ষষ্ঠ খণ্ড
নাৰী
স্ত্ৰী লিঙ্গ৷ ১ নৃজাতিৰ বা নৰজাতিৰ স্ত্ৰী; নৰেৰ ধৰ্ম্যা; স্ত্ৰীলোক, সীমন্তিনী৷ “ৰামায়ণ৷ মনুসংহিতা৷ (পদ্মিনী চিত্ৰিণী শঙ্খিনী হস্তিনী ভেদে নাৰী চতুবিৰ্ধা, ৰসমঞ্জ³ৰী৷ ভাৰতচন্দ্ৰ)৷ ২ (বাংলাত) পত্নী৷ ময়নামতীৰ গান৷ ৰামেৰ নাৰী৷ -কৃত্তিবাসী ৰামায়ণ৷ কাশীদাসী মহাভাৰত৷ সম্বৰেৰ নাৰী, কবিকঙ্কণ-চণ্ডী৷ ৩ স্ত্ৰীজাতিমাত্ৰ৷ “সাৰী নাৰী, শুক পুৰুখ৷ -জ্ঞানদাস৷ [নাৰীকলা (বিশেষ্য) স্ত্ৰীসুলভ চাতুৰী৷ “মোৰ ঠাঁই না ৰহে নাৰীকলা, মনসামঙ্গল৷ বিজয়গুপ্ত৷ ২ ৰতিশাস্ত্ৰ৷ “বিবিধ প্ৰকাৰে গোদা জানে নাৰীকলা৷ মনসামঙ্গল৷]
– ‘নাৰী’৷ হেৰি,
‘না’ৰে
যে কথাৰ পাতনি মেলিলে? কথাটো ভাল হ’ল জানো?
– গণ্ডগোলৰ একো
নাই কিন্তু নিমপাতখিলা তিতা, ননদজনী দন্দুৰী৷
– হয়, ‘নাৰায়ণ’
আছে৷ কিন্তু তেওঁৰ বাসতো আকাশত৷ বিপদ-আপদত মাত দিব পাৰে৷ কিন্তু ওকনিবোৰ? সিহঁতৰ
বাস চুলিৰ মাজত৷ মাতক-নামাতক সিহঁতে কৰ্ম কৰিয়েই যাব৷ তুলিব নোৱাৰিব, চিৰস্থায়ী
বন্দোৱস্ত হৈ গৈছে৷
– খতম কৰা যাব
বুলি কৈছে? গেমেকচন দিলে দুই-তিনি সপ্তাহলৈ আত্মীয়-স্বজনৰ
ঘৰলৈ যায় ঠিক কিন্তু ভেটি নেৰে৷ ধৰক এৰিলে কিন্তু নাকটো? সেইটো উঠিবনে
গেমেকচনত?
– নহয়, নাকত
ওকনি হ’ব কেনেকৈ! দেহতত্ত্বৰ কথা কৈছোঁ৷ নাক, নাই, নখ,
নুনু
– সব কেইটাই বাজে অঙ্গ৷ হাত, ভৰি, মুখ, চকুৰ
স’তে সিহঁতৰ জ্ঞাতি সম্পৰ্ক নাই৷
– ‘মহিলা’ বুলি
কৈছে, বৰ ভাল কথা৷ কিন্তু জানেনে ‘মহিলা’ বাছত থাকে৷ ডেকা ল’ৰাবোৰ তাত বহিব
নোৱাৰিব৷ তেওঁলোকৰ ব্যৱস্থা উল্টাফালে৷ কিন্তু ছাগলি-মুৰ্গী লৈ একেলগে বহিব পৰা
নহ’ব৷ উঠিব লাগিব বাছৰ মূৰত৷ ক’লে মেলিলে তাত দুই-চাৰি পইচা ৰেহাই দিয়ে৷ তাৰ ওপৰত
পানী-বতাহৰ অভাৱ নাই৷
– ‘ছোৱালী
মানুহ’, হয় বেয়া কোৱা নাই৷ তবে ভাল কথা পুথিত পাব৷ বিন্দে দাসীয়ে পুথি পঢ়িব
নাজানিছিল কিন্তু শুনি শুনিয়েই মনত ৰাখিছিল৷ কণ্ঠস্বৰ আছিল কুলি চৰাইৰ দৰে৷ আহ্,
কি
যে মধুৰ গীত গাইছিল –
তেওঁ যে ৰসৰ পুতলী বালা
কৰে মদনমোহন লীলা
চেতন ...
– আপোনালোকক লৈ
এয়াই হৈছে মুস্কিল৷ তৎ নাইকীয়া কৰিছে কিয়? বস্তুটোকতো পাগত উঠিবলৈ দিব লাগিব৷
পাগত উঠিবলৈ নিদিলে গোন্ধটো ঠিকঠাক মতে পাবনে? নিচা হ’বনে?
