ্যৰ পান কৰাৰ পক্ষপাতি হৈছে৷ এইধৰণৰ উপলব্ধিৰ মাজত মানুহৰ অন্তমুখ¹ জীৱনৰ চেতনাও গল্পকাৰে প্ৰকাশ কৰিছে–‘‘আপুনি কিয় ধৰি লৈছে যে এটা মুহূৰ্তত আপুনি কেৱল এটা কথাহে ভাবিব পাৰে বা ভাবে? এটা উদাহৰণ দিওঁ৷ এদিন সূৰ্যাস্তৰ সময়ত পৃথিৱীখন অপাৰ্থিৱ হোৱাৰ মুহূৰ্তত, এই মহিলাগৰাকীয়ে এটা অদ্ভূত ৰহস্যময় হাঁহি মাৰিছিল৷ আপোনাৰ ইচ্ছা হ’ল যে তেওঁৰ ওঁঠত ওঁঠ থৈ আপুনি সেই হাঁহিটো খাই পেলাব৷ মোৰ কিন্তু ইচ্ছা হৈছিল– সূৰ্যাস্তৰ দৰে সেই হাঁহিটো মই সন্ধিয়াৰ আকাশত চিৰকালৰ কাৰণে ওলোমাই ৰাখিম, তোৰ পোহৰ গাত লৈ মই চিৰকাল বহি থাকিম৷ আচলতে একেজন মানুহেই এই দুয়োটা কথাকে ভাবিছিল৷’’ (হোমেন বৰগোহাঞিৰ ৩৫ টা গল্প৷ পৃ.৩০৯)

মানুহৰ নিসংগতা আৰু সেই নিসংগতাই মানুহক অকলশৰীয়া কৰি তোলা পৰিস্থিতিত ভয়ৰ অনুভূতি ক্ৰিয়াশীল হৈ থাকে৷ গল্পটোত এই ধাৰণা গল্পকাৰে এইদৰে তুলি ধৰিছে–‘‘ এই ভয় প্ৰত্যেক মানুহৰ সহোদৰ৷ প্ৰত্যেক মানুহেই নিজকে এনেকৈ ভয় কৰে৷’’ [হোমেন বৰগোহাঞিৰ ৩৫ টা গল্প৷ পৃ.৩০৯]

অন্তমুখ¹ চেতনা প্ৰকাশ ঘটা বৰগোহাঞিৰ আন এটা গল্প হৈছে ‘এপিটাফ’৷ গল্পটোত ব্যক্তি আৰু সমাজৰ পৰা বিচ্ছিন্ন হৈ অকলশৰীয়া অনুভৱ কৰা, সেই অনুভৱে আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰা গৌতম বৰুৱাৰ কাহিনী আছে৷ নিসংগ মুহূৰ্তত গৌতম বৰুৱাৰ একমাত্ৰ সাৰথি হৈছে ‘বুঢ়ী’৷ ‘বুড়ী’ এজন পুহনীয়া কুকুৰ৷ যি গৌতম বৰুৱাক বুজি পায়, চিনি পায়৷ গৌতম বৰুৱাৰ ভাবে সকলোৱে পাহৰিলেও ‘বুড়ী’য়ে অন্তত পাহৰি নাযায়৷

গল্পটোত বৰগোহাঞিৰ পাশ্চাত্য চিন্তা-চেতনাৰ প্ৰভাৱ উপলব্ধি কৰিব পাৰি৷ এফালে অস্তিত্ববাদী, আনফালে প্ৰকৃতিবাদী চিন্তাৰ প্ৰতিধবনি গল্পটোত অনুৰণিত হৈ আছে৷ নিজৰ অস্তিত্ব সম্পৰ্কে গল্পটোত গৌতম বৰুৱাই এইদৰে অনুভৱ কৰিছে–‘‘সঁচাকৈয়ে এই বিশাল জগতখনত কাৰো লগত মোৰ অকণো সম্পৰ্ক নাই৷ মই সম্পূৰ্ণ অকলশৰীয়া৷’’ (হোমেন বৰগোহাঞিৰ ৩৫ টা গল্প৷ পৃ.