অন্যযুগ/


তৰুণ লেখকৰ সমস্যা

 টুনুজ্যোতি গগৈ

 

যোৱা চাৰিবছৰ ধৰি ‘দয়-কাও-ৰং একাডেমি’ৰ উদ্যোগত আমি নিয়মীয়াকৈ বিভিন্ন সাহিত্য কৰ্মশালা আৰু সাহিত্য প্ৰতিযোগিতা আয়োজন কৰি আহিছোঁ৷ এই সময়ছোৱাত বহু নতুন লেখক-লেখিকাৰ সৃজনশীল প্ৰতিভাৰ লগতে তেওঁলোকৰ আশা-আকাংক্ষা, হতাশা-যন্ত্ৰণা আদিৰ সৈতে ওচৰৰপৰা চিনাকি হোৱাৰ সুযোগ লাভ কৰিছোঁ৷ এই কৰ্মশালাবোৰে আমাক বহু নতুন কলমৰ সৈতে পৰিচয় কৰাই দিয়াৰ উপৰিও ইদানীন্তন তৰুণ লেখকসকলৰ মানসিক জগতখনো ওচৰৰপৰা জুমি চাবলৈ সুযোগ দিছে৷ বহু সময়ত ভাৱ হয় যে বহু তৰুণ লেখকে সাহিত্যচৰ্চা কেৱল সৃষ্টিৰ অমল আনন্দৰ বাবেই নকৰে; তেওঁলোকে একে সময়তে আত্মপ্ৰচাৰ, সামাজিক স্বীকৃতি আৰু আপোন অস্তিত্বৰ নিশ্চয়তাও বিচাৰে৷ ফলত লেখক জীৱনৰ স্বাভাৱিক ব্যৰ্থতা, উপেক্ষা বা বিলম্বিত স্বীকৃতিয়ে তেওঁলোকক ভিতৰি ভিতৰি ভাঙি পেলায়৷ 

বেছিভাগ তৰুণ লেখকেই এক গভীৰ মানসিক যন্ত্ৰণাৰ মাজেৰে নিজৰ কলমটোক উৎপাদনশীল কৰি ৰাখিবলৈ চেষ্টা কৰে৷ সাধাৰণ দৃষ্টিত তেওঁলোকক স্বাভাৱিক যেন দেখা গ’লেও বহুতে ভিতৰি ভিতৰি আত্মসংশয়, অসন্তোষ আৰু একধৰণৰ নিঃসংগতা কঢ়িয়াই লৈ ফুৰে৷ তেওঁলোকৰ সেই যন্ত্ৰণা বহুতেই বুজিবলৈ চেষ্টা নকৰে বা বুজিব নোৱাৰে৷ বিবাহিত তৰুণ লেখকসকলৰ সমস্যাবোৰ বহু পৰিমাণে জটিল৷ সংসৰিক দায়িত্ব, চাকৰি-বাকৰি, বিয়া-সকামৰ নিমন্ত্ৰণ — এইবোৰৰ মাজত তেওঁলোকে নিজৰ বাবে অলপ সময়ো উলিয়াব নোৱাৰে৷ বহুতে ঘৰৰ কাম-বন সামৰি নিশা গভীৰ হোৱাৰ পাছতহে লিখিবলৈ বহে৷ কিন্তু ভাগৰুৱা শৰীৰ আৰু অৱসন্ন মনে তেওঁলোকৰ কলম (বা ম’বাইলৰ কীবৰ্ড) স্থবিৰ কৰি তোলে৷ আনহাতে, অবিবাহিত তৰুণ লেখকসকলে আৰ্থিক অনিশ্চয়তা, সংস্থানহীনতা, পাৰিবাৰিক চাপ আৰু ভৱিষ্যতক লৈ উদ্বেগৰ মাজত নিজৰ সৃষ্টিশীলতাক জীয়াই ৰাখিবলৈ যথেষ্ট সংগ্ৰাম কৰিব লগা হয়৷ তেওঁলোকৰ বাবে সাহিত্য একে সময়তে হৈ পৰে নিভৃত আশ্ৰয় আৰু যন্ত্ৰণাৰ উৎস৷ সাহিত্যই এপিনে তেওঁলোকক মানসিকভাৱে জীয়াই থাকিবলৈ অমল প্ৰেৰণা দিয়ে, আনপিনে তেওঁলোকক সমাজৰ সন্মুখত অসুৰক্ষিত কৰি তোলে৷

