অন্যযুগ/


অসমত ৰেচম পৰ্যটন : এক সম্ভাৱনা

° মৃদুল চন্দ্ৰ শৰ্মা




পৰ্যটন হৈছে মনোৰঞ্জন, অৱসৰ বিনোদন, ধৰ্মীয়, পাৰিবাৰিক বা ব্যৱসায়িক উদ্দেশ্যৰ বাবে সাধাৰণতে সীমিত সময়ৰ বাবে কৰা ভ্ৰমণপৰ্যটন সাধাৰণতে আন্তৰ্জাতিক ভ্ৰমণৰ সৈতে সম্পৰ্কিত যদিও একেখন দেশৰ ভিতৰত আন এখন ঠাইলৈ ভ্ৰমণো ইয়াৰ অন্তৰ্গতপৰ্যটন বহুতো দেশৰ বাবে উপাৰ্জনৰ এক গুৰুত্বপূৰ্ণ উৎস১৯৮০ চনৰ বিশ্ব পৰ্যটনৰ ওপৰত মেনিলা ঘোষণাপত্ৰত পৰ্যটনক গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় সমাজৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ ৰখাৰ বাবে ৰাষ্ট্ৰসমূহৰ জীৱনৰ বাবে এক অত্যাৱশ্যকীয় কাৰ্যকলাপহিচাপে স্বীকৃতি দিয়া হৈছিল

পৰ্যটন বিভিন্ন প্ৰকাৰৰ যেনে, দুঃসাহসিক পৰ্যটন, বন্যপ্ৰাণী পৰ্যটন, তীৰ্থযাত্ৰা পৰ্যটন, পৰিৱেশ পৰ্যটন, সাংস্কৃতিক পৰ্যটন, ব্যৱসায়িক পৰ্যটন, শৈক্ষিক পৰ্যটন, ঐতিহ্য পৰ্যটন আৰু বহুতো। 

ভাৰতত পৰ্যটনৰ অৰ্থনৈতিক‌ দিশ :

পৰ্যটন খণ্ডৰ পৰা ভাৰতে বহু পৰিমাণে বৈদেশিক মুদ্ৰা উপাৰ্জন অৰ্জন কৰেবিশ্বভ্ৰমণ আৰু পৰ্যটপৰিষদে গণনা কৰিছিল যে, পৰ্যটনে ২০১৮ চনত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)- ১৬.৯১ লাখ কোটি টকা বা ৯.২ শতাংশ আৰু ৪২.৬৭৩ নিযুত চাকৰিৰ সৃষ্টি কৰিছিলএই নিযুক্তি মুঠ নিযুক্তিৰ ৮.১ শতাংশ২০২৮ চনৰ ভিতৰত এই খণ্ডটো বাৰ্ষিক ৬.% হাৰত বৃদ্ধি হৈ ৩২.০৫ লাখ কোটি টকা (৪৫০ বিলিয়ন আমেৰিকান ডলাৰ) ব বুলি ভৱিষ্যতবাণী কৰা হৈছে (জিডিপিৰ ৯.%)




পিছে বৰ্তমান ’ভি-১৯ অতিমাৰীয়ে সমগ্ৰ বিশ্বৰ লগতে ভাৰত তথা অসমৰ পৰ্যটন উদ্যোগৰ বাবে এক ডাঙৰ আঘাত হানিছেপৰ্যটনৰ ক্ষেত্ৰত দেখা গৈছে যে, বন্যজীৱনৰ পৰা ঐতিহ্য আৰু সংস্কৃতিলৈকে অসমত পৰ্যটন উদ্যোগৰ অনেক সম্ভাৱনা আছেকিন্তু এইটো দুৰ্ভাগ্যজনক যে, বহুতো সম্ভাৱনা থকা সত্ত্বে‍ও পৰ্যটন উদ্যোগত অসম এতিয়াও পিছ পৰি আছেঅসম পৰ্যন বিভাগে তাৰকাযুক্ত হিন্দী কথাছবিৰ অভিনেত্ৰী প্ৰিয়ঙ্কা চোপ্ৰাক ব্ৰেণ্ড এম্বেছাদৰ মনোনীত কৰি এই ক্ষেত্ৰত উন্নতি কৰিবলৈ প্ৰয়াস কৰিছেপৰ্যটন ক্ষেত্ৰত ভাৰতৰ শীৰ্ষস্থানৰ ৰাজ্য হৈছে মহাৰাষ্ট্ৰ, তামিলনাডু, দিল্লী, উত্তৰপ্ৰদেশ, ৰাজস্থান, পশ্চিমবংগ, বিহাৰ, কেৰালা, কৰ্ণাটক আৰু হিমাচল প্ৰদেশ

পৰ্যটন ক্ষেত্ৰত ৰেচমৰ সম্ভাৱনা :

