লোকনাথ গোস্বামী
মন দাপোণত-২০
(১)
‘অসম ৰাজ্যিক বিদ্যুৎ
পৰিষদ’খন গঠন হোৱাৰ পাছৰ পৰাই ইয়াত সংস্থান লাভ কৰা সকলো শ্ৰেণীৰ মানুহৰ বাবে শিক্ষা,
ক্ৰীড়া, সংস্কৃতি, চিকিৎসাকে ধৰি প্ৰয়োজনীয় সকলোখিনি ব্যৱস্থা গঢ়ি তোলাত কোনো কাৰ্পণ্য
কৰা নাছিল৷ অৱশ্যে পূৰ্বতে ‘অ ৰা বি প’ ৰ পৰিসৰ ব্যাপক আছিল, অসম-মেঘালয়, মিজোৰাম আদি
অঞ্চলবিলাকো অন্তৰ্ভুক্ত আছিল৷ কিন্তু ৰাজ্যসমুহৰ পুনৰ্গঠনৰ পাছত ইয়াৰ পৰিসৰ বহু পৰিমাণে
হ্ৰাস পালে৷ তেতিয়ালৈকে নামৰূপ কেন্দ্ৰই বৃহত্তম উৎপাদন কেন্দ্ৰ হিচাপে পৰিগণিত হৈ
আছিল৷ নামৰূপত প্ৰথমে গেছ-ভিত্তিক টাৰবাইনৰ তিনিটা গোট আছিল৷ আমি যোগদান কৰাৰ সময়ত ষ্টীম-টাৰবাইন গোট এটাও তাতে সংযোজিত হৈছিল ৷ তাৰ পৰৱৰ্তী সময়ত পুনৰ
Waste Heat Project এটাও স্থাপন কৰা হ’ল৷
গেছভিত্তিক উৎপাদন
কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাৰ সমসাময়িকভাৱে শিক্ষা, চিকিৎসাকে ধৰি অন্যান্য প্ৰতিষ্ঠানসমূহৰ
অঙ্গাঙ্গীভাৱে প্ৰতিষ্ঠা কৰা হৈছিল নামৰূপ ‘থাৰ্মেল ক্লাব’৷ এটা সময়ত আমি জনাত খেলৰ
ভিতৰত ফুটবলৰ সাংঘাতিক জনপ্ৰিয়তা আছিল মানুহৰ মাজত৷ সেই জনপ্ৰিয়তালৈ লক্ষ্য ৰাখিয়েই
মূলতঃ থাৰ্মেল ক্লাব প্ৰতিষ্ঠা কৰিছিল কৰ্তৃপক্ষই৷ ৰাজ্যখনৰ ক্ৰীড়া-জগতত তাহানি নামৰূপ
থাৰ্মেল ক্লাবৰ এটা সুকীয়া পৰিচয় আছিল, বিশেষকৈ ফুটবলৰ ক্ষেত্ৰত৷ তাৰ বাহিৰেও থাৰ্মেল
ক্লাবটো ইয়াৰ শ্ৰমিক-কৰ্মচাৰীকে ধৰি বিষয়াবৰ্গৰ এক সমূহীয়া ক্ৰীড়া-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ
হিচাপে আটাইৰে এক আপোন অনুষ্ঠান৷ আমি যোগদান কৰাৰ সময় অৰ্থাৎ ১৯৭৬ চনলৈ নামৰূপৰ থাৰ্মেল ক্লাবকে আৱাসিক এলেকাটোৰ বাসিন্দাসকলৰ
বাবে ক্ৰীড়া-সংস্কৃতিৰ একমাত্ৰ সমূহীয়া থলী হিচাপে পাইছিলোঁ৷ আৱাসিক এলেকাৰ মাজভাগতে
শ্ৰমিক-কৰ্মচাৰীসকলৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি এটা নামঘৰো প্ৰতিষ্ঠা কৰা হৈছিল ৷ থাৰ্মেল