বৰ্তমান একাংশ তৰুণ লেখকে ধৰি লৈছে যে দুখনমান নিৰ্দিষ্ট অসমীয়া ভাষাৰ আলোচনীত লেখা প্ৰকাশ হ’লেহে তেওঁ ‘প্ৰকৃত লেখক’ হিচাপে স্বীকৃতি লাভ কৰিব৷ কিছুমানে আকৌ চৰকাৰৰ উদ্যোগত আয়োজিত গ্ৰন্থমেলা, অসম সাহিত্য সভা আদিৰ মঞ্চলৈ নিমন্ত্ৰণ নোপোৱাটোকে নিজৰ ব্যৰ্থতা বুলি ভাবিবলৈ আৰম্ভ কৰে৷ এনেদৰে ভবাৰ কাৰণ হ’ল — আমাৰ সাহিত্য ক্ষেত্ৰখনত দৃশ্যমানতাক বহু সময়ত স্বীকৃতিৰ মূল্য বুলি ধৰি লোৱা হয়৷ যিসকলে এনে ধৰণৰ মঞ্চত সঘনাই উঠে বা সামাজিক মাধ্যমত অধিক চৰ্চিত হয়, তেওঁলোককেই অধিক ‘সফল’ বুলি ভবাৰ এক অশুভ পৰম্পৰা গঢ় লৈ উঠিছে৷ তেওঁলোকক কোনে বুজাব যে গভীৰ আৰু স্থায়ী সাহিত্য নীৰৱ সাধনাৰ মাজতেইতেই সৃষ্টি হয়!

বহু লেখকে নিজৰ লেখাৰ যথাযথ মূল্যায়ন নোহোৱাৰ অভিযোগ প্ৰায়ে কৰে৷ কিছুমানে আকৌ পৰিয়াল-পৰিজনৰপৰা প্ৰেৰণা বা সহযোগিতা নোপোৱাক লৈ আক্ষেপ কৰে৷ ঘৰৰ মানুহে বহু সময়ত সাহিত্যচৰ্চাক সময়ৰ অপচয় বা অপ্ৰয়োজনীয় কাম বুলিয়েই গণ্য কৰে৷ অসমত সাহিত্য চৰ্চাক এতিয়াও স্থায়ী পেছা বা গভীৰ বৌদ্ধিক সাধনা হিচাপে লোৱাৰ পৰিৱেশ সৃষ্টি নোহোৱাত বহু তৰুণ লেখকে নিজৰ সৃষ্টিশীল স্বপ্নক বুকুৰ ভিতৰতে গোপনে কঢ়িয়াই লৈ ফুৰে৷ এই পৰিস্থিতিক কেৱল লেখকৰ ব্যক্তিগত সংকট বুলি ভাবিলে ভুল হ’ব; ই আমাৰ সমাজ জীৱনৰ সাংস্কৃতিক সীমাৱদ্ধতাৰে প্ৰতিফলন৷

