অন্যযুগ/


ৰ'দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী


মন দাপোণত-২৩

                       

 

নামৰূপ, কলকাতা আৰু হেমাঙ্গ বিশ্বাস :

 

নামৰূপত চাকৰি কৰি থকাৰ সময়তে কেতবোৰ নতুন নতুন অভিজ্ঞতা আৰ্জন কৰাৰ সুযোগ-সুবিধা মিলিছিল৷ তাৰ ভিতৰত অনন্য আছিল নামৰূপৰ পৰা প্ৰথমবাৰৰ বাবে কলকাতালৈ যোৱা আৰু গণশিল্পী হেমাঙ্গ বিশ্বাসৰ বিৰল সান্নিধ্য লাভ কৰা৷ সেই বিৰল সুযোগ আহিছিল নামৰূপৰ এক অনুষ্ঠানত এগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে হোৱা মুখা-মুখিৰ জড়িয়তে৷

     সেয়া ১৯৭৯ চনৰ কথা৷

  নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰত বহাগী বিদায় অনুষ্ঠানৰ আয়োজন চলিছে৷ অন্যান্য আমন্ত্ৰিত শিল্পীসকলৰ মাজৰে এগৰাকী আছিল পম্পা গগৈ৷ তেওঁ আছিল কুল গগৈৰ জীয়ৰী৷ কুল গগৈয়ে সেই সময়ত কলকাতাৰ নেশ্বনেল লাইব্ৰেৰীত কাম কৰি আছিল৷ ‘পথাৰৰ কবিৰাম গগৈৰ ভাতৃ কুল গগৈৰ আচল ঘৰ আছিল নাহৰকটীয়াৰ সমীপৰ টিংখাং অঞ্চলত৷ তেখেতৰ জীয়ৰী পম্পা গগৈ এগৰাকী ভাল গায়িকা আছিল৷ তাপবিদ্যুৎ কেন্দ্ৰৰ বহাগী বিদায় অনুষ্ঠানলৈ কিবা সূত্ৰে সেই বছৰ পম্পা গগৈ আমন্ত্ৰিত হৈছিল আৰু দেউতাক কুল গগৈয়ে তেওঁক লগত লৈ আহিছিল৷ সেই অনুষ্ঠানলৈ আহোঁতেই কুল গগৈ আৰু পম্পা গগৈৰ সৈতে মোৰ চিনা-পৰিচয় ঘটিছিল৷

   পিছদিনা প্ৰণতি খাওন্দ-ভূপেন খাওন্দৰ কোৱাৰ্টাৰত পম্পাহঁতৰ আগমন উপলক্ষে `জলসাৰ আয়োজন কৰা হ’ল৷ সাধাৰণতে তাপবিদ্যুৎ কেন্দ্ৰৰ সাংস্কৃতিক সমাজৰ ই এক পৰম্পৰা হৈ পৰিছিল৷ সিদিনা সন্ধিয়া পম্পাৰ লগতে প্ৰণতি খাওন্দ আৰু ময়ো গান গাইছিলোঁ৷ প্ৰণতি খাওন্দে কথা প্ৰসংগত কুল গগৈক মই যে তেজপুৰৰ জ্যোতি-বিষ্ণুৰ ঠাইৰ মানুহ আৰু সেই দুয়োগৰাকী পুৰোধা শিল্পীৰ গানৰ চৰ্চ্চা কৰো, সেই কথাটো কোৱাৰ পিছত মোৰ পৰা তেখেতে জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ গান শুনাৰ আগ্ৰহ প্ৰকাশ কৰিলে৷ ময়ো বচা বচা দুটামান গান শুনাই দিলোঁ৷ কুল গগৈয়ে গানকেইটা শুনি বৰ ভাল পালে আৰু জীয়ৰী পম্পাকো তেনেকুৱা দুটামান গান মোক শিকোৱাৰ প্ৰস্তাৱ দিলে৷ এটা সময়ত জলসাৰ অন্ত পৰিল আৰু খাই বৈ আটায়ে ঘৰা-ঘৰি গ’লো৷ পিছদিনা কুল গগৈহঁত সম্ভৱ নাহৰকটীয়া হৈ কলকাতালৈ গ’লগৈ৷

