অন্যযুগ/


অসমৰ ৰাজ্যিক ঘৰুৱা উৎপাদন আৰু আৰ্থিক উন্নয়নৰ গতিবিধি

 ড° সুৰেশ দত্ত


        অৰ্থনীতি এখনৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত বছৰটোত উৎপাদিত হোৱা দ্ৰব্য আৰু সেৱাৰ মুদ্ৰামূল্যৰ সমষ্টিয়েই হল ঘৰুৱা উৎপাদন (Domestic Product)৷ এই ঘৰুৱা উৎপাদন ৰাষ্ট্ৰীয় ভিত্তিত মুঠ ঘৰুৱা উৎপাদন (Gross Domestic Product) অথবা ৰাজ্যিক পৰ্যায়ত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (Gross State Domestic Product) হিচাপে গণ্য কৰা হয়৷ অন্য অৰ্থত ইয়াক কৃষি, উদ্যোগ, সেৱা আদি বিভিন্ন খণ্ডৰ বৰঙণিৰে গঠিত হোৱা ৰাষ্ট্ৰীয় বা ৰাজ্যিক  আয় বুলিও  অভিহিত কৰা হয়৷

        পৰম্পৰাগতভাৱে অৰ্থনীতি এখনৰ আৰ্থিক বৃদ্ধিৰ (economic growth)-ৰ জোখ ঘৰুৱা উৎপাদনৰ (GDP অথবা SDP)-ৰ তথ্যৰ সহায়ত গণনা কৰি প্ৰকাশ কৰা হয়৷ সাধাৰণতে জি. ডি. পি বৃদ্ধিৰ হাৰকেই আৰ্থিক বৃদ্ধি বুলি কোৱা হয় যদিও এনে জি. ডি. পি.-ৰ হাৰ বৃদ্ধি পালেই অৰ্থনীতিখনৰ সকলো লোকৰ জীৱন ধাৰণৰ গুণগত মান বৃদ্ধি পোৱা বুলিও কব নোৱাৰি৷ কিয়নো এইদৰে বিকাশৰ জোখ লোৱাটো এটা পৰিমাণগত পদ্ধতিহে৷ ইয়াৰ অনেক সীমাৱদ্ধতাও নথকা নহয়৷ পৰিমাণগতভাৱে অৰ্থনীতিৰ আয়ৰ পৰিমাণ বৃদ্ধি পালে আৰ্থিক বৃদ্ধিৰ হাৰো বৃদ্ধি পায়৷ ফলত জনমুৰি আয়ৰ পৰিমাণো বৃদ্ধি পায়৷ অৱশ্যে অৰ্থনীতিৰ মুঠ আয় অথবা জনমুৰি আয় বৃদ্ধি পালেও এইক্ষেত্ৰত অৰ্থনৈতিক অসমতাৰ দিশটোও বিৱেচনা কৰি চাবলগীয়া হয়৷ অৰ্থাৎ বৰ্ধিত আয় সমাজৰ ধনী নে দৰিদ্ৰ কোনটো শ্ৰেণীয়ে অধিক পৰিমাণে লাভ কৰিবলৈ সক্ষম হৈছে সেইটো আয় অসমতা নিৰ্ধাৰণৰ ক্ষেত্ৰত এটা অতি গুৰুত্বপূৰ্ণ উপদান৷ দ্বিতীয়তে, অৰ্থনীতিত আয়ৰ পৰিমাণ বাঢ়িছে ঠিকেই; কিন্তু সেই অনুসাৰে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, শিক্ষা আৰু স্বাস্থ্য সেৱাৰ সম্প্ৰসাৰণ, জাতক, শিশু আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাসকৰণ  আদি গুণগত সেৱাৰ বিষয়সমূহো অৰ্থনীতিৰ উন্নয়নৰ জোখমাখ লোৱাৰ কাৰণে সম্প্ৰতি গুৰুত্বপূৰ্ণ সূচক হিচাপে গণ্য কৰা হয়৷ জি. ডি. পি. অথবা এচ. ডি. পি. বঢ়াৰ কাৰণে অঞ্চল এটাৰ উদ্যোগ, কল-কাৰখানা, কেইবা মহলীয়া অট্টালিকা আদিৰ লগতে বাসিন্দাসকলৰ উপাৰ্জনৰ পৰিমাণ বৃদ্ধি পালেও যদিহে উল্লেখ কৰা শিক্ষা আৰু স্বাস্থ্যৰ সুবিধা, বিশুদ্ধ খোৱাপানী, অনাময় ব্যৱস্থা আদি সুবিধাৰ আশানুৰূপ বিকাশ নঘটে তেন্তে নিশ্চিতৰূপে অঞ্চলটোত আৰ্থিক বৃদ্ধি (economic growth) লেও  আৰ্থিক উন্নয়ন (economic development) হোৱা বুলি কব নোৱাৰি৷ অৰ্থাৎ পোনপটীয়াকৈ কবলৈ গলে প্ৰকৃত উন্নয়নৰ দিশৰ পৰা অৰ্থনৈতিক উন্নয়নৰ ধাৰণাটোৰ মহত্ত্ব আৰ্থিক বৃদ্ধিৰ ধাৰণাতকৈ অধিক গুৰুত্বপূৰ্ণ ৷ সেয়েহে অৰ্থনীতিবিদসকলে আৰ্থিক বৃদ্ধিৰ জোখ লোৱাৰ পৰিমাগত পদ্ধতিৰ এনে সীমাৱদ্ধতাৰ বাবেই জনসাধাৰণৰ জীৱন ধাৰণত প্ৰভূত প্ৰভাৱ পেলোৱা গুণগত দিশসমূহক সামৰি লোৱা আৰ্থিক উন্নয়ন (economic development)-ৰ ধাৰণাটোৰ সহায়ত উন্নয়নৰ জোখ ল'বলৈ প্ৰয়াস চলাই আহিছে৷ এনে প্ৰয়াসৰ অংশ হিচাপেই অৰ্থনীতিবিদ মহবুব উল হক,  অৰ্মত্য সেন, সুধিৰ আনন্দ, প্ৰণৱ বৰ্ধন, কৌশিক বসু, মেঘনাদ দেশাই, ল ষ্ট্ৰিটেন আদিয়ে বিকশাই তোলা মানৱ উন্নয়নৰ (Human Development)-ৰ এক সংমিশ্ৰিত সূচক যোৱা শতিকাৰ শেষ দশকৰ প্ৰাৰম্ভণিৰ পৰা ৰূপায়ৰ কাৰণে গ্ৰহণ কৰি অহা হৈছে৷ ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (UNDP)-ৰ অধীনত বিশ্বৰ প্ৰথম মানৱ উন্নয়ন প্ৰতিৱেদন ১৯৯০ চনত প্ৰকাশ কৰা হয় আৰু তেতিয়াৰে পৰা প্ৰতি বছৰে মানৱ উন্নয়নৰ জোখৰ ভিত্তিত দেশসমূহৰ মাজত উন্নয়নৰ স্থান নিৰ্ধাৰণ কৰি অহা হৈছে৷ উল্লেখযোগ্য যে মানৱ উন্নয়ন প্ৰতিৱেদন ২০২০-ৰ মতে ১৮৯ খন দেশৰ ভিতৰত মানৱ উন্নয়ন সূচকাংকৰ ভিত্তিত ভাৰতৰ স্থান হল ১৩১৷ পৰৱৰ্তী সময়ত বহনক্ষম উন্নয়ন (sustainable development)-ৰ ধাৰণাটোও উন্নয় প্ৰক্ৰিয়াৰ লগত সংযুক্ত হৈ পৰে আৰু ২০১৬ চনৰ পহিলা জানুৱাৰিৰ পৰা বহনক্ষম উন্নয়নৰ ১৭টা লক্ষ্য নিৰ্ধাৰণেৰে ২০৩০ চনৰ ভিতৰত লক্ষ্যপ্ৰাপ্তিত উপনীত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে৷ অৱশ্যে আমাৰ এই আলোচনাত মানৱ উন্নয়ন আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বিষয়টো সাঙুৰি লোৱা হোৱা নাই৷

