লোকনাথ গোস্বামী
মন-দাপোণ-২৪
(১)
‘অঙ্গীকাৰ’ আলোচনী আৰু হেমাঙ্গ বিশ্বাস
কলকাতাৰ পৰা ঘূৰি
অহাৰ পিছদিনাই মোৰ কোৱাৰ্টাৰলৈ বন্ধু-বান্ধৱবিলাক আহিবলৈ ধৰিলে কলকাতাৰ খা-খবৰ লবলৈ৷
প্ৰথমেই আহিল বন্ধু বানেশ্বৰ খাওন্দ আৰু সুৰজিত বৰুৱা৷ তেওঁলোকক অনুষ্ঠানটোৰ বিষয়ে
বিতংকৈ কোৱাৰ উপৰিও টে’প ৰেকৰ্ডাৰটো বজাই হেমাঙ্গদাৰ কণ্ঠৰ গানৰ লগতে কথা-বাৰ্তাবিলাকো
শুনালোঁ৷ সকলোখিনি শুনি দুয়ো তবধ মানিলে৷ প্ৰথমবাৰ কলকাতালৈ গৈয়ে এটা ডাঙৰ কাম কৰি
অহা বুলি দুয়ো একেমুখে ক’লে৷ অভিজ্ঞতাখিনি কাকতে-পত্ৰই লিখিবৰ বাবে পৰামৰ্শও দিলে দুয়ো৷
একেদিনাই বিয়লিবেলালৈ
আন দুজন বন্ধু, নতুনকৈ চাকৰিত যোগদান কৰা সহকাৰী অভিযন্তা প্ৰদীপ দুৱৰা আৰু কমল স্বৰ্ণকাৰ
আহি ওলালহি৷ তেওঁলোককো একেখিনি খবৰেই দিলোঁ৷ লগতে টে’প ৰেকৰ্ডাৰটো বজাই হেমাঙ্গদাৰ
সিদিনাৰ ভাষণটোও শুনালোঁ৷ হেমাঙ্গদাৰ ভাষণটো শুনি দুৱৰা খুবেই আকৃষ্ট হ’ল৷ তেওঁ ভাষণটো
কাগজত টুকি ল’বৰ বাবে দুদিনমান মোৰ কোৱাৰ্টাৰলৈ আহিল৷ সেইটো কাগজত টুকি লোৱা পিছত মোক
ক’লে – ‘এইটো মই ‘অঙ্গীকাৰ’ আলোচনীৰ সম্পাদকলৈ পঠিয়াই দিম ছপাবৰ কাৰণে’৷ সেই সময়ত ডিব্ৰুগড়
বিশ্ববিদ্যালয়ৰ অধ্যাপক উদয়ন মিশ্ৰৰ সম্পাদনাত ‘অঙ্গীকাৰ’ নামেৰে সাহিত্য-সংস্কৃতি
বিষয়ক আলোচনী এখন প্ৰকাশ পাইছিল৷ মই দুৱৰাক পঠিয়াই দিবলৈ ক’লোঁ৷ সম্ভৱ এমাহমানৰ পিছত
আলোচনীখনৰ কপি এটা দুৱৰাই আনি মোৰ হাতত তুলি দিলেহি৷ আলোচনীখন মেলি চাই দেখিলো তাত
মই টে’প কৰি অনা হেমাঙ্গদাৰ ভাষণটো সুন্দৰকৈ প্ৰকাশ পাইছে৷ মোৰ দেখি বৰ ভাল লাগিল৷
সেই আলোচনীখনত লেখাটো
ওলোৱাৰ পিছত বহুতে মোৰ কলকাতা যাত্ৰাৰ বিষয়ে সোধাৰ লগতে হেমাঙ্গাৰ বিষয়ে বহলাই লেখিবৰ
কাৰণে অনুৰোধ কৰিছিল৷
প্ৰদীপ দুৱৰাৰ সৈতে
সিদিনা মোৰ কোৱাৰ্টাৰলৈ অহা সহকাৰী অভিযন্তা কমল স্বৰ্ণকাৰৰ সেই বছৰৰে অক্টোবৰ মাহত
