অন্যযুগ/


বাঘিনীৰ সত্য জীৱন কাহিনী

  ‘বাঘৰাণী খইৰী’

মূল : অখিল মোহন পট্টনায়ক
অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম 



তাই প্রথমে আইনাত তাইৰ প্রতিবিম্ব ওচৰত মুখ লগাই এবাৰ-দুবাৰ মুখখন কাচৰ ওপৰত ঘঁহিছিল। তাৰ লগে লগে তাই টেবুল আইনাৰ পিছফালে গৈ চাই আহিছিল তাইৰ দৰে এজনী বাঘিনী দাপোণৰ পিছফালে লুকাই আছে নে নাই। বেচ কিছু সময়ৰ পাছত তাই দাপোণত তাইৰ প্রতিবিম্বৰ লগত অভ্যস্ত হৈ গৈছিল আৰু তাৰ পাছত আৰু কেতিয়াও তাইৰ প্রতিবিম্বক তাই সন্দেহৰ দৃষ্টিৰে চোৱা নাই।

অলপ পাছত যেতিয়া তাই সামান্য টোপনি আহিবলৈ ধৰিছিল, তেতিয়া মই টেপ ৰেক’ৰ্ডাৰত তাইৰেই শব্দবোৰ পুৰা ভলিউমত বজালোঁ। খইৰী উঠি থিয় হ’ল আৰু টেপ ৰেক’ৰ্ডাৰৰ ওচৰলৈ লাহে লাহে‍ আহি এটা শব্দ কৰিলে, যাৰ দ্বাৰা তাই জনাই দিলে কেলেই এইসোপা ইমান জোৰত বজাই মোৰ টোপনিত গোলমাল কৰিছ?

মই টেপ ৰেক’ৰ্ডাৰ বন্ধ কৰি দিলোঁ।

সেইদিনা আছিল ডিচেম্বৰৰ বাইছ তাৰিখ। শিম্‌লিপালত প্ৰচুৰ শীত। খইৰীক দেখি লাগিছিল, যেন তাইৰ কিবা এটা অস্বস্তি হৈছে। তাইৰ চাৱনিটো দেখি সেই ভাব মনলৈ আহিছিল। খাবৰ সময় হৈছিল, তাইক প্রায় এক কেজি মাংস খাবলৈ দিয়া হ’ল, কিন্তু তাইৰ খোৱাৰ প্রতি বিশেষ আগ্রহ নাছিল।

খইৰীৰ অলপ ঘূৰা-ফিৰাৰ দৰকাৰ বুলি ভাবি দিনৰ ন বজাত তাইক লগত লৈ বাহিৰলৈ ফুৰিবলৈ ওলালোঁ। মোক তাই খোজ কঢ়াই কঢ়াই অনেক দূৰলৈ লৈ গ’ল। সেইফালে খড়িয়াবোৰৰ খেতিৰ মাটি। তাত গৈ প্রায় আধাঘণ্টামান তাই পেট পেলাই শুই পৰিল। আৰু আগলৈ যোৱাৰ আগ্রহ নাই বুলি ভাবি ময়ো তাতেই বহি মোৰ লিখা-মেলাৰ কাম আৰম্ভ কৰিলোঁ। খইৰীৰ লগত থকাৰে পৰা সময়েই নাপাওঁ। যেতিয়া তাই জিৰণি লয়, বা শুই পৰে, সেই সময়ত মই মোৰ পিছুৱাই থকা লিখা-মেলাৰ কাম শেষ কৰাৰ চেষ্টা কৰোঁ।

কিছু সময়ৰ পাছত খইৰী উঠি পৰি উহুঁ-উহুঁকৈ মোৰ কাষলৈ আহি মোৰ পিছফালে তাই দুই হাতোৰা আনি মোৰ কান্ধৰ ওপৰত ৰাখিলে। মই তাই মূৰটোত হাত বুলাই দিয়াত হঠাৎ জাঁপ মাৰি অলপ দূৰলৈ গুচি গ’ল। তাই এনেকৈয়ে মোক খেলিবলৈ মাতে। মই তাইৰ লগত নগৈ লিখাত ব্যস্ত থকাত তাই কিছু দূৰ গৈ এজোপা পাইন গছৰ ডাল এটা ভাঙিলে আৰু কিছু সময় সৰু-ল’ৰা-ছোৱালীৰ দৰে জঁপিওৱা-জঁপি কৰি খেলিলে। অলপমান ভাগৰুৱা হৈ যোৱাৰ পাছত মোৰ কাষলৈ আহি শুই থাকিল। ভাব হ’ল, তাইৰ যেন তন্দ্রা নামি আহিছিল, যিদৰে ৰ’দৰ দিনৰ দুপৰীয়া অনিচ্ছা সত্ত্বেও আমাৰো চকু মুদ খাই আহে। মই সন্মুখত পৰি থকা ঠাইত সৰু সৰু শিলগুটিবোৰ আঁতৰাই ঠাইখিনি সমান কৰি দিলোঁ আৰু খইৰী সেইখিনিলৈ আহি ধীৰে ধীৰে চকু মুদি শুই পৰিল। ৰ’দৰ পৰা তাইক ছাঁ দি ঢাকি ৰাখিছিল এজোপা শালগছৰ ডাঙৰ ডাঙৰ পাতে।

সেইদিনা দুপৰীয়া তাইৰ গা ধুবলগীয়া আছিল কুহুমীয়া পানীৰে। ভাব হৈছিল, তাইৰ সামান্য ঠাণ্ডা লাগিছিল। মই জংঘলৰ পৰা ঘৰলৈ অহাৰ সময়ত মোৰ লগত ধীৰে ধীৰে ভাল ছোৱালীজনী যেন হৈ ঘূৰি আহিছিল খইৰী। গোটেই বাটটোত সামান্য দুষ্টামিও কৰা নাছিল। তাৰ পাছত বঙলালৈ আহিবৰ সময়ৰ তাইৰ গা-ধোৱা পানী প্রস্তুত আছিল। তাই চিধা সোমাই পৰিল বাথটাবৰ ভিতৰত। বেচ সময় ধৰি টাবৰ ভিতৰত সোমাই তাই গা ধুলে আৰু তাইৰ মন সন্তুষ্ট হৈ উঠাত টাবৰ পৰা বাহিৰলৈ আহি তাইৰ মানবী-মাকৰ শাৰী টানি তেওঁৰ ওপৰত বাগৰিবলৈ আৰম্ভ কৰিলে। আমিও তাইৰ গা মচা কামত সহায় কৰিলোঁ। ব্লেকিয়েও গা ধুই উঠি এনেকৈ শাৰী বা কাপোৰ টানি তাৰ ওপৰত বাগৰা-বাগৰি কৰি নিজৰ গাৰ পানী মচাৰ চেষ্টা কৰে। খইৰীয়ে এই কায়দাটো ব্লেকিৰ পৰা শিকিছে। গা-মচা হৈ যোৱাৰ পাছত প্ৰস্তুত হৈ থকা বান্দৰৰ মাংস তাই বেচ তৃপ্তিৰে খালে। বান্দৰ মাংস থাকিলে কোনোবা কাষত থাকি তাইক খুৱাবৰ কাৰণে খোচামতি কৰিব নালাগে।

