অন্যযুগ/


অতিসাম্প্ৰতিক

অংকুৰিতা ফুকন

 

ফৰকাল হওক বুলিয়েই

ফুটা কপালখন উবুৰিয়াই থওঁ

বৰষুণৰ বিছনাত

 

মায়াৰ মোহনাত বহি কাণ পাতি শুনো

টোপ গিলা মাছৰ সেমেকা বিলাপ

 

চকুৰ চন্দুকত ভৰাই আৰুনো কিমান লুকুৱাম

ভাবনাৰ অপইতা ফল

সময় থাকে মানেহে থাকিব

চকুত পোহৰ

 

সম্প্ৰতি উজানৰ মাছবোৰ বৰষুণ বিদ্বেষী

আৰু মোৰ দৰে কেলেহুৱা মাছুৱৈবোৰ

বেলি-মুৱা আন্ধাৰৰ উপাসক


ঠিকনা:
দেৰগাঁও
ভ্ৰাম্যভাষ: ৮০১১৭৪৮১৪৩

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