অন্যযুগ/


বিষয় : বিটকইন

বিনয় মোহন শইকীয়া


(২)

বিটকইনৰ ইতিহাস




বিটকইন মুদ্রা বা ইয়াৰ লেনদেন ব্যৱস্থাটোৰ দৰেই ইয়াৰ ইতিহাসো অনন্য।


আগতেই উল্লেখ কৰা হৈছে যে বিটকইনৰ স্রষ্টা হিচাবে ছাটশ্বি নাকামনামটো জড়িত হৈ আছে। ২০০৮ চনৰ ৩১ অক্টোবৰ তাৰিখে নাকামই বিটকইনৰ বিষয়ে এখন শ্বেতপত্র  প্রকাশ কৰে। ন পৃষ্ঠাৰ এই শ্বেতপত্র খনত এই ব্যৱস্থাটোৰ মুখ্য বৈশিষ্ট্যসমূহ আগবঢ়োৱা হয়। শ্বেতপত্র খনৰ নাম ৰখা হয় পিয়েৰ টু পিয়েৰ ইলেক্ট্রনিক কেছ ছিষ্টেম’, যাৰ উপনাম ৰখা হয়, বিটকইন।


       ইয়াৰ পাছত ২০০৯ চনৰ ৯ জানুৱাৰিত নাকামই বিটকইন ছফ্টৱেৰৰ প্রথম ভার্ছনটো মুকলি কৰি দিয়ে। ছফ্টৱেৰৰ পাছত এইবাৰ তেওঁ নেটৱর্কটো মুকলি কৰে আৰু তাত ব্লক সংখ্যা শূন্য’ (জেনেছিছ ব্লক অব বিটকইন) ছফ্টৱেৰটো সূত্রায়িত কৰে। নেটৱর্কটো চলাই ৰখাৰ হকে কৰা বিশেষ কামৰ বাবদ নির্দিষ্ট কিছু বিটকইন প্রদান কৰাৰ ব্যৱস্থাটো নাকামই প্রস্তাৱ কৰিছিল। ইয়াকে বিটকইনৰ মাইনিংঅর্থাৎ খননআখ্যা দিয়া হয়। জেনেছিছ ব্লক অব বিটকইনৰ বিনিময়তো ৫০ বিটকইন প্রদান কৰা হয়। এয়াই হৈছে প্রথম বিটকইনৰ মাইনিং। এই ব্লকটোৰ মুদ্রাভিত্তিক লেনদেনক এটা নামেৰে চিনাক্ত কৰা হৈছিল। (সেই নামটো হৈছে, “The Times 03/Jan/2009 Chancellor on brink of second bailout for banks” )নামটোত সময়ৰ এটা চিন থকাৰ লগতে সেই তাৰিখত দ্যা টাইমছকাকতত প্রকাশিত বাতৰিটোত প্রচলিত বেংকিং ব্যৱস্থাৰ এটা দুর্বলতাকো ইয়াৰ সৈতে সংলগ্ন কৰা হৈছে বুলি কোৱা হয়।


       প্রাৰম্ভিক সময়ৰ বিটকইন সমাজৰ অন্য সহযোগকাৰীসকলৰ সৈতে লগ হৈ নাকামই বিটকইন ছফ্টৱেৰৰ বিকাশত অৰিহণা আগবঢ়াই যায়। অৱশ্যে ইয়াৰ র্চ কৰ (source code) সংশোধনৰ কামখিনি তেওঁ অকলে কৰে, আৰু এই সকলো কামত তেওঁ ২০১০ চনৰ মাজমানলৈকে সক্রিয় হৈ থাকে। ইয়াৰ পাছত নাকামর্চ কড ৰিপজিটৰিবা ছর্চ কড কোষৰ নিয়ন্ত্রণ আৰু নেটৱর্ক এলার্ট কীগেভিন এণ্ডাৰছন নামৰ ছফ্টৱেৰ গৱেষক এগৰাকীৰ হাতত অর্পণ কৰে, আৰু ইয়াৰ সৈতে জড়িত অন্য কাম বিটকইন সমাজৰ বিশিষ্ট সদস্য কেইজনমানক প্রদান কৰি বিটকইন প্রকল্পৰপৰা নাকামহঠাতে আঁতৰি যায়। আৰু, ইয়াৰ পাছত ছাটশ্বি নাকামৰ কোনো অস্তিত্ত্ব বিচাৰি পোৱা নাযায়।


