অন্যযুগ/


বনাঞ্চলসমূহক কোনে সংৰক্ষণ কৰিব?

ড° বিপুল কুমাৰ ৰাভা

জীৱজগতলৈ বনাঞ্চলৰ অৱদান অপৰিসীম। বনৰীয়া জীৱ-জন্তুৰ উপৰিও প্ৰতিজন মানুহেই প্ৰত্যক্ষ বা পৰোক্ষভাবে বনাঞ্চলৰ ওপৰত নিৰ্ভৰ কৰে। বনাঞ্চলেহে পৃথিৱীখনক জীৱৰ বাবে অনুকুল কৰি ৰাখিছে বুলি ক’লেও বঢ়াই কোৱা নহয়। চিন্তা কৰিবলগীয়া কথাটো হ’ল-বিভিন্ন কাৰণত মানুহে দ্ৰুত হাৰত বনাঞ্চল ধংস কৰিবলৈ ধৰিছে। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি ১৯৯০ চনৰ পৰা ২০০০ চনৰ ভিতৰত এছিয়া মহাদেশত প্ৰতিবছৰে ৭৯২ হাজাৰ হৈক্টৰ বনাঞ্চল ধ্বংস হৈছে। একে সময়ছোৱাত আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাত প্ৰতিবছৰে ক্ৰমে ৪,৩৫৭ হাজাৰ হেক্টৰ আৰু ৩,৮০২ হাজাৰ হেক্টৰ বনাঞ্চল ধ্বংস হৈছে । একেটা সংস্থাই ২০১১ চনত প্ৰকাশ কৰা তথ্য অনুসৰি ২০০০ চনৰ পৰা ২০১০ চনৰ ভিতৰত প্ৰতিবছৰে পৃথিৱীৰ ৫,২১৬ হাজাৰ হেক্টৰ বনাঞ্চল ধ্বংস হৈছে । এফালে বনাঞ্চল ধ্বংস হৈছে আনফালে, দ্ৰুত হাৰত জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰাৰ ফলত বায়ুমণ্ডলত সেইজগৃহ গেছৰ পৰিমাণ বৃদ্ধি পাইছে । যোৱা ত্ৰিছ বছৰত গড় গোলকীয় উষ্ণতা ০.৫˚ ছেলছিয়াছ বৃদ্ধি পাইছে। Inter-governmental Panel for Climate Change (IPCC) এ ভৱিষ্যদ্বাণী কৰা মতে যদি বৰ্তমানৰ হাৰতে পৃথিৱীপৃষ্ঠৰ তাপমান বৃদ্ধি হৈ থাকে তেন্তে ২০৫০ চনত গড় তাপমান ২.৫˚ ছেলছিয়াছ বৃদ্ধি হ’বগৈ। অৱশ্যে, ঠাই বিশেষে এই পৰিমাণ বেলেগ বেলেগ হ’ব। কিছুমান ঠাইত ৪.৫˚ ছেলছিয়াছ আৰু কিছুমান ঠাইত ১.৫˚ ছেলছিয়াছ বৃদ্ধি পাব। গতিকে, পৃথিৱীপৃষ্ঠৰ তাপমান হ্ৰাস কৰিবলৈ বা আজিৰ অৱস্থাতে ৰাখিবলৈ সমগ্ৰ পৃথিৱীখনত যিমান বনাঞ্চল আছে সেইখিনি সংৰক্ষণ কৰিবই লাগিব বা বৰ্তমানৰ পৰিমাণতকৈ বনাঞ্চলৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব।

বনাঞ্চলসমূহক পৰিৱেশ অৰ্থনীতিবিদসকলে সমূহীয়া সম্পত্তি হিচাপে চিহ্নিত কৰিছে। সমূহীয়া সম্পত্তিসমূহৰ বৈশিষ্ট্য হ’ল- এনে সম্পত্তিসমূহৰ অৱদানক কোনেও পৰিহাৰ কৰি চলিব নোৱাৰে আৰু এইবোৰৰ পৰা সুবিধা আহৰণৰ ক্ষেত্ৰত প্ৰতিদ্বন্দ্বিতা থাকে। এনে সম্পত্তিসমূহৰ সংৰক্ষণৰ বাবে যিখিনি পৰিত্যাগ কৰিব লাগে সেয়া সকলোৱে কৰিব নিবিচাৰে। এক কথাত, বহু মানুহে ভাবি লয় যে বনাঞ্চলসমূহে আনে সংৰক্ষণ কৰিব যেতিয়া তেওঁলোকে সেই কাৰ্যত যোগদান নকৰাকৈয়ে সুবিধাখিনি উপভোগ কৰি থাকিব পাৰিব। কিন্তু, বনাঞ্চলৰ দৰে সমূহীয়া সম্পত্তিসমূহক এজনে কৰা ধ্বংস কাৰ্যই প্ৰত্যক্ষভাবেই হওক বা পৰোক্ষভাবেই হওক ধ্বংসকাৰীৰ নিজৰ লগতে আনৰ ওপৰতো কম-বেছি পৰিমাণে বিৰূপ প্ৰভাৱ পেলায়, যাক পৰিবেশ বিজ্ঞানত নেতিবাচক বাহ্যিকতা (Negative Externality) বোলে।

