ড॰ প্ৰাণজিৎ বৰা
৫
বাসৱী বাইদেউ বিয়া হৈ গুচি যাবৰ পাছত বাইদেউৰ ঠাইত স্কুললৈ নতুন ছাৰ এজন
আহিছে। দেখাত ক্ষীণ-মীন, চকুত পাতল ফ্ৰেমৰ
চশমা, কিন্তু চকুদুটাত অনবৰত হাঁহি এটা যেন লাগি
থাকে। ছাৰে সিহঁতক কম্পিউটাৰ আৰু পৰিৱেশ বিজ্ঞান শিকায়। এই নতুন ছাৰজন বাইদেউতকৈও
বহুত বেছি ধেমেলীয়া। বাইদেৱে যিধৰণৰ মজাৰ গল্পবোৰ শুনাইছিল, ছাৰৰ গল্পবোৰ সেইধৰণৰ নহয়, তাতকৈ আৰু বেছি
মজাৰ। ছাৰে ক'বও জানে ৰসালকৈ। শুনিলে
শুনি থাকিবৰ মন যায়। হেঁপাহ নপলায়।
সেইদিনা সমাজ অধ্যয়নৰ বাইদেউ কিবা কাৰণত স্কুললৈ অহা নাছিল। বাইদেউৰ ঠাইত ছাৰ
আহিল শ্ৰেণীলৈ। ছাৰে আহিয়েই সিহঁতক ক'লে,
"আজি আমি একো নপঢ়ো। আজি আমি এটা খেল
খেলিম।"
সিহঁত আটায়ে উৎসুক হৈ উঠিল।
ছাৰে কি খেলৰ কথা বা কয়!
"এই খেল গল্প কোৱাৰ খেল, বুজিছা।", ছাৰে থিয় দি থকাৰে পৰাই
কৈ গ'ল, "এজনে আৰম্ভ কৰিবা আৰু আনজনে আগুৱাই লৈ যাবা। একো চিন্তা কৰিবলগীয়া নাই। একো ভয়
নাই। মনলৈ যি আহে, তাৰেই কেৱল আৰম্ভ কৰিলেই
হ'ল।"
ল'ৰা-ছোৱালীবোৰে ইটোৱে সিটোৰ মুখলৈ চাবলৈ ধৰিলে।
এনেকুৱা খেলৰ কথা আগতে শুনা নাই সিহঁতে! এতিয়ালৈকে সিহঁতে এয়ে জানে যে কোনোবাই যদি
গল্প বা সাধু এটা আৰম্ভ কৰে, তেঁৱেই শেষো
কৰে! এজনে আৰম্ভ কৰা কাহিনী এটা আন এজনে কেনেকৈ আগুৱাই নিব!!!
"কোৱা, কোনে আৰম্ভ কৰিবা?",
ছাৰে প্ৰথম বেঞ্চৰ একেবাৰে সিমূৰলৈ চাই পঠিয়ালে।
হও নহওকৈ থিয় দিয়া ল'ৰাজনলৈ চাই ছাৰে
সুধিলে, "তোমাৰ নাম?"
"সৰ্পিলসমুদ্ৰ শইকীয়া।"
"কি ক'লা?",
তেওঁ হাঁহি হাঁহি পুনৰ সুধিলে, "কি সমুদ্ৰ বুলিলা?"
"সৰ্পিলসমুদ্ৰ, ছাৰ!"
গোটেই শ্ৰেণীটোৱেই হাঁহিৰে ৰজনজনাই গ'ল। ছাৰৰ মুখত
কিন্তু হাঁহি নাই। খন্তেক তভক মাৰি ৰৈ তেওঁ এইবাৰ গহীনকৈ ক'লে, "বৰ সুন্দৰ নাম
তোমাৰ।সমুদ্ৰ সৰ্পিল নহৈনো কি, নহয়নে? সমুদ্ৰৰ ঢৌবোৰ দেখোন সৰ্পিল গতিৰ, নহয়নে? তোমালোক কোনে কোনে সাগৰ
দেখিছা, থিয় দিয়াচোন।"
প্ৰায় আটাইবোৰেই থিয় হ'ল।
ছাৰৰ ভ্ৰূ কোঁচ খাই গ'ল, "তাৰ মানে সকলোৱেই দেখিছা?"