       উল্লেখনীয় যে বিটকইনৰ সৃষ্টিৰ সময়ছোৱাত নাকামই তেওঁৰ ব্যক্তিগত পৰিচয় সম্পর্কে বিশেষ কোনো ধৰণৰ তথ্য ৰাজহুৱা কৰা নাছিল। মাথোঁ তেওঁৰ পিয়েৰ টু পিয়েৰ ফাউণ্ডেছন প্রফাইলত ২০১২ চনত এই কথা উল্লেখ কৰা হৈছিল যে তেওঁ এজন ৩৭ বছৰ বয়সীয়া পুৰুষ আৰু তেওঁ জাপানত বাস কৰে। কিন্তু এইখিনি তথ্যৰ সপক্ষেও কোনো ধৰণৰ সাক্ষ্য-প্রমাণ আদি উপলব্ধ নোহোৱাত লাহে লাহে মানুহে এই কথা বিশ্বাস কৰিবলৈ লয় যে ছাটশ্বি নাকামনামৰ কোনো ব্যক্তিৰ আচলতে অস্তিত্ত্ব নাই, প্রকৃততে এইটো এটা ছদ্মনাম; আৰু এই ছদ্মনামো এজন ব্যক্তিৰ নহৈ এটা ব্যক্তিসমূহৰ ছদ্মনাম হোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।


       নাকামৰ সন্ধানত বিশ্বৰ আগশাৰীৰ বহুকেইজন সাংবাদিক তথা তথ্য অনুসন্ধানকাৰীয়ে কৰা বিভিন্ন গৱেষণাত সময়ে সময়ে বিভিন্ন মানুহৰ নাম নাকামবুলি প্রস্তাৱ কৰা হৈছে যদিও সেই প্রস্তাৱ এতিয়ালৈকে গ্রহণযোগ্য হৈ উঠা নাই; কেতিয়াবা আকৌ কোনোবাই নিজকে নাকামবুলি দাবী কৰিও নাকামৰ প্রতিভাৰ সৈতে ফেৰ মাৰিব নোৱাৰি পাছত পিছ হুহকিবলৈ বাধ্য হৈছে। এনে অনুসন্ধানত সম্মুখলৈ অহা সম্ভাব্য ব্যক্তিৰ শেহতীয়া খবৰ ২০২১ চনলৈকে প্রকাশ পাই আছে।


       প্রথম অৱস্থাত নাকামৰ বিটকইন নেটৱর্কটো ক্রিপ্টগ্রাফিৰ প্রতি বিশেষ আকর্ষণ থকা ছফ্টৱেৰ ডেভেলেপাৰ কেইজনমানৰ বাবে আজৰি সময়ৰ বিনোদন কর্ম হিচাবেহে পৰিগণিত হৈছিল। ২০১০ চনৰ আৰম্ভণিতেহে বিটকইনৰ প্রকৃত অর্থাৎ বাস্তৱ লেনদেন আৰম্ভ হয়। এইখিনি সময়লৈ বিটকইন ছফ্টৱেৰৰ দ্বিতীয় ভার্ছনটো নাকামৰ লগতে বিটকইনৰ সৈতে জড়িত বিভিন্ন ডেভেলপাৰ লগ হৈ মুকলি কৰি দিয়ে। ২০১০ চনৰ মেমাহৰ ২১ তাৰিখে বিটকইনৰ বিনিময়ত পোন প্রথমবাৰৰ বাবে এবিধ বস্তু ক্রয় কৰা হয়। লাজলো নামৰ এজন ক্রেতাই ১০,০০০ বিটকইনৰ বিনিময়ত ২৫ ডলাৰ মূল্যৰ এটা পিজ্জা ক্রয় কৰি বিটকইন মুদ্রাৰ লেনদেন আৰম্ভ কৰে। এই লেনদেনক বিটকইন পিজ্জা ইণ্ডেক্সনামেৰে জনা যায় আৰু সময়ে সময়ে ইয়াৰ বর্তমান মূল্য প্রকাশ কৰি থকা হয়। উল্লেখযোগ্য যে ২০২২ চনৰ ১ জুলাই তাৰিখে ইয়াৰ সমমূল্য হৈছে, প্রায় ২০০ নিযুত আমেৰিকান ডলাৰতকৈ কিছু অধিক, ভাৰতীয় টকাৰ হিচাপত এয়া হৈছে প্রায় ১৬০০ কোটি টকা! ১৬০০ কোটি টকাৰ বিনিময়ত এটা পিজ্জা!


