লোকনাথ গোস্বামী
মন দাপোণত-২২
(১)
৭৭’ৰ বিশজুনৰ বিষ্ণু ৰাভা দিৱসঃ
১৭
জানুৱাৰিৰ সেই জ্যোতিদিৱসৰ অভূতপূৰ্ব সাফল্যৰ পিছত জুন মাহৰ বিশ তাৰিখে পুনৰ বিষ্ণু
ৰাভা দিৱসৰ প্ৰশ্ন উদয় হ’ল৷ সাহিত্য-সংস্কৃতি সংঘৰ সভাত বিষয়টো আলোচনা কৰা হ’ল৷ সকলোৱে
একেমুখে ক’লে যে আমাৰ লোকনাথ গোস্বামী আছে যেতিয়া চিন্তা কিহৰ? তেখেতে দায়িত্ব ল’লে
নিশ্চয় আমি আগ বাঢ়িব পাৰিম৷ বিষ্ণু ৰাভাৰ বিষয়ে তেখেতে জনাৰ উপৰিও গীত-মাতখিনিও তেখেতে
শিকাব পাৰিব৷ ময়ো অৱশ্যে আপত্তি কৰাৰ কোনো কাৰণ নেদেখিলোঁ৷ নামৰূপ পেট্ৰ’ৰসায়নিক প্ৰকল্পৰ
প্ৰতিনিধি তথা এগৰাকী সচেতন ব্যক্তি পদুম শইকীয়াই এটা প্ৰস্তাৱ আগবঢ়ালে যে বিশ জুনৰ
আগে আগে শ্ৰীগোস্বামীক বিষ্ণু ৰাভাৰ জীৱন-দৰ্শন, লগতে গীত-মাতখিনি সামৰি এটা বক্তৃতা
প্ৰদান কৰাৰ দায়িত্ব দিয়া হওক৷ সেই বক্তৃতাটোৰ জড়িয়তেই আমি আমাৰ বিশ জুনৰ প্ৰস্তাৱিত
অনুষ্ঠানৰ পাতনি মেলিব পাৰিম৷ সকলোৱে শ্ৰীশইকীয়াৰ প্ৰস্তাৱটো সমৰ্থন কৰিলে৷ এসপ্তাহৰ
ভিতৰতে আমাক বক্তৃতাটো প্ৰস্তুত কৰিবলৈ সভাৰ তৰফৰ পৰা তাগিদা দিলে আৰু ময়ো সেই প্ৰস্তাৱ
সাগ্ৰহে গ্ৰহণ কৰিলো৷
বিষ্ণু
ৰাভাৰ জীৱন-দৰ্শন, তেওঁৰ গীত-মাতৰ ওপৰত বক্তৃতা এটা প্ৰদান কৰা বিষয়টো মোৰ কাৰণে বৰ
জটিল নাছিল৷ যিহেতু নামৰূপলৈ অহাৰ আগেয়ে এনেবিলাক কামেই কৰি আহিছিলো৷ সময়ত বক্তৃতানুষ্ঠান
হৈ গ’ল৷ কথাৰ লগতে দহ-বাৰটামান বেলেগ বেলেগ সুৰ-সঞ্চাৰৰ গানো শুনাই দিলো হাৰম’নিয়ামখন
হাতত লৈ৷ মানুহখিনিয়ে মোৰ বক্তৃতাৰ লগতে গানখিনি শুনি বৰ আমোদ পালে৷ বিষ্ণু ৰাভা দিৱসটো
উদযাপন কৰিলে তাপবিদ্যুৎ কেন্দ্ৰৰ ল’ৰা-ছোৱালীবিলাকে বিষ্ণু ৰাভাক ভালকৈ জনাৰ উপৰিও
অন্ততঃ তেওঁৰ বচা বচা গানখিনি শিকিব পাৰিব৷ তাৰ পিছদিনাৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰা
হ’ল৷
জ্যোতিদিৱসৰ
দৰেই ইয়াতো সংগীতালেখ্যৰ কথা ভবা হ’ল৷ তেতিয়া সকলোখনি বিষয়বস্তু সামৰি ল’ব পৰা যায়৷
ভাগে ভাগে কামৰ দায়িত্ববিলাক অৰ্পণ কৰা হ’ল৷ মই নিজেই আলেখ্যখন লেখাৰ দায়িত্ব ল’বলগীয়া