পাৰৰ
ঠেঙটো চোবাওক আৰু চপ্ চপ্কৈ বটলৰ ৰস টানক৷ সন্ধিয়া লাগিলহে, গোটেই
ৰাতিটো পৰি আছে৷ বালা তেহে আহিব৷
– বিচাৰিলেই
বাৰু আহিব পাৰিনে? বৰ ভাল কথা ক’লে৷ আলটিয়া মাটিত বৰ আঠা৷ এটোপাল
পানী পৰিল কি নপৰিল, ৰাস্তাটো একেবাৰে বোকাত থকা মাছৰ দৰে হৈ পৰে৷
দুখোজ আগুৱাই তিনিখোজ পিছুৱাই যাব৷ অলপমান বে-হিচাপী হ’লেই ধূপুচ, যেন
তালৰ থোকটো কটাৰীৰ ঘাপত গছৰ তলত৷
– নাই, মই
পৰা নাই৷ জগাই নন্দীৰ কথা কৈছোঁ৷ তেওঁৰ সৰুছোৱালীজনীয়ে কিমান দিন যে শিৱৰাতি পালন
কৰি আহিছে৷ আমাৰ পুখুৰীৰ পাৰলৈ ফুল বুটলিবলৈ আহিছিল৷ এৰা পাত্ৰ এজন পালে৷ বি ডি অ’
অফিচৰ কেৰাণী৷ পঞ্চাছ হাজাৰ পণ দাবী কৰিছে৷ ভোলানাথৰ বাহনটো বেচিলেও ইমান টকা
নুঠিব৷
– হয়, ভাল
কথা কৈছে, ৰমণী৷ বিন্দেই গাইছিল, ‘বাঢ়িল মদন কৰিলে ৰমণ জাপিলে ৰমণীৰ
স’তে’৷ তেনেহ’লে নাৰী, মহিলা, বালা একোৱেই নহ’ল, হ’লগৈ
ৰমণী৷
– কেনে ৰমণী
সুধিছে? চাজাহানৰ মমতাজ, মজনুৰ লায়লা, উত্তমৰ
সুচিত্ৰা৷
– নহয় হেৰি,
তাজমহল
দেখা নাই৷ আপুনি দেখিছেনে বাৰু?
– বাহ্ বাহ্
বেচ্ কথা৷ দেখিবইতো, দেখিবলগীয়া বস্তু৷ কিন্তু শিলত জানো মানুহ পোৱা
যায়? শিলৰ ভিতৰত তেওঁ সোমাই আছে৷ হাঁহৰ কণী দেখাত বেচ্ কিন্তু হাতত লৈ
কুসুমটো দেখা নাপাব৷ ভাঙিলেহে কুসুম৷ আকৌ ভগৱানৰ লীলা চাওক, কুসুমটো পালে
কিন্তু গোটা কণীটো নাপালে৷ খোলাটো দুফাল হৈ পানীপতাত পৰি আছে৷ তাজমহল হ’ল খোলা,
প্ৰাণটো
...
– হয়, ৰমণী৷
ৰমণীহঁতৰ বিষয়ত মইনো কি ক’ম বাৰু কওঁকচোন! কথাটো লক্ষীৰ বিদ্যা২৬১্াৰ নিচিনা কথা
নহ’বনে!
– হয়, উপায়
আছে৷ সেয়া ক’ব পাৰিব মোৰ সহধম্মিনীয়ে, ফুলুৱে, কিন্তু তেওঁ
জানো পৰপুৰুষৰ ওচৰত ক’ব৷ আপুনি বিয়া-বাৰ¸ কৰালেনে?
