নৱ ৰাজন
(দ্বিতীয় ভাগ)
পবিতৰালৈ নোযোৱা
বহু দিনেই হ’ল। সেয়ে, আবেলি পবিতৰালৈ যোৱাটোকে ঠিক কৰিলোঁ। লাচিতলৈ
ফোনটো কৰিলোঁ। সি সন্মতি দিলে।
সিয়ে ক’লে–
গুৱাহাটীৰ পৰা ৰূপো অহা বুলি ।
লক্ষ্মণকো লগ
ধৰিলোঁ।
সিহঁতকো লগ
নোপোৱা ভালেমান দিন হ’ল। ঘৰলৈ আহিলে পবিতৰাৰ তামুলডোবাৰ পাৰত আড্ডা দিয়াটো আমাৰ
বহুদিনীয়া অভ্যাস।
মায়ং তিনিআলিত আটাইকেইটা
লগ হ’লোঁ।
ৰূপৰ সৈতে
গুৱাহাটীৰ বন্ধু এজন আহিছে। মায়ং চাবলৈ। ৰূপে তাক আমাৰ স’তে চিনাকি কৰি দিলে। ৰূপম
তাৰ নাম। ঘৰ ডিব্ৰুগড়ত। তাৰ লগত একেটা অফিচতে কাম কৰে।
চাইকেলৰ পেডেল
মাৰি মাৰি আমি পাচোটা তামুলডোবাৰ পাৰ পালোগৈ।আমাৰ গাঁৱৰ কাষতে পবিতৰা।ঘৰৰ পৰা ২
কিঃ মিঃ নিলগতে পবিতৰা ৰেঞ্জ অফিচ।
: ৱাও...কি
বিতোপন... সঁচাকৈয়ে ঠাইখন খুবেই ভাল লাগিছে। আচলতে ঠাইখন ইমান নান্দনিক হ’ব বুলি
ভবা নাছিলোঁ।
—চাইকেলৰ পৰা
নামিয়ে ৰূপমে পবিতৰাৰ বন্দনাত পঞ্চমুখ হ’ল।
: ই বপুৰাই ইমান
ভাল পালানা ? গঁড়কেইটাৰ
বাহিৰে চাবালিগীয়া কিনো আছেই — লাচিতে ৰূপমে নুশুনাকৈ মোক লাহেকৈ ক’লে।
: বেটা, তই
সদায় দেখি থাক বাবেহে... নতুবা ইমান কম সময়তে পবিতৰাই বিশ্বৰ পৰ্যটন মানচিত্ৰত
স্থান দখল কৰিবা পাৰেনা?
— মোৰ
উত্তৰত সি আৰু একো নক’লে।
গাঁৱলৈ আহিলে
ময়ো গাঁৱৰ কথিত ভাষাতে কথা পাতো। নগাঁৱলৈ পঢ়িবলৈ যাওঁতে লগৰবোৰ লগত কথা পাতোঁতে গম
নোপোৱাকৈ মাজে মাজে কথিত ভাষা ওলাইছিল। তেতিয়া কেইবাদিনো লাজত পৰিবলগীয়া হৈছিল। এতিয়া
জিভাৰ কন্ট্ৰ’ল কেপাচিটী আহি গ’ল।
বিলৰ একেবাৰে
পাৰতে পোৱালিসহ ঘাঁহ খাই থকা গঁড়জনীলৈ সকলোৱে একেলগে দৃষ্টি নিক্ষেপ কৰিলে।
: ৱাও..
গঁড়জনীৰ খড়গটো
চা– ইমান ডাঙৰ!
মই আজিলিগি ইমান
ওচৰৰ পৰা দেখাই নাছিলোঁং।
— লক্ষ্মণে
একপ্ৰকাৰে চিঞৰিয়ে দিলে।
: মই কেইবাবাৰো
দেখিছোং। জীপ ছাফাৰী কৰোংতে এবাৰ এটা প্ৰকাণ্ড গঁড়ে আমাক খেদি আহিছিল। ড্ৰাইভাৰজন
এক্সপাৰ্ট বাবেহে কোনোমতে ৰক্ষা পৰিছিলোঁং। — ৰূপে শিলগুটি এটা পানীলৈ দলিয়াই
ক’লে।
: চা– বেটাৰ চকু
ক’ত– ডাইৰেক্ট খৰ্গত চকু মাৰিছি। লাভ নাই। লাভ নাই।
— লাচিতে
লক্ষ্মণক ঠাট্টা কৰি ক’লে।
লক্ষ্মণে একো
ক’বলে নাপাওঁতেই ৰূপমে কিছু ভাবুক হৈ ক’লে–
: মানুহে মিছাতে
অন্ধবিশ্বাসৰ বলি হৈ এই আপুৰুগীয়া সম্পদবিধ হত্যা কৰি অহা নাইনে? এই খৰ্গটোৰ কোনো ঔষধি গুণ নাই। ই চুলিৰ সমষ্টিহে
মাথোঁ।
: এৰা, বিজ্ঞানৰ
ইমান উন্নতিৰ পাছতো মানুহৰ মানসিকতা সলনি নহ’ল। হৰিণাৰ মাংসই বৈৰী হোৱাৰ দৰে খৰ্গটোৱেই
গঁড়ৰ শত্ৰু।
— মই
ৰূপমৰ কথাখিনি শলাগিলোঁ।
: সাধাৰণতে
অভয়াৰণ্যবোৰ ঠাইৰ নামেৰে জনা যায়, কিন্তু পবিতৰা ব্যতিক্ৰম। মায়ং ৰাজ্যৰ
প্ৰথমজনা ৰজাৰ নাম আছিল শূইনত সিংহ। ৰজাৰ প্ৰথমজনা জীয়ৰীৰ নাম আছিল 'পৱিত্ৰা'।পৱিত্ৰাৰ
অকাল বিয়োগত, মৰমৰ জীয়ৰীৰ নাম চিৰস্মৰণীয় কৰি ৰাখিবলৈ তেওঁ
হাবি-জংঘলেৰে ভৰা এই বনাঞ্চলৰ নাম 'পৱিত্ৰা' ৰাখিছিল। পাছলৈ
এই 'পৱিত্ৰা'ৰ পৰাই পবিতৰা হোৱা বুলি ককাদেউতাৰ মুখত
শুনিছিলোঁ।
— লাচিতে ৰূপমক উদ্দেশ্যি ক’লে।
:ৰূপম, তুমি এটা কথা জানি আচৰিত হ’বা। এশিঙীয়া
গঁড়ৰ সৰ্বাধিক ঘনত্বৰ পবিতৰাই পৃথিৱীৰ একমাত্ৰ অভয়াৰণ্য; যিখন ৰাইজে নিজে
স্থাপন কৰিছে।
— ৰূপে
প্ৰসংগটো সলাই ৰূপমক উদ্দেশ্যি ক’লে।
: কি! পবিতৰা,
ৰাইজে
স্থাপন কৰা অভয়াৰণ্য ?