ক্লাবৰ কাৰ্যসূচীবিলাক ৰূপায়ণৰ বাবে প্ৰতিবছৰে নতুন কমিটি গঠন কৰা হৈছিল ৷ ১৯৭৬ চনৰ জুলাই
মাহত মই চাকৰিত যোগদান কৰাৰ পাছতে ক্লাবৰ বছৰেকীয়া সভাখন অনুষ্ঠিত হৈছিল৷ এই সভাখনতে
সাধাৰণতে পুৰণি কমিটিখন ভঙ্গ কৰি নতুন কমিটি গঠন কৰা হয়৷ ক্লাবৰ সৈতে জড়িত থকা আৰু
মোৰ সৈতে ইতিমধ্যে চিনাকি হোৱা সদস্যসকলে মোকেই নতুন কমিটিখনৰ সাংস্কৃতিক সম্পাদক পাতিবলৈ
প্ৰস্তাৱ দাঙি ধৰিলে৷ তেতিয়ালৈ মোৰ পৰিচয় এটা তাৰ মানুহখিনিৰ মাজত গঢ় লৈ উঠিছিল৷ সেয়ে
প্ৰস্তাৱটোত কোনেও আপত্তি নদৰ্শালে৷ নামৰূপ থাৰ্মেলত যোগদান কৰিয়েই সাংস্কৃতিক সম্পাদক
হ’ব পৰাটো কম কথা নাছিল তেতিয়া৷ ময়ো মোৰ নিজৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি সহকৰ্মীসকলৰ
দিহা-পৰামৰ্শ লৈ দায়িত্ব চলাই যাব পাৰিম বুলি নিশ্চিত হ’লোঁ৷
(২)
নামৰূপ
থাৰ্মেলত বিশ্বকৰ্মা পূজা
নামৰূপ থাৰ্মেলত
চাকৰিত যোগদান কৰাৰ সময়ত দেখিছিলোঁ ‘ক্লাব-কালচাৰ’ৰ এক পৰম্পৰা, যিটো তাৰ থাৰ্মেল ক্লাবৰ
অধীনতে প্ৰায় হৈছিল৷ এই পৰম্পৰাৰ ভিতৰত অন্যতম আকৰ্ষণীয় অনুষ্ঠান আছিল বিশ্বকৰ্মা পূজা৷
এই বিশ্বকৰ্মা পূজা উপলক্ষ্যে আয়োজন কৰা হৈছিল তিনি-চাৰিদিনীয়াকৈ সাংস্কৃতিক সমাৰোহ- য’ত
যাত্ৰা, ভাওনা, নাটক, বিচিত্ৰানুষ্ঠান আদিৰ ৰাজহুৱা প্ৰদৰ্শনী চলিছিল৷
সাংস্কৃতিক সম্পাদকৰ
দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই আহিল বিশ্বকৰ্মা পূজাৰ দিন৷ নামৰূপত বিদ্যুৎ উৎপাদন কেন্দ্ৰ
প্ৰতিষ্ঠা হোৱাৰ সময়ৰ পৰাই মহা-ধুমধামেৰে বিশ্বকৰ্মা পূজা পতাৰ এক পৰম্পৰা চলি আহিছে৷
আচলতে বৃহৎ ঔদ্যোগিক প্ৰতিষ্ঠানটোৰ সৈতে বিভিন্ন কোম্পানী, ঠিকাদাৰ, নিৰ্মাণকাৰী সংস্থা
আদি জড়িত হৈ থাকে, যি সকলে মুক্তহস্তে দান-বৰঙণি আগবঢ়ায়৷ বিশ্বকৰ্মা পূজা বুলিলে পা-পইচাৰ
