অন্যযুগ/


অসমীয়া ই-আলোচনী : এক চমু অৱলোকন

নিৱেদিতা ভূঞা ৰাজকুমাৰী

সাহিত্য হৈছে মানৱীয় চিন্তা-চেতনাৰ ভাষিক প্ৰকাশৰ এক নিৰবধি প্ৰৱাহ৷ এই প্ৰৱাহে বহু সময়ত ভৌগোলিক পৰিসীমা অতিক্ৰম কৰি বিশ্বজনীন পথত অগ্ৰসৰ হয়৷ তেতিয়াই ই বিশ্বসাহিত্যৰ স্বীকৃতি লাভ কৰে৷ আমাৰ পূৰ্বজসকলে কাগজ আৱিষ্কাৰ হোৱাৰ আগেয়ে শিলতামসোণৰূপগছৰ বাকলিসাঁচিপাত, চৰাইৰ পাখি, নল-খাগৰি আদিক লিখন সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল৷ কাপ-মৈলামৰ সহাৱস্থানত ৰচিত হৈছিল অনেক যুগজয়ী সাহিত্য৷

বৰ্তমান যুগটো হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ ৷ প্ৰযুক্তিৰ দ্ৰুত অগ্ৰগতিয়ে সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ আমূল পৰিৱৰ্তন আনিছে৷ এই ক্ষেত্ৰত সাহিত্য জগতখনো পিছ পৰি ৰোৱা নাই৷ বিশ্বায়ন অথবা গোলকীকৰণৰ ফলত সূচনা হৈছে ই-বিপ্লৱৰ৷ ই-বিপ্লৱৰ অন্যতম ফচল ই-সাহিত্য বা E- Literature ৷ ছপা মাধ্যমত লেখা এটি প্ৰকাশৰ বাবে সময়ৰ প্ৰয়োজন হয়৷ নিজৰ লেখাটো ছপা-আখৰত দেখাৰ আগ্ৰহত সততে আমি উৎকণ্ঠাৰে পষেকমাহ আনকি বৰটোলৈও অপেক্ষা কৰিবলগীয়া হয়৷ ইয়াতো কিন্তু নিশ্চয়তা নাথাকে যে আমাৰ লেখা প্ৰকাশ হবই৷ ইয়াৰ উপৰি কিতাপ এখন ছপাবৰ বাবে এক মোটা অংকৰ পুঁজিৰ প্ৰয়োজন৷ তেনে এক প্ৰেক্ষাপটত এই সকলো সমস্যাৰ সহজ আৰু সুচল উপায় হৈছে ই-জগত (E-World) বা বৈদ্যুতিন-জগত বা ইণ্টাৰনেট৷ ই-জগতত কোনো এটি লেখা ছেকেণ্ড-মিনিটতে বিশ্বৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰে৷ গতিকে ই-সাহিত্যৰ জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি সাম্প্ৰতিক কালত ই-কাকতই-আলোচনীই-কিতাপই-বিশ্বকোষই-পুথিভঁৰালসমূহ গা কৰি উঠিছে৷ তদুপৰি ফেইচবুক বা ফেচবুক, পেব্লগৱাটচ্ আপ,  ৱিকিপিডিয়া আদি ইণ্টাৰনেটৰ অনান্য ক্ষেত্ৰসমূহে ই-সাহিত্যৰ জনপ্ৰিয়তাত উল্লেখযোগ্য অৰিহণা আগবঢ়োৱা পৰিলক্ষিত হয়৷

অসমীয়া সাহিত্যক ঘাইকৈ অৰুণোদয়’ (প্ৰথমে অৰুনোদই), ‘জোনাকী’ আৰু ৰামধেনু’ এই তিনিটা যুগত ভাগ কৰা হৈছে যদিও ‘আৱাহন আৰু জয়ন্তী’ আলোচনীৰ অৱদানৰ কথাও উলাই কৰি নোৱাৰি ৷ সেই সময়ত  প্ৰকাশিত কাকত-আলোচনীৰ নামেৰে উক্ত যুগকেইটাৰ নামাকৰণ কৰাতো লক্ষ্যণীয় বিষয়৷ পৃথিৱীৰ অন্য প্ৰান্তৰ সাহিত্যত এনে বিভাজন বিৰল বুলিব পাৰি৷