— ৰূপম
আচৰিত হ’ল।
: তেতিয়া মায়ং
নগাঁও জিলাৰ অধীনত। মানে মৰিগাঁও জিলাই তেতিয়ালৈ জিলাৰ স্বীকৃতি পোৱাই নাছিল।
পূৰ্বতে ব্ৰিটিছ
চৰকাৰৰ শাসনকালত নগাঁও জিলাৰ উপায়ুক্তই গাঁওবুঢ়াসকলৰ সহযোগত কোনো এটা অঞ্চললৈ আহি, দহ-পোন্ধৰদিন
তাতে অস্থায়ী কাৰ্যালয় নিৰ্মাণ কৰি স্থানীয়ভাৱে কামবোৰৰ সমাপণ কৰি থৈ যায়। ১৯০২
চনত অবিভক্ত নগাঁও জিলাৰ তদানীন্তন উপায়ুক্ত মাৰ চাহাবে মায়ঙৰ কালশিলাপাৰ গাঁৱতো
এনে এটা শিবিৰ পাতিছিল। মাৰ চাহাবে ৰজামায়ঙৰ বাৰিকা বাওনা(বামুনা)ক হাতীত উঠোৱাই
লৈ গোটেই পবিতৰাখন ঘূৰাই ৰাইজৰ গৰু-ম’হ চৰোৱাৰ সুবিধাৰ বাবে তিনিভাগত ভাগ কৰি থৈ
গৈছিল। তেওঁ পূব–দক্ষিণ খণ্ড হাতীগড় গাঁৱলীয়া চৰণীয়া পথাৰ, দক্ষিণ অঞ্চলটো
ঠেংভঙা গাঁৱলীয়া চৰণীয়া পথাৰ আৰু মধ্যখণ্ডটো পবিতৰা ব্যৱসায়িক চৰণীয়া পথাৰ মানে পি
জি আৰ- পবিতৰা গ্ৰেজিং ৰিজাৰ্ভ নামেৰে ভাগ কৰি ৰাইজক দি থৈ যায়। পবিতৰা পি জি আৰত
যিসকলে গৰু ম’হ ৰাখি প্ৰতিপালন কৰিছিল,
তেওঁলোকে
প্ৰতিজনী গাখীৰতী ম’হৰ বাবদ ২ টকা আৰু প্ৰতিজনী গাখীৰতী গাইৰ বাবদ ১ টকাকৈ চৰকাৰক
টেক্স দিব লাগিছিল। প্ৰতি বছৰে নগাঁও সদৰৰ পৰা টেক্স কালেক্টৰ আহি টেক্সসমূহ উঠাই
লৈ গৈছিলহি।
মায়ং খনিকৰ দিপন
চন্দ্ৰ নাথদেৱে তেখেতৰ গ্ৰন্থ 'পবিতৰা অভয়াৰণ্যৰ ইতিবৃত্ত'ত
উল্লেখ কৰা অনুসৰি ১৯৪৫ চনত পবিতৰাৰ বনাঞ্চলত পোন প্ৰথমবাৰৰ বাবে এশিঙীয়া গঁড়ে
থিতাপি লৈছিল। তেখেতে মাক-দেউতাকৰ লগত আহুধান দাবলৈ যাওঁতে এহাল মতা-মাইকী গঁড়
ডুবতলি বিলৰ পাৰৰ পথাৰৰ পৰা পবিতৰালৈ যোৱা প্ৰত্যক্ষ কৰিছিল। সেয়াই পবিতৰাত প্ৰথম
গঁড়ৰ থিতাপি। তেতিয়াৰ পৰা গঁড়ৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিলে।
কিন্তু এই
বনাঞ্চললৈ ক্ৰমশঃ বহিৰাগত গৃহহীন লোকসকলৰ লোলুপ দৃষ্টি বাঢ়িবলৈ ধৰিলে। ১৯৫৭ চনত
কামৰূপ জিলাৰ হাজোৰ পৰা ২৫০ ঘৰ মানুহ আহি হাতীগড় ভি জি আৰৰ পৰা পবিতৰা পি জি আৰলৈ
জংঘলখিনি চাফা কৰি বসবাস কৰিবলৈ লৈছিল। আমাৰ বৃহত্তৰ অঞ্চলটোৰ মুখিয়াল কমাৰপুৰ
গাঁৱৰ ৰসধৰ ডেকা গাঁওবুঢ়া, মাণিক ডেকা, ধামখুন্দা
গাঁৱৰ ললিত ডেকা, নৰকান্ত ডেকা, চন্দ্ৰ ডেকা, গৰুবন্ধা
গাঁৱৰ জাৰমন ডেকা, তপোৰাম ডেকা, মিটনীগাঁৱৰ দেৱ
ডেকা মণ্ডল, হাতীগড় খুটীৰ বৌদ্ধমান শৰ্মা, ৰজামায়ং
গাঁৱৰ মেদাৰাম নাথ, ফটিক চন্দ্ৰ নাথ, গাঁওবুঢ়া ৰঘুবৰ
নাথ, গঙ্গাৰাম নাথ, প্ৰেমানন্দ নাথ, দিপন চন্দ্ৰ
নাথ, হাতীমূৰীয়া গাঁৱৰ ধিৰ চিং বিষয়া, গাঁওবুঢ়া
মহেন্দ্ৰ বিষয়া, লোণমাটি গাঁৱৰ পদোৰাম শইকীয়া গাঁওবুঢ়া, ৰত্নকান্ত