অভাৱ নহয়৷ মই ক্লাবৰ সম্পাদক হোৱাৰ পিছত পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰিয়েই চাৰিদিনীয়াকৈ
পূজা পতাৰ সিদ্ধান্ত হ’ল৷ চাৰিদিনৰ এদিন ভাওনা, এদিন বিচিত্ৰানুষ্ঠান, এদিন যাত্ৰা
আৰু এদিন নাটক হ’ব৷ চাৰিদিনৰ কাৰণে ভাগে ভাগে উপ-সমিতিবিলাক পাতি বাজেটো ধাৰ্য কৰা
হ’ল৷
(৩)
মঞ্চভাওনাৰ বিড়ম্বনা
বিশ্বকৰ্মা পূজা
উপলক্ষে আয়োজিত সাংস্কৃতিক সমাৰোহৰ অনন্য অনুষ্ঠান
ভাওনা প্ৰদৰ্শন প্ৰসংগত মই সম্পাদক হিচাপে প্ৰস্তাৱ এটা দিছিলোঁ যে প্ৰস্তাৱিত ভাওনাখন
এইবাৰ অন্যান্য অনুষ্ঠানবিলাকৰ দৰে মঞ্চতে পাতিলে ভাল হয়৷ তাৰ যুক্তি হিচাপে কৈছিলোঁ যে যোৱাবাৰ(১৯৭৫ চন) মাজুলীৰ ভাওনা প্ৰথমবাৰৰ কাৰণে ইন্দোনেছিয়াৰ মঞ্চত পৰিৱেশিত হৈছে৷
ভাৰতৰ ৰষ্ট্ৰপতি মাননীয় ফখৰুদ্দিন আলী আহমেদ ইন্দোনেছিয়া ভ্ৰমণলৈ যাওঁতে মাজুলীৰ পৰা
এটা বৃহৎ ভাওনাৰ শিল্পীদল লৈ গৈছিল, যি শিল্পীদলে গুৰুজনাৰ ‘ৰামবিজয়’ নাট তাৰ মুকলি
মঞ্চত পৰিৱেশন কৰি এক নতুন পৰম্পৰা সৃষ্টি কৰিছে৷ মোৰ কথা শুনি সকলোৱে চিন্তা কৰিবলৈ
ধৰিলে৷ তাৰে দুই এজনে মোৰ কথাত হয়ভৰ দিয়াত সিদ্ধান্ত লোৱা হৈ গ’ল যে এইবাৰ ভাওনা নামঘৰৰ
মজিয়াত নহয়, মুকলি মঞ্চত হ’ব৷
সিদ্ধান্তটো কলনিত
সদৰি হৈ পৰাত নামঘৰৰ মানুহখিনি জকজকাই উঠিল৷ এইটো ভাওনাৰ পৰম্পৰা নহয়৷ বিদেশত কি হৈছে
আমি নাজানো, কিন্তু আমাৰ ইয়াত কোনো কাৰণতে হ’বলৈ নিদিওঁ৷ মানুহখিনিক যিমান পাৰোঁ বুজাবলৈ
চেষ্টা কৰিলোঁ যে এইবাৰ আমি পৰীক্ষামূলকভাৱে কৰি চাওঁ৷ মানুহে বেয়া পালে ভৱিষ্যতে নকৰোঁ৷
এই বুলি আমিও নিজৰ সিদ্ধান্তত অটল থাকিলোঁ৷ সিদ্ধান্ত সলনি নকৰিলোঁ৷ ইফালে বিচিত্ৰানুষ্ঠানৰো
আয়োজন চলিল৷ নৰেন বৰা নামৰ এজনে শিমলুগুৰিৰ পৰা সাংস্কৃতিক দল এটা অনাৰ কথা ক’লে৷ কোনো
আঁতি-গুৰি নজনা সাংস্কৃতিক দল এটা অনাৰ কথা আমি নাভাৱিলোঁ৷ তাৰ পৰিৱৰ্তে ডিব্ৰুগড়লৈ গৈ তাৰে শিল্পী কেইজনমানক
