অন্যযুগ/


দুখন অমূল্য গ্ৰন্থ

 

দুখন অমূল্য গ্ৰন্থ


যিবোৰ বিষয়ে অসমীয়া মানুহক সামগ্ৰিকভাৱে স্বাভিমানী কৰি ৰাখে সেইবোৰ বিষয়ৰ একেবাৰে প্ৰথম ফালৰ বিষয় এটা হৈছে আমাৰ সাহিত্য। আৰু, সাহিত্য বুলি কওঁতে আমি সাধাৰণতে পাঠশালাৰ পুথিৰ পৰা উচ্চ স্তৰৰ বিভিন্ন পুথিকো বুজোঁ। সম্ভৱতঃ এনে কাৰণতে বছৰি অনুষ্ঠিত হোৱা বিভিন্ন গ্ৰন্থমেলাত সাহিত্য সম্পৰ্কেই সৰ্বাধিক আলোচিত হয়। লগতে, অসমৰ বিভিন্ন স্তৰৰ সভা-সমিতিত সাহিত্যিকসকলকে শ্ৰদ্ধা জনোৱা বিশেষভাৱে লক্ষ্য কৰা যায়।

অসমীয়া জাতিয়ে যোৱা ঊনবিংশ শতিকাৰ চতুৰ্থটো দশকৰ পৰাই ভাষা আৰু সাহিত্যৰ দিশত অনেক ভাবুকিৰ সৈতে যুঁজ দি আহিবলগীয়া হৈছে। এনে যুঁজৰ বহু মাত্ৰা আৰু দিশ আছে যদিও ব্ৰিটিছে প্ৰশাসকে এই অঞ্চলত প্ৰথম আধুনিক ধৰণৰ বিদ্যালয় প্ৰতিষ্ঠা কৰা সময়ৰে পৰা অসমীয়া ভাষাত পাঠ্যপুথি ৰচনা কৰিবলগীয়া হোৱাটোও এটা বিশেষভাৱে গুৰুত্বপূৰ্ণ দিশ।এনে পাঠ্যপুথি ৰচনা কৰাটো সেই সময়ত আছিল বিশেষভাৱে গুৰুত্বপূৰ্ণ জাতীয় দায়িত্ব।

অধ্যাপক প্ৰাণজিৎ বৰাই ১৮৭২ চনৰ পৰা ১৮৯২ চনলৈ একুৰি এটা বছৰৰ ভিতৰত প্ৰকাশিত মুঠ সোতৰখন পাঠ্যপুথি একত্ৰে সংকলন কৰি উলিয়াই এই একবিংশ শতিকাৰ তৃতীয় দশকত আন এটা জাতীয় দায়িত্ব পালন কৰিছে। ঊনবিংশ শতিকাৰ অসমীয়া বিষয়ৰ দুষ্প্ৰাপ্য পাঠ্যপুথি সংগ্ৰহ শীৰ্ষক চাৰিশ পৃষ্ঠাৰ এই গ্ৰন্থখনত বাঞ্ছাৰাম চোধুৰী (দুখন), কালিৰাম বৰুৱা (এখন), গুণাভিৰাম বৰুৱা (দুখন), আমেৰিকান মিছন প্ৰেছ (এখন), আমেৰিকান ব্যাপ্তিষ্ট মিছন যন্ত্ৰ (এখন), পদ্মহাস গোস্বামী (এখন), হেমচন্দ্ৰ দেৱশৰ্মা (দুখন), মুনশি ইয়াৰ মহম্মদ (এখন), পূৰ্ণানন্দ সেন (এখন), জয়চন্দ্ৰ চক্ৰৱৰ্তী (এখন) আৰু কালিনাথ হাজৰিকা (দুখন)ৰদ্বাৰা ৰচিত পাঠ্যপুথি সংকলিত হৈছে।পাঠ্যপুথিসমূহ প্ৰকাশৰ সময়ত যেনে আখৰ জোঁটনিৰ নিয়মেৰে লিখা হৈছিল সেই নিয়মকে এই একত্ৰ গ্ৰন্থখনতো মানি চলা হৈছে। সম্পাদকে লিখা সুদীৰ্ঘ পাণ্ডিত্যপূৰ্ণ পাতনিখনে গ্ৰন্থখনৰ মান বৃদ্ধি কৰিছে। ইতিহাসৰ এছোৱা কঠিন সময়ত অসমীয়া ভাষাটো কেনেকৈ লিখা হৈছিল, কলিকতাকেন্দ্ৰিক ছপা-বন্ধা ব্যৱস্থাটোৰ কাৰণেই িকদৰে অসমীয়া ভাষাত বাংলা ৰ-ৰ প্ৰৱেশ ঘটিছিল আদি বিভিন্ন প্ৰসঙ্গ এই পাঠ্যপুথিসমূহৰ পাতে পাতে নথিভুক্ত হৈ আছে। তদুপৰি, সংস্কৃত বৰ্ণমালাৰ দীৰ্ঘ ঋ, লি আৰু লী নামৰ বৰ্ণকেইটাও যে দেৰশ বছৰমানৰ আগলৈকে অসমীয়া বৰ্ণৰ্মালাতো আছিল সেয়াও পঢ়ুৱৈ সমাজে মন কৰিব পাৰিব। শিশুৰ বাবে ৰচনা কৰা পাঠ্যপুথিসমূহত িশশুসকলৰ মনস্তত্ত্বত সততা, ঈশ্বৰ বিশ্বাস, স্বাস্থ্য সম্পৰ্কীয় সজাগতা আদিৰ ভূমিকা যে অতুলনীয় সেয়াও এই পাঠ্যপুথিসমূহৰ পাতে পাতে আছে। দুই-এখন পাঠ্যপুথিত প্ৰাসঙ্গিক িচত্ৰও ছপা হৈছিল। তাৰো হুবহু প্ৰমাণ এই সংকলনে ধৰি ৰাখিছে।