সেয়া ১৯৭৯ ৰ মেমাহৰ কথা আছিল৷ সেই একে বছৰৰে জুনমাহৰ এক-দুই তাৰিখমানে কুল গগৈৰ পৰা চিঠি আহিল৷ কলকাতাৰ ‘এ এচ ক্লাব( Assam Socio Literary Clab)ৰ উদ্যোগত ২০ জুন তাৰিখে বিষ্ণু ৰাভা দিৱস পতাৰ যো-জা চলাইছে৷ গতিকে মই যি কোনো প্ৰকাৰে সেই তাৰিখৰ ভিতৰত কলকাতা পাবগৈ লাগে আৰু ক্লাবত আয়োজন কৰা বিষ্ণু ৰাভা দিৱসৰ সংগীতানুষ্ঠানত গীতে-মাতে ভাগ ল’বগৈ লাগে৷ হঠাৎ তেনে এটা নিমন্ত্ৰণ পাই প্ৰথমে মই থতমতেই খাইছিলোঁ৷ কথাটো বন্ধু বানেশ্বৰ খাউন্দ, সুৰজিত বৰুৱা আৰু প্ৰণতি গোহাঁই বৌৰ সৈতে আলচ কৰিলো৷ বানেশ্বৰ খাউন্দক যদিও নিমন্ত্ৰণ কৰা নাছিল প্ৰত্যক্ষভাৱে, তেওঁৰো কিন্তু মোৰ সৈতে একেলগে যোৱাৰ ইচ্ছা এটা আছিল, কিন্তু ব্যক্তিগত অসুবিধা হেতুকে তেখেত যাব নোৱাৰিব বুলি সিদিনা আমাৰ আগত প্ৰকাশ কৰিছিল৷

পাছদিনা খাওন্দে মোক লেৱৰেটৰীৰ পৰা কণ্ট্ৰোল ৰুমলৈ মাতি পঠিয়ালে৷ মই লগে লগেই আহিলো৷ খাওন্দে মোক ওচৰতে বহুৱাই লৈ নিমন্ত্ৰণটো পিছৰ বছৰলৈ পিছুৱাই দিয়াব  পৰা যায় নেকি ভাবিবলৈ পৰামৰ্শ দিলে৷ পিছৰ বছৰত হ’লে তেখেতো মোৰ সৈতে যাব পাৰিব৷ সেই সময়খিনিত বানেশ্বৰ খাউন্দ আৰু মই দুয়োজনেই ইমানেই আপোন হৈ পৰিছিলো যে এজনক এৰি আনজনে অকলে কোনো সাংস্কৃতিক অনুষ্ঠান আদিত ভাগ লোৱা, আনকি চিন্তা কৰাটোও অভাৱনীয় আছিল৷ সেয়ে শ্ৰীখাউন্দৰ প্ৰস্তাৱটো পোনচাটেই নাকচ কৰাৰ কথা ভাবিব নোৱাৰিলোঁ৷

