অন্যযুগ/


নিকট-তীৰ্থ

 প্ৰদীপ শইকীয়া


(প্ৰতি অনুভৱ তুলসী)


মেঘপটীৰে বাট বুলিলে 

দুয়োৰে মাজত কণমানি বাঁহীৰ ফুটাৰে 

কোমলকৈ ফু এটিৰ বাট 


শিৰীষজোপাৰ  আদৰ-আঁচলত

আপুনি এতিয়াও মুখ লুকুওৱা এৱাঁশিশু


বেলিমুখ বেলকনিৰপৰা 

আপোনাক দেখোঁ নেকি সদায়ে চাওঁ 


ধলপুৱাতে চকু মোহাৰি এবাৰ

গৰখীয়া-বেলি পাহোৱাল হ’লে এবাৰ

সাঁজৰ তৰাৰ জকমকনিত এবাৰ 


নিৰ্জন চিতাৰ লোহাৰ চাঙটিত

নিশাচৰ-পখীৰ চোৰাং চকুৰে বাৰম্বাৰ


আমাৰ পাতিবলৈকে নহ’ল 

মেঘপটত মৌৰে লিখা নাম বাইজেনটিয়ামৰ পাছকথা


জাতি চন্দনৰ টোকাৰীত বব ডিলানৰ আঙুলি 

'মই মোৰ হাতখনকে তোমাক দিলোঁ' বোলা 

জ্যোতিৰ্ময় পপাৰ কথা শেষ হৈও শেষ নহয়

আমাৰ মাজত এৱাঁকথা আঁখি কাব্যৰ আহযাহ নিৰন্তৰ ৷


--- 

( নৱগ্ৰহৰ পৰা লিখিছোঁ ৷ এতিয়াও ডিঙি মেলিলেই আপুনি ৷ ইতি- ঘাঁহেচীয়া ঘাঁহীৰ প্ৰদীপ শইকীয়া)


  


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