অন্যযুগ/


সেউজী সেউজী সেউজী অ'

 ড০ প্ৰাণজি বৰা


সেই ৰাতি থুপিতৰাই এটা আচৰিত সপোন দেখিলে।তাই দেখিলে যে জোনাকী পৰুৱাবোৰ বিচাৰি বিচাৰি তাই হাবিৰ মাজে মাজে অকলে অকলে ঘূৰি ফুৰিছে।

আমৰলিবোৰ, মৌমাখিবোৰ, বৰলবোৰ, সকলোকে তাই সহজেই বিচাৰি পালে। কিন্তু এবেলা পাৰ হোৱাৰ পাছতো জোনাকী পৰুৱাবোৰৰ তাই কোনো ভেদ উলিয়াব নোৱাৰিলে। ক'লৈ গ'ল জোনাকী পৰুৱাবোৰ?

 খোজ কাঢ়ি কাঢ়ি তাই নদীৰ পাৰ পালেগৈ।

নদীখন পানীৰে একেবাৰে উপচি আছে। এই নদী পাৰ হৈ তাই সিপাৰলৈ যায় কেনেকৈ এতিয়া! হাবিৰ এইপাৰে আৰু ক'তো বাকী নাই বিচাৰিবলৈ! এতিয়া সিপাৰে বিচাৰি চাব লাগিব। কিন্তু সিপাৰলৈ যাব কেনেকৈ তাই!

শিল এটাৰ ওপৰত বহি চিন্তা কৰি থাকোতেই তাই দেখিলে যে প্ৰকাণ্ড শিহু এটাই তাইৰ সমুখত আহি বহি আছেহি। শিহুৰ কথা তাই কিতাপত পঢ়িছে, তেনেই বিৰল, আপুৰুগীয়া প্ৰাণী। মানুহৰ অত্যাচাৰত শিহু এতিয়া দেখিবলৈকে নোহোৱা হ'ল বুলি পঢ়া মনত পৰিল তাইৰ। মনটো কেনেবা কেনেবা লাগি গ'ল তাইৰ! সঁ‌চাকৈয়ে কি দেখিছে তাই এয়া!

"থুপিতৰা, তুমি ভয় খাইছা নেকি মোক দেখি?", শিহুটো আগবাঢ়ি আহি তাইৰ ওচৰ পালেহি।

ই কি! সি তাইৰ নামটোও জানে?

"তুমি মোৰ নামটো কেনেকৈ জানা? কি আচৰিত কথা!", তাই হতবাক হ'ল।

"এয়া একো আচৰিত কথা নহয়।" শিহুটোৱে কৈ গ', "এই যে তুমি পুৱা আহি আমাৰ হাবিত সোমাইছিলা, তেতিয়াই তোমাৰ কথা আমাৰ সকলোৱে গম পাই গৈছে।"

"কি? কিন্তু কেনেকৈ? কোনে ক'লে?" তাই আৰু আচৰিত হ'ল।

"আমি আচলতে এটা বিশেষ ব্যৱস্থা কৰিছো, বুজিছা। আমাৰ ওপৰত মানুহবোৰৰ যি অত্যাচাৰ, তাৰ পৰা হাত সাৰিবলৈকে এই ব্যৱস্থা।"

তাই আচৰিত হ'ল।

"যেতিয়াই কোনোবা মানুহ হঠাৎ আহি আমাৰ হাবিত সোমায়হি, দুৱাৰমুখতে সৌ বৰজামুজোপাত থকা মৌমাখিবোৰে পাকটো মাৰি উৰি উৰি আমাক মুহূৰ্ততে সেই খবৰ দি যায়হি । আমি লগে লগে গম পাই যাও। হাবিৰ যিফালেৰেই নোসোমাওক কিয়, কেউপিনে মৌমাখিহঁ‌তক ঠিক এইবাবেই ৰখা হৈছে। তুমি উত্তৰপিনে, দক্ষিণপিনে যিপিনেই হাবিত নোসোমোৱা কিয়, দুৱাৰমুখতে মৌবোৰে মানুহ দেখিয়েই গম পায় ঠিক কি উদ্দেশ্য লৈ তেওঁলোক হাবিত সোমাইছেহি। লগে লগে সেই খবৰ মৌমাখিবোৰে কেউপিনে বিয়পাই দিয়ে। আমি সাৱধান হ'বলগীয়া হ'লে হ'বলৈ সময় পাওঁ‌।"

"কিন্তু কেনেকৈ?" তাই আৰু আচৰিত হ'ল।

"চকু-মুখ দেখিয়েই গম পাই যায় অ'! যি মানুহে কু মতলব লৈ আহে, সিহঁতৰ চকুৱে-মুখে সেই মতলব স্পষ্ট হৈ থাকে।"

"কি আচৰিত!"

"আমাৰ বাবে একো আচৰিত কথা নহয়, থুপিতৰা।আমাৰ মৌমাখিবোৰ কেউপিনে ঘূৰি ফুৰে যে, সিহঁতে বহুতক চিনি পায়। বহুতৰ নাম জানে। তোমালোকৰ যে ঘৰৰ আগপিনে ডাঙৰ ফুলনিখন আছে, সিহঁতে তাৰ পৰাও মধু আনে নহয়!"

