অন্যযুগ/


অসমত উদ্যান শস্য খেতিৰ বাণিজ্যিক সম্ভাৱনীয়তা

ড॰ মনোৰঞ্জন নেওগ *

ড॰ সুদেষ্ণা বৰুৱা **

ড॰ সুকন্যা গগৈ ***


উদ্যান শস্য যেনে- ফল-মূল আৰু শাক-পাচলি উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত দ্বিতীয়৷ আমাৰ দেশত ফল-মূল আৰু শাক-পাচলিৰ জনমূৰি প্ৰাচুৰ্য যথাক্ৰমে ৪০ গ্ৰামৰ পৰা ১০০ গ্ৰামলৈ আৰু ৯০ গ্ৰামৰ পৰা ৩০০ গ্ৰামলৈ বৃদ্ধি পাইছে৷ উদ্যান শস্য উৎপাদনৰ জৰিয়তে ভাৰতবৰ্ষ বৰ্তমান সোণালী বিপ্লৱৰ দুৱাৰদলিত৷ অসমৰ উৰ্বৰ মাটি আৰু নাতিশীতোষ্ণ জলবায়ু বিভিন্ন ধৰণৰ উদ্যান শস্যৰ বাবে অতি উপযোগী৷ সেয়েহে অসমত বাৰ মাহে বিভিন্ন ধৰণৰ ফলমূল, শাক-পাচলি, ফুল, বাগিচা শস্য, মছলাজাতীয় শস্যৰ খেতি সহজে হোৱা দেখা যায়৷ এক কথাত কবলৈ গলে অসম জৈৱ বৈচিত্ৰ্যৰ এক সুন্দৰ উদ্যান৷ ফল-মূলকে ধৰি কেইবিধমান মুখ্য শস্যৰ উৎপত্তিস্থল অসমেই বুলি জনা যায়৷ ফল-মূলৰ ভিতৰত কল, আনাৰস, কাজি নেমু, কমলা টেঙা, তামোল, নাৰিকল, কঠাল, আম, অমিতা, লিচু, মধুৰী আদিয়েই প্ৰধান৷ ভাৰতত উৎপন্ন হোৱা প্ৰায় ৬০ বিধ শাক-পাচলিৰ আটাইকেইবিধেই বছৰৰ বিভিন্ন সময়ত অসমত কৰা হয়৷

শাক-পাচলি যেনেবিলাহী, বেঙেনা, ভেণ্ডি, ৰঙালাও, জাতিলাও, আলু, মিঠাআলু, শিমলু আলু, কচু, ভাতকেৰেলা, তিতাকেৰেলা, জিকা, কুন্দুলী, ভোল, দাংবডি, ফ্ৰেঞ্চবীন, মটৰ, কবি, গাজৰ, মূলা আদিৰ খেতি যথেষ্ট পৰিমাণে হয়৷ মছলাজাতীয় শস্যাৰ ভিতৰত জলকীয়া, জালুক, হালধি, আদা, ধনীয়া, জিৰা, কালজিৰা, চফ, মিঠিগুটি আদিৰ খেতি কৰিব পৰা যায়৷ অৰ্কিড, নাৰ্জি, ৰজনীগন্ধা, গ্লেডিঅলাচ, ইন্দ্ৰমালতী, এন্থুৰিয়াম আদি ফুলৰ খেতি বাণিজ্যিকভাৱে কৰাৰ যথেষ্ট সম্ভাৱনীয়তা আছে৷ ঠিক সেইদৰে অসমত নানবিধৰ থলুৱা ফল-মূল, যেনেলেটেকু, নিয়ল, আমলখি, শিলিখা, ভোমোৰা, জলফাই, কৰ্দৈ, থেৰেজু, মিৰিকা টেঙা আদিৰ লগতে থলুৱা শাক-পাচলি আৰু ঔষধি গছৰ পয়োভৰ মন কৰিবলগীয়া৷