এতিয়া আচল প্ৰসংগলৈ অহা যাওক। পৃথিৱীত জীৱ তিষ্টি থাকিবৰ বাবে বনাঞ্চল সংৰক্ষণৰ বিকপ্প নাই। বনাঞ্চল সংৰক্ষণ সম্পৰ্কে পৰিৱেশবিদসকলে অবিৰতভাবে চিন্তাচৰ্চা অব্যাহত ৰাখিছে। কিছুমান পৰিৱেশবিদে বনাঞ্চলসমূহৰ স্বত্ত্ব ব্যক্তিগত খণ্ডক প্ৰদান কৰাৰ প্ৰতি সমৰ্থন কৰে। তেওঁলোকে ভাবে যে বনাঞ্চলসমূহৰ স্বত্ত্ব ব্যক্তিগত খণ্ডক প্ৰদান কৰিলে বনাঞ্চলসমূহ সুচাৰুৰূপে পৰিচালিত হয় আৰু বৰ্তমান যিখিনি বনাঞ্চল আছে সেইখিনি ধবংস নোহোৱাকৈ থকাৰ সম্ভাৱনা আছে। এই ব্যৱ্স্থাত বনাঞ্চলৰ পৰা মুক্তভাবে সুবিধা আহৰণ কৰাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ থাকে। অৰ্থাত, বনাঞ্চলক অন্য পণ্য দ্ৰব্যৰ দৰে গণ্য কৰা হয়। বজাৰ দৰত ক্ৰয় নকৰিলে কোনেও বনাঞ্চলৰ দ্বাৰা উৎপাদিত সামগ্ৰী উপভোগ কৰিব নোৱাৰে। অৱশ্যে ,বনাঞ্চলৰ পৰা পৰোক্ষ সুবিধা (যেনে-বিশুদ্ধ অক্সিজেন সেৱন) আহৰণৰ ক্ষেত্ৰত বজাৰ ব্যৱস্থাৰ সম্পৰ্ক নাথাকে। ছুইজাৰলেণ্ডৰ দৰে কিছুমান উন্নত দেশত ইতিমধ্যে বুজন পৰিমাণৰ বনাঞ্চলৰ স্বত্ত্ব ব্যক্তিগত খণ্ডক প্ৰদান কৰা হৈছে। সদ্যহতে ভাৰতবৰ্ষত এই ব্যৱস্থা নাই যদিও কিছুমান কোম্পানীয়ে (যেনে-আম্বুজা চিমেন্ট কোম্পানী) তেওঁলোকৰ স্বত্ত্ব থকা ভূমিত অৱস্থিত বনাঞ্চলসমূহ সুচাৰুৰূপে পৰিচালিত কৰি অদূৰ ভৱিষ্যতে দেশখনৰ বনাঞ্চলসমূহ ব্যক্তিগত খণ্ডৰ হাতত যে প্ৰদান কৰিব পৰা যাব সেয়া প্ৰমাণ কৰিবলৈ চেষ্টা চলাই আহিছে।