কিছু সময়ৰ পাছত আমি সকলো চহলালৈ বুলি ওলালোঁ। চহলা গৈ পাই খবৰ পালোঁ তাত এটা নলাৰ ওচৰত বাঘৰ পদচিহ্ন পৰিছে। চাবলৈ গ’লোঁ। মাত্র তিনিটা খোজৰ চিন। বাঁও পিছঠেং, সোঁ পিছঠেং আৰু বাঁও পিছঠেং। পিছঠেঙৰ দাগৰ ওপৰত আগঠেঙৰ দাগ ঠিক খাপ খাই পৰাৰ দৰে পৰিছে। চিনবোৰৰ জোখ ল’লোঁ। পদচিহ্নৰ জোখ ৰাখিলে অনেক সুবিধা হয়, জানিব পৰা যায়, বাঘ নে বাঘিনী, আকৌ জানিব পাৰি, সেই জংঘলৰ কোন এলেকাৰে যাতায়াত কৰিছে। মাপ লৈ ওভতাৰ পৰা প্রায় দহ বাৰটা বনকুকুৰাৰ পৰিয়াল ইফালে-সিফালে ঘূৰি ফুৰা দেখিবলৈ পাইছিলোঁ।

প্রায় পঁচিছ বছৰ ধৰি শিম্‌লিপালৰ ঘন জংঘল যথাযথ তত্ত্বাৱধানৰ অভাৱত নষ্ট হৈছে, কেতিয়াবা কাঠ কাটি বিক্ৰী কৰা বাবে, কেতিয়াবা চোৰাংকৈ জন্তু চিকাৰ কৰা বাবে। ফলত কটা গছৰ ডাল-পাতবোৰ তলত পৰি পাতবোৰ দ’ম হৈ হৈ জমা হৈছে। এই শুকান পাতৰ দ’মৰ ভিতৰত লুকুৱাই কণী পাৰিবলৈ বনকুকুৰাবোৰে আশ্রয়স্থল পাইছে। ফলত সিহঁতৰ প্ৰচুৰ বংশবৃদ্ধি হৈছে। কিন্তু বাঘৰ বাবে সিহঁতৰ খাদ্য সংগ্রহ কৰাৰ সুযোগ কমি গৈছে। ঘন গছপাতৰ আঁৰত আত্মগোপন কৰি থকাৰ সুযোগ নাপালে বাঘে চিকাৰ কৰিব নোৱাৰে। ফলত সিহঁত অন্য এফাললৈ স্থানান্তৰিত হ’বলগীয়াত পৰে।

অনেক সময় ধৰি গা ধোৱাৰ বাবেই হওক বা অন্য কোনো কাৰণৰ বাবেই হওক, খইৰীৰ দেহত সামান্য তাপ আছিল। সেই কাৰণে বান্দৰৰ মাংসৰ লগত মিহলাই তাইক ঔষধ খাবলৈ দিলোঁ। সন্ধ্যা নামি আহিছিল। খুব ওচৰেৰে এটা বনছাগলী ডাঙৰকৈ চিঞৰি চিঞৰি পাৰ হৈ গ’ল। বাঘে কিজানি ৰাতি চিকাৰৰ বাবে ওলাইছিল।

চহলালৈ অহাৰ বাটত খবৰ পাইছিলোঁ এজনী মাইকী হাতী ‘কোদো’ (Kodo, a type of cereal, which is cultivated by the Khariyas.) খেতিত মৰি পৰি আছিল। ইয়াৰ পৰা পঁচিছ-ছাব্বিছ কিল’মিটাৰ হ’ব। ‘কোদো’ যৱ, ব্ৰজৰ দৰে এবিধ শস্য, আদিবাসী খড়িয়াবোৰে খেতি কৰে। গাই গৰুক কোদো খাবলৈ দিয়া নহয়, আনকি চৰায়েও নাখায়। কোদোৰে কেৱল মদ প্রস্তুত কৰা হয়। বেচ। কাঢ়া মদ। বোধহয় হাতীজনীয়ে কোদো খেতিলৈ আহি ভালেখিনি কোদো খাই পেলাইছিল। প্রথমে যি ঠাইত হাতীজনী পৰিছিল, সেই ঠাইৰ পৰা চাৰিদিনৰ ভিতৰত তাই আঠ মিটাৰমান দূৰলৈ বাগৰি গৈছিল। তাইৰ মলত অনেক কোদো বাহিৰ হ’ল। তাইৰ স্তনৰ পৰা অনেক গাখীৰ ওলাই বেচখিনি ঠাই ভিজি গৈছিল। ওচৰ-পাঁজৰৰ অঞ্চলত তাইৰ পোৱালিটো বিচাৰিছিলোঁ। কিন্তু কোনো সন্ধান পোৱা নগ’ল। তাইৰ পোৱালিটো নি কিজানি তাৰ পেহীয়েক বা খুৰীয়েকে পালন কৰিছে।

বাঘে হাতীৰ পোৱালি খাবলৈ খুব ভাল পায়। দলে দলে হাতী যেতিয়া ইটো টিলাৰ পৰা সিটো টিলালৈ, অথবা এখন হাবিৰ পৰা আন এখন হাবিলৈ যায়, তেতিয়া বাঘৰ কবলৰ পৰা নিৰাপদে ৰাখিবৰ বাবে সিহঁতে পোৱালিবোৰক মাজত ৰাখি চাৰিওকাষে অত্যন্ত সতর্কতাৰে যায়। তথাপি দৃষ্টান্ত আছে, যেতিয়াই সামান্য সুৰুঙা পায়, চোপ লৈ থকা বাঘে বিদ্যুৎ বেগেৰে হাতীৰ দলৰ ভিতৰ সোমাই পোৱলিৰ আঁঠুৰ ওচৰত নখ মাৰি দি আনফাললৈ জাঁপ মাৰি গুচি যায়। কুশলী ডাক্তৰৰ দৰে সিহঁতে ঠিক জানে, কেনেকৈ ধমনী ফুটা কৰিব লাগে। এয়া সিহঁতৰ সহজাত প্রবৃত্তি। তাৰ লগে লগে হাতী পোৱালিৰ আৰম্ভ হয় প্রচুৰ ৰক্তস্রাৱ। হাতীবোৰ পোৱালিটো শুশ্রূষা কৰিবলৈ আপ্রাণ চেষ্টা কৰে। কিন্তু পোৱালিটো অত্যধিক ৰক্তস্রাবৰ কাৰণে মৰি যায়। লগে লগে হাতীবোৰ শোকার্ত হৈ সেই স্থান ত্যাগ কৰে। ইফালে আৰু বাঘ ঘূৰি আহে তাৰ চিকাৰ হাতীপোৱালিৰ মঙহ ভুৰিভোজন কৰিবৰ বাবে।