       লাহে লাহে বিটকইন সমাজৰ প্রসাৰ হবলৈ আৰম্ভ কৰে। ২০১০ চনত বিশ্বৰ বৃহত্তম বিটকইন এক্সেঞ্জ এমটি গক্সজাপানত প্রতিষ্ঠা কৰা হয় আৰু সেই চনৰে জুলাই মাহত ইয়াৰ লেনদেন আৰম্ভ কৰা হয়। ইয়াৰ ফলত বিটকইনৰ ক্রয়-বিক্রয় সুচল হৈ পৰে আৰু ইয়াৰ লেনদেন বাঢ়িবলৈ ধৰে। ২০১১ চনৰ ফেব্রুৱাৰি মাহত বিটকইন আৰু ডলাৰৰ মূল্য প্রায় সমান হয় আৰু ইয়াৰ পাছত ইয়াৰ লেনদেন আৰু মূল্য দুয়োটাই দ্রুতগতিত বাঢ়িবলৈ আৰম্ভ কৰে। কোৱা হয় যে এই লেনদেন বাঢ়ি যোৱাৰ মূলতে আছিল বিভিন্ন প্রচাৰ মাধ্যমে ইয়াৰ প্রতি দেখুওৱা অত্যধিক কৌতূহলজনিত প্রচাৰ। ইতিমধ্যে বহুকেইটা ৱেবছাইট বিটকইন সম্পর্কীয় কর্মৰাজিৰ বাবেই মুকলি কৰা হয় আৰু উন্নত দেশবোৰৰ ইণ্টাৰনেট ব্যৱহাৰ কৰা অনেক লোকে কৌতূহলবশতঃ বিটকইন ক্রয় কৰা আৰম্ভ কৰে। এনে সময়তে ছিল্ক ৰোডৰ খবৰ আহিবলৈ আৰম্ভ কৰে। এই গুপ্ত ৱেবছাইটত বিটকইন ব্যৱহাৰ কৰি অবৈধ সামগ্রী বিশেষকৈ ড্রাগছৰ লেনদেনৰ সুবিধা কৰি দিয়া হয়; কাৰণ ইয়াত ক্রেতাৰ পৰিচয় গুপুত ৰখাৰ লগতে প্রয়োজনীয় সুৰক্ষাৰ ব্যৱস্থাও থাকে। এই খবৰে বিটকইনৰ বজাৰখন আৰু বেছি শক্তিশালী কৰি তোলে, যাৰ ফলত ২০১১ চনৰ জুন মাহত বিটকইনৰ বিনিময় মূল্য হৈ পৰে ৩১ ডলাৰ। কিন্তু দ্রুতগতিত বাঢ়ি যোৱা বিটকইনৰ মূল্য সেই বছৰৰে শেষৰ ফালে হঠাতে কমিবলৈ বাধ্য হয়; ইয়াৰ কাৰণ হৈছে, বিটকইনৰ এক্সেঞ্জ এমটি গক্সৰ বিশেষভাৱে সুৰক্ষিত বুলি দাবী কৰা ছফ্টৱেৰৰ সুৰক্ষা হেকাৰে ভেদ কৰি এক্সেঞ্জৰ লাখ লাখ বিটকইন চুৰ কৰি নিজৰ দখললৈ লৈ যায়। এই ঘটনাই বিটকইনৰ প্রতি গঢ় লৈ উঠা মানুহৰ আস্থাত প্রচণ্ড আঘাত হানে আৰু বিটকইনৰ মূল্য এনেদৰে কমি যায় যে বহুতে বিটকইনৰ সেয়াই সমাপ্তি বুলিও কবলৈ আৰম্ভ কৰে।


