অন্যযুগ/


দুখে কেওড়া

 

মূল : ৰামকুমাৰ মুখোপাধ্যায়

অনুবাদ : কুমুদ ঘোষ আৰু সতে্যন চৌধুৰী

 

ৰাজনীতি

 

              বিশেষ্য, সংস্কৃত, ৰাজ্যশাসনবিধি৷ কৃত্তিবাসী ৰামায়ণ৷ অযোধ্যাকাণ্ড৷

 

ৰাজনীতি কি বুলি সুধিছে? ৰাজনীতি হ’লগৈ ৰজাৰ নীতি৷ আৰু ৰজাই যদি কয় তেনেহ’লে ৰামৰ সংযোগ নাই৷

হয়, এয়া হ’ল পুৰাণৰ কথা৷ পুৰণি কিন্তু ভাতত বাঢ়ে৷ এতিয়া সব নতুন চাউল৷ আধাকেজি চাউলেৰে এজনৰ পেট ভৰা নাই৷ ৰামো গ’লো, ৰামৰাজত্বও গ’ল৷ গাঁৱৰ কেইজনমান ইটা-তিতা লৈ অযোধ্যালৈ গৈছিল৷ মন্দিৰ হ’ব বোলে৷ গোড়া শেখে ক’লে বোলে তাৰ ইটাভাটাৰ পৰা বিনা পইচাৰে কুৰিটা ইটা লৈ গ’ল৷ গাঁৱৰ মানুহ, আবদাৰ কৰিলে কি কৰোঁ কওকচোন!

অ’ ৰামেৰে নহ’ব, অন্য ৰজা দৰকাৰ নেকি? ৰজা হৰিশচন্দ্ৰ হ’লে হ’বনে? যাত্ৰাত বৰ চলিছিল৷ হৰিপদ লস্কৰে হৰিশচন্দ্ৰৰ ভাওঁ দিছিল, দান-ধ্যানত হৰিশ্চন্দ্ৰৰ নিচিনা ৰজা আৰু নহ’ল৷ মানুহ মাটিৰ পৰা আকাশলৈ যায়, হৰিশচন্দ্ৰ আকাশৰ পৰা মাটিলৈ আহিল৷ ভাবিছোঁ বাপ, ভৱনদীৰ মাজত ডুবিলে কি হ’ব!

হৰিশ্চন্দ্ৰও নচলিব নেকি? হেৰি হাড়িয়া চলিবনে?

বেছ৷ লওক, বটল খোলক৷ অ, আপুনি ফুলৰী লগত আনিছে! বৰ ভাল৷ এইবাৰ অলপ ধৰক৷ পেটত নপৰিলে আপুনি সকলোতে ‘না’ ‘না’ কৰে৷ ‘না’ৰে নাৰদ৷ নাৰদৰ কীৰ্তন কৰিবলৈ গৈয়েই হৰিশ্চন্দ্ৰৰ ৰথৰ চকা খুলি গ’ল৷ বছ, স্বৰ্গৰ পৰা খহি মৰ্তত৷ চকা বৰ গণ্ডগোলীয়া৷ বায়ুত চলে৷ টিউবটো ফুটিলেই ফটাছ, এইবাৰ বাগৰি বাগৰি যাওক৷

হয়, এতিয়া আৰু ৰজা নাই৷ আগতে ৰজা প্ৰজা আছিল, এতিয়া আধিয়াৰ! কথাটো বুজিলেনে?

বুজিলেনে? হেৰি তেনেহ’লে মই অলপমান ডিঙিত ঢালোঁ৷ মোৰ নিজৰো ধাৰণা হৈছে ক’ৰবাত তাল এটাৰ খেলিমেলি হৈছে৷ বেতাল হ’লে আঁত বিচাৰি নাপাব৷ তাল-বেতাল৷ দুটা পিঁশাচ৷ ৰজা বিক্ৰমাদিত্যৰ দুই চেলা৷ হেৰি, পুৰণি হৈ গ’লনেকি?