– অ’ তেনেহ’লেতো
আপোনাৰ ঘৰতেই দেখোন ধানৰ প্ৰকাণ্ড ডুলি৷
– সেয়া ঠিক,
ধান
হৈছে নানা ধৰণৰ৷ শালিৰ এক ৰূপতো আইৰেটৰ আন ৰূপ৷ এফুটীয়া আইৰেটৰ পাতৰ ওপৰত মাঘ মাহৰ
বিয়লিৰ ৰ’দৰ দৰে হাউলি পৰিব৷ শালি আকৌ চাৰি ফুটতো ইংৰাজী স্কুলৰ মাষ্টৰণি, ভৰিত
হাইহিল পিন্ধি খট্খট্কৈ খোজ কাঢ়ে৷
– হয়, চাউলত
গণ্ডগোল হ’লে ভাতত মাৰ৷ সেয়া হজম কৰিব নোৱাৰিব৷
– নহয়, উপায়
নাই বুলি কেনেকৈ কওঁ বাৰু! চকুৰে ধৰণটো বুজিব লাগিব৷ কিন্তু তাতো আন এক বিপত্তি৷
সেয়া হৈছিল কেনেলবাবুৰ৷ কৎসাৱতী নৈৰ পৰা কেনেল কাটি কাটি নামিছে৷ এই গাঁৱত এবছৰ
হ’লে তাৰ দহখন গাঁৱত পাছত আৰু এবছৰ৷ কেনেলৰ লগে লগে মটৰবাইকত কেনেলবাবুও আগুৱাই৷
এদিনাখন মদ-মুৰ্গী খাই শুবলৈ গৈছে৷ বচ্ সেই টোপনি আৰু ৰাতিপুৱা নাভাঙিল৷ ঘৰত অকলে
মৰি পৰি আছে৷
– হয়, বুইছে,
একেবাৰে
অকলেই৷ ওপৰলৈ যোৱাৰ সময়ত লগত কোনোৱে নাযাব৷ সৌ নেউলটোও অকলে যাব, আপুনিও
অকলে যাব৷ কেনেলবাবুৰ ডিঙিত কথা নাই, তেওঁৰ বাইকখনো বোবা৷ সিফালে কেনেলৰ
পাৰে পাৰে ঘৰলৈকে বাতৰি গ’ল৷ তাৰপাছত সেইয়া কি কান্দোন! ইমান ছোৱালীয়ে কান্দিছে যে
কেনেলবাবু পানীত ভাঁহিছে৷ তবে কোনটোনো কেনেলবাবুল আচল চাল বুজি উঠিব নোৱাৰিলোঁ৷
ঘৰৰ চাউল আৰু দোকানৰ চাউল মিলি একাকাৰ হৈ গ’ল৷
– ৰমণীৰ মনৰ কথা
ভাবিছোঁ হেৰি৷ হয়, এজনে জানিছিল, নাম কালাচাঁদ
গায়ন৷
– নহয়, সাক্ষাৎ
নহ’ব৷ মৰিল৷ গোকুলপুৰৰ মানুহ৷ কোকশাস্ত্ৰ লিখিছিল৷ দুশ বছৰ জী আছিল৷
– নাই, মই
দেখা নাই৷ মোৰ ককাই দেখিছিল৷ ককাৰ পিছত লাগিছিল এজনী ভূতুনী৷ হাতত বাঁহি লৈ ঘৰৰ পৰা
ওলাই পৰিছিল ককা৷ সেই কালাচাঁদে চিকিৎসা কৰিছিল৷ দেশ এৰি পলাল ভূতুনী৷ যোৱাৰ পৰত
বাঁহিটো ভাঙি থৈ গ’ল৷
– কালাচাঁদৰ
সংসাৰৰ কথা সুধিছে? কোনো নাই৷ কাম হ’ল, কামিনী আহিল –
‘কামিনী’, দেখিলে ‘ৰমণী’ৰ সখীজনী কেনেকৈ ঘোপ মাৰি বহি আছিল? ৰমণী
আৰু কামিনী, এই যোৰা কেনে যোৰা হ’ল বাৰু কওকচোন?
– হয়, কালাচাঁদ৷
নহয় কালাচাঁদৰ সংসাৰত কোনো নাই৷ বংশ উছন হ’ল৷ কাম হ’ল, কামিনী আহিল
কিন্তু কমলা গছত ফল নধৰিল৷ তেনেহ’লে কাহিনীটো শুনক৷ মহাদেৱৰ নামত টোপোলা বান্ধি
সাধুবাবা এজন মন্দিৰলৈ ইচ্চা পূৰণৰ হকে গৈছিল৷ তেওঁ ভঙা শিৱমন্দিৰটোত গাত কাপোৰ লৈ
পৰি আছে৷ মহাদেৱে ইচ্চা পূৰণ কৰিলেহে উঠিব৷ সিফালে ৰাতি হৈছে, কালাচাঁদ
আহি হাজিৰ৷ কামিনীগৰাকীয়ে বিয়লি পৰত চকুৰ ইঙ্গিতেৰে ৰাতি শিৱমেলালৈ আহিবলৈ কৈছিল –
পেট কৰাব৷
– নাই, নাহিল৷
গিৰীয়েকৰ চকুত টোপনি নাই, উঠিব কেনেকৈ? শলখা খুলিবলৈ
গ’লেই ধৰিব, ‘যাওঁ ক’লৈ?’ সিফালে