মুখত এমোৰোকা হাঁহি লৈ এইবাৰ শেষৰ বেঞ্চত অকলে অকলে বহি থকা মহাৰ্ঘ থিয় হ'ল, "ছাৰ, একেবাৰে ওচৰৰ পৰা দেখা নাই। কিন্তু ইউটিউৱৰ ভিডিওত
দেখিছো।"
"বঢ়িয়া।", ছাৰে কৈ গ'ল, "একেবাৰে ওচৰৰ পৰা
লোৱা ভিডিওবোৰ চাবাচোন, সাগৰৰ সোঁতবোৰ একেবাৰে
পিচল, যেন হেজাৰ হেজাৰ সৰ্পৰ লানি নিছিগা ধাৰ,
নহয় জানো? সমুদ্ৰ সেইবাবেই
সৰ্পিল। বুজিলা এতিয়া? এই ভাষা হ'ল ৰূপকৰ ভাষা। সাহিত্যত ইয়াকে আমি ৰূপক বোলোহঁক। সৰ্পৰ
ৰহস্যময় পিচল গতিক সাগৰৰ উৰ্মিৰ সৈতে তুলনা কৰা হৈছে ইয়াত। দেখাত কিন্তু তুলনা
কৰোঁতে আমি দৰে, যেন আদি যিবোৰ শব্দ আমি
ব্যৱহাৰ কৰোঁ, সেইবোৰ একোৱেই ব্যৱহাৰ
কৰা হোৱা নাই।"
"যি নহওক, আমি এতিয়া গল্পৰ
কাষলৈ উলটি যাওঁ, কি কোৱা?", ছাৰে সৰ্পিলৰ পিনে চাই ক'লে, "তুমিয়েই আৰম্ভ কৰা।"
মুহূৰ্তৰ বাবে থেৰোগেঁৰো কৰি সৰ্পিলে ক'বলৈ ধৰিলে, "ছাৰ, এখন বৰ্ষাৰণ্যলৈ এহাল ককায়েক-ভনীয়েক মাক-দেউতাকৰ সৈতে
ফুৰিবলৈ গৈছিল..."
"বৰ্ষাৰণ্য?", কেইবাটাও মাত
একেলগে ভাঁহি আহিল।
"তোমালোকে বৰ্ষাৰণ্যৰ অৰ্থ বুজিছানে নাই?", ছাৰে লগে লগে প্ৰশ্ন কৰিলে, "নিশ্চয় বুজা নাই? মই বুজাই দিওঁ, শুনা। তোমালোকৰ পৰিৱেশ বিজ্ঞানৰ কিতাপখনৰ শেষৰ ফালে
বৰ্ষাৰণ্যৰ কথা আছে। কোনোবাই পঢ়িছানেকি?"
"ছাৰ, মই
পঢ়িছিলোঁ।", থুপিয়ে মাত দিলে,
"কিন্তু ভালকৈ বুজি নাপালোঁ।"
"ময়ো পঢ়িছিলোঁ।", মাজৰ বেঞ্চৰ একেবাৰে বাওপিনে বহি থকা বৰ্ণিলেও ক'লে, "বুজি নাপালোঁ, ছাৰ।"
"মই বুজাই দিওঁ, শুনা।",
ছাৰে কৈ যাবলৈ ধৰিলে, "বৰ্ষাৰণ্য মানে হৈছে পৃথিবীৰ সেইবোৰ বনাঞ্চল য'ত গোটেই বছৰজুৰি ভীষণভাৱে বৃষ্টিপাত হয়। এই বৰষুণৰ পৰিমাণ ১৭৫০ মিলিমিটাৰৰ
পৰা ২০০০ মিলিমিটাৰ পর্যন্ত হ'ব পাৰে। গোটেই
বছৰ প্রচণ্ড বৃষ্টিপাত হয় গুণে গছৰ পাতবোৰ সকলো সময়তে সেউজ হৈ থাকে। এই পৃথিৱীৰ
বৃহত্তম বৰ্ষাৰণ্য হৈছে দক্ষিণ আমেৰিকা মহাদেশৰ ক্রান্তীয় অঞ্চলৰ আমাজন নদীৰ
অববাহিকাত অবস্থিত আমাজন অৰণ্য।"
"আমাজন বৰ্ষাৰণ্যৰ নাম শুনিছো, ছাৰ।", মৌমিতাই মাজতে মাত লগালে।
"বৰ ভাল কথা। উদ্ভিদ তথা জীৱজন্তু সকলো ফালৰে পৰাই যিকোনো
বৰ্ষাৰণ্য আন সকলো অৰণ্যতকৈ হেজাৰ হেজাৰ গুণে সমৃদ্ধ। লাখ লাখ বছৰজুৰি পৃথিবীৰ