হোৱা নাই? কেতিয়াবা হয়? এয়া হ’ল সোণ, যিমানে দিন যাব সিমানে দাম বাঢ়িব৷ বিচাৰিলে ৰজাৰ অন্ত নাই৷ ৰজা বিক্ৰমাদিত্য পাই গ’ল নহয়৷ ৰজাৰ এফালে কালিদাস আৰু আনফালে তাল-বেতাল৷ কালিদাসৰ ওচৰলৈ ভাল মানুহবোৰ আহে, তেওঁলোকৰ বিদ্যাবুদ্ধি আছে৷ কালিদাসে এনে কিছুমান সাঁথৰ কৈছিল যে মানুহে উৱাদিহেই নাপাইছিল৷ ক’লে, ‘নাই সেয়ে খাইছা তুমি, থকা হ’লে ক’ত পালাহেঁতেন?’ কি বাৰু কওকচোন চাওঁ?

নোৱাৰিলে৷ ৰাস্তাৰ কাষত এটা ষাঁডগৰু ঠিয় হৈ আছে৷ তাৰ টিকাৰ ঘাডোখৰত মাখিয়ে ভেন্‌ ভেন্‌ কৰিছে৷ গৰুটোৰ নেজ নাই, সেয়ে খেদাব পৰা নাই৷ নেজ থকা হ’লে মাখিবোৰে আমনি কৰিব নোৱাৰিলেহেঁতেন৷ এইয়া হৈছে কালিদাস৷ ঘৈণীজনী থকা ঘৰখনৰ পৰাই পলাল৷ থকা হ’লে ৰজাৰ ঘৰৰ ৰাজভোগ খাই ভাগৰি গ’লহেঁতেন৷ লওক, হাড়িয়া ঢালক৷ তাল নিমিলিলে গণ্ডগোল৷ গণ্ডগোল হ’লেই ৰজাই তাল-বেতালক পঠিয়ালেহেঁতেন৷ সিহঁতে গৈ সব ঠাণ্ডা কৰি দি আহিলহেঁতেন৷ ৰামকৃষ্ণ পালক চিনি পায়নে? সেই যে ভোটত জিকি বৰকৈ নচানচি কৰিছিল৷ তাৰো দুটা তাল-বেতাল আছে৷

ৰাজনীতি আছে? ৰজা নাই অথচ ৰাজনীতি? হেৰি মোক হোজা-মোজা পাই ষাঁড়গৰুৰ গাখীৰ খুৱাই দিলে৷

ষাঁড় গৰুৰ গাখীৰ, শুনা নাইনেকি? বাদচাহে তেওঁৰ এজন গোমস্তাক ষাঁড়গৰুৰ গাখীৰ আনিবলৈ ক’লে৷

অ’, গোমস্তা নহয়, ৰত্ন? হেৰি ৰজাৰ পৰা ৰাজনীতি, বাদচাহৰ পৰা বাদচাহনীতি?

ঠিক আছে, একে৷ সেয়ে বাদচাহে ৰতনক ক’লে, ‘ষাঁড় গৰুৰ গাখীৰ আনা৷’ ৰতনৰ মূৰত হাত৷ ভোক নিদ্ৰা উৰি গৈছে৷ ঘৈণীয়ে ঘটনাটোনো কি বুজিব পৰা নাই৷ সুধিবলৈ গ’লেই দাঁত কৰচি আহে৷ ক’তপৰ দাঁত কৰচিব? ঘৈণীয়ে দিনে-পোহৰে আৰু সোধ-পোছ নকৰিলে৷ ৰাতি পেটৰ কথা সব খালাচ৷ ঘৈণীয়ে ক’লে, ‘ইয়াতনো চিন্তাৰ কিডাল আছে?’ দোকমোকালিতে ঘৈণীয়ে এক কেৰাহী ক্ষাৰ ল’লে৷ পুৱা পুখুৰী পাৰত ধাপুচ-ধুপুচকৈ কাপোৰ ধোৱাত লাগিল৷ বাদচাহ পুৱা ফুৰিবলৈ গৈছিল৷ জোন যেন মুখৰ তিৰোতাগৰাকীক এনেকৈ কাপোৰ ধোৱা দেখি অবাক৷ ক’লে, ‘তোমালোকৰ কাম কৰা তিৰোতাজনীনো ক’ত?’ মানুহগৰাকীয়ে ক’লে,‘তাইৰ বেমাৰ৷ মোৰ মতা মানুহটোৱে যে নতুন দাসী বিচাৰি যাব তাৰো ক্ষমতা নাই৷’ বাদচাহে সুধিলে, ‘কি ৰোগ?’ মানুহজনীয়ে ক’লে, ‘পেট একেবাৰে ফিটফিটীয়া৷ পুৱতি৷ বিষ উঠিছে৷’ বাদচাহে ক’লে, ‘এয়া কেনে কথা! পুৰুষ আকৌ পুৱতি হয়নেকি৷’ মাইকী মানুহজনীয়ে ক’লে, ‘বাদচাহে ষাঁড়গৰুৰ গাখীৰ বিচাৰিলে পুৰুষ মানুহ পুৱতি নোহোৱাৰ কি আছে?’ হেৰি, বাদচাহৰ গাখীৰ আৰু আপোনাৰ ৰাজনীতি এক হৈ পৰিছে দেখোন৷