একেদিনাই সন্ধিয়া সময়ত সচৰাচৰ অইন দিনাৰ দৰে সুৰজিত বৰুৱাৰ সৈতে তেওঁৰ লেম্ব্ৰেটা স্কুটাৰখনেৰে থাৰ্মেলৰ পৰা সাৰনগৰী বজাৰলৈ গৈ এপাক মাৰি অইন দিনৰ দৰেই ঘূৰি আহি প্ৰণতি গোহাঁইহঁতৰ কোৱাৰ্টাৰত সোমালোহি৷ সন্ধিয়া সময়ত আমি প্ৰায়েই চাকৰিৰ দায়িত্ব নেথাকিলে প্ৰণতিবৌহঁতৰ কোৱাৰ্টাৰত আড্ডা মাৰো৷ সেইদিনাও তেনেকৈ আহি সোমাওঁতে বৌৱে পোনে পোনে মোক কলকাতালৈ যোৱাৰ প্ৰস্তুতি কেনে চলিছে সুধিলে৷ মই বন্ধু খাউন্দে কোৱা কথাটো বৌক ক’লোঁ৷ বৌ লগে লগেই জক-জকাই উঠিল-‘কি অকৰা অ এইটো, এনেকুৱা সুবিধা বাৰে বাৰে আহিব নেকি? কুল গগৈয়ে আপোনাকহে মাতিছে, খাউন্দক মতা নাই নহয়? আপুনি অকলেই যাওক৷ নহলে পিছত পস্তাব৷সুৰজিত বৰুৱায়ো প্ৰণতিবৌৰ কথাটোতে হয় ভৰ দি ক’লে - অহাবাৰলৈ যে মাতিব তাৰ কি নিশ্চয়তা আছে? তেতিয়ালৈ কুল গগৈ তাৰ সভাপতি হৈ নেথাকিবওটো পাৰে ! আপুনি খাউন্দৰ কথা নুশুনিব, অকলেই গুচি যাওক৷দুয়োজনৰ কথা শুনি ময়ো ভাবিবলৈ বাধ্য হ’লোঁ, অহাবাৰলৈ নিমন্ত্ৰণটো পাম বুলিতো ক’ব নোৱাৰো৷ গতিকে হাততে পোৱা সুবিধাটো এৰো কিয়? লগে লগে মই অকলেই যাবলৈ সিদ্ধান্ত ল’লো৷

মই মোৰ কোৱাৰ্টাৰলৈ আহি ৰাতি চিন্তা কৰিলো, লগত তবলা বজাবৰ বাবে প্ৰণৱ খাউন্দক লৈ গ’লে একে লগে দুটা কাম হ’ব, লগ এটাও হ’ব আৰু তেওঁ মোৰ লগত তবলা সংগতো কৰিব পাৰিব৷ গতিকে প্ৰণৱ খাওন্দৰ ওচৰলৈ পুৱাই যোৱাৰ কথা ভাবিলোঁ৷ প্ৰণৱ খাওন্দ তেতিয়া ডিব্ৰুগড়ত থাকে, নামৰূপ থাৰ্মেল হাইস্কুলৰ চাকৰি এৰি পূৰ্ৱাঞ্চল বেংকৰ ডিব্ৰুগড় শাখাত কাম কৰে৷ সেইজন খাউন্দো নামৰূপত থাকোতে মোৰ নলে-গলে লগা বন্ধু আছিল৷ ভবা মতেই পুৱা ডিব্ৰুগড়লৈ বুলি ৰাওনা হ’লোঁ৷

গৈ প্ৰণব খাওন্দক বেংকত লগ ধৰি প্ৰস্তাৱটো দিলোঁ৷ তেওঁ কিন্তু আপত্তি নকৰিলে৷  চাকৰিৰ ছুটি লৈ ডিব্ৰুগড়ৰ পৰা নামৰূপলৈ আহিল৷ দুয়ো একেলগে নামৰূপৰ পৰা নৈশ বাচত গুৱাহাটীলৈ যাত্ৰা কৰিলো৷ গুৱাহাটীৰ পৰা ৰে’লেৰে কলকাতালৈ নতুন এক যাত্ৰা৷ তাৰ আগতে কলকাতালৈ যোৱাৰ সুযোগ পোৱা নাছিলো৷ ৰে’লত যাবলৈ যে আগতীয়াকৈ আসন সংৰক্ষণ কৰিব লাগে, সেইটো ভবাই নাছিলো৷ নামৰূপৰ সহকৰ্মী বাণীকান্ত ঠাকুৰীয়াৰ সম্পৰ্কীয় মানুহ এজনক বিচাৰি হাতে-ভৰিয়ে ধৰিলো কিবা যেন ব্যৱস্থা কৰি দিয়ে৷ তেখেতেও একো কৰিব নোৱাৰিলে যদিও কামৰূপ এক্সপ্ৰেছৰ বাহিৰে আন এখন ৰে’লৰ কথা ক’লে৷ সেইখনতে কিবা কৰি টিকট দুটা যোগাৰ কৰি কলকাতালৈ ৰাওনা হ’লোঁ৷ তেনেদৰে গৈ ২০ জুনৰ দিনাখন বাৰমান বজাত হাওৰা ষ্টেচন পালোগৈ৷

