অন্যযুগ/


স্মৃতি

অংশুমান বৰা


পুৰণা ঘৰটোৰ পানীপোতাৰে

ঢপলিয়াই ফুৰোঁ

কাষত পুৰণি সুহৃদ, নিঃসংগতা

অলপ ছাঁ, অলপ পোহৰ;

অলপ শেঁতা, আঁচোৰ খোৱা ছবি—


চাই থাকোঁতেই 

বাঁহতলৰ পুখুৰীলৈ

সৰসৰাই সোমায় পানী—


ঢেঁকীৰ চাব খৰ হয়—

জুইত খৰকৈ ফুটে আখৈ 


এলান্ধু লগা বাঁহৰ বেৰত

ওলমি আছে এযোৰ ম'হৰ শিং

এটা লাও-খোলা

পলকতে ধোঁৱাচাঙৰ পৰা খহে 

এটা সপোন

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