নক’লেও হ’ব যে পুঁজিবাদী অৰ্থনীতিৰ সৈতে এই ব্যৱস্থাৰ সম্পৰ্ক আছে আৰু ব্যক্তিগত খণ্ডৰ মালিকসকলৰ মূল উদ্দেশ্য বনাঞ্চলৰ পৰা অত্যাধিক মুনাফা আৰ্জন কৰা। বনাঞ্চল সংৰক্ষণ তেওঁলোকৰ বাবে গৌণ উদ্দেশ্য। সন্দেহ নাই যে বজাৰত যিবিলাক বনজাত সামগ্ৰীৰ চাহিদা বেছি সেইবিলাক বনজাত সামগ্ৰীৰ বাবেহে তেওঁলোকে বনাঞ্চল সংৰক্ষণত গুৰুত্ব প্ৰদান কৰে। ইয়াৰ ফলত বনাঞ্চলত একেজাতীয় জন্তু বা গছৰ প্ৰচুৰতা বাঢ়ি যায়। ফলত পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাত এই ব্যৱস্থা ব্যৰ্থ হয়। তদুপৰি এই ব্যৱস্থাত কিছুমান ব্যক্তিৰ হাততে বৃহৎ পৰিমাণৰ বনাঞ্চল থাকে বাবে দুখীয়া শ্ৰেণীৰ লোকে বনাঞ্চলৰ সামগ্ৰী প্ৰত্যক্ষভাবে উপভোগ কৰাৰ পৰা বিৰত থাকিবলৈ বাধ্য হয়। ফলস্বৰূপে সমাজত ধনী আৰু দুখীয়াৰ ব্যৱধান বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে।

আন কিছুমান পৰিৱেশবিদে দেশ এখনৰ সমগ্ৰ বনাঞ্চল ৰাষ্ট্ৰৰ হাতত থকাটো বিচাৰে। তেওঁলোকে ভাবে যে আন ৰাজহুৱা সম্পত্তিৰ দৰে বনাঞ্চলসমূহ ৰাষ্ট্ৰৰ হাতত থাকিলে বজাৰ ব্যৱস্থাত থকাৰ দৰে আৰ্থিক বৈষম্যৰ সমস্যা নাথাকে। এই ব্যৱস্থাত ৰাষ্ট্ৰই প্ৰয়োজন সাপেক্ষে আইন বা বন নীতি প্ৰণয়ন কৰি বনাঞ্চলসমূহক বহনক্ষমভাবে ব্যৱহাৰ কৰিবলৈ বাধ্য কৰাব পাৰে। ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই যে এই ব্যৱস্থা সমাজবাদী অৰ্থনীতিৰ সৈতে সম্পৰ্ক আছে, য’ত ৰাজহুৱা সম্পত্তিবোৰ ৰাষ্ট্ৰৰ হাততে কেন্দ্ৰীভূত হৈ থাকে। ভাৰতবৰ্ষৰ সৰহ পৰিমাণৰ বনাঞ্চলৰ স্বত্ত্ব ৰাষ্ট্ৰৰ হাতত আছে আৰু দেশখনৰ বনাঞ্চলসমূহৰ বহনক্ষমতা বজাই ৰাখিবৰ বাবে ব্ৰিটিছৰ দিনৰে পৰাই সময়ে সময়ে কিছুমান বন আইন তথা বন নীতি প্ৰণয়ন কৰি আহিছে। উদাহৰণস্বৰূপে- ‘বন আইন, ১৯২৭’ৰ জৰিয়তে বনাঞ্চলসমূহক সংৰক্ষিত বনাঞ্চল (Reserved Forests), সুৰক্ষিত বনাঞ্চল (Protective Forests) আৰু গ্ৰাম্য বনাঞ্চল (Village Forests)-এই তিনিটা ভাগত ভাগ কৰা হৈছে। এই আইনখনতে উল্লিখিত বনাঞ্চলসমূহ পৰিচালনাৰ লগতে বনজ সম্পদৰ সৰবৰাহ নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থাও আছে। সেইদৰে ‘বন (সুৰক্ষা) আইন, ১৯৮০’ত বনাঞ্চলৰ মাটি অবনাঞ্চলীয় কাৰ্যত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ বা নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা আছে।

এই ব্যৱস্থাৰ নেতিবাচক দিশটো হ’ল-যিহেতু সৰহ পৰিমাণৰ বনাঞ্চলেই ৰাষ্ট্ৰৰ হাতত কেন্দ্ৰীভূত হৈ থাকে, সেয়েহে ভৌগোলিকভাবে বিশাল তথা বৈচিত্ৰ্যপূৰ্ণ দেশত তথ্যগত বিসংগতিৰ বাবে সংশ্লিষ্ট দেশখনৰ সমগ্ৰ বনাঞ্চল সুচাৰুৰূপে পৰিচালনা কৰি সংৰক্ষণ কৰিবলৈ কঠিন হয়। তদুপৰি সচৰাচৰ সমাজবাদী অৰ্থ ব্যৱস্থাত দেখা দুৰ্নীতিৰ দৰে সামাজিক ব্যাধিয়ে এই ব্যৱস্থাত দেশৰ বহুমূলীয়া বনাঞ্চলসমূহৰ শৰাধ পতা পৰিলক্ষিত হয়।