হ’ল৷ কিয়নো এইবাৰ বানেশ্বৰ খাওন্দ লগত নাছিল৷ তেখেত বিভাগীয় প্ৰশিক্ষণৰ বাবে এবছৰৰ
কাৰণে ৰাজ্যখনৰ বাহিৰলৈ গৈছিল৷ সেয়ে আলেখ্যখন উপস্থাপনৰ দায়িত্ব দুগৰাকী লোকৰ ওপৰত
ন্যস্ত কৰা হৈছিল, এগৰাকী প্ৰণতি গোহাঁই আৰু
আন গৰাকী ‘এ পি এল’ ৰ পদুম শইকীয়া৷ গানবিলাকো
তেনেদৰে গোৱা মানুহ চাই শিকোৱাৰ ব্যৱস্থা কৰা হ’ল৷
অনাতাঁৰ
শিল্পী প্ৰণতি খাওন্দক ‘লগন উকলি গ’ল’ গানটো শিকাই দিলো এককভাৱে গাবৰ বাবে৷ তেখেতে
বৰ সুন্দৰকৈ শিকি-বুজি লৈ মঞ্চত পৰিৱেশন কৰিছিল৷ ‘নাহৰফুলে নুশুৱাই’ গানটো নিৰু নাহৰডেকা(কাৰ্যবাহী
অভিযন্তা ঠগিত নাহৰ ডেকাৰ পত্নী)ই মোৰ সৈতে
দ্বৈতকণ্ঠত গোৱাৰ ইচ্ছা কৰাত ময়ো একেলগে গালোঁ৷ শ্ৰোতাই সুন্দৰকৈ গ্ৰহণ কৰিছিল দ্বৈতকণ্ঠৰ
গানটো৷ ‘বিশ্বৰে ছন্দে ছন্দে’ গানটোৰ নৃত্যৰূপ দিয়াৰ কথা চিন্তা কৰি নচা মানুহৰ খবৰ
ল’লোঁ৷ নৃত্য-প্ৰশিক্ষক দীনবন্ধু বৈশ্যক কথাটো কোৱাত সাৰনিগমৰ এজন মানুহৰ ল’ৰা এজনক
লৈ আহিল৷ তেওঁৰ নাম জিয়াউৰ ৰহমান, সাৰনিগম হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল তেওঁ৷
দীনবন্ধু বৈশ্যই শিকাই দিয়াত ‘বিশ্বৰে ছন্দে ছন্দে’ গানটোৰ তেওঁ অতি আকৰ্ষণীয়কৈ নৃত্যৰূপ
দিলে৷ ইয়াৰ মাজতে বিষ্ণু ৰাভাৰ নিৰ্বাচিত কবিতাৰ কিয়দাংশ আবৃত্তি কৰোৱা হ’ল৷ মুঠতে
১৯৭৭ চনৰ বিশজুনটো মনত ৰৈ যোৱাকৈ তাপবিদ্যুৎ কেন্দ্ৰত উদযাপন কৰা হ’ল৷ পিছত নামৰূপৰ
ওচৰে-পাজৰে, সাৰনিগম ক্লাব আদিলৈ তাপবিদ্যুৎ কেন্দ্ৰৰ শিল্পীসকলক বিচৰা হ’ল৷
নামৰূপ
তাপ বিদ্যুৎ কেন্দ্ৰৰ সাংস্কৃতিক বাতাবৰণ দ্ৰুত গতিত সলনি হ’বলৈ ধৰিলে৷ থাৰ্মেল ক্লাবৰ
লগতে সংলগ্ন কৰি ‘তাপবিদ্যুৎ কেন্দ্ৰ সংগীত বিদ্যালয়’ আৰু ‘বিদ্যুৎ মইনা পাৰিজাত’ৰ
স্থায়ী ভৱন নিৰ্মাণ কৰোৱা হ’ল৷ সংগীত বিদ্যালয়ত কণ্ঠ সংগীতৰ লগতে তবলা, খোল, ভায়লিনৰ
শিক্ষা প্ৰদান কৰাৰ দিহা কৰা হ’ল৷ সাৰনিগম সংগীত মহাবিদ্যালয়ৰ পৰা ৰোষধৰ বৰুৱা, দীনবন্ধু
বৈশ্যৰ লগতে তাপ বিদ্যুৎ কেন্দ্ৰৰ জুনিয়ৰ অভিযন্তা