নতুন লেখকৰ আন এটা ডাঙৰ হতাশা কিতাপ প্ৰকাশক লৈ সৃষ্টি হয়৷ বহু নতুন লেখকে নিজৰ প্ৰথমখন কিতাপ ভালদৰে প্ৰকাশ কৰাৰ সপোন দেখে৷ কিন্তু বাস্তৱত প্ৰায়ভাগ প্ৰকাশকে নতুন লেখকৰ গ্ৰন্থৰ পাণ্ডুলিপি গ্ৰহণ কৰিবলৈ বিশেষ আগ্ৰহ নেদেখুৱায়৷ স্বাভাৱিকতে নতুন লেখকক কিতাপৰ বজাৰ, বিক্ৰী বা পৰিচিতিৰ অজুহাত দেখুওৱা হয়৷ এইক্ষেত্ৰত প্ৰকাশকসকলক পোনেই দোষী সাব্যস্ত কৰিব নোৱাৰি৷ কাৰণ, অসমৰ প্ৰকাশন জগতখনো এতিয়া বাণিজ্যিক চাপেৰে নিয়ন্ত্ৰিত হৈ আছে৷ তথাপি বাস্তৱ সত্য এয়াই যে বহু সম্ভাৱনাময় নতুন লেখক আৰম্ভণিৰেপৰাই উপেক্ষিত হৈ ৰয়৷ অৱশ্যে উপাৰ্জনসক্ষমসকলে নিজৰ গাঁঠিৰ ধন খৰচ কৰিয়েই প্ৰথমখন কিতাপ প্ৰকাশ কৰে৷ কিন্তু বহুতৰ বাবেই এয়া সম্ভৱ নহয়৷

আমি ভাবো যে অসমীয়া সাহিত্য জগতখনত নতুন লেখকৰ বাবে অধিক সহানুভূতিশীল আৰু দায়িত্বশীল প্ৰকাশন সংস্কৃতি গঢ়ি উঠাটো অতি প্ৰয়োজন৷ নতুন লেখকৰ পাণ্ডুলিপিক কেৱল ‘বিক্ৰী হ’ব নে নহ’ব’ এই মানেৰে বিচাৰ কৰিলে অসমীয়া সাহিত্যৰ ভৱিষ্যৎ অন্ধকাৰাচ্ছন্ন হৈ পৰিব৷ কাৰণ সাহিত্যৰ ইতিহাসে যুগে যুগে দেখুৱাইছে যে যিবোৰ নতুন কণ্ঠক এসময়ত উপেক্ষা কৰা হৈছিল, ভৱিষ্যতে হয়তো সেইবোৰ কণ্ঠই সাহিত্যক নতুন ভাষা, নতুন দৃষ্টিভংগী আৰু নতুন সংবেদনশীলতা দান কৰিছিল৷

বৰ্তমান সামাজিক মাধ্যমৰ যুগত নতুন লেখকৰ সংকটবোৰ অধিক জটিল হৈ পৰিছে৷ এতিয়া সাহিত্যৰ গুণগত মানো বহু ক্ষেত্ৰত ‘লাইক’, ‘কমেণ্ট’ আৰু ‘শ্বেয়াৰ’ৰ সংখ্যাৰে জোখা হয়৷ এজন তৰুণ লেখকে কবিতা বা গল্প এটা লিখি ফে’চবুকত প্ৰচাৰ কৰাৰ পাছত নেটিজেনৰপৰা আশানুৰূপ সঁহাৰি নাপালে হতাশ হয়৷ এনে মানসিকতাই সাহিত্যচৰ্চাক ধীৰে ধীৰে এক প্ৰকাৰ তাৎক্ষণিক জনপ্ৰিয়তাৰ প্ৰতিযোগিতালৈ ৰূপান্তৰিত কৰিছে৷ কিন্তু সাহিত্য চৰ্চা কেতিয়াও তাৎক্ষণিক শিল্পকৰ্ম নহয়, হ’ব নোৱাৰে৷ বহু মহান লেখক জীৱিতকালত উপেক্ষিত হ’লেও সময়ৰ গতিত তেওঁলোকৰ সাহিত্য কৰ্মই স্থায়িত্ব লাভ কৰিছিল৷ উদাহৰণস্বৰূপে, বাংলা কবি জীবনানন্দ দাশৰ কথাই ক’ব পাৰি৷

