অন্যযুগ/


“কামতাপুৰ আন্দোলন” article-september-2026

 

অৰ্ধেন্দু নাৰায়ণ দেৱ

 

বৰ্তমান সময়ত অসমৰ এক জ্বলন্ত সমস্যা হৈছে কামতাপুৰ আন্দোলন৷ সময়ে সময়ে এই আন্দোলনৰ জুয়ে অসমৰ পৰিৱেশ উতলাই তোলে৷ অসম বন্ধ, ৰাজপথত উত্তাল পৰিৱেশ, ৰেল অৱৰোধ আদি কাৰ্য্যত জনজীৱন ক্ষতিগ্ৰস্ত হৈ পৰে৷ এই আন্দোলনৰ ফলত অসমৰ শান্তি আৰু সম্প্ৰীতিত কুঠাৰাঘাত হনা দেখা যায়৷ এখন নগৰক কেন্দ্ৰ কৰি ৰাজ্যৰ দাবীৰে অসমৰ ইতিহাস মচাৰ প্ৰয়াস যে বৌদ্ধিক মহলৰ চিন্তাৰ কাৰণ হৈ দেখা দিছে, ইয়াত কোনো সন্দেহ নাই৷ দঢ়াই ক’ব পাৰি যে এই আন্দোলনত জাতিৰ স্বাৰ্থতকৈ ব্যক্তি বিশেষৰ স্বাৰ্থ অধিক৷ এতেকে এই আন্দোলনৰ বিষয়ে জন সাধাৰণ অৱগত হোৱাৰ প্ৰয়োজন বুলি ভাবি কিছু আলোকপাত আগবঢ়ালোঁ৷ 

কামতাপুৰ কি আৰু ইয়াৰ অৱস্থান :  

    “কামতাপুৰ’’ 

  ইতিহাসৰ পাতত কামতাপুৰক কামৰূপ-কামতা ৰাজ্যৰ ৰাজধানীৰূপে উল্লেখ কৰা হৈছে৷ কামৰূপৰাজ সন্ধ্যাই ত্ৰয়োদশ শতাব্দীত দেশৰ প্ৰতিৰক্ষাৰ বাবে উত্তৰ গুৱাহাটীৰ ৰাজধানী পৰিত্যাগ কৰি পশ্চিম প্ৰান্তলৈ আগুৱাই গৈ কামতাপুৰ নামে ঠাইত কামৰূপৰ ৰাজধানী পাতে৷ ধৰলা নদীৰ পাৰত ধন-জনসমৃদ্ধ প্ৰধান নগৰ কামতাপুৰ অৱস্থিত আছিল৷ কামতাপুৰক গোঁসানীমাৰী নামেও জনা যায়৷ বৰ্তমান কোচবিহাৰ চহৰৰ পৰা ২৮ কিঃমিঃ পশ্চিম-দক্ষিণত আৰু দীনহাটা ৰে’ল ষ্টেচনৰ পৰা ৯ কিঃমিঃ পশ্চিমত অৱস্থিত আৰু এতিয়া ঠাইডোখৰক ‘গোঁসানীমাৰী’ বা ‘দেৱীস্থান’ নামে অভিহিত কৰা হৈ আছে৷ মুছলমান শাসক হুছেইন শ্বাহে কামতাপুৰ নগৰখন ধ্বংস কৰে৷ এই ঘটনা সংঘটিত হৈছিল ১৪৯৮ খ্ৰীষ্টাব্দত(০১)৷ এই কামতাপুৰকেই বিশ্বসিংহই তৃতীয় ৰাজধানী হিচাপে কেন্দ্ৰ কৰি কোচৰাজ্যৰ শাসন পৰিচালনা কৰিছিল৷ কোচবিহাৰ ৰাজ আজ্ঞাত তথা ১৯৩৬ চনত কোচবিহাৰ ষ্টেট প্ৰেছৰ পৰা প্ৰকাশিত হোৱা খাঁ আমানত উল্লা আহমেদে লিখা ‘কোচবিহাৰেৰ ইতিহাস’ (পুনঃমুদ্ৰণ ২০১৯) গ্ৰন্থৰ পৃষ্ঠা নং ৯০ ত লিখা আছেঃ ‘মহাৰাজ বিশ্বসিংহ স্বকীয় ৰাজধানী কামতাপুৰে স্থানান্তৰিত কৰিয়াছিলেন৷’ কোচবিহাৰৰ কোচ মহাৰাজ প্ৰাণনাৰায়ণে এই কামতাপুৰতেই ১৬৬৫ খ্ৰীষ্টাব্দত কামতাপুৰত কামতেশ্বৰী মন্দিৰ নিৰ্মাণ কৰিছিল আৰু মন্দিৰৰ দ্বাৰ লিপিত নিজৰ কীৰ্তি লিপিবদ্ধ কৰি ৰাখিছে৷ সপ্তদশ শতিকাত নিৰ্মিত কামতাপুৰৰ কামতেশ্বৰী মন্দিৰৰ শিলৰ ফলি অসমীয়া ভাষাৰ লিপিৰ বিৱৰ্তনৰ নিদৰ্শন বুলি অসম চৰকাৰে উল্লেখ কৰিছে৷ মা কামাখ্যাৰ দৰ্শন যেনেকৈ কোচবিহাৰৰ কোচ ৰাজবংশই কৰিব নোৱাৰে ঠিক তেনেদৰে কামতাপুৰৰ কামতেশ্বৰী মন্দিৰো দৰ্শন কৰা নিষেধ৷ ১৮০৮ খ্ৰীষ্টাব্দত ডাঃ বুকানন হেমিল্টনে কামতাপুৰ পৰিদৰ্শন কৰি কামতাপুৰত থকা দুৰ্গসমূহৰ ওপৰত এটি টোকা প্ৰস্তুত কৰিছিল৷ দুৰ্গবিলাক হ’ল  : শিলদুয়াৰ (দুৱাৰ), বাঘদুয়াৰ, জয়দুয়াৰ, হোকোদুয়াৰ, নিমাইদুয়াৰ আৰু সন্ন্যাসীদুয়াৰ৷ এই দুৰ্গসমূহৰ ভিতৰত ৰাজপাট নামে এটি উচ্চস্থান আছে৷ ৰাজপাটৰ উচ্চতা ৬০ ফুট আৰু দৈৰ্ঘ্য-প্ৰস্থ উভয়ই ৩৬০ ফুট অৰ্থাৎ বৰ্গাকাৰ৷ উল্লেখ্য যে, ১৯৩০ খ্ৰীষ্টাব্দত শ্বিলংত থকা ভাৰত চৰকাৰৰ মাটি জৰীপ কাৰ্যালয়ে বিখ্যাত বুৰঞ্জীবিদ খাঁ চৌধুৰী আমনতউল্লা আহমেদৰ অনুৰোধ ক্ৰমে পত্ৰ নং ২৬/ডি দিনাংক ০২-০৬-১৯৩০ যোগে তেখেতলৈ কামতাপুৰত থকা কামতাপুৰ দুৰ্গৰ অতি মূল্যবান তথ্য প্ৰেৰণ কৰিছিল (০২)৷ 

