অন্যযুগ/


সাহিত্যৰথীৰ “ভদৰী” আৰু পুৰুষতান্ত্ৰিক সমাজ

 নন্দিতা চক্ৰৱৰ্তী

 

সাহিত্যৰথীৰ “ভদৰী” নামেৰে এটা বহু পঠিত চৰিত্ৰ প্ৰধান চুটি গল্প আছে৷ হালৰ গৰুৱে আমনি কৰা, মাটিৰ সীমাকলৈ খকা-খুন্দা আদি কেইবাটাও কাৰণত খং উঠি থকা স্বামী শিশুৰামে  ঘৰ সোমায়েই পত্নী ভদৰীক ভাত হ’ল নে হুটা মাতেৰে সুধিছে আৰু কেঁচা খৰি ফুৱাই ফুৱাই  ভাত ৰান্ধোতে নাকৰ পানীয়ে চকুৰ পানীয়ে একাকাৰ হোৱা ভদৰীয়েও শিশুৰামৰ হুটা মাতৰ উত্তৰ হুটা মাতেৰেই দিয়াত  সি ভদৰীক মৈদাখনেৰেই পিঠিত ওপৰা-ওপৰিকৈ দু নৌঘাপ মাৰি দিলে৷ পৰৱৰ্তী সয়ত ভদৰী চিকিৎসালয়লৈ আৰু শিশুৰাম জেললৈ যাব লগা হ’ল৷ শেষত ভদৰীয়ে শিশুৰামৰ একো দোষ নাই, তাই নিজেহে উজুটি খাই মৈদাখনতে পৰি আঘাত পালো বুলি হাকিমৰ আগত আসৈ মাতি স্বামীক নিৰ্দোষী সজাবলৈ চেষ্টা কৰিছে৷ সাহিত্যিক ডিম্বেশ্বৰ নেওগে  “ভদৰীৰ কথা মিছা, কিন্তু মিছা হলেও ই তাইৰ মহত্ব আৰু বদান্যতাৰ পৰিচায়ক” বুলি মন্তব্য কৰিছে৷  সাহিত্য সমালোচকসকলে বেজবৰুৱাৰ এই চুটিগল্পটো অন্যতম শ্ৰেষ্ঠ গল্প বুলি মন্তব্য কৰিছে  কিন্তু গল্পটোৰ মাজেৰে পৰিস্ফুত হোৱা পুৰুষতান্ত্ৰিক সমাজত নাৰী নিৰ্যাতনৰ কথাটো সযতনে এৰাই চলিবলৈ চেষ্টা কৰা হৈছে আৰু সাহিত্যসভাৰ প্ৰাক্তন সভাপতি ডিম্বেশ্বৰ নেওগেও ভদৰী চৰিত্ৰটোত মহত্ব আৰু বদান্যতাহে দেখা পালে, শিশুৰামৰ আসুৰিক চৰিত্ৰ দেখা নাপালে৷ ইয়াৰ অৰ্থ হ’ল পুৰুষতান্ত্ৰিক সমাজত নাৰীয়ে পুৰুষৰ সকলো অত্যাচাৰ নীৰৱে সহ্য কৰি যাব লাগিব আৰু পুৰুষে অত্যাচাৰ কৰিলেও সেয়া পুৰুষত্বৰহে লক্ষণ বুলি সাদৰেৰে গ্ৰহণ কৰিব লাগিব  আৰু পুৰুষৰ দোষসমূহকো গুণৰে অন্য এক ৰূপ বুলি আকোঁৱালি ল’ব লাগিব, নহয় জানো ?