নিমন্ত্ৰণ কৰাৰ সিদ্ধান্ত এটা ল’লোঁ৷ সেই সময়ত থাৰ্মেল স্কুলত প্ৰণৱ খাওন্দ নামৰ শিক্ষক
এজন আছিল৷ তেওঁ ভাল তবলা বজাইছিল৷ মোৰ লগত
তেওঁৰ ঘৰখনৰ চিনাকি আছিল৷ প্ৰণৱ খাওন্দৰ ভনীয়েক মীৰাই সুন্দৰ সত্ৰীয়া নৃত্য নাচিছিল৷
তেওঁক নিমন্ত্ৰণ জনালোঁ সত্ৰীয়া নৃত্য পৰিৱেশনৰ বাবে৷ কোনোবা এটা দিনত ৰমা বৰদলৈ, প্ৰণৱ
খাওন্দ আৰু মই ওলালো ডিব্ৰুগড়লৈ শিল্পী ঠিক কৰিবৰ বাবে৷ ৰমা বৰদলৈ (অফিচৰ বৰবাবু, লগতে
এখন য়ুনিয়নৰো নেতা), তেখেতৰ জড়িয়তে ডিব্ৰুগড়ত থকা খুলশালীয়েক প্ৰশান্ত বৰদলৈক লগ ধৰি
তেখেতৰ জৰিয়তে শিল্পীসকলক নিমন্ত্ৰণ কৰাৰ কথা ভাবিলোঁ৷ সেই সময়ত উজনিৰ ফালে ভীষণ বানপানী
হৈছিল৷ নামৰূপ-ডিব্ৰুগড় সংযোগী পথৰ দলং এখন পানীয়ে উটাই নিয়াত মদাৰগুৰি অঞ্চলত নাৱেৰে
পাৰ হৈ যাবলগীয়া হৈছিল৷ ডিব্ৰুগড় পাই প্ৰশান্ত বৰদলৈৰ ঘৰতে ভাত-পানী খোৱা হ’ল৷ তাৰ
পছত ৰমা বৰদলৈয়ে কেইগৰাকীমান শিল্পীৰ ওচৰলৈ আমাক লৈ গ’ল৷ সেইখিনি সময়ত পৰী বৰদলৈ নামৰ
ডিব্ৰুগড়ৰে এগৰাকী শিল্পী জনপ্ৰিয়তা দেখি আমি তেওঁক মতাৰ কথা চিন্তা কৰি তেওঁৰ ঘৰলৈ
গৈ আঠশ টকাত বন্দোৱস্ত কৰি নিমন্ত্ৰণ জনালোঁ৷ লগতে আৰু এজন সেই সময়ৰ জনপ্ৰিয় শিল্পী
ব্ৰজেন পাঠককে ধৰি আৰু দুজনমানকো নিমন্ত্ৰণ কৰা হ’ল৷ তাৰে এজন প্ৰণৱ খাওন্দৰ পৰিচিত
শিল্পী(বৰ্তমান প্ৰয়াত) আখতাৰ আলি খানো আছিল বুলি জানো৷ তেওঁবিলাকৰ সৈতে বন্দোৱস্ত
কৰি আমি সিদিনাই নামৰূপলৈ উভতি আহিলোঁ৷
(৪)
সাংস্কৃতিক অনুষ্ঠানত
মোৰ বিলৈ
পূজাৰ আয়োজনৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ প্ৰস্তুতিও পূৰাদমে চলাই গ’লোঁ৷ প্ৰথম দিনা সাংস্কৃতিক সন্ধিয়া পতাৰ কথা ভবা হ’ল৷ পুৱাৰ ভাগতে পূৰ্বৰ দৰে ডিব্ৰুগড়ৰ শিল্পীসকলক আনিবৰ কাৰণে দুখন সৰু-ডাঙৰ গাড়ী পঠোৱাৰ ব্যৱস্থা কৰা হ’ল যাতে সময়ত সকলো আহি পায়হি৷ তেতিয়া তেনেকুৱা ব্যৱস্থাই আছিল৷ সন্ধিয়া ঠিক ছয় বজাৰ লগে লগে অনুষ্ঠান আৰম্ভ কৰা