কামতাপুৰ আন্দোলনৰ সুত্ৰপাত জানিবলৈ হ’লে আমি ৰাজবংশীসকলৰ ক্ষত্ৰিয় আন্দোলনৰ বিষয়ে আলোচনা কৰাৰ প্ৰয়োজন আছে৷ ১৮৯১ খ্ৰীষ্টাব্দত সুদূৰ ৰংপুৰক (বৰ্তমান বাংলাদেশত অৱস্থিত) কেন্দ্ৰ কৰি ক্ষত্ৰিয় আন্দোলনৰ সুত্ৰপাত হৈছিল৷ এই আন্দোলন তিনিটা পৰ্যায়ত সম্পন্ন হৈছিল৷ প্ৰথম পৰ্যায় ১৮৯১ খ্ৰীষ্টাব্দত, দ্বিতীয় পৰ্যায় ১৯০১ খ্ৰীষ্টাব্দত আৰু তৃতীয় পৰ্যায় ১৯০১ খ্ৰীষ্টাব্দৰ পিছৰ পৰা ১৯১২ চনৰ ১০ ফেব্ৰুৱাৰিলৈকে চলিছিল৷ এই আন্দোলনৰ হৰ্তা-কৰ্তা বিধাতা আছিল পঞ্চানন বৰ্মা৷ ১৯১০ খ্ৰীষ্টাব্দত পঞ্চানন বৰ্মায়ে ৰংপুৰ নাট্য মন্দিৰত গঠন কৰিছিল ‘ক্ষত্ৰিয় সমিতি’ৰ৷ এই সমিতিৰ পঞ্চানন আছিল প্ৰতিষ্ঠাতা সম্পাদক৷ লক্ষ্যণীয় কথাটো হ’ল পঞ্চানন আমৃত্যু ক্ষত্ৰিয় সমিতিৰ এই পদতে অধিষ্ঠিত আছিল৷ পঞ্চাননৰ নেতৃত্বত ক্ষত্ৰিয় সংস্কাৰ আন্দোলন গণ আন্দোলনত পৰিণত হৈছিল৷ এই আন্দোলনৰ পৰিণতিতে ৰাজবংশী সম্প্ৰদায়ে সম্পূৰ্ণভাৱে “ৰাজবংশী ক্ষত্ৰিয়’’ পৰিচয় লাভ কৰিছিল (০৩) তথা তেওঁলোকে পৌণ্ড্ৰ ক্ষত্ৰিয় বুলি প্ৰমাণ কৰিছিল৷ ৰাজবংশীসকলৰ ক্ষত্ৰিয় আন্দোলন কোচবিহাৰ ৰাজ্য, চিদলী ৰাজ্যত নিষিদ্ধ আছিল ইয়াৰ উপৰিও গৌৰীপুৰ ইষ্টটো এই আন্দোলনক সমৰ্থন দিয়া নাছিল৷ মাধৱ চন্দ্ৰ অধিকাৰীৰ গ্ৰন্থ Identity Crisis: A Study of the Rajbanshis of North Eastern India (1891-1979) গ্ৰন্থৰ ১২৭ নং পৃষ্ঠাত উল্লেখ কৰিছেঃ ‘Even Brahmins began to refuses to serve the Rajbanshis as priests in religious and social ceremonies and some officials refused to record the cast of these people as Kshatriyas.’ একেখন গ্ৰন্থৰ পৃষ্ঠা নং ৫৯ উল্লেখ কৰিছেঃ ‘Finally Rajbanshis become successful to recognize themselves as “kshatriya” in the final report of 1911 Census, where they were listed as a separate Hindu Castes, “Rajbanshi, with Kshatriya in bracket.’ এই ক্ষত্ৰিয় আন্দোলনৰ যোগেদি ৰাজবংশীসকলে ৰংপুৰত ৰাজহুৱা ধৰ্ম সভা (১৮৯১ খ্ৰীষ্টাব্দত) অনুষ্ঠিত কৰি কোচসকলক “নিকৃষ্ট জাতি”ৰ বুলি লিখিতভাৱে ব্ৰিটিছ চৰকাৰক অৱগত কৰাইছিলঃ “কোচ অতি নিকৃষ্ট জাতি৷ তাহাৰ ব্যবসায়, আহাৰ, ব্যবহাৰ সমস্যা নিকৃষ্ট” (ৰাজবংশী ক্ষত্ৰিয় জাতিৰ ইতিহাস, উপেন্দ্ৰ নাথ বৰ্মন, সম্পাদনাঃ ননী গোপাল ৰায়, জলপাইগুৰি, ফেব্ৰুৱাৰী ২০১৯, পৃষ্ঠা-৫৩)৷ ক্ষত্ৰিয় আন্দোলনৰ হৰ্তা কৰ্তা বিধাতা পঞ্চানন বৰ্মায়েও কোচসকলক ‘নিচু জাত’ৰ বুলি বৰ্ণনা কৰি ইতিকিং, তুচ্ছ্য-তাচ্ছ্যিল্য কৰিছিলঃ “পঞ্চানন বৰ্মা কোচ জাতিকে ৰাজবংশী জাতি অপেক্ষায় অনেক নিচু জাতি বলে বৰ্ণনা কৰেছেন৷” (ৰাজবংশী সমাজ ও মনীষী পঞ্চানন বৰ্মা, দ্বিতীয় খণ্ড, ড° মাধৱ চন্দ্ৰ অধিকাৰী, কলকাতা, ২০২২, পৃষ্ঠা-৪৭)৷ পঞ্চানন বৰ্মায়ে ৰাজবংশীসকলক আৰ্য বংশভূত বুলি উল্লেখ কৰিছিল৷ পঞ্চানন বৰ্মাৰ ক্ষত্ৰিয় আন্দোলনৰ প্ৰভাৱ নামনি অসমৰ অবিভক্ত গোৱালপাৰা জিলাতো পৰিছিল৷ তাৰ ফলস্বৰূপে ৰাজবংশীসকলক ক্ষত্ৰিয় বুলি প্ৰমাণ কৰিবৰ কাৰণে বইটামাৰী হৰিকিশোৰ অধিকাৰীয়ে ১৯০৭ খ্ৰীষ্টাব্দত লিখি উলিয়াইছিল ৰাজবংশীসকলৰ প্ৰথমখন ইতিহাসৰ গ্ৰন্থ ‘ৰাজবংশী কুল-প্ৰদীপ’৷ এশ বছৰতকৈও অধিক কাল পুৰণি এই গ্ৰন্থখন বইটামাৰী ক্ষত্ৰিয় সমিতিয়ে ২০২৩ চনত তৃতীয় সংস্কৰণ প্ৰকাশ কৰি উলিয়ায়৷ গ্ৰন্থখনখনৰ পৃষ্ঠা-২১ ত’ হৰি কিশোৰ অধিকাৰীয়ে মন্তব্যত উল্লেখ কৰিছেঃ ‘কোচ অতি নিকৃষ্ট জাতি৷ তাহাদিগেৰ আহাৰ-ব্যবহাৰ আৰু ৰীতি-নীতি সমস্তই নিকৃষ্ট৷’ (ৰাজবংশী কুল-প্ৰদীপ, প্ৰয়াত হৰি কিশোৰ অধিকাৰী প্ৰণীত ও প্ৰকাশিত, তৃতীয় সংস্কৰণঃ ১৪২৯, প্ৰকাশ কালঃ ১০ ফেব্ৰুৱাৰী ২০২৩, বইটামাৰী ক্ষত্ৰিয় সমিতি৷) ১৯৪১ চনত বইটামাৰীৰ ধনতোলা গাঁৱৰ হৰিমন্দিৰ প্ৰাংগনত মহামিলন মহোৎসৱতৰ জড়িয়তে ৰাজবংশী আৰু ক্ষত্ৰিয় উভয় এক জাতি হয় বুলি আসাম চেন্সাচ সুপাৰিণ্টেণ্ডেণ্টক জনাইছিল৷ 