কিছুমান পৰিৱেশবিদে ভাবে যে যিহেতু বনাঞ্চলৰ ওচৰৰ স্থানীয় লোকসকলৰ বনাঞ্চলৰ প্ৰয়োজনীয়তা বেছি আৰু বনাঞ্চল সম্পৰ্কে তেওঁলোকৰ জ্ঞানো বেছি, সেয়েহে স্থানীয় লোকসকলৰ সহযোগেৰেহে বনাঞ্চলসমূহ সুচাৰুৰূপে পৰিচালনা কৰি সংৰক্ষণ কৰিব পৰা যায়। এই ব্যৱস্থাত সংশ্লিষ্ট বনাঞ্চলৰ ওচৰৰ স্থানীয় লোকসকলে তেওঁলোকৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট বনাঞ্চলখন সংৰক্ষণ তথা পৰিচালনা কৰিবৰ বাবে সমিতি গঠন কৰি নিজাকৈ কিছুমান নীতি-নিয়ম তৈয়াৰ কৰি লয়। অৱশ্যে, কিছুমান অঞ্চলত স্থানীয় লোকসকলে চৰকাৰৰ সহযোগতো সংশ্লিষ্ট বনাঞ্চলখন পৰিচালনা কৰিবলৈ সিদ্ধান্ত লোৱা দেখা যায়। যোৱা শতিকাৰ শেষৰ দুটা দশকৰ পৰা পৃথিৱীৰ প্ৰায়বোৰ দেশেই এই ব্যৱ্স্থাৰে বনাঞ্চল সংৰক্ষণৰ ব্যৱস্থা কৰিছে। এই ব্যৱস্থাক বিকেন্দ্ৰীভূত বন পৰিচালনা ব্যৱস্থা বুলিও জনা যায়। ভাৰতবৰ্ষত এই ব্যৱস্থা প্ৰথমে পশ্চিম বংগত দেখা গৈছিল। সমগ্ৰ ভাৰতবৰ্ষত চৰকাৰী নীতি হিচাপে ‘ৰাষ্ট্ৰীয় বন নীতি ১৯৮৮’ যোগে ১৯৯০ চনৰ ১ জুলাইৰ পৰা ‘সংযুক্ত বন পৰিচালনা’ নাম দি বিকেন্দ্ৰীভূত ব্যৱস্থাৰে বনাঞ্চলসমূহ সংৰক্ষণ কৰিবলৈ চেষ্টা কৰি আহিছে। ২০১০ চনৰ তথ্য অনুসৰি মুঠ ১,১২,৮৯৬ খন সংযুক্ত বন পৰিচালনা সমিতিয়ে দেশখনৰ ২৪,৬০,০০০ বৰ্গকিল’মিটাৰ বনাঞ্চল পৰিচালনা কৰি আছে। ভাৰতবৰ্ষত এই ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ফলত কিছু সফলতাও লাভ কৰা দেখা গৈছে। ভাৰতৰ বন জৰীপ (Forest Survey of India) ৰ ১৯৯১ চনৰ প্ৰতিবেদন অনুসৰি দেশখনৰ বনাঞ্চলৰ পৰিমাণ আছিল মুঠ ভৌগোলিক অঞ্চলৰ ১৯.৪৫ শতাংশ আৰু ২০১৯ চনত এই হাৰ ২১.৬৭ শতাংশ হৈছে। বিভিন্ন কাৰণত অসমত ১৯৯৯ চনৰ পৰাহে সংযুক্ত বন পৰিচালনা পদ্ধতিৰে বনাঞ্চলসমূহ সংৰক্ষণ কৰিবলৈ চেষ্টা কৰা হৈছে। ১৯৯৯ চনত অসমৰ বনাঞ্চলৰ পৰিমাণ ৰাজ্যখনৰ মুঠ ভৌগোলিক অঞ্চলৰ ৩০.২৮ শতাংশ আছিল আৰু ২০১৯ চনত এই হাৰ ৩৬.১১ শতাংশ হৈছে। অৰ্থাত, ব্যৱস্থাটোৰ দ্বাৰা কিছু পৰিমাণে হ’লেও বনাঞ্চলৰ পৰিমাণ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।