হাবিৰ মৌমাখি সিহঁতৰ ঘৰৰ ফুলনি পায়গৈ! থুপিতৰাৰ চকুদুটা বিস্ময়ত ডাঙৰ ডাঙৰকৈ মেল খাই গ'ল।

শিহুটোৱে এইবাৰ তাইলৈ চাই ক'লে, "এতিয়া ব'লা। মোৰ পিঠিত উঠি নৈখন পাৰ হোৱা।"

তাই লাহেকৈ শিহুটোৰ পিঠিত বহিল, "তুমি দুখ নোপোৱাতো?"

শিহুটোৱে হাঁহিলে, "ইমান অকণমান ছোৱালী তুমি! তোমাৰ নিচিনা আৰু চাৰিজনীক মই আলাসতে লৈ যাম, বুজিছা!"

শিহুটোৰ পিঠিত উঠি নৈৰ ঠিক মাজ পাবৰ নৌ হওঁ‌তেই তাই দেখিলে, সিপাৰৰ পৰা হাতীৰ পৰিয়াল এটা আহি নৈত নামিছেহি। মখনাজনী আৰু দঁ‌তালটোৰ স'তে তিনিটা পোৱালি। গা ধুবলৈ আহিছে সিঁ‌হত।

নিজৰ শুড়ডালেৰে পানী টানি কণমানিকেইটাৰ গালৈ মাৰি পঠিয়াব খোজা দঁ‌তালটোৱে হঠাৎ শিহুটো আৰু থুপিতৰাক দেখা পাই থমকি ৰ'ল। শিহুটোৱে দঁ‌তালৰ পিনে চাই ৰিঙিয়ালে, "বোলো হঠাৎ এই অসময়ত কেউটাই নদীত নামিলাহি যে? কথাটো কি?"

দঁ‌তালে শুড়ৰ পানীখিনি এৰি দি ক'লে, "কি ক'বা আৰু ভাইটি, এই সৰুদুটাৰ জানো কম উৎপাত! মাকে-ময়ে খাবলৈ কিবাকিবি অলপ আনো বুলি ওলাই গ'লো, ইহঁত দুয়োটাই আমাৰ কাষতে থকা ম'হজাকৰ ঘূলিত পৰি দবৰা-দবৰি কৰিবলৈ ল'লে। আহি দেখো যে দুয়োটাই বোকাত লুতুৰি-পুতুৰি। ধুৱাই-মেলি চাফা-চ'ফা কৰি নিও বুলিয়েই নৈ পালোহি। বোলো তুমিনো কেনি যোৱা। তোমাৰ পিঠিত এই আইদেউনো কোন?"

দঁ‌তালৰ পিনে চাই শিহুটোৱে হাঁ‌হি মাৰি ক'লে, "এই আইটী আমাৰ হাবিৰ লগতে লাগি আছে যে সেই গাওঁখন, তাৰে ছোৱালী। তাই জোনাকী পৰুৱাহঁ‌হক বিচাৰি আহিছে, সিপাৰত থৈ আহিব লাগে, জানিছা।"

"যোৱা, যোৱা। আমি এই বদমাচদুটাক ধুৱাই লওঁ‌।", থুপিতৰাই দেখিলে পোৱালিকেইটাই ইতিমধ্যে পানীতে নিজৰ মাজত কাজিয়া আৰম্ভ কৰিছে। তাইৰ হাঁহি উঠি গ'ল। বৰ মৰম লাগিল দুয়োটা পোৱালিলৈ।

শিহুটোৱে তাইক লৈ সিপাৰ পোৱাৰ লগে লগে তাই দেখিলে, দুটা বনৰীয়া ঘোঁৰা আহি ৰৈ আছে। তাই আচৰিত হ'ল।

"ইহঁত দুটা হ'ল বৰসোণাৰু আৰু সৰুসোণাৰু!", শিহুটোৱে তাইক চিনাকি কৰি দিলে, "তোমাক আগবঢ়াই নিবলৈ আহিছে।"

কি আচৰিত নাম! ফুলৰ নামেৰে ঘোঁৰাৰ নাম!

তাইৰ মনৰ ভাৱ বুজি শিহুটোৱে হাঁহি মাৰি ক'লে, "ইহঁত দুয়োটাৰে জন্ম সোণাৰুৰ তলত হৈছিল অ'মাকে হাবিৰ এপিনে ঘাঁ‌হ খাই ঘূৰি ফুৰিছিল, জেঠৰ মাহ, দুপৰতে মাকৰ গা বেয়া হ'ল। আমাৰ হাবিৰ আটাইতকৈ বুঢ়া সোণাৰুজোপাৰ তলতে মাক গৈ ৰ'লগৈ। ফুলজোপা সেইবাৰ ইমানকৈ ফুলিছিল যে ফুলবোৰ মাটিত লাগো লাগো হৈছিল। তাতে ইহঁত দুটাৰ জন্ম হ'ল। সোণাৰুতলত হোৱা গুণে মাকে সিহঁত দুয়োটাকে সেই নাম দি থলে।"