ক্ষত্ৰিয় আন্দোলনৰ জড়িয়তে ৰাজবংশীসকলে পূৰ্বৰ “দাস” উপাধি পৰিত্যাগ কৰি ৰায়, বৰ্মন, সিংহ, বাৰ্মা আদি উপাধি গ্ৰহণ কৰিছিল৷ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক পঞ্চানন বৰ্মায়ে কৰতোয়া নদীৰ পাৰত চুলি মুণ্ডন কৰাই পৈতা পিন্ধাই সংমিশ্ৰিত ৰাজবংশী জাতিৰ সৃষ্টি কৰিছিল৷ জ্যোতিৰ্ময় ৰায়’ৰ গ্ৰন্থ ‘ৰাজবংশী সমাজদৰ্পণ-২’ (কলকাতা-৭০০০০৭, জানুৱাৰী, ২০১৬)

উল্লেখ আছেঃ কুমাৰগ্ৰামৰ (আলিপুৰদুয়াৰ) হলদিবাড়ীৰ জলধা জনগোষ্ঠী, মালি জনগোষ্ঠী, ফালাকাটা জটেশ্বৰৰ ওচৰৰ বালা সুন্দৰ গাঁৱৰ মেচসকল, নেপালৰ থাৰু, ধীমাল আদি জনজাতিৰ মানুহ ৰাজবংশী হৈছিল ক্ষত্ৰিয় আন্দোলনৰ জড়িয়তে (পৃষ্ঠা-২৫,২৭,২৮)৷ প্ৰত্যেক বছৰৰ ২৭ মাঘ অৰ্থাৎ ইংৰাজী ১০ ফেব্ৰুৱাৰি তাৰিখে বাংলাদেশ, সমগ্ৰ উত্তৰবঙ্গ তথা নামনি অসমৰ কিছু জিলাত অতি ধুমধামেৰে ৰাজবংশী সকলে ক্ষত্ৰিয় দিবস আজিও উৎযাপন কৰে৷ ১৯৩২ খ্ৰীষ্টাব্দত লোথিয়ান কমিটিয়ে মন্তব্য কৰিছিলঃ ‘Rajbanshi’s is a well organised community. They want to run with hare and hund with hound. 

এতিয়া আহোঁ আন্দোলনৰ মূল বিষয়লৈ।

আন্দোলনৰ আৰম্ভণি আৰু বিভিন্ন দল সংগঠন  : 

১৯১৯ খ্ৰীষ্টাব্দত পঞ্চানন বৰ্মায়ে অসমৰ অবিভক্ত গোৱালপাৰা জিলাক বঙ্গৰ লগত চামিল কৰিবলৈ চেষ্টা কৰি বক্তব্য প্ৰদান কৰিছিল৷ পঞ্চানন বৰ্মাৰ আধৰুৱা সপোন (অবিভক্ত গোৱালপাৰা জিলাক বঙ্গৰ লগত চামিলকৰণ) বাস্তৱত পৰিণত কৰাৰ উদ্দেশ্যে ১৯৬৯ চনৰ ০৫  জুলাই তাৰিখে জলপেশ মন্দিৰৰ প্ৰাঙ্গণত ক্ষত্ৰিয় সমিতিৰ একাংশই উত্তৰখণ্ড নামে এটি ৰাজনৈতিক দল গঠন কৰিছিল৷ এই দলৰ প্ৰথম দাবীয়েই আছিল  : ‘Formation of Kamatapur State consisting of five district of North Bengal.’ 

উত্তৰখণ্ড দলৰ সভাপতি আছিল পঞ্চানন মল্লিক আৰু সাধাৰণ সম্পাদক জন আছিল কালীন্দ্ৰনাথ বৰ্মন৷ ১৯৪৭ চনত দেশ বিভাজনৰ সময়ত কালীন্দ্ৰনাথ বৰ্মনৰ ঘৰটো পাকিস্তানৰ অন্তৰ্ভুক্ত হয় আৰু পিছত নানা সমস্যাৰ সন্মুখীন হৈ তেওঁ পাকিস্তান ত্যাগ কৰি ভাৰতৰ উত্তৰবঙ্গৰ জলপাইগুৰি অঞ্চলত বসতি স্থাপন কৰে৷ কালীন্দ্ৰনাথ বৰ্মনে ৰাজবংশী ভাষাৰ প্ৰথম অভিধান লিখি উলিয়াইছিল (০৪)৷ উত্তৰখণ্ড দলৰ কাৰ্যকলাপ (মালদা, পশ্চিম দিনাজপুৰ, দাৰ্জিলিং, জলপাইগুৰি আৰু কোচবিহাৰ) উত্তৰবঙ্গৰ পাচ খন জিলাতেই সীমাবদ্ধ আছিল (০৫)৷ এই দলৰ এটি উল্লেখযোগ্য ঘটনা হ’ল ১৯৮৭ চনৰ ২৫ জুনত জলপাইগুৰি জিলাৰ আলতা গ্ৰামত ‘ৰেল ৰোকো আন্দোলন’৷ তিনি হাজাৰৰো অধিক উত্তৰখণ্ডী সমৰ্থকে এই আন্দোলনত অংশগ্ৰহণ কৰিছিল৷ পুলিচৰ গুলীত উত্তৰখণ্ড দলৰ চাৰিজন সমৰ্থকৰ মৃত্যু হৈছিল৷ পিছত এই দল উত্তৰ খণ্ড দল আৰু কামতাপুৰ গণ পৰিষদ নামে দুটা ভাগত বিভক্ত হয় (০৬)৷ এই আন্দোলনত পঞ্চানন বৰ্মাৰ নামত জয়ধ্বনিৰে আন্দোলন উত্তাল কৰিছিল ৰাজবংশী নেতাসকলে৷ 