সাম্প্ৰতিক ই-বিশ্বত ই-জোনাকী যুগৰ সূচনা হৈছে বুলি কলেও বঢ়াই কোৱা নহব৷ কিছু পলমকৈ হলেও আমাৰ অসমীয়া ভাষাতো ই-সাহিত্যই খোপনি পুতিবলৈ সক্ষম হৈছে৷ এয়া অসমীয়া ভাষা-সাহিত্যৰ বাবে আশাৰ বতৰা৷ কিয়নো ই-জগত তথা বৈদ্যুতিক মাধ্যমত অসমীয়া ভাষাৰ বিপুল চৰ্চা আৰু প্ৰয়োগ হলেহে অসমীয়া ভাষা-সাহিত্যই বিশ্বদৰবাৰত স্বীকৃতি লাভ কৰিব পাৰিব বুলি আমাৰ ধাৰণা৷ 

১৯৯১ চনত কেলিফৰ্নিয়াৰ ইউনিকড কনছৰ্টিয়াম’ নামৰ পেছাদাৰী সংগঠনটোৱে পৃথিৱীৰ প্ৰত্যেক ভাষাৰ লিপি বা আখৰৰ ব্যৱহাৰৰ মানদণ্ড ধৰি ৰখাৰ প্ৰদ্ধতি তথা সংকেত উদ্ভাৱন কৰি নতুন ফণ্ট সৃষ্টি কৰিছে৷

এতিয়ালৈকে ইউনিকডে ১৩৬ টাতকৈ অধিক ঐতিহাসিক আৰু আধুনিক লিপিৰ প্ৰায় ১,২৮,০০০ টা পৃথক আখৰৰ সংকেত সৃষ্টি কৰা বুলি তথ্য পোৱা গৈছে৷ বৰ্তমান ইউনিকডত ১১,১৪,১১২ টা সংকেতৰ আখৰ সুকীয়াকৈ চিনাক্ত কৰিব পাৰি৷ জাহ্নৱী কী-বৰ্ড’ (উৎপল ফুকনৰ), ‘লাচিত কী-বৰ্ড (মৃদুল শৰ্মাৰ), ‘দালী কী-বৰ্ড’(ভাষা প্ৰযুক্তি বিকাশ পৰিষদ, অসমৰ), ‘শব্দ কী-বৰ্ড’ (শব্দ ডট অৰ্গ-ৰ) আদি লিখন সঁজুলিৰ দ্বাৰা অসমীয়া ভাষা লিখিবলৈ বা টাইপ কৰিবলৈ সহজ হৈ পৰিছে৷

বৰ্তমান সামাজিক মাধ্যম (ছ’চিয়েল নেটৱৰ্কিং ছাইট)-সমূত সৃষ্টি হোৱা সাহিত্যই পাঠকৰ মাজত অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে৷ ইয়াৰ ভিতৰত ফেইচ্‌বুকৰ নাম প্ৰথমে লব লাগিব৷ ফেইচ্‌বুকৰ বিপুল জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি গঠন হোৱা বিভিন্ন গোটপেব্লগ আদিয়ে অসমীয়া সাহিত্যৰ চৰ্চাসৃষ্টি আৰু প্ৰসাৰত আগভাগ লোৱা দেখা গৈছে৷ শিক্ষাস্বাস্থ্যবিজ্ঞানসাহিত্যকলা- সংস্কৃতিহাস্যৰসখাদ্য আদি নানা বিষয় সাঙুৰি ই-কাকত-আলোচনী লাহে লাহে প্ৰকাশ পাবলৈ ধৰিছে৷