১৭) আত্মহত্যাৰ প্ৰতি প্ৰৰোচিত হৈ গৌতম বৰুৱাই অপৰাধবোধত ভূগিছে৷ বৰুৱাৰ ভাষাত–‘‘জীৱনটো লৈ মই সঁচাকৈয়ে জুৱা খেলিলো নেকি? মই হয়তো নিজকে ফাঁকি দিলো৷ অকল মোকে কিয়, গোটেই জগতখনকে মই ফাকি দিলো৷’’ (হোমেন বৰগোহাঞিৰ ৩৫ টা গল্প৷ পৃ.১৭) প্ৰকৃতিবাদী চিন্তাৰ দৃষ্টিভংগী প্ৰতিফলন ঘটিছে এইদৰে–‘‘মই পাহৰি গৈছো যে বুড়ী মানুহ নহয়, কুকুৰ৷ কিন্তু মোৰ চেতনাত এই অনুভৱ স্পষ্টতৰ হৈ আহিছে তাই মানুহো নহয়, কুকুৰো নহয়, তায়ো মোৰ দৰেই অনন্ত জীৱনধাৰাৰ এটি বুদবুদ মাত্ৰ৷’’ (হোমেন বৰগোহাঞিৰ ৩৫ টা গল্প৷ পৃ.২০)

‘গৰখীয়া’ গ্ৰাম্য জীৱনৰ পটভূমিত ৰচিত বৰগোহাঞিৰ এটা বিখ্যাত গল্প৷ কৈশোৰত ভৰি দিব খোজা বুধিৰামৰ মনোজগতখনৰ সাৰ্বজনীন বৰ্ণনা গল্পকাৰে দাঙি ধৰিছে৷ পাঁচ বছৰ বয়সৰ পৰাই বুধিৰামে গৰখীয়া হিচাপে আনৰ ঘৰত থাকিবলৈ লৈছে৷ গৰুৰ সৈতে, গৃহস্থৰ সৈতে, গাঁওখনৰ সৈতে বুধিৰামৰ আন্তৰিকতাপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছে৷ ফলত সকলোৰে পৰা প্ৰয়োজনীয় মৰম আৰু আদৰ পাইছে বুধিৰামে৷ এদিন গৰখীয়া জীৱনৰ পৰা বিদায় লৈ নিজৰ ঘৰখনলৈ উভতি যোৱাৰ পৰত সেয়ে গৃহস্থৰ লগতে গাঁওখনৰ প্ৰতিজন লোক ব্যথিত হৈছে৷ প্ৰকৃতিৰ সৈতে অন্তৰংগতা আৰু বিচ্ছেদিত বেদনাই বুধিৰামকো আহত কৰি তুলিছে৷ গল্পটোত এইদৰে পৰিৱেশটো বৰ্ণনা কৰা হৈছে–‘‘তেতিয়া কাতি মাহৰ প্ৰায় মাজ ভাগ, শালিধানৰ পথাৰবোৰত ধানবোৰ গাখীৰতী হ’বলৈ আৰম্ভ কৰিছে মাত্ৰ৷ মাঘ বিহুৰ আগে আগে ধান দাই শেষ নোহোৱা পৰ্যন্ত গাঁৱৰ পথাৰত গৰু-ম’হৰ প্ৰৱেশ নিষেধ কিন্তু নৈ সিপাৰৰ চাপৰিটো তেতিয়া গৰু ম’হৰ কাৰণে সম্পূৰ্ণ মুকলি৷ ৰাতিপুৱা গাখীৰ খীৰোৱাৰ পিছত গাই-দামুৰিবোৰ খেদি নি নৈ পাৰ কৰি থৈ আহিলেই হ’ল৷ হালোৱা গৰুবোৰটো ৰাতিপুৱাৰে পৰা চাপৰিতে থাকে, কাৰণ সেই সময়ত চাপৰিত মাহ-সৰিয়হৰ কাৰণে হাল বোৱাৰ বতৰ৷ হালমেলি হালোৱাই সিহঁতক চাপৰিত এৰি থৈ আহে৷ গোটেই দিনটো গৰুবোৰে চাপৰিত মুকলি মনেৰে চৰি ফুৰে৷’’ (হোমেন বৰগোহাঞিৰ ৩৫ টা গল্প, পৃষ্ঠা ৩১৩)