হাওৰা ষ্টেচনৰ আদব-কায়দা দেখি বিচূৰ্তি খালাোঁ৷ চৌদিশে কেৱল মানুহেই মানুহ৷ মানুহৰ মাজত কেনেবাকৈ এৰা-এৰি হওঁ বুলি দুয়ো দুয়োৰে হাতত খামুচি ধৰি বাট বুলিলোঁ৷ এটা সময়ত ষ্টেচনৰ পৰা বাহিৰলৈ ওলাই আহি টেক্সী এখন ধৰি নেশ্বনেল লাইব্ৰেৰীলৈ বুলি গ’লোঁ৷ তেতিয়ালৈকে কলকাতা মহানগৰখননো কিমান ডাঙৰ, নেশ্বনেল লাইব্ৰেৰীনো ক’ত, কিমান দূৰত একো নেজানিছিলোঁ৷ কুল গগৈয়ে মাথোঁ টেক্সী এখনত উঠি নেশ্বনেল লাইব্ৰেৰীলৈ বুলি ক’বলৈ কৈছিল৷ বঙালী ভাষা ক’বও নোৱাৰো, বুজিও নেপাওঁ তেতিয়া৷ সেই কাৰণে নেশ্বনেল লাইব্ৰেৰী বুলিয়েই লাহেকৈ কৈ থ’লো৷ আমি একমান বজাতহে কুল গগৈৰ ঘৰ পালোগৈ৷ তেখেত চিন্তাত আছিল সময়মতে গৈ পাম নে নেপাম বুলি৷ সেই সময়ত এতিয়াৰ দৰে ঘৰে ঘৰে ম’বাইলতো বাদেই ফোনো নাছিল ৷ কলকাতাত জুনমাহৰ গৰম কিমান হ’ব পাৰে সেয়া নকলেও হ’ব৷ কাপোৰ-কানি সলাই, গা-পা ধুই একলগে ভাতৰ পাততে বহিলো৷ ৰ’বৰ সময় নাছিল তেতিয়া৷ ২-৩০ ৰ পৰা সভা আৰম্ভ হোৱাৰ কথা৷