অ’, বুজিছোঁ৷ ভোট হৈছে, ভোটত মুখ্যমন্ত্ৰী হৈছে, প্ৰধান মন্ত্ৰী হৈছে৷ ঠিক তেনেহ’লে, এইটো ৰাজনীতি নহয়, ইয়াক পাৰ্টি বোলে৷

নহয় নহয়, দল নহয়, দল অন্য বস্তু৷ শক্তি পালৰ ডাঙৰ ল’ৰাটো দলত আছে৷ কলিকতাত ওৰে বছৰটো যাত্ৰা কৰে৷ সৰুটোৱে পাৰ্টি কৰে৷ সি গাঁৱত থাকে৷ তাৰ ঘৰত দিনে-ৰাতিয়ে মানুহ৷ এদিনাখন দেখিলো ভেঁপু বজাই বজাই গাড়ী এখন আহিল৷ গাঁৱৰ মানুহ উবৰি খাই পৰিল৷ ভাবিলে হাচ্‌পাতালৰ গাড়ী৷ নপুংসকলৰ নিচিনা মানুহ এজন গাড়ীখনৰ ওলাই অহা দেখিলোঁ৷ ক’ত ডাক্টৰ, ক’ত ঔষধ! শক্তি পালৰ সৰু ল’ৰাটোৰ লগত সি চিগাৰেট হুপিছে৷

অ’, ভেঁপু বজালে অন্য গাড়ীয়ে বাট এৰি দিব৷ বৰ ভাল গাড়ী৷ গাঁৱত এখন থকা হ’লে বৰ কামত আহিলহেঁতেন৷ লালা খাঁৰ জীয়েকজনী পুখুৰীৰ পাৰলৈ ঘাঁহ কাটিবলৈ গৈছিল৷ সাপে খুটিলে৷ হেৰি সাপডাল পাঁচ হাত মান দীঘল হ’ব৷ মা মনসাৰ বাহনটোৱে সব বিষ উগাৰি দিলে৷ গাঁৱৰ ডাক্টৰজনক বিচাৰোঁতে বিচাৰোঁতে ছোৱালীজনী লেবেৰজান৷ সেই ধৰণৰ ভেঁপু লগোৱা গাড়ী এখন থকাহ’লে কিমান সুবিধা হ’লহেঁতেন! সাউৎকৰে বিষ্ণুপুৰ হাচ্‌পাতাললৈ গুচি গ’লহেঁতেন৷

কেনে ৰাজত্ব পছন্দ কৰোঁ বুলি সুধিছে? হেৰি ৰজা যেনেকুৱাই নহওঁক বিদূষক ভাল হ’ব লাগিব৷ বিদূষক ঠিক নহ’লে ৰাজত্ব ভালদৰে নচলিব৷ ৰজাই গোপালক সুধিলে, ‘তোমাৰ স’তে গাধৰ পাৰ্থক্য কিমান?’ গোপালে ৰাজসভাতে হাত জুখিবলৈ ল’লে৷ ৰজাৰ চৰণ দুখানি পৰ্যন্ত জুখি ক’লে, ‘আঢ়ৈ হাত’৷ সকলোৱে হাঁহিছে, ৰজায়ো হাঁহি হাঁহি বাগৰিলে৷ হাঁহিব লাগিব, নাহাঁহিলে মনত দুৰ্বলতাৰ ৰোগ হ’ব৷