তালিকা - ১

ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ গতিবিধি : (২০১১-১২ চনৰ স্থিৰ মূল্যমানত)

বছৰ

অসমৰ ৰাজ্যিক ঘৰুৱা আয়

(কোটি টকাত)

অসমৰ আৰ্থিক ঘৰুৱা আয়

(কোটি টকাত)

ভাৰতৰ মুঠ ঘৰুৱা আয়

(কোটি টকাত)

ভাৰতৰ আৰ্থিক বৃদ্ধিৰ হাৰ শতাংশত

 

২০১৫-১৬

১৯১১০৯.০০

_

১১৩৬৯৪৯৩

_

২০১৬-১৭

২০২০৮০.৮৫

       

৫.৭৪

১২৩০৮১৯৩ 

.২৬

২০১৭-১৮

২১৯৯১৯.৩৮

৮.৮৩

১৩১৪৪৫৮২

৬.৮০

 

২০১৮-১৯

২৩৪০৪৭.৯০

৬.৪২

১৪০০৩৩১৬

৬.৫৩

 

২০১৯-২০

২৪৮৭৯৬.১৫

৬.৩০

১৪৫৬৯২৬৮

৪.০৪

 

Source: Statement on Assam FRBM (Act, ২০০৫), ২০২১-২২, Finance Dept., Govt. of Assam

ৰাজ্যিক ঘৰুৱা উৎপাদনৰ পৰিসংখ্যাৰ পৰা ৰাজ্যিক আয়ৰ গতিবিধিৰ বিষয়ে জানিব পৰাৰ লগতে ৰাজ্যখনৰ উন্নয়নৰ অৱস্থাৰ বিষয়েও আমি জানিব পাৰোঁ ৷ ৰাজ্য এখনৰ আৰ্থিক হ্ৰাস-বৃদ্ধিৰ খতিয়ান ৰাজ্যিক ঘৰুৱা আয়ৰ তথ্যৰ পৰাই পৰিস্ফুট হয়৷ সহজ ভাষাত কবলৈ গলে কোনো এটা বছৰৰ আৰ্থিক বৃদ্ধি বুলি কলে ৰাজ্যখনৰ বিভিন্ন উৎসৰ পৰা সৃষ্টি হোৱা মুঠ আয় তাৰ আগৰ বছৰৰ আয়তকৈ শতাংশ হিচাপে কিমান পৰিমাণে বৃদ্ধি পালে তাকে সূচায় ৷ ৰাজ্যিক ঘৰুৱা আয়ৰ তথ্য অৰ্থনীতি এখনৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ৷ ই হল উন্নয়নৰ জোখ লোৱাৰ এক পৰম্পৰাগত সূচক৷ ৰাজ্যিক আয়ৰ তথ্যই হল বিভিন্ন ৰাজ্যৰ মাজত উন্নয়নৰ তুলনামূলক জোখ লোৱাৰো মূল আধাৰ ৷ অৰ্থাৎ কোনো এখন ৰাজ্য আন এখন ৰাজ্যতকৈ কিমান আগবঢ়া বা পিছপৰা তাক জনাৰ মূল উৎসও হল ৰাজ্যিক আয়ৰ তথ্য-পাতিয়েই৷ তদুপৰি উন্নয়নমূলক আচঁনিৰ প্ৰণয়ন, বাজেট প্ৰণয়ন, ৰাজস্ব ঘাটি (fiscal deficit), ৰাজহুৱা ঋণৰ আকাৰ, দান, অনুদান আদি নিৰ্ধাৰণৰ মূল ভিত্তিও ৰাজ্যিক আয়ৰ তথ্যই বুলি কব পাৰি৷