আমাৰ আজি মূল আলোচ্য বিষয় অসমীয়া ই-আলোচনীৰ কথা কবলৈ যাওঁতে পোনপ্ৰথমে নাম লব লাগিব ২০১০ চনৰ মাৰ্চ মাহৰ ১৩ তাৰিখে হিমজ্যোতি তালুকদাৰৰ সম্পাদনাত প্ৰকাশিত এনাজৰী” আলোচনীৰ৷ অৰ্থাৎ এনাজৰী” ল প্ৰথমখন অসমীয়া ভাষাত প্ৰকাশিত ই-আলোচনী ৷ প্ৰসিদ্ধ সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে গুৱাহাটীৰ প্ৰেছ ক্লাবত শুভ উন্মোচন কৰা আলোচনীখন অসমীয়া আৰু ইংৰাজী উভয় ভাষাত প্ৰকাশ কৰা হয়৷ ২০১৩ চনৰ অক্টোবৰ মাহত শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত ৱৰ্ল্ড ছামিট এৱাৰ্ড-২০১৩’ অনুষ্ঠানত এনাজৰীয়ে ই কণ্টেণ্ট আৰু ক্ৰিয়েটিভিটি শাখাত পুৰস্কৃত হয়৷ Societies Act (1860) XXI অনুসৰি ২০১০-২০১১ ৰ বাবে KAM CM/240/A-24/472 নম্বৰত পঞ্জীয়নভুক্ত হয়৷

সাহিত্য ডট অৰ্গ” হৈছে ফেইচবুক জগতৰ  অসমীয়া কথা-বতৰা গোটৰ দ্বাৰা ২০১১ চনৰ ২৪ জুলাইত প্ৰকাশিত আন এখন ই-আলোচনী ৷ সাহিত্য ডট অৰ্গৰ প্ৰথম সংখ্যাটো সম্পাদনা কৰে মনোজ মন কলিতাই৷ অসমীয়া ভাষা-সাহিত্যক বিশ্বমুখী কৰাই হৈছে সাহিত্য ডট অৰ্গ’ প্ৰকাশৰ আঁৰৰ কাহিনী৷ সাহিত্য ডট অৰ্গ’ ইণ্টাৰনেশ্বনেল ষ্টেণ্ডাৰ্ড ছিৰিয়েল নং চমুকৈ ISSN. 2321-5097-ৰ স্বীকৃতি লাভ কৰাৰ উপৰি ভাষা সাহিত্য সন্মিলনীঅসমৰ অন্তৰ্গত পঞ্জীয়ন নং KAM (M)/263/A/373 of 2012-2013-ত অন্তৰ্ভুক্ত৷ তদুপৰি আলোচনীখনে North East Award 2012-ৰ E-Culture Heritage Category-ত বিজয়ী সন্মান লাভ কৰিছে৷

 বিগত ২০১৭ চনত শিৱসাগৰৰ পৰা প্ৰকাশিত হয় ই-আলোচনী সমলয়৷ নৱ প্ৰজন্মৰ লেখক-লেখিকাসকলক উৎসাহিত কৰাই এই আলোচনীৰ প্ৰধান উদ্দেশ্য ৷ ২০১৮ চনৰ এপ্ৰিল মাহত নলবাৰীৰ পৰা চিন্ময় কলিতাৰ সম্পাদনাত নিয়মীয়াকৈ প্ৰকাশ পাই আহিছে আস্থা” নামৰ ই-কাব্যালোচনী৷ প্ৰায় সংখ্যক জনপ্ৰিয় কবিৰ কবিতাৰ লগতে তৰুণ প্ৰজন্মক প্ৰতিনিধিত্ব কৰে আস্থাই ৷ বৰ্তমান অসম তথা মেঘালয়অৰুণাচলবাংগালোৰগুজৰাটদিল্লীহাইদৰাবাদ আদিৰ লগতে নিউয়ৰ্কচান হজেকেলিফৰ্নিয়াডুবাই আদিত বসবাস কৰা প্ৰবাসী অসমীয়াৰ কবিতা নিয়মীয়াভাৱে  প্ৰকাশ পাই আহিছে তথা সেই ঠাই সমূহৰ পাঠকৰ সংখ্যাও যথেষ্ট ৷