জলবায়ুৰ পৰিবৰ্তন হৈছে যদিও বৰ্ষাৰণ্যসমূহ লক্ষকোটি উদ্ভিদ আৰু জীৱজন্তুৰ প্রাচীন
আধাৰ হৈ ৰৈ গৈছে। বহু দুৰ্মূল্য গছ-গছনি আৰু জীৱ-জন্তু তোমালোকে এই বৰ্ষাৰণ্যসমূহত
পাবা। এই অৰণ্য ইমানেই ডাঠ যে বৰষুণৰ কেৱল কিছুখিনিহে পাতৰ মাজেৰে সৰকি গৈ মাটিত
পৰিবলৈ পায়, বেছিভাগ পাততে পৰে,
মাটি গৈয়েই নাপায়।"
ল'ৰা-ছোৱালীহঁতৰ উৎসুক হৈ উঠা চকুবোৰ দেখি ছাৰৰ
মনটো উৎফুল্লিত হৈ উঠিল। তেওঁ নিজৰ ম'বাইল ফোনটো হাতত
লৈ ক'লে, "তোমালোকে মা-দেউতাৰ ম'বাইল ফোনৰ
ইউটিউৱত এই বৰ্ষাৰণ্যৰ ভিডিওবোৰ চাবাচোন। প্ৰযুক্তিয়ে আমাক কিমান আগবঢ়াই লৈ গৈছে
আকৌ এবাৰ উপলব্ধি কৰিব পাৰিবা। কেৱল এই প্ৰযুক্তিসমূহ আমি সৎভাৱে ব্যৱহাৰ কৰিব
জানিলেই হ'ল, নহয়নে? ঠিক আছে, সৰ্পিল, তুমি আকৌ আৰম্ভ কৰা।"
"হয় ছাৰ।", সৰ্পিলে ক'বলৈ ধৰিলে, "সেই ল'ৰা-ছোৱালীহালে হঠাৎ কোনোবা পাকত মাক-দেউতাকৰ লগ এৰা খাই
হাবিৰ মাজত বাট হেৰুৱাই ঘূৰি ফুৰোতে দেখিলে যে এজনী বুঢ়ী মানুহে বৰশী এডাঁৰ লৈ
পানীত যিদৰে বৰশী টোপায়, ঠিক তেনেকৈ টোপাই
আছে। কিন্তু বুঢ়ীৰ সমুখত কেনিও কোনো পুখুৰী বা পানী নাই। কেৱল মাটি!"
ল'ৰা-ছোৱালীহঁতৰ মাজত গুণগুণনি উঠিল। কি!!মাটিত
বৰশী!! এনেকুৱা নাভূত-নাশ্ৰুত কথাও সম্ভৱ হ'ব পাৰেনে!
আটায়ে দেখিলে যে ছাৰৰ মুখখনো উজ্জ্বল হৈ উঠিছে, তেঁৱো যেন বৰ মজা পাইছে সৰ্পিলৰ গল্প শুনি।
"তাৰ পাছত?", কেইবাজনেও একেলগে
চিঞৰি উঠিল।
সৰ্পিলে পুনৰ ক'বলৈ ধৰিলে, "ল'ৰা-ছোৱালীহালৰ
নাম আছিল তিলতিল আৰু মিতিল। তিলতিলে লাহেকৈ ভনীয়েক মিতিলক হেঁচুকি দিলে, দেখিছানে কি অদ্ভুত কথা!
মিতিল আছিল অকণমান আঁকৰী স্বভাৱৰ, তাই বুঢ়ীক
সুধিয়েই দিলে, আইতা অ', ইয়াততো পানীৰ চিন-মোকাম নাই। তুমি ক'তনো বৰশী বাইছা? বুঢ়ীয়ে মুখখন দুয়োৰে পিনে
ঘূৰাই ঢেকঢেককৈ হাঁহিবলৈ ধৰিলে আৰু ক'লে, এয়া দেখোন এইটো ভৰা পুখুৰী, দেখা নাই তহঁতে? সৌৱা ৰং-বিৰঙী কতবোৰ মাছ,
সৌখিনিতে সেয়া পদুমফুল কেনেকৈ জকমককৈ ফুলিছে, দেখা নাই তহঁতে?
তিলতিল আৰু মিতিল দুয়ো দুয়োৰে পিনে চাই পঠিয়ালে। বুঢ়ীৰ মূৰৰ দোষ হোৱা নাইতো!
বুঢ়ীয়ে সিহঁতক আৰু আচৰিত কৰি এইবাৰ মাত লগালে, মিছা কোৱা নাই। এবাৰ এইপিনে আহি নামি চোৱাহিচোন পুখুৰীত, দেখিবা পানী কিমান!