আৰু এবাৰৰ কথা। কনট্রেক্টৰৰ কাঠ কটা কেম্পৰ ওচৰত হঠাতে আহি ওলালহি আঠটা হাতী। সিহঁতৰ লগত তিনিটা পোৱালি। সিহঁত সাধাৰণতে মানুহ থকা ঠাইলৈ নাহে। কিন্তু সিহঁত সেই ঠাইত থাকিল পুৰা তিনি দিন ধৰি। ওচৰতে বাঘ চুপি আছিল হাতী পোৱালিৰ কোমল মাংস খাবলৈ বুলি। সেয়েহে সিহঁতে ভয়তে মানুহৰ আশ্ৰয়ত থাকি গৈছিল।

খইৰী জংঘলত থকা হ’লে ইমানদিনে কিজানি হাতী পোৱলিৰ মাংসৰ সোৱাদ পালেহেঁতেন। কিছু হাতী মাংস আনি খইৰীক দিয়াৰ কথা ভাবিছিলোঁ। কিন্তু কোদো খাই মৰা হাতীৰ সেই মাংস খইৰীক দিবলৈ মন নগ’ল। শিম্‌লিপাললৈ ঘূৰি অহাৰ কথা। জীপত বয়বস্তু ঠায়ে ঠায়ে ৰখা হ’ল। কিন্তু খইৰী আহি জীপত বাহিবলৈ নাৰাজ। জীপৰ তলত ছাঁত ঠেং-ঠুং মেলি তাই চুপ-চাপ শুই থাকিল। অনেক মতাতো তাই নাহিল। তাইক জীপলৈ আনিবলৈ এখন থালিত মাংস নি তাইৰ মুখৰ আগত দেখুৱালোঁ। কিন্তু একে কোবতে এনে এক ঢক্কা দিলে যে থালি ক’ৰবাত, মাংস ক’ৰবাত! ঠিক তেনেকুৱাতে মই বুটেৰে দিলোঁ জোৰেৰে এক গোৰ। গোৰ খাই খইৰীয়ে দৌৰ দিলে সীমাৰ বাহিৰলৈ। চাৰিওফালে লোহাৰ কাঁটা দি বেৰ কৰা হৈছে। তাৰ ভিতৰেৰেই বাহিৰলৈ যোৱাৰ চেষ্টা কৰি দুখ পায়ো তাই বাহিৰলৈ গুচি গ’ল। মই সেইখিনিত ওচৰতে আছিলোঁ। মই চিঞৰি উঠিলোঁ। তাইক জীপলৈ যাবলৈ কৈ চিঞৰি উঠিলোঁ। হঠাৎ মোক উদ্দেশ্যি এটা ‘ফ্যাঁ’ কৰি দূৰলৈ গুচি গ’ল। আকৌ কিছু সময়ৰ পাছত উভতি আহি জীপলৈ নগৈ ঘৰৰ ভিতৰলৈ গৈ বিছনাৰ ওপৰত শুই থাকিল।

আমি জোৰে জোৰে শব্দ কৰি ঘৰৰ দুৱাৰ-খিৰিকী বন্ধ কৰি গুচি গৈছোঁ বুলি অনেক সময় ধৰি ছলনা কৰিলোঁ। সন্মুখৰ দুৱাৰ খোলা আছিল। তাৰ পাছত হঠাৎ উঠি মোৰ কাষৰেই তাই চাৎকৈ গুচি গ’ল বাহিৰলৈ। বাহিৰলৈ গৈ শুই থাকিল পৰ্চৰ তলত। তাইৰ সন্দেহ হ’ল, তাইক কিজানি ভিতৰতে বন্ধ কৰি আমি কিজানি গুচি যাম। বহুত বাৰ মতা সত্ত্বে‍ও তাই আৰু তাৰ পৰা নাহিল। তাৰ পাছত এখন স্কার্ফ লৈ লাহে লাহে‍ তাইৰ মুখৰ ওচৰলৈ নি জপটিয়াই ধৰি তাইক লৈ আনিলোঁ জীপৰ ভিতৰলৈ। তেতিয়া তাইৰ ওজন বিছ কিল’গ্রাম। জীপত এৰাৰ পাছত তাই আৰু কোনো গোলমাল নকৰিলে। জীপৰ ভিতৰত তাইৰ বাবে ৰখা মাংসখিনিও খালে। চহলাৰ ঘন বননিৰ মায়া ধীৰে ধীৰে পাহৰি গ’ল খইৰীয়ে। বাটত আহোঁতে ধূলিৰ ওপৰত এটা বাঘৰ হাতোৰাৰ চিন দেখিছিলোঁ। বেচ ডাঙৰ মতা বাঘৰ এটাৰ হাতোৰাৰ চিন। চহলা এলেকাত এই বাঘটো অনেক দিন ধৰি আছে। মানুহে তাক বহুবাৰ দেখিছে। মই ভাবিছিলোঁ, খইৰী ডাঙৰ হ’লে, তাইক আনি চহলাত ৰাখিলে, কিজানি তাইৰ সংগী পাই যাব। কিন্তু তালৈতো বহু দিন বাকী।

যচ্ছিপুৰ আহি পাই তাই তাইৰ পৰিচিত পৰিৱেশৰ ভিতৰত আনন্দৰে ঘূৰি ফুৰিবলৈ ধৰিলে। অলপ বিজলুৱা শৌচ হ’ল, ভাব হ’ল, তাইৰ যেন তাইৰ হজম কৰাৰ প্রক্রিয়া সামান্য ব্যাহত হৈছে। ঘৰৰ ভিতৰত শোৱাৰ পৰত আমি ঘৰটো যিমান পাৰি গৰম কৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। সেই সময়ত তাইৰ নাড়ীৰ গতি আছিল প্রতি মিনিটত ১২৭। ৰাতি প্রায় আঠ বজাত তাইৰ বান্দৰৰ মাংসৰ ভিতৰত এটা পেণ্টিন চালফা আৰু এটা ইণ্ট্ৰাকুইনল দিয়া হ’ল। সেইদৰেই শুই থাকি তাই জিভাখন দীঘলকৈ উলিয়াই সেইখিনি চেলেকিলে মাত্র। পুনৰ ৰাতিপুৱা বান্দৰৰ মাংসৰ ভিতৰত সেই ঔষধ দিয়া হ’ল। এইবাৰ কিন্তু বান্দৰৰ দৰে প্রত্যেক খণ্ড দুই হাতোৰাৰে ধৰি টুকুৰা-টুকুৰকৈ খাবলৈ ধৰিলে। তাইৰ প্রকৃত খাদ্যৰ বাবে বান্দৰৰ মাংস কিমা কৰি দিয়া হৈছিল।

তাৰ পাছত বাহিৰলৈ যাবলৈ বুলি আহি খালী গা ঘঁহালেহি৷ যেতিয়া শেষ পর্যন্ত আমি বাহিৰলৈ যাবলৈ নিদিলোঁ, তাই দিগদাৰী পাই খাটৰ ওপৰলৈ গৈ শুই পৰি চকু মুদি দিলে।