উত্তৰ-পূব ভাৰত জৈৱবৈচিত্ৰ্য আৰু বিভিন্ন কীট-পতংগ, জীৱ-জন্তু আৰু নানা প্ৰকাৰৰ উদ্ভিদৰ বাবে প্ৰাকৃতিকভাৱে সমৃদ্ধিশালীউত্তৰ-পূব ভাৰতৰ উপক্ৰান্তীয় পৰিৱেশে অঞ্চলটোক বিভিন্ন ধৰণৰ সূতা উৎপাদনকাৰী ৰেচম কীট-পতংগ আৰু ইয়াৰ নানা খাদ্যবৃক্ষৰ বাবে  প্ৰাকৃতিকভাৱেই চহকী কৰি তুলিছেমুগা এই অঞ্চলৰ বাবে একক আৰু অনন্য সম্পদইয়াৰ উপৰি মুগা আৰু এৰী শিল্প দুয়োটা উপলব্ধ হোৱা কাৰণে এই অঞ্চল  গৌৰৱান্বিতএৰী ভাৰতৰ জনপ্ৰিয় সৰ্বাধিক উৎপাদনকাৰী বন্য ৰেচম অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু ইয়াৰ কাষৰীয়া সীমামূৰীয়া পাহাৰবোৰ এৰী পলুৰ উৎপত্তিস্থল বুলি বিশ্বাস কৰা হয়এইটো সত্য যে, ৰেচম পৰ্যটন উদ্যোগে ৰাজ্যৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰেমুগা আৰু এৰী শিল্পৰ স্বকীয়তাৰ বাবে এই দুই ক্ষেত্ৰক পৰ্যটনৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰাৰ যথেষ্ট সম্ভাৱনা আছেসম্ভাৱ্য পৰ্যটনক্ষেত্ৰত কাজিৰঙা অঞ্চলত অৱস্থিত বাগৰি, ওদালগুৰি, মাজুলী, ডিফু, গোগামুখ আদিৰ দৰে সম্ভাব্য পৰ্যটনক্ষেত্ৰত ৰেচম প্ৰযুক্তি উদ্যান  স্থাপন কৰি এই উদ্যোগক আগবঢ়াই নিব পাৰি ইতিমধ্যে মেঘালয় আৰু বি.টি.চি.-ৰ কোকৰাঝাৰ অঞ্চলত এনে ধৰণৰ অনুষ্ঠান স্থাপন কৰা হৈছেকেৱল ৰেচম পলুপালকৰ দ্বাৰা পৰ্যটকক আকৰ্ষিত কৰিবলৈ পৰ্যাপ্ত নহব পাৰেএই কাৰণে, এনে ধৰণৰ উদ্যানে এৰী আৰু মুগা দুয়োটা শিল্পৰ প্ৰদৰ্শনীস্থল হিচাপে কাম কৰিব পাৰেলক্ষণীয় কথা এয়ে যে, প্ৰাকখোলাৰ পৰা পশ্চাৎখোলা স্তৰৰ  মুগা আৰু এৰী শিল্পৰ প্ৰতিটো স্তৰতে যথেষ্ট স্বকীয়তা আছে আৰু এই দুয়োটা স্তৰে সকলো স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকক আকৰ্ষিত কৰিব পাৰেএৰী আৰু মুগা শিল্পৰ বিভিন্ন পদক্ষেপ যেনে বৃক্ষৰোপণ, পলুপালন, প্ৰতিপালন, সূতাকটা (ৰিলিং আৰু স্পিনিং), বয়ন আৰু লেটা-খাদ্যসহ বৈচিত্ৰ্যপূৰ্ণ সামগ্ৰী এনে কেন্দ্ৰৰ আকৰ্ষণ বিন্দু হব পাৰেপৰম্পৰাৰ প্ৰতীক হোৱাৰ বাবে বেছিভাগ ক্ষেত্ৰতে মহিলাই এই কেন্দ্ৰত নিয়োজিত হোৱাটো বাঞ্ছনীয়এনেকৈ মহিলা সবলীকৰণৰ ক্ষেত্ৰতো অৰিহণা যোগাব পাৰি  ইয়াৰ উপৰি, পৰম্পৰাগত ৰেচম গাঁও পৰ্যটকৰ বাবে আকৰ্ষণৰ উৎস হব পাৰেকেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে এই খণ্ডটোক গুৰুত্ব দিয়াৰ বাবে উদ্যোগ লোৱা উচিতএইটো নিশ্চিত যে, ৰেচম পৰ্যন ক্ষেত্ৰই ৰাজ্যৰ অৰ্থনীতি শক্তিশালী কৰাৰ লগতে পুৰণি কুটীৰ শিল্পটিক আগবঢ়াই নিব পাৰে আৰু বিশ্ব দৰবাৰত অসমক প্ৰতিষ্ঠা কৰাত বৰঙণি আগবঢ়াবলৈ সক্ষম হব পাৰেব্যক্তিগত উদ্যোগীসকলেও এই লাভজনক খণ্ডত অংশ গ্ৰহণ কৰি লাভৱান হোৱাৰ লগতে অসমৰ নিবনুৱা সমস্যা সমাধানত বৰঙণি আগবঢ়াব পাৰে

লেখকৰ ঠিকনা :
অৱসৰপ্ৰাপ্ত বিজ্ঞানী, কেন্দ্ৰীয় ৰেচম বোৰ্ড
ইমেইল: drmridulsarmah@gmail.com  
ভ্ৰাম্যভাষ: ৭০০২৯২৭৬৪০


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