        তালিকা-১-ত ২০১১-১২ চনৰ স্থিৰ মূল্যত ২০১৫-১৬ বৰ্ষৰ পৰা ২০১৯-২০ বৰ্ষলৈ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ গতি-বিধি দেখুওৱা হৈছে ৷ ২০১৫-১৬ বৰ্ষৰ পৰা ২০১৬-১৭ বৰ্ষলৈ অসমৰ আৰ্থিক বৃদ্ধিৰ হাৰ ৫.৭৪ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ২০১৭-১৮-ত এই বৃদ্ধিৰ হাৰ উল্লেখনীয়ভাৱে ৮.৮৩ শতাংশলৈ বৃদ্ধি পোৱা দেখা গৈছে৷ কিন্তু পৰৱৰ্তী দুবছৰ ২০১৮-১৯ আৰু ২০১৯-২০ত আৰ্থিক বৃদ্ধিৰ হাৰ পুনৰ ৬.৪২ আৰু ৬.৩০ শতাংশলৈ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷ কাজেই অসমৰ ৰাজ্যিক ঘৰুৱা আয় তালিকাত দেখুওৱাৰ দৰে ক্ৰমহ্ৰাসমান গতিত বৃদ্ধি পালেও ৰাজ্যখনৰ আৰ্থিক বৃদ্ধিৰ হাৰ সুষম আৰু একেধাৰে উৰ্ধমুখী গতিত আগবঢ়া বুলি কব নোৱাৰি ৷ ভাৰতৰ মুঠ ঘৰুৱা  উৎপাদন বা আয় বৃদ্ধিৰ ক্ষেত্ৰতো সেই একেই গতিবিধি প্ৰত্যক্ষ কৰা হৈছে৷ অৰ্থনৈতিক বৃদ্ধিৰ ৰাষ্ট্ৰীয় হাৰ ২০১৬-১৭ বৰ্ষৰ ৮.২৬ শতাংশৰ পৰা পৰৱৰ্তী বছৰসমূহত ক্ৰমে ৬.৮০ আৰু ৬.৫৩ শতাংশলৈ হ্ৰাস পাই ২০১৯-২০ বৰ্ষত ৪.০৪ শতাংশ হয়গৈ৷ এই আলোচনাত চলিত মূল্যৰ বিপৰীতে চৰকাৰীভাৱে গ্ৰহণ কৰা ২০১১-১২ বৰ্ষৰ স্থিৰ মূল্যৰ আধাৰত গণনা কৰা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় মুঠ ঘৰুৱা উৎপাদনৰ তথ্যহে লোৱা হৈছে ৷ উল্লেখযোগ্য যে আয় আৰু আৰ্থিক বৃদ্ধিৰ এখন প্ৰকৃত ছবি পাবলৈ সাধাৰণতে চলিত মূল্যৰ বিপৰীতে স্থিৰ মূল্যৰ তথ্য-পাতিহে বিবেচনা কৰা হয়, কিয়নো স্থিৰ মূল্যৰ আধাৰত গণনা কৰা তথ্যত মুদ্ৰাস্ফীতিৰ কাৰণে হব পৰা অস্বাভাৱিক হ্ৰাস-বৃদ্ধিক এৰাই চলিব পৰা যায়৷

তালিকা

মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনলৈ বিভিন্ন খণ্ডৰ অৱদান :(২০১১-১২) স্থিৰ মূল্যমানত) :

খণ্ড

২০১৮-১৯ (শতাংশত)

২০১৯-২০(শতাংশত)

কৃষি আৰু আনুসংগিক খণ্ড

১৫.৬৬ 

১৫.০৮

 