তাইক বাহিৰলৈ ওলাবলৈ নিদি মোৰ অকণ বেয়াও লাগিছিল। বাহিৰত ভীষণ ঠাণ্ডা পৰিছিল। তাইৰ এই ভগ্ন স্বাস্থ্যৰে তাইক বাহিৰত এৰিবলৈ কোনোমতে সাহস নকৰিলোঁ। কেৱল সন্মুখৰ খিৰিকীখন খুলি দিলোঁ। তাই ওচৰলৈ আহি নাকটো ৰেলিঙৰ ভিতৰত সুমুৱাই দি দুই হাতোৰা ৰেলিঙৰ বাহিৰলৈ উলিয়াই দিলে। সিপাৰে ব্লেকিয়েও দুই পিছঠেঙৰ ওপৰত থিয় হৈ দুই আগঠেং খিৰিকীৰ বাটামত ৰাখি মুখখন দেখুৱাই দিলে। খইৰীয়ে তাইৰ নাকটো নি ব্লেকিৰ মুখত কেইবাবাৰো ঘঁহিলে আৰু দুই হাতোৰাৰে বেচ সময় ব্লেকিক আদৰ কৰিলে। খইৰী ডাঙৰ হৈ গ’লে বাৰু ব্লেকিক এইদৰে আদৰ কৰিবনে? প্রথমে আহোঁতে খইৰীৰ ওজন আছিল ব্লেকিৰ আধা। ডেৰমাহমানৰ ভিতৰতে হ’ল ব্লেকিৰ দুই গুণ ওজন। আৰু ডাঙৰ হ’লে, ব্লেকিৰ লগত তাইৰ ওজনৰ সম্পর্ক যি হ’ব, আমাৰ লগতো সেই সম্পর্কই হ’বগৈ। দেখা যাওক, সময়ে তাৰ বিচাৰ কৰিব। কিন্তু এটা কথা, খইৰী ব্লেকিতকৈ বহুগুণে বুদ্ধিমতী।

এই কথা ভাবিছোঁ, খইৰী আহি মোৰ ঊৰুত বাৰম্বাৰ মূৰ ঘঁহালেহি। মই তাইৰ আকুলতা সহিব নোৱাৰি দুৱাৰ খুলি দিলোঁ। একে জাঁপেৰেই তাই গুচি গ’ল বাহিৰলৈ। তাৰ পাছত মই গৈ ব্লেকিকো শিকলি খুলি দিলোঁ। ব্লেকি দৌৰিল খইৰীৰ পাছে পাছে। তাৰ পাছত দুয়োৰে ভিতৰত চলিল খেলা-ধূলা, দৌৰাদৌৰি, লুকা-ভাকু! কি আনন্দ!

সন্ধ্যাবেলা খ্রীষ্টমাচৰ বাবে কে’ক তৈয়াৰী চলিছিল। খইৰী ৰন্ধা ঠাইৰ ওচৰলৈ আহি ওপৰলৈ নাক কৰি এবাৰ-দুবাৰ শুঙিলে। কিন্তু তাইৰ বোধহয় কণীৰ সৈতে মিহলোৱা অন্যান্য বস্তুবোৰ পছন্দ নহ’ল। ৰাস্তা এৰি গুচি গ’ল।

সেইদিনা দুপৰীয়াৰ খোৱা হোৱাৰ পাছত যাবলগীয়া আছিল নঅনালৈ। যিমানেই মাতিলোঁ, খইৰী জীপৰ ভিতৰত নোসোমায়। খইৰীয়ে খুব দিগদাৰি দিছে। তাইক এৰি থৈ যোৱা সম্ভৱ নহয়। আনহাতে তাইক ইচ্ছাৰ বিৰুদ্ধে জীপৰ ভিতৰলৈ নিয়াও সম্ভৱ নহয়। শেষত এখন মোটা চাদৰ ধৰি তাৰ ভিতৰত তাইক ভৰাই ওলোমাই ঝুলনাত ঝুলুৱাৰ দৰে দোলাই দোলাই এবাৰত জীপৰ ভিতৰত সুমুৱাই দিলোঁ। ভিতৰত এবাৰ সোমোৱাৰ পাছত আৰু কোনো গোলমাল নাই, আমনি নাই। গম পালে যাব লাগিব। জীপৰ ভিতৰত আনন্দৰে বহি বহি বান্দৰৰ মাংস খালে আৰু সকলোকে আদৰ কৰিলে।

নঅনা গৈ পাওঁ মানে প্রায় চাৰে চাৰিটা। শীতৰ দিন, গধূলি হৈ আহিছিল। খইৰী বঙলাৰ বাৰান্দাত বহি থাকি এক দার্শনিক ভংগিমাৰে বুঢ়াবলংগ উপত্যকালৈ চাই আছিল। ঠিক সেই সময়তে এজন ফৰেষ্ট গাৰ্ডৰ এজনী পোহনীয়া ভেড়া ধীৰে ধীৰে ঘৰলৈ উভতি আহিছিল। ভেড়াজনীৰ মন্থৰ গতিৰ পৰা জনা গৈছিল যে তাইৰ পেটত কিজানি পোৱালি আছে। ধীৰে ধীৰে গৈ গৈ তাই খইৰীৰ চকুৰ আগৰ পৰা দূৰলৈ প্রায় গুচি গৈছিল। কিন্তু হঠাৎ খইৰীৰ কি জানো মন হ’ল, তাই তাই দার্শনিক নির্লিপ্ততা পাহৰি দৌৰ দিলে ভেড়াজনীৰ পিছে পিছে। মই ইয়াৰ পৰাই চিঞৰি উঠিলোঁ, “খইৰী! নাই!” কিন্তু তাই কি মোৰ কথা শুনিব, চিধা গৈ ভেড়াজনীৰ পিছফালে দুয়ো হাতোৰাৰে ধৰি তাইক বগৰাই পেলালে। খইৰীয়ে তাইৰ হাতোৰাৰ নখ বা মুখ একেবাৰে ব্যৱহাৰ নকৰিলে, ব্লেকিৰ সৈতে খেলাৰ সময়ত যেনেকুৱা কৰে, ঠিক তেনেকৈয়ে। মোৰ চিঞৰ শুনি ভেড়াজনী এৰি দি গেষ্টহাউছৰ ফালে খইৰী ধীৰে ধীৰে উভতি আহিল। ভেড়াজনীৰ কিন্তু উঠাৰ শক্তি নাছিল। ফৰেষ্ট গার্ড আহি ভেড়াজনীক দাঙি ধৰি থিয় কৰি দিলে। তাৰ পাছত ভেড়াজনী ঘৰমুৱা হৈ লাহে লাহে‍ গুচি গ’ল। এবাৰো পিছলৈ ঘূৰি নাচালে। ক’তো যেন একো ঘটাই নাই। কিন্তু খইৰীয়ে যদি সামান্যতম বল প্রয়োগো কৰিলেহেঁতেন, তেনেহ’লে ভেড়াজনীয়ে খোজকঢ়া দূৰৰ কথা, বাচি থকাই সম্ভৱ নহ’লহেঁতেন। আমাৰ সৈতে খেলি খেলি খইৰীয়ে ভালদৰেই জানে, কাৰ লগত খেলিবলৈ হ’লে কিমান বল প্রয়োগ কৰিব লাগে। বাঘ জংঘলত থকা সময়ত বিভিন্ন জন্তুৰ চিকাৰ কৰে, কেতিয়াবা প্রকাণ্ডকায় শম্বৰ, আকৌ কেতিয়াবা ক্ষুদ্রকায় বনছাগলীৰ পোৱলি। গতিকে সিহঁতে শক্তিৰ অপচয় নকৰে, বা প্রয়োজন হলে সমস্ত শক্তি ব্যৱহাৰ কৰিবলৈকো কুণ্ঠিত নহয়।