ভাৰতীয় কামতা ৰাজ্য পৰিষদঃ নামনি অসমৰ (গৌৰিপুৰ) ৰাজবংশী ক্ষত্ৰিয়সকলৰ উল্লেখযোগ্য এটি ৰাজনৈতিক সংগঠন হ’ল ভাৰতীয় কামতা ৰাজ্য পৰিষদ৷ এই সংগঠনেও নিম্ন অসম আৰু উত্তৰবঙ্গক লৈ পৃথক কামতাপুৰ ৰাজ্যৰ দাবী কৰে (০৭)৷ 

কামতাপুৰী পিপলস পাৰ্টি” (KPP):- ১৯৮৭ চনত শিলিগুড়িৰ শিৱমন্দিৰত এই দলৰ জন্ম- উদ্দেশ্যে পৃথক ৰাজ্য (০৮)৷ ১৯৯৭ চনৰ ২৭ ছেপ্তেম্বৰ তাৰিখে কামতাপুৰ পিপলস্ পাৰ্টিয়ে অতুল ৰায়ৰ নেতৃত্বত তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী ইন্দ্ৰকুমাৰ গুজৰালক ১১তম সদন দাবী দিছিলে৷ তেওঁলোকৰ নেতা সকলৰ দাবীঃ ‘Kamatapur movement is not only the movement for the Rajbanshi but also for the Muslim, Bodo, Rava, Mech, Nepalese and Jharkhandis. KPP is a revolutionary party’ (0৯)৷ KPP সম্পৰ্কে ‘উত্তৰবঙ্গ সংবাদ’ (বাংলা বাতৰি কাকত, ‘উত্তৰবঙ্গ নিয়ে ফেৰ দৰকষাকষি’,  ৰণজিৎ ঘোষ, ২৬ অক্টোবৰ ২০২৩) ত এটি লেখ প্ৰকাশ হৈছিল৷ লেখটিৰ কিছু অংশ তুলি দিয়া হ’লঃ ‘পৃথক কামতাপুৰ ৰাজ্যেৰ দাবিতে একটা সময় উত্তৰবঙ্গজুড়ে আন্দোলন ছড়িয়ে দিয়েছিল কামতাপুৰ পিপলস পাৰ্টি৷ নিখিল ৰায় এবং অতুল ৰায়েৰ নেতৃত্বে এই আন্দোলন চলাকালীনই কামতাপুৰ লিবাৰেশন অৰ্গানাইজেশনও (কে এল ও) মাথাছাড়া দেয়৷ কামতাপুৰ ৰাজ্যেৰ দাবি তুলে হিংসাত্মক আন্দোলনেৰ পথে হাঁটায় নিষিদ্ধ জঙ্গি সংগঠনেৰ তকমা পায় কেএলও৷ ভূটানে ডেৰা তৈৰি কৰে উত্তৰবঙ্গে সন্ত্ৰাসবাদী কাৰ্যকলাপ চালানো কেএলও-কে দমন কৰতে ২০০৩ সালে ‘অপাৰেশন অলক্লিয়াৰ’ অভিযান চালায় ভাৰতীয় সেনা এবং ৰয়্যাল ভুটান আৰ্মি৷ সেই সময় কেএলও’ৰ প্ৰশিক্ষণপ্ৰাপ্ত এবং লিংকম্যান হিচাবে কাজ কৰা প্ৰচুৰ জঙ্গী নেতা-কৰ্মী গ্ৰেপ্তাৰ হয়েছিল৷ এৰপৰেই কেএলও’ৰ সঙ্গে কেপিপিৰ যোগসুত্ৰ খুঁজে পান গোয়েন্দাৰা৷ সেই সূত্ৰেই কেপিপি-কে কোণঠাসা কৰাৰ জন্য তৎপৰ হয় তৎকালীন বামফ্ৰন্ট সৰকাৰ৷ গোটা উত্তৰবঙ্গ থেকেই প্ৰচুৰ কেপিপি নেতা-কৰ্মীকে গ্ৰেপ্তাৰ কৰা হয়৷ আৰ এই সময়ই কেপীপী’ৰ দুই শীৰ্ষ নেতা অতুল ৰায় এবং নিখিল ৰায়েৰ মধ্যে মতভেদ তৈৰি হয়৷ অতুলেৰ সঙ্গ ছেড়ে এসে কামতাপুৰ প্ৰগ্ৰেসিফ পাৰ্টি তৈৰি কৰেন৷’ 

“কামতাপুৰী ষ্টুডেন্টস উইনিয়ন” (AKSU) : ১৯৮৭ চনত শিলিগুড়িৰ শিৱমন্দিৰ এই দল গঠন কৰা হৈছিল৷ উদ্দেশ্যে পৃথক ৰাজ্য৷ 

“উত্তৰবঙ্গ ৰাজ্য সংগ্ৰাম পৰিষদ” (UBRSP) : ১৯৯৬ চনত উত্তৰ দিনাজপুৰৰ ৰায়গঞ্জত এই দল গঠন হৈছিল৷ উদ্দেশ্যে পৃথক ৰাজ্য৷ 

