অন্যযুগ/


অসমত উচ্চ শিক্ষাৰ সা-সুবিধা

° বুলজিৎ  বুঢ়াগোহাঁই

         দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো বিভিন্ন বিষয়ত উচ্চ শিক্ষা গ্রহণ কৰিবৰ বাবে  সা-সুবিধা আছে। কিন্তু  সেই সম্পৰ্কে বহুতো শিক্ষাৰ্থী জ্ঞাত নহয়। ভাৰতৰ উচ্চ শিক্ষা প্ৰণালী হৈছে বিশ্বৰ তৃতীয় সৰ্ববৃহৎ, যাৰ ৯০০ খনতকৈও অধিক বিশ্ববিদ্যালয়  আছে । ভাৰতত  পিএইছ. ডি.  উপাধি‍ প্ৰদান কৰা  বিভিন্ন প্ৰকাৰৰ বিশ্ববিদ্যালয়ৰ আছে। ভাৰতত ৫০ খনতকৈ  অধিক কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ৪০০ খনতকৈ   অধিক ৰাজ্যিক বিশ্ববিদ্যালয় , ৩৫০ খনতকৈ অধিক ব্যক্তিগত বিশ্ববিদ্যালয়, ১০০ খনতকৈ  ডীম বিশ্ববিদ্যালয় আৰু  ১০০ খনতকৈ ৰাষ্ট্ৰীয় গুৰুত্ব শিক্ষা প্ৰতিষ্ঠান আছে। ভাৰতৰ বিশ্ববিদ্যালয়সমূহ ‘বিশ্ববিদ্যালয় অনুদান আয়োগ’ (https://www.ugc.ac.in)-ৰ দ্বাৰা নিৰীক্ষণ কৰা হয়। অসমত উচ্চ শিক্ষা গ্রহণ কৰিব পৰা  কেইখনমান  শিক্ষানুষ্ঠান হ’ল— গুৱাহাটী বিশ্ববিদ্যালয় (http://www.gauhati.ac.in), ডিব্ৰুগড় বিশ্ববিদ্যালয় (https://dibru.ac.in),  কটন বিশ্ববিদ্যালয় (https://cottonuniversity.ac.in), তেজপুৰ বিশ্ববিদ্যালয় (http://www.tezu.ernet.in), অসম বিশ্ববিদ্যালয় (http://www.aus.ac.in),  বড়োলেণ্ড বিশ্ববিদ্যালয় (http://www.bodolanduniversity.ac.in), অসম কৃষি বিশ্ববিদ্যালয় (http://www.aau.ac.in),  অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় (https://astu.ac.in),  শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় (http://ssuhs.in), ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান, গুৱাহাটী (https://www.iitg.ac.in), ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী (http://iiitg.ac.in), অসম মহিলা বিশ্ববিদ্যালয় (https://awu.ac.in), অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয় (http://argucom.org.in), জাতীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমি‍, অসম (http://www.nluassam.ac.in),  কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (http://www.kkhsou.in), কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় (http://www.kbvsasun.ac.in), ভট্টদেৱ বিশ্ববিদ্যালয় (http://www.bhattadevuniversity.ac.in), মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় (https://muoc.ac.in), মাধৱদেৱ বিশ্ববিদ্যালয় (https://www.madhabdevuniversity.org.in), শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় (https://www.sasu.ac.in), ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় (http://www.rtuassam.ac.in), অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় (https://www.dbuniversity.ac.in), অসম ডাউন টাউন বিশ্ববিদ্যালয় (https://adtu.in), কাজিৰঙা বিশ্ববিদ্যালয় (https://kazirangauniversity.in), ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় (https://rgu.ac), মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় (https://mssv.ac.in), কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় (http://www.kav.org.in), লক্ষ্মীবাই নেচনেল ইনষ্টিটিউট অৱ ফিজিকেল এডুকেছন, গুৱাহাটী (http://www.lnipe.edu.in), উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, যোৰহাট (https://www.neist.res.in), আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ, ডিব্ৰুগড় (https://rmrcne.org.in), প্লাজমা পদাৰ্থ বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী (http://www.cppipr.res.in), বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উচ্চ অধ্যয়ন প্ৰতিষ্ঠান, গুৱাহাটী (https://iasst.gov.in), লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান, তেজপুৰ (https://www.lgbrimh.gov.in), উত্তৰ-পূব আঞ্চলিক পানী আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠান, তেজপুৰ (http://neriwalm.gov.in), কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, কোকৰাঝাৰ (https://www.cit.ac.in), ভাৰতীয় পৰিসংখ্যা বিজ্ঞান প্ৰতিষ্ঠান (http://www.isine.ac.in), সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটী, ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান, যোৰহাট (http://www.nidj.ac.in) আদি। এই শিক্ষানুষ্ঠানসমূহ বা শিক্ষানুষ্ঠানসমূহৰ অধীনৰ মহাবিদ্যালয়সমূহত বিজ্ঞান, কলা, বাণিজ্য তথা বৃত্তিমুখী বিষয়ৰ উচ্চ শিক্ষা গ্রহণ কৰাৰ বাবে সুবিধা আছে। এই শিক্ষানুষ্ঠানবোৰত বিভিন্ন পাঠ্যক্রমত নামভৰ্তিৰ বাবে প্রয়োজন হোৱা শিক্ষাগত অৰ্হতা শিক্ষানুষ্ঠান তথা  পাঠ্যক্রম অনুযায়ী বিভিন্ন হয়। সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে।