কালাচাঁদে এটাৰ পিছত এটাকৈ বিড়ি হুপিছে৷ অপেক্ষাৰ অন্ত হওঁ হওঁ অৱস্থা৷ থিয় হৈ
থিয় হৈ ভৰিত সিৰামূৰি ধৰিছে৷ হঠাৎ কালাচাঁদৰ চকু পৰিল শিৱ মন্দিৰত৷ দেখে এজনে
কাপোৰেৰে গা ঢাকি শুই আছে৷ কালাচাঁদে ভাবিলে কামিনীজনীয়ে চাগে’ তাৰ স’তে ধেমালি
কৰিছে৷
– নহয়, কালাচাঁদে
তাইক মাত-বোল কৰা নাই৷ সাধুৰ কাষতে বহি হাতখন টানি আনি ক’লে, ‘আহ,
তোৰ
পেট কৰোঁ’৷ বচ্, সাধু খঙত অগ্নিশৰ্মা৷ ক’লে,‘কুকুৰ,
তোৰ
বৰ তিৰীত চখ৷ অভিশাপ দিলোঁ, তই নিজেই তিৰী হৈ যা৷’
– হয়, হৈ
গ’ল৷ চকুৰ পতা নুমুদুতেই দমৰাটো একেবাৰে দামুৰী৷
– কি কৰিবনো আৰু
কওকচোন৷ ইমানদিন খুন্দিয়াই ফুৰিছিল, এইবাৰ খুন্দা খোৱাৰ পাল৷ কিন্তু ওৰে
জীৱন দামুৰী হৈ নাথাকিল৷ সাধুক তুষ্ট কৰি আকৌ কেইবছৰমানৰ পাছত মতা হৈ গ’ল৷
কালাচাঁদ বাচি থকা হ’লে দুই জন্মৰ কথাই ক’ব পাৰিলেহেঁতেন৷ এতিয়া আৰু কোনোৱে
নোৱাৰিব৷ এতিয়া ল’ৰাটোক সুধিলে ক’ব, ‘বাবা’, ছোৱালীজনীয়ে ক’ব
‘মা’৷ যিটো ল’ব লওঁক৷
– পুৰুষৰ জীৱনত
কামিনীৰ ঠাই ক’ত সুধিছে? হেৰি, বৰ জটিল প্ৰশ্ন
কৰিলে৷ জীৱন হ’ল অজগৰ সাপ, যিমান বহল সিমানে দীঘল৷ দুহাতেৰে
কেনেকৈ তুলিব? কিন্তু দিনৰ হিচাপটো কৰিব পাৰিব৷ কামিনীয়ে মচলা
পিহে, পানী আনে, চৌকা জ্বলায়, ঘৰ সাৰি খাবলৈ
দিয়ে৷ পটাগুটি, কলহ, চৌকা, জাৰু সকলোবোৰেই
কামিনীৰ হাতত৷ কামিনী বিহনে গতি নাই৷
– কামিনী
কেতিয়াবা ভনী, কেতিয়াবা জননী, কেতিয়াবা ঘৈণী৷
আহ্, লাখ কথাৰ এটা কথা ক’লেচোন৷
– সকলোৰে ওপৰত
কোনটো সুধিছে? এয়া বাৰু তুলাচনীৰে জুখিব পাৰিনে!
– ভাল কৈছে,
নাড়ী
ছিঙা ধন হৈছে ল’ৰা-ছোৱালী৷ এইটো সকলোৰে ওপৰত৷ তাৰ ওপৰত বস্তু নাই৷ তাৰ পাছত
জ্ঞাতি-কুটুম্ব, সেয়া চলিব সাতপুৰুষলৈকে৷ ইয়াকে বোলে তেজৰ
সম্পৰ্ক৷ পত্নীৰ কথা বেলেগ৷ ভূতেশ ডাক্তৰে ক’লে বোলে শৰীৰত তেজ নাই৷ মিছা নকওঁ,
ফুলুৱে
বহুত কৰিছিল৷ ইটো সিটো, হেমপেথি ঔষধৰ দোকান, শামুক সিদ্ধ –
সকলো৷ ঘৈণী সকলো সময়তে লগত আছে, সেইয়া তেওঁ তেজ থাকিলেও আছে নাথাকিলেও
আছে৷
– আপুনি বৰ
ধূৰ্ত মানুহ৷ এনেদৰে চৌপচৌপকৈ মাল টানিছে যে লোকে ভাবিব কিবা কাঠি এডালহে যেন
চুপিছে অথচ তালত আপুনি ঠিকেই আছে৷ মতা মানুহৰ জীৱনত কামিনীৰ ঠাই কি সেয়া জানিও
এইবাৰ বিপৰীতটোহে সুধিছে৷
– সেয়াতো ঠিকেই,
দুয়োটাই
দৰকাৰ৷ এটি নাথাকিলে সংসাৰখন বিধৱা হৈ পৰিব৷ ‘আহাঁ’ বুলিবলৈও কোনো নাথাকিব৷ তেতিয়া
চাব জলকীয়াত জ্বলা নাই, তেঁতেলীত টেঙা নাই, গুড়ত মিঠা নাই৷
হয়, এডোখৰ ঠাই পাইছোঁ৷ মা-কালীৰ ভৰিৰ তলত ভোলানাথ৷ মনলৈ আৰু একো অহা নাই৷
– ভাবিবলৈ কৈছে?
তাৰ
আগত অলপমান ডিঙিত ঢালি দিওঁ৷ হয়, মনত পৰিছে, ইন্দ্ৰ৷ সকলোতকৈ
ডাঙৰ দেৱতা৷ তেওঁকো পেটৰ ভিতৰত সুমুৱাই থ’লে কামিনীজনীয়ে৷
– ক’ত পঢ়িছিলোঁ
সুধিছে? পঢ়া নাই হেৰি, শুনিছোঁ৷ সাক্ষৰতাৰ কিতাপত সেয়া নাই৷
অনেক জাৰি-জোকাৰি তেতিয়াহে কিতাপৰ মাল৷ তাত পাব ‘ভাৰতৰ সাধক’,‘স্বাধীনতা’,
‘আমি
আৰু পৃথিৱী’ – এইবোৰ৷ ইন্দ্ৰৰ কাহিনী আছে শাস্ত্ৰত৷ অমূল্য বাগদিয়ে তাৰ পৰা লৈয়েই
জাত-শাকিৰ গান ৰচিছিল৷ কিন্তু কামিনীগৰাকীৰ নাম ক’ব নোৱাৰিম৷
– হয়, কওঁ
তেনেহ’লে৷ ঋষি আছে, ঋষিৰ ঘৈণীয়েক আছে৷ ঋষি জপ-ধ্যানত থাকে৷
পূজা-হোম বৰকৈ কৰে৷ দিনে-ৰাতিয়ে মন্ত্ৰ জপে৷ সিফালে কামিনীগৰাকীৰ স’তে ইন্দ্ৰৰ
হিয়া দিয়া-নিয়া৷ একেখন বিছনাতে শুৱে৷ এদিনাখন দিনদুপৰতে ইন্দ্ৰ আহি হাজিৰ৷
কামিনীগৰাকীয়ে ক’লে ‘উভতি যোৱা বাপু, ৰাতিলৈ আহিবা৷’ কোনে শুনে কাৰ কথা!
ঘৰলৈ সোমাই আহিল৷ সিফালে মুনি হোমৰ বাবে কাঠ-বাহ জোগাৰ কৰি ঘৰলৈ উভতিছে৷ ইন্দ্ৰ
হাতেলোতে ধৰা পৰিল...
– নহয়, ধৰা
নপৰিল৷ ইন্দ্ৰক পেটৰ ভিতৰত সুমুৱাই থ’লে কামিনীজনীয়ে৷
– নহয়, সমাধান
নহ’ল৷ সেইদিনাই দুপৰীয়া আন এক মুনিৰ ঘৰত ভাত খোৱাৰ নিমন্ত্ৰণ আছিল৷ দুয়োজনেই গৈছে৷
ৰন্ধা-বঢ়া শেষ৷ পানী-দুনি চটিয়াই আসন পাতিছে৷ মুনিয়ে দেখে দুজন মানুহ বহিবলৈ
তিনিখন আসন পাতিছে৷ থাউনি পোৱা নাই৷ শেষত ধ্যানত বহি দেখে ঘৈণীৰ পেটৰ ভিতৰত বহি
আছে ডাঙৰজন দেৱতা৷ তেনেহ’লে বুজিলেনে ঠাইৰ অভাৱ নাই৷ ভৰিৰ তলত, পেটত,
মূৰৰ
ওপৰত, কাষত – সকলোতে ঠাই পাব৷
– পুৰুষ পাহাৰ
আৰু কামিনী নদী বুলি কৈছে? পুৰুষ মানুহক লেটা আৰু মহিলাক পখিলা
বুলি কৈছে? হেৰি, কোনখন দেশৰ কথা কৈছে?
– আমাৰ দেশ
বুলিছে? চণ্ডী, শীতলা, ষষ্ঠী, মনসা, মমতা
বেনাৰ্জী – এইবোৰৰ কোননো ঠাণ্ডা হেৰি? গঙ্গাৰ ঘৈণীজনীক খাঁন চুবুৰীৰ মুকুন্দই
ৰাতি চিকুটা-চিকুটি কৰিবলৈ গৈছিল৷ সেয়ে ফলা খৰি এডালেৰে এনেকৈ কোবালে যে এবছৰে আৰু
এই চুবুৰীৰ ফালে ঘূৰি চোৱা নাই৷ মাইকী মানুহ নৰম আৰু পুৰুষ মানুহ গৰম, এইবোৰ
ডাঙৰীয়া মনে গঢ়া কথা৷
– কোনে কৈছে,
কালিদাসে
কৈছে বুলি কৈছে? চাৰিআলিৰ চানাৱালাটোৱে? সি বাপেকে ....