"তাৰ মানে আমাৰ মানুহৰ দৰে তোমালোকৰো নাম থাকে?", থুপিতৰাই বৰ আমোদ পালে।

"'তো আকৌ", সৰুসোণাৰুৱে মাত দিলে, "আমাৰ আটাইৰে নাম আছে। মোৰ আইৰ নাম হীৰাৱতী আৰু বোপাইৰ নাম চন্দ্ৰাবেগ।"

"আনকি বিছা আৰু কেৰেলুৱাবোৰ যে, সিহঁতৰো প্ৰত্যেকৰে নাম আছে।", বৰসোণাৰুৱে যোগ দিলে।

শিহুটোৱে এইবাৰ ক'লে, "মই তেনেহ'লে তোমালোকক ইয়াতে এৰোঁ! অ' আৰু এটা কথা, তুমি যেতিয়া উলটি আহিবা, নৈৰ পাৰত ৰৈ দীঘলকৈ অগ্নি বুলি চিয়ঁৰি দিবা। মই আহি যাম।"

"', তোমাৰ নাম মানে অগ্নি!", থুপিতৰাই হাঁহিলে। শিহুটোৱেও। চাই থাকোতেই সি পানীৰ মাজত নোহোৱা হ'ল।

সৰুসোণাৰুৰ পিঠিত উঠি গৈ থাকোতে থুপিতৰাৰ মনটো বৰ মুকলি লাগিল। হাবিৰ মাজৰ সুৰুকীয়া বাটেৰে সিহঁত গৈ থাকিল। বাটে বাটে লগ পোৱা বাঘ, সাপ আটায়ে তাইৰ পিনে চাই হাঁহি হাঁ‌হি তাইক যেন আদৰণি জনাইছে। এই জীৱ-জন্তুবোৰ ইমান ভাল! ইমান মৰমিয়াল আৰু ইমান নীতি-নিয়ম মানি চলে ইহঁতে! ইমান বুজে ইহঁতে! তথাপিও মানুহে কিয় যে নুবুজে ইহঁতক! জধেমধে চিকাৰ কৰে, সিহঁতৰ থকা ঠাই তহিলং কৰি নিজৰ কামত ব্যৱহাৰ কৰে! দুখ লাগিল তাইৰ।

চাই থাকোঁতেই সিহঁত গৈ হাবিৰ মাজৰ প্ৰায় মুকলি ঘাঁ‌হ-বনেৰে আগুৰা এডোখৰ ঠাইত ৰ'লগৈ। দুচকু মেল খাই তভক মাৰি ৰ'ল তাই। গোটেই ঠাইডোখৰত হেজাৰ হেজাৰ পখিলা উৰি ফুৰিব লাগিছে।

ভিন ভিন ৰঙৰ পখিলাবোৰে সেউজীয়া ঘাঁ‌হনিখনক দলিছা এখনৰ দৰে সজাই তুলিছে।

পখিলাবোৰে তাইক আদৰি নিলেহি। মৌমাখিবোৰে ইতিমধ্যে মৌৰ চাক এটা আনি তাতে থৈছেহি। বান্দৰবোৰে এথোকা পকা কল আৰু চৰাইবোৰে যেয়ে যি পাৰে, বিভিন্ন ধৰণৰ ফল লৈ একাষে ৰৈ আছেহি। তেতিয়াহে তাইৰ মনত পৰিল যে তাইৰ ভোক লাগিছে।

আটাইৰে সৈতে খোৱা-বোৱা কৰি তাই ঘাঁ‌হনিৰ ওপৰতে দীঘল দি পৰিল। পখিলাবোৰে তাইক পহৰা দিয়াৰ দৰে আগুৰি থাকিল। হঠাৎ তাই দেখিলে আকাশ ছানি ধৰি শুকুলা ডাৱৰ এচপৰা নামি আহিছে তাইৰ পিনে।

তাই উঠি বহিল।

ডাৱৰছটাই তাইক নিজৰ কোলাত বহুৱাই লৈ তাইৰ গালে-মুখে চুমা খাই ক'লে, "থুপিতৰা, জোনাকীবোৰ ৰাতিহে ওলাব। এতিয়া সিহঁত আটাইবোৰ টোপনিত। তুমি ৰাতি ক'ত থাকিবা?"

হয়তো কথাটো! ৰাতি ক'ত থাকিব তাই?

"তুমি চিন্তা নকৰিবা। ৰ'বা, আমি ব্যৱস্থা কৰি থৈছোঁ‌।", ডাৱৰছটাই নিজে য'ত থিয় দি আছিল, তাৰ পৰা লাহেকৈ আঁ‌তৰি দিলে।

তাই দেখিলে, অদূৰৈত সেয়া  তাহাঁতৰ ঘৰটো। তাইৰ পেহীয়েকে সেয়া তাইৰ পিনে চাই চাই মুখত এমোকোৰা হাঁহি লৈ দুহাত মেলি থিয় দি আছে।

তাই সাৰ পাই গ'ল।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