দেশৰ মূৰ কেনে হ’ব লাগে বুলি সুধিছে? হেৰি, মোৰ দৰে৷ মই এখন সংসাৰৰ মূৰ আৰু দেশৰ প্ৰধান হ’লে বহুবোৰ সংসাৰৰ৷ এতিয়া ধৰক, সংসাৰৰ সকলো সুখেৰে থাকিলেহে তেহে মোৰ সুখ৷

হয়, সকলোৰে পেটত ভাত পৰিলেহে তেহে খাই নিজৰ সুখ৷ গৰুটোৱে খেৰ নাখালে আপোনাৰ নিজৰ ভাত হজম নহ’ব৷ জাৰকালিৰ আগেয়ে ভাবিব ঘৈণী-ল’ৰা-নাতি-পুতিহঁতৰ জাৰ আঁতৰাব কেনেকৈ৷ সিহঁতবোৰৰ বাবে চাদৰৰ ব্যৱস্থা কৰিহে তেহে নিজৰ ভাবনা৷ ব্যৱসায়ীসকলে দুৰ্গাপূজাত চাদৰ বিলি কৰিছিল৷ ক’লে ঘৰে প্ৰতি এখনকৈ৷ এতিয়া কওঁকচোন, এখন চাদৰেৰে ইমানবোৰ মানুহৰ জাৰ আঁতৰাম কেনেকৈ! সেয়ে ডাঙৰ ল’ৰাটোৰ বোৱাৰীজনীক দিলোঁ৷ আমি গিৰীয়েক-ঘৈণীয়েকহালে খেৰ-কুটা জ্বলাই সন্ধিয়াটো পাৰ ক’ৰোঁ৷ জাৰ আৰু কেইদিনমানৰ, চাওঁতে চাওঁতে আঁতৰি যাব৷ কুলি চৰায়ে মাতিলেই ফাগুন গ’ল৷ তেতিয়া সুখ মনেৰে গৰম ভোগ কৰিব৷

হয়, দেশৰ মূৰটো হ’ব লাগিব এনে ধৰণৰ৷ ঘৈণী, ল’ৰা, নাতি-নাতিনী, গৰু-ছাগলীৰ সুখ-দুঃখ দেখিছে দুখেই, দেশৰ মূৰে দেখিব দুখেক৷ দুখেয়ে আজি ভাত খোৱা নাই, দেশৰ প্ৰধানৰ ভাত হজম নহ’ব৷ জাৰত দুখেৰ কঁপনি উঠিছে, গাঁওবুঢ়াই তাৰ গাত চাদৰ নিদিব৷ দুখেৰ গাত ৰাতি বাৰিষাৰ পানী পৰিছে, গাঁওবুঢ়াই গালত হাতখন থৈ ভাবিছে৷ তৰ্কাতৰ্কিৰ গণ্ডগোলত দুখেৰ হাড়িয়া পৰি গ’ল, দেশৰ মুৰব্বীৰ টোপনি অহা নাছিল৷ আজি নিচাটো বৰ ভাল হৈছে, কি কয়?

হয়, দেশ ডাঙৰ৷ এখন দেশ মানে গাঁৱৰ পাছত গাঁও৷ ইয়াৰ মাজতে আকৌ খাল, বিল, নদী, সাগৰ আছে৷ হাবি-বন পাহাৰ আছে৷ চাবলৈ আহিম বুলিলেইতো আৰু আহিব নোৱাৰিব৷ তাৰ উপৰি তেলৰ যিহে দাম! আৰু অকলেতো আহিব নোৱাৰিব! থানাৰ পৰা দাৰোগা-পুলিচ আহিব৷ তেখেতলোকৰো সময়ৰ কথা আছে৷ আৰু আমাৰ দুঃখুক চাওঁক৷ ঘৰ-সংসাৰৰ জালত এনেকৈ বান্ধ খাই পৰিছে যে ফুৰিবলৈও ফুৰচৎ নাই৷ তাৰ উপৰি বাট খৰছ আছে৷ প্ৰধানমন্ত্ৰীৰ ওচৰলৈ গ’লেতো সুদা হাতেৰে যাব নোৱাৰিব৷