তিলতিল আৰু মিতিলৰ ভয় লাগিল। বুঢ়ীয়ে এইবাৰ ক'লে, তোমালোকৰ বিশ্বাস হোৱা নাই, মই বুজিছোঁ। ৰ'বা, ময়েই নামি দেখুৱাই দিওঁ, চাবা মোৰ কানি-কাপোৰৰ পৰা একেবাৰে চুলিলৈকে তিতি যাব। কথাৰ লগে লগে বুঢ়ীয়ে
বৰশীটো য'ত টোপাই থোৱা আছিল, তাৰ ঠিক কাষতে জাপ মাৰি দিলে, আৰু আচৰিতধৰণে
লগে লগে তাত এটা পুখুৰী হৈ গ'ল। সেই পানীত বুৰ
মাৰি বুঢ়ী যেতিয়া পাৰলৈ আহি তিলতিলহঁতৰ সমুখত ৰ'লহি, তেতিয়া কিন্তু তাত পুখুৰী আৰু নাই, কেৱল মাটি আৰু মাটি। তিলতিলে ক'লে, তোমাৰ যাদু আছে, আইতা। আমি নানামো তোমাৰ পুখুৰীত। আমি যাওঁ। বুঢ়ীয়ে হাঁহিবলৈ ধৰিলে, যাওঁ বুলিয়েই কেনেকৈ যাবা, হয়নে? তোমালোক দুটাৰ বাবে তোমালোকৰ মাৰা-দেউতাৰাই
হাবিৰ কৰবাত নহয় কৰবাত অপেক্ষা কৰি আছে! তোমালোকৰ দৰেই মোৰ নিজৰো এহাল ল'ৰা-ছোৱালী আছিল। আজি বাৰ-তেৰ বছৰৰ আগতে এদিন এই অৰণ্যত
যেতিয়া তুমুল ধুমুহা আহিছিল, সিহঁত বাট
হেৰুৱাই হেৰাল যি হেৰালেই, কোনোদিনে আৰু
উলটি নাহিল। মই আজি অতদিনে সিহঁতহালক বিচাৰি আছোঁ, বিচাৰিয়েই পোৱা নাই আজিও। তোমালোকক এনেকৈ এৰি দিব নোৱাৰোঁ মই।"
ঠিক এইখিনিতে ছাৰে সৰ্পিলক ৰখালে, "বৰ ধুনীয়াকৈ কৈ গৈছা তুমি, সৰ্পিল। আৰু কিছু
নিশ্চয় বাকী আছে তোমাৰ কাহিনীটোৰ।"
"হয়, ছাৰ। তাৰ পাছত
..."
"ৰ'বা, ৰ'বা।" ছাৰে
পুনৰ মাত দিলে, "বাকীখিনি তুমি আৰু ক'ব নালাগে আজি। তোমাৰ কাহিনীৰ বাকীখিনি তুমি কাইলৈ আমাক
শুনাবা। কিন্তু তাৰ আগতে এই কাহিনীটোৰ হ'ব পৰা সমাপ্তিক
লৈ আমি আটায়ে কাম কৰিম।"
"মানে, ছাৰ?",
ৰাজনীতে সুধিলে।
"মানে এয়ে যে এই কাহিনীটোৰ এটা সামৰণি ইতিমধ্যে আছেই আৰু
আমাৰ সৰ্পিলে সেয়া জানে। কিন্তু এই কাহিনীটো সৰ্পিলে য'ত এৰি দিছে, তাৰ পৰা বেলেগ বেলেগ ধৰণে
আগুৱাই গৈ বেলেগ বেলেগ ধৰণে শেষ হ'ব নোৱাৰে জানো?"
"পাৰে, ছাৰ, পাৰে।" প্ৰায় আটাইবোৰেই একেলগে চিঞৰি উঠিল।
"মই সেয়ে তোমালোকক তোমালোকৰ ধৰণে কাহিনীটো শেষ কৰিবলৈ কওঁ
বুলি ভাবিছোঁ। এইটোৱেই হৈছে মই কোৱা খেলটো। থুপিতৰাই নিজৰ ধৰণে ক'ব, অৰ্জুনে ক'ব নিজৰ ধৰণে, নহ'বনে বাৰু? ইয়াৰ পৰা কি লাভ
হ'ব জানা? আমি সৰ্পিলৰ গল্পটোৰ পৰা আৰু বহুকেইটা বেলেগ বেলেগ গল্প পামগৈ। তোমালোকে যত্ন
কৰিবাচোন। আমি কাইলৈ শুনিম।"
ছাৰ শ্ৰেণীকোঠাৰ পৰা ওলাই গ'ল।
ল'ৰা-ছোৱালীহঁত অবাক হৈ গ'ল। এটা গল্পৰ পৰাই এনেকৈও অনেক গল্প যে ওলাব পাৰে, সিহঁত কাৰো একো ধাৰণাই নাছিল।