KLO (কামতাপুৰ লিবাৰেচন অৰ্গেনাইজেচন)  : বুদ্ধিজীৱী অৰূপজ্যোতি দাসে তেওঁৰ গ্ৰন্থত উল্লেখ কৰিছে KLO ৰ জন্ম ১৯৯৩ চনত (১০)৷ একেখন গ্ৰন্থতে আকৌ উল্লেখ কৰিছে  : KLO ৰ জন্ম অসমত নহয়, চুবুৰীয়া পশ্চিমবংগতহে৷ তেওঁলোকৰ প্ৰস্তাৱিত কামতাপুৰত প্ৰথম অৱস্থাত অসমৰ এলেকা অন্তৰ্ভুক্ত হোৱা নাছিল৷ ২০০৪ চনত অসমৰ সংগঠনক প্ৰস্তাৱিত কামতাপুৰত অসমৰ অঞ্চল খুজিবলৈ প্ৰেছ বিবৃতি যোগে KLO য়ে মানা কৰিছিল (১১)৷’ বঙ্গৰ লেখক হৰিপদ ৰয়ে তেওঁৰ গ্ৰন্থত উল্লেখ কৰিছেঃ ‘আকছু-য়ে জন্ম দিছে KLO ক৷ চৰকাৰীভাৱে KLO ৰ জন্ম হয় জলপাইগুৰি জিলাৰ (বৰ্তমান আলিপুৰ দুৱাৰ) কুমাৰ গ্ৰাম থানাৰ উত্তৰ হলদিবাৰী গাঁৱত৷ সেই গাঁৱৰ শ্ৰীনিবাস দাসৰ ঘৰত ১৯৯৩ চনৰ ২৮ ডিচেম্বৰ তাৰিখে এক সভাৰ জড়িয়তে এই KLO ৰ জন্ম৷ KLO ৰ জন্ম সময়ত মুঠ ১১ জন সদস্য উপস্থিত আছিল৷ তেওঁলোকৰ ভিতৰত অন্যতম হ’ল টিমিৰ দাস ওৰফে জীবন সিংহৰ, উত্তৰ হলদিবাৰী (১২)৷ ২০১৪ চনৰ নবেম্বৰ মাহত ভাৰত চৰকাৰে KLO ক এটি নিষিদ্ধ সংগঠন বুলি ঘোষণা কৰে (১৩)৷ 

কামতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল  : অসম আৰু উত্তৰবঙ্গৰ ২৮ টি সংগঠন মিলি টিমিৰ দাস ওৰফে জীবন সিংহক নেতা হিচাপে লৈ এটি যৌথ সংগঠন খুলিছে, সেই সংগঠনটোৰ নাম হৈছে Kamatapur State Demand Council (১৪)৷ এই সংগঠনৰ জন্ম পশ্চিমবংগত৷ ২০২৫ চনৰ ২৩ মাৰ্চ তাৰিখে গোসাঁইগাঁওৰ উত্তৰ পাৰাত বিশাল সমাৱেশ অনুষ্ঠিত কৰিছিল৷ তেতিয়াৰে পৰাই সংগঠনটো অসমত চৰ্চালৈ আহে৷ আনহাতে ২০২৫ চনৰ ২০ জুলাই পৃথক ৰাজ্য গঠনৰ দাবীৰে গুৱাহাটীৰ চচলত সংগঠনটোৰ সহস্ৰাধিক কৰ্মী-সমৰ্থকে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল৷ কামতাপুৰ ৰাজ্য দাবী পৰিষদৰ আহ্বানত ৩২ টা সংগঠন ঐক্যবদ্ধ হৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদকাৰীসকলে ‘কে এল অ’ জিন্দাবাদ’, ‘পৃথক কামতাপুৰ ৰাজ্য লাগিবই’, ‘শীঘ্ৰেই শান্তি চুক্তি স্বাক্ষৰিত কৰি সমস্যা সমাধান কৰক’ আদি শ্ল’গানেৰে উত্তাল কৰি তুলিছিল (১৫)৷ এই প্ৰতিবাদী কাৰ্যসূচীত বঙ্গৰ পৰা মিঞা মুছলমানেও যোগদান কৰিছিল৷ 