গোলাপ মহন্তই চেমনীয়া ল’ৰা-ছোৱালী কিছুমানক খোল আৰু সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিয়াৰ
দায়িত্ব ল’লে৷
(৩)
নামৰূপ সাৰ-নগৰীত নাট্যচৰ্চ্চাঃ
নাট্যচৰ্চ্চাৰ
ক্ষেত্ৰত নামৰূপ উদ্যোগ নগৰী ৰাজ্যখনৰ ভিতৰতে আগবঢ়া আছিল এটা সময়ত৷ শম্ভূ গুপ্তাৰ দ্বাৰা
পৰিচালিত ‘ইয়ুথ কালচাৰেল গ্ৰুপ’ৰ নাটক (কনক পুতলা চাঙী আদি)য়ে বিশ্বনাথ চাৰিআলিত প্ৰতিবছৰে
আয়োজন কৰা ‘সূৰ্য বৰা একাংক নাট প্ৰতিযোগিতা’ত আগস্থান দখল কৰা বাতৰি প্ৰায়েই পোৱা
গৈছিল৷ একেদৰে অখিল চক্ৰৱৰ্তীৰ পৰিচালনাত ‘নামৰূপ নাট্য সমাজ’ ৰ (আমি স্বপ্নাতুৰ, এজন
ৰজা আছিল, উত্তৰ পুৰুষ আদি) নাটকৰো সমগ্ৰ ৰাজ্যখনতে এটা সময়ত সুনাম আছিল৷ অখিল চক্ৰৱৰ্তীৰ
‘উত্তৰ পুৰুষ’ নাটকৰ মই সংগীত পৰিচালক আছিলো৷ নাটকখন নামৰূপৰ বাহিৰেও যোৰহাট, গোলাঘাট,
ডিব্ৰুগড় আদিত মঞ্চস্থ কৰা হৈছিল৷ নামৰূপত ১৯৭৮ চনত বিশাল আয়োজনেৰে ‘অসম নাট্য সন্মিলন’ৰ অধিৱেশন অনুষ্ঠিত
হৈছিল৷ নামৰূপত তেজপুৰৰ পৰা গৈ স্থিতি লোৱাৰ পিছত পোন-প্ৰথমবাৰৰ বাবে এনে এটা অনুষ্ঠানত
সক্ৰিয় অংশ গ্ৰহণ কৰাৰ সুবিধা পাইছিলোঁ৷ উক্ত অধিৱেশনলৈ জ্যোতি প্ৰসাদৰ ’জয়মতী’ৰ দুগৰাকী
অভিনেত্ৰী ’জয়মতী’ খ্যাত আইদেউ সন্দিকৈ আৰু মোহিনী ৰাজকুমাৰীৰ লগতে গদাপাণিখ্যাত ফুনু
বৰুৱাকো আমন্ত্ৰণ কৰা হৈছিল৷ তেখেতসকলৰ সৈতে একলগে বহি ভাত খোৱা, ফটো উঠা কথা বিলাক
সুৱঁৰি আজিও মনত এক অজান পুলক জাগে ।
(৪)
নামৰূপ সাৰ-নগৰীত জ্যোতি দিৱসঃ
নামৰূপত
জ্যোতি দিৱস, বিষ্ণু ৰাভা দিৱস, আনন্দিৰাম দাস সোৱঁৰণী অনুষ্ঠান আদি বহু দিনৰ পৰাই
তাৰ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱাৰ কথা গম পাইছিলোঁ৷ মই তাপবিদ্যুৎ কেন্দ্ৰত যোগদান
কৰাৰ পিছত এই দিৱসবিলাক অলপ ব্যতিক্ৰমীভাৱে কেন্দ্ৰটোত অনুষ্ঠিত হোৱাৰ কথা ‘সাৰ-নিগম’
আৰু ‘এ পি এল’ ৰ সংস্কৃতি-সম্পন্ন মানুহখিনিয়ে বাৰুকৈয়ে মনত ৰাখিছিল৷ তাৰ মানুহখনিয়েও