‘খাই-বৈ  উঠি পুনৰ কাপোৰ-কানি পিন্ধি আমি তিনিও ওলালোঁ৷ কুল গগৈয়ে টেক্সী এখন মাতিলে৷ টেক্সীত উঠি দুইমান বজাত আমি অসম ভৱন পালোগৈ৷ অসম ভৱনৰ দায়িত্বত আছিল ধীৰেন শৰ্মা (ধীৰেন শৰ্মাৰ তাৰ পাছতে দূৰ্ঘটনাবশতঃ কলকাতাতে অকাল মৃত্যু ঘটিছিল)এটা সময়ত নামৰূপ সাৰ-নিগমৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া আছিল৷ সেই সময়ছোৱাতে তেখেতক নামৰূপত ভাল দৰেই লগ পাইছিলো৷ তেখেতেই আমাক আদৰণি জনালে৷ ধীৰেন শৰ্মা, কুল গগৈ, প্ৰণব খাউন্দ আৰু তাত গোটখোৱা অন্যান্য লোকৰ সৈতে কথা পাতি থাকোতেই তলৰ মহলাৰ পৰা কথা পাতি পাতি কোনোবা ওপৰলৈ আহি থকা গম পালোঁ৷ ধীৰেন শৰ্মা আৰু কুল গগৈ ততাতৈয়াকৈ তললৈ নামি গ’ল৷ ‘লোড শ্বেডিঙ ৰ কাৰণে ‘লিফ্টয়ে কামকৰা নাছিল৷ অলপ পিছত দেখিলো পিন্ধনত কূৰ্তা-পায়জামা, পাচফালে বৈ পৰা দীঘল পকা চুলিৰে কথা কৈ কৈ এগৰাকী বয়োজ্যেষ্ঠ লোক ওপৰলৈ উঠি  আহিছে৷ সভাথলী পোৱাৰ লগে লগে আটায়ে আথে-বেথে মাতি নি বহুৱালেগৈ৷ তাৰ পিছতে সভাৰ কাম আৰম্ভ হ’ল৷ আৰম্ভণিতে যেতিয়া সেই বিশিষ্ট ব্যক্তিগৰাকীক উপস্থিত ৰাইজৰ আগত চিনাকি কৰি নিৰ্দ্দিষ্ট আসনত বহিবলৈ অনুৰোধ কৰিলে, তেতিয়াহে গম পালো, সেই গৰাকী আন কোনো নহয়, স্বয়ং হেমাঙ্গ বিশ্বাস, গণশিল্পী হেমাঙ্গ বিশ্বাস৷ নামটো শুনিয়েই আমি থতমত খালো৷ জীৱন্তে কিংবদন্তিস্বৰূপ হৈ পৰা এই গৰাকী বৰেণ্য শিল্পীৰ কথা তাহানিৰ পৰাই শুনি আহিছোঁ৷ কিন্তু এনেদৰে তেখেতক হঠাতে চকুৰ সমুখতে দেখিম বুলি কল্পনাও কৰিব পৰা নাছিলোঁ৷ তাতোকৈ আচৰিত হ’লো তেতিয়া, যেতিয়া সেইগৰাকী কিংবদন্তিস্বৰূপ গণশিল্পীৰ ওচৰতে মোকো আসন গ্ৰহণ কৰিবলৈ উদ্যোক্তা সকলে অনুৰোধ কৰিলে৷ অনুৰোধ ৰক্ষা কৰি মোৰ কাৰণে ৰখা আসনত বহিলোঁগৈ৷৷ এটা সময়ত সভাৰ কাৰ্যসূচী আৰম্ভ হ’ল৷ অনুষ্ঠানৰ বিশিষ্ট অতিথি হেমাঙ্গ বিশ্বাসে বক্তব্য ৰাখিবলৈ লওঁতে মই মোৰ হাতত লৈ থকা টে’প ৰেকৰ্ডাৰটো খুলি সমুখতে থ’লোঁ৷

এক অবিস্মৰণীয় অভিজ্ঞতা৷ হেমাঙ্গ বিশ্বাসৰ দৰে এগৰাকী বৰেণ্য ব্যক্তিৰ নিচেই কাষৰতে বহি ভাষণ শুনিবলৈ পালোঁ৷ সেই ভাষণো আছিল আন এগৰাকী জীৱন্তে কিংবদন্তিস্বৰূপ হৈ পৰা পুৰোধা শিল্পী বিষ্ণু ৰাভাৰ বিৰল সান্নিধ্যৰ প্ৰসংগৰে৷ পূৰ্বে কাহানিও নুশুনা বা ক’তো পঢ়িবলৈ নোপোৱা অলেখ সৰু সৰু অথচ মনত ৰাখিবলগীয়া কথা৷ মই টে’প ৰেকৰ্ডাৰটোত তেখেতৰ ভাষণটো ধৰি ৰাখিলোঁ৷ তেখেতৰ পিছত মোৰ পাল পৰিল৷ মোৰ পৰা কথাত কৈ গান শুনাৰ আগ্ৰহ বেছি আছিল সকলোৰে৷ মই প্ৰথমে নামৰূপৰ মোৰ এগৰাকী অতি ঘনিষ্ঠ শিল্পী-বন্ধু সূৰ্য ভাগৱতীৰ দ্বাৰা ৰচিত আৰু সুৰাৰোপিত গানেৰে আৰম্ভ কৰিলো-