– অ’, বুজিছোঁ,
কিতাপৰ
কালিদাস৷ সেই যে গছৰ ডালত বহি বহি থকা ডালটোৰ গুৰিত কাটিছিল৷ পাছত বিদ্যাদেৱীৰ
ইচ্ছাত পণ্ডিত হ’ল৷ মই মুৰ্খ মানুহ, পণ্ডিতৰ কথা ক’ব নোৱাৰিম৷
– আপুনি যদি
জোৰকৈ ধৰে তেনেহ’লে মানী লোকৰ মান নাথাকিব৷ পাঁচবাৰ ভাবি কওক৷ পাছত নক’ব দুখেৰ সৰু
মুখত ডাঙৰ কথা৷ সন্মুখত বাবা কালবীৰ, মই সাক্ষী ৰাখি কথা ক’ম৷
– যেতিয়া ইমানকৈ
কৈছে, সঁচা কথাটো শুনক৷ আপোনাৰ কালিদাসে কামিনী দেখা নাছিল৷ অৱশ্যে দোষ নাই,
ঘৈণী
প্ৰথম ৰাতিয়েই পলাই গ’ল৷ বিয়াখন অথলে গ’ল৷
একেবাৰে বেহুলাৰ কপাল৷ তাৰ পাছত কালিদাসে দেখা মাইকীমানুহ হ’ল সৰস্বতী৷ দেৱদেৱীৰ
কথা বেলেগ৷ তেওঁলোকৰ স’তে বাৰু ঘৰ-সংসাৰৰ কামিনীহঁত মিলেনে?
–হয়, কামিনীক
চিনি পাইছিল এজনে, তেওঁ বাবা মহাদেৱ৷ তেওঁৰ পৰাই সকলোৱে
কোকশাস্ত্ৰ শিকিলে৷ শিৱলিঙ্গ দেখিছেনে? সেইটো সতী যোনিত সুমুৱাৰ পাছতেই
পৃথিৱীত প্ৰথম জুই জ্বলিল৷ সেই জুইকুৰা জ্বলিছিল বাবেইতো আপুনি ফক্ফক্কৈ চিগাৰেট
হুপিছে৷
– নিতম্বনো কি
সুধিছে? নাজানো হেৰি৷ ‘ন’ দি আৰম্ভ যেতিয়া বস্তুটো সুবিধাজনক নহয়৷
– অ’ তপিনা৷ নহয়,
পাহাৰৰ
নাইবা নদীৰ তপিনাৰ কথা ক’ব নোৱাৰিম৷ কিন্তু লেটা আৰু পখিলাৰ তপিনা আছে৷
– কামিনীৰ তপিনা
সোনৰ কলহৰ দৰে বুলি কৈছে? বুজিছোঁ, এইটোও কালিদাস৷
বাৰু তপিনাৰ কথা যেতিয়া হৈছেই খবৰ এটা দিয়কচোন৷ চাহৰ দোকানত শুনিছিলো কোনোবা মাইকী
মেজিষ্টেটৰ তপিনাত পুলিচে থাপৰ মাৰিছিল৷ তাক লৈ মামলা-মোকদ্দমা, বাতৰি
কাকতত হৈ-ছৈ৷ কথাটো কি হ’ল কওকচোন?
– জৰিমনা হৈছে৷
হোৱাৰে কথা৷ সভ্য হ’ব লাগিব৷ অসভ্য আচৰণ কৰিলে পাঁচজনে গাৰ কাপোৰ খুলি এৰি দিব৷
কিন্তু আপোনাৰ, বেয়া নাপাব, লোটোৰা স্বভাৱ
এটা আছে৷ যি কৰিব ভাবিগুণি কৰিব৷ মুকুন্দ চকিদাৰক চিনি পায়নে?