কৈশোৰৰ মনত জাগি উঠা বিভিন্ন হাবিয়াসৰ গল্পটোত দেখিবলৈ পোৱা যায়৷ বুধিৰামৰ সৈতে গৰু বিচাৰিবলৈ অহাৰ এশ-এবুৰি আকৰ্ষণ ৰাখিছে অকণে৷ বুধিৰামৰ সহযোগতে অকণে লুকাই চুৰকৈ বিড়ি খোৱাৰ অভ্যাস গঢ়ি তুলিছে৷ সেইদৰে অসমীয়া গ্ৰাম্য জীৱনৰ পৰা ক্ৰমান্বয়ে হেৰাই যাব খোজা গৰখীয়া সবাহৰ এখন ছবি গল্পটোত সংৰক্ষিত হৈ আছে৷

মূল্যবোধ অৱক্ষয়ৰ ছবিখন বৰগোহাঞিৰ ‘হাতী’ গল্পটোত স্পষ্ট ৰূপত প্ৰকট হৈ উঠিছে৷ বলোৰাম মেধিৰ বাবে হাতীটো কেৱল সম্পদেই নহয়, ঘৰখনৰ অতি অপৰিহাৰ্য অংগ, অতি মৰমৰ, অতি চেনেহৰ এটি পৰিয়ালও৷ হাতীটো পদূলিত নাথাকিলে যেন ঘৰখনেই শূন্য৷ কিন্তু এইহেন হাতীটোৰ প্ৰতি থকা মূল্যবোধৰ লাহে লাহে অৱক্ষয় ঘটিল৷ হাতীৰ প্ৰতি পুতেকহঁতৰ মানসিকতা সলনি হ’ল৷ হাতীৰ পৰিৱৰ্তে গাড়ীখনক লৈহে গৰ্ব অনুভৱ কৰা হ’ল৷ আনকি বলোৰাম মেধিয়ে নিজৰ পুতেকৰ বাবে কইনা আনিবলৈ দৰা হাতীত উঠি যোৱাটো বিচাৰিছিল৷ সেই ক্ষেত্ৰটো হাতীটোৰ প্ৰতি চৰম অৱজ্ঞা আৰু অৱহেলা প্ৰদৰ্শন কৰি গাড়ীত উঠি কইনা আনিবলৈ গ’ল৷ এইখিনিত পৰম্পৰা আৰু আধুনিকতাৰ মাজত সংঘাত আৰম্ভ হৈছে৷ একালৰ সম্পদ, একালত হৈ পৰিছে আৱৰ্জনা সদৃশ৷ বলোৰাম ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰতিনিধি৷ বলোৰামে পুতেক আধুনিকতাৰ প্ৰতিনিধি৷ পৰম্পৰাৰ লগত আধুনিকতাই বৈশ্যতা স্বীকাৰ কৰি লৈছে৷ হাতীটোক পুৰণি অসমীয়া আভিজাত্যৰ প্ৰতীক হিচাপে অংকণ কৰা হৈছে৷ একেধৰণৰ দৃষ্টিভংগী প্ৰতিফলন ঘটা বৰগোহাঞিৰ আন এটা গল্প হৈছে ‘শিল্প’৷ হাতী গল্পটোৰ দৰে ‘শিল্প’ গল্পটোত মাক-জীয়েকৰ মাজত সংঘাত দেখুওৱা হৈছে৷ সাধাৰণতেই আধুনিক প্ৰজন্মই আনৰ ভাল-লগা বেয়া লগাৰ প্ৰতি ভ্ৰক্ষেপ নকৰে৷ নিজৰ ভাল লগাটোহে সদায় প্ৰতিষ্ঠা কৰিব খোজে৷ ‘হাতী’ গল্পত বাপেকৰ ভাল লগাখিনিক প্ৰত্যাখান কৰি পুতেকে গাড়ীখনৰ প্ৰতিহে নিজৰ আগ্ৰহ প্ৰকাশ কৰিছে৷ সেইদৰে ‘শিল্প’ গল্পটোত মাকৰ ভাল লগাখিনিক জীয়েক অৱহেলাৰ দৃষ্টিৰে চাইছে৷ জীয়েকে বেৰত ওলমি থকা দেৱ-দেৱীৰ ছবিৰ সহিতে মৃত দেউতাকৰ ফটোখন আঁতৰাই দি তাৰ ঠাইত পিকাচোৰ ছবি আঁৰি দিছে৷ স্মৃতিৰ সৈতে জীয়াই থাকিব খোজা মাকৰ প্ৰতিনতুন মূল্যবোধৰ ওচৰত পুৰণি মূল্যবোধক জীয়েক অৱজ্ঞা কৰাটোকে সূচায়৷

ফ্ৰয়েডীয় মনস্তত্ত্বৰ প্ৰভাৱ হোমেন বৰগোহাঞিৰ গল্পৰ অন্যতম বিশেষত্ব৷ ‘ছেনাটোৰিয়াম’ আৰু  ‘মহেশ্বতাৰ বিয়া’ তেনে দুটা গল্প৷ ইডিপাছ কমপ্লেক্সৰৰ আধাৰত ‘ছেনাটোৰিয়াম’ গল্পটো লিখা হৈছিল৷  জয়ন্তৰ যোগেদি ফ্ৰয়েড়ীয় মনোভঙ্গী প্ৰকাশ কৰা হৈছে৷ জয়ন্তৰ ৰুগ্ন মানসিকতাত মাক অৱস্থিতি প্ৰতিনিয়ত বিৰাজমান হৈ থাকে৷ মাকৰ কথা ৰক্ষা কৰিবলৈ গৈ অনিমাক বিবাহৰ প্ৰস্তাৱ দিলেও মাক বাহিৰে আন কোনো নাৰীৰ ওচৰতে জয়ন্তই সহজ অনুভৱ নকৰে৷ মাকৰ মৃত্যু মানেই যেন জয়ন্তৰ নিজৰো জীৱনৰ অৱসান বুলি ভাবিবলৈ লৈছে৷ জয়ন্ত অৱচেতনাত মাকৰ ভাৱ-অনুভূতি কঢ়িয়াই ফুৰি এসময়ত ছেনাটোৰিয়ামলৈ পৰ্যবক্ষিত হৈছে৷ সেইদৰে ‘মহেশ্বতাৰ বিয়া’ গল্পটোত জীয়েক মহেশ্বতাৰ বিয়াৰ প্ৰসংগ বিভিন্ন অজুহাতত দেউতাক কমল চৌধুৰীয়ে এৰাই চলিব খোজে৷ কিয়নো জীয়েক মহেশ্বতাৰ উপস্থিতিত পত্নীৰ অনুপস্থিতি দেউতাক পাহৰি থাকে৷ দেখা অদ্ভুত যেন লাগিলেও ফ্ৰয়েডীয় মনস্তত্ত্বৰ ইলেকট্ৰা কমপ্লেক্স বা ইনভাৰটেড ইডিপাছ কমপ্লেক্সৰ অনত্যম উদাহৰণ হিচাপে মহেশ্বতাৰ বিয়া গল্পটোক অন্তৰ্ভূক্ত কৰিব পাৰি৷

যৌন জীৱনৰ এখন ছবি বৰগোহাঞিৰ প্ৰায়বোৰ গল্পতে লক্ষ্য কৰা যায়৷ যৌন জীৱনৰ প্ৰধান বিষয় হিচাপে লৈ বৰগোহাঞিয়ে ‘পৰ্দা’ আৰু ‘জন্ম’ৰ দৰে গল্প লিখিছে৷ ‘পৰ্দা’ অশোক, মহেশ আৰু আৰ্নল্ডে এগৰাকী দেহোপজীৱিনীক নিজা নিজা দৃষ্টিকোণৰ পৰা পৰ্যবেক্ষণ কৰিছে৷ অশোকে সামাজিক দায়বদ্ধতাৰ খাটিৰত দেহোপজীৱিনী ৰাণী আৰু মহেশ্বৰ দায়িত্ব গ্ৰহণ কৰিছে৷ মহেশে আকৌ ৰাণীক কেৱল টকাৰ বাবে পত্নীৰ মৰ্যদা