মানৱ দেহত সুষম আহাৰ যোগানৰ এক মূল উপাদান হ ফল-মূল আৰু শাক-পাচলি৷ এই শস্যসমূহত শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰটিন, খাদ্যপ্ৰাণ, খনিজ লৱণ আদি প্ৰচুৰ পৰিমাণে থাকে৷ সেয়ে এইবোৰক পৰিপূৰক প্ৰতিৰক্ষী আহাৰ বোলে৷ ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদৰ মতে প্ৰতিজন ব্যক্তিয়ে দৈনিক ১০০ গ্ৰাম ফল-মূল আৰু ৩০০ গ্ৰাম শাক-পাচলি খাব লাগে৷ তদুপৰি, ফল-মূল আৰু শাক-পাচলিৰ যথেষ্ট ঔষধি গুণাগুণ আছে৷ এই শস্যসমূহত থকা ফাইটনিউট্ৰিয়েণ্ট-এ আমাৰ স্বাস্থ্যৰক্ষাত সহায় কৰে৷ মানুহৰ স্বাস্থ্যসেৱা অধিকাংশই আধুনিক ঔষধৰ জৰিয়তে হয় যদিও এছিয়া মহাদেশত এতিয়াও ৭ শতাংশৰো অধিক লোক বনৌষধৰ ওপৰতে নিৰ্ভৰশীল৷ ফল-মূল আৰু শাক-পাচলি কমকৈ গ্ৰহণ কৰাটো স্বাস্থ্যক্ষতিৰ যে অন্যতম কাৰক, সেই তথ্য বিভিন্ন প্ৰতিবেদনত প্ৰকাশ পাইছে৷ ফল-মূল, শা-পাচলি, মছলাজাতীয় শস্য আৰু ফুলৰ ব্যৱসায়িক গুণাগুণে উদ্যান শস্যৰ বাণিজ্যিকীকৰণত এক বিশেষ গুৰুত্ব বহন কৰি আহিছে৷

অসমত ৬.৬ লাখ হেক্টৰ মাটিত উদ্যান শস্যৰ খেতি কৰা হয় (NHB, ২০১৮)৷ ফল-মূলৰ খেতি ১.৪৭ লাখ হেক্টৰ আৰু শাক-পাচলিৰ খেতি ৩ লাখ হেক্টৰ মাটিত কৰা হয়৷ বাকীখিনি মাটিত ফুল, মছলাজাতীয় শস্য, বাগিচা শস্য, সুগন্ধি আৰু ঔষধি গছ/শস্য আদিৰ খেতি কৰা হয়৷ ফল-মূলৰ উৎপাদনৰ ক্ষেত্ৰত অসম এতিয়াও পিছ পৰি আছে৷ অসমত বাৰ্ষিক প্ৰয়োজন হোৱা ফল-মূলৰ পৰিমাণ হ৩৮.৮ লাখ মেট্ৰিক টন৷ তাৰ বিপৰীতে অসমৰ ফল-মূলৰ উৎপাদন হৈছে কেৱল ২৪.৪ লাখ মেট্ৰিক টন৷ প্ৰয়োজনতকৈ প্ৰায় ১৪.৪ লাখ মেট্ৰিক টন কম ফল-মূল অসমত উৎপাদন হয়৷ অৱশ্যে শাক-পাচলি উৎপাদনৰ ক্ষেত্ৰত আমাৰ প্ৰতিচ্ছবিখন উৎসাহজনক৷ শাক-পাচলিৰ বাৰ্ষিক প্ৰয়োজনৰ ৩৮.৮ লাখ মেট্ৰিক টনৰ বিপৰীতে অসমত ৫৪ লাখ মেট্ৰিক টন উৎপাদন হয়৷

ব্যৱসায়িক সম্ভাৱনীয়তা :

নাৰ্চাৰি উদ্যোগ

উদ্যান শস্যভিত্তিক নানাবিধ ব্যৱসায়িক প্ৰকল্পৰ ভিতৰত নাৰ্চাৰি অন্যতম৷ ঘৰত ৰুবৰ বাবেই হওক বৃহৎ পৰিসৰত এখন পাম আৰম্ভ কৰিবলৈকে হওক, প্ৰত্যেকেই আজিকালি ভাল সঁচৰ উন্নত মানৰ পুলিৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়ে৷ বিশেষকৈ বহুবৰ্ষী ফল-মূল গছৰ ক্ষেত্ৰত এই দিশটো বিশেষভাৱে লক্ষ্য কৰা যায়৷ গতিকে বিজ্ঞানসন্মতভাৱে প্ৰতিষ্ঠা কৰা আৰু উন্নত মানবিশিষ্ট পুলি যোগান ধৰিব পৰা এখন পুলিবাৰীৰ প্ৰতি আমি সকলোৱে আকৰ্ষিত হৈ পৰোঁ৷ এখন নাৰ্চাৰিৰ পৰা নিশ্চিত ব্যৱসায়িক সফলতা লাভ কৰিব পাৰি৷ তুলনামূলকভাৱে কম পৰিমাণৰ মাটিতে এখন নাৰ্চাৰি স্থাপন কৰিব পাৰি৷ নাৰ্চাৰিৰ প্ৰতি একক কৃষিভূমিৰ পৰা যথেষ্ট আয় হোৱা দেখা যায়৷ আপেক্ষিকভাৱে কম মূলধনেৰে এখন নাৰ্চাৰি আৰম্ভ কৰিব পাৰি৷ কৃষিকাল বা ঋতুৰ লগত সংগতি ৰাখি পুলি প্ৰস্তুত কৰাৰ আঁচনি গ্ৰহণ কৰিলে বছৰটোৰ প্ৰায় সকলো সময়তে ক্ৰেতা পাব পাৰি৷ এবিঘা মাটিত নাৰ্চাৰি স্থাপন কৰিলেও বছৰি ১.-,২ লাখ টকা উপাৰ্জন কৰিব পাৰি৷