গ’লে কি লৈ যাম বুলি সুধিছে? হেৰি, মানী মানুহ, মান ৰাখিব লাগিব৷ মান ৰাখিবলৈ গুৱা-পান লাগিব৷ এখন গামোছা দৰকাৰ৷ তাৰ উপৰি ধৰক এক টোপোলা মিঠাই, সেয়া আপুনি বেচনৰ মিঠাই, জেলেপি বা লাড়ু যি লৈয়েই যাওঁক৷ কুকুৰা এটা নিব পাৰিলে ভাল, নহ’লে কুৰিটামান কণী৷ জোঁৱাইৰ ঘৰলৈ যাবলৈ হ’লে যিটো তত্ত্ব লৈ যায় সেইটোকেই লৈ যাব লাগিব৷

প্ৰধানমন্ত্ৰীৰ ওচৰত কি বিচাৰিম বুলি সুধিছে? হেৰি একো নিবিচাৰোঁ৷ বিচৰাৰ কিনো আছে৷ অতদিন সুখে-দুখে অতিবাহিত হৈ গ’ল৷ এই বয়সত বিচাৰিবলৈ যামনে? কিন্তু শুনিছোঁ এতিয়া নানা শিতানত ধাৰ দিছে৷ ক’ম যি দিয়ে তাকে মনি অৰ্ডাৰ কৰি পোষ্ট অফিচলৈ পঠিয়াই দিব৷ বিনোদ পিয়ন বৰ ভাল মানুহ৷ এক পইচাও ধাৰ নাৰাখে৷ দিনৰ দেওনা দিনতে শোধ৷ বেঙ্ক-পঞ্চায়ত হ’লেই গণ্ডগোল৷ চৌঠেঙীয়া কৰা মানুহ৷ চকীত বহি কথাৰ এনে মহলা মাৰিব যে আঁত বিচাৰি নাপাব৷ লওঁক, ঘুঘুনি-ভাঁজি আহিল৷ গৰম ঘুগুনিৰে হাড়িয়া বেছ জমে৷

দেশৰ মুৰব্বী কেনেদৰে হয় সুধিছে? মূৰ নাথাকিলে সংসাৰ নচলিব৷ বাপেক মৰিলে পুতেক সংসাৰৰ মূৰ হ’ব৷ তাৰ কথামতে বিয়াৰ কইনা চাবলৈ যোৱা, বিয়াৰ দিন ঠিক কৰা, ল’ৰাৰ ভোজন৷

দেশৰ প্ৰধান? সেই একেই৷

ভোট? সেইয়া হয়নে৷ ভোট নিদিলে চলিবনে? সকলো যদি ৰজা হয় তেনেহ’লে চলিব কেনেকৈ? প্ৰথমে দেউতাক হ’ল, তাৰ পাছত ল’ৰা নে ছোৱালী, তাৰ পাছত ল’ৰা নে ল’ৰাৰ ...৷

অ’ সেইটো ভোট দি মানুহে কৰিছে৷ নকৰাৰ কি আছে৷ যিখন দোকানৰ পৰা নিতৌ তেল-নিমখ নিছিল সেইটো হিচাপৰ ভিতৰত৷ ধানত কিমানখিনি ধূলি আৰু চাউলত কিমানখিনি শিলগুটি আপোনাৰ জনা আছে৷ বাপেক বিচল নে পুতেক, তাতনো আপোনাৰ কি? মাল একেই৷ এতিয়া ফণি পালৰ পৰা বিশু নন্দীলৈ গ’লে মালৰ মেজাজ বুলিবলৈকে ছমাহ৷

বদলি হ’বনে নহয় সুধিছে? হ’ব৷ কিন্তু চাব আকৌ উভতি আহিছে৷ মাল যেতিয়া একেই তেতিয়া হ’লে দোকান সলাই কিনো লাভ? দোকানীবোৰ সব একে জাতৰ৷ এওঁৰ চাউলত গণ্ডগোল হ’লে তেওঁৰ দাইলত৷ কিমান দোকান ঘূৰিব কওকচোন? নিকিনো বুলিব নোৱাৰিব, নহ’লে পেট নচলিব৷