       কিন্তু বিটকইনৰ সেয়া সমাপ্তি নাছিল। ই লাহে লাহে পুনৰ গা কৰি উঠিল আৰু ২০১২ চনত ইয়াৰ সৈতে জড়িত লোকৰ সংখ্যা আগতকৈও বাঢ়িবলৈ আৰম্ভ কৰিলে আৰু সেই বছৰৰ শেষলৈ আগৰ তুলনাত অধিক সংখ্যক সামগ্রী বিটকইনৰ বিনিময়ত ক্রয় কৰিব পৰা অৱস্থা এটা সৃষ্টি হল। ২০১৩ চনটোৰ আৰম্ভত প্রতিটো বিটকইনৰ বিনিময় মূল্য আছিল ১৩ ডলাৰ আৰু সেই মূল্য এপ্রিলৰ ১০ তাৰিখে হলগৈ ২৬৬ ডলাৰ। কিন্তু এইবাৰ এমটি গক্স এক্সেঞ্জত কাৰিকৰী সমস্যাই দেখা দিয়াত লেনদেনৰ সময় অধিক হবলৈ আৰম্ভ কৰিলে আৰু তাৰ ফলত বিটকইনৰ বজাৰখনত বিৰূপ প্রভাৱ পৰি বিটকইনৰ মূল্য কেইদিনমানৰ ভিতৰতে ৫৫ ডলাৰলৈ কমি আহিল। বহু সমস্যাৰে ভাৰাক্রান্ত এমটি গক্স ২০১৪ চনত দেউলীয়া ঘোষণা কৰি বন্ধ হৈ গল।


       অৱশ্যে ইতিমধ্যে বিটকইনৰ অন্য এক্সেঞ্জ গঢ় লৈ উঠিল আৰু বহু উত্থান-পতনৰ মাজেৰে বিটকইনৰ বজাৰখন আগবাঢ়ি গৈ বর্তমানৰ অৱস্থাত আহি ই উপনীত হৈছে। তলৰ তালিকাখনত বিটকইনৰ আমেৰিকান ডলাৰ সাপেক্ষে বিনিময়মূল্য দেখুওৱা হৈছে।


 

বছৰ

বছৰৰ প্রাৰম্ভিক মূল্য

ডলাৰ প্রতি বিটকইন

বছৰৰ শেষৰ মূল্য

ডলাৰ প্রতি বিটকইন

বছৰটোৰ সর্বোচ্চ মূল্য

২০১৪

৭৭০

৩১৪

 

২০১৫

৩১৪

৪৩৪

 

২০১৬

৪৩৪

৯৯৮

 

২০১৭

৯৯৮

১৩৪১২

১৯,৭৮৩

২০১৮

১৩,৪১২

৩৭৪৭

 

২০১৯

৩৭৪৭

 

 

২০২০

 

 

১৯৮৬০ (৩০/১১/২০)

 


ওপৰৰ তালিকাখনত দেখা গৈছে যে ২০১৪ চনৰপৰা বাঢ়ি অহা বিটকইনৰ মূল্য ২০১৮ চনত হঠাতে বহুখিনি কমি যায়। ইয়াৰ মূল কাৰণ হৈছে, ২০১৮ চনৰ ১ ফেব্রুৱাৰিৰপৰা বলৱৎ হোৱাকৈ চীনে বিটকইনৰ লেনদেন সম্পূর্ণ বন্ধ কৰি দিয়ে। তেতিয়ালৈকে চীন আছিল বিটকইনৰ বজাৰখনৰ এক মুখ্য অংশীদাৰ।