মূল্য সংযোজিত দ্ৰব্য প্ৰস্তুতকৰণ উদ্যোগ :

মুখ্য ফল-মূলবোৰৰ উপৰি অসমত বছৰৰ বিভিন্ন সময়ত থলুৱা ফল-মূলো যথেষ্ট পৰিমাণে পোৱা যায়৷ এই ফল-মূলবোৰৰ পৰা সুস্বাদু জাম, জেলি, ফলৰ ৰস, স্কোৱাছ, আচাৰ আদি প্ৰস্তুত কৰিব পাৰি যাৰদ্বাৰা কৃষকসকলক অৰিহণা যোগাব পাৰি৷ এই প্ৰসঙ্গত কৰ্দৈৰ জেলি, মধুৰীৰ জাম, জলফাইৰ আচাৰ, বেলৰ ৰস আদিৰ কথা উল্লেখ কৰিব পাৰি৷

ঔষধ প্ৰস্তুতকৰণ উদ্যোগ :

থলুৱা ফল-মূল, শাক-পাচলি, ঔষধি গছবোৰত থকা ঔষধি গুণাগুণৰ বাবে এই শস্যসমূহৰ ওপৰত ভিত্তি কৰি ঔষধ প্ৰস্তুতকৰণ উদ্যোগ গঢ় লৈ উঠিব পাৰে৷ কাজিনেমু, জৰা নেমু আদি ফলত থকা লিমনিন নামৰ ৰসায়নিক পদাৰ্থৰ বাবে এই ফলৰ বীজানুনাশক, বিক্ৰিয়ানাশক আদি গুণ আছে৷ কুঁজি থেকেৰাত থকা হাইড্ৰক্সিচাইট্ৰিক এচিড (HCA) নামৰ ৰসায়নিক দ্ৰব্যবিধে মানৱ দেহৰ অতিৰিক্ত চৰ্বি কমোৱাত সহায় কৰে৷ এই শস্যবোৰৰ ওপৰত ভিত্তি কৰি আয়ুৰ্বেদিক ঔষধ প্ৰস্তুতকৰণ উদ্যোগ গঢ় লৈ উঠিব পাৰে৷

ব্যৱসায়িক ভিত্তিত ফুলৰ খেতি :