কামতাপুৰ আন্দোলন ভাৰত স্বাধীন নোহোৱাৰ আগৰে পৰাই অৰ্থাৎ ৰাজ আমোলৰ দিনৰেই পৰাই চলি আহিছে৷ গৱেষক সৌমেন নাগে ‘বিছিন্নতাৰ উৎস সন্ধানে উত্তৰবঙ্গ থেকে উত্তৰপূৰ্বে’, (প্ৰকাশকঃ প্ৰদোষ ৰঞ্জন সাহা, কলকাতা: ৭০০১০৭, তৃতীয় পৰিমাৰ্জিত সংস্কৰণ, এপ্ৰিল ২০২৩) পৃষ্ঠা-১৭৭ উল্লেখ কৰিছেঃ ‘সেই ১৯৪০ সালেই উত্তৰবঙ্গেৰ ৰাজবংশীৰা পৃথক কামতাপুৰ ৰাজ্য গঠনেৰ দাবি তুলেছিলেন৷’ বংগৰ লেখক দিগ্বিজয় দে সৰকাৰে ‘চৈতন্যদেব বিবেকানন্দ থেকে পঞ্চানন বৰ্মা’ (ৰেণু প্ৰকাশনী, ১ডি, চ্যাটাৰ্জী লেন, কলকাতা-১২, তৃতীয় মুদ্ৰন- ০১ জানুৱাৰী ২০১৭) গ্ৰন্থৰ পৃষ্ঠা- ৫০ ত’ লিখিছেঃ ‘কামতাপুৰ ৰাজ্যেৰ জন্য বিভিন্ন সময়ে আন্দোলনেৰ নাম নৈৰাজ্য সৃষ্টিৰ অপচেষ্টা চলছে৷ উত্তৰবঙ্গেৰ সত্তৰ পচাত্তৰ ভাগ মানুষ বিপৰীতে গিয়ে কে.পি.পি, গ্ৰেটাৰ কোচবিহাৰ একসময় উত্তৰখণ্ডদল চেয়েছে আলদা ৰাজ্য (কখনো কখনো আলদা ৰাষ্ট্ৰও)৷ এদেৰ মতে ৰাজবংশীগণ বাঙ্গালী নন, বাঙ্গলা ভাষা তাঁদেৰ ভাষা নয়৷ এসব প্ৰমাণ কৰতে নিত্যনতুন ভাষাবিজ্ঞানীৰ সৃষ্টি হচ্ছে! যাৰা ইতিহাস পড়েন না তাৰাই ইতিহাস (?) লিখছেন৷ এৰ বিৰুদ্ধে শিক্ষিত মানুষেৰ সোচ্চাৰ ও তীব্ৰ প্ৰতিক্ৰিয়া ও আন্দোলন অবশ্যই দৰকাৰ৷’ নগৰ এখনক কেন্দ্ৰ কৰি অসম বিভাজন কৰা কাৰ্য্য কেতিয়াও গ্ৰহণযোগ্য নহয়৷ এনেধৰনৰ বিভাজন মুখী আন্দোলনক অসম চৰকাৰে কঠোৰ হাতেৰে দমন কৰিব লাগে৷ সেয়েহে শৈলেন দেৱনাথে তেওঁৰ গ্ৰন্থত উল্লেখ কৰিছেঃ ‘The history of Kamatapur 650 to 1498 was unknown to the leader of the Kshatriya Samity; therefore, they failed to link their past with the glorious activities of different royal families and dynasties of Kamatapur.’ 

নামনি অসমৰ কিছু জিলাত পঞ্চাননৰ অনুগামীৰ সংখ্যা ভবাতকৈ অধিক তাৰেই জলন্ত প্ৰমাণ হ’ল ধুবুৰী জিলাৰ গৌৰিপুৰৰ গণেশ মন্দিৰৰ কাষত থকা পঞ্চাননৰ প্ৰতিমূৰ্তটো৷ কোচসকল আছিল পঞ্চানন বৰ্মাৰ চকুৰ কুটা দাঁতৰ শূল সম৷ এই হেতু বৃহৎ কোচ জনজাতিৰ সুৰক্ষা আৰু বৰ অসম তথা বৃহত্তৰ অসমীয়া জাতিৰ ৰক্ষাৰ স্বাৰ্থত আমি পঞ্চানন বৰ্মাৰ নীতি আৰু কাৰ্যাৱলীৰ অনুসৰণ কৰা সকলৰ বিৰোধ কৰাটো নিত্যান্তেই আৱশ্যক আৰু ই বাঞ্চনীয়ও৷ ক্ষত্ৰিয় আন্দোলনৰ সময়তেই কোচসকলক নিকৃষ্ট বোলাৰ নজিৰ পোৱা যায়৷ সেই ক্ষেত্ৰত ৰাজবংশীসকলৰ মাজত সংস্কাৰৰ প্ৰয়োজনীয়তাৰ কথা বাৰে বাৰে আমাৰ মনলৈ আহে৷ বুদ্ধিজীৱী তথা বিশিষ্ট গৱেষক অৰূপজ্যোতি দাসে তেওঁৰ গ্ৰন্থত উল্লেখ কৰিছেঃ ‘এতিয়াৰ কামতাপুৰ আন্দোলন যদি সাম্প্ৰতিক সময়ৰ আহ্বান, তেনেহলে ক্ষত্ৰিয় আন্দোলন সেই সময়ৰ আহ্বান আছিল (১৬)৷’ লেখক দাসৰ দৃষ্টিত হয়তো ক্ষত্ৰিয় আন্দোলনৰ নেতিবাচক দিশসমূহ ধৰা পৰা নাই। নহ’লেবা তোৱোঁ পৰোক্ষভাৱে অসম বিভাজিত হোৱাৰ পৃষ্ঠপোষক৷ 