হাজৰিকা, হৰিচন্দ্ৰ বৰা(মণ্ডল), দেবেশ্বৰ হাজৰিকা (মণ্ডল), সতীভেটী
গাঁৱৰ হংসৰাম শইকীয়া, দধি শইকীয়া,ভু ৱন পিয়ন, শিলডুবি
গাঁৱৰ মণিৰাম মেধী, কুচিয়ানী
গাঁৱৰ গাঁওবুঢ়া আহিনা কোঁৱৰ, হাদুক খুটীৰ নেপালী পহুমাৰা, বাউলুঙৰ
থুলে আদি লোকসকলৰ অহোপুৰুষাৰ্থত মৰিগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে ঘৰসমূহ
উচ্ছেদ কৰা হৈছিল।
সেই ঘটনাৰ পাছত
বেদখলকাৰীসকল ঘূৰি গৈছিল। কিন্তু ১৯৬৭ চনত নগাঁও জিলাৰ ৰূপহী আৰু জুৰীয়াৰ পৰা
প্ৰায় ৭৫০ মান মুছলমান সম্প্ৰদায়ৰ লোক আহি সেই অঞ্চলটোত পুনৰ থিতাপি লয়। এইবাৰো
অঞ্চলটোৰ মুখিয়ালসকল লগ লাগি নগাঁও জিলাৰ
উপায়ুক্ত মহোদয়ৰ ওচৰত আৱেদন কৰিলে। পাছত মৰিগাঁও ৰাজহ চক্ৰৰ তদানীন্তন চক্ৰ বিষয়া
জিতেন্দ্ৰ নাথ গোস্বামীৰ দ্বাৰা উক্ত অঞ্চলত একেলেথাৰিয়ে চাৰিদিন উচ্ছেদ অভিযান
চলাই ,ঘৰসমূহ ভাঙি পেলোৱা হৈছিল। উচ্ছেদ অভিযানত তেতিয়া হাতী ব্যৱহাৰ কৰা
হৈছিল। এই উচ্ছেদ অভিযানতো অঞ্চলৰ মুখিয়ালসকল উপস্থিত আছিল।
বেদখলকাৰীৰ উপৰি
চোৰাং চিকাৰীৰ কবলৰ পৰা জীৱ-জন্তুবোৰক ৰক্ষণাবেক্ষণ দিবলৈ ১৯৬৭ চনত অঞ্চলটোৰ
মুখিয়ালসকলক লৈ "পবিতৰা বনাঞ্চল সুৰক্ষা সমিতি" গঠন কৰা হ’ল।
বন্যপ্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত সুৰক্ষা সমিতিয়ে পবিতৰাক অভয়াৰণ্য হিচাপে ঘোষণা কৰি
বন্যাকুলৰ সংৰক্ষণৰ বাবে যাবতীয় ব্যৱস্থা ল’বলৈ চৰকাৰলৈ সঘনে আৱেদন-নিৱেদন কৰিলে। আৱেদন
লিখা, বাতৰি কাকতলৈ পঠিওৱা আদি কামৰ ভাৰ পৰিছিল তেতিয়াৰ ৰজামায়ং গাঁও
পঞ্চায়তৰ সম্পাদক ৰত্নকান্ত হাজৰিকা আৰু দিপন চন্দ্ৰ নাথৰ ওপৰত। বিভিন্ন দিহা
পৰামৰ্শৰে সততে সহযোগিতা আগ বঢ়াইছিল ৰসধৰ ডেকা গাঁওবুঢ়াই। এই বনাঞ্চল চৰকাৰক গটাই
দি অভয়াৰণ্য হিচাপে ঘোষণা কৰিবলৈ দিয়া কাৰ্যৰ কেইজনমান মায়ঙীয়াই ঘোৰ বিৰোধিতা
কৰিছিল। সেই সকলো বাধা ওফৰাই বাৰে বাৰে কৰা আৱেদন-নিৱেদনৰ ফলত ১৯৭১ চনৰ ১৮-১১-৭১
তাৰিখৰ Govt. notification No/4 settlement/ 542/65/54
Memo No মৰ্মে অসম চৰকাৰে পবিতৰা পি জি আৰখন পবিতৰা সংৰক্ষিত বনাঞ্চল হিচাপে
ঘোষণা কৰিছিল। মাটিকালি আছিল ১২,০০০ বিঘা।
পবিতৰা ভি জি
আৰত নেপালী সম্প্ৰদায়ৰ কিছু লোক বসবাস
কৰি গৰু-ম’হ পুহি গাখীৰৰ ব্যৱসায় কৰিছিল।
সংৰক্ষিত বনাঞ্চল ঘোষণা হোৱাৰ পাছত সেই লোকসকলৰ কিছু সংখ্যক ৰজামায়ঙৰ মূৰবড়ি (মায়ং
আঞ্চলিক কলেজৰ সমীপত)লৈ উঠি আহিল আৰু কিছুলোক ঠেংভাঙালৈ উঠি যায়। তেওঁলোকে স্থাপন
কৰা বিদ্যালয়খনো ঠেংভাঙালৈ লৈ যায়। এই নেপালীসকল এতিয়া অসমীয়া কৃষ্টি-সংস্কৃতিৰে