অসমত ফুল খেতি এতিয়া ঘৰুৱা সীমাৰ পৰা ওলাই আহি বাণিজ্যিকীকৰণৰ দিশত আগ বাঢ়িছে৷ নতুন প্ৰজন্মৰ কৃষকসকলে নিজকে প্ৰতিযোগিতামুখী কৰি তুলি বৈজ্ঞানিক ভিত্তিত ফুলৰ খেতি কৰি বজাৰত ফেৰ মাৰিব পৰাকৈ ফুলৰ বিভিন্ন সামগ্ৰী যেনে সতেজ ফুল, শুকান ফুল আদিৰ লগতে মূল্য সংযোজিত সামগ্ৰী প্ৰস্তুত কৰিছে৷ ক্ৰমবৰ্ধমান ফুলৰ বজাৰৰ চাহিদাৰ বাবে গুৱাহাটীৰ দাঁতি-কাষৰীয়া অঞ্চলত কিছুমান ফুলৰ হাব (গাঁও) গঢ় লৈ উঠিছে৷ এই ফুলৰ হাববোৰৰ উন্নয়নৰ বাবে একোটা সমূহীয়া স্থানত গ্ৰাহকৰ বাবে ফুলৰ এক আদর্শ আৰু আকৰ্ষণীয় পাইকাৰী বজাৰৰ লগতে শীতলকক্ষ আৰু বজাৰ সম্পৰ্কীয় তথ্যকেন্দ্ৰ স্থাপন কৰাটো খুবেই প্ৰয়োজন৷ এনে সুবিধাসমূহে ফলৰ উৎপাদকসকলক তোওঁলোকৰ সামগ্ৰী উচিত মূল্য লাভত সহায় কৰিব৷ তদুপৰি, অত্যাৱশ্যকীয় তেল উৎপাদনৰ ক্ষেত্ৰত ফুল আৰু সুগন্ধিযুক্ত শস্যৰ খেতি আৰু তেল নিষ্কাষণ উদ্যোগৰ যথেষ্ট সম্ভাৱনা আছে৷ এনে সম্ভাৱনাময় কেইবিধমান শস্য হৈছেৰজনীগন্ধা, পাটচাৱলী, লেমন গ্ৰাছ, চিত্ৰনলা, ভেটিভাৰ, সুগন্ধিমন্ত্ৰী আদি৷

বাৰী উন্নয়ন :

অসমত এতিয়াও প্ৰণালীবদ্ধভাৱে বাণিজ্যিকভিত্তিত উদ্যান শস্যৰ খেতি বহুলাংশে অসমৰ বাৰীবোৰতে সীমাবদ্ধ হৈ আছে৷ অসমত প্ৰায় ২৭ লাখ বাৰী আছে আৰু প্ৰায় ৫ লাখ হেক্টৰ মাটিৰে সামৰি লোৱা এই বাৰীবোৰে অসমৰ কৃষি অৰ্থনীতি ব্যৱস্থাত এক বিশেষ ভূমিকা পালন কৰি আহিছে৷ গৱেষণামূলক জৰীপৰ পৰা দেখা গৈছে যে একোখন বাৰীৰ গড় মাটিকালি হৈছে ১.৫ বিঘা৷ এই বাৰীখনৰ উৎপাদনে কৃষকজনৰ পৰিপুষ্টি যোগানৰ লগতে নিত্য ব্যৱহৃত সা-সামগ্ৰী ক্ৰয় বা দৈনন্দিন প্ৰয়োজনীয় যোগানত সহায় কৰে৷ এখন বাৰীৰ উৎপাদনৰ পৰা আমি কৃষি বাণিজ্যিকৰণৰ কথাটো ভাবিব নোৱাৰোঁ৷ এনে ধৰণৰ ৫০০/৬০০ বাৰী সামৰি যদি কৃষক উৎপাদনকাৰী সংস্থা (FPO) বা কৃষক উৎপাদন কোম্পানি (FPC) গঠন কৰা হয়, তেন্তে প্ৰাথমিক খাদ্য সংশোধন উদ্যোগ এটা গঢ়ি তুলিবলৈ প্ৰয়োজন হোৱা কেঁচা সামগ্ৰীখিনি উপলব্ধ হব আৰু এই ব্যৱস্থাই শস্য চপোৱাৰ পাছত হোৱা লোকচান কমাব আৰু কৃষকসকলক বাৰীখনৰ উন্নয়নত অধিক মনোনিৱেশ কৰিবলৈ উৎসাহিত কৰাৰ লগতে আৰ্থিক উন্নয়নত অৰিহণা যোগাব৷

উচ্চ মূল্যযুক্ত উদ্যান শস্যৰ খেতি :

উচ্চ মূল্যযুক্ত উদ্যান শস্যসমূহ হৈছেআদা, হালধি, জালুক, ভোট জলকীয়া, কেপচিকাম, ড্ৰেগন ফ্ৰুট, ষ্ট্ৰবেৰি, আপেল, বগৰী আদি৷ ড্ৰেগন ফ্ৰুট, আপেল বগৰী, ষ্ট্ৰবেৰি আদি ফলৰ খেতিয়ে কৃষকসকলৰ বিশেষকৈ গ্ৰাম্য যুৱচামৰ মাজত সমাদৰ লাভ কৰিছে৷ চাহখেতি অধ্যুষিত অঞ্চলসমূহত জালুকৰ খেতি ছাঁ গছৰ আশ্ৰয়ত বহুলভাৱে কৰিব পাৰি৷ কেঁচা আদা, হালধি, ভোট জলকীয়া আদিৰ মূল্য বজাৰৰ চাহিদাৰ ওপৰত নিৰ্ভৰশীল আৰু অস্থিৰ৷ তেনেক্ষেত্ৰত ৰাজহুৱা ব্যক্তিগত অংশীদাৰী পদ্ধতিৰে (PPP mode) উদ্যোগ স্থাপন, চুক্তিমূলক খেতি তথা বাইবেক পদ্ধতিৰ প্ৰচলনৰ দ্বাৰা মূল্য সংযোজন কৰি লাভালাভৰ হাৰ বৃদ্ধি কৰিব পৰা যায়৷