                    তুমি আমাৰ বাবে বিষ্ণু ৰাভা

                      এটি জুইৰ শিখা হৈ জ্বলি থাকা

                             বৈ আছে বৈ থাকক

                                      অগনি কালিকা হৈ বিষ্ণু ৰাভা

                                                  তুমি আমাৰ বাবে----

   তাৰ পাছতো তিনি-চাৰিটা মান গান পৰিৱেশন কৰিলোঁ৷

অনুষ্ঠানৰ অন্তত হেমাঙ্গ বিশ্বাসে মোক ওচৰলৈ মাতি মোৰ গান আৰু কণ্ঠৰ বহু প্ৰশংসা কৰিলে৷ তাৰ পিছত কুল গগৈক মাতি ভঙা ভঙা অসমীয়া, বঙালী ভাষাৰে ক’লে- ‘এই ল’ৰাটোক কালিলৈ মোৰ ঘৰলৈ আপুনি লৈ যাব৷ বহুত দিনৰ মূৰত ভূপেনৰ দৰে মিঠা আৰু বলিষ্ঠ কণ্ঠৰ আজি গান শুনিবলৈ পালোঁ৷ তেওঁৰ পৰা মই বিষ্টুদাৰ গান কেইটামান ল’ব লাগিব৷

পাছদিনা কুল গগৈয়ে প্ৰণব খাউন্দৰ সৈতে মোক লৈ টেক্সী এখন ধৰি হেমাঙ্গদাৰ ঘৰলৈ বুলি লৈ গ’ল৷ টালিগঞ্জৰ পৰা নাতিদূৰত নাকতোলা নামে ঠাই, এই নাকতোলাতে  হেমাঙ্গদাৰ ঘৰ৷  সেই সময়ত কলকাতাত সাংঘাতিকভাৱে ‘লোড-শ্বেডিং ঘটিছিল৷ বঙ্গত তেতিয়া বাওঁপন্থী দল চি পি আই(এম)য়ে চৰকাৰ গঠন কৰিছে৷ ৰাজপথত যাওঁতেই চকুত পৰিছিল কংগ্ৰেছৰ বিৰাট প্ৰতিবাদী সমদল৷ সমদলৰ শ্ল’গানো কাণত পৰিল ‘ৰাজ্য নিলে চিপিএম, আমাকে দিলে হাৰিকেন’৷ মিচিলৰ চহৰ কলকাতাত সেই প্ৰথম মিচিল আৰু শ্ল’গান শুনিবলৈ পালোঁ৷

এটা সময়ত হেমাঙ্গদাৰ ঘৰ পালোঁগৈ৷ ঘৰৰ নাম হেমাঙ্গদাই ‘জিৰণি ৰাখিছে৷ এই ‘জিৰণি’তো  সেই দিনা বিদ্যুৎ নাছিল৷ হেমাঙ্গদাই নিজে দুখনমান বিচনী আনি আমাৰ হাতে হাতে দিছিলহি৷ তাৰ পাছত চা-চিনাকি, কথা-বাৰ্তা৷ সিদিনা আমাৰ বেচি সময় বহা নহ’ল, কিয়নো কুল গগৈৰ চাকৰিৰ সময় হৈছিল৷ আহিবৰ সময়ত হেমাঙ্গদাই পুনৰ মোক ক’লে—‘তোমালোক যদি কালিলৈকে কলকাতাত থাকা, তেন্তে কালিলৈ পুৱাতে মোৰ ঘৰলৈ  আহিবা৷ মই মোৰ ‘Mass Singers Group’-ৰ শিল্পীসকলক মাতি দিম, আমি একালগে গান গাম, গান শিকিম আৰু ইয়াতে তোমালোক দুজনে ভাত খাবা ৷