নহয়, মোৰ হাড়িয়াত গণ্ডগোল নাই৷ এয়া খাটি৷ চাওক পাঁচ-সাতজনে বহি বহিয়েই খাইছে, কাৰো মুখত বেয়া মাত এষাৰি নাই৷ কোনোৱে চৰাইৰ মাত মাতিছে, কোনোৱে সাপ খেলাইছে৷ সকলো ফূৰ্তিত আছে৷ সেইয়া শুনক বিনোদে কীৰ্তন গাইছে৷

এম.পি? নাই, নাজানো৷

জন প্ৰতিনিধি? নহয়, শুনা নাই৷ এইটো চাগে দেৱভাষা৷

বাংলা? যিটো ভাষাত আপুনি-মই কোৱা-কুই কৰিছোঁ?

অ’৷ সিমানখিনি নাজানো৷ এইকণ জীৱনত কিমান শিকিব? এশ বছৰৰ পৰমায়ু বৰ কম৷ চাওঁতে চাওঁতে জাৰকালিৰ দুপৰীয়া আঁতৰিল৷ শত বছৰ হ’বলৈ মোৰ আৰু কেইবছৰনো বাকি৷ কিন্তু মনত আছে এই সিদিনা পুখুৰীত সাঁতুৰিছিলোঁ, গছ বগাইছিলোঁ, মানুহৰ ঘৰত হাজিৰা কৰিবলৈ গৈছিলোঁ৷ আয়ুস শ-দুশ বছৰ হোৱা হ’লে বৰ ভাল আছিল৷

ভোট? জানো৷

অ’ ভোটত যিসকল জিকিল তেওঁলোক জন প্ৰতিনিধি৷ যিসকল কলিকতালৈ যায় তেওঁলোক এম.এল.এ., যিসকল দিল্লীলৈ যায় তেওঁলোক এম.পি.৷ আপুনি বৰ ভালকৈ বুজে৷ তেওঁলোক কলিকতালৈ যাওক লাগে দিল্লীলৈ যাওক, দুশ বছৰ হ’লে সকলোৰে মঙ্গল হ’লহেঁতেন৷ ৰজাৰ কপালত বনবাস থাকে৷ ৰামৰো বনবাস, পাণ্ডৱসকলৰো বনবাস৷ তাৰপাছত যুদ্ধ৷ মেদিনীপুৰত কম মৰামৰি হ’লনে? এইবাৰ ধৰক, ৰাজদণ্ড হাতত নৌ-পৰোঁতেই আয়ু শেষ৷ লৱকুমাৰ হাতত ৰাজত্ব দি তুমি স্বৰ্গলৈ ব’লা৷ আকৌ ভাই-ভাইৰ বিবাদ৷ আকৌ কাজিয়া৷ আকৌ যুদ্ধ৷ আকৌ ...

দিল্লীৰ মানুহবোৰৰ মাহিলী দৰমহা বাঢ়িছেনে সুধিছে? ভাল কথা, যিহে বস্তু-বাহানীৰ দাম, দৰমহা নাবাঢ়িলে নচলিব৷ আমি যেতিয়া খাটিছিলোঁ মাহিলী দৰমহা আছিল আঠ অনা৷ দুপৰীয়া ভাত আৰু মলা ধপাত দিছিল৷ সূৰ্যোদয়ৰ আগেয়ে যোৱা আৰু সূৰ্যাস্তৰ পাছত উভতা৷ এতিয়া দিনকাল সলনি হৈছে৷ ঘড়ীত নিৰ্দিষ্ট সময়, আঠটাৰ পৰা তিনিটা৷ দিনে ৰেট ষাঠি-সত্তৰ৷ কামটো ভাল কৰিলে৷ প্ৰথমে খেতিয়কবোৰে দিব বিচৰা নাছিল, ধৰ্মঘট হ’ল৷ ধম্মৰ কথা ক’লে অকলে যুঁজিব৷ আমি ল’ৰাবোৰ এতিয়া অলপ সুখতে আছোঁ৷ আপোনালোকৰ আশীৰ্বাদত কোনো জনৰেই হাড়িয়াৰ অভাৱ নাই৷ কেৱল বিড়ি টানে৷ দিনে বাৰটা বিড়ি খেতিয়কৰ ঘৰৰ পৰা দিয়ে৷ নিজ মুখে ক’ব নাপায় পোষ্ট অফিচত বহী এখন খুলিছে৷ হেৰি মই কিতাপখন দেখা নাই, সেইটো পোষ্ট অফিচৰ নে পাঠশালাৰ৷ পাছত সাক্ষৰতা কৰিলে৷ পোষ্ট অফিচৰ পৰাও এখন কিতাপৰ ব্যৱস্থা কৰা হ’লে ভাল আছিল৷ তেনেহ’লে সৰস্বতী আৰু লক্ষ্মী দুয়োজনী বাই-ভনীৰে চৰ্চা হ’লহেঁতেন৷ হাতলৈ দুটামান পইচাও আহিলহেঁতেন৷ তেনেহ’লে দিল্লীৰ মানুহবোৰৰ মাহিলী দৰমহা কিমান হ’ল?