 কোনো মহাবিদ্যালয়/ বিশ্ববিদ্যালয়ত নামভর্তি কৰাৰ পূর্বে শিক্ষানুষ্ঠানসমূহৰ বৈধতা/ ডিগ্রীৰ মর্যাদা/ব্যৱস্থা/স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ সবিশেষ তথ্য বিভিন্ন শিক্ষা বিষয়ক পৰিষদ/ সংস্থা আদিৰ ৱেবছাইটৰ পৰা লাভ কৰিব পাৰি। যেনে— শিক্ষা  মন্ত্র্যালয় (https://education.gov.in),  বিশ্ববিদ্যালয়  অনুদান আয়োগ (https://www.ugc.ac.in), ৰাষ্ট্রীয় চিকিৎসা আয়োগ  (https://www.nmc.org.in), ৰাষ্ট্রীয় মূল্যাঙ্কন আৰু স্বীকৃতি পৰিষদ (http://www.naac.gov.in), নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ (https://www.aicte-india.org), ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা (http://www.aiu.ac.in), দূৰ শিক্ষা পৰিষদ (https://www.ugc.ac.in/deb/),  ভাৰতীয় নাৰ্ছিং পৰিষদ (http://www.indiannursingcouncil.org), আৰ্কিটেকচাৰ পৰিষদ (https://www.coa.gov.in), ভাৰতীয় বাৰ পৰিষদ (http://www.barcouncilofindia.org), ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ (https://ncte.gov.in), ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (https://scert.assam.gov.in) আদি। 

শিক্ষানুষ্ঠানসমূহ এই পৰিষদ বা সংস্থাবোৰৰ স্বীকৃতিপ্রাপ্ত হোৱাৰ উপৰি যি বিভাগত অধ্যয়ন কৰিব বিচাৰে, সেই বিভাগটিও স্বীকৃতিপ্রাপ্ত হ’ব লাগিব। সেইদৰে শিক্ষানুষ্ঠানখনৰ শিক্ষণ ব্যৱস্থা, উত্তীৰ্ণৰ হাৰ, নামভৰ্ত্তিৰ প্রক্রিয়া, পুথিভঁৰাল,  ইণ্টাৰনেট সেৱা, থকাৰ সা-সুবিধা, আৰ্থিক সাহায্য লাভৰ সুবিধা আছে নে নাই  তথা বিভিন্ন  মাচুলৰ পৰিমাণৰ বিষয়েও জানি লোৱা উচিত। ইয়াৰ উপৰি জানিবলগীয়া আন দিশবোৰৰ কিছুমান হ’ল— শিক্ষানুষ্ঠানখন চৰকাৰী নে বেচৰকাৰী আৰু সুৰক্ষিত স্থানত অৱস্থিত হয় নে নহয়, শিক্ষানুষ্ঠানখনৰ আকাৰ কেনেকুৱা অৰ্থাৎ ছাত্র আৰু শিক্ষকৰ অনুপাত কিমান, ঘৰৰ পৰা শিক্ষানুষ্ঠানখনৰ দূৰত্ব, কেম্পাছ ইণ্টাৰভিউ হয় নে নহয়, খেলা-ধূলাকে আদি কৰি অন্যান্য extra-curricular activities কৰিবৰ বাবে সুবিধা আছে নে নাই ইত্যাদি। লগতে প্রাক্তন শিক্ষাৰ্থীৰ সংগঠন (Alumni Network) কিমান শক্তিশালী সেই বিষয়েও জানি লোৱাটো উচিত; যিহেতু এই সংগঠন শক্তিশালী হ’লে শিক্ষাৰ্থীসকলৰ চাকৰি লাভ কৰাটো অধিক সুবিধা হয়।

উচ্চশিক্ষিত লোকৰ প্ৰয়োজন আছে, যিয়ে আমাৰ ৰাজ্য তথা দেশখনক বিভিন্ন  দিশত আগুৱাই নিয়াত সহায় কৰিব পাৰে। উচ্চ শিক্ষাৰ বাবে পাঠ্যক্ৰম বাছনি কৰোঁতে কিছুমান কথা  মনত ৰাখিব লাগে। যেনে— পাঠ্যক্ৰমটো বাছনি কৰাৰ কাৰণ, পাঠ্যক্ৰমটোৰ বিষয়ে শিক্ষাৰ্থীগৰাকীয়ে কিমান জানে আৰু ইয়াৰ  প্ৰয়োজনীয়তা কি, পাঠ্যক্ৰমটোৰ পৰা সৃষ্টি হোৱা কেৰিয়াৰৰ সুযোগ কি কি আছে, পাঠ্যক্ৰমটোত শিক্ষা গ্রহণ কৰা লোকসকলৰ সৈতে কথা পতা উচিত আদি।


° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা   তথা
সহকাৰী অধ্যাপক,যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়
ভ্ৰাম্যভাষ: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
ৱেবছাইট: www.buljit.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