তাৰ পাছদিনা পুৱা তাইৰ চিৰাচৰিত খেলা-ধূলা আৰম্ভ কৰি দিছিল খইৰীয়ে। মই এজোপা গছৰ ছাঁত টেবুল-চকী লৈ মোৰ কাগজ-পত্ৰৰ কাম আৰম্ভ কৰিছিলোঁ। মোৰ ভৰিটোত ধৰি, মোৰ পেণ্টত কামুৰি তাই মোক বাৰম্বাৰ খেলিবলৈ মাতিলে। মই নোযোৱাত খইৰী লাহে লাহে‍ জংঘলৰ ভিতৰলৈ গুচি গ’ল। বোধহয় তাইৰ পুৰণা ঠাইত শুবলৈ বুলি। বাঘ যি অঞ্চলত থাকে, সিহঁতে সেই অঞ্চলত ঠাই বাছি‍ লৈ সিহঁতৰ শোৱাৰ ঠাই সাজু কৰি লয়। য’তেই ইচ্ছা ত’তে, যেতিয়াই তেতিয়াই সিহঁত শুই নপৰে।

বাঘে য’ত শোৱে, সেই ঠাইত তাৰ গোন্ধ অনেক সময় ধৰি থাকে। সেয়ে হৰিণ, বনছাগলী আদি জন্তুবোৰে সেই গোন্ধ চিনি অনেক দূৰলৈ পলায়। তাৰ ফলত তাৰ নিজৰ এলেকাৰ ভিতৰত চিকাৰ কৰাৰ সুযোগ বাঘৰ বাবে কমিবলৈ ধৰে। সেয়ে সিহঁতে নির্দিষ্ট ঠাইতহে বিছনা তৈয়াৰ কৰি লয়। সেই কাৰণে গোটেই জংঘলতে বাঘৰ গোন্ধ পাই জন্তুবোৰ নপলোৱা হয়। আৰু বাঘে তাৰ আহাৰ সুযোগ বুজি যোগাৰ কৰিব পাৰে। যচ্ছিপুৰ বঙলাটোৰ ইমান বিশাল চৌহদৰ ভিতৰত খইৰীৰ যিকোনো ঠাইতে শোৱাৰ কোনো প্রতিবন্ধক নথকা সত্ত্বেও তাই তাই সহজাত প্রবৃত্তি অনুসৰি‍ মাত্র দুখন ঠাইতহে শোৱে।

মই খইৰীক বিচাৰিবলৈ গৈ দেখিলোঁ, তাই শুই আছে তাইৰ নির্দিষ্ট ঠাইত। মোক দেখি তাই চকু মুদি শুই থকাৰ ভাও ধৰিলে আৰু মই উভতি আহিব খোজাত মোকো ওচৰৰ পৰা যাবলৈ দিব নুখুজিলে। মই তাইৰ ওচৰতে বহু সময় বহি থাকিলোঁ, বেলি গৈ মূৰৰ ওপৰ পোৱা পর্যন্ত। তাৰ পাছত কিছু সময় কটাই দুয়ো বঙলালৈ ঘূৰি আহিলোঁ।

খবৰ আহিল বিলপংগাত বাঘে দুজনী গাই মাৰিছে। প্রায় দিনৰ চাৰে তিনিটা বজাত আমি ৰাওনা হ’লোঁ বিলপংগালৈ। নাকৰ পোনে পোনে গ’লে তালৈ প্রায় পোন্ধৰ কিল’মিটাৰ বাট। ব্লেকি আৰু খইৰী দুয়োকে ঘৰত বন্ধ কৰি থৈ গ’লোঁ। সাৱধান কৰি থৈ গ’লোঁ, দুৱাৰ যাতে কোনোমধ্যে খোলা নহয়।

গোটেই বিলপংগাত এটাও নৰমনিচ দেখিবলৈ নাপালোঁ। দুটা গৰখীয়া ল’ৰাই আমাৰ জীপ আৰু আমাক দেখি দৌৰি দৌৰি দূৰলৈ পলালে। জীপত থকা মোৰ পিয়নে সিহঁতক নিজৰ ভাষাত বুজাই দিয়াত সিহঁতৰ কিছু ভৰসা হ’ল। প্রায় আধা ঘণ্টাৰ পাছত বাঘে যি ঠাইত গাই মাৰিছিল, সিহঁতে সেই বাটটো দেখুৱাই দিলে। এটা পুলৰ প্রায় চৈধ্য মিটাৰ দূৰত আছিল প্রথমে মৰা ঠাইখিনি। বেচ কিছু ঠাই তেজে চপ্‌চপীয়া হৈ আছিল। কিছু নাড়ী-ভুৰুও পৰি আছিল সেই ঠাইত। তাৰ পৰা প্রায় এশ মিটাৰ দূৰত মাৰিছে দ্বিতীয় গাইজনীক, আৰু তাৰ পৰা আৰু কিছু দূৰ টানি লৈ গৈ তাতে গাইজনীক খাইছে। ঠিক ওচৰতে বাঘৰ শোৱাৰ ঠাই। সেই ঠাইৰ ঘাঁহবোৰ বাঘৰ দেহৰ ভৰত চেপেটা লাগি আছে। প্রথম গাইজনীক মৰা দেখিছে দুজন কাঠকটীয়াই, তাৰ পাছত সেই গাইজনীক নিওঁতে নজৰত পৰিছে দ্বিতীয় গাইজনী আৰু সেইজনীকো মাৰিছে।

ধীৰে ধীৰে আমাক নিৰাপদ বুলি জানি আমাৰ চাৰিওফালে কেইটামান কৌতূহলী শিশু থিয় হ’লহি। সিহঁতে ক’লে যে বাঘে দুয়োজনী গাইকে সম্পূর্ণকৈ খাই নিঃশেষ কৰি দিছে। কিন্তু মই ভাবিছিলোঁ, গাইৰ মূৰ দুটা গ’ল ক’লৈ ? আনকি বাঘে মানুহ মাৰিলেও মূৰটো পৰি থাকে। পাছত জনা গ’ল, গাইৰ মূৰ আৰু মাজৰ উৰু কোলবোৰে খাবৰ বাবে লৈ গৈছে। গাইৰ মালিকে আমাক সকলো কথা খোলাকৈ ক’লে।