পঞ্চাছ হাজাৰ? বছৰি ইমানবোৰ টকা লৈ কি কৰিব?

বছৰত নহয়, মাহত?

হেৰি, মৰি যাব৷

কিহত? খাই মৰিব৷ শশ চৌধুৰীৰ এজনী ছোৱালী৷ বিষয়-সম্পত্তিৰ হিচাপ নাই৷ কাষৰ গাঁৱৰ স্বজন ৰায়ক ঘৰজোঁৱাই কৰি থ’লে৷ জোঁৱাই ঘৰত থাকিলে, বুজিবই পাৰিছে, পুৱা নাৰিকল গধূলি ৰসগোল্লা৷ বচ্‌, ফুলিবলৈ ল’লে৷ কিনা চোলাত আৰু নহৈছিল, দৰ্জি মাতিলে৷ তাৰ পাছত ডাক্টৰক দেখুৱাবলৈ গ’ল আৰামবাগলৈ৷ চুগাৰ আৰু প্ৰেচাৰ একেলগত৷ ভাতৰ চাউল জুখি দিলে৷ ক’লে পুৱাবেলা পুখুৰীৰ চাৰিওফালে দহপাক দিয়া৷ হেৰি ছয়পাক মাৰিয়েই সাত-পাকেৰে নিজৰ কৰি লোৱা ঘৈণীজনীক বিধৱা কৰি গুচি গ’ল৷

বৰ ভাল কথা কৈছে, খায়ো মৰে, নাখায়ো মৰে৷ আজৱ সাঁথৰ, কি কয়! নিৰানব্বৈটা ছাগলী মৰিল, এটিহে জী ৰ’ল৷

কাৰ? ৰজাৰ৷ গোপাল ভাঁড়ৰ স’তে ৰজাৰ মনোমালিন্য হৈছে৷ দেশ এৰি গোপাল গুচি গ’ল৷ ৰজাৰ খং উঠাত গোপালৰ বিচাৰ-খোঁচাৰ হ’ল৷ সেয়া একেবাৰে গৰু বিচৰাৰ নিচিনা কাণ্ড৷ শেষত ৰজাই এশখন ৰাজ্যৰ প্ৰতিটোলৈ এটিকৈ ছাগলী পঠিয়ালে৷

অ’ গোপাল নহয়? বীৰবল? সেয়া ৰজা ...

ভালবাৰু, পিছে ৰজা নে বাদচাহ৷ তাত একো নাহে-নাযায় দিয়ক৷ কথা হৈছিল ছাগলীৰ, তাত মেৰপাক্‌ নাই৷ কোনোৱে ক’ব নোৱাৰিব কাগজে কলমে এশজনী ছাগলী হ’লেও আচলতে আশীটা লোনত দিছে৷ এশটাই আছিল হেৰি৷ বাদচাহে ক’লে বছৰ পাৰ হ’লেই উভতাই দিব লাগিব৷ বছৰ গ’ল৷ নিৰানব্বৈইটা ছাগলী গাঁৱে-ভূঞে কোমোৰা যেন হৈ উভতিল৷ এটা মাত্ৰ ৰুগীয়া৷

অ’ সেই দেশতেই গোপাল ভাঁড়, নহয় কি জানো নাম কৈছিল?