দি ঘৰত ৰাখিছে৷ ইফালে অশোকে ৰাণীৰ যোগেদি নিজৰ যৌন-বাসনা পুৰণ কৰিছে৷ অশোকৰ দৃষ্টিত¸ নাৰী কেৱল ভোগৰ সামগ্ৰী বুলি ভাবে৷ আৰ্নল্ডে নাৰী একোগৰাকী স্বগ¹য় প্ৰেমৰ অনুভূতি স্বৰূপ৷ মহেশৰ বাবে নাৰীগৰাকীৰ কেৱল জীয়াই থকাৰ সম্বল৷ ‘জন্ম’ গল্পটোত কমল আৰু সাৱিত্ৰীৰ মাজত হ’বলগীয়া বিয়াখনত হেঙাৰ হৈ থিয় দিছে নন্দেশ্বৰ৷ সাৱিত্ৰীয়ে মাক-দেউতাকৰ কথা ৰাখিবলৈ গৈ নন্দেশ্বৰ সৈতে বিবাহত বহাৰ সন্মতি প্ৰদান কৰিছে৷ বিয়াৰ পূৰ্বে ৰত্ন বুঢ়ীৰ ঘৰত লগ হৈ এটা চাপৰিত কমল আৰু সাৱিত্ৰীয়ে ৰাতি কটাইছে৷ য’ত দুয়ো আপোন-পাহৰা কৰি যৌন সম্ভোগ সুখ লৈছে৷ সাৱিত্ৰীৰ শৰীৰটোৰ প্ৰতি কমলৰ অনুৰাগে সাৱিত্ৰীক কমলৰ প্ৰতি বেলেগ ধাৰণা পোষণ কৰাইছে৷ ইপিনে ৰাতিপুৱাতেই নন্দেশ্বৰ কমল-সাৱিত্ৰীক নিৰ্দিষ্ট ঠাইত আৱিষ্কাৰ কৰিছে৷ পৰিণতিত কমল-নন্দেশ্বৰ মাজত সংঘাত আৰম্ভ হৈছে৷ নন্দেশ্বৰক প্ৰাণে মাৰিবলৈ চেষ্টা কৰাৰ অভিযোগত কমলে তিনিবছৰীয়া জেল জীৱন কটাবলগীয়া হৈছে৷ জেলৰ পৰা ওলাই আহিও নন্দেশ্বৰ প্ৰতি প্ৰতিশোধ পৰায়ণ মনোভাৱ লৈছিল যদিও সাৱিত্ৰীয়ে সন্মুখীন হোৱা দুখ-দুদৰ্শা প্ৰত্যক্ষ কৰি সেই মনোভাৱ সলনি কৰিছে৷

‘ৰামধেনু’ যুগৰ সমসাময়িক গল্পকাৰসকলৰ বিপৰীতে বিষয়বস্তুৰ ক্ষেত্ৰত নতুনত্বৰ প্ৰকাশ ঘটিছিল বৰগোহাঞিৰ গল্পত৷ সততে অসমীয়া গল্পকাৰে উপেক্ষা কৰা সমাজৰ বাস্তৱ ছবিখন বৰগোহাঞিয়ে গল্পৰ বিষয়বস্তু হিচাপে নিৰ্বাচন কৰিছিল৷ বৰগোহাঞিয়ে নিজৰ গল্পৰ সন্দৰ্ভত কৈছে– ‘‘বেছিভাগ মধ্যবিত্ত অসমীয়া লেখকে যিবোৰ চিৰ-পৰিচিত আৰু নিৰাপদ পথত বিচৰণ কৰে তাৰ পৰা কিছু দূৰলৈ গৈ মই কেইটামান নিষিদ্ধ অন্ধকাৰ গলিত প্ৰৱেশ কৰিছিলো আৰু তাৰ পৰা বুটলি আনিছিলো বেশ্যা, গুণ্ডা, খুনী অপৰাধী আৰু মানসিক ৰোগীৰ নিচিনা কিছুমান চৰিত্ৰ৷ অসমীয়া সাহিত্যত এনে ধৰণৰ চৰিত্ৰ যে ইতিপূৰ্বে একেবাৰেই দেখা নগৈছিল সেই কথা নহয় কিন্তু বেছিভাগ ক্ষেত্ৰতে সেইবোৰ আছিল কষ্ট-কল্পিত আৰু ৰোমাণ্টিক ভাব-বিলাসৰ দ্বাৰা অতিৰঞ্জিত৷ কিন্তু মোৰ গল্পত তেওঁলোকক দেখা গ’ল ৰক্ত মাংসৰ আকাৰত; তেওঁলোকৰ জীৱনৰ বাস্তৱ পটভূমিত৷’’(ধুমুহা আৰু ৰামধেনু-২, পৃষ্ঠা-১৪৫)