নৈপৰীয়া চৰ অঞ্চলত উদ্যান শস্যৰ খেতি :

সমৰ প্ৰায় ৩.৫ লাখ হেক্টৰ মাটি সামৰি থকা চৰ-চাপৰিৰ অঞ্চলবোৰত উদ্যান শস্য -  বিশেষকৈ শাক-পাচলিৰ খেতি প্ৰচুৰ পৰিমাণে হয়৷ এই অঞ্চলবোৰত কৰা শাক-পাচলিৰ বাবেই অসমত শাক-পাচলিৰ ৰাহি উৎপাদন সম্ভৱপৰ হৈছে৷ কিন্তু এই অঞ্চলবোৰৰ কৃষকসকলে উৎপাদন বঢ়াবৰ বাবে কৰা অত্যধিক ৰসায়নিক সাৰ, দৰৱ আদিৰ ব্যৱহাৰ মানুহ, জীৱ-জন্তুৰ স্বাস্থ্য আৰু পৰিৱেশৰ বাবে ক্ষতিকাৰক হৈ পৰিছে৷ সেয়েহে এই অঞ্চলসমূহৰ কৃষকক সু-কৃষিপ্ৰণালীৰ বিষয়ে প্ৰশিক্ষণ, প্ৰদৰ্শৰ দ্বাৰা আকৃষ্ট কৰিলে কৃষকসকলো আৰ্থিকভাৱে উপকৃত হব আৰু ৰাজ্যখনৰ জনসাধাৰণৰ বাবে স্বাস্থ্যসন্মত শাক-পাচলিও সুলভ হব৷

বিশেষ উদ্যান শস্যৰ (Speciality Harticulture) খেতি :

কৃষি বাণিজ্যিকীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক বিশেষ পদক্ষেপ লৈছে– ‘এক জিলা এক সামগ্ৰী’ (One District One Product) ৷ এই আঁচনিৰ মূখ্য উদ্দেশ্য হৈছেসমূহীয়া ভিত্তিত (Cluster approach) বিশেষ শস্যৰ খেতি কৰি উৎপাদিত সামগ্ৰীৰ ৰপ্তানি ত্বৰান্বিত কৰা৷ এই আঁচনিৰ সফল ৰূপায়ন হলে জিলাসমূহত সমূহীয়া আন্তঃগাঁথনি বা সা-সুবিধাৰ সৃষ্টি হব আৰু কৃষকসকলৰ আয় বৃদ্ধি পাব৷

অসমৰ প্ৰত্যেকখন জিলাতে স্বকীয় বৈশিষ্ট্য/ বিশেষত্ব থকা উদ্যান শস্য আছে৷ যেনে তিনিচুকীয়াৰ সুমথিৰা টেঙা, কাৰ্বি আংলঙৰ আদা, তেজপুৰৰ লিচু, গোৱালপাৰাৰ কল আদি৷ কাৰ্বি আংলং জিলাত যথেষ্ট পৰিমাণে আদা উৎপন্ন হয় আৰু আদা যদি বিশেষ শস্য হয় তেন্তে আদাৰ ওপৰত ভিত্তি কৰি খাদ্য সংশোধন উদ্যোগ গঢ়ি তোলাৰ সম্ভাৱনা আছে আৰু লগতে চুবুৰীয়া জিলা/ৰাজ্যবোৰলৈ এই জিলাৰ পৰাই উৎপাদিত আদা আৰু ৰোপণ সামগ্ৰী যোগান ধৰিবও পৰা যাব৷ এনে ধৰণৰ পদক্ষেপে অনাগত দিনত উক্ত জিলাখনক ‘আদা ৰপ্তানি কেন্দ্ৰ’ (Export Zone) হিচাপে গঢ়ি তোলাত সহায় কৰিব৷