সংপৃক্ত হৈ সুন্দৰকৈ জীৱন নিৰ্বাহ কৰি আছে।
সংৰক্ষিত
বনাঞ্চল হিচাপে ঘোষণা হোৱাৰ পাছতো এই তামুলডোবা আৰু হাদুক বিল চৰকাৰে মীন মহলদাৰক
নিলামত দিছিল। ৰাইজে ইয়াৰ প্ৰতিবাদ কৰি বিলখন আৰু ডোবাটো বন বিভাগক চমজাই দিয়াৰ
লগতে পবিতৰা সংৰক্ষিত বনাঞ্চলক এখন অভয়াৰণ্য হিচাপে ঘোষণা কৰিবলৈ চৰকাৰক জোৰদাৰ আৱেদন-নিৱেদন
কৰিবলৈ ধৰিলে। ১৯৭১ চনৰ পৰা প্ৰায় ১৫ বছৰ
ধৰি কৰা ৰাইজৰ আৱেদন- নিৱেদনৰ ভিত্তিত ১৯৮৭ চনত No F.W.R/19/87/39 নং
গেজেট নটিফিকেশ্বন মৰ্মে অসম চৰকাৰে পবিতৰা সংৰক্ষিত বনাঞ্চলক পবিতৰা অভয়াৰণ্য
হিচাপে ঘোষণা কৰে। এনেকৈয়ে ৰাইজৰ অহোপুৰুষাৰ্থত এখন চৰণীয়া পথাৰ অভয়াৰণ্যৰ
স্বীকৃতি পাবলৈ সক্ষম হ’ল।
তেখেতসকল আজি
আমাৰ মাজত নাই কিন্তু তেখেতসকলৰ অক্লান্ত পৰিশ্ৰমৰ বাবেই আজি পবিতৰাই মায়ঙৰ গৌৰৱ
নিচান উৰুৱাই বিশ্বৰ পৰ্যটন মানচিত্ৰত এক বিশেষ স্থান দখল কৰিছে।
: ৱাহ ...কি
আমোদদায়ক। ইমানপৰে এখন ছবি চাই থকা যেন লাগিল। তোমালোক সঁচাকৈয়ে সৌভাগ্যবান।
মায়ঙীয়া ৰাইজ ইমান প্ৰকৃতিপ্ৰেমী। সঁচাকৈয়ে বিগ চেলুট।
কিন্তু এইবোৰ
কথাৰ প্ৰচাৰ যেনেকৈ হ’ব লাগে তেনেকৈ হোৱা নাই।
— ৰূপমে
পশ্চিম আকাশলৈ দৃষ্টি নিক্ষেপ কৰি ক’লে।
ৰূপমৰ কথা শুনি
আৱেগত মোৰ গাৰ নোম শিয়ৰি উঠিল।
চকুৰ পচাৰতে
বেলিটো মায়ং পাহাৰৰ আঁৰত লুকাই পৰিল।
: ৱাহ... ৱাহ...
কি অপূৰ্ব এই সূৰ্যাস্তৰ দৃশ্য...
—ৰূপমে উলাহত
দুয়োহাত মেলি এক প্ৰকাৰে চিঞৰিয়ে উঠিল।
সূৰ্যাস্তৰ
হেঙুলীয়া ৰহণ গালে মুখে সানি আমি আটাইকেইজন ঘৰলে' ৰাওনা হ’লোঁ।
***
ঘৰ পাওঁ মানে
সন্ধিয়াই হ’ল। হাত ভৰি ধুই বৰদেউতাক এষাৰি মাত দি আহিলোঁগৈ। খুৰাহঁতৰ ঘৰতো এপাক
সোমালোঁ।
মাৰ পাকঘৰৰ
সুগন্ধ খুৰাহঁতৰ ঘৰলৈকে মলমলাই আছিল। দেউতাই ঘৰৰে হাঁহ এটা মাৰিছে। মায়ে কোমোৰাৰে
ৰান্ধিছে। হাঁহৰ মঙহ মোৰ বৰ প্ৰিয়। সেয়ে ঘৰত এই আয়োজন।
ভজা মঙহ
কেইটুকুৰামান বাটিটোত লৈ বিছনাখনতে বাগৰ দিলোঁ।বিছনাৰ কাষতে মজিয়াত দেউতাই খৰাহী
এটাৰ বাও বান্ধি আছে।
দিনটো টলৌ টলৌ
কৈ ঘূৰি ফুৰা বাবে ভাগৰে হেঁচা মাৰি ধৰিছিল। চকুকেইটা কোন তলকতনো জাপ খালে গমেই
নাপালোঁ।
সাৰ পাই মাক মোৰ
ভৰি শিতানত আৱিস্কাৰ কৰিলোঁ। মোৰ ভৰি দুখন পিটিকি পিটিকি দেউতাৰ স’তে মোৰ কথাই
পাতি আছে।
মাৰ দৃষ্টিত মই
এতিয়াও যেন সৰু ল’ৰাটোৱেই হৈ আছোঁ। এয়াই
আকুলতা, মাতৃৰ মমতা। এই আবদাৰৰ সুযোগটো এৰি দিবলৈ মন
নগ’ল।
মই টোপনি যোৱাৰ
ভাও জুৰি মাৰ আকুলতাত বিলীন হৈ পৰিলোঁ।
: বোলো
শুনিছিনা—চাংতে চাংতে সোণপোনাৰ লগৰ আটাইবোৰেই বাপেকী হ’ল। সময় জানো ৰৈ থাকে!