আকস্মিকভাৱে মৃত্যু ঘটিছিল৷ কথাটো মনত পৰিলে আজিও মনটো বিষাদেৰে ভৰি পৰে৷
(২)
সূৰ্য ভাগৱতীৰ গান
আৰু হেমাঙ্গদাঃ
নামৰূপলৈ চাকৰিসূত্ৰে
যোৱাৰ পিছত যি কেইগৰাকী ব্যক্তিৰ নিকট সান্নিধ্যই মোৰ জীৱনত গভীৰ সাঁচ বহুৱাইছিল, সেই
সকলৰ ভিতৰত এজন আছিল সূৰ্য ভাগৱতী, লগতে তেওঁলোকৰ নামৰূপত থকা পৰিয়ালটো৷ ১৯৭৬ চনত প্ৰথম
যেতিয়া নামৰূপত ভৰি দিছিলোগৈ, তেতিয়া নামৰূপৰ একো উৱাদিহ পোৱা নাছিলোঁ৷ জন্মস্থান তেজপুৰৰ
সামাজিক-সাংস্কৃতিক পৰিৱেশৰ সৈতে কোনো ধৰণৰ মিল নাছিল উদ্যোগিক চহৰখনৰ৷ বজাৰ-সমাৰ য’লৈকে
গৈছিলোঁ, তাতেই কিবা এটা যেন আচহুৱা আচহুৱা ভাৱ আহিছিল মনলৈ৷ নামৰূপত থকাতো সম্ভৱ নহ’ব
বুলিয়েই ঘৰলৈ প্ৰথম চিঠি লেখিছিলোঁ৷ দাদাহঁতে অলপ ধৈৰ্য্য ধৰি কিছুদিন থাকিবলৈ পৰামৰ্শ
দিছিল৷ সেই সময়ত সাৰ নিগমত মোৰ দূৰসম্পৰ্কীয় দাদা এজন আছিল৷ তেওঁৰ নাম আছিল প্ৰণৱ গোস্বামী,
জাগীৰোডৰ সমীপৰ ভকতগাঁৱৰ দৈপৰা সত্ৰৰ মহদানন্দ গোস্বামীৰ বৰ পুত্ৰ৷ তেজপুৰৰ আমাৰ ঘৰখনৰ
সৈতে পূৰ্বৰে চিনাকি আছিল তেওঁ৷ এইজন প্ৰণৱ গোস্বামীক বিচাৰি উলিয়ালো নামৰূপত৷ তেওঁ
তেতিয়া সাৰ নিগমৰে ট্ৰেইনিং হোষ্টেলত আছিল অকলে৷ তেতিয়া সাৰ নিগমত কাম কৰা অবিবাহিত
ডেকা কৰ্মচাৰীসকলক ট্ৰেইনিং হোষ্টেলত থকাৰ ব্যৱস্থা কৰি দিছিল৷ প্ৰণৱদাক গৈ তাতে বিচাৰি
উলিয়ালোগৈ৷ ট্ৰেইনিং হোষ্টেলটো যথেষ্ট ডাঙৰ আছিল আৰু বহুতো কৰ্মচাৰী তাত আছিল৷ মোক
দেখি প্ৰণৱদা প্ৰথম আচৰিতেই হৈছিল৷ নামৰূপ থাৰ্মেলত আহি চাকৰিত নতুনকৈ যোগদান কৰা বুলি
জানি বৰ ভাল পালে৷ প্ৰণৱদা থকা ৰুমটোৰ সমুখত দিলীপ গগৈ নামৰ এজন প্ৰণৱদাৰ সহকৰ্মী আছিল৷
তেওঁ নতুনকৈ বিয়া কৰাই নববিবাহিতা পত্নীৰ সৈতে সেই ৰুমতে আছিল৷ পৰিয়লৰ দুয়োজনেই বৰ
মৰমীয়াল আছিল, বিশেষকৈ মানুহগৰাকী বৰ সাদৰী আছিল৷ প্ৰণৱদাই তেওঁলোকৰ সৈতে মোক নি চিনাকি
কৰাই দিলে৷ তেওঁলোকৰ ৰুমলৈ গৈয়েই এখন হাৰম’নিয়াম দেখিলো৷ হাৰম’নিয়ামখন দেখি ৰব নোৱাৰিলোঁ৷