পিছে বিভিন্ন ক্ষেত্ৰ অধ্যয়নৰ পৰা পোৱা গৈছে যে বনাঞ্চলৰ এলেকাৰ পৰিমাণ কম হ’লেহে এই ব্যৱস্থা ফলৱতী হয়। সংশ্লিষ্ট বনাঞ্চলখনৰ চাৰিওফালে থকা স্থানীয় মানুহবিলাক বিসদৃশ (জাতিগত পাৰ্থক্য, আৰ্থিক বৈষম্য, শিক্ষা, সামাজিক প্ৰতিপত্তি, ৰাজনৈতিক ক্ষমতা ইত্যাদি) হ’লে বনাঞ্চলখন পৰিচালনা কৰিবৰ বাবে তেওঁলোকৰ মাজত থাকিবলগীয়া সহযোগিতাৰ অভাৱ দেখা যায়। বিশেষকৈ স্থানীয় লোকসকলৰ দুখীয়াৰ সংখ্যাই যদি অধিক হয়, যিসকলে জীৱিকাৰ বাবে প্ৰত্যক্ষভাবে বনাঞ্চলৰ ওপৰত নিৰ্ভৰ কৰে, তেনেহ’লে বনাঞ্চলখন সঠিকভাবে পৰিচালনা কৰি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বেমেজালিয়ে দেখা দিয়ে। তদুপৰি বন পৰিচালনা সমিতিৰ সদস্যভুক্ত নোহোৱা স্থানীয় লোকসকল বন পৰিচালনা সমিতিখনৰ বাবে সদায় এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰে।

বনাঞ্চল সংৰক্ষণ সম্পৰ্কে ওপৰত যি তিনিটা পদ্ধতিৰ বিষয়ে আলোচনা কৰা হ’ল আটাইকেইটাই সম্পূৰ্ণৰূপে বস্তুগত পদ্ধতি। বস্তুগত এই কাৰণে যে আটাইকেইটা পদ্ধতিয়ে আৱেগবৰ্জিত আৰু যুক্তিনিৰ্ভৰ। শেহতীয়াকৈ কিছুমান চিন্তাবিদে মত আগবঢ়াইছে যে বনাঞ্চলৰ উপকাৰিতা আৰু বহনক্ষমতা সম্পৰ্কে মানুহে নিজে সজাগ নহ’লে বনাঞ্চলসমূহ সংৰক্ষণ কৰা সম্ভৱ নহয়। এই পদ্ধতি সম্পূৰ্ণৰূপে নৈতিক পটভূমিৰ ওপৰত প্ৰতিষ্ঠিত। এই পদ্ধতি অনুসৰি বনাঞ্চল সংৰক্ষণৰ দায়িত্ব প্ৰতিজন মানুহৰ অন্তৰৰ নিভূত কোণৰ পৰা উদ্ভৱ হ’ব লাগিব। নক’লেও হ’ব যে গান্ধীবাদী ভাৱধাৰাৰ সৈতে এই পদ্ধতিৰ সম্পৰ্ক আছে। সংখ্যাত কম হ’লেও এই ভাৱধাৰাৰ ভিত্তিত বনাঞ্চল সংৰক্ষণ কৰা ব্যক্তি এইখন অসমতে আছে। উদাহৰণস্বৰূপে, ‘অৰণ্য মানৱ’ খ্যাত যাদৱ পায়েঙে আন কাৰণৰ উপৰি তেওঁৰ অন্তৰৰ নিভূত কোণৰ পৰা উদ্ভৱ হোৱা তাড়নাৰ বাবে এক বৃহৎ অঞ্চলক বনাঞ্চলৰ ৰূপ দি সুচাৰুৰূপে সংৰক্ষণ কৰি আছে।

ওপৰত বনাঞ্চলসমূহক সংৰক্ষণৰ চাৰিটা পদ্ধতিৰ বিষয়ে আলোচনা কৰা হ’ল। প্ৰতিটো পদ্ধতিৰে কিছুমান সুবিধা বা গুণ থকাৰ বিপৰীতে সীমাবদ্ধতাও আছে। ইয়াৰ অৰ্থ এয়ে যে যিকোনো এটা পদ্ধতি প্ৰয়োগ কৰি বনাঞ্চলসমূহক সঠিকভাবে সংৰক্ষণ কৰা সম্ভৱ নহয়। সেয়েহে, পৰিৱেশবিদসকলে পৰামৰ্শ আগবঢ়ায় যে বাস্তৱিকভাবে বনাঞ্চলসমূহক সংৰক্ষণ কৰিবলৈ হ’লে আটাইকেইটা পদ্ধতিকে প্ৰয়োগ কৰিব লাগিব।

ঠিকনা :
সহকাৰী অধ্যাপক, অৰ্থনীতি বিভাগ
হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়, গোলাঘাট
ই-মেইল : bipulrabha@gmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