আপোনাৰ সেইবোৰ ভাবিবাৰ জানো সময় আছে?
: ৰ’বিএ — পাতোং
বুলিয়ে বিয়া এখন পাতিবা পাৰি না ? এখন পাতি উঠিছোংহে। ধাৰ এতিয়াও
ডিঙিলিগি। আৰু এখনৰ কথা ভাবোং কেনেকৈ?—
:এহ, তেৰা আছেই নহয়। চলাই নিবৌ আৰু। হেইবুলি
বয়স ৰৈ নাথাকেই নহয়।
– দেউতাই
মাত নিদিলে।
মায়ে পুনৰ ক’লে—
: মই কথা এটাহে
মনে মনে ভাবি আছোং— এইযে আপোনাৰ ওচৰলিগি আহি থাকেই— কংকনা। ধনীঘৰৰ ছোৱালী হৈও ইমান
ফটকে আমাৰ লগত মিলি গছি। কোনো চহৰীয়া বাহাদুৰি নাই। তাইকে যদি আমাৰ বোৱাৰী কৰি
ৰাখিবা পাৰিলোঁংহয়!
: তয়ো মানুহ আৰু
দেই! ভাবিবলৈ আৰু কথা নাপালি ?
— দেউতা
ভোৰভোৰাই উঠিল।
: কিনো বেয়াটো
ভাবিলোঁং। তাই আহিলে দুই তিনদিনচোন এই জুপুৰিতে
থাকি যায়। নিজে ৰান্ধি বাঢ়ি খায়। এইবাৰ আহিলে তাইক মই সুধিয়ে চাম ৰহ।
: খব্বৰদাৰ।একদম
নুসুধিবি।— দেউতা গৰজি উঠিল।
মায়ে বাৰু কোন
কংকনাৰ কথা ক’লে ?
আমাৰ ঘৰলৈ আহিয়ে
থাকে। তাকো দুই তিনি ৰাতি কটায়ো যায়।মায়েতো মোক আজিলৈ তাইৰ বিষয়ে একো কোৱা নাই!
কিয় আহে বাৰু
তাই দেউতাৰ ওচৰলৈ ?
***
: কি আচৰিত!
হাজৰিকা বেজক
দেখুৱাই অহাৰ পাছতে শাহুমা ভালেখিনি সুস্থ হৈছে। দক্ষিণা হিচাপে যি মাননি
আগবঢ়ালোঁ, সেয়াই। অতিৰিক্তভাৱে কোনো মাননি নল'লে।
তেখেতৰ ব্যৱহাৰেও বাৰুকৈয়ে মুগ্ধ কৰিলে।
আচলতে মানসিক
দিশটোও বেমাৰৰ স’তে ওতঃপ্ৰোতভাৱে জড়িত। চিকিৎসকৰ ওচৰলৈ যোৱাৰ পাছতে তেখেতৰ
ধনাত্মক কথাই ৰোগীক বহুখিনি সুস্থ কৰি তোলে। কোনো ৰোগৰ পৰা মুক্ত হ’বলৈ আমি সেয়ে
মানসিকভাৱেও শক্তিশালী হোৱাটো অতীব প্ৰয়োজন।
তন্ত্ৰ-মন্ত্ৰৰ বৈজ্ঞানিক
গ্ৰহণযোগ্যতা চাগৈ সেইখিনিতে। কিয়নো শব্দই ব্ৰহ্ম। আৰু মন্ত্ৰবোৰ হৈছে কঠোৰ
তপস্যাৰ অন্তত মুখেৰে স্বতঃস্ফূৰ্তভাৱে নিৰ্গত শব্দৰ সমষ্টি। সাধনালব্ধ এই
মন্ত্ৰবোৰ যেতিয়া সুনিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰে যথোপযুক্ত প্ৰাবল্য(ভাইব্ৰেচন)ৰে
উচ্চাৰণ কৰা হয়, তেতিয়া সেই শব্দপ্ৰাবল্যই দেহৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থা
শক্তিশালী কৰি ৰোগ নিৰাময় কৰাৰ কথা একেষাৰেই নস্যাৎ কৰিব নোৱাৰি। কিয়নো এই শব্দবান
প্ৰয়োগ কৰিয়ে মানুহক হঁহুৱাবও পাৰি আৰু কন্দুৱাবও পাৰি। শব্দৰ মহিমা অপাৰ।
- পল্লৱীৰ
দেউতাকৰ তত্ত্বগধুৰ কথাকেইটাই মোকো ক্ৰিয়া কৰিলে।
পল্লৱীক পঢ়োৱাৰ
পাছত, দেউতাকৰ স’তে ময়ো ড্ৰয়িং ৰূমতে কিছুপৰ বহিলোঁহি।
এদিন এৰি এদিনকৈ
তিনিদিনেই তিলক বৰ্ত্তাৰ ওচৰলৈ গ’ল। দুদিন আগলৈ তন্ত্ৰ-মন্ত্ৰৰ প্ৰতি উদাসীন পল্লৱীৰ
দেউতাকক তন্ত্ৰ-মন্ত্ৰৰ প্ৰতি হঠাতে আকৰ্ষিত হোৱা দেখি ময়ো এক প্ৰকাৰ আচৰিতেই
হ’লোঁ। তিলক বৰ্ত্তাৰ পৰা তেওঁ মায়ঙৰ মন্ত্ৰ সম্বন্ধীয় দুখনমান কিতাপো লৈ অনা বুলি
মোক জনালে। মন্ত্ৰৰ মহিমাত পঞ্চমুখ হৈ ক’লে—
: মানে মায়ঙৰ
মন্ত্ৰৰ প্ৰভাৱ আজিও বিদ্যমান?