বৰ্ণনাধম¹তাৰ লগতে বিশ্লেষণধৰ্মী গুণৰ সমাহাৰত বৰগোহাঞিৰ গল্পৰ বিষয়বস্তু গঢ় লৈ উঠিছে৷ গল্পকাৰ বৰগোহাঞিয়ে অসমীয়া সমাজৰ বাবে আচহুৱা আৰু অচিনাকি বিষয়বস্তুৰে পঢ়ুৱৈ সমাজক সদায় মোহাৱিষ্ট কৰিব খুজিছিল৷ অন্ধকাৰ জীৱনৰ বিপদজনক গলিবোৰ গল্পকাৰৰ সূক্ষ্ম নিৰীক্ষণ-পৰ্যবেক্ষণত মূৰ্ত হৈ উঠিছিল৷ গল্পকাৰৰ প্ৰায়বোৰ গল্পতে মানসিকভাৱে বিকাৰগ্ৰস্ত চৰিত্ৰ, পৰিস্থিতি সাপেক্ষে বেশ্যা হৈ পৰা বিভিন্ন নাৰী চৰিত্ৰ, হত্যাকাৰী, গুণ্ডা, অপৰাধী আদি চৰিত্ৰৰ বিকাশ ঘটিছে৷ মনোজগতৰ বিশ্লেষণ, নৰ-নাৰীৰ জীৱনৰ বিভিন্ন দিশৰ প্ৰতিনিধি হৈ পৰিছে বৰগোহাঞিৰ গল্প৷ মধ্যবিত্ত জীৱনৰ সুখ-দুখৰ সামগ্ৰিক ছবি এখনো গল্পবোৰে ধৰি ৰাখিছে৷ সেইদৰে নগৰীয়া আৰু গ্ৰাম্য জীৱনৰ সমান্তৰাল ছবিখন গল্পবোৰত লক্ষ্য কৰা যায়৷ অৰ্থনৈতিক সমস্যাই মানৱ জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলায়৷ পৰিণতিত মানুহৰ জীৱনলৈ আহি পৰা সম্ভাৱ্য প্ৰায়বোৰ দিশতে গল্পকাৰ বৰগোহাঞিয়ে দৃষ্টি নিক্ষেপ কৰিছে৷ মানুহৰ বাহ্যিক আৰু আভ্যন্তৰীণ দুয়ো দিশকে গল্পবোৰত প্ৰাধান্য দিয়া দেখা গৈছে৷ অন্যহাতেদি সমাজৰ ব্যক্তি বিশেষৰ প্ৰধান সমস্যা আৰু সেইবোৰৰ সমাধান সূত্ৰও কোনো কোনো গল্পত গল্পকাৰে উপস্থাপন কৰিছে৷ অধিকাংশ গল্পতে অৱস্থিতিবাদ, অস্তিত্ববাদ, চেতনা প্ৰৱাহ আৰু মনস্তাত্ত্বিক বিশ্লেষণৰ প্ৰভাৱ আছে৷ বিষয়বস্তুৰ প্ৰয়োজন অনুসৰি গল্পকাৰৰ ভাষাই গতিশীলতা লাভ কৰিছে৷ আলোচনাৰ পৰা বিনাদ্বিধাই ক’ব পাৰি যে বিষয়বস্তুৰ ক্ষেত্ৰত অভিনৱত্ব প্ৰকাশ কৰি অসমীয়া গল্প সাহিত্যৰ ভঁৰাল চহকী কৰা হোমেন বৰগোহাঞিৰ নিঃসন্দেহে এজন শক্তিশালী গল্পকাৰ৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