 “ভদৰী” গল্পটোৰ প্ৰধান চৰিত্ৰ দুটাই কেৱল বেজবৰুৱাৰ যুগকে প্ৰতিনিধিত্ব কৰা নাই, সাম্প্ৰতিক যুগটোকো কিছু পৰিমাণে হ’লেও প্ৰতিনিধিত্ব কৰি আহিছে৷ পুৰুষতান্ত্ৰিক সমাজত নাৰীক এতিয়াও হীন মনোভাৱেৰে চোৱা হয়৷ নাৰীৰ বাবে স্বাধীনতাৰ দুৱাৰ, মুক্তচিন্তাৰ দুৱাৰ এতিয়াও বন্ধ৷ কোনোবা নাৰীয়ে কিবা এটা কথা স্বাধীনভাৱে চিন্তা চৰ্চা কৰিলেই পুৰুষজনে তেওঁক অপমান কৰিছে বুলি ধৰি লয়৷ যেন পৃথিৱীখন কেৱল পুৰুষৰ বাবেহে, নাৰীৰ যেন ক’তো স্থান নাই ! অৰ্থনৈতিকভাৱে স্বাৱলম্বী নাৰীকো পুৰুষজনে নিজৰ অধীনত ৰাখিবলৈ বিচাৰে, তেওঁৰ ইচ্ছা অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰি চলাটো বিচাৰে৷ এইয়া আচলতে সামন্তযুগীয় ধ্যান-ধাৰণা অথচ তেনে ধ্যান ধাৰণাৰ পৰা ওলাই আহিবলৈ বেছিভাগ পুৰুষেই মন নকৰে৷ সমাজত প্ৰচলিত বেছিভাগ  অসামাজিক কামতে লিপ্ত থাকে পুৰুষ সমাজ, নাৰী স্বভাৱতেই নম্ৰ স্বভাৱৰ৷ ব্যতিক্ৰম হিচাপে দুই এক নাৰী হয়তো অসামাজিক কামত লিপ্ত থাকিব পাৰে, যিটো সাধাৰণীকৰণ কৰা উচিত নহয়৷ সাম্প্ৰতিক সময়ত বাতৰিকাকতত সততে প্ৰকাশ পোৱা এটা বাতৰি হ’ল – হ’নি ট্ৰেপিং৷ ইয়াৰ বাবে সাধাৰণতে জগৰীয়া কৰা হয় নাৰী কেইগৰাকীক৷ কিন্তু নাৰীৰ সংগসুখৰ বাবে লালায়িত পুৰুষকেইজন হৈ পৰে ধোৱা তুলসীৰ পাত৷ তেওঁলোকৰ যেন কোনো দোষেই নাই! পূজা, বিহু আদিত মহানগৰীত দহ-বাৰ কোটি টকাৰ সুৰা বিক্ৰী হয়, দুৰ্ঘটনাত শতাধিক লোক হতাহত হয়৷ তাৰ মাজতে কোনোবা এগৰাকী নাৰীয়ে সুৰা পান কৰি অসংযত আচৰণ কৰিলেই ই হৈ পৰে  বৈদ্যুতিন মাধ্যমৰ “ব্ৰেকিং নিউজ”, হৈ পৰে বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি আৰু এই সকলোবিলাক কথাতে প্ৰতিফলিত হয় পুৰুষে নাৰীক দমন কৰি ৰখাৰ সচেতন প্ৰচেষ্টা৷ যৌনক্ষুধা নিবৃত্তিৰ বাবে পুৰুষ অচিনাকি নাৰীৰ কাষ চাপে আৰু তেনে অচিনাকি নাৰীবিলাকৰ বাবে সমাজে  বাৰবনিতা, বেশ্যা, গণিকা আদি শব্দবিলাক ঠিক কৰি থৈছে কিন্তু পুৰুষৰ বাবে? তেনে কোনো শব্দ পুৰুষৰ বাবে নাই৷ পৰস্ত্ৰীৰ সংগসুখত পুৰুষৰ কোনো দোষ নাই৷ সেয়েহে শংকৰদেৱে কৃষ্ণৰ সম্পৰ্কত কৈ গৈছে–

পৰম ঈশ্বৰে কৰে অকৰ্ম৷

তেজস্বীত কিছু নাহি অধৰ্ম৷৷

সৰ্বভক্ষ্য বহ্নি সৱাকো শোষে৷

তথাপিতো যেন নোচোৱে দোষে৷৷

এজন পুৰুষৰ লেখাৰ পৰা ইয়াতকৈ আশা কৰিব পাৰি জানো !

গীতাতো অৰ্জুনে কৈছে –

পিছলিলে কুলনাৰী ধৰ্মৰ বাটৰ পৰা,

ঠন ধৰি উঠি আহে বৰ্ণসংকৰৰ যত বিকৃত গঁজালি৷

নৰকৰ নিৰন্ধ্ৰ বতাহে আহি কঁপায় তেতিয়া

লাহে লাহে বংশৰ শূচিতা;

পিতৃ-পিতামহ হয় স্খলিত স্বৰ্গৰ পৰা ( মহেন্দ্ৰ বৰাৰ ভাঙনি)

মুঠতে যত দোষ নন্দ ঘোষৰ দৰে সকলো দোষ কেৱল নাৰীৰহে, পুৰুষৰ কোনো ক্ষেত্ৰতে একো দোষ নাথাকে৷