: আগতকৈ বহু
পৰিমানে কমিছে যদিও এতিয়াও মন্ত্ৰৰ প্ৰভাৱ আছে। আজিৰ তাৰিখতো আমাৰ অঞ্চলৰ শতকৰা ৬০
শতাংশ মানুহ তন্ত্ৰ-মন্ত্ৰত বিশ্বাসী।
প্ৰথমতে
তন্ত্ৰ-মন্ত্ৰ আৰু বন দৰৱৰ কাষ চাপে। তাৰ পৰা উপশম নাপালেহে ডাক্তৰৰ ওচৰলৈ যায়।
আই ওলালে মানে 'চিকেন
পক্স' হ’লে ডাক্তৰৰ চিকিৎসা নকৰাকৈ পোনপ্ৰথমে আই নাম নতুবা শীতলা পাঠহে কৰা হয়।
: আই নাম ?
:হয়, চিকেন পক্স ওলালে আই নাম পতা হয়। তাতে আইসকলে মা
ভগৱতীৰ নাম প্ৰসংগ কৰে। আই নামৰ সলনি
শীতলা পুথিখনো পাঠ কৰা হয়। ভগৱতী আইৰ অপৰাধ লগা বাবে চিকেন পক্স ওলায় বুলি
মহিলাসকলে বিশ্বাস কৰে। এতিয়াও শিক্ষিত-অশিক্ষিত নিৰ্বিশেষে মায়ঙৰ প্ৰতিঘৰ মানুহে 'চিকেন
পক্স' ওলালে সমাজৰ আইসকলৰ জৰিয়তে 'আই
নাম' নতুবা 'শীতলা
পাঠ' কৰে। এয়া মায়ঙীয়াৰ বিশ্বাস।
এয়াহে নালাগে
সৰু ল’ৰা-ছোৱালীৰ সাধাৰণ জ্বৰ-কাহ হ’লেও প্ৰথমে গোসাঁই ঘৰৰ পানী খুৱায়, তাৰ পাছতহে ঔষধ খুৱায়। ঔষধ বুলি কওঁতে প্ৰথমে বন
দৰৱ। বন দৰৱে কাম নকৰিলেহে এল্যুপেথিক ঔষধ ব্যৱহাৰ কৰে। এতিয়াও আমাৰ অঞ্চলৰ শতকৰা
৮০ গৰাকী মহিলাই বন দৰৱৰ ক্ষেত্ৰত পাৰ্গত।
: 'শীতলা
পাঠ'ৰ বিষয়ে অলপ বহলাই কোৱাঁচোন।
: বন্দো গুৰুপদে
অৱনী লুটিয়া
চৰণে শৰণ ল’লোঁ কিছু কৰা দয়া...
এইদৰে শীতলা
পুথিখন পাঠ কৰে। তাৰ পূৰ্বে বিভিন্ন ফুলেৰে এখন ফুলৰ শৰাই পাতে। তাতে নৈবেদ্য
আগবঢ়ায় আৰু শীতলা পুথিখন পাঠ কৰে। কোনোৱে শীতলা পুথিখন পাঠ কৰাৰ পৰিবৰ্তে আইনাম
গায়।
'চিকেন পক্স' হ’লে আই নাম বা
শীতলা পাঠ পতাৰ বিৰোধিতা কৰি মাৰ লগত মোৰ কথাৰ কটা-কটি হৈয়ে থাকে। মায়ে মোৰ কোনো
যুক্তি নামানে।
'তোৰ মতে ভগৱান আছে নে নাই? নে
ভগৱান, মঠ-মন্দিৰ সকলো ভুৱা?'— সুবিধা পালেই এই প্ৰশ্নটোৰেই মায়ে মোক
মৌন কৰি পেলায়।
: বিশ্বাসেই
মিলয় হৰি। ময়ো গোসাঁইঘৰত ভগৱানৰ জপ কৰি পৰি নাথাকোঁ। মোৰ মতেও কৰ্মই ধৰ্ম। যদিও
ভগৱান নামৰ এক ঐশ্বৰিক শক্তি যে আছে– হৃদয়েৰে অনুধাৱন কৰোঁ।
: হয় ঠিকেই কৈছে, খুৰা।
ভগৱান আছে নে নাই নাজানো।কিন্তু এক ঐশ্বৰিক শক্তি আছে; যাৰ বাবে পৃথিৱীখন ইমান নিয়াৰিকৈ পৰিচালিত
হৈ আছে।
:বৰ্তমান
হাজৰিকাদেৱৰ বাহিৰেও মন্ত্ৰ সাধনা কৰা আৰু কোনো বেজ আছেনে?