কৃষিজাত সামগ্ৰীৰ ৰপ্তানি :

দেশৰ কৃষিভিত্তিক আয় বৃদ্ধিৰ আন এক উৎস হ’ল কৃষিজাত সামগ্ৰীৰ ৰপ্তানি৷ তাৰ বাবে উচ্চমানৰ পণ্য সামগ্ৰীৰ  উৎপাদন, মূল্য সংযোজন আৰু শক্তিশালী ব্ৰেণ্ডিং ব্যৱস্থাৰ লগতে ৰপ্তানিযোগ্য সামগ্ৰীৰ উৎপাদন কৰিব লাগিব৷ কেইবিধমান উদ্যান শস্যৰ সামগ্ৰীহে যেনে- আলু, পিঁয়াজ, শাক-পাচলি, অমিতা, আনাৰস, মচলাৰ গুড়ি, আদা, অলিঅ’ৰেচিন তেল আদি কম পৰিসৰত অসমৰ পৰা ৰপ্তানি হয়৷ থলুৱা ফল-মূল, ঔষধি উদ্ভিদ, অত্যাৱশ্যকীয় তেল, মচলাযুক্ত সামগ্ৰী, নাৰিকলৰ আঁহ/ৰছী আদি সামগ্ৰীৰো ৰপ্তানিৰ বিপুল সম্ভাৱনা আছে৷ APEDA–ৰ তথ্য অনুসৰি ২০২১ বৰ্ষত অসমৰ পৰা পোন প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষভাৱে প্ৰায় ৪০ টন কাজিনেমু লণ্ডনৰ বজাৰলৈ ৰপ্তানি কৰা হৈছে৷ ২০২১ চনৰ জুন মাহত দৰং জিলাৰ পৰা পোনপ্ৰথম বাৰৰ বাবে ডুবাই বজাৰলৈ ৰপ্তানি কৰা হৈছে লেটেকু৷ ইয়াৰ পূৰ্বে ২০২০ চনৰ এপ্ৰিল-মে মাহত ১৮২ টন ৰঙালাও ডুবাইলৈ ৰপ্তানি কৰা হৈছিল৷ নিৰ্ভৰযোগ্য সূত্ৰৰ মতে ক’ভিড অতিমাৰীৰ সময়ছোৱাত অসমৰ পৰা বিভিন্ন দেশলৈ হোৱা ৰপ্তানিৰ পৰিমাণ ক্ৰমশঃ বৃদ্ধি পাইছে আৰু যোৱা ২০২০-২১ বৰ্ষত প্ৰায় ৬৩.৫৩ কোটি টকাৰ ১৫২৭৩ টন কৃষিজাত সামগ্ৰী অসমৰ পৰা ৰপ্তানি হৈছে৷ ২০১৮-১৯ বৰ্ষত ৰপ্তানি কৰা সামগ্ৰীৰ মূল্য আছিল ৩৭.৪৬ কোটি টকা আৰু ইয়াৰে ২৬.৬৯ কোটি টকা মূল্য আছিল কেৱল ৰপ্তানি হোৱা ফল-মূল আৰু শাক-পাচলিৰ৷ অসমত উদ্যান শস্যৰ জৰিয়তে ৰপ্তানি বৃদ্ধিৰ প্ৰচুৰ সম্ভাৱনা আছে৷

নগৰীয়া কৃষি (Urban Agriculture) : 

উদ্যান শস্যত নগৰীয়া কৃষি এক নতুন সংযোজন৷ ‘ৰূফ টপ গাৰ্ডেনিঙে’ ইতিমধ্যে নগৰ অঞ্চলত সমাদৰ লাভ কৰিছে৷ নগৰ অঞ্চলত উপলব্ধ স্থানসমূহত কৃষিকাৰ্য কৰি সতেজ ফল-মূল, শাক-পাচলি লাভ কৰাৰ লগতে ফুলৰ খেতি কৰিব পাৰি৷ এনে খেতিয়ে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰা, প্ৰাকৃতিক শোভাবৰ্ধন কৰা আৰু জৈৱিক সামগ্ৰীৰ পুনৰ ব্যৱহাৰতো অৰিহণা যোগাব পাৰে৷ শেহতীয়াকৈ NASA-ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ঘৰৰ ভিতৰত ৰোৱা (Indoor Plants) শোভাবৰ্ধক গছ, যেনে- এলভেৰা, এৰেকা, ফাইকুলা, আইভি, তুলসী, স্নেক প্লেন্ট আদিয়ে বায়ুমণ্ডলত অক্সিজেন বৃদ্ধি কৰে৷ ঘৰৰ লগত সংলগ্ন ঠাইত, ঘাইপথৰ কাষে কাষে বা বিভাজকত, ছাদৰ ওপৰত, মুকলি এলেকাত সঠিক পৰিকল্পনাৰে নগৰীয়া কৃষি কৰিব পাৰি৷