আন এটা সমস্যা হ’ল তুলনাৰ মানসিকতা৷ নতুন লেখক এজনে নিজৰ আৰম্ভণিক আন এজন প্ৰতিষ্ঠিত লেখকৰ সফলতাৰ সৈতে তুলনা কৰিব বিচৰাৰ ফলত তেওঁৰ আত্মবিশ্বাস কমি যায়৷ তেওঁ পাহৰি যায় যে প্ৰতিজন লেখকৰ এক নিজস্ব যাত্ৰা আৰু নিজস্ব সংগ্ৰাম থাকে৷ সামাজিক মাধ্যমত আনৰ সফলতাৰ দৃশ্যমান অংশটোহে দেখা যায়; কিন্তু সেই সফলতাৰ আঁৰৰ ব্যৰ্থতা, দীৰ্ঘ অপেক্ষা আৰু সংঘাত দেখা পোৱা নাযায়৷

আমি বিভিন্ন সাহিত্য কৰ্মশালা আয়োজন কৰি দেখিছোঁ যে বহু তৰুণ লেখকৰ মাজত প্ৰচুৰ সম্ভাৱনা আছে৷ কিন্তু তেওঁলোকৰ ধৈৰ্য তুলনামূলকভাবে কম৷ বেছিভাগেই কম সময়ৰ ভিতৰতে স্বীকৃতি বিচাৰে৷ ইয়াৰ এটা কাৰণ এনেকুৱা হ’ব পাৰে— আমি এনে এক যুগত বাস কৰিছোঁ, য’ত সকলো কামৰ ফলাফল মুহূৰ্ততেই পোৱাৰ অভ্যাস গঢ় লৈ উঠিছে৷ কিন্তু নতুন লেখকসকলে বুজিব লাগিব যে সাহিত্য সাধনা আচলতে এক নিৰৱচ্ছিন্ন সাধনা৷ সাহিত্যত ‘চৰ্টকাট’ বুলিবলৈ একো নাই৷ 

ব্যক্তিগতভাবে আমাৰ অনুভৱ হয় যে তৰুণ লেখকসকলক কেৱল সাহিত্য সৃষ্টিৰ কৌশল শিকালেই নহ’ব, তেওঁলোকক মানসিকভাৱেও শক্তিশালী কৰি তুলিব লাগিব৷ তেওঁলোকক বুজাব লাগিব যে হতাশা, প্ৰত্যাখ্যান, অৱমূল্যায়ন আদি সাহিত্যিক জীৱনৰ স্বাভাৱিক অংশ৷ আমি সীমিত শক্তিৰ মাজেৰেই নতুন লেখকসকলক উদ্দীপিত কৰিবলৈ চেষ্টা কৰিছোঁ৷ বহু সময়ত তেওঁলোকৰ সৈতে দীঘলীয়াকৈ কথা পাতিছোঁ, কাউন্সেলিং পৰ্যন্ত কৰিছোঁ৷ কিন্তু বহু লেখকে ভিতৰি ভিতৰি এনে এক যন্ত্ৰণাৰ মাজেৰে দিন পাৰ কৰে যে তেওঁলোকক কেৱল উপদেশ দিয়েই উজ্জীৱিত কৰিব নোৱাৰি৷ তেওঁলোকক প্ৰয়োজন হয় সঁচা সহানুভূতি আৰু মানসিক নিৰাপত্তা৷ কেতিয়াবা অনুভৱ হয় যে নতুন লেখক সৃষ্টি কৰাৰ আগতে নতুন মানৱিক পৰিৱেশ সৃষ্টি কৰাটোৱেই অধিক জৰুৰী৷ শেষত এটা কথাই ক’ম যে সাহিত্য সাধনাৰ পথ কেতিয়াও মসৃণ নহয়৷ ইয়াত তাৎক্ষণাক সফলতাও নাই, নিশ্চিত স্বীকৃতিও নাই৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