হ’ল৷ স্থানীয় অনুষ্ঠান চলি থাকে মানে ডিব্ৰুগড়ৰ শিল্পীসকল আহি পাব বুলি ধৰি লোৱা হ’ল৷ সাত বাজি গ’ল, আঠ বাজি গ’ল, তেতিয়াও ডিব্ৰুগড়ৰ শিল্পীসকল আহি পোৱাহি নাই৷ ইফালে ডিব্ৰুগড়ৰ শিল্পীসকল আহি নোপোৱাৰ কথাটো আগৰে পৰা আমাৰ বিৰুদ্ধে সৰৱ হৈ থকাসকলৰ মাজত জনাজাত হৈ গ’ল৷ সাধাৰণতে এনেবোৰ অনুষ্ঠানত গণ্ডগোল কৰিবলৈ চেগ চাই থকা উদণ্ড মানুহ কেইজনমানক কোনোবা দুজনমান বিসম্বাদী লোকে মাতি আনি উচটাই দিলে অনুষ্টানটোত খেলি-মেলি লগোৱাৰ কাৰণে৷ সেইসকলৰ ভিতৰত আমাৰ বিসম্বাদী য়ুনিয়ন, মঞ্চ-ভাওনাৰ বিৰোধী, সাংস্কৃতিক দল আনিবলৈ সুযোগ নোপোৱা ব্যক্তিকে ধৰি বহু কেইজন মোৰ পৰিচিত মানুহ আছিল৷ সেই মানুহখিনি সাংস্কৃতিক অনুষ্ঠানত ভাগ ল’বলৈ অহা শিল্পীসকলৰ গ্ৰীন-ৰূমত আছিল৷ মই সেইখিনি সময়ত গ্ৰীন-ৰূমত আছিলোঁ স্থানীয় শিল্পীসকলৰ সৈতে যোগসূত্ৰ ৰাখি৷ তেনে সময়তে লক্ষ্মী শৰ্মা নামৰ মোৰ চিনাকি কণিষ্ঠ অভিযন্তা এজন গ্ৰীন-ৰূমলৈ আহি বাহিৰত মোক কোনোবা কেইজনমান মানুহে লগ পাবলৈ ৰৈ আছে বুলি মাতি লৈ গ’ল৷ ময়ো কোনোবাই অনুষ্ঠানৰ তাগিদাতে মাতিছে বুলি ততাতৈয়াকৈ বাহিৰলৈ ওলাই আহিলোঁ৷ ওলাই আহিয়েই মানুহ কেইজনমানক সমুখত দেখি বুকু ধপধপাবলৈ ধৰিলে৷ মানুহ কেইজনক দেখি আৰু লক্ষ্মী শৰ্মাই মাতি অনা ধৰণ-কৰণলৈ চাই লগে লগে মোৰ সন্দেহ উপজিল৷ মই মানুহকেইজনক কিবা কোৱাৰ আগতেই এজনে মোৰ হাতখনত ধৰি আঁতৰলৈ টানি লৈ গৈয়েই সুধিলে –‘ডিব্ৰুগড়ৰ আৰ্টিষ্ট ক’ত?’ কিবা উত্তৰ দিয়াৰ আগতেই অইন এজনে ক’লে- ‘আমি আৰ্টিষ্ট চিনি নেপাওঁ নেকি? ইমান বাহাদুৰি কিয়’? এক উত্তপ্ত পৰিৱেশ সৃষ্টি হ’লেই৷ ঠিক সেইখিনি সময়তে ঘটনাটো প্ৰত্যক্ষ কৰি আছিল ‘এছ ডি অ’ ভূপেন খাওন্দে (বিশিষ্টা গায়িকা প্ৰণতি খাওন্দৰ স্বামী)৷ কিবা এটা আশংকাত তেখেত মোৰ ওচৰলৈ দৌৰি আহিল৷ তেখেতক দেখি তাৰে এজনে গাৰ জোৰেৰে তেখেতক ঠেলা মাৰি দিলে৷ তেখেতে কোনোমতে