উদ্যোগ খণ্ড

৩৯.৭৭

৪০.৪৮

সেৱাখণ্ড

৩৮.৬৭

৩৮.০১

কৰ আৰু ৰাজসাহাৰ্য

৫.৯০

৬.৪৩

মুঠ বৰঙণি:

১০০.০০

১০০.০০

Source: Statement on Assam FRBM (Act, ২০০৫), ২০২১-২২, Finance Dept., Govt. of Assam

        অসমৰ অৰ্থনৈতিক জৰীপ২০২০-২১ (Assam Economic Survey, ২০২০-২১)-ৰ মতে সৰ্বভাৰতীয় ৬৯ শতাংশ গ্ৰাম্যলোকৰ বিপৰীতে অসমত মুঠ জন সংখ্যাৰ ৮৬শতাংশই বাস কৰে গ্ৰাম্য অঞ্চলত৷ একেদৰে ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৭০ শতাংশতকৈও অধিক লোক কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰশীল হৈ জীৱন নিৰ্বাহ কৰি আছে অথচ তালিকা-২-ত দেখুওৱাৰ দৰে ২০১১-১২ চনৰ স্থিৰ মূল্যমানত ৰাজ্যৰ মুঠ ঘৰুৱা আয়লৈ কৃষি খণ্ডৰ বৰঙনি ২০১৯-২০ বৰ্ষত  কেৱল ১৫.০৮ শতাংশহে৷ ২০১৮-১৯ বৰ্ষৰ এই বৰঙণি ১৫.৬৬ শতাংশৰ পৰা ২০১৯-২০ বৰ্ষত এই পৰিমাণ  সামান্য হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ৷ মুঠ জনসংখ্যাৰ মাত্ৰ ৩০ শতাংশ নিৰ্ভৰশীল হৈ থকা উদ্যোগ আৰু সেৱা খণ্ডই ৰাজ্যিক আয়লৈ আগবঢ়োৱা বৰঙণিৰ পৰিমা আছিল ২০১৮-১৯ বৰ্ষত ক্ৰমে ৩৯.৭৭ শতাংশ আৰু ৩৮.৬৭ শতাংশ৷ ২০১৯-২০ বৰ্ষত উদ্যোগ খণ্ডৰ বৰঙণি সামান্য পৰিমাণে ০.৭১ শতাংশ  বৃদ্ধি পাই ৪০.৪৮ শতাংশ হয়গৈ৷ আনহাতে ব্যৱসায়-বাণিজ্য, বেংক, বীমা, পৰিৱহন, শিক্ষা তথা চৰকাৰী সেৱা আদিক সামৰি লোৱা সেৱাখণ্ডৰ বৰঙণি ২০১৮-১৯ বৰ্ষৰ ৩৮.৬৭ শতাংশৰ পৰা ২০১৯-২০ বৰ্ষত ৩৮.০১ শতাংশলৈ হ্ৰাস পোৱাহে দেখা গৈছে৷ এই তথ্যসমূহে কম উন্নত বা উন্নয়নশীল অৰ্থনীতি এখনৰ সামগ্ৰিক ছবিকে প্ৰকাশ কৰা বুলি কব পাৰি ৷ বিশ্বৰ উন্নয়নৰ অভিজ্ঞতাৰ পৰা দেখা যায় যে অৰ্থনীতি এখনত কৃষি নিৰ্ভৰশীল লোকৰ সংখ্যা হ্ৰাস পাই অহাৰ বিপৰীতে মুঠ ঘৰুৱা আয়লৈ কৃষি খণ্ডৰ বৰঙণিৰ পৰিমাণ যিমানেই বৃদ্ধি পায়, সিমানেই অৰ্থনীতিখনে উন্নত অৰ্থনীতিৰ অভিমুখে ধাৱমান হোৱা প্ৰত্যক্ষ কৰা হয়৷ বৰ্তমানৰ ঔদ্যোগিকভাৱে উন্নত বিশ্বৰ দেশসমূহ এটা সময়ত আমাৰ দৰে প্ৰাথমিক খণ্ডৰ (কৃষি আৰু আনু সঙ্গিকখণ্ড) ওপৰত নিৰ্ভৰশীল দেশেই আছিল যদিও পৰৱৰ্তী সময়ত দ্ৰুত উন্নয়ন সাধনৰ জৰিয়তে তেওঁলোকে উন্নত ঔদ্যোগিক অৰ্থনীতিৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ বাবে প্ৰয়োজন হয় এক পৰিকল্পিত আৰু নিৰলস উন্নয়নৰ প্ৰয়াস৷ আমাৰ অৰ্থনীতিত কৃষিখণ্ডত নিয়োজিত অতিৰিক্ত শ্ৰমিকখিনিক বিগত সময়ছোৱাত আন খণ্ডকেইটাই নিয়োগৰ কাৰণে আকৰ্ষিত কৰিব নোৱৰাৰ বাবেই এই খণ্ডত নিয়োজিত লোক সকলৰ আয় আৰু উৎপাদনশীলতা বৃদ্ধিত আমি সফল হব পৰা নাই৷ কেইবা দশকজোৰা উন্নয়নৰ পৰিকল্পনা ৰূপায়ণৰ সত্ত্বেও কৃষিখণ্ডৰ ৰাহি শ্ৰমিকৰ সমস্যাটো সমাধান কৰাত আজিও আমি সফল হব নোৱাৰিলো৷