বীৰবল৷ হয়, বীৰবল আছিল৷ বীৰবলে জানিছিল ছাগলী কেনেদৰে বচাব লাগে৷ ছাগলীৰ গাত মেদ হ’লেই মানুহে কাটি-কুটি খতম কৰি দিব৷ কওকচোন তেনেহ’লে বীৰবলে কিদৰে ছাগলীটোক ৰুগীয়া কৰি ৰাখিলে?

নহয়, খাবলৈ দিছিল৷ খাবলৈ নিদিলে মৰি যাব৷ খাবলৈ নাপাই কত মানুহ মৰে৷ মাকৰ গাখীৰ নাপাই কেঁচুৱা মৰে৷ আচলতে বীৰবলে ছাগলীৰ গঁৰালৰ ওচৰতে বাঘ এটা বান্ধি থৈছিল৷ বাঘটোক খাবলৈ দিয়া নাছিল৷ নিতৌ ৰাতিৰ পৰত বাঘটোৱে গৰ্জে আৰু ছাগলীবোৰে জঁপিয়ায়৷ তাতেই বাচি গ’ল৷ বাকী নিৰানব্বৈটা ছাগলী কাটি-কুটি ভোজ হ’ল৷ বীৰবল উভতিছে সেয়ে ৰজাৰ বৰ আনন্দ৷ বাঘটো ভাগ্যে পিঞ্জৰাত আছিল, সেয়ে ছাগলীটো বাচি গ’ল৷ তাৰমানে কি হ’ল কওকচোন বাৰু চাওঁ?

মই কৈছোঁ ‘মানে’, আপুনি কৈছে ‘মা’ ‘মা’৷ হেৰি আৰু চালাকি নকৰিব৷ মানে ময়েই কৈ দিছোঁ৷ গঁৰালত পেটভৰ্তি ছাগলী থাকিলে বাহিৰত পেটখালি বাঘ ৰাখিব লাগিব৷ ঘৰত চুগাৰৰ মানুহ থাকিলে বাহিৰত নিমখীয়া মানুহ থ’ব লাগিব৷ ভেঁটিত বনৰীয়া ওলকচু হ’লে কাষত এজোপা প্ৰকাণ্ড তেতেলী ৰোপন কৰিব লাগিব৷ তেহে ভিতৰত বস্তুটো ভাল থাকিব৷

সংবিধান কি সুধিছে? আজিলৈ থাকক৷ আপোনাৰ কথাবোৰ আজি কিবা গণ্ডগোলীয়া যেন হৈ পৰিছে৷ বৰ গধুৰ গধুৰ কথা কৈছে৷ মই নিজৰ সংসাৰত ভালে আছোঁ, সংবিধানত কি লাভ? এই প্ৰথম আপোনাৰ মুখত নামটো শুনিলোঁ৷ বিধান ৰায়কো দেখিছোঁ, এই বয়সত সংবিধানৰ কিনো দৰকাৰ! চকু দুটা ধুঁৱলি-কুঁৱলি৷ শুনিলোঁ পকীপথৰ গাতে চকুৰ ছানি কটাৰ ব্যৱস্থা আছে৷ মোক ল’বনে নলয় কোনে জানে৷ কম্বলৰ দৰেই যদি কয় ঘৰেপ্ৰতি এজন, তেনেহ’লে ফুলুৱেই যাব৷ সংসাৰৰ মূৰ হোৱা মানে সংসাৰত মূৰ দিয়া৷ ঘৈণী থাকোঁতে নিজৰ চকুৰ ছানি আঁতৰাই আহিব নোৱাৰিম৷ বিয়াৰ সময়ত শাহু আয়ে কৈছিল, ‘ছোৱালীজনীক মোৰ দুখখিনি নিদিবা সোণটো৷’ মূৰ দুপিয়াই ‘অঁ’ বুলিছিলোঁ৷ আজি পৰ্যন্ত ঘৈণীক ৰাজৰাণী কৰি থৈছোঁ৷ কোনোৱে ক’ব নোৱাৰিব দুখেৰ ঘৈণীজনী দুঃখত আছে৷

(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