হেমাঙ্গদাৰ ঘৰৰ পৰা ওলাই অহাৰ পাছত কুল গগৈয়ে আমাৰ দুয়োকে অইন এঘৰ কুল গগৈৰ চিনাকি মানুহৰ ঘৰলৈ লৈ গৈছিল, মানুহজন আছিল জগন্নাথ ভট্টাচাৰ্য, তেখেতৰ জীয়াৰী নন্দিতা ভট্টাচাৰ্যকো লগ পাইছিলো৷ কিন্তু তেতিয়ালৈকে জনা নাছিলো সেইগৰাকী জগন্নাথ ভট্টাচাৰ্য অসমত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাতা আছিল বুলি৷ তেওঁৰ জীয়াৰী নন্দিতা ভট্টাচাৰ্যকো পাছত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী কাৰ্যবাহী (নন্দিতা শৰ্মা)বিষয়া, লগতে শাস্ত্ৰীয় সংগীতৰ সুগায়িকা হিচাপে লগ পাওঁতে কথাবিলাকৰ ভূ পাইছিলো ৷

পাছদিনা কুল গগৈ অফিচলৈ ওলাল আৰু প্ৰণব খাউন্দে ময়ে টেক্সী এখন লৈ নাকতোলা পালোগৈ৷ ইতিমধ্যে হেমাঙ্গদাৰ  ‘Mass Singers Group’-ৰ কেইগৰাকীমান শিল্পী আহি বহি আছেহি৷ সেইখিনি সময়তে ৰাষ্টাইদি আমৰ পাচি মূৰত লৈ মানুহ এজনে চিঞৰি চিঞৰি গৈছিল- লেংৰা আম লাগে লেংৰা আম৷ হেমাঙ্গদাই আমাক সুধিলে- ‘তোমালকে লেংৰা আম খোৱানে?’ আমি খাওঁ বুলি কোৱাত পাচি লৈ অহা মানুহটোক ঘৰলৈ মাতি আনিলে৷ তাৰ পিছত আম আৰু ৰসগোল্লা দিলে আমাক খাবলৈ৷ আটায়ে খোৱাৰ পিছত আৰম্ভ হ’ল গানৰ বৈঠক৷ প্ৰথমে মোৰ পৰা সূৰ্য ভাগৱতীৰ ‘তুমি আমাৰ বাবেগানটো শুনি টে’প কৰি ৰাখিলে৷ তাৰ পিছত আৰু দুটামান গান৷ মোৰ গানৰ পিছত হেমাঙ্গদাৰ সৈতে লগৰ শিল্পীসকলে গালে এটাৰ পিছত এটাকৈ গণসংগীত৷ হেমাঙ্গদাই শুনালে দুটামান চীনক লৈ ৰচিত গান৷ সেই গান কেইটাও মই টে’প কৰি ল’লো৷

সিদিনা হেমাঙ্গদাৰ ঘৰতে দুপৰীয়াৰ সাজ তৃপ্তিৰে আমি দুয়ো খালো৷ হেমাঙ্গদাৰ বৌ ৰাণুদিদি, জীয়ৰী ৰঙ্গিলীয়ে নিজহাতে অপ্যায়ন কৰিলে৷ সেই দিনটো সঁচাকৈয়ে মোৰ বাবে আজিও অবিস্মৰণীয় দিন হৈ আছে৷

 (ক্ৰমশঃ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