কোনে গান গাই বুলি সুধি হাৰম’নিয়ামখনৰ ৰিডত আঙুলি বুলালোঁগৈ৷ বহুদিন হাৰম’নিয়ামৰ সৈতে
সম্পৰ্কই ঘটা নাছিল৷ তেতিয়াই প্ৰণৱদাই তেওঁলোকক মই গান গোৱা কথাটো ক’লে৷ গগৈ
দম্পতীয়ে গান এটা শুনাবলৈ অনুৰোধ কৰিলেই নহয়৷ ময়ো সুযোগটো পাই আৰম্ভ কৰিলো চাৰু গোগাঁই
সেই জনপ্ৰিয় গান---
জিলমিল জোন জ্বলে
কঁপালত
তিৰবিৰ তৰা জ্বলে
নয়নত
মোৰো যে হৃদয়
জ্বলে
তোমাৰেই
নিবিৰ মৰমত--
মোৰ গান শুনি তেওঁলোকে
তবধ মানিলে৷ এটাৰ পিছত এটা গান গাই গ’লোঁ৷ গান শুনি হোষ্টেলৰ বন্ধু-বান্ধৱবিলাক চাপি
আহিল ৰুমলৈ৷ তেতিয়া মোৰ নিজৰ গান বুলিবলৈ নাছিল৷ চাৰু গোহাঁই, পুলক বেনাৰ্জী, দিলীপ
চৌধুৰী আদিৰ বচা বচা গান বিলাকেই গাওঁ৷ অতি কম সময়ৰ ভিতৰতে সাৰ নিগমৰ সেই কৰ্মীসকলৰ
সৈতে এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিল৷ দুপৰীয়া
কেতিয়াবা তাতে ভাত-পানীও খোৱা হৈছিল৷
(৩)
তেনেকুৱা এটা দিনতে
প্ৰণৱদাই মোক নতুন পৰিয়াল এটাৰ সৈতে চিনাকি কৰি দিবলৈ লৈ গ’ল৷ পৰিয়ালটোৰ ডাঙৰজনৰ নাম
তৰুণ ভাগৱতী, সৰুজন সূৰ্য ভাগৱতী, ভনীয়েক কল্পনা ভাগৱতীৰ সৈতে প্ৰথম চিনাকি কৰাই দিলে
প্ৰণৱদাই৷ দ্ৰয়িংৰুমৰ বিচনাখনৰ ওপৰতে হাৰম’নিয়াম, তবলা, ঢোলক আদি সজাই থোৱা আছে৷ প্ৰণৱদাই
মই গান গোৱা বুলি কোৱাত সৰু ভায়েক সূৰ্য ভাগৱতীয়ে লগে লগে হাৰম’নিয়ামখন মোৰ ফালে আগবঢ়াই
দিলে৷ লগে লগে মই পুলক বেনাৰ্জীৰ কণ্ঠৰ ’ফুলৰে মেলাতে, পখীয়ে গীত গায়’ গানটো প্ৰাণভৰি
গালোঁ৷ গানটো শুনি তেওঁলোকে বৰ ভাল পালে, আৰু এটা গাবলৈ কোৱাত বিষ্ণু ৰাভাৰ ‘অ’ পূজাৰী,
দিলো এই বৰণ শৰাই’ গানটো গালোঁ৷ এই গান শুনিও তেওঁলোকে বিৰাট ভাল পালে৷ সেই দিনাই মোক তেওঁলোকে তেজপুৰৰ মানুহ বুলি এক বিশেষ গুৰুত্ব
দিবলৈ ধৰিলে৷ মোৰ পিছত ডাঙৰ ককায়েক তৰুণ ভাগৱতীয়ে গান শুনালে৷ বৰ ভাল লাগিল শুনি৷ তেখেতে