– সেয়াতো হয়েই,
চিনিবনো
কেনেকৈ? গাঁৱৰ মানুহে চিনি পায়৷ মুকুন্দ সপ্তাহত এবাৰ থানালৈ গৈছিল৷ সি থকাৰ
সময়ত মানুহবোৰক বৰ উপকাৰ কৰিছিল৷ থানাৰ পৰা গাড়ী ওলোৱা মাত্ৰেই খবৰ বিয়পিল৷ সৱ
চৰু তেতিয়া বৰপুখুৰীৰ পাৰত৷
– জী আছে কিন্তু
সেই আৰু, ঘৰৰ পৰা চোতাল, চোতালৰ পৰা ঘৰ৷ দেখিলে বুজিবই নোৱাৰিব,
ৰজা
হৰিশচন্দ্ৰৰ আজি কি অৱস্থা! আপুনি অতপৰে যিমানখিনি হাড়িয়া খালে সেইখিনিৰে মুকুন্দ
চকিদাৰে আচমনহে কৰিলেহেঁতেন৷ আপোনাৰ নিচিনাকৈয়ে তাৰ অলপমান মাইকী মানুহৰ প্ৰতি
দুৰ্বলতা আছিল৷ হাবিক দেখিলে বৰকৈ জোকাইছিল৷ কৈছিল, ‘হাবি তোৰ ভাবিব
লগানো কিডাল আছে, পেটৰ তলত যি ধন আছে সেয়া ভাঙিয়ে খাবি৷’
– হাবিয়ে কি
বুলি কৈছিল সুধিছে? কিনো ক’ব কওঁকচোন বাৰু? মেজিষ্টেটৰ
তপিনা হ’লে বিষয়¸টো কৰ্ট-কাছাৰীলৈকে যায়, হাবিৰ নিচিনা
ছোৱালীক পেট কৰিলেও কোৱাৰ কোনো নাই৷ আৰু ক’লেও শুনিবনো কোনে? তেন্তে
হাবিৰ আখ্যানটো শুনক৷
– হাবিনো কোন
সুধিছে? এই ওচৰৰ চুবুৰীতে থাকে৷ পাৰ্টিৰ মানুহে পঞ্চায়তত থিয় কৰাবলৈ মানুহ
বিচাৰিছে৷ হাবিক ধৰিছে৷ ‘আম’ ‘আম’ কওঁতে কওঁতে ‘ৰাম’ ‘ৰাম’ হ’ল৷ কেইবাৰ আৰু ‘নহয়’
বুলি ক’ব? শেষত ‘হ’ব’ হ’লগৈ৷ জিকিয়ো গ’ল৷ মানুহে মুখ মেলি শাড়ীৰ তলত
পেটিকোট-ব্ৰাউজ পিন্ধি হাবি মিটিঙলৈ যোৱা দেখিলে৷ ততদিনে মুকুন্দ পঞ্চায়তত
সোমালগৈ৷
– নহয় হেৰি,
পঞ্চায়তত
বাৰু ৰং-ধেমালি হয়নে! তাততো আৰু পদ্য মাতিব নোৱাৰিব৷ চাৰিওফালে টেবুল, চকী,
ঘড়ী৷
তাত ভৰি তুলি বহাৰ ব্যৱস্থা নাই, ওলমাই থ’ব লাগিব৷ কিন্তু সুখ আছে৷ মূৰৰ
ওপৰত বতাহ ঘূৰিছে৷ অলপপৰ বহিলে টোপনি আহি যাব৷
– হয়, মুকুন্দৰ
কথা কৈছোঁ৷ হাচ্পাতালৰ পৰা মানুহ আহি ক’লেহি ইমান ল’ৰা-ছোৱালী হ’লে খুৱাবিনো কি?
ব’ল,
অপাৰেশ্যন
কৰিবি৷ পইচাও দিছিল৷ সেয়ে পাঁচ-সাতজনী মাইকী মানুহো মান্তি হ’ল৷ লগত হাবি আৰু
মুকুন্দও গ’ল৷
– হাচ্পাতাল এই
ওচৰতে৷ বাছত উঠিছে চাৰি টকা ভাড়া খোজ কাঢ়িলে ছয় মাইলমান হ’ব৷ মাইকী মানুহবোৰক
দেখি ডাক্টৰে ক’লে, ‘তোমালোকৰ গাঁৱত মতামানুহ নাই নেকি?’ কথাষাৰ
মিছা কোৱা নাছিল৷ সকলো চুপ৷ হাবিয়ে ক’লে, ‘মতাবোৰৰ ঘৈণীৰ ওচৰত যিহে ফুটনি৷ মতা
মানুহ বুলিবলৈ এজনেই, মুকুন্দ দফাদাৰ৷’
– নহয় নহয়,
তেওঁ
আৰু মান্তি হ’বনে! সব মাইকীমানুহে জোৰ দি ধৰিলে৷ বচ্, ডাক্টৰে ছুৰি
উলিয়াই তাক খাহী কৰি দিলে৷ হেৰি, কামিনীহঁতৰ বিষয়ত দুই-চাৰিজন পুৰুষৰ