গেষ্ট হাউছ ঘূৰি আহি দেখিলোঁ, ব্লেকি আছে। কিন্তু খইৰী নাই। গার্ডে ক’লে, সন্ধ্যা প্রায় পাঁচ বজাৰ পৰাই খইৰীক বিচাৰি পোৱা নাই— সকলো ঠাইতেই অনেক বিচৰাৰ পাছতো। দেখি জানিলোঁ এখন দুৱাৰৰ এটুকুৰা তাঁৰৰ জালি ফুটা হৈ গৈছিল। সেই ফুটাটোক ডাঙৰ কৰি খইৰী ক’ৰবালৈ উধাও হ’ল। মই ইফালে-সিফালে ঘূৰি বহুতবাৰ মাত দিলোঁ। কিন্তু খইৰীৰ টু-শব্দ এটাও নাই। আকৌ এবাৰ মতাত তাইৰ দুয়োটা চকু টৰ্চৰ পোহৰত জলজল-পটপটকৈ দেখা গ’ল। প্রথমে ওচৰলৈ লাহে  লাহে আহি জীপখন শুঙিলে আৰু তাৰ পাছত ছল পাই ধীৰে ধীৰে আমাৰ ওচৰলৈ আহিল।

তাৰ পাছদিনা, (বোধকৰোঁ সাতাইছ ডিচেম্বৰ, ১৯৭৪) দিনৰ দহমান বজাত জংঘলৰ ভিতৰলৈ যাবলগীয়া আছিল। যোৱাৰ সময়ত যিমান মতা সত্ত্বে‍ও খইৰী আমাৰ লগত যাবলৈ অমান্তি হ’ল। অগত্যা তাইক এৰি থৈ গ’লোঁ। দিনৰ দুইমান বজাত উভতি আহি মই তাইক বিচাৰি ওলালোঁ, “খইৰী-খইৰী” বুলি ডাঙৰ ডাঙৰকৈ চিঞৰা সত্ত্বে‍ও তাই নুশুনিলে। চকুৰ সন্মুখত দীঘল দীঘল ঘাঁহ আৰু ফুটুকানি হাবি। ঠিক ওচৰৰ জোপোহা এটাৰ সিফালে বাঘে চোপ লৈ থাকিলেও জনাটো সম্ভৱ নহয়। মাতি মাতি বিৰক্ত হৈ উভতিছোঁ, হঠাৎ মোৰ ভৰিৰ ওচৰত কিবা এটা বস্তু লাগিল। দেখিলোঁ, মোৰ ভৰিত খইৰীয়ে থুঁতৰি ঘঁহিছে। যেন কৈছিল, “বাহ-বাহ! কেনে মজা! বিচাৰি বিচাৰি নাপালিতো।” মই বহি পৰি মোৰ দুয়োহাতেৰে তাইৰ গালত ধৰি কিছু সময় মৰম কৰি ৰ’লোঁ। তায়ো মোৰ সোঁহাতখন মুখৰ ভিতৰলৈ সুমুৱাই আদৰ কৰি আলসুৱাকৈ কামুৰিলে। তাৰ পাছত হঠাৎ তাইৰ সোঁহাতৰ মুঠিৰে মোৰ বাঁওগালত চৰ এটা মাৰি দি দৌৰি দৌৰি গেষ্ট হাউছৰ ফালে গুচি গ’ল। মাজে মাজে ৰৈ লৈ মোক মাতিলে তাইক খেদি গৈ ধৰিবলৈ। মই কি খইৰীক দৌৰি গৈ ধৰিব পাৰোঁ!

তাৰ পাছদিনা বাৰিপদালৈ উভতি আহিছোঁ। গোটেই বাটত বাঘ আৰু চিতাৰ অনেক পদচিহ্ন দেখি দেখি আহিছিলোঁ। গছৰ ওপৰত বহুত হলৌ আৰু মলুৱা বান্দৰে খেক্‌খেকাই উঠিছিল। হঠাৎ দেখিলোঁ, খইৰী জীপৰ পিছফালে নাই। জীপৰ কাপোৰ খুলি বাহিৰলৈ চাওঁতে দেখিলোঁ খইৰী পৰি আছে তলত, ৰাস্তাৰ ওপৰত। দেহত ৰঙা ধূলিৰ তৰপ এটা লাগিছে। আমি গৈ তাইক উঠাই অনাত সামান্য আশ্বস্ত হৈ ‘উহুঁ-উহুঁ’ কৰিলে। পৰি যোৱাৰ সময়ত আমি গম নোপোৱাৰ কাৰণ খইৰীক ঠাণ্ডাৰ পৰা বচাবলৈ আমি জীপৰ আগ ছীট আৰু পিছ ছীটৰ মাজত এখন শাৰী বান্ধি দিছিলোঁ।

বাৰিপদাৰ পৰা কটক, কটকৰ পৰা টাংগি। টাংগিত খইৰীক চাবলৈ বহুতো মানুহ জমা হ’ল। টাংগিৰ পৰা ভূৱনেশ্বৰ। ভূৱনেশ্বৰত যাৰ ঘৰত আছিলোঁ, তাত তেওঁলোকৰ কাপোৰবোৰ লৈ খইৰীয়ে বহু সময় খেলিলে।

সেইদিনা মোৰ এজন পুৰণা বন্ধু, যি বহুত দিনৰ পৰাই আমেৰিকাৰ নাগৰিক, তেওঁৰ মার্কিন পত্নী আৰু মার্কিন শাহুৱেকৰ লগত আহি ‘পান্থনিবাস’ (Odissa Tourism guest house)-ত আছিলহি৷ মোৰ ঘৰত মুক্তভাৱে‍ এজনী ঢেঁকীয়াপতীয়া বাঘিনী আছে বুলি শুনি তেওঁ মোক ফোন কৰি ক’লে যে, যদি খইৰীক পান্থনিবাসলৈ আনিব পৰা যায়, তেনেহ’লে তেওঁৰ পত্নী আৰু শাহুৱেকৰ বাবে এক ৰিয়েল এক্সপেৰিয়েঞ্চ্ হ’লহেঁতেন। সন্ধ্যা হোৱা নাছিল। মই খইৰীক লৈ পান্থনিবাসলৈ বুলি ওলালোঁ। মোৰ পিছে পিছে খইৰী। গোটেই ৰাস্তাত এজন এজনকৈ মানুহ জমা হৈ এটা ক্ষুদ্র জনতাৰ দলে খইৰীক অনুসৰণ কৰিছিল।

পান্থনিবাস গৈ পাই ওপৰ মহলালৈ গ’লোঁ। কোঠাৰ ভিতৰত মোৰ বন্ধুৰ মার্কিন শাহুৱেক মুখ ঘূৰাই খাটৰ ওপৰত শুই আছিল। খইৰীয়ে তলৰ পৰা একেটা জাঁপতে চিধা গৈ বহি পৰিল ভদ্রমহিলাৰ কম্বলৰ ওপৰত, যেনেকৈ মানুহে ঘোঁৰাৰ ওপৰত উঠে। কি আহি পৰিল বুলি ভদ্রমহিলাই মুখৰ ওপৰৰ কম্বল আঁতৰোৱাত তেওঁৰ মুখৰ পৰা মাত্র কেইইঞ্চিমান এৰি জীৱন্ত ৰয়েল বেংগল টাইগাৰৰ বিৰাট মুখ! ভদ্রমহিলা মার্কিন বুলি বাচি গ’ল, নহ’লে আমাৰ ওড়িয়া মহিলা হোৱা হ’লে নাড়ী বন্ধ হৈ গ’লহেঁতেন। তেওঁলোক সকলোৱে মিলি খইৰীৰ সংগ অত্যন্ত উপভোগ কৰিলে আৰু মই তেওঁলোকক এই সুযোগ দিয়াৰ বাবে মোক প্ৰচুৰ ধন্যবাদ দিলে।