কোমল কথা, সুৰৰ গান গাই ভাল পায়৷ কিন্তু ভায়েক সূৰ্য ভাগৱতীয়ে যেতিয়া গাবলৈ আৰম্ভ কৰিলে,
মই তেওঁৰ গান শুনি তবধ মানিলো৷ তেওঁ নিজে গান লিখে, সুৰ কৰে আৰু গায়ো৷ বলিষ্ঠ কণ্ঠ,
বলিষ্ঠ কথা-সুৰ৷ তেওঁ প্ৰথমেই আৰম্ভ কৰা গীতটো আজিও মনত আছে ---
সাহসৰ দেশ
ধৈৰ্যৰ দেশ
ত্যাগৰ দেশ
যাৰ নাম ভিয়েটনাম--
গানটো শুনি এক শিহঁৰণ
অনুভৱ কৰিলোঁ৷ ভিয়েটনামৰ ওপৰত আমেৰিকাই প্ৰচণ্ড আক্ৰমণ নমোৱাৰ সময়ৰ দলিল৷ আক্ৰমণকাৰী
আমেৰিকাৰ বিৰুদ্ধে সমগ্ৰ পৃথিৱীতে প্ৰবল প্ৰতিবাদ চলিছে৷ তাৰ অনুৰণন সিদিনা সূৰ্য ভাগৱতীৰ
গানৰ মাজত শুনিবলৈ পাই মানুহজনৰ প্ৰতি এক বিশেষ শ্ৰদ্ধাৰ ভাৱ জাগিল৷ বুজিবলৈ বাকী নেথাকিল
তেওঁৰ চিন্তা-ধাৰা সম্পৰ্কে৷ তাৰ পিছত শুনালে বিষ্ণু ৰাভাক লৈ ৰচনা কৰা সেই বিশেষ গানটো,
যিটো গান হেমাঙ্গদাক কলকাতাত শুনাওঁতে গানটো শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল৷ গানটো আছিল--
তুমি আমাৰ বাবে বিষ্ণু
ৰাভা
এটি জুইৰ শিখা হৈ
জ্বলি থাকা
বৈ আছে বৈ
থাকক
অগনি কনিকা হৈ বিষ্ণু ৰাভা--
সূৰ্য ভাগৱতীৰ পিছত
আৰম্ভ হ’ল ভনীয়েক কল্পনাৰ গান৷ কি অপূৰ্ব সুললিত কণ্ঠ কল্পনাৰ৷ গান শুনি মন ভৰি গ’ল৷
সিদিনা, গান নহয় যেন গানৰ খনিহে বিচাৰি পালোঁ নামৰূপত৷ তেওঁলোকৰ কোৱাৰ্টাৰৰ পৰা ওলায়েই
প্ৰণৱদাক হিয়া উজাৰি ধন্যবাদ জনালোঁ এনে এটা সংস্কৃতিবান পৰিয়ালৰ সৈতে চিনাকি কৰি দিয়াৰ
বাবে৷
পুনশ্চঃ কল্পনা ভাগৱতী বৰ্তমান আকাশবাণী ডিব্ৰুগড়
কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত শিল্পী৷ সূৰ্য ভাগৱতীক লগ পোৱাৰ প্ৰায় দুকুৰি বছৰৰ
পাছত ভিয়েটনালৈ ফুৰিবলৈ যাওঁতে তাৰ মাটিতো তেখেতৰ সেই ঐতিহাসিক গানটো গুণ-গুণাইছিলোঁ৷
পৰিয়ালটোৰ ডাঙৰজন গায়ক, সুৰকাৰ তৰুণ ভাগৱতীয়ে অকালতে বিদায় মাগিলে ৷
(৪)
নামৰূপ- বাওঁপন্থী
ৰাজনীতি, প্ৰগতিশীল সংস্কৃতিৰ অন্যতম ঘাটিঃ
সূৰ্য ভাগৱতী আৰু