:আছে আছে।বহুকেইজন
আছে। তেখেতসৱৰ ভিতৰত ৰজামায়ঙৰ ফণীধৰ নাথ, হিলৈখুন্দাৰ প্ৰবীণ শইকীয়া, হাতীমূৰীয়াৰ বজ্ৰ ডেকা, ৰজামায়ঙৰে পুষ্প নাথ, কনক নাথ,
বুদুল
নাথ, বুঢ়ামায়ঙৰ প্ৰখ্যাত লক্ষীবেজৰ পুত্ৰ ৰূপেশ্বৰ টেৰণ আৰু বহুকেইজন। আমাৰ
দেউতায়ো কিছু চৰ্চা কৰে। অঞ্চলটোৰ বহুসংখ্যক মহিলা মন্ত্ৰসাধানাত জড়িত। বিশেষকৈ
বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষেত্ৰত তেখেতসৱে তন্ত্ৰ-মন্ত্ৰৰ লগতে বন দৰৱ প্ৰদান কৰে।
উপযুক্ত সাধনাৰ অভাৱতে হওক কিম্বা বিজ্ঞানৰ প্ৰগতিৰ হেতু মন্ত্ৰ সাধনাৰ প্ৰতি
আগ্ৰহী নোহোৱাৰ বাবে সৰহভাগ মন্ত্ৰ হেৰাই গ’ল যদিও এতিয়াও বহু কেইজনে পূৰ্বপুৰুষৰ
তন্ত্ৰ-মন্ত্ৰৰ সাধনা অব্যাহত ৰাখিছে।
: বৰ ভাল কথা।
ইমান এটা বৰ্ণিল অধ্যায়, নাইকিয়া হ’বলৈ দিব নালাগে। মায়ং বুলি ক’লে
চিনি নোপোৱা মানুহ নাই। মায়ং মানে এক শিহৰণ। মায়ং মানে এক বিস্ময়। মায়ং মানে
ৰহস্য। বাৰু, তুমি কিবা মন্ত্ৰ জানানে ?
: নাই নাই। মই
একোৱে নাজানো। দেউতা এজন প্ৰসিদ্ধ বেজ নহ’লেও অলপ
অচৰপ সাধনা কৰে। কিন্তু মোৰহে আজিলৈ শিকিবলৈ আগ্ৰহ জন্মা নাই।
এইখিনিতে মোৰ
ঘটনা এটা মনত পৰিহে হাঁহি উঠিছে ।
সেয়া-২০০১ চনৰ
কথা।
মেট্ৰিক
পৰীক্ষাত আমাৰ গোটেই কেন্দ্ৰৰ ভিতৰত(মায়ং অঞ্চলৰ আঠখন হাইস্কুলৰ ভিতৰত) প্ৰথম
স্থান পাই, নগাঁও
মহাবিদ্যালৰ বিজ্ঞান শাখাত নামভৰ্তি কৰাৰ সুযোগ
পালোঁ। তেতিয়া ব্যক্তিগত কনিষ্ঠ মহাবিদ্যালয়বোৰ নাছিল। নগাঁও মহাবিদ্যালয়
অসমৰ এখন আগশাৰীৰ মহাবিদ্যালয়। ৰেগিঙৰ পৰিমাণ কমিছিল যদিও নিয়মমাফিক হিচাপে অলপ
অচৰপ হৈছিল। ক্লাছৰ ফাকে ফাকে ৰেগিং চলি আছিল। ওখকৈ শকত ল’ৰা এজন ক্লাছৰূমলৈ সোমাই
আহি মোৰ স’তে আৰু চাৰিজনক বেলেগ এটি ক্লাছৰূমলৈ লৈ গ’ল।
: তই মেট্ৰিক
পৰীক্ষাত বিজ্ঞানত গেছ পাইছিলি ন? —শকত ছিনিয়ৰ ছাত্ৰী এগৰাকীয়ে মোলৈ
প্ৰশ্ন নিক্ষেপ কৰিলে।
:হয়। গেছ
পাইছিলোঁ—মই অলপো কনফিউজড নোহোৱাকৈ উত্তৰটো দিয়াত ছাত্ৰীগৰাকীৰ মুখখন ক’লা পৰি
গ’ল।
মই আগতেই
জানিছিলোঁ যে তেওঁ পৰীক্ষাত পোৱা গেছ মাৰ্কৰ কথা কোৱা নাই। গেছ মানে অক্সিজেন, নাইট্ৰ’জেনৰ
কথাহে কৈছে। দাদা(বৰ্ত্তাৰ ল’ৰা)ই এই বিষয়ে
মোক আগতেই জনাইছিল। এক অৰ্থত মোৰ
ৰেগিঙৰ প্ৰশ্নবোৰ কমন পৰিছিল।
লগে লগে এজন
ক্ষীণ, ওখ ছাত্ৰই অলপ উচ্চ স্বৰত সুধিছিল—
: তই যে ল’ৰা
চিন কি ?
: চীন এখন দেশ— মই
ঠিকেই বুজিছিলোঁ যে ছিনিয়ৰ ছাত্ৰজনে চিন নহয় চীনৰ কথাহে কৈছিল।
: এটা শিং থকা
জন্তু -গঁড়। দুটা শিং থকা জন্তু -গৰু,ছাগলী, ম’হ আদি। এতিয়া কচোন– তিনিটা শিং থকা জন্তুৰ নাম ?