       ২০২১ চনৰ আৰম্ভণিৰপৰা বিটকইনৰ ক্ষেত্রখনত উল্লেখনীয় কেতবোৰ ঘটনাৰ সংযোজন হয় যাৰ প্রভাৱ ইয়াৰ বিনিময়ৰ বজাৰখনত বাৰুকৈয়ে উপলব্ধি কৰা হয়। বিশ্বৰ আটাইতকৈ বিত্তৱান লোকৰ তালিকাত শীর্ষস্থানৰ অন্যতম দাবীদাৰ এলন মাস্কে ২০২১ চনৰ জানুৱাৰি মাহৰ ১৯ তাৰিখে তেওঁৰ ট্যুইটাৰত বিটকইন সম্পর্কে প্রকাশ কৰে যে অতীতৰ ঘটনাক্রমৰ প্রেক্ষাপটত, এয়া অনিবার্য্য আছিল’ (“ In retrospect, it was inevitable” )এই মন্তব্যৰ পাছত এঘণ্টাৰ ভিতৰতে প্রতি বিটকইনৰ মূল্য বাঢ়ি গৈ ৩৭,২৯৯ হয়। ২০২১ চনৰ ৮ ফেব্রুৱাৰিত টেছলাই ডেৰ বিলিয়ন ডলাৰ মূল্যৰ বিটকইন ক্রয় কৰাৰ কথা ঘোষণা কৰাৰ লগতে টেছলা গাড়ীৰ বিক্রীত বিটকইন গ্রহণ কৰাৰ কথাও উল্লেখ কৰে। এই ঘোষণাৰ পাছত বিটকইনৰ মূল্য হয়গৈ ৪৪,১৪১ ডলাৰ। অৱশ্যে এই ঘোষণাৰ প্রায় ডেৰ মাহৰ পাছত মেমাহৰ ১০ তাৰিখে টেছলাই বিটকইনৰ মাইনিংপৰিৱেশৰ বাবে অপকাৰী বুলি পূর্বৰ ঘোষণা সলাই টেছলা গাড়ীৰ বিনিময়ত বিটকইন গ্রহণ নকৰাৰ সিদ্ধান্ত লয়। এই সিদ্ধান্তৰ পাছত বিটকইনৰ মূল্য হ্রাস পায়; কিন্তু পাছত বিটকইন মাইনিঙত আধাতকৈ বেছি ৰিনিউবেল এনার্জি ব্যৱহাৰ কৰিলে টেছলাই পুনৰ বিটকইন গ্রহণ কৰিব বুলি প্রকাশ কৰাত বিটকিনৰ মূল্য বৃদ্ধি পায়।


       এতিয়ালৈকে দুখন দেশে বিটকইনক বৈধ মুদ্রা বুলি গ্রহণ কৰিছে। ২০২১ চনৰ জুন মাহত দক্ষিণ আমেৰিকাৰ দেশ এল ছালভাডৰৰ বিধান সভাই দেশখনত বিটকইনক বৈধ বিনিময় মুদ্রা হিচাবে গ্রহণ কৰে আৰু সেই বছৰৰে ৭ ছেপ্টেম্বৰৰপৰা ইয়াক আইনৰ মর্য্যাদা প্রদান কৰা হয়। দেশখনে জিঅথার্মেল বিদ্যুৎ উৎপাদন কৰি তাৰে বিটকইন মাইনিঙৰ প্রস্তাৱ কৰিছে। শেহতীয়াকৈ ২০২২ চনৰ ২৭ এপ্রিল তাৰিখে চেণ্ট্রেল আফ্রিকান ৰিপাব্লিক দেশখনে ফ্রাংকৰ সৈতে বিটকইনক দেশখনৰ বৈধ মুদ্রা হিচাবে আইন পাছ কৰিছে। ইউক্রেইন-ৰুছিয়াৰ সামৰিক সংঘাতৰ পৰিপ্রেক্ষিতত ৰুছিয়াৰ সৈতে অনেক দেশে বাণিজ্যিক সম্পর্ক ছেদ কৰাত ৰুছিয়াই ইয়াৰ খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ বিনিময়ত অদূৰ ভৱিষ্যতে বিটকইন গ্রহণ কৰাৰ কথা প্রকাশ পাই আহিছে। আমাৰ ভাৰততো বিটকইন সম্পর্কীয় নীতি গ্রহণৰ বিষয়ে  চিন্তা-চর্চা কৰাৰ বাতৰি প্রচাৰ হৈ আছে।


(আগলৈ)

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