তালিকা-৩

জনমুৰি আয় বৃদ্ধিৰ গতিবিধি :(২০১১-১২ চনৰ স্থিৰ মূল্যমানত) :

বছৰ

অসমৰ জনমুৰি আয় (টকাত)

সৰ্ব ভাৰতীয় জনমুৰিআয় (টকাত)

ব্যৱধান (টকাত)

২০১৫-১৬

৫০৬৪২

৭৭৬৫৯

২৭০১৭

২০১৬-১৭

৫৩৫৭৫

৮৭৮২৮

২৯৯৯৩

২০১৮-১৯

৬০৬৯৫

৯২০৮৫

৩১৩৯০

২০১৯-২০

৬২৭৯৬

৯৪৯৫৪

৩২১৫৮

Source: Compiled from Statement on Assam FRBM (Act,২০০৫), ২০২১-২২, Finance Dept., Govt. of Assam

         তালিকা-৩-ত  সৰ্বভাৰতীয় জনমুৰি আয়ৰ প্ৰেক্ষাপটত ৰাজ্যিক জনমুৰি আয় বৃদ্ধিৰ গতিবিধি দাঙি ধৰা হৈছে৷ তালিকাত দেখুওৱাৰ দৰে ২০১১-১২ চনৰ স্থিৰ মূল্যমানত ২০১৫-১৬ বৰ্ষত অসমৰ জনমুৰি আয় (per capita income in terms of NSDP)-ৰ পৰিমাণ আছিল ৫০৬৪২ টকা, যিটো ২০১৬-১৭ আৰু ২০১৭-১৮-ত ক্ৰমে ৫৩৫৭৫ টকা আৰু ৫৭৮৩৫ টকালৈ বৃদ্ধি পোৱাৰ তথ্য প্ৰকাশ কৰা হৈছে৷ ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষত এই পৰিমাণ ক্ৰমবৰ্ধমান গতিত ৬০৬৯৫ টকা আৰু ৬২৭৯৬ টকালৈ বৃদ্ধি পোৱাৰ বিষয়েও উক্ত বিবৃতিত প্ৰকাশ কৰা হৈছে৷ সেয়ে হলেও উক্ত সময়ছোৱাত সৰ্বভাৰতীয় জনমুৰি আয়ৰ বৃদ্ধিৰ পৰিমাণ অসমতকৈ অধিক হোৱা দেখা গৈছে৷ ২০১৫-১৬ বৰ্ষত সৰ্বভাৰতীয় জনমুৰি আয়ৰ পৰিমাণ ৭৭৬৫৯ টকা অসমৰ ৫০৬৪২ টকাতকৈ অধিক আছিল৷ কাজেই ২০১১-১২ ভিত্তিবৰ্ষৰ মূল্যমানত ২০১৫-১৬ বৰ্ষত অসম আৰু সৰ্বভাৰতীয় জনমুৰি আয়ৰ ব্যৱধান হল ২৭০১৭ টকা যিটো ক্ৰমাগতভাৱে বৃদ্ধি পাই ২০১৯-২০-ত ৩২১৫৮ টকা হৈছেহি৷