গণ্ডগোল থাকে৷ কিন্তু জজ-মেজিষ্টেট-পঞ্চায়তত হাত নিদিয়ে৷ কালিদাসৰ সাঁথৰ মানি
চলিলে ফচি যাব৷ মুকুন্দ দফাদাৰৰ অৱস্থা হ’ব৷
– কামৰ পৰা
মুক্তিৰ উপায়নো কি সুধিছে? হেৰি, মুক্তি পাইনো
কিডাল হ’ব? কামনা নাথাকিলে কামিনী নাথাকিব, কামিনী
নাথাকিলে কাম নাথাকিব৷ সকলো থাকক কিন্তু জোখটো যেন ঠিক থাকে৷
– জোখ ঠিক
ৰাখিবলৈ ধৰ্ম কৰিব লাগে বুলি কৈছে? ইচ্চা হ’লে কৰক তবে মতা মানুহৰ সেয়াত
কাম হয়নে! ধৰ্ম মানে পূজা, পূজ মানে উপবাস৷ য’ত উপবাস সকলোবোৰ
ছোৱালী মানুহৰ, জলা-নিজ্জলা সকলোবোৰ৷ তাতনো আপোনাৰ কাম কমিব
কেনেকৈ? বিপৰীতে বাঢ়িহে যাব পাৰে৷
– বিশ্বাস নহ’ল
নহয়নে? তেনেহ’লে শুনক৷ চৌধুৰীহঁতৰ বিষ্ণুৰ সংসাৰ৷ ঘৰত মাছ-কণী চলে কিন্তু
মাংস নোসোমাই৷ ল’ৰাবোৰে অৱশ্যে সেয়া ভঁৰালৰ সিপাৰে ৰান্ধি-বাঢ়ি খায়৷ মাংস মানে
শৰীৰত তাপ৷ চৌধুৰীহঁতে অষ্ট প্ৰহৰ নাম-সংকীৰ্তন কৰালে বজাৰত৷ কামিনীহঁত লঘোনে থাকি
ডিঙিত কাপোৰ লৈ বহি আছে৷ সিফালে মাজুজনৰ খোজ-খবৰ ল’বলৈ গৈ দেখে ধানৰ দ’মত পূব
চুবুৰীৰ সাৱিত্ৰীৰ স’তে শুই আছে তেওঁ৷
– অৰ্থৰ স’তে
কামৰ সম্পৰ্ক কি বুলি সুধিছে? সেইটোৱেইতো আচল কথা৷ টকা-পইচা নাই
বাবেই ছোৱালীবোৰে শৰীৰ বেচিবলৈ যায় আৰু যিসকলৰ টকা-পইচা আছে তেওঁলোকে কিনিবলৈ যায়৷
বিয়াত যৌতুক আৰু বেয়া – শৰীৰো গ’ল, ধনো গ’ল৷
–কাম এবিধ কলা
হয়নে নহয় সুধিছে? বৰ ভাল প্ৰশ্ন কৰিছে৷ কলাতো হয়েই কিন্তু
গোটেইকেইটা গছপকা নাপাব৷ আজিকালি ঔষধত পকিবলৈ লৈছে৷ তাত জিভাৰ সুখ নাই৷
চন্দ্ৰকোণাৰ বিকাশ ডাক্টৰৰ কথা শুনিছেনে?
– কিহৰ ডাক্টৰ
নাজানে? ৰোগৰ৷ মানুহৰ ডাক্টৰ, গৰু-ছাগলীৰ নহয়৷ ডিঙিত নল ওলমিছে৷
ৰুগীয়ে খদমদম লগাইছে৷ দেখিলে ধাৰণা হ’ব গুড়ত পিঁপৰাই ধৰিছে৷
– টকা৷ তাৰ
টকাৰে পাহাৰ এখন গঢি.ব পাৰিব৷ দোকমোকালিত যিমান ৰুগী, ৰাতিও সিমান৷
ডাক্টৰৰ ঘৈণীজনী কাম কৰা মানুহটোৰ লগত পলাই গ’ল৷ এফালে বাহিৰৰ লখিমী জেপত সোমাইছে
আৰু আনফালে ঘৰৰ লখিমীজনী পাছ দুৱাৰেদি পলাইছে৷ এইবাৰ ডাক্টৰৰ কথাটোকে ভাবক৷ ইমান
সম্পত্তি থাকিও হাতত বেঙটো৷
– হেৰি আপোনাৰ
মুখখন ক’লা হৈ গ’ল যে৷ ভয় কৰাৰ কি আছে? এজনৰ ঘৰ ভাঙিল হয় কিন্তু আন এজনৰ
ঘৰখনতো গঢ়িলে৷ নদীৰ কথা ভাবক – এটা পাৰ ভাঙে যদি সিটো পাৰ গঢ়ে৷ আৰু অলপমান
হাড়িয়া ডিঙিত বাকক, পাছত চাব এতিয়া যিটো কলা দেখিছে তেতিয়া সেইটো
লীলা৷
(আগলৈ)