—শকত ছিনিয়ৰ
ছাত্ৰী গৰাকীয়ে আকৌ সুধিলে।
: তিনিটা শিং
থকা জন্তু –গঁড়, গৰু ,হৰিণ ।
এইবাৰ মই তপৰাই উত্তৰটো দিব নোৱাৰিলোঁ। যদিও
কিছুপৰ ভবাৰ পাছত মই ঠিকেই অনুমান কৰিলোঁ যে তিনিটা শিং থকা জন্তুৰ নাম নহয়,
শিং থকা তিনিটা জন্তুৰ নামহে ক’বলৈ দিছিল।
সেইবাৰো মই জিকিলোঁ।
মোক বিভিন্ন
প্ৰশ্নৰে হৰুৱাব নোৱাৰি মূল লীডাৰজন আহি মোৰ সন্মুখৰ ডেক্সখনত বহি লৈ কিছু দম
দিয়াৰ সুৰত ক’লে—
: তইতো মায়ঙৰ বুলি কৈছিলি– দে আমাক এটা যাদু
দেখুৱাই দে।মায়ঙৰ যাদু।
এইবাৰ মই বিপাঙত
পৰিলোঁ। মইতো যাদুৰ য-টোকে নাজানো। কি যাদু দেখুৱাম! ভাবি ভাবি পাৰ নাপালোঁ।
মোৰ পৰাজয়ৰ উমান
পাই, ছিনিয়ৰ ছাত্ৰ-ছাত্ৰী কেইগৰাকীৰ মুখত এইবাৰ হাঁহি বিৰিঙবলৈ ধৰিলে।
: দে বেটা,
বৰ টপটপ
কৰি আছিলি নহয়, তেতিয়াৰ পৰা। দেখা, এতিয়া যাদু।
—শকত ছাত্ৰী
গৰাকীয়ে বিদ্ৰুপ কৰি ক’লে।
ঘপককৈ উপস্থিত বুদ্ধি
এটা মনলৈ আহিল।
মোৰ সন্মুখত বহি
থকা ছিনিয়ৰ ছাত্ৰজনক উদ্দেশ্যি ক’লোঁ–
:ঠিক আছে, দাদা।
মই এটা যাদু দেখুৱাম। মই মন্ত্ৰৰ জৰিয়তে আপুনি বহি থকা ডেক্সখনৰ পৰা উঠিব নোৱৰা
কৰিব পাৰিম।মানে টিকাটো এৰাব নোৱৰাকৈ ডেক্সত লগাই থ’ব পাৰিম।
: তেনেহ’লে পলম
কিহৰ! দেখাই দে তোৰ মায়ঙৰ যাদু— আটাইকেইজনে একেস্বৰে চিঞৰি উঠিল।
: কিন্তু, এটা
সমস্যা আছে। মই লগাবহে পাৰিম, এৰুৱাব নোৱাৰিম। মানে লগোৱাৰ মন্ত্ৰটো
সম্পূৰ্ণকৈ আয়ত্তত আছে কিন্তু এৰুওৱাৰ মন্ত্ৰটো বৰ্তমান সম্পূৰ্ণকৈ মনত নাই। সেয়ে...
: ঠিক আছে দে।
এতিয়া তই ক্লাছলৈ যাগৈ। ঘৰলৈ গ’লে সম্পূৰ্ণকৈ শিকি আহি আমাক দেখুৱাবি।
– ছিনিয়ৰ
ছাত্ৰজনে ক’লে।
বিস্ময়কৰ মায়ঙৰ
মন্ত্ৰৰ প্ৰতি থকা ছিনিয়ৰৰ ভয় আৰু উপস্থিত বুদ্ধিৰ জহত সিদিনা বীৰদৰ্পে বিজয়ৰ হাঁহি মাৰি ক্লাছৰূমত
সোমালোঁগৈ।
: তোমাৰ উপস্থিত
বুদ্ধিক কিন্তু মানিছো দেই।
বিশ্বক শিহৰিত
কৰা এই গৌৰৱময় ইতিহাসৰ সু-গৱেষণা হ’ব লাগে আৰু লগতে সংৰক্ষণ হ’ব লাগে। নহ’বা কালৰ
বুকুত সকলো লীন হৈ যাব।
:হয়। আপুনি
ঠিকেই কৈছে। এই গৌৰৱময় ইতিহাস প্ৰণালীৱদ্ধভাৱে সংৰক্ষণ কৰাৰ উদ্দেশ্যে ২০০২ চনতে
গঢ় লৈ উঠিছিল 'মায়ং গ্ৰাম্য সংগ্ৰাহালয় আৰু গৱেষণা কেন্দ্ৰ'। লোক
গৱেষক লোকেন্দ্ৰ হাজৰিকা আৰু মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° উৎপল
নাথৰ নেতৃত্বত মায়ঙৰ অ’ত ত’ত সিঁচৰতি হৈ থকা মন্ত্ৰ নগৰী মায়ঙৰ ঐতিহ্যময় গৌৰৱগাথা
সংগ্ৰহালয়টোত বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰা হৈছে। আৰম্ভণিতে জেপৰ ধন খৰচ কৰি
ভাৰাঘৰত সংগ্ৰহালয়টো স্থাপন কৰি বৰ্তমান পবিতৰাৰ সমীপত স্থায়ীভাৱে নিৰ্মাণ কৰা
হৈছে। গ্ৰাম্য সংগ্ৰহালয়টোত ৰজাদিনীয়া সম্পদৰ লগতে অঞ্চলটোত উদ্ধাৰ হোৱা অলেখ ভাস্কৰ্যও
সংৰক্ষণ কৰা হৈছে। লগতে মানুহৰ ঘৰে ঘৰে থকা সাঁচিপাতৰ মন্ত্ৰপুথিবোৰ উন্নত
প্ৰযুক্তিৰে বাইণ্ডিং কৰি গ্ৰাম্য সংগ্ৰহালয়টোত সুশৃংখলিতকৈ সংৰক্ষিত কৰা হৈছে।
: হয় নেকি। তেনেহ’লে
বৰ সজ কাম এটি হৈছে। এই সজ কামৰ বাবে তেখেতসকল প্ৰশংসাৰ পাত্ৰ।
এইবাৰ গ’লে
সংগ্ৰাহলয়টো দেখুৱাব লাগিব কিন্তু।
: নিশ্চয় খুৰা।
এইবোৰ কথা ওলালে শেষেই নহয়। আকৌ কেতিয়াবা পাতিম। মোৰ আৰু এটা টিউশ্যন আছে। আজিলৈ
এৰিছোঁ...।
(আগলৈ)