ৰাজবংশী ক্ষত্ৰিয়সকলৰ কামতাপুৰ আন্দোলনৰ লগত কোচসকলৰ কোনো সম্পৰ্ক নাই৷ অসমত এই কামতাপুৰ আন্দোলন বঙ্গৰ পৰা আমদানিকৃত আন্দোলন হয়৷ কোচসকল এই আমদানিকৃত কামতাপুৰ আন্দোলনৰ ঘোৰ বিৰোধী৷ কামতাপুৰ আন্দোলনৰ আঁৰত নিহিত পঞ্চানন বৰ্মাৰ শতিকা পুৰণি পৃথক ৰাজ্য গঠনৰ লিপ্সা অৰ্থাৎ অবিভক্ত গোৱালপাৰা জিলাক বংগ ভুক্তিৰ আকাংক্ষাৰ বিৰুদ্ধে হেঙাৰ ৰূপে থিয় দি অহা কোচ সকলৰ তথা বৃহত্তৰ অসমীয়া জাতিৰ ৰক্ষাৰ হকে অসমৰ সকলো ৰাইজ মাৰবান্ধি থিয় হোৱা উচিত৷

 ***

প্ৰসঙ্গ সুত্ৰ  :

 

১.কামতেশ্বৰ বিশ্বসিংহ আৰু কোচৰ শেষ অভ্যুত্থান, অৰূপজ্যোতি দাস, ব্লু স্পেৰ’ বুকচ্, ২০১৮, পৃষ্ঠা-১০০.

২.সমীক্ষণ, জুলাই, ২০২৫, কামতাপুৰ আন্দোলন কিমান গ্ৰহণীয়? ক্ষত্ৰিয় ৰাজবংশী, পঞ্চানন সৰকাৰ আৰু অসম, অৰ্ধেন্দু নাৰায়ণ দেৱ, পৃষ্ঠা-২৭.

৩.ঐ, পৃষ্ঠা-২৩.

৪.কামতা দৰ্পণ, সংযুক্ত কামতাপুৰ ছাত্ৰ সংগঠন পত্তম অধিবেশন, সম্পাদকঃ শাস্ত্ৰী কমল ৰায়, ১৬ মাৰ্চ ২০২৫ (স্মৃতি গ্ৰন্থ)

৫.ৰাজবংশী সমাজ ও মনীষী পঞ্চানন বৰ্মা, প্ৰথম খণ্ড, ড° মাধৱ চন্দ্ৰ অধিকাৰী, পাইকন পাব্লিকেশ্যন, কুচবিহাৰ, ২০১৪, পৃষ্ঠা-৭৪.

৬.সমীক্ষণ, ছেপ্টেম্বৰ, ২০২৫, কামতাপুৰ আন্দোলনৰ পৰা বৃহত্তৰ কোচবিহাৰ আন্দোলনলৈ, অৰ্ধেন্দু নাৰায়ণ দেৱ, পৃষ্ঠা-২২.

৭.ৰাজবংশী সমাজ ও মনীষী পঞ্চানন বৰ্মা, প্ৰথম খণ্ড, পৃষ্ঠা-১০৫

৮.ঐ, পৃষ্ঠা-৮৮

৯.ঐ, পৃষ্ঠা-১০৬

১০.অসমৰ কোচ ৰাজবংশী সংগ্ৰাম, পটভূমি আৰু ভৱিষ্যৎ, অৰূপজ্যোতি দাস,ব্লু স্পেৰ’ বুকচ্, ২০২২, পৃষ্ঠা-৮৭.

১১.ঐ, পৃষ্ঠা-৮৭.

১২.গণ আন্দোলনে কোচবিহাৰ, হৰিপদ ৰয়, (বাংলা), কলকাতা-৭০০১০৭, ডিচেম্বৰ, ২০২৪, পৃষ্ঠা-২৩৬.

১৩.সমীক্ষণ, ছেপ্টেম্বৰ, ২০২৫, পৃষ্ঠা-২৩.

১৪.কামতা দৰ্পণ, পৃষ্ঠা-২৯.

১৫.সমীক্ষণ, ছেপ্টেম্বৰ, ২০২৫, পৃষ্ঠা-২৩.

১৬.কোচ ৰাজবংশীৰ কামতাপুৰ সপোন, দিঠক নে মাথোঁ ইতিহাস, পৃষ্ঠা-৮৭.

১৭.স্বাধীনতা সংগ্ৰাম ও ৰাজবংশী সম্প্ৰদায়, সম্পাদনাঃ শ্ৰীগিৰীন্দ্ৰ নাথ বৰ্মন, কুচবিহাৰ, ২৯ মাৰ্চ, ২০২০, পৃষ্ঠা-৭৪, ‘...ঠাকুৰ পঞ্চানন বৰ্মনেৰ নামে জয়ধ্বনি দিয়ে উত্তৰখণ্ড আন্দোলনে ব্ৰতী হয়েছেন...৷’

১৮.মহামিলন, মুখপত্ৰ, বইটামাৰী ক্ষত্ৰিয় সমিতি, ৮৪ তম মহামিলন মহোৎসৱ, মলিগাঁও অধিৱেশন, ২০২০ খৃষ্টাব্দ, পৃষ্ঠা-৩৭.

১৯.দৰ্শনে ও পুনৰ্দৰ্শনে মনীষী পঞ্চানন বৰ্মাৰ সামাজিক ও ৰাজনৈতিক জীৱনদৰ্শন, ড° পৰিমল বৰ্মন সম্পাদিত, উপজনভুই পাব্লিচাৰ্ছ, কুচবিহাৰ, ২৫ ডিচেম্বৰ ২০১৯, পৃষ্ঠা-২৭৪,২৭৬ আৰু ৩১৩.

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