পান্থনিবাসৰ ওপৰৰ মহলাৰ পৰা উভতি আহোঁতে কৌতূহলী হৈ তলত কি আছে চাবলৈ গৈ হঠাৎ খইৰী পৰি গ’ল তলৰ মহলাৰ সেই ঠাইত, যত এজনী সুন্দৰী ৰিচেপশ্যনিষ্ট্ প্রায়ে বহে। খইৰী পৰিলেগৈ ওচৰৰে কুশ্বন এটাৰ ওপৰত আৰু চকীৰ কাঠত লাগি দাঁতৰ আলুৰ পৰা ভালেখিনি তেজ ওলাল। কিন্তু মই দেখিলোঁ, খইৰী ওপৰৰ পৰা পৰাৰ সময়ত ৰিচেপ্‌শ্যনিষ্টৰ মুখৰ সমস্ত ৰক্ত যেন কোনোবাই মুহূৰ্তৰ ভিতৰতে শুহি নিছিল। ঘৰলৈ উভতি আহি ‘ইয়াওঁ ইয়াওঁ’-কৈ তাইৰ বাঘৰ ভাষাত তাইৰ মাকক এই দুর্ঘটনাৰ কথা অনেক সময় ধৰি বুজাইছিল খইৰীয়ে।

সেই সময়ত খইৰীৰ প্রায় ছমাহমান বয়স। তাইৰ বাবে খাহীৰ মাংস আনি থোৱা হৈছিল মিট্‌চেফত। খাহীৰ মাংস তাইৰ অতি প্রিয়। যিদিনা খাহী পোৱা নাযায়, সেইদিনা মাইকী ছাগলীৰ মাংস নাক কোঁচাই কোঁচাই বৰ অসন্তোষেৰে খায়। হঠাৎ দেখিলোঁ, খইৰীয়ে মাংসৰ টোপোলাৰ পৰা ডাঙৰ ঠেঙৰ টুকুৰা এটা উঠাই দাঁতেৰে ধৰিলে। মই খুব জোৰেৰে তাইক গালত এপাট চৰ শোধালোঁ। মাংসৰ টুকুৰাটো তাই তলত পেলাই দিলে। তাইৰ দাঁতৰ আলুৰ পৰা অলপ তেজ ওলাইছিল। সেই সম্পর্কে আমি বিশেষ ধ্যান দিয়া নাছিলোঁ, কাৰণ আমি ভাবিছিলোঁ, নিজে নিজেই ঠিক হৈ যাব। জন্তুবোৰক শাস্তি দিলে কঠোৰ শাস্তি দিয়া উচিত। তাকে নহ’লে সেই শাস্তি সিহঁতৰ মনতেই নাথাকে আৰু শাস্তি দিয়াৰ কোনো ফলো নিমিলে। পশুৰ ক্ষেত্ৰত এই কথা যিদৰে সত্য, মানুহৰ ক্ষেত্ৰতো সত্য।

যিকোনো মাংসহাৰী জন্তুৰ কোৱাৰিৰ কাষত দুটা জোঙা কুকুৰ দাঁত থাকে। কাৰণ সেয়া নহ’লে সিহঁতে হাড় চোবাই মাংস খাব নোৱাৰিব। কিন্তু প্রকৃত কুকুৰ দাঁত ওলোৱাৰ আগতে মানুহৰ শিশুৰ গাখীৰ-খোৱা দাঁতৰ দৰে সহায়ক কুকুৰ দাঁত (auxilary canine teeth) ওলাইছিল। প্রকৃত কুকুৰ দাঁত ওলাবলৈ বহু সময় লাগে। এই সহায়ক কুকুৰ দাঁত নোলোৱা হ’লে তাই মাকৰ গাখীৰ এৰাৰ পাছত মাংস খাব নোৱাৰিলেহেঁতেন। মই চৰ মৰাৰ ফলত খইৰীয়ে এটা সহায়ক কুকুৰ দাঁতত আঘাত পাইছিল। তাৰ কিছু দিনৰ পাছত, এদিন ভূৱনেশ্বৰ গেষ্ট হাউছত তাইক খাবলৈ দিয়াৰ সময়ত সেই দাঁতটো নিজে নিজেই সৰি পৰিল, যিদৰে মানুহৰ শিশুৰ গাখীৰ দাঁত সৰে।

আৰু কিছু দিনৰ পাছৰ ঘটনা। যচ্ছিপুৰ বঙলাত খইৰীৰ বাথৰুমলৈ গৈ শৌচ কৰাৰ (বঙলাৰ ভিতৰত থকাৰ সময়ত) একৰকম অভ্যাস হৈ গৈছিল। সেইদিনা কিবা কাৰণে অকস্মাৎ বাথৰুমৰ দুৱাৰ বন্ধ আছিল। খইৰী গৈ ড্রেছিং টেবুলৰ কাষত শৌচ কৰাৰ সময়ত তাইৰ মানৱী-মাতৃয়ে “নাই-নাই” বুলি জোৰেৰে চিএৰি মানা কৰিলে। হঠাৎ খইৰীয়ে হাঁওকৈ তাইৰ মাকৰ হাতটো কামুৰি দিলে। বেচ এটুকুৰা মাংস ওলমি পৰিল আৰু খইৰীৰ মুখত তেজ লগাত লগে লগেই বাথৰুমলৈ গুচি গ’ল। যাওঁতে বাটে বাটে গূ পৰি গৈছিল। বাথৰুমৰ পৰা ঘূৰি আহি তাই আগঠেং দুটা ইফালে-সিফালে হলাই আকুল হৈ ‘আঁও আওঁ’ কৰিবলৈ ধৰিলে, যেন তাই স্পষ্টকৈ ক’ব বিচাৰিছিল, “মোৰ ভুল হৈ গ’ল। মই ইচ্ছা কৰি দুখ পোৱাই দিয়া নাই।”