ইউনিকডত প্ৰকাশিত আন এখন ই-আলোচনী হল মণিকূট৷ ২০১৮ চনৰ ১৫ আগষ্টত প্ৰথম বছৰৰ প্ৰথম সংখ্যাটো প্ৰকাশ হয়৷ নানা বিষয়ক সাঙুৰি প্ৰকাশ হোৱা দ্বিমাষিক আলোচনীখন ২০২০ৰ ১ আগষ্টৰ পৰা মাহেকীয়া হিচাপে প্ৰকাশ পায়৷ অন্যযুগ” আৰু যাত্ৰা” আলোচনী দুখন কৰনা কালৰ লক্‌ডাউন সময়ৰ পৰা ই-আলোচনী হিচাপে প্ৰকাশ পাইছে৷ কৰনা কালৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ প্ৰায় সকলোবোৰ বাতৰি কাকতআলোচনী ইণ্টাৰনেটত পঢ়িব পৰাকৈ বৰ্তমান উপলব্ধ হৈছে ৷ ইয়াৰ উপৰিও আন বহুকেইখন ই-আলোচনী অসমীয়া ভাষাত পঢ়িবলৈ পোৱা যায়৷ তাৰ এখন তালিকা যথাসম্ভৱ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰা হৈছে ৷

প্ৰজন্ম

শৃংখল

ৰহঘৰা

মুকচা

অনুপমা

নিৰিবিলি

ফটাঢোল

কাঁচিয়লী

ফেঁহুজালি

আলুপিটিকা

আখৰ ডট ইন

অনুভৱ . কম

সেউজ চিন্তা

কৃষক বন্ধু

ৰাজনীতি অসম

আমি অসমীয়া

সৃষ্টিৰ জিলিঙনি

গাজাৰী ডট কম

জীৱন এনেদৰে

জিজ্ঞাসা

ৰামধেনু অসম

কাঁচিয়লী (কাব্যালোচনী)

বোধিদ্ৰুম

সাঁচিপাত

সপোন

প্ৰাংগণ

অনুভৱ

অসমীয়া প্ৰিয়দৰ্শিনী

প্ৰান্তিকা (কাব্যালোচনী)

অঙ্গন

অনুৰণন

Maliata E- megazine

ইয়াৰে ২০১৮ চনত পোনপ্ৰথম প্ৰকাশিত ৰাজনীতি অসম” হৈছে ৰাজনীতি বিষয়ৰ প্ৰথমখন ই-আলোচনী৷ 

(উপৰি উক্ত আলোচনীসমূহৰ মাত্ৰ নামহে প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰা হৈছে৷ ইয়াত আলোচনীৰ মানজনপ্ৰিয়তা বা প্ৰকাশিত চন-তাৰিখৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব দিয়া হোৱা নাই৷)

 গতিকে দেখা যায় যে ই-জগতৰ অনেক নেতিবাচক কথাৰ বিপৰীতে ই-সাহিত্য তথা ই-আলোচনী হল এক ইতিবাচক ফল ৷ আমি আশাবাদীই-সাহিত্যৰ পৃথিৱীত অসমীয়া ই-আলোচনীসমূহে এক শক্তিশালী ভূমিকা পালন কৰি ভাষাটোক বিশ্বদৰবাৰত প্ৰাণপ্ৰতিষ্ঠাত অৰিহণা আগবঢ়াব ৷

------

ঠিকনা (অস্থায়ী) :
মাৰফৎ- অতুল শইকীয়াৰজাঢাপ
ডাকঘৰ - সোণাৰিজিলা- চৰাইদেউ
পিন-৭৮৫৬৯০ 
(সোণাৰি জুডিচিয়েল কৰ্টৰ ওচৰত)
Email- bhuyanrajkumarinibedita@gmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