এটা সময়ত সাংস্কৃতিক অনুষ্ঠানত আমাৰ সহযোগিতা বিচৰা হ’ল৷ আমিও যিমান পাৰো সদায় ইতিবাচক
সঁহাৰি জনাইছিলোঁ, কিয়নো মানুহবিলাক বৰ ভাল আছিল৷ এবাৰ নামৰূপ সাৰ-নিগম ক্লাবত জ্যোতিদিৱসৰ
আয়োজন কৰি সম্পাদক ভৱ গগৈ(বৰ্তমান প্ৰয়াত) মোৰ কাষ চাপিল৷ জ্যোতিদিৱসৰ অনুষ্ঠানলৈ তেজপুৰৰ
পৰা বচা বচা শিল্পী কেইগৰাকীমানক আমন্ত্ৰণ কৰাৰ হেঁপাহ৷ গতিকে মই তেওঁৰ লগত তেজপুৰলৈ
যাব লাগে৷ ভৱ গগৈৰ অনুৰোধ পেলাব নোৱাৰি এদিন দুয়ো একেলগে নামৰূপৰ পৰা তেজপুৰ অভিমুখে
ওলালোঁ৷ প্ৰথমদিনা গৈ যোৰহাটৰ চোলাধৰাত থকা প্ৰণৱ খাওন্দৰ ভাড়াঘৰ ওলালোগৈ৷ প্ৰণৱ খাওন্দ ইতিমধ্যে নামৰূপৰ
হাইস্কুলৰ পৰা বেংকৰ চাকৰিসূত্ৰে যোৰহাটলৈ আহিল৷ তেওঁৰ তাতে ৰাতিটো কটাই পিছদিনা যোৰহাটৰ
পৰা বাছেৰে যাত্ৰা কৰি শিলঘাটেদি ফেৰি পাৰ হৈ আমাৰ ঘৰ পালোগৈ৷ আমাৰ ঘৰত থাকি তেজপুৰত
শিল্পীৰ সন্ধানত ওলালোঁ৷ প্ৰথমে টাউনৰ পৰা ডিপোতাৰ দিলীপ চৌধুৰী ঘৰলৈ গ’লোঁ৷ দিলীপদাক
ঘৰতে পালোগৈ৷ দিলীপদাই মোক লগ পালেই নামৰূপলৈ যোৱাৰ কথা প্ৰায়েই কয়৷ এইবাৰ ময়ো সুযোগ
ল’লোঁ৷ দিলীপদাৰ লগতে আবৃত্তিকাৰ প্ৰণব বৰা, মোৰ ভনী ৰেণুও যোৱাৰ কথা খাটাং হ’ল৷ দিলীপদাৰ
ঘৰৰ পৰা আহি কমাৰচুবুৰীৰ প্ৰবীণ অভিনেতা তুলসী দাসৰ ঘৰ বিচাৰি উলিয়ালোঁ৷ তেখেতকো নামৰূপলৈ
আমন্ত্ৰণ জনালো শিল্পীদিৱসৰ সৈতে সংগতি বিশেষভাৱে সম্বৰ্দ্ধনা জনাবৰ বাবে৷ তেখেতে সন্মতি
জনোৱাত আমি খুবেই আনন্দিত হ’লোঁ৷ আহিবৰ সময়ত তেখেতৰ হাতত পইচা অলপ আগধন হিচাপে দি আহিলো৷
১৭
জানুৱাৰিত(১৯৭৭)ঠিকেই অনুষ্ঠান হল সাৰ-নগৰী ক্লাবত৷ কিন্তু তুলসী দাস আহিব নোৱাৰিলে৷
দিলীপ চৌধুৰীয়ে জ্যোতি প্ৰসাদৰ গানেৰে আৰু প্ৰণব বৰাই কবিতা আবৃত্তিৰে দৰ্শকক ভালেই
আপ্লুত কৰিছিল৷ একেদিনাই তাপবিদ্যুৎ কেন্দ্ৰতো জ্যোতি দিৱস উদযাপিত হৈছিল পূৰ্বৰ দৰেই
আটকধুনীয়াকৈ৷ আমি তাপবিদ্যুৎ কেন্দ্ৰৰ অনুষ্ঠান সমাপ্ত কৰি সাৰনিগম পালোগৈ দিলীপদাহঁতৰ
খবৰ লবলৈ৷ তেতিয়া সকলোৱে অনুষ্ঠান সমাপ্ত কৰি জিৰণি লৈছিল৷ আমিও থাৰ্মেললৈ ঘূৰি আহি
ঘৰে ঘৰে গ’লোঁ৷
(ক্ৰমশঃ)
