অন্যযুগ/


বানানৰ পদ্য

প্ৰদীপ পাটগিৰি

শোটাৰে সাৰি থাকোঁতে ঘৰৰ চোতাল

মইনাৰ নাকেৰে বৈ গল শেঙুনৰ সোঁতা,

মিতাৰ লগত কাজিয়া নকৰিবি

সমস্যাবোৰ আলোচনাৰে মিটা।

প্ৰচণ্ড ৰদৰ বাবে ৰদ কৰা হ

মাৰাথন দৌৰ প্ৰতিযোগিতা,

হুতা সঠিক নহলে ভাত নিসিজে

চৰুৰ চাউল হৈ ৰয় হুঁটা ।

পানীয়খিনি যদিও ভালদৰে ছেকা

কাপোৰত লাগিল তাৰ চেকা,

জোকা-জকি নকৰিবা মুনুৰ লগত

বেচেৰীৰ বেমাৰত ওলাইছে জঁকা।

ডাবি-ধমকি নিদিবি কাকো

ধন-সম্পত্তি নকৰিবি দাবী,

ঘৰৰ ছাবি বিচাৰি নাপালে

আমালৈ অলপ বাট চাবি। 

                

গাঁও: বাৰাপেটা

ডাক: মইনামাতা

জিলা: বাকসা, অসম

পিন: ৭৮১৩১৫

ভ্ৰাম্যভাষ: ৮৪৭৪০ ২১৫২৫

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