দক্ষতা বিকাশ : 

উদ্যান শস্যত উদ্যোগীকৰণৰ বাবে যুৱ কৃষকসকলক সুসংগঠিত কৰি দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়াটো খুবেই প্ৰয়োজনীয়৷ নৱ প্ৰজন্মৰ কৃষক, গাঁও পৰ্যায়ৰ শ্ৰমিক, মহিলা খেতিয়ক আদিৰ দক্ষতা বিকাশৰ বাবে পঞ্চায়ত পৰ্যায়ত কৃষি দক্ষতা বিকাশ কেন্দ্ৰ স্থাপনৰ যথেষ্ট সম্ভাৱনা আছে৷ ইয়াৰ বাদেও কৃষি ব্যৱসায়ত উৎসাহিত কৰিবলৈ উদ্যানশস্যৰ ব্যৱসায়িক সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰসমূহত চাৰ্টিফিকেট বা ডিপ্ল’মা পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিব পাৰি৷

উদ্যান শস্য সেনানী গোট : 

উদ্যান শস্যৰ বাণিজ্যিক দিশটো অধিক ত্বৰান্বিত কৰিবলৈ উদ্যান সেনানী গোট স্থাপন কৰিব পাৰি৷ উদ্যান শস্যৰ খেতিত বিশেষ কিছুমান কাৰ্য, যেনে- বৃহৎ পৰিসৰত কীটনাশক ঔষধ প্ৰয়োগ, সাৰ প্ৰয়োগ, কাটিং, গ্ৰাফ্‌টিং, বাডিং, প্ৰাথমিক মূল্য সংযোজন আদিৰ বাবে একোটা উদ্যান সেনানী গোট (Host Army) গঢ়ি তুলিব পাৰি, যাৰ দ্বাৰা কৃষকসকলে তাৎক্ষণিকভাৱে এনে ধৰণৰ উদ্যান শস্যৰ সেৱা লাভ কৰিব পাৰিব৷

সমগ্ৰ বিশ্বতে উদ্যান শস্যৰ বাণিজ্যিক গুৰুত্ব ক্ৰমান্বয়ে বৃদ্ধি পাইছে, কিয়নো পৌষ্টিক আৰু সামাজিক গুৰুত্বৰ উপৰি এই শস্যই দেশৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ অৱদান আগ বঢ়ায়৷ উদ্যান শস্যভিত্তিক উদ্যোগৰ বিকাশৰ ওপৰতে নিবনুৱা সমস্যাৰ সমাধানো কিছু পৰিমাণে নিৰ্ভৰ কৰে৷ প্ৰখ্যাত কৃষি বিজ্ঞানী ড॰ স্বামীনাথনে কৈছে যে উদ্যান শস্যই স্বাস্থ্য আৰু জীৱিকাৰ সুৰক্ষা দিয়াৰ উপৰি উদ্যোগ স্থাপনৰ জৰিয়তে নিবনুৱা সমস্যা সমাধানত অৰিহণা যোগাব পাৰে৷ উদ্যান শস্যৰ বহু বৈচিত্ৰ্যৰ সদ্‌ব্যৱহাৰ, উপলব্ধ সম্পদৰ উপযোগী প্ৰয়োগ, সঠিক পৰিকল্পনা; বাণিজ্যিকীকৰণ আৰু শিল্পায়নৰ যোগেদি অসমে দক্ষিণ-পূব এছিয়াৰ উদীয়মান বজাৰত প্ৰৱেশ কৰাৰ অপাৰ সম্ভাৱনা আছে।

---------------------------

* সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট,

** বিষয়বস্তু বিশেষজ্ঞা, কৃষিবিজ্ঞান কেন্দ্ৰ, ডিব্ৰুগড়

*** বিষয়বস্তু বিশেষজ্ঞা, কৃষিবিজ্ঞান কেন্দ্ৰ, মৰিগাঁও

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