        প্ৰকাশিত তথ্যমতে  ১৯৮০-৮১ চনৰ স্থিৰ মূল্যমানত ভাৰতীয় পৰিকল্পনাৰ আৰম্ভণি বৰ্ষ ১৯৫০-৫১-ত সৰ্বভাৰতীয় জনমুৰি আয় ১১২৭ টকাৰ বিপৰীতে অসমৰ জনমুৰি আয় আছিল ১১৭৩ টকা৷ কাজেই উক্ত বৰ্ষত অসমৰ জনমুৰি আয় সৰ্বভাৰতীয় জনমুৰি আয়ৰ পৰিমাণতকৈ ৪৬ টকা অধিক আছিল৷ একেদৰে ভাৰতবৰ্ষৰ পৰিকল্পনা আৰম্ভ হোৱা সময়ত ভাৰতৰ জাতীয় আয়ত অসমৰ ৰাজ্যিক আয়ৰ অংশ আছিল ২.৩৬ শতাংশ, যিটো ২০১৯-২০ বৰ্ষত ১.৭১ শতাংশলৈ হ্ৰাস পাইছে৷ উন্নয়নৰ দৃষ্টিকোণৰ পৰা সম্প্ৰতি এইটো উদ্বেগজনক কথা বুলিয়েই অভিহিত কৰিব লাগিব৷ যিহেতু আয় বৃদ্ধিৰ মাধ্যমতে আৰ্থিক বৃদ্ধিৰ জোখ লৈ অহা হৈছে আৰু সেয়েহে দেশৰ উন্নত ৰাজ্য কেইখনৰ কথা বাদেই, সৰ্বভাৰতীয় আয়তকৈও আমাৰ ৰাজ্যখনৰ জনমুৰি আয় কম হৈ থকাটোৱে আমি অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত এতিয়াও যে বহুযোজন বাট অতিক্ৰম কৰিবলৈ বাকী আছে, সেই কথাকে এনে তথ্যই প্ৰতীয়মান কৰিছে৷ গতিকে স্বাভাৱিকতেই জনমুৰি আয়ৰ পৰিমাণ সৰ্বভাৰতীয় পৰ্যায়লৈ উন্নীত কৰিবলৈ কৃষি আৰু আনুষংগিক খণ্ডৰ লগতে উদ্যোগ আৰু সেৱা খণ্ডৰ আৰ্থিক কাৰ্যকলাপৰ ব্যাপক সম্প্ৰসাৰণৰ জৰিয়তে ৰাজ্য চৰকাৰে এক সময়সাপেক্ষ আৰু বাস্তৱসন্মত কৰ্মসূচী প্ৰস্তুত কৰি ৰূপায়ৰ ব্যৱস্থা কৰাটো অতিশয় প্ৰয়োজন হৈ পৰিছে৷

ঠিকনা :

অধ্যক্ষ, অ পি ডি  কলেজ,

পানীগাঁও, লখিমপুৰ-৭৮৭০৫২

ভ্ৰাম্যভাষ : ৯৪৩৫১-৮৫০৩৮

ই-মেইল: sureshdutta68@gmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