একবিংশ শতিকাতো অধিকাংশ নাৰীয়ে পুৰুষৰ বান্ধোনৰ পৰা মুক্ত নহয়, মুক্ত নহয় পুৰুষৰ লোলুপ দৃষ্টিৰ পৰা৷ যেন নাৰী কেৱল ভোগৰ সামগ্ৰী ! সেয়ে পিতৃৰ হাততো সুৰক্ষিত নহয় নিজ কন্যা৷ কোৱা হয়, প্ৰেম স্বৰ্গীয়৷ কিন্তু তেনে প্ৰেমৰ অচিলা লৈয়ে কত যুৱতীক হত্যা কৰা হৈছে, কত বোৱাৰীক হত্যা কৰা হৈছে, কত নাৰীক অন্ধকাৰ জগতত বিক্ৰী কৰা হৈছে !  বহুতে ভাৰতক “দেৱ ভূমি ভাৰত” বুলি অভিহিত কৰে৷ কিন্তু যিখন দেশত দূৰ্গা, কালী, পাৰ্বতী, সৰস্বতী, জগদ্ধাত্ৰী আদি দেৱীক পূজা কৰা হয় সেইখন দেশতে আকৌ নাৰীক অপমান আৰু অৱমাননা কৰা হয় পদে পদে৷ নাৰীক অৰ্ধাকাশ বুলি ক’লেও সেয়া সাহিত্যৰ গণ্ডীৰ মাজতে আবদ্ধ, প্ৰকৃত অৰ্থত নাৰী এতিয়াও মুক্ত মনৰ অধিকাৰী হ’ব পৰা নাই৷

কেৱল প্ৰেমক সাৰথি কৰিয়ে  “প্ৰকৃতি শৰ্মা’ নামৰ শিক্ষিত ছোৱালীগৰাকীয়ে বেলেগ জাতিৰ ল’ৰাজনক জীৱনৰ বাবে আঁকোৱালি ল’বলৈ আগবাঢ়ি আহিছিল৷ দুদিনমানৰ পাছতে হঠাতে ল’ৰাজনৰ মুখত তাই বেয়া গোন্ধ এটা পালে৷ এক সাত্ত্বিক পৰিৱেশত ডাঙৰ-দীঘল হোৱা প্ৰকৃতিৰ সেইদিনা ভৰিৰ তলৰ মাটি হেৰাই যোৱা নিচিনা হ’ল৷ বহু অনুনয় বিনয় কৰিও ল’ৰা জনক সুৰাপানৰ পৰা আঁতৰাই আনিব নোৱাৰিলে৷ অনুতপ্ত হৈয়ো লাভ নাই৷ সেয়ে  শামুকৰ খোলাকে মণিক বুলি গ্ৰহণ কৰিবলৈ তাই বাধ্য হ’ল৷  এয়া মাথো এক উদাহৰণ৷ এনে অনেক কাহিনীৰে আমাৰ চৌপাশ উপচি আছে৷ কিন্তু কোনো নাৰীয়ে এই বিলাক কথাৰ প্ৰতিবাদ কৰিবলৈ সাহস নকৰে৷ সাহস কৰিলেই  পুৰুষতান্ত্ৰিক সমাজে তেওঁলোকক অভিহিত কৰিব “নাৰীবাদী” বুলি৷ 

পুৰুষতান্ত্ৰিক সমাজত নাৰীৰ স্থান যে সদাই গৌণ, সেয়া বিভিন্ন হিন্দু শাস্ত্ৰসমূহত উল্লেখ আছে৷ গছৰ গুৰুত্ব বুজাবলৈয়ো কোৱা হৈছে  এক বৃক্ষ দশ পুত্ৰসম বুলিহে, ইয়াত পুত্ৰী বুলি কোৱা নাই৷ অতীতত আশীৰ্বাদ দিওঁতেও “পুত্ৰৱতী ভৱঃ” বুলিহে  কৈছিল৷  আনহাতে বিধৱা নাৰীক সকলো পবিত্ৰ কামৰ পৰা আঁতৰাই ৰাখি তেওঁ যে অপৱিত্ৰ সেয়া দেখুৱাই দিয়া হয় কিন্তু বিপত্নীক পুৰুষজনৰ প্ৰতি সমাজৰ কোনো হীন দৃষ্টি নাই৷

“ভদৰী” গল্পত শিশুৰামে ভদৰীক মৈদাৰে ঘপিয়াইছিল কিন্তু সেই কামটো ভদৰীয়ে কৰা বুলি বেজবৰুৱাই লিপিবদ্ধ কৰা হ’লে গল্পটোৰ সন্দৰ্ভত ডিম্বেশ্বৰ নেওগে কি বুলি মন্তব্য কৰিলেহেঁতেন? সেইটো বেজবৰুৱাৰ এটা সাৰ্থক গল্প হ’লহেঁতেন নে? নাৰী সদায়ে পুৰুষৰ অত্যাচাৰৰ বলি হ’ব লাগিব আৰু নাৰী সদায়ে সহনশীলা হৈ থাকিব নেকি? এনে সহনশীল গুণে নাৰীক যে দুৰ্বল কৰিহে তুলিছে সেয়া সকলোৱে বুজিবলৈ চেষ্টা কৰা উচিত৷

 

 

email –nandita.gogoi71@gmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