অধ্যাপক বৰাই সম্পাদনা কৰি উলিওৱা আন এখন অমূল্য গ্ৰন্থ হৈছে অসমীয়া কাব্য সংকলনৰ নিৰ্বাচিত পাতনি।অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য্যৰ পৰা কুশল দত্তলৈ এষষ্ঠিজন কবিৰ চৌসত্তৰখন কবিতাপুথিৰ পাতনি ইয়াত সংকলিত কৰা হৈছে যিকেইখনৰ দুখনমান কবিয়ে নিজে লিখা আৰু বাকী আটাইখিনি আন কাব্যৰসিক পণ্ডিতৰ লেখা। সংযোজন হিচাপে লগ লগোৱা ছখন নিৰ্বাচিত কবিতাৰ সংকলনৰ পাতনি। ক্ৰমে লক্ষেশ্বৰ শৰ্মা সম্পাদিত কবিতাকুঞ্জৰ সুনীতিকুমাৰ চট্টোপাধ্যায়ে লিখা পাতনি, ডিম্বেশ্বৰ নেওগে লিখা কাব্য প্ৰতিভাৰ পাতনি, যজ্ঞেশ্বৰ শৰ্মাৰ শতপত্ৰৰ পাতনি, যতি নাৰায়ণ শৰ্মাৰ আধুনিক অসমীয়া কবিতাৰ ভূমিকা, মহেন্দ্ৰ বৰাৰ যুগান্তকাৰী নতুন কবিতাৰ পাতনি আৰু নীলমণি ফুকন সম্পাদিত কুৰি শতিকাৰ অসমীয়া কবিতাৰ পাতনি কেইখনে পঢ়ুৱৈক নিশ্চয় একে ঠাইতে পোৱাকৈ বহু মুকুতামণিৰ যোগান ধৰিব।

অগ্নকবি কমলাকান্তৰ কাৰণে কবিতা কি আছিল, তেওঁৰ মতে কবিতা ৰচনাৰ লক্ষ্য কি আছিল সেয়া ১৮৯০ চনত প্ৰকাশিত চিন্তানল'ৰ পাতনিত আছে এনেকৈ- চিন্তানল’ - অকল মোৰ নিজৰ বুকুৰ জুই যে এনে নহয়। স্বদেশৰ অনুৰাগী ডাঙৰীয়া সকলে এই পুথিখনি এবাৰ আগৰ পৰা গুৰিলৈকে পঢ়ি চালেই মোৰ ত্ন সফল হল বুলি তেওঁলোকৰ ওচৰত চিৰকাললৈ বন্ধুৱা থাকিলোঁ। পুথিখনিৰ ছন্দ-বন্ধ একো লাগ-বান্ধ নথকাৰ বাবে পঢ়িবলৈ মিঠা নেলাগিবও পাৰে, কিন্তু কথাখিনি হলে মোৰ হৃদয়ৰ বহুদিনীয়া উমাই থকা তুঁহ জুই।... অসমীয়াৰ পাতৰ ভাত আনক খাবলৈ নিদি যদি অসমীয়াই নিজে ৰাখিব পাৰে তেনেহলে ইয়াতকৈ পুৰুষালি কথা আৰু কি আছে? হায়! অসমীয়া মানুহেনো কেতিয়া এক হবলৈ শিকিব? অসমীয়াৰ ভৱিষ্যতলৈ মন কৰি চালে ঘোৰ এন্ধাৰ দেখা যায়।’ এনে জাতীয়তাবাদী চিন্তাৰে যাৰ কবিতা সমৃদ্ধ তেওঁৰ বাবে কবিতাৰ কৌশল বা সৌন্দৰ্য গুৰুত্বপূৰ্ণ হব নোৱাৰে। সাম্প্ৰতিক সময়ত সাহিত্য চৰ্চা এটা ফেশ্বনলৈ পৰিৱৰ্তিত হবৰ বেলা আমাৰ এনে অগ্ৰজ-পূৰ্বজসকলৰ পৰা আমি লাভ কৰা বৌদ্ধিক সম্পদসমূহ পুনৰ অধ্যয়ন অতিশয় প্ৰয়োজনীয় হৈ উঠিছে।

এই দুয়োখন গ্ৰন্থ সম্পাদনা কৰি অধ্যাপক বৰাই নিশ্চতভাৱে ভৱিষ্যতৰ অসমীয়াসকলৰ উদ্দেশ্যে অতীতটোক সংৰক্ষণৰ দিশত এটা সবল আৰু সফল খোজ অগ বঢ়াইছে। এনে অৰ্থপূৰ্ণ কাম আমাৰ জাতিটোক আৰু লাগে।

দুয়োখন গ্ৰন্থ প্ৰকাশ কৰিছে জে. ডি. প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিকেশ্বনে। প্ৰকাশকৰ যোগাযোগৰ সবিশেষ কামাখ্যা, গুৱাহাটী-৭৮১০১০, অসম। ইমেইল ঠিকনা jdprinters.publication@gmail.com

 

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