এজনৰ গাত ধৰি নপৰাকৈ ৰ’ল৷ তেনেতে মঞ্চৰ ফালৰপৰা আহক ৰমা বৰদলৈ৷ তেখেতে মোক মানুহকেইজনে ঘেৰাও কৰি থকা দেখি গম পাই গ’ল যে সিহঁতৰ মতলব ভাল নহয়৷ আহিয়েই কি হৈছে সুধিবলৈ পালেহে, লগে লগে ৰমা বৰদলৈক টানি নি শৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ ধৰিলে৷ তেখেত মাটিত বাগৰি পৰিল৷ ঠিক সেইকণ সময়তে কোনোবা এজনে মোক চোঁঘৰৰ ভিতৰলৈ সুমুৱাই লৈ গ’ল৷ জীৱনত কাহানিও এনেকুৱা ভয়াৱহ পৰিস্থিতিৰ সমুখীন হোৱা নাছিলোঁ৷ তেনে সময়তে ডিব্ৰুগড়ৰ শিল্পীসকল আহি পালেহি৷ ইফালে কোনোবাই নামৰূপ থানালৈ খবৰ দিয়াত আৰক্ষী বাহিনীও আহি পালেহি৷ গণ্ডগোল কৰা মানুহবিলাক পলাই পত্ৰং দিলে৷ ইতিমধ্যে ডিব্ৰুগড়ৰ শিল্পীদলটো আহি পাইছিলহি৷ পৰিস্থিতি কিছু শাম কটাত ডিব্ৰুগড়ৰ শিল্পীসকলৰ দ্বাৰা অনুষ্ঠানটো কিছু সময় চলাই সামৰণি মাৰিবলগীয়া হ’ল৷
সেই দুৰ্ভাগ্যজনক
অবাঞ্ছিত ঘটনাৰ পিছত পাছৰ কেউদিনৰ অনুষ্ঠান বাতিল কৰা হ’ল৷ তেজপুৰ সাংস্কৃতিক নগৰীৰ
পৰা নামৰূপ ঔদ্যোগিক নগৰীলৈ গৈ প্ৰথম বছৰতে জীৱনত একেবাৰে ভাবিব নোৱাৰা অভিজ্ঞতাৰ সমুখীন হ’বলগীয়াত পৰিলোঁ৷
এই অবাঞ্ছিত ঘটনাৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া ভালে দিনলৈ চলি থাকিল৷ ময়ো বাটে-ঘাটে ওলাব নোৱাৰা
হ’লোঁ, সকলোৰে মুখে মুখে তাৰেই কথা৷
সাংস্কৃতিক নগৰী
তেজপুৰৰ পৰা ঔদ্যোগিক নগৰী নামৰূপলৈ গৈ গম পালোঁ যে তাত ‘ক্লাব কালচাৰ’ৰ পৰম্পৰা এটা
আছে, যিটো ধাৰণা মোৰ মনত নাছিলেই৷ তাত সৃষ্টিশীল সংস্কৃতিৰ কৰ্ষণ মুঠেও নহয়৷ গোটেই
কাৰবাৰটো ‘লোকৰ পিঠাৰে বিহু কৰা’ ধৰণৰ এক প্ৰকাৰ টকা-পইচাৰ খেল আৰু অসংস্কৃতিবান মানুহৰ
অনমনীয় দপদপনি কেৱল৷ সকলোৱে তাত নিজৰ আধিপত্য সাব্যস্ত কৰিবলৈ বিচাৰে, আৰু সংস্কৃতিৰ
নামত একোখন মেলাৰহে পয়োভৰ ঘটে৷ তেতিয়াৰ পৰা কথাবিলাক বেলেগ ধৰণে চিন্তা কৰিবলৈ ধৰিলোঁ৷
হাৰ মনাৰ প্ৰশ্নই নাছিল তাত৷
(ক্ৰমশঃ)