তেওঁলোকৰ গোটেই পৰিয়ালটোৰ সান্নিধ্যলৈ অহাৰ পিছত নামৰূপ ঔদ্যোগিক নগৰখনৰ আৰু এটা সুকীয়া
পৰিচয় পাবলৈ সক্ষম হ’লোঁ৷ সত্তৰৰ দশকৰ নামৰূপ নগৰী বাওঁপন্থী ৰাজনীতি আৰু প্ৰগতিশীল
সংস্কৃতিৰ অন্যতম সাৰুৱা ক্ষেত্ৰত পৰিণত হৈছিল৷ বাওঁপন্থী ৰাজনীতি মানে মূলতঃ চি পি
আই(এম)ৰ দ্বাৰা প্ৰভাৱান্বিত আছিল চৌপাশৰ ৰাজনৈতিক বাতাবৰণ৷৷ ৰাজনৈতিক কৰ্ম-কাণ্ডৰ
লগতে ‘ভাৰতীয় গণনাট্য সংঘ’, ’নতুন সাহিত্য পৰিষদ’ৰ গণভিত্তিৰো নগৰখনত প্ৰসাৰ ঘটিছিল৷
সত্তৰদশকৰ মাজভাগৰ
পৰা দেশখনত জৰুৰীকালীন অৱস্থা চলি আছিল৷ সেই জৰুৰীকালীন অৱস্থাৰ মাজতে তেজপুৰত বিষ্ণু
ৰাভা দিৱস পাতিবলৈ গৈ কি অৱস্থাৰ সমুখীন হৈছিলোঁ, সেই কাহিনী স্থানান্তৰে উল্লেখ কৰি
অহা হৈছেই৷ নামৰূপলৈ গৈ প্ৰথমে তাৰ পৰিৱেশ বুজিব পৰা নাছিলোঁ৷ সূৰ্য ভাগৱতী আৰু প্ৰণৱদাক
লগ পোৱাৰ পিছত উদ্যোগিক চহৰখনৰ আভ্যন্তৰীণ চৰিত্ৰ অলপ অলপ কৈ আয়ত্ব কৰিবলৈ সক্ষম হৈছিলোঁ৷
আবেলি আবেলি চাকৰিৰ পৰা ওলাব পাৰিলেই খোজ কাঢ়িয়েই সাৰ নিগমৰ চিনাকি আবাসিক এলেকাত গৈ
প্ৰৱেশ কৰিছিলো৷ তেনেকৈয়ে সূৰ্য ভাগৱতীৰ ঘৰত অথবা বাটে-ঘাটে নামৰূপ সাৰ কাৰখানৰ শ্ৰমিক
য়ুনিয়নৰ মানুহবিলাকক লগ পোৱাৰ সুযোগ মিলিছিল৷ জৰুৰীকালীন সময়ত বহু শ্ৰমিক নেতা তেতিয়া
জেলত আছিল বুলি তেওঁলোকৰ পৰা জানিব পৰিছিলো৷ তাৰ ভিতৰত এজন আছিল য়ুনিয়নৰ শ্ৰমিকনেতা
গঙ্গেশ্বৰ গগৈ৷ সূৰ্য ভাগৱতী আৰু আন এজন শ্ৰমিকনেতা ভৱ গগৈৰ সৈতে গঙ্গেশ্বৰ গগৈৰ কোৱাৰ্টাৰলৈ
গৈ পৰিয়ালৰ সৈতে নতুনকৈ চিনাকি হোৱাৰ লগতে খা-খবৰো লৈছিলো৷
সূৰ্য ভাগৱতীয়ে ভনীয়েক
কল্পনাৰ লগতে নামৰূপৰ গণনাট্য সংঘৰ শিল্পীসকলক লৈ ওচৰে-পাজৰে গীত-মাতৰ অনুষ্ঠান প্ৰায়ে
কৰিছিল আৰু সেই অনুষ্ঠানবিলাকলৈ মোকো লগত লৈ গৈছিল৷ এটা কথা অৱশ্যে এইখিনিতে কৈ থোৱা
ভাল হ’ব যে সূৰ্য ভাগৱতী অথবা প্ৰণবদাহঁত চি পি আই এম পাৰ্টীৰ সক্ৰিয় সদস্য আছিল যদিও,