খইৰীৰ মাকে তাইৰ মুখৰ ওচৰলৈ হাতটো নি আঘাত পোৱা ঘাটুকুৰা দেখুৱালে। দাগটো দেখি তাই ধীৰে ধীৰে আঁতৰি গ’ল চৌহদৰ ভিতৰৰে আমজোপাৰ তললৈ, য’ত তাই প্রায়ে শুই থাকে। তাতেই তাই কেৱল শুয়েই থাকিল। খেলাধূলা, ঘূৰ-ঘূৰি, জঁপিওৱা-জঁপি— একো নাই। মই নি খাবলৈ দিয়াত তাই অনেক কষ্টৰে এটা সময়ত অলপমান খালে। দেখিলে ভাব হ’ব, অসতর্কভাৱে মাকক আঘাত কৰি তাই পূৰাপূৰি অনুতপ্ত। সেই সময়তে এঠাইলৈ যাবলগীয়া আছিল। গাড়ী বাহিৰ কৰিলোঁ। গাড়ীৰ ওচৰলৈ তাইৰ মানৱী মাতৃ অহা মাত্রকে দৌৰি আহি তেওঁৰ ভৰিত আঁকোৱালি ধৰি যাবলৈ মানা কৰিলে। অনেক বুজনি দিয়াৰ পাছত চিধা মুখ ঘূৰাই গুচি গ’ল পূব দিশৰ জংঘলৰ ফালে, এবাৰো মুখ ঘূৰাই নাচালে। সন্ধ্যাবেলা উভতি অহাৰ সময়ত খইৰীয়ে আমগছৰ তলৰ পৰা জাঁপ মাৰি আহি বাৰাণ্ডাত হাজিৰ। তাৰ পাছত ঘৰৰ দুৱাৰ খোলা মাত্রকে একে জাঁপেৰে খাটৰ ওচৰত হাজিৰ— তাইৰ পুৰণা শোৱাৰ ঠাই, যিটো তাই তিনি দিন ধৰি পোৱা নাছিল।

এই সময়ত এদিন ৱায়াৰলেছত খবৰ আহিল যে পালালহৰাৰ খমাৰ গাঁৱত এটা অদ্ভুত জন্তুৱে ত্রাসৰ সৃষ্টি কৰিছে। জন্তুটোৱে ছটা ল’ৰা-ছোৱালীক (পাঁচ-ছবছৰ বয়সৰ) এটাৰ পাছত এটাকৈ ইতিমধ্যে মাৰিছে। সেই ঠাইলৈ লগে লগেই যাবলগীয়া হ’ল। গাঁৱৰ শিশুৰ পৰা বয়স্কজনলৈকে সকলো বিতত অৱস্থাত আছিল। আতংকত সিহঁতবোৰ এক প্রকাৰ হিষ্ট্ৰিয়া ৰোগীৰ দৰে হৈ পৰিছিল। জন্তুটোক কোনোবাই কেনেবাকৈ দুই-এক লহমাৰ বাবে দেখিছে। দেখাবোৰে ক’লে, জানোৱাৰটোৰ মুখ ক’লা, গাটো বগা। কোনোবাই ক’লে, ‘নেপালী বাঘ’। কোনোবাই ক’লে, “নাই বাবু, তেৰা দেৱী। তেৰাক মৰা সম্ভৱ নহয়।”

এনেকুৱা আতংক যে, ঘৰে ঘৰে মানুহে পাল পাতি ৰাতি ৰাতি সাৰে থাকি পহৰা দিলেহে বাকী মানুহবোৰে শোৱে। এনেও হৈছে যে পুতেক উজাগৰে আছে, হঠাৎ চকা-মকা টোপনি আহি পুনৰ খক্‌মক্‌কৈ সাৰ পাই আধা টোপনিত বিৰ্‌বিৰাই ভুলতে টোকোনেৰে সেই অদৃশ্য নেপালী বাঘ বুলি বুঢ়া বাপেককে মাৰিছে! এজন স্কুল মাষ্টৰ আৰু তেওঁৰ স্ত্রী, দুয়োজনে গৈ সেইদৰে আধা ৰাতিৰ কেঁচা টোপনিত পৰিলেগৈ বাৰাণ্ডাৰ পিৰালিত আৰু স্ত্রীগৰাকীৰ ভৰি ভাগিল। আৰু এটা ঘটনা, মহিলা এগৰাকীয়ে কোলাৰ কেঁচুৱাটো লৈ শুইছিল। ৰাতি বেচ গভীৰ হৈ আহিছিল। হঠাৎ অসহ্য গুপগুপীয়া গৰমত গিৰীয়েকৰ টোপনি ভাগি গ’ল। টোপনি ভাগি যোৱাত গি‍ৰীয়েকে বতাহ আহক বুলি দুৱাৰডলিত বহি চৌকাঠত আঁউজি বহি সাৰে থাকি, অলপমান বতাহ গাত লগাত তেওঁৰ চকুৰ পতা জাপ খাই আহিছিল। হঠাৎ তেওঁৰ পত্নীয়ে চিৎকাৰ কৰি উঠিল “মোৰ পোনাটো মোৰ পোনাটো” বুলি। পাছত লেম জ্বলাই ঘৰে-ঘৰোৱাহে কেঁচুৱাটো বিচাৰি গ’ল। কিন্তু কেঁচুৱা আৰু পায় ক’ত! মানুহজনে কান্দি কান্দি আমাক এই কথা কৈছিল। আৰু কৈছিল, “মোৰনো সেইকণ সময়তে কি কালনিদ্ৰা আহিল জানো, দেৱীয়ে পোনাটি লৈ গ’ল।”

খইৰী মোৰ লগত গৈছিল সেই ঠাইলৈ। অসম্ভৱ গৰম, সেয়ে খইৰীয়ে প্রতিদিনে আমি থকা ঠাইৰ পৰা প্রায় আধা কিল’মিটাৰ ৰাস্তা যায় পুখুৰীত গা ধুবলৈ বুলি। সেইদিনা মই ইফালে-সিফালে ঘূৰি-ঘূৰি কৰি জন্তুৰ সন্ধান নাপাই উভতি আহিবলৈ ওলাইছোঁ। তেনে সময়তে খবৰ পালোঁ যে সেই জন্তুটোৱে আৰু এটা শিশুক লৈ যাবলৈ ধৰোঁতেই মানুহে মিলি খেদি দি শিশুটোক ডাক্তৰখানাত ভৰ্তি কৰিলে। মই ডাক্তৰখানালৈ গৈ দেখিলোঁ যে শিশুটোৰ ডিঙিত দাঁতৰ যি চিন বহিছে; তাৰ দুটা দাঁতৰ তফাৎ প্রায় চাৰি চে‍ণ্টিমিটাৰ। গতিকে মোৰ আৰু কোনো সন্দেহ নাথাকিল। সেই জন্তুটো আছিল হায়েনা, কাৰণ চিতাবাঘ হোৱা হ’লে দুই দাঁতৰ ক্ষতৰ দূৰত্ব আৰু বহুত কম হ’লহেঁতেন।

মই সেই কথা মানুহবোৰক কৈ থৈ আহিলোঁ যে তেওঁলোক সকলোৱে ভয় কৰি ঘৰৰ ভিতৰত থাকিলে নচলিব। জন্তুটো কোনো ‘নেপালী বাঘ’ বা ‘দেৱী’, ‘দেৱতা’ নহয়, গতিকে অমৰো নহয়। হুচিয়াৰ হৈ থাকিলে সেইটোক টোকোনেৰে কোবাই কোবাই মাৰি পেলোৱা সম্ভৱ।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