তেওঁলোকে মোৰ সৈতে কোনোদিন পাৰ্টীৰ কথা পতা নাছিল বা পাৰ্টীত যুক্ত হোৱাৰ কথা কোৱা
নাছিল৷ পাৰ্টী সূত্ৰে লগ পোৱা সেই মানুহখিনিৰ চিন্তা-ভাৱনা, কথা-বতৰা, ৰুচি-অভিৰুচিয়ে
মোক কিন্তু বাৰুকৈয়ে আকৰ্ষণ কৰিছিল, যিটো কাৰণে মানুহখিনিৰ মই লগ এৰিব পৰা নাছিলো৷
তেজপুৰৰ পৰা অহাৰ পিছত যি এটা নিসঙ্গতাৰ ভাব মনলৈ আহিছিল, এই সমাজখন কাষতে পোৱা পিছত
মৰুভূমিত মৰুদ্যান বিচাৰি পোৱা যেন লাগিল, বিশেষকৈ সূৰ্য ভাগৱতীৰ পৰা মই বিচৰা ধৰণৰ
বক্তব্য-প্ৰধান, ৰাজনৈতিক চেতনাপ্ৰসূত গানবিলাক শিকিবলৈ বা গাবলৈ পাই বিৰাট আনন্দ পাইছিলোঁ৷
সূৰ্য ভাগৱতীৰ ‘তুমি আমাৰ বাবে বিষ্ণু ৰাভা’ গানটো ডিব্ৰুগড়ত অনুষ্ঠান কৰিবলৈ গ’লেই
শ্ৰোতা-দৰ্শকে প্ৰায় গাবলৈ অনুৰোধ কৰিছিল৷
নামৰূপ উদ্যোগিক
নগৰখনত পূৰ্বে উল্লেখ কৰাৰ দৰে মই গৈ খোজ দিয়াৰ সময়ত বাওঁ ৰাজনীতি-সংস্কৃতিৰ এক প্ৰভাৱশালী
ভেটি আছিল যদিও ‘অসম সাহিত্য সভা’কে ধৰি জাতীয় ভাৱাপন্ন অন্যান্য বহু অনুষ্ঠান-প্ৰতিষ্ঠান,
নাট্যগোষ্ঠী আদি আছিল, যি বিলাক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতেও মোৰ ঘনিষ্ঠ সম্পৰ্ক গঢ়ি
উঠিছিল৷ নামৰূপ উদ্যোগিক নগৰখনৰ কেন্দ্ৰস্বৰূপ সোণাৰী তিনিআলিতে সাহিত্য সভাৰ স্থায়ী
কাৰ্যালয়টো আছিল৷ সাহিত্য সভাৰ কাৰ্যালয়টো প্ৰায়বিলাক সামাজিক-সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ
সভা-সমিতি অনুষ্ঠিত কৰাৰ এক সামূহিক থলী হৈ পৰিছিল৷ মাখন দত্ত, আনন্দ দত্ত, অকণ বুঢ়াগোহাঁই,
জুলিয়ানা বেগম, নীলকান্ত শৰ্মা, কৈলাশ শৰ্মা, অখিল চক্ৰৱৰ্তী, ডাঃ অশ্বিনী বৰা, পূণ্য
বৰুৱা, দীনবন্ধু তালুকদাৰ, দেৱেশ্বৰ শইকীয়া আৰু কত যে কিমান অনুৰাগী লোকক তাতে লগ পাইছিলো৷
সাৰ নিগম ক্লাবত নিয়মীয়াকৈ সাংস্কৃতিক অনুষ্ঠান হৈছিল, য’ত আমি থাৰ্মেলৰ পৰা গৈ অংশ
গ্ৰহণ কৰিছিলো৷ (সেই সকলৰ ভিতৰৰে বহুতোলোক আজি আমাৰ মাজত নাই)
(ক্ৰমশঃ)